06.08.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
নিজে নিজৰ সৈতে প্ৰতিজ্ঞা কৰা যে মই বহুত অমায়িক হ’ব লাগে, সকলোকে সুখৰ, স্নেহৰ
দৃষ্টিৰে চাব লাগে, কাৰো নাম-ৰূপত আবদ্ধ হ’ব নালাগে”
প্ৰশ্ন:
যোগৰ সিদ্ধি
কি? পৰিপক্ক যোগীৰ লক্ষণ শুনোৱা?
উত্তৰ:
সকলো কৰ্মেন্দ্ৰিয় একেবাৰে শান্ত, শীতল হৈ যায় – এয়া হ’ল যোগৰ সিদ্ধি। পৰিপক্ক যোগী
সন্তান সেইসকল যিসকলৰ কৰ্মেন্দ্ৰিয় অলপো চঞ্চল নহয়। লেখমানো কোনো দেহধাৰীৰ প্ৰতি
দৃষ্টি আকৰ্ষিত নহয়। মৰমৰ সন্তানসকল তোমালোক এতিয়া ডেকা নহয়, তোমালোকৰ এতিয়া
বানপ্ৰস্থ অৱস্থা।
গীত:
জাগ চজনিয়া
জাগ… (জাগা প্ৰিয়তমাসকল জাগা…)
ওঁম্শান্তি।
মৰমৰ আত্মিক
সন্তানসকলে গীতটি শুনিলে। ইয়াৰ অৰ্থৰ ওপৰত বিচাৰ সাগৰ মন্থন কৰিব লাগে আৰু আনন্দ
অনুভৱ কৰিব লাগে কিয়নো এয়া হৈছে নতুন সৃষ্টিৰ কাৰণে নতুন কথা। এই নতুন কথা এতিয়া
শুনিব লাগে। সন্তানসকলে এতিয়া জানে নতুন সৃষ্টি স্থাপন কৰোঁতা কোনো মনুষ্য হ’ব
নোৱাৰে। তোমালোকে যেতিয়া এই কথাবোৰ শুনা তেতিয়া বুজা এয়াতো 5 হাজাৰ বছৰ পূৰ্বৰ পুৰণা
কথা যিবোৰ পুনৰ নতুনকৈ শুনোৱা হৈছে। গতিকে পুৰণাই নতুন, নতুনেই পুৰণা হৈ যায়। এতিয়া
তোমালোকে জানা 5 হাজাৰ বছৰৰ পুৰণা সেই কথাবোৰ পিতাই নতুনকৈ শুনায়। কথাবোৰ একেই।
কিহৰ কাৰণে শুনায়? নতুন সৃষ্টিৰ উত্তৰাধিকাৰ পাবলৈ। ইয়াত জ্ঞানৰ নৃত্য কৰিব লাগে।
ভক্তিততো বহুত নৃত্য কৰে। চাৰিওফালে ঘূৰি ঘূৰি নৃত্য কৰে। জ্ঞানৰ নৃত্যতো একেবাৰে
সহজ। তাত কৰ্মেন্দ্ৰিয় বহুত সঞ্চালন হয়, পৰিশ্ৰম কৰিবলগীয়া হয়। ইয়াততো কেৱল অন্তৰত
জ্ঞানৰ নৃত্য চলে। সৃষ্টিচক্ৰ কেনেকৈ ঘূৰে – এই জ্ঞান বুদ্ধিত আছে। ইয়াত কোনো কষ্ট
নহয়। অৱশ্যে হয়, স্মৃতিত পৰিশ্ৰম হয়। সন্তানসকল কেতিয়াবা অনুত্তীৰ্ণ হৈ যায়, ক’ৰবাত
নহয় ক’ৰবাত বাগৰি পৰে। সকলোতকৈ মুখ্য কথা হ’ল – নাম-ৰূপত আবদ্ধ হ’ব নালাগে।
স্ত্ৰী-পুৰুষ কামৰ বশৱৰ্তী হৈ নাম ৰূপত আবদ্ধ হয় নহয়। ক্ৰোধে নাম-ৰূপত আবদ্ধ নকৰে।
পোনপ্ৰথমে এইটোৱেই যিটোৰ পৰা বহুত সাৱধান হ’ব লাগে, কাৰো নাম-ৰূপত আবদ্ধ হ’ব নালাগে।
নিজক আত্মা বুলি বুজিব লাগে। মই আত্মা অশৰীৰী হৈ আহিছিলোঁ, এতিয়া অশৰীৰী হৈ যাব লাগে।
এই শৰীৰৰ বোধ ছিঙি দিব লাগে। এই নাম-ৰূপত আবদ্ধ হোৱাতো বৰ বেয়া বেমাৰ। পিতাই
সন্তানসকলক সাৱধান কৰায়। বহুতে এই কথাবোৰ বুজি নাপায়। কয় বাবাই এনেয়ে কৈছে নাম-ৰূপত
আবদ্ধ হোৱা বুলি। কিন্তু এইটো গুপ্ত বেমাৰ সেইকাৰণে প্ৰিয়তমে প্ৰিয়তমাক অথবা পিতাই
সন্তানসকলক জগায়। সন্তানসকল জাগা, এতিয়া পুনৰ কলিযুগৰ অন্তত সত্যযুগ আহিব। পিতাই
জ্যোতি জ্বলাবলৈ আহিছে। মনুষ্য মৰিলে তেওঁৰ হৈ চাকি জ্বলায়। আকৌ চাকিৰ যতন লয় যাতে
নুমাই নাযায়। আত্মাৰ যাতে আন্ধাৰ নহয়। বাস্তৱত এই সকলোবোৰ ভক্তিমাৰ্গৰ কথা। আত্মাতো
চেকেণ্ডত গুচি যায়। কিছুমানে জ্যোতিকে ভগৱান বুলি মানে। ব্ৰহ্মক ডাঙৰ জ্যোতি বুলি
কয়। ব্ৰহ্ম সমাজৰ মন্দিৰ থাকে, য’ত ৰাতিয়ে দিনে চাকি জ্বলি থাকে। কিমান খৰচ হয়। ঘৃত
এনেয়ে যায়। ইয়াত সেইবোৰ একো ঢালিবলৈ নাই। স্মৃতিৰ ঘৃতই কাম কৰে। স্মৃতি ৰূপী ঘৃত।
গতিকে মৰমৰ সন্তানসকলে এইটো বুজে। নতুন কথা হোৱাৰ কাৰণে কাজিয়া হয়। পিতাই কয় – মই
আহোঁ মৰমৰ সন্তানসকলৰ ওচৰলৈ। ভাৰততেই আহোঁ। নিজৰ জন্মভূমি সকলোৰে প্ৰিয় হয় নহয়।
পিতাৰতো সকলো প্ৰিয়। তথাপিও মই নিজৰ ভাৰত দেশতে আহোঁ। গীতাত যদি শ্ৰীকৃষ্ণৰ নাম
নাথাকিলহেঁতেন তেন্তে সকলো মনুষ্য মাত্ৰেই শিৱবাবাকেই মানিলেহেঁতেন। শিৱৰ মন্দিৰলৈ
কিমান যায়। আটাইতকৈ ডাঙৰ মন্দিৰ সোমনাথৰ আছিল। এতিয়াতো কিমান অনেক মন্দিৰ গঢ়ি উঠিছে।
শ্ৰীকৃষ্ণক ইমান বেছিকৈ নামানে, যিমান বেহদৰ পিতাক মানে। গতিকে এই সময়ত তোমালোকৰ
কাৰণে ইয়াতকৈ মৰমৰ বস্তু আৰু একো নাই। ইয়াত সাকাৰৰ মহিমা একো নাই। এয়াতো নিৰাকাৰৰ
মহিমা, যিজন অভোক্তা। বেহদৰ পিতা যেতিয়া স্বৰ্গৰ ৰচয়িতা গতিকে তেওঁৰ পৰা স্বৰ্গৰ
উত্তৰাধিকাৰ ল’বলৈ পুৰুষাৰ্থ কৰিব লাগে নহয়।
আজি কালি কৰোঁতে
কৰোঁতে কালে খাই পেলাব। সময় অলপহে বাকী আছে। পিতাৰ পৰা উত্তৰাধিকাৰতো লৈ লোৱা।
যেতিয়া মতামত লিখে তেতিয়া সেই সময়ত বুজাবও লাগে। নিশ্চয়তা জন্মিছে যে তেওঁ বেহদৰ
পিতা গতিকে পিতাৰ পৰা উত্তৰাধিকাৰ ল’বলৈ পুৰুষাৰ্থ কৰা, নহ’লেতো বাহিৰলৈ গ’লে লগে
লগে পাহৰি যাবা। পিতাতো কল্যাণকাৰী হয় নহয়। কয় এই যোগৰ দ্বাৰাই তোমালোকৰ সকলো দুখ
21 জন্মৰ কাৰণে দূৰ হ’ব। কন্যাসকলে ঘৰতো বুজাই থাকে যে এতিয়া সকলো দুখ দূৰ কৰোঁতা
বেহদৰ পিতাক স্মৰণ কৰিলেহে তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ’ব পাৰিব। পৱিত্ৰতো নিশ্চয় হৈ
থাকিব লাগে। মূল কথা হৈছে পৱিত্ৰতাৰ। যিমানে স্মৃতিত বেছিকৈ থাকিব তেতিয়া
ইন্দ্ৰিয়বিলাকো শান্ত হৈ যাব। যেতিয়ালৈকে যোগৰ সিদ্ধি পূৰা নহয় তেতিয়ালৈকে
ইন্দ্ৰিয়বিলাকো শান্ত নহয়। প্ৰত্যেকে নিজে বিচাৰ কৰিব লাগে – কাম বিকাৰে মোক কোনো
প্ৰতাৰণাতো নকৰে? যদি মই পৰিপক্ক যোগী হওঁ তেন্তে কোনো চঞ্চলতা থাকিব নালাগে। এয়া
যেন বানপ্ৰস্থ অৱস্থা – পিতাকেই স্মৰণ কৰি থাকিব লাগে। পিতাই সকলো সন্তানকে বুজায়।
যেতিয়া তোমালোক ভাল যোগী হ’বা, ক’তোৱেই দৃষ্টি আকৰ্ষিত নহ’ব তেতিয়া তোমালোকৰ
ইন্দ্ৰিয়বোৰ শান্ত হৈ যাব। মুখ্য এইটোৱেই যিয়ে সকলোকে প্ৰতাৰণা কৰে। যোগত ভাল অৱস্থা
গঢ়ি উঠিলে তেতিয়া আকৌ উপলব্ধি হ’ব – আমি যেন ডেকাতে বানপ্ৰস্থ অৱস্থাত আহি গ’লোঁ।
পিতাই কয় – কাম মহাশত্ৰু। গতিকে নিজক পৰীক্ষা কৰি থাকা। যিমানে স্মৃতিত থাকিবা
সিমানে কৰ্মেন্দ্ৰিয়সমূহ শান্ত হৈ যাব আৰু বহুত অমায়িক স্বভাৱৰ হৈ যাবা। অনুভৱ হ’ব
মই আগতে কিমান কটু আছিলোঁ, এতিয়া কিমান অমায়িক হ’লোঁ। বাবা প্ৰেমৰ সাগৰ হয় নহয় গতিকে
সন্তানসকলো হ’ব লাগে। সেয়েহে পিতাই কয় সকলোৰে প্ৰতি যাতে স্নেহৰ দৃষ্টি থাকে। যদি
কাৰোবাক দুখ দিয়া তেন্তে দুখী হৈ মৰিবা সেইকাৰণে বহুত অমায়িক হ’ব লাগে।
বাবাই কয় মই
জ্ঞানী-যোগী হওঁ নহয়। বাবাৰ পৰা কিমান অমূল্য জ্ঞান ৰত্ন পোৱা যায়, যাৰ দ্বাৰা
তোমালোকে জোলোঙা ভৰোৱা। তেওঁলোকে আকৌ শঙ্কৰৰ আগত গৈ কয় জোলোঙা ভৰাই দিয়া। তেওঁলোকে
এইটো গম নাপায় যে শঙ্কৰ জোলোঙা ভৰাওঁতা নহয়। এতিয়া তোমালোকে বুজিছা জ্ঞানৰ সাগৰ
বাবাই আমাক সন্তানসকলক জ্ঞান ৰত্নৰে জোলোঙা ভৰায়। তোমালোকো জ্ঞানী-যোগী হোৱা।
প্ৰত্যেকৰে আত্মা জ্ঞানী-যোগী। নিজক চাই থাকা মই কিমান জ্ঞান ৰত্ন ধাৰণ কৰি জ্ঞান
নৃত্য কৰোঁ অথবা ৰত্ন দান কৰোঁ। সকলোতকৈ ভাল ৰত্ন হ’ল ‘মন্মনাভৱ’। পিতাক স্মৰণ
কৰিলে পিতাৰ উত্তৰাধিকাৰ পোৱা। যেনেকৈ পিতাৰ জ্ঞান ভৰপূৰ হৈ আছে তেনেকৈ পিতাই বহি
সন্তানসকলক নিজৰ সমান কৰি তোলে। গুৰুসকলেও নিজৰ সমান কৰি তোলে। এইজন হ’ল বেহদৰ পিতা,
যাৰ ৰূপ হৈছে বিন্দু। তোমালোকৰো ৰূপ বিন্দু। তোমালোকক নিজৰ সমান জ্ঞানৰ সাগৰ কৰি
তোলে। যিমান ধাৰণা কৰিব, কৰাব… তেওঁলোকে বুজিব আমাৰ উচ্চ পদ। বহুতৰ কল্যাণকাৰী হ’লে
বহুতৰে আশীৰ্বাদ পাব। পিতায়ো নিতৌ সেৱা কৰে নহয়। এইগৰাকী গুলজাৰ কন্যা, কিমান
মধুৰতাৰে বুজায়। সকলোৱে পচন্দ কৰে। অন্তৰে বিচাৰে এনেকুৱা ব্ৰাহ্মণী আমিও যাতে পাওঁ।
এতিয়া এগৰাকী ব্ৰাহ্মণী সকলো স্থানলৈকেতো যাব নোৱাৰে। তথাপিও বাবাই কয় - যিসকলে ভাবে
মই ভালকৈ বুজাওঁ তেন্তে তেওঁলোকে সৰ্বতোপ্ৰকাৰে সেৱা কৰিব লাগে। নিজৰে চখ থাকিব লাগে।
মই সেৱাকেন্দ্ৰসমূহ পৰিক্ৰমা লগাওঁ…। যিসকলে ভাবে যে মই বহুতৰে কল্যাণ কৰিব পাৰোঁ,
মোৰ পৰা ভাল সুবাস বিয়পে তেন্তে চখ থাকিব লাগে। 10-15 দিন সেৱাকেন্দ্ৰত গৈ পৰিক্ৰমা
লগাই আহোঁ। এজনক দেখি আকৌ আনেও শিকিব, যিয়ে কৰিব তেৱেঁই পাব। এই সেৱা বহুত
কল্যাণকাৰী হয়। তোমালোকে মনুষ্যক জীৱদান দিয়া। এইটো আটাইতকৈ উত্তম কাম। পেছাগত
কাম-কাজত থকাসকলেও যুক্তিৰে সময় উলিয়াই সেৱাত যাব পাৰে। সেৱাধাৰীকতো পিতাই মৰমো
কৰিব, তত্বাৱধানো ল’ব। যাৰ সেৱাৰ চখ থাকিব তেওঁ সেৱা নকৰাকৈ থাকিব নোৱাৰিব। পিতাই
সহায়ো কৰে নহয়। সন্তানসকল বহুত দয়াশীল হ’ব লাগে। বেচেৰাহঁতৰ বহুত দুখী জীৱন।
তোমালোকে জীৱদান দিয়া, কাৰোবাক অবিনাশী জ্ঞান ৰত্ন দান কৰা, ইয়াৰ নিচিনা সৰ্বোত্তম
জ্ঞানদান একো নাই। বহুত দয়াশীল হ’ব লাগে। ব্ৰাহ্মণী কমজোৰ হোৱাৰ কাৰণে সেৱা ঢিলা হৈ
যায় সেইকাৰণে ভাল শিক্ষক বিচাৰে। যেতিয়াই বিচাৰ চলে গুচি যাব লাগে। বাবা কোনটো
সেৱাকেন্দ্ৰ ঠাণ্ডা হৈ আছে, মই গৈ পৰিক্ৰমা লগাই আহোঁ। প্ৰদৰ্শনীৰ চিত্ৰও আছে।
চিত্ৰৰ ওপৰত বেচি ভালকৈ বুজিব। খেয়াল চলিব লাগে যে আমি সেৱা কেনেকৈ বৃদ্ধি কৰোঁ।
পিতায়ো সকলোৰে জীৱন হীৰাতুল্য কৰি তোলে। তোমালোক সন্তানসকলেও সেৱা কৰিব লাগে।
‘বন্দে মাতৰম্’ বুলি গায়ন কৰা হয়। কিন্তু অৰ্থ বুজি নাপায়। পতিত মনুষ্যৰ অথবা
পৃথিৱী আদিৰ কেতিয়াও বন্দনা কৰা নহয়। এয়াতো হৈছে 5 তত্ব, তাৰ কি বন্দনা কৰিব। 5
তত্বৰে গঠিত শৰীৰ গতিকে শৰীৰৰ পূজা কৰা মানে মূৰ্তিৰ পূজা কৰা হৈ গ’ল। শিৱবাবাৰতো
শৰীৰ নাই। তেওঁৰ পূজা হৈছে সকলোতকৈ উত্তম। বাকীবোৰ হ’ল মধ্যম। আজিকালিতো মনুষ্যৰো
পূজা কৰি থাকে, তেওঁলোক হ’ল পতিত। মহান আত্মাতো দেৱতাসকল হয়। সন্ন্যাসীসকলতকৈ
তেওঁলোক বেছি পৱিত্ৰ।
এতিয়া তোমালোক
সন্তানসকলে জানা যে আমি দেৱতা হৈ আছোঁ। পিতাই আমাক এই অবিনাশী জ্ঞান ৰত্ন দান কৰিবলৈ
শিকায়। ইয়াৰ নিচিনা উচ্চ দান আৰু একো নাই। এজন পিতাকেই স্মৰণ কৰিব লাগে। শিৱ আৰু
লক্ষ্মী-নাৰায়ণৰ চিত্ৰতো আছে। প্ৰত্যেকে নিজৰ ঘৰত লগাই দিলে তেতিয়া স্মৃতিত থাকিব।
শিৱবাবাই আমাক এই লক্ষ্মী-নাৰায়ণ কৰি তোলে। এই সময়ত তোমালোক হৈ আছা। স্বৰ্গৰ ৰচয়িতা
হয়েই শিৱবাবা। সত্যযুগততো উত্তৰাধিকাৰ নিদিব। এই অন্তিম জন্মত শিৱবাবাই কয় মোক
স্মৰণ কৰিলে তেতিয়া তোমালোক এনেকুৱা হ’বা। অন্য সকলো কথা বাদ দি বচ্ সেৱা আৰু সেৱা।
পিতাক স্মৰণ কৰা – এয়াও ডাঙৰ সেৱা কৰা। তত্ব আদি সকলো পাৱন হৈ যায়। যোগৰ মহিমা অতি
শ্ৰেষ্ঠ। জগতত যোগ আশ্ৰমতো বহুত আছে কিন্তু সেই সকলোবোৰ হৈছে পাৰ্থিৱ (দৈহিক) হঠযোগ,
তোমালোকৰ এয়া হৈছে ৰাজযোগ, যাৰ দ্বাৰা তোমালোকৰ নাও পাৰ হৈ যায়। সেই অনেক প্ৰকাৰ
হঠযোগ আদিৰে ছিৰি নামি আহিলা। মূল কথা হ’ল স্মৃতিৰ। চাব লাগে মোৰ মন ক’ৰবাত বিকাৰৰ
ফালেতো নাযায়? বিকাৰীকেই পতিত বুলি কোৱা হয় অৰ্থাৎ কড়িতুল্য। বিকাৰত অৱনমিত হ’লে
নিজৰেই লোকচান কৰি দিব। যিয়ে কৰিব তেৱেঁ পাব। পিতাই দেখক বা নেদেখক। নিজক পৰীক্ষা
কৰিব লাগে – মই পিতাৰ সেৱা কৰোঁনে! মোৰ কোনো অৱগুণতো নাই! যদি আছে তেন্তে আঁতৰ কৰি
দিব লাগে। নিজৰ পৰা অৱগুণ আঁতৰাবলৈ পিতাই বহুত বুজাই থাকে। নিৰ্গুণৰ অৰ্থও কোনেও
নুবুজে। নিৰ্গুণ বালক মণ্ডলীয়ে কি কৰিব পাৰিব, যাৰ কোনো গুণ নাই। অৰ্থ নোহোৱাকৈ যি
আহে তাকে কৈ দিয়ে। অনেক মত আছে নহয়। তোমালোকে এক মত পোৱা, যাৰ বাবে তোমালোকতো অপাৰ
আনন্দিত হ’ব লাগে। পিতাই কেৱল কয় - মোক স্মৰণ কৰা আৰু পদুম ফুলৰ সমান হোৱা।
মন-বাণী-কৰ্মৰে পৱিত্ৰ হোৱা। তোমালোক সন্তানসকলে জানা আমি ব্ৰাহ্মণে শ্ৰীমত অনুসৰি
নিজৰেই তন-মন-ধনেৰে নিজৰ আৰু গোটেই বিশ্বৰ সেৱা কৰি আছোঁ। পিতা আহিবতো ভাৰতলৈকে নহয়
জানো। তোমালোক পাণ্ডৱসকলে ভাৰতক স্বৰ্গ কৰি তোলাৰ সেৱা কৰি আছা। তোমালোকে নিজৰ কাম
কৰা। অৱশেষত বিজয়তো পাণ্ডৱসকলৰেই হ’ব, ইয়াত যুদ্ধৰ কথা নাই। তোমালোক হ’লা দ্বৈত
অহিংসক। বিকাৰতো নোযোৱা, গুলিও নামাৰা। হিংসাৰে কোনেও বিশ্বত বাদশ্বাহী পাব নোৱাৰে।
পিতাই বুজাইছে - তেওঁলোক দুয়ো (খ্ৰীষ্টিয়ানসকল) যদি পৰস্পৰ মিলি যায় তেতিয়া বিশ্বত
ৰাজত্ব কৰিব পাৰে। কিন্তু ড্ৰামাত এনেকৈ নাই। খ্ৰীষ্টিয়ানসকলেই কৃষ্ণপুৰীক গ্ৰাস
কৰিছে। আচলতে ভাৰত কৃষ্ণৰেই পুৰী আছিল নহয়। যুদ্ধ কৰি বাদশ্বাহী ল’লে, বহুত ধন লৈ
গ’ল। এতিয়া আকৌ ধন ওভতাই দি আছে আৰু পুনৰ তোমালোক বিশ্বৰ মালিক হৈ যাবা। বাবাই
কিমান যুক্তি শুনায়। তেওঁলোকেই তোমালোকৰ ৰাজ্য কাঢ়ি লৈছে আকৌ তেওঁলোকে পৰস্পৰ যুদ্ধ
লাগে আৰু বিশ্বৰ মালিক তোমালোক হৈ যোৱা। কিমান ডাঙৰ বাদশ্বাহী। পৰিশ্ৰম কেৱল ইয়াতেই
– স্মৰণ কৰি থাকা আৰু নিজৰ উত্তৰাধিকাৰ লোৱা। এই ক্ষেত্ৰত বিৰক্ত হ’ব নালাগে। ভাল
বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা, সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) অন্য সকলো
কথা এৰি জ্ঞান দান কৰিব লাগে। জ্ঞানী-যোগী হ’ব লাগে। নিজৰ অৱগুণবোৰ আঁতৰাবলৈ
পুৰুষাৰ্থ কৰিব লাগে। আনক চাব নালাগে।
(2) নিজৰ স্বভাৱ অতি
অমায়িক কৰি তুলিব লাগে। সকলোৰে প্ৰতি স্নেহৰ দৃষ্টি ৰাখিব লাগে। কাকোৱেই দুখ দিব
নালাগে। কৰ্মেন্দ্ৰিয়জিৎ হ’ব লাগে।
বৰদান:
সম্পূৰ্ণ
সমৰ্পণৰ বিধিৰ দ্বাৰা সৰ্বগুণ সম্পন্ন হোৱাৰ পুৰুষাৰ্থত সদায় বিজয়ী হোৱা
সম্পূৰ্ণ সমৰ্পণ
তাকেই বোলা হয় যাৰ সংকল্পতো দেহৰ বোধ নাথাকে। নিজৰ দেহৰ বোধো অৰ্পণ কৰি দিয়া, 'মই
অমুক' — এই সংকল্পও অৰ্পণ কৰি সম্পূৰ্ণ সমৰ্পিত হওঁতাসকল সৰ্বগুণেৰে সম্পন্ন হৈ যায়।
তেওঁলোকৰ ওচৰত কোনো গুণৰ অভাৱ নাথাকে। যিসকলে সৰ্ব সমৰ্পণ কৰি সৰ্বগুণ সম্পন্ন তথা
সম্পূৰ্ণ হোৱাৰ লক্ষ্য ৰাখে, এনে পুৰুষাৰ্থীসকলক বাপদাদাই সদায় 'বিজয়ী হোৱা'ৰ
বৰদান দিয়ে।
স্লোগান:
মনক বশ কৰোঁতাজনেহে 'মনমনাভৱ' হৈ থাকিব পাৰে।
অব্যক্ত ইংগিত:
অপৱিত্ৰতাৰ বীজো সমাপ্ত কৰি সম্পূৰ্ণ স্বচ্ছ (পৱিত্ৰ) হোৱা
পৱিত্ৰতা আৰু
অপৱিত্ৰতাৰ কাৰণ হৈছে 'স্মৃতি'। যেতিয়া স্মৃতি থাকে যে এওঁ দেৱী, তেতিয়া সেই
স্মৃতিয়ে দৃষ্টি আৰু বৃত্তিক পৱিত্ৰ কৰি দিয়ে, আৰু যেতিয়া স্মৃতি থাকে যে এওঁ
এগৰাকী নাৰী তেতিয়া সেই স্মৃতিয়ে বৃত্তি আৰু দৃষ্টি অপৱিত্ৰতাৰ ফালে আকৰ্ষিত কৰে।
এটাৰ ক্ষেত্ৰত ৰূপ দেখিবা আৰু আনটো ক্ষেত্ৰত আত্মিকতা দেখিবা।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]