06.10.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
এতিয়া শিকাৰ লগতে শিক্ষক হৈ শিকাবও লাগে, এই পঢ়া এই অন্তিম জন্মৰ বাবেহে, সেইকাৰণে
ভালদৰে পঢ়া আৰু পঢ়োৱা”
প্ৰশ্ন:
সত্যযুগী
ৰাজধানী কিহৰ আধাৰত স্থাপন হয়?
উত্তৰ:
সংগমৰ পঢ়াৰ আধাৰত। যিয়ে ভালদৰে পঢ়ে আৰু যাৰ বৃহস্পতিৰ দশা চলে তেওঁলোক সূৰ্যবংশীত
আহে। যিয়ে নপঢ়ে, সেৱা নকৰে তেওঁলোকৰ বুধৰ দশা চলে, তেওঁলোক যেন বুদ্ধিহীন। তেওঁলোক
প্ৰজাত আহি যায়। উচ্চ প্ৰজা, চাকৰ-বাকৰ আদি সকলো এই সময়ৰ পঢ়াৰ আধাৰতেই হয়।
ওঁম্শান্তি।
আত্মিক
সন্তানসকলৰ প্ৰতি অথবা আত্মাসকলৰ প্ৰতি আত্মিক পিতা অৰ্থাৎ পৰমাত্মাই বহি বুজাই আছে।
আত্মিক পিতাক পৰমাত্মা বুলি কোৱা হয়। সকলো আত্মাৰ পিতা এক পৰমপিতা পৰমাত্মা। তেওঁ
বহি ব্ৰহ্মাৰ শৰীৰৰ দ্বাৰা বুজায়। ভক্তি মাৰ্গত মনুষ্যই ‘ত্ৰিমূৰ্তি ব্ৰহ্মা’ বুলি
কয়। এতিয়া তোমালোক ব্ৰাহ্মণে এনেকৈ নোকোৱা। তোমালোকেতো কোৱা ‘ত্ৰিমূৰ্তি শিৱ’ অৰ্থাৎ
ব্ৰহ্মা, বিষ্ণু, শংকৰৰ ৰচিয়তা ‘শিৱ’। ‘ত্ৰিমূৰ্তি ব্ৰহ্মা’ৰ কোনো অৰ্থ প্ৰকাশ নহয়।
এই তিনিওগৰাকী দেৱতাৰ ৰচিয়তা হয়েই শিৱ, সেইকাৰণে ‘ত্ৰিমূৰ্তি শিৱ’ বুলি কোৱা হয়।
এজন ৰচয়িতা, বাকী সকলো হৈছে ৰচনা। বেহদৰ পিতা এজনেই। লৌকিক পিতাতো প্ৰত্যেকৰে নিজা
নিজা। এই সময়ততো সকলো শিৱবাবাৰ সন্তান হৈছে। সন্তানসকলে গম পায়, আমি আত্মাসকলে 84
চক্ৰ পৰিক্ৰমা লগাওঁ। গতিকে হদৰ (লৌকিকৰ) 84 গৰাকী পিতা হয়। সত্যযুগততো মাতা-পিতাই
কোনো বেহদৰ উত্তৰাধিকাৰ নিদিয়ে। সত্যযুগৰ কাৰণে বেহদৰ উত্তৰাধিকাৰতো এতিয়া তোমালোকে
পোৱা। তাত লক্ষ্মী-নাৰায়ণৰ ৰাজধানী থাকে আৰু ৰাজ্যত যিসকল অভিজাত পৰিয়ালৰ হ’ব
তেওঁলোকৰ সন্তানে নিজৰ পিতাৰ উত্তৰাধিকাৰ লাভ কৰিব। তথাপিও তাত সুখ বহুত। এই সময়ত
তোমালোকক বেহদৰ (অসীমৰ; পাৰলৌকিক) পিতাই বেহদ বিশ্বৰ মালিক কৰি তোলে। সৰ্বদা সুখৰ
21 জন্মৰ কাৰণে উত্তৰাধিকাৰ পোৱা যায়। তাত দুখৰ নাম-চিহ্ন নাথাকে। বাম (বিকাৰী)
মাৰ্গ আৰম্ভ হ’লেই দুখ আৰম্ভ হৈ যায়। যিয়েই আহে তেওঁলোকক এইটো বুজাব লাগে যে
আপোনালোকৰ দুজন পিতা আছে। 84 জন্মততো হদৰ 84 গৰাকী পিতা পায়। বেহদৰ পিতাতো এজনেই।
এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধিত এইটোও বোধ আছে যে মুলবতন কি! মুলবতন যি চিত্ৰত
দেখুওৱা সেয়াও ডাঙৰ ডাঙৰকৈ তৈয়াৰ কৰা উচিত, তাত সৰু সৰু আত্মাসকল তৰাৰ দৰে জিলিকি
থাকে। যিদৰে আগতে তোমালোকে জোনাকী পৰুৱাৰ মালা তৈয়াৰ কৰিছিলা, সেইদৰে এই মুলবতনৰো
তৈয়াৰ কৰিব লাগে। প্ৰজেক্টৰৰ দ্বাৰা প্ৰদৰ্শনী দেখুওৱা হয় তাতো মুলবতনৰ চিত্ৰ এনেকৈ
(ডাঙৰকৈ) দেখুৱাব লাগে। বৃক্ষ ডাঙৰ হ’লে তেতিয়া স্পষ্টকৈ দেখা যাব যে আমি আত্মাসকল
তাত নিবাস কৰোঁ। সন্তানসকলৰ বুজিবলৈও সহজ হ’ব। এয়া হৈছে বেহদৰ বাবা, যিয়ে ব্ৰহ্মাৰ
দ্বাৰা দৈৱী সম্প্ৰদায়ৰ স্থাপনা কৰি আছে। তোমালোক এতিয়া ব্ৰাহ্মণ পুনৰ দৈৱী গুণধাৰী
দেৱতা হ’বাগৈ। এতিয়া সকলোৰে মাজত আসুৰি গুণ আছে, সেইবোৰক আসুৰি অৱগুণ বুলি কোৱা হ’ব।
বাম মাৰ্গৰ পৰা দুখ আৰম্ভ হয়। এনেকুৱা নহয় যে ৰজোপ্ৰধান হোৱাৰ লগে লগে দুখ হয়। নহয়,
অলপ অলপকৈ কলা কম হৈ গৈ থাকে। মুখ্য চিত্ৰ হৈছেই ত্ৰিমূৰ্তি, সৃষ্টিচক্ৰ আৰু
নৰক-স্বৰ্গৰ গোলক। এয়া প্ৰথমে বুজোৱাতো অতি জৰুৰী। বৃক্ষৰ চিত্ৰতো আধা আধা কল্পৰ
হিচাপ পূৰা আছে। সঠিক হ’লে পূৰা বুজিব পাৰিব। এই জ্ঞান পিতাৰ বাহিৰে অন্য কোনেও
বুজাব নোৱাৰে। বাৰে বাৰে বুজাবলৈ ত্ৰিমূৰ্তিৰ চিত্ৰ অতি প্ৰয়োজন। এওঁ হৈছে নিৰাকাৰ
বেহদৰ পিতা, যাক সকলোৱে স্মৰণ কৰে। আত্মাই জানে যে তেওঁ আমাৰ বেহদৰ পিতা, তেওঁক
দুখত সকলোৱে স্মৰণ কৰে। সত্যযুগত স্মৰণ কৰাৰ দৰকাৰেই নাই। সেয়াতো হয়েই সুখধাম।
দেৱতাসকলেই পুনৰ্জন্ম লৈ আহিছে। এইটোও কোনেও গম নাপায়।
তোমালোকে জানা -
সতোপ্ৰধানৰ পৰা পুনৰ আমি কেনেকৈ সতো ৰজো তমোত আহোঁ। আত্মাত খাদ (বিকাৰৰ লেপ) পৰি গৈ
থাকে। তোমালোক আত্মাই জানা যে মই 84 জন্মৰ ভূমিকা পালন কৰিব লাগে। সেয়া সঠিকভাৱে
আমাৰ মাজত (আত্মাত) নিহিত হৈ আছে। কিমান সূক্ষ্ম আত্মাতেই গোটেই ভূমিকা নিহিত হৈ আছে।
এয়া হৈছে অতিকৈ গূঢ় বুজিবলগীয়া কথা। কোনো মনুষ্য মাত্ৰৰেই সন্ন্যাসী, উদাসী আদিৰ
বুদ্ধিত এই কথাবোৰ উদয় হ’ব নোৱাৰে। যদিওবা নাটক বুলি কয়, নাটকক ড্ৰামা বুলি কোৱা
নহয়। এয়া হৈছে ড্ৰামা। ড্ৰামা, বায়স্কোপ (চলচ্চিত্ৰ) আদি আগতে নাছিল। প্ৰথমে ছায়াছবি
আছিল (বাণী ৰহিত চলচ্চিত্ৰ), এতিয়া বাণীযুক্ত হৈছে। আমি আত্মাসকলো মৌনতাৰ (শান্তিৰ)
পৰা বাণীত আহোঁ। বাণীৰ পৰা পুনৰ ছায়াৰ জগতত গৈ পাছত মৌনতাত (শান্তিত) যাওঁ সেইকাৰণে
তোমালোক সন্তানসকলক শিকোৱা হয় যে বেছিকৈ কথা নকবা। অভিজাত মনুষ্যই বহুত ধীৰে ধীৰে
কয়। তোমালোক সূক্ষ্মবতনত যাব লাগে। সূক্ষ্মবতনৰ জ্ঞান এতিয়া পিতাই বুজাইছে। এয়া হৈছে
বাণীৰ জগত, সেয়া হৈছে ছায়াৰ জগত। তাত ঈশ্বৰৰ সৈতে বাৰ্তালাপ চলে। তাৰ ৰূপ হৈছে বগা
পোহৰৰ, বাণী নাই। তাৰ ছায়াছবিৰ ভাষা ইজনে-সিজনৰ মাজত বুজি পায়। গতিকে এতিয়া তোমালোক
ছায়াৰ জগতত গৈ আকৌ মৌনতাত (শান্তিত) যাব লাগে। পিতাই কয় - মই প্ৰথমে সূক্ষ্ম সৃষ্টি
ৰচিবলগীয়া হয় তাৰপাছত স্থূল। গায়নো কৰা হয় মূলবতন, সূক্ষ্ম, স্থূল… মনুষ্যই এইটোও
নাজানে যে ব্ৰহ্মা, বিষ্ণু, শংকৰ হৈছে সূক্ষ্মবতনবাসী। তাত কোনো সৃষ্টি নাই। কেৱল
ব্ৰহ্মা, বিষ্ণু, শংকৰক দেখিবলৈ পোৱা যায়। বিষ্ণু 4খন ভূজাধাৰীক দেখা পোৱা, ইয়াৰ পৰা
সিদ্ধ হয় যে সেয়া প্ৰবৃত্তি মাৰ্গ। সন্ন্যাসীসকলৰ হৈছে নিবৃত্তি মাৰ্গ। এয়াও নাটক
হয়, যাৰ বৰ্ণনা কৰি পিতাই বুজায়। মুখ্য কথাতো পিতাই কয় - মনমনাভৱ (নিজক আত্মা বুলি
বুজি মোক পৰমাত্মাক স্মৰণ কৰা)। বাকী হৈছে বিস্তাৰ। সেয়া বুজিবলৈ সময় লাগে।
সংক্ষেপত হৈছে বীজ আৰু বৃক্ষ। বীজক দেখিলে গোটেই বৃক্ষ বুদ্ধিত আহি যায়। পিতা হৈছে
বীজৰূপ, তেওঁৰ এই বৃক্ষ আৰু সৃষ্টি চক্ৰৰ গোটেই জ্ঞান আছে, বুজাবলৈ সৃষ্টিৰ চক্ৰ
বেলেগ। বৃক্ষ বেলেগ। বৃক্ষত এই সকলোবোৰ চিত্ৰ দেখুওৱা হৈছে। যিকোনো ধৰ্মৰ লোকক
দেখুৱালে বুজিব পাৰে। আমিতো স্বৰ্গত আহিব নোৱাৰোঁ। ভাৰত যেতিয়া প্ৰাচীন আছিল তেতিয়া
দেৱী-দেৱতাসকলেই আছিল। বাকী সকলো শান্তিধামত থাকে। তোমালোকে বীজ আৰু বৃক্ষ দুয়োটাকে
জানা। বীজ ওপৰত আছে, যাক বৃক্ষপতি বুলি কয়। এতিয়া তোমালোক পিতাৰ হৈছা গতিকে
তোমালোকৰ বৃহস্পতিৰ দশা চলি আছে। যিসকল পিতাৰ হয় তেওঁলোকৰ ওপৰত বৃহস্পতিৰ দশা বুলি
কোৱা হ’ব। তাৰপাছত হ'ল শুক্ৰৰ দশা, বুধৰ দশা। বৃহস্পতিৰ দশা চলাসকল সূৰ্যবংশী হয়গৈ।
বুধৰ দশা চলাসকল প্ৰজাত গুচি যায়, সেৱা কৰিব নোৱাৰে। পিতাক স্মৰণ কৰিব নোৱাৰে গতিকে
বুদ্ধিহীন হ’ল, এই ক্ষেত্ৰতো ক্ৰমানুসৰি বুদ্ধিহীন হয়। কোনোবা উচ্চ প্ৰজা কোনোবা
নীচ প্ৰজা। ক'ত চহকী প্ৰজা আকৌ ক'ত তেওঁলোকৰো চাকৰ-বাকৰ। সকলো পঢ়াৰ ওপৰত নিৰ্ভৰ কৰে।
পঢ়াও সতোগুণী, ৰজোগুণী, তমোগুণী হয়। ৰাজধানী স্থাপন হৈ আছে। যিসকল বুদ্ধিমান
তেওঁলোক পিতাৰ স্মৃতিতো থাকে। গোটেই বৃক্ষ বুদ্ধিত থাকে। পঢ়াৰ দ্বাৰাই শিক্ষক,
অধিবক্তা হয়। শিক্ষকে আকৌ আনকো পঢ়ায়। পঢ়েতো সকলোৱেই। একেই পঢ়া আকৌ কোনোবাইতো পঢ়ি
উচ্চলৈ গুচি যায়, কোনোবা আকৌ তাতেই শিক্ষক হৈ যায়। যিখিনি শিকিছে সেয়া পঢ়ায়। এতিয়া
তোমালোকেও পঢ়া। কোনোবাইতো পঢ়ি পঢ়ি শিক্ষক হৈ যায়। নিজে কয় শিক্ষকৰ কাম হ'ল নিজৰ
সমান শিক্ষক কৰি তোলা। শিক্ষক নহ’লে তেতিয়া অন্যৰ কল্যাণ কেনেকৈ কৰিবা। অলপ সময় আছে,
যেতিয়ালৈকে বিনাশ নহয় তেতিয়ালৈকে শিকি থাকিবা। তাৰপাছততো শিকা বন্ধ হৈ যাব। আকৌ বাবা
5 হাজাৰ বছৰৰ পাছত আহি শিকাব। এই পঢ়া কোনো শ শ বছৰ নচলিব। এই পঢ়াতো হয়েই এই অন্তিম
জন্মৰ বাবে। পঢ়িব আৰু পঢ়াব লাগে। সকলোতো শিক্ষক হ'ব নোৱাৰে। যদি সকলো শিক্ষক হৈ যায়
তেনেহ’লেতো বহুত উচ্চ পদ পাই যাব। ক্ৰমানুসৰিতো হয়েই। প্ৰথমতে যিকোনো লোককে দুজন
পিতাৰ পৰিচয় দিয়া। চিত্ৰ থাকিলে ভালকৈ বুজিব। ত্ৰিমূৰ্তিৰ চিত্ৰতো নিশ্চয় লগত থাকিব
লাগে। এওঁ শিৱবাবা, এওঁ প্ৰজাপিতা ব্ৰহ্মা। সকলোৰে গ্ৰেট-গ্ৰেট গ্ৰেণ্ড ফাদাৰ।
তেন্তে নিশ্চয় প্ৰথমে আহিছিল নহয় জানো। সকলোতকৈ আগত ব্ৰহ্মা। এতিয়া ৰচনা ৰচি আছে।
এতিয়া তোমালোক ব্ৰাহ্মণ হৈছা আকৌ ব্ৰাহ্মণেই দেৱতা হ’বগৈ। ব্ৰাহ্মণৰ বৃক্ষ সৰু।
দেৱতা কম সংখ্যক হয় আকৌ পাছলৈ বৃদ্ধি পাই গৈ থাকে। ইয়াত তোমালোকৰ নতুন বৃক্ষ স্থাপন
হৈ আছে। সেই অন্য ধৰ্মৰ আত্মাসকলতো ওপৰৰ পৰা ভূমিকা পালন কৰিবলৈ আহে, অৱনমিত হোৱাৰ
কথা নাই। ইয়াতো তোমালোকৰ নতুন বৃক্ষ স্থাপন হয়। মায়াও সন্মুখত আছে। তোমালোক
তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ’বই লাগে। স্থানান্তৰ হ'ব লাগে কিয়নো সৃষ্টি পৰিৱৰ্তন হৈ
আছে, সেইবাবে পৰিশ্ৰম হয়। দেৱী-দেৱতা ধৰ্ম ইয়াত সংগমযুগত প্ৰতিষ্ঠা হয়। তোমালোকে
এইটোও কোৱা যে সত্যযুগ কিমান বছৰৰ। সত্যযুগৰ পৰা আকৌ কলিযুগ কেনেকৈ হয়। কলিযুগত
তমোপ্ৰধানতো হ'বই লাগে। তমোপ্ৰধান হ'লে তেতিয়াহে আকৌ সতোপ্ৰধান হ'ব। তোমালোক
সতোপ্ৰধান আছিলা আকৌ খাদ পৰি গ’ল। এতিয়া যদি কোনো নতুন আত্মাই 2-3টা জন্ম ল’য়
তেতিয়াও ততালিকে খাদ পৰি যায়। সেইকেইটা জন্মতে সুখ, দুখ ভোগ কৰে। কাৰোবাৰ এটা জন্মও
হয়। যেতিয়া অহা বন্ধ হৈ যাব তেতিয়া বিনাশ হ'ব। তেতিয়া সকলো আত্মা উভতি যাব লাগিব।
পাপ আত্মাসকল আৰু পুণ্য আত্মাসকল একত্ৰিত হৈ যায়। আকৌ পুণ্য আত্মাসকল তললৈ নামি আহে।
সংগমত গোটেইবোৰ সলনি হয়। গতিকে সন্তানসকলে গোটেই নাটকখন বুদ্ধিত ৰাখিব লাগে। পিতাৰ
ওচৰত এই গোটেই জ্ঞান আছে নহয় জানো। তেওঁ কয় - মই আহি সৃষ্টি চক্ৰৰ আদি-মধ্য-অন্তৰ
গোটেই ৰহস্য বুজাওঁ। ভক্তি মাৰ্গত জানো এই জ্ঞান শুনাওঁ। ভক্তই স্মৰণ কৰে গতিকে
তেওঁলোকক সাক্ষাৎকাৰ কৰাওঁ। ভক্তি মাৰ্গ যেতিয়া আৰম্ভ হয় তেতিয়া মোৰো ভূমিকা আৰম্ভ
হয়। সত্যযুগ ত্ৰেতাত মই বানপ্ৰস্থ অৱস্থাত থাকোঁ। সন্তানসকলক সুখত পঠিয়াই দিলোঁ
আৰুনো কি! মই বানপ্ৰস্থ লওঁ। এই বানপ্ৰস্থ লোৱাৰ নিয়ম ভাৰততেই আছে। বেহদৰ পিতাই কয়
- মই বানপ্ৰস্থত বহি যাওঁ। বেহদৰ পিতাহে আহি গুৰুৰ ৰূপত বানপ্ৰস্থলৈ লৈ যায়। ভগৱানক
লগ পাবলৈ মনুষ্যই গুৰুসকলৰ সংগ লয়। শাস্ত্ৰ পঢ়িব, তীৰ্থলৈ যাব, গঙ্গা স্নান কৰিব।
কিন্তু পোৱাতো একোৱেই নাই। এতিয়া তোমালোকে বেহদৰ পিতাক পাইছা। দুখৰ পৰা মুক্ত কৰি,
ৰাৱণ ৰাজ্যৰ পৰা উলিয়াই ৰাম ৰাজ্যলৈ লৈ যায়। বেহদৰ পিতা এবাৰেই আহি ৰাৱণৰ দুখৰ পৰা
মুক্ত কৰে, সেইবাবে তেওঁক মুক্তিদাতা বুলি কোৱা হয়। সত্যযুগ হয়েই ৰামৰাজ্য। বাকী
আত্মাসকল শান্তিধামলৈ গুচি যায়। এয়াও কোনেও নাজানে। মোৰ অৰ্থাৎ আত্মাৰ স্বধৰ্ম হয়েই
- শান্ত। ইয়াত ভূমিকা পালন কৰিবলৈ অহাৰ বাবে অশান্ত হৈছোঁ আকৌ শান্তি স্মৃতিলৈ আহে।
আচলতে শান্তিধামৰ নিবাসী হওঁ। এতিয়া কয় - মোক শান্তি লাগে। মনক শান্তি লাগে। বুজোৱা
হয় - আত্মা মন-বুদ্ধি সহিত হয়। আত্মা হয়েই শান্ত স্বৰূপ আকৌ ইয়াত কৰ্মত আহে। ইয়াত
শান্তি কেনেকৈ পাব। এয়াতো হয়েই অশান্তিধাম। সত্যযুগত সুখ-শান্তি দুয়োটা থাকে।
পৱিত্ৰতাও আছে, ধন-সম্পত্তিও আছে।
পিতাই বুজায় -
তোমালোকৰ কিমান সুখ-শান্তি, ধন-সম্পত্তি আদি সকলো আছিল। এতিয়া তোমালোকে আকৌ আনক
বুজাব লাগে। যি সকলে কল্প পূৰ্বে উত্তৰাধিকাৰ লৈছিল তেওঁলোকেই ভালদৰে বুজিবলৈ যত্ন
কৰিব। যদিওবা দেৰিকৈ আহে কিন্তু পুৰণাসকলতকৈ সোনকালে আগবাঢ়ি গুচি যায়। দেৰিকৈ
অহাসকলে আৰুহে বেছি ভাল সাৰ কথা শুনিবলৈ পায়। দিনে-প্ৰতিদিনে সহজ হৈ গৈ থাকে। এইটোও
বুজিব এতিয়া আমি বুজিতো সকলোৱেই পালোঁ তাৰপাছত তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হোৱাৰ
পৰিশ্ৰমো কৰিব লাগে। তাৰ বাবে তীব্ৰ পুৰুষাৰ্থ কৰিবলৈ লাগি যাব কিয়নো বুজি পায় যে
সময় অলপ আছে, যিমান সম্ভৱ পুৰুষাৰ্থ কৰিবলৈ লাগি যাব লাগে। মৃত্যুৰ পূৰ্বে আমি
পুৰুষাৰ্থ কৰি লওঁ। তেওঁলোকে নিজৰ খতিয়ান ৰাখিব। পঢ়াতো অতি সহজ। বাকী হৈছে স্মৃতিত
থকাৰ কথা। গায়নো আছে – হে মন প্ৰভাতৰ সময়ত ৰামক স্মৰণ কৰা… আত্মাই কয় - হে মোৰ মন,
ৰামক স্মৰণ কৰা। ভক্তি মাৰ্গততো এইটোও কোনেও গম নাপায় যে ৰাম কোন হয়। তেওঁলোকে ৰঘু
বংশৰ ৰজা ৰাম বুলি কৈ দিয়ে। কিমান খেলিমেলি কৰি দিছে। সকলোৰে ভগৱান সেই ৰাম কোন হয়,
মনুষ্যই একোৱেই বুজি নাপায়। সময়ৰ অপচয়, ধনৰ অপচয় কৰি থাকে। তোমালোক সন্তানসকলক মই
বিশ্বৰ ৰাজ্য-ভাগ্য দিছিলোঁ, আকৌ কি কৰিলা? 5 হাজাৰ বছৰ পূৰ্বে তোমালোকক স্বৰ্গৰ
বাদশ্বাহী দিছিলোঁ, সেয়া আকৌ কেনেকৈ হেৰুৱালা? এতিয়া তোমালোকে বুজি পোৱা – কেনেকৈ
আমি অৱনমিত হৈ আহিছোঁ। এতিয়া পুনৰ আৰোহণ কৰিব লাগে। আৰোহণ কলা এক চেকেণ্ডত, অৱৰোহণ
কলা 5 হাজাৰ বছৰত। ব্ৰহ্মাৰ পৰা বিষ্ণু হ’বলৈ এক চেকেণ্ড, বিষ্ণুৰ পৰা ব্ৰহ্মা হ’বলৈ
5 হাজাৰ বছৰ লাগে। কিমান সাৰ কথা বুজায়। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এতিয়া
বাণীৰ পৰা ছায়া, ছায়াৰ পৰা মৌনতাত (শান্তিত) যাব লাগে, সেইকাৰণে বাৰ্তালাপ বহুত কমকৈ
কৰিব লাগে। মাৰ্জিতভাৱে অতি ধীৰে ধীৰে কথা ক’ব লাগে।
(2) জ্ঞান বুজি পোৱাৰ
পাছত তীব্ৰ পুৰুষাৰ্থ কৰি সতোপ্ৰধান হ’ব লাগে। স্মৃতিৰ খতিয়ান ৰাখিব লাগে।
বৰদান:
এইখন জগতৰ
আসক্তিৰ পৰা মুক্ত হৈ অব্যক্ত লোকৰ পৰিক্ৰমা লগাওঁতা উৰন্ত পখী হোৱা
বুদ্ধি ৰূপী বিমানৰ
দ্বাৰা অব্যক্ত লোক আৰু মূললোকৰ পৰিক্ৰমা লগাবলৈ উৰন্ত পখী হোৱা। বুদ্ধিৰ দ্বাৰা
যেতিয়াই বিচৰা, য’তে বিচৰা, উপস্থিত হৈ যোৱা। এইটো তেতিয়াহে সম্ভৱ হ’ব, যেতিয়া
সম্পূৰ্ণৰূপে এইখন জগতৰ আসক্তিৰ পৰা মুক্ত হৈ থাকিবা। এইখন অসাৰ সংসাৰ, এই অসাৰ
সংসাৰ যিহেতু কোনো কামৰ নহয়, কোনো প্ৰাপ্তি নাই, সেয়েহে বুদ্ধিৰ দ্বাৰা যোৱাটোও
বন্ধ কৰা। এইখন ৰৌৰৱ নৰক, ইয়ালৈ যোৱাৰ সংকল্প যাতে সপোনতো নাহে।
স্লোগান:
নিজৰ চেহেৰা আৰু আচৰণৰ দ্বাৰা সত্যতাৰ সভ্যতা অনুভৱ কৰোৱাটোৱেই হ’ল শ্ৰেষ্ঠতা।
অব্যক্ত ইংগিত:
পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰা
যি পৰোপকাৰৰ ভাৱনাৰে
সম্পন্ন, তেওঁ সদায় সন্তুষ্টমণিৰ দৰে নিজেও সন্তুষ্ট হৈ থাকে আৰু সকলোকে সন্তুষ্ট
কৰোঁতা হ’ব। ডাঙৰ কথা এইটোৱেই যে য’ত কোনো আশা নাথাকে, তাত আশাৰ সঞ্চাৰ কৰি দিব,
যিসকলৰ প্ৰতি সকলোৱে নিৰাশা প্ৰকাশ কৰে, তেনে ব্যক্তি বা তেনে পৰিস্থিতিত তেওঁ
সদাকালৰ বাবে আশাৰ দীপক জ্বলাই দিব। নিজৰ উপকাৰী শুভ ভাৱনা, মৰম-স্নেহ, শক্তি, মধুৰ
বাণী আৰু উৎসাহ-উদ্দীপনাৰ সহযোগেৰে হতাশগ্ৰস্তজনক শক্তিশালী কৰি দিব অৰ্থাৎ ভিখাৰীক
বাদশ্বাহ কৰি দিব।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]