07.02.26 Morning Assame Murli Om Shanti BapDada Madhuban
“শিৱ ভগৱানুবাচ -
বুদ্ধিত যদি স্থায়ীকৈ এজন পিতাৰেই স্মৃতি থাকে তেন্তে এয়াও অতি সৌভাগ্যৰ কথা”
প্ৰশ্ন:
যিসকল সন্তানৰ
সেৱাৰ চখ থাকে তেওঁলোকৰ চিন কি হ’ব?
উত্তৰ:
তেওঁলোক মুখেৰে জ্ঞান নুশুনোৱাকৈ থাকিব নোৱাৰে। তেওঁলোকে আত্মিক সেৱাত নিজৰ অস্তি
পৰ্যন্ত উৎসৰ্গিত কৰি দিব। তেওঁলোকে আত্মিক জ্ঞান শুনাই বহুত আনন্দিত হ’ব। আনন্দতে
নাচি থাকিব। তেওঁলোকে নিজতকৈ জ্যেষ্ঠজনক সন্মান জনাব, তেওঁলোকৰ পৰা শিকি থাকিব।
গীত:
বদল জায়ে
দুনিয়া না বদলেঙ্গে হ’ম…… (জগত সলনি হ’লেও আমি সলনি নহওঁ……)
ওঁম্শান্তি।
সন্তানসকলে
গীতটিৰ দুটি শাৰী শুনিলা। এইটো প্ৰতিজ্ঞাৰ গীত, যেনেকৈ কাৰোবাৰ বাগদান হ’লে তেতিয়া
এইটো প্ৰতিজ্ঞা কৰে যে স্ত্ৰী-পুৰুষে কেতিয়া ইজনে-সিজনক এৰি নিদিব। কিছুমানে একেলগে
চলিব নোৱাৰিলে তেতিয়া এৰিও দিয়ে। ইয়াত তোমালোক সন্তানসকলে কাৰ আগত প্ৰতিজ্ঞা কৰা?
ঈশ্বৰৰ আগত। যাৰ লগত তোমালোক সন্তানসকলৰ বা প্ৰেমিকাসকলৰ বাগদান হৈছে। কিন্তু
এনেকুৱা যিয়ে বিশ্বৰ মালিক কৰি তোলে, তেওঁকো এৰি দিয়ে। ইয়াত তোমালোক সন্তানসকল বহি
আছা তোমালোকে জানা এতিয়া বেহদৰ বাপদাদাৰ আগমন হ’ব। এইটো অৱস্থা যিটো তোমালোকৰ ইয়াত
থাকে সেয়া বাহিৰৰ সেৱাকেন্দ্ৰত থাকিব নোৱাৰে। ইয়াত তোমালোকে বুজি পোৱা বাপদাদা এতিয়া
আহিব। বাহিৰৰ সেৱাকেন্দ্ৰত বুজিবা বাপদাদাই শুনোৱা মুৰুলী এতিয়া শুনিম। ইয়াৰ আৰু
তাৰ মাজত বহুত পাৰ্থক্য থাকে কিয়নো ইয়াত বেহদৰ বাপদাদাৰ সন্মুখত তোমালোক বহি আছা।
তাততো সন্মুখত নাথাকা। বিচাৰে যে সন্মুখত গৈ মুৰুলী শুনোঁ। ইয়াত সন্তানসকলৰ বুদ্ধিত
উদয় হয় - বাবা এতিয়া আহিব। যেনেকৈ অন্য সৎসংগত হয়, তাতে তেওঁলোকে বুজিব অমুক স্বামী
আহিব। কিন্তু এইটো খেয়ালো সকলোৰে একৰস নহ’ব। বহুতৰ বুদ্ধিৰ যোগসূত্ৰতো অন্যফালে
দিগভ্ৰান্ত হৈ ফুৰিব। কাৰোবাৰ পতি স্মৃতিলৈ আহিব, কাৰোবাৰ সম্বন্ধীয়সকল স্মৃতিলৈ
আহিব। বুদ্ধিৰ যোগসূত্ৰ এজন গুৰুৰ লগতো স্থায়ী হৈ নাথাকে। কোনোবা অসাধাৰণজনহে
স্বামীৰ স্মৃতিত বহি থাকিব। ইয়াতো এনেকুৱা। এনেকুৱা নহয় যে সকলো শিৱবাবাৰ স্মৃতিত
থাকে। বুদ্ধি ক’ৰবাত নহয় ক’ৰবাত দৌৰি থাকে। মিত্ৰ-সম্বন্ধীয় আদি স্মৃতিলৈ আহিব।
গোটেই সময় যদি একমাত্ৰ শিৱবাবাৰেই স্মৃতিত থাকে তেন্তে সেয়াতো অতি সৌভাগ্যৰ কথা।
স্থায়ী স্মৃতিত কোনোবা অসাধাৰণজনহে থাকে। ইয়াত পিতাৰ সন্মুখত থাকিলেতো বহুত আনন্দিত
হ’ব লাগে। অতীন্দ্ৰিয় সুখৰ বিষয়ে গোপী বল্লভৰ গোপ গোপীসকলক সোধা, এয়া ইয়াৰেই গায়ন।
ইয়াত তোমালোক পিতাৰ স্মৃতিত বহি আছা, জানা যে এতিয়া আমি ঈশ্বৰৰ কোলাত আছোঁ আকৌ দৈৱী
কোলাত থাকিমগৈ। যদিও কাৰোবাৰ বুদ্ধিত সেৱাৰ খেয়ালো চলে, এইখন চিত্ৰত এইটো শুধৰণি
কৰিম, এইটো লিখিম, কিন্তু যিসকল ভাল সন্তান হ’ব তেওঁলোকে বুজিব এতিয়াতো পিতাৰ পৰা
শুনিব লাগে। অন্য কোনো সংকল্প আহিবলৈ নিদিব। পিতা জ্ঞান ৰত্নৰে জোলোঙা ভৰপূৰ কৰিবলৈ
আহিছে গতিকে পিতাৰ সৈতেই বুদ্ধিৰ যোগসূত্ৰ গঢ়িব লাগে। ক্ৰমানুসৰি ধাৰণা কৰোঁতাতো
থাকে নহয়। কোনোবাই ভালদৰে শুনি ধাৰণ কৰে। কোনোবাই কমকৈ ধাৰণ কৰে। বুদ্ধিৰ যোগসূত্ৰ
অন্য ফালে দৌৰি থাকিলেতো ধাৰণা নহ’ব। অপৈণত হৈ যাব। এবাৰ-দুবাৰ মুৰুলী শুনিলে, ধাৰণা
নহ’ল তেতিয়া সেইটো অভ্যাস দৃঢ় হৈ গৈ থাকিব। পাছত যিমানেই শুনি নাথাকক ধাৰণা নহ’ব।
কাকোৱেই শুনাব নোৱাৰিব। যাৰ ধাৰণা হ’ব তেওঁলোকৰ আকৌ সেৱাৰ চখ থাকিব। উত্ৰাৱল হৈ
থাকিব, ভাবিব যে গৈ ধন দান কৰোঁ কিয়নো এই ধন এজন পিতাৰ বাহিৰেতো অন্য কাৰো নাই।
পিতাই এইটোও জানে সকলোৰে ধাৰণা হ’ব নোৱাৰে। সকলোৱে একৰস উচ্চ পদ পাব নোৱাৰে সেয়েহে
বুদ্ধি অন্যফালে ভ্ৰমি ফুৰে। ভৱিষ্যত ভাগ্য ইমান উচ্চ নহয়। কোনোবাই আকৌ স্থূল সেৱাত
নিজৰ অস্থি পৰ্যন্ত দিয়ে। সকলোকে সন্তুষ্ট কৰে। যেনেকৈ ভোজন ৰান্ধে, খুৱায়, এয়াও
বিষয় হয় নহয়। যাৰ সেৱাৰ চখ থাকিব তেওঁ মুখেৰে জ্ঞান নুশুনোৱাকৈ থাকিব নোৱাৰিব। আকৌ
বাবাই লক্ষ্যও কৰে দেহ-অভিমানতো নাই? জ্যেষ্ঠজনক সন্মান দিয়ে নে নিদিয়ে? ডাঙৰ
মহাৰথীসকলক সন্মানতো দিব লাগে। অৱশ্যে হয়, কোনো কোনো কনিষ্ঠও বুদ্ধিমান হৈ যায়
তেতিয়া হয়তো জ্যেষ্ঠসকলেও তেওঁক সন্মান দিব লাগে, কিয়নো তেওঁৰ বুদ্ধি দ্ৰুতগতিৰে
আগবাঢ়ি যায়। সেৱাৰ চখ দেখি পিতাতো আনন্দিত হ’ব নহয়, এওঁ ভাল সেৱা কৰিব। গোটেই দিন
প্ৰদৰ্শনীত বুজোৱাৰ অভ্যাস কৰিব লাগে। প্ৰজাতো অনেক তৈয়াৰ হয় নহয়, আৰুতো কোনো উপায়
নাই। সূৰ্যবংশী, চন্দ্ৰবংশী, ৰজা, ৰাণী, প্ৰজা সকলো ইয়াতেই গঢ় লৈ উঠে। কিমান সেৱা
কৰিব লাগে। সন্তানসকলৰ বুদ্ধিত এইটোতো আছে - এতিয়া আমি ব্ৰাহ্মণ হৈছোঁ। ঘৰ
গৃহস্থালিত থাকিলে প্ৰত্যেকৰে অৱস্থা নিজৰ নিজৰ হিচাপত থাকে। ঘৰ-সংসাৰতো এৰিব নালাগে।
পিতাই কয় - ঘৰত অৱশ্যে থাকা কিন্তু বুদ্ধিত এইটো নিশ্চয়তা থকিব লাগে যে পুৰণি
সৃষ্টিতো নাশ হোৱাৰ পথত। এতিয়া আমাৰ কাম পিতাৰ সৈতে। এইটোও জানা কল্প পূৰ্বে যিকলে
জ্ঞান লৈছিল সেইসকলেই ল’ব। চেকেণ্ডৰ পাছত চেকেণ্ড হুবহু পুনৰাবৃত্তি হৈ আছে। আত্মাত
জ্ঞান থাকে নহয়। পিতাৰো জ্ঞান থাকে। তোমালোক সন্তানসকলো পিতাৰ দৰে হ’ব লাগে। সাৰ
কথাবোৰ ধাৰণ কৰিব লাগে। সকলো কথা একে সময়তে বুজোৱা নহয়। বিনাশো সন্মুখত থিয় হৈ আছে।
এয়া সেয়াই বিনাশ, সত্যযুগ-ত্ৰেতাততো কোনো যুদ্ধ নহয়। সেয়াতো পাছত যেতিয়া বহুত ধৰ্ম
হয়, সৈন্য আদি আহে, তেতিয়া যুদ্ধ আৰম্ভ হয়। পোন-প্ৰথমে আত্মাসকল সতোপ্ৰধানৰ পৰা
অৱনমিত হয় তেতিয়া সতো, ৰজো, তমো অৱস্থা হয়। গতিকে এয়াও সকলো বুদ্ধিত ৰাখিব লাগে।
কেনেকৈ ৰাজধানী স্থাপনা হৈ আছে। ইয়াত বহি আছা গতিকে বুদ্ধিত ৰাখিব লাগে যে শিৱবাবা
আহি আমাক সম্পত্তি দিয়ে, যাক বুদ্ধিত ধাৰণ কৰিব লাগে। ভাল ভাল সন্তানসকলে টোকা লিখে।
লিখাতো ভাল। তেতিয়া বিষয়বোৰ বুদ্ধিত থাকিব। আজি এইটো বিষয়ৰ ওপৰত বুজাম। পিতাই কয় -
মই তোমালোকক কিমান সম্পত্তি দিছিলোঁ। সত্যযুগ-ত্ৰেতাত তোমালোকৰ প্ৰচুৰ ধন আছিল। আকৌ
বাম (বিকাৰী) মাৰ্গত যোৱা বাবে সেয়া কম হৈ গৈ থাকিল। আনন্দও কম হৈ গৈ থাকিল। কিবা
নহয় কিবা বিকৰ্ম হ'বলৈ ধৰে। অৱনমিত হওঁতে হওঁতে কলাবোৰ কম হৈ গৈ থাকে। সতোপ্ৰধান,
সতো, ৰজো, তমো অৱস্থা হয়। সতোৰ পৰা ৰজোত আহে গতিকে এনেকুৱা নহয় যে তৎক্ষণাৎ আহি যায়।
লাহে লাহে অৱনমিত হ’ব। তমোপ্ৰধানতো লাহে লাহে ছিৰি নামি আহা, কলা কম হৈ গৈ থাকে।
দিনে-প্ৰতিদিনে কম হৈ গৈ থাকে। এতিয়া জপিয়াব লাগে। তমোপ্ৰধানৰ পৰা সতোধান হ'ব লাগে,
ইয়াৰ কাৰণে সময়ো লাগে। গায়ন কৰা হৈছে – আৰোহণ কৰিলে বৈকুণ্ঠৰ ৰসৰ সোৱাদ ল’ব - কামৰ
চৰ লাগিলে তেতিয়া একেবাৰে চূৰ্ণ-বিচূৰ্ণ হৈ যায়। হাড় একেবাৰে ভাগি যায়। কোনো কোনো
মনুষ্যই নিজৰ জীৱঘাত কৰে, আত্মঘাত নহয়, জীৱঘাত বুলি কোৱা হয়। ইয়াততো পিতাৰ পৰা
উত্তৰাধিকাৰ ল’ব লাগে। পিতাক স্মৰণ কৰিব লাগে কিয়নো পিতাৰ পৰা বাদশ্বাহী পোৱা যায়।
নিজক সুধিব লাগে যে মই পিতাক স্মৰণ কৰি ভৱিষ্যতৰ কাৰণে কিমান উপাৰ্জন কৰিছোঁ? কিমান
অন্ধৰ লাখুটি হৈছোঁ? ঘৰে ঘৰে বাৰ্তা দিব লাগে যে এই পুৰণি সৃষ্টিৰ পৰিৱৰ্তন হৈ আছে।
পিতাই নতুন সৃষ্টিৰ কাৰণে ৰাজযোগ শিকাই আছে। ছিৰিৰ চিত্ৰত সকলো দেখুওৱা হৈছে। এয়া
তৈয়াৰ কৰোঁতে পৰিশ্ৰম হয়। গোটেই দিন খেয়াল চলি থাকে, এনেকুৱা সহজ কৰি তৈয়াৰ কৰোঁ
যাতে যিকোনো লোকে বুজি পায়। গোটেই জগতখনতো নাহিব। দেৱী-দেৱতা ধৰ্মাৱলম্বীসকলহে আহিব।
তোমালোকৰ সেৱাতো বহুত চলিব। তোমালোকেতো জানা আমাৰ এই পাঠদান কেতিয়ালৈকে চলিব।
তেওঁলোকেতো কল্পৰ আয়ুস লাখ লাখ বছৰ বুলি ভাবে। সেয়েহে শাস্ত্ৰ আদি শুনায়ে থাকে।
এনেকৈ ভাবে যে যেতিয়া অন্ত হ'ব তেতিয়া সৎগতি দাতা আহিব আৰু যিসকল আমাৰ শিষ্য হ'ব
তেওঁলোকৰ গতি হৈ যাব তেতিয়া আমিও গৈ জ্যোতিত সমাহিত হৈ যাম। কিন্তু এনেকুৱাতো নহয়।
তোমালোকে এতিয়া জানা যে আমি অমৰ পিতাৰ দ্বাৰা সঁচা অমৰকথা শুনি আছোঁ। গতিকে অমৰ
পিতাই যি কয় সেয়া মানিবও লাগে, কেৱল কয় - মোক স্মৰণ কৰা, পৱিত্ৰ হোৱা। নহ'লেতো
শাস্তিও বহুত ভূগিব লাগিব। পদো কম পাবা। সেৱাত পৰিশ্ৰম কৰিব লাগে। যেনেকৈ দধীচি
ঋষিৰ দৃষ্টান্ত আছে। অস্থি পৰ্যন্ত সেৱাত দি দিলে। নিজৰ শৰীৰৰো চিন্তা নকৰি গোটেই
দিন সেৱাত ব্ৰতী হৈ থকা, ইয়াকে সেৱাত অস্থি দিয়া বুলি কোৱা হয়। এটা হ'ল পাৰ্থিৱ
হাড়ভঙা সেৱা, আনটো হ'ল আত্মিক হাড়ভঙা সেৱা। আত্মিক সেৱা কৰোঁতাসকলে আত্মিক
জ্ঞানেই শুনাই থাকিব। ধন দান কৰি আনন্দত নাচি থাকিব। জগতত মনুষ্যই যিয়েই সেৱা কৰে
সেয়া সকলো হৈছে পাৰ্থিৱ। শাস্ত্ৰ শুনায়, সেয়া কোনো আত্মিক সেৱাতো নহয়। আত্মিক
সেৱাতো কেৱল পিতাহে আহি শিকায়। আত্মিক পিতাহে আহি আত্মিক সন্তানসকলক (আত্মাসকলক)
পঢ়ায়।
তোমালোক সন্তানসকলে
এতিয়া সত্যযুগী নতুন সৃষ্টিলৈ যাবলৈ প্ৰস্তুতি চলাই আছা। তাত তোমালোকৰ দ্বাৰা কোনো
বিকৰ্ম নহ'ব। সেইখন হয়েই ৰামৰাজ্য। তাত থাকেই অতি কমসংখ্যক। এতিয়াতো ৰাৱণৰাজ্যত
সকলো দুখী হয় নহয়। এই গোটেই জ্ঞানো পুৰুষাৰ্থৰ ক্ৰম অনুসৰি তোমালোকৰ বুদ্ধিত আছে।
এই ছিৰিৰ চিত্ৰতেই গোটেই জ্ঞান আহি যায়। পিতাই কয় - এই অন্তিম জন্ম পৱিত্ৰ হোৱা
তেতিয়া পৱিত্ৰ সৃষ্টিৰ মালিক হ’বাগৈ। তোমালোকে এনেকৈ বুজাব লাগে যাতে মনুষ্যই গম
পায় যে আমি সতোপ্ৰধানৰ পৰা তমোপ্ৰধান হ’লোঁ, পুনৰ স্মৃতিৰ যাত্ৰাৰে সতোপ্ৰধান হ’মগৈ।
দেখিলে তেতিয়া বুদ্ধি চলিব, এই জ্ঞান কাৰো নাই। ক’ব এই ছিৰিত অন্য ধৰ্মৰ কথা ক’ত
আছে। সেয়া আকৌ এই সৃষ্টিচক্ৰৰ চিত্ৰত লিখা আছে। তেওঁলোক নতুন সৃষ্টিততো নাহে।
তেওঁলোকে শান্তি পায়। ভাৰতবাসীয়েই স্বৰ্গত আছিল নহয়। পিতাও ভাৰতলৈ আহি ৰাজযোগ শিকায়
সেয়েহে ভাৰতৰ প্ৰাচীন যোগ সকলোৱে শিকিব বিচাৰে। এই চিত্ৰবোৰৰ দ্বাৰা তেওঁলোকে নিজেও
বুজি পাই যাব। যথাযথ নতুন সৃষ্টিত কেৱল ভাৰতেই আছিল। নিজৰ ধৰ্মকো বুজি পাই যাব।
যদিও যীশুখ্ৰীষ্ট ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ আহিল, এই সময়ত তেৱোঁ তমোপ্ৰধান। এয়া ৰচয়িতা
আৰু ৰচনাৰ কিমান শ্ৰেষ্ঠ জ্ঞান।
তোমালোকে ক’ব পাৰা
আমাক কাৰো পইচাৰ দৰকাৰ নাই। পইচা আমি কি কৰিম। তোমালোকেও শুনা, আনকো শুনোৱা। এই
চিত্ৰ আদি ছপোৱা। এই চিত্ৰবোৰেৰে কাম চলাব লাগে। প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা য’ত এই
জ্ঞান শুনাব পাৰি। বাকী আমি পইচা লৈ কি কৰিম। তোমালোকৰে ঘৰৰ কল্যাণ হয়। তোমালোকে
কেৱল ব্যৱস্থা কৰা। বহুতে আহি ক’ব ৰচয়িতা আৰু ৰচনাৰ জ্ঞানতো বৰ ভাল। এয়াতো
মনুষ্যয়েই বুজি পাব লাগে। বিদেশীসকলে এই জ্ঞান শুনি বহুত পচন্দ কৰিব। বহুত আনন্দিত
হ’ব। বুজিব আমিও পিতাৰ সৈতে যোগসূত্ৰ গঢ়ি তোলোঁ তেতিয়া বিকৰ্ম বিনাশ হ’ব। সকলোকে
পিতাৰ পৰিচয় দিব লাগে। বুজি পাই যাব এই জ্ঞানতো ঈশ্বৰৰ বাহিৰে কোনেও দিব নোৱাৰে।
এনেকৈ কয় - খোদাই স্বৰ্গ স্থাপন কৰিলে কিন্তু তেওঁ কেনেকৈ আহে, সেয়া কোনেও গম নাপায়।
তোমালোকৰ কথাবোৰ শুনি আনন্দিত হ’ব তেতিয়া পুৰুষাৰ্থ কৰি যোগ শিকিব। তমোপ্ৰধানৰ পৰা
সতোপ্ৰধান হ’বৰ কাৰণে পুৰুষাৰ্থ কৰিব। সেৱাৰ কাৰণে বহুত খেয়াল কৰিব লাগে। ভাৰতত
নিপুণতা দেখুৱালে তেতিয়া বাবাই বাহিৰলৈও পঠিয়াব। এইটো অভিযান চলিব। এতিয়াতো সময় বাকী
আছে নহয়। নতুন সৃষ্টি তৈয়াৰ হ’বলৈ কিবা দেৰি লাগে জানো। ক’ৰবাত ভূমিকম্প আদি হ’লে
2-3 বছৰত একেবাৰে নতুন ঘৰ সাজি দিয়ে। কাৰিকৰ বহুত থাকিলে, সকলো সামগ্ৰী তৈয়াৰ থাকিলে
তেতিয়া সাজিবলৈ জানো সময় লাগিব। বিদেশত ঘৰ কেনেকৈ সাজে – যন্ত্ৰপাতিৰে মিনিটত।
তেনেহ'লে স্বৰ্গত কিমান সোনকালে নিৰ্মাণ হ’ব। সোণ-ৰূপ আদি তোমালোকে বহুত পাই যোৱা।
খনিবোৰৰ পৰা তোমালোকে সোণ-ৰূপ-হীৰা লৈ আহা। কলা-কৌশলতো সকলো শিকি আছে। বিজ্ঞানৰ
কিমান দম্ভালি চলি আছে। এই বিজ্ঞান আকৌ তাত কামত আহিব। ইয়াত শিকাসকলে আকৌ পৰৱৰ্তী
জন্ম তাত লৈ এয়া কামত লগাব। সেই সময়ততো গোটেই সৃষ্টি নতুন হৈ যায়, ৰাৱণৰাজ্য নাশ হৈ
যায়। 5 তত্ত্বও নিয়ম অনুসৰি সেৱাত ব্ৰতী হৈ থাকে। স্বর্গ হৈ যায়। তাত এনেকুৱা কোনো
উপদ্ৰপ নহয়, ৰাৱণৰাজ্যই নাথাকে, সকলো সতোপ্ৰধান হয়।
সকলোতকৈ ভাল কথা হ'ল
যে তোমালোক সন্তানসকলৰ পিতাৰ প্ৰতি বহুত মৰম থাকিব লাগে। পিতাই সম্পত্তি দিয়ে। সেয়া
ধাৰণ কৰি আনকো দান দিব লাগে। যিমান দান দিবা সিমানে একত্ৰিত হৈ গৈ থাকিব। সেৱাই যদি
নকৰা ধাৰণা কেনেকৈ হ’ব? সেৱাৰ বাবে বুদ্ধি চলিব লাগে। সেৱাতো বহুত হ’ব পাৰে।
দিনে-প্ৰতিদিনে উন্নতি প্ৰাপ্ত কৰিব লাগে। নিজৰো উন্নতি কৰিব লাগে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সদায়
আত্মিক সেৱাত তৎপৰ হৈ থাকিব লাগে। জ্ঞান ধন দান কৰি আনন্দত নাচিব লাগে। নিজে ধাৰণ
কৰি আনকো ধাৰণা কৰাব লাগে।
(2) পিতাই যি জ্ঞান
ৰূপী সম্পদ দিয়ে, তাৰে নিজৰ জোলোঙা ভৰপূৰ কৰিব লাগে। টোকা ৰাখিব লাগে। আকৌ সেই
বিষয়ৰ ওপৰত বুজাব লাগে। জ্ঞান ধন দান কৰিবলৈ উত্ৰাৱল হৈ থাকিব লাগে।
বৰদান:
সত্যতাৰ
মহানতাৰ দ্বাৰা সদায় আনন্দৰ দোলনাত দুলি থাকোঁতা কৰ্তৃত্ব স্বৰূপ হোৱা
সত্যতাৰ কৰ্তৃত্ব
স্বৰূপ সন্তানসকলৰ বাবে গায়ন আছে — সত্যত থাকিলে নাচি থাকিব। সত্যৰ নাও টুলুংভুটুং
কৰিব কিন্তু ডুবিব নোৱাৰে। তোমালোককো কোনোবাই যিমানেই অস্থিৰ কৰিবলৈ চেষ্টা নকৰক
তোমালোকে সত্যতাৰ মহানতাৰ দ্বাৰা আৰুহে অধিক আনন্দৰ দোলনাত দুলি থাকা। তেওঁলোকে
তোমালোকক অস্থিৰ নকৰে দোলনাইহে লৰায়। এয়া অস্থিৰ হোৱা নহয়, দোলনাহে, সেয়েহে তোমালোকে
তেওঁলোকক ধন্যবাদ জনোৱা যে আপোনালোকে অস্থিৰ কৰক আৰু আমি পিতাৰ সৈতে দুলি থাকোঁ।
স্লোগান:
সৰ্ব শক্তিৰ কিৰণ সদায় লগত থাকিলে মায়া সমীপত আহিব নোৱাৰে।
অব্যক্ত ইংগিত: একতা
আৰু বিশ্বাসৰ বিশেষত্বৰে সফলতা সম্পন্ন হোৱা
একতা, স্বচ্ছতা,
সূক্ষ্মতা, মধুৰতা আৰু মন, বাণী, কৰ্মত মহানতা- এই 5 টা কথা প্ৰত্যেকৰে প্ৰতিটো
খোজত দৃষ্টিগোচৰ হ’লে তেতিয়া পিতাৰ প্ৰত্যক্ষতা সহজ হৈ যাব। এতিয়াও সংস্কাৰত যি
ভিন্নতা দেখিবলৈ পোৱা যায় সেয়া একতাত আনিব লাগে। একতাৰ বাবে ইজনে সিজনৰ মতামতক
সন্মান দিয়া, ‘হয়’ ‘হয়’ বুলি কৈ নিজৰ মতামত অৱশ্যে দিয়া, তাৰপাছত একতাৰ বন্ধনত
বান্ধ খাই যোৱা, এই একতাই সফলতাৰ সাধন।