07.04.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
সকলোতকৈ ভাল দৈৱীগুণ হৈছে শান্ত হৈ থকা, উচ্চ স্বৰত কথা নোকোৱা, মধুৰতাৰে কোৱা,
তোমালোক সন্তানসকল এতিয়া বাণীৰ জগতৰ পৰা ছায়াছবিৰ জগতলৈ, ছায়াছবিৰ জগতৰ পৰা শান্তিৰ
জগতলৈ যোৱা সেইবাবে অধিক বাণীত নাহিবা”
প্ৰশ্ন:
কোনটো মুখ্য
ধাৰণাৰ আধাৰত সকলো দৈৱীগুণ স্বতঃ আহি যাব?
উত্তৰ:
মুখ্য হৈছে পৱিত্ৰতাৰ ধাৰণা। দেৱতাসকল পৱিত্ৰ সেয়েহে তেওঁলোকৰ দৈৱীগুণ আছে। এইখন
জগতত কাৰো দৈৱীগুণ থাকিব নোৱাৰে। ৰাৱণৰাজ্যত দৈৱীগুণ ক’ৰ পৰা আহিব। তোমালোক
সম্ভ্ৰান্ত সন্তানসকলে এতিয়া দৈৱীগুণ ধাৰণ কৰি আছা।
গীত:
ভোলে নাথ সে
নিৰালা….. (ভোলানাথতকৈ অনন্য…)
ওঁম্শান্তি।
এতিয়া
সন্তানসকলে বুজি পায় যে যি নষ্ট হৈ গৈছে সেয়া গঢ়ি তোলোঁতা এজনেই। ভক্তিমাৰ্গত অনেকৰ
ওচৰলৈ যায়। কিমান তীৰ্থ যাত্ৰা আদি কৰে। নষ্ট হৈ যোৱাজনক গঢ়ি তোলোঁতা, পতিতসকলক
পাৱন কৰি তোলোঁতাতো এজনেই, সৎগতি দাতা, মাৰ্গ-দৰ্শক, মুক্তিদাতাও সেই এজনেই। এতিয়া
গায়ন আছে কিন্তু অনেক মনুষ্য, অনেক ধৰ্ম, মঠ, পণ্ঠ, শাস্ত্ৰ হোৱাৰ কাৰণে অনেক ৰাস্তা
বিচাৰি থাকে। সুখ আৰু শান্তিৰ কাৰণে সৎসংগবোৰলৈ নাযায় জানো। যিসকল নাযায় তেওঁলোক
মায়াবী আনন্দতে মচগুল হৈ থাকে। এইটোও তোমালোক সন্তানসকলে জানা যে এতিয়া কলিযুগৰ
অন্তৰ সময়। মনুষ্যই এইটো নাজানে যে সত্যযুগ কেতিয়া হয়? এতিয়া কি? এয়াতো কোনো
শিশুৱেও বুজিব পাৰে। নতুন সৃষ্টিত সুখ, পুৰণি সৃষ্টিত নিশ্চয় দুখ হয়। এই পুৰণি
সৃষ্টিত অনেক মনুষ্য আছে, অনেক ধৰ্ম আছে। তোমালোকে যিকোনো লোককে বুজাব পাৰা। এয়া
হ’ল কলিযুগ, সত্যযুগ অতীত হৈ গ’ল। তাত এটাই আদি সনাতন দেৱী-দেৱতা ধৰ্ম আছিল, অন্য
কোনো ধৰ্ম নাছিল। বাবাই বহুত বাৰ বুজাইছে, তথাপিও বুজায়, যিসকল আহে তেওঁলোকক নতুন
সৃষ্টি আৰু পুৰণি সৃষ্টিৰ পাৰ্থক্য দেখুৱাব লাগে। লাগিলে তেওঁলোকে যিয়েই নকওঁক,
কোনোবাই 10 হাজাৰ বছৰ আয়ুস বুলি কয়, কোনোবাই 30 হাজাৰ বছৰ আয়ুস বুলি কয়। অনেক মত
নাই জানো। এতিয়া তেওঁলোকৰ ওচৰত শাস্ত্ৰৰ মতহে আছে। অনেক শাস্ত্ৰ, অনেক মত। মনুষ্যৰ
মত হয় নহয়। শাস্ত্ৰও মনুষ্যয়েই নিলিখে জানো। দেৱতাসকলে কোনো শাস্ত্ৰ নিলিখে।
সত্যযুগত দেৱী-দেৱতা ধৰ্ম থাকে। তেওঁলোকক মনুষ্য বুলিও ক’ব নোৱাৰি। গতিকে যেতিয়া
কোনো মিত্ৰ-সম্বন্ধীয় আদি লগ পোৱা তেতিয়া তেওঁলোকক এয়া শুনাব লাগে। বিচাৰ কৰিবলগীয়া
কথা। নতুন সৃষ্টিত কিমান কম মনুষ্য থাকে। পুৰণি সৃষ্টিত কিমান বৃদ্ধি হয়। সত্যযুগত
মাত্ৰ এটাই দেৱতা ধৰ্ম আছিল। মনুষ্যও কম আছিল। দৈৱীগুণ দেৱতাসকলৰহে থাকে। মনুষ্যৰ
নাথাকে। সেই কাৰণেতো মনুষ্য গৈ দেৱতাসকলৰ আগত নমস্কাৰ জনায় নহয়। দেৱতাসকলৰ মহিমা
গায়। এইটো জানে যে তেওঁলোক স্বৰ্গবাসী, আমি নৰকবাসী কলিযুগবাসী। মনুষ্যৰ দৈৱীগুণ
থাকিব নোৱাৰে। কোনোবাই যদি কয় যে অমুকৰ বহুত ভাল দৈৱীগুণ আছে! তেতিয়া ক’বা - নহয়,
দৈৱীগুণ দেৱতাসকলৰহে থাকে কাৰণ তেওঁলোক পৱিত্ৰ। ইয়াত পৱিত্ৰ নোহোৱাৰ কাৰণে কাৰো
দৈৱীগুণ থাকিব নোৱাৰে কিয়নো এয়া আসুৰি ৰাৱণৰাজ্য। নতুন বৃক্ষত দৈৱীগুণ সম্পন্ন
দেৱতাসকল থাকে আকৌ বৃক্ষ পুৰণা হয়। ৰাৱণৰ ৰাজ্যত দৈৱীগুণ সম্পন্ন কোনো থাকিব নোৱাৰে।
সত্যযুগত আদি সনাতন দেৱী-দেৱতাসকলৰ প্ৰবৃত্তি মাৰ্গ আছিল। প্ৰবৃত্তি মাৰ্গত
থকাসকলৰহে মহিমা কৰা হৈছে। সত্যযুগত আমি পৱিত্ৰ দেৱী-দেৱতা আছিলোঁ, সন্ন্যাস মাৰ্গ
নাছিল। কিমান সাৰ কথা পোৱা যায়। কিন্তু সকলো সাৰ কথা কাৰো বুদ্ধিত থাকিব নোৱাৰে।
সাৰ কথাবোৰ পাহৰি যায় সেইকাৰণে অকৃতকাৰ্য হয়। দৈৱীগুণ ধাৰণ নকৰে। এটাই দৈৱীগুণ ভাল।
কাৰো সৈতে বেছিকৈ কথা নক’বা, মধুৰতাৰে ক’বা, বহুত কমকৈ বাৰ্তালাপ কৰিব লাগে কিয়নো
তোমালোক সন্তানসকল বাণীৰ জগতৰ পৰা ছায়াছবিৰ জগতলৈ, ছায়াছবিৰ জগতৰ পৰা শান্তিৰ জগতলৈ
যাব লাগে। গতিকে বাৰ্তালাপ বহুত কমকৈ কৰিব লাগে। যিসকলে বহুত কম আৰু ধৈৰ্য সহকাৰে
বাৰ্তালাপ কৰে তেতিয়া ভাবে যে এওঁ অভিজাত ঘৰৰ। মুখেৰে সদায় ৰত্ন (জ্ঞান) উচ্চাৰিত
হৈ থাকিব লাগে।
সন্ন্যাসী বা যিয়েই
নহওঁক তেওঁলোকক নতুন আৰু পুৰণি সৃষ্টিৰ পাৰ্থক্য বুজাব লাগে। সত্যযুগত দৈৱীগুণ
সম্পন্ন দেৱতাসকল আছিল, সেয়া প্ৰবৃত্তি মাৰ্গ আছিল। তোমালোক সন্ন্যাসীসকলৰ ধৰ্মই
বেলেগ। তথাপিও এইটোতো বুজি পোৱা নহয় যে নতুন সৃষ্টি সতোপ্ৰধান, এতিয়া তমোপ্ৰধান।
আত্মা তমোপ্ৰধান হ’লে শৰীৰো তমোপ্ৰধান পায়। এতিয়া হয়েই পতিত সৃষ্টি। সকলোকে পতিত
বুলি কোৱা হ’ব। সেইখন হ’ল পাৱন সতোপ্ৰধান সৃষ্টি। সেইখন নতুন সৃষ্টিয়েই এতিয়া পুৰণি
হয়। এই সময়ত সকলো মনুষ্য আত্মাই নাস্তিক, সেইকাৰণে হুলস্থুল হয়। প্ৰভুক (গৰাকীক)
নজনাৰ কাৰণে পৰস্পৰ কাজিয়া-পেচাল কৰি থাকে। ৰচয়িতা আৰু ৰচনাক জনাসকলক আস্তিক বুলি
কোৱা হয়। সন্ন্যাস ধৰ্মৰসকলেতো নতুন সৃষ্টিক নাজানেই। সেয়েহে তালৈ নাহেই। পিতাই
বুজাইছে, এতিয়া সকলো আত্মা তমোপ্ৰধান হৈ গৈছে আকৌ সকলো আত্মাক সতোপ্ৰধান কোনে কৰি
তুলিব? সেয়াতো পিতাইহে কৰি তুলিব পাৰে। সতোপ্ৰধান সৃষ্টিত কম মনুষ্য থাকে। বাকী সকলো
মুক্তিধামত থাকে। ব্ৰহ্ম তত্ব, য'ত আমি আত্মাসকল বাস কৰোঁ। তাক কোৱা হয় ব্ৰহ্মাণ্ড।
আত্মাতো অবিনাশী। এইখন অবিনাশী নাটক, য'ত সকলো আত্মাৰ ভূমিকা আছে। নাটক কেতিয়া
আৰম্ভ হ’ল? সেই বিষয়ে কেতিয়াও কোনেও ক'ব নোৱাৰিব। এইখন অনাদি ড্ৰামা। পিতা কেৱল
পুৰণি সৃষ্টিক নতুন কৰি তুলিবলৈ আহিবলগীয়া হয়। এনেকুৱা নহয় যে পিতাই নতুন সৃষ্টি
ৰচনা কৰে। যেতিয়া পতিত হৈ যায় তেতিয়াহে আহ্বান জনায়, সত্যযুগত কোনেও আহ্বান নজনায়।
হয়েই পাৱন সৃষ্টি। ৰাৱণে পতিত কৰি দিয়ে, পৰমপিতা পৰমাত্মা আহি পাৱন কৰি তোলে। আধা
আধা বুলি নিশ্চয় কোৱা হ’ব। ব্ৰহ্মাৰ দিন আৰু ব্ৰহ্মাৰ ৰাতি আধা আধা হয়। জ্ঞানৰ
দ্বাৰা দিন হয়, তাত অজ্ঞানতা নাথাকে। ভক্তিমাৰ্গক অন্ধকাৰ মাৰ্গ বুলি বুলি কোৱা হয়।
দেৱতাসকল পুনৰ্জন্ম লৈ লৈ পুনৰ অন্ধকাৰত আহে সেইবাবে এই ছিৰিৰ চিত্ৰত দেখুওৱা হৈছে
- মনুষ্য কেনেকৈ সতো, ৰজো, তমোত আহে। এতিয়া সকলোৰে শোচনীয় অৱস্থা। পিতা আহে
স্থানান্তৰ কৰিবলৈ অৰ্থাৎ মনুষ্যক দেৱতা কৰি তুলিবলৈ। যেতিয়া দেৱতাসকল আছিল তেতিয়া
আসুৰি গুণধাৰী মনুষ্যসকল নাছিল। এতিয়া এই আসুৰি গুণধাৰীসকলক পুনৰ দৈৱী গুণধাৰী কোনে
কৰি তুলিব? এতিয়াতো অনেক ধৰ্ম, অনেক মনুষ্য আছে। কাজিয়া-পেচাল কৰি থাকে। সত্যযুগত
এটাই ধৰ্ম গতিকে দুখৰ কোনো কথা নাই। শাস্ত্ৰততো বহুত সাধুকথা আছে যিবোৰ
জন্ম-জন্মান্তৰ পঢ়ি আহিছে। পিতাই কয় - এই সকলোবোৰ ভক্তিমাৰ্গৰ শাস্ত্ৰ, তাৰ দ্বাৰা
মোক পাব নোৱাৰে। মইতো স্বয়ং এবাৰেই আহি সকলোৰে সৎগতি কৰিব লাগে। এনেয়ে কোনেও উভতি
যাব নোৱাৰে। বহুত ধৈৰ্য্য সহকাৰে বহি বুজাব লাগে, হুলস্থুলো যাতে নহয়। তেওঁলোকৰ
নিজৰ অহংকাৰতো থাকেই নহয়। সাধু-সন্তসকলৰ লগত অনুগামীও থাকে। তৎক্ষণাৎ কৈ দিব এওঁৰো
ব্ৰহ্মাকুমাৰীসকলৰ যাদু লাগিছে। যিসকল সিয়ান মনুষ্য হ'ব তেওঁলোকে ক'ব এয়া
বিচাৰযোগ্য কথা। মেলা প্ৰদৰ্শনীত অনেক প্ৰকাৰৰ লোক আহে। প্ৰদৰ্শনী আদিলৈ যিয়েই নাহক
কিয় তেওঁলোকক বহুত ধৈৰ্য সহকাৰে বুজাব লাগে। যেনেকৈ বাবাই ধৈৰ্য সহকাৰে বুজাই আছে।
বহুত উচ্চ স্বৰত কথা ক'ব নালাগে। প্ৰদৰ্শনীততো বহুত লোক একত্ৰিত হৈ যায়। তেতিয়া কৈ
দিব লাগে - আপুনি কিছু সময় দি একান্তত আহি বুজিলে আপোনাক ৰচয়িতা আৰু ৰচনাৰ ৰহস্য
বুজাম। ৰচনাৰ আদি-মধ্য-অন্তৰ জ্ঞান ৰচয়িতা পিতাইহে বুজায়। বাকীতো সকলোৱে “নেতী নেতী”
(নাজানোঁ নাজানোঁ) বুলিয়েই কৈ যায়। কোনো মনুষ্যই যাব নোৱাৰে। জ্ঞানৰ দ্বাৰা সৎগতি
হৈ যায় পাছত জ্ঞানৰ প্ৰয়োজন নাথাকে। এই জ্ঞান পিতাৰ বাহিৰে কোনেও বুজাব নোৱাৰে।
বুজাওঁতাজন কোনোবা বয়সীয়াল হ’লে তেতিয়া মনুষ্যই বুজিব এৱোঁ অনুভৱী হয়। নিশ্চয় সৎসংগ
আদি কৰিছে। কোনোবা কম বয়সীয়া সন্তানে বুজালে তেতিয়া ক'ব - এওঁ কি জানে। গতিকে
এনেকুৱাসকলৰ ওপৰত বয়সীয়ালসকলৰ প্ৰভাৱ পৰিব পাৰে। পিতাই এবাৰে আহি এই জ্ঞান বুজায়।
তমোপ্ৰধানৰ পৰা সতোপ্ৰধান কৰি তোলে। মাতাসকলে বহি তেওঁলোকক বুজালে তেতিয়া আনন্দিত
হ'ব। কোৱা - জ্ঞান সাগৰ পিতাই জ্ঞানৰ কলহ আমাক মাতাসকলক দিছে যি আমি আকৌ অন্যকো দিওঁ।
বহুত নম্ৰতাৰে কৈ থাকিব লাগে। ‘শিৱ’ই জ্ঞানৰ সাগৰ হয় যিয়ে আমাক জ্ঞান শুনায়। তেওঁ
কয় - মই তোমালোক মাতাসকলৰ দ্বাৰা মুক্তি-জীৱনমুক্তিৰ দ্বাৰ মুকলি কৰোঁ, আন কোনেও
মুকলি কৰিব নোৱাৰে। আমি এতিয়া পৰমাত্মাৰ দ্বাৰা পঢ়ি আছোঁ। আমাক কোনো মনুষ্যই নপঢ়ায়।
জ্ঞানৰ সাগৰ এজনেই পৰমপিতা পৰমাত্মা। তোমালোক সকলো ভক্তিৰ সাগৰ। ভক্তিৰ হৰ্তা-কৰ্তা,
জ্ঞানৰ নহয়। জ্ঞানৰ হৰ্তা-কৰ্তা একমাত্ৰ মইহে। মহিমাও এজনৰেই কৰে। তেৱেঁই উচ্চতকৈও
উচ্চ। আমি তেওঁকেই মানো। তেওঁ আমাক ব্ৰহ্মাৰ শৰীৰৰ দ্বাৰা পঢ়ায় সেয়েহে
ব্ৰহ্মাকুমাৰ-কুমাৰী বুলি গায়ন কৰা হৈছে। এনেকৈ বহুত মধুৰতাৰে বহি বুজোৱা। লাগিলে
যিমানেই লিখা-পঢ়া কৰা নহওঁক। অনেক প্ৰশ্ন সোধে। পোন-প্ৰথমেতো পিতাৰ প্ৰতিহে নিশ্চয়তা
আনিব লাগে। প্ৰথমে তোমালোকে এইটো বুজি লোৱা ৰচয়িতা পিতা হয় নে নহয়। সকলোৰে ৰচয়িতা
এজনেই শিৱবাবা, তেৱেঁই জ্ঞানৰ সাগৰ। পিতা, শিক্ষক, সৎগুৰু হয়। প্ৰথমে বুদ্ধিত এইটো
নিশ্চয়তা জন্মক যে ৰচয়িতা পিতাইহে ৰচনাৰ আদি-মধ্য-অন্তৰ জ্ঞান দিয়ে। তেৱেঁই আমাক
বুজায়, তেওঁতো নিশ্চয় সত্য কথাই বুজাব। তাৰ পাছত আৰু কোনো প্ৰশ্ন উত্থাপন হ’ব নোৱাৰে।
পিতা আহেই সংগমযুগত। কেৱল কয় - মোক স্মৰণ কৰা তেতিয়া পাপ ভস্ম হৈ যাব। মোৰ কামেই
হৈছে পতিতক পাৱন কৰি তোলা। এতিয়া তমোপ্ৰধান সৃষ্টি। পতিত-পাৱন পিতাৰ অবিহনে কোনেও
জীৱনমুক্তি পাব নোৱাৰে। সকলোৱে গংগা স্নান কৰিবলৈ যায় তেন্তে পতিত নহ’ল জানো। মইতো
নকওঁ যে গংগা স্নান কৰা। মইতো কওঁ মামেকম্ (কেৱল মোক) স্মৰণ কৰা। মই তোমালোক সকলো
প্ৰেমিকাৰ প্ৰেমিক হওঁ। সকলোৱে এজন প্ৰেমিকক স্মৰণ কৰে। ৰচনাৰ স্ৰষ্টা এজন পিতাই হয়।
তেওঁ কয় - দেহী-অভিমানী হৈ মোক স্মৰণ কৰা তেতিয়া এই যোগ অগ্নিৰে বিকৰ্ম বিনাশ হ'ব।
এই যোগ পিতাই এতিয়াহে শিকায় যেতিয়া পুৰণি সৃষ্টি সলনি হৈ আছে। বিনাশ সমাগত। এতিয়া
আমি দেৱতা হৈ আছোঁ। পিতাই কিমান সহজকৈ বুজায়। পিতাৰ সন্মুখত যদিও শুনে কিন্তু একৰস
হৈ নুশুনে। বুদ্ধি অন্য ফালে দৌৰি থাকে। ভক্তিতো এনেকুৱা হয়। গোটেই দিন নষ্ট হৈ যায়
বাকী যিখিনি সময় নিৰ্দিষ্ট কৰি থয়, তেতিয়াও বুদ্ধি ক'ত ক'ত গুচি যায়। সকলোৰে এনেকুৱা
অৱস্থা হয় চাগৈ। মায়া আছে নহয়!
কোনো কোনো সন্তান
পিতাৰ সন্মুখত বহি ধ্যানত গুচি যায়, এয়াও সময় নষ্ট নহ'ল জানো। উপাৰ্জনতো নহ'ল।
পিতাইতো কয় - স্মৃতিত থাকা, যাৰ দ্বাৰা বিকৰ্ম বিনাশ হয়। ধ্যানত গ'লে বুদ্ধিত পিতাৰ
স্মৃতি নাথাকে। এই কথাবোৰত বহুত খেলিমেলি আছে। তোমালোকেতো চকু মুদিবও নালাগে।
স্মৃতিত বহিব লাগে। চকু মেলি বহিবলৈ ভয় কৰিব নালাগে। চকু মেলি থাকিব লাগে। বুদ্ধিত
প্ৰিয়তমৰ স্মৃতি থাকিব লাগে। চকু মুদি বহাতো নিয়ম নহয়। পিতাই কয় - স্মৃতিত বহা।
এনেকৈতো নকয় যে চকু মুদি বহা। চকু মুদি, কান্ধ তললৈ কৰি (হাউলি) বহিলে বাবাই কেনেকৈ
দেখিব। চকু কেতিয়াও বন্ধ কৰিব নালাগে। যদি চকু বন্ধ হৈ যায় তেন্তে নিশ্চয় কিবা
খেলিমেলি আছে, অন্য কাৰোবাক স্মৰণ কৰি থাকে। পিতাইতো কয় - তোমালোকে অন্য
মিত্ৰ-সম্বন্ধীয়ক যদি স্মৰণ কৰা তেন্তে সঁচা প্রেমিক নহ’লা। সঁচা প্ৰেমিক হ'লেহে
উচ্চ পদ পাবা। সকলো পৰিশ্ৰম স্মৃতিত থকাৰ ক্ষেত্ৰতেই। দেহ-অভিমানত আহিলে পিতাক পাহৰি
যায়, তেতিয়া ঠেকা-খুন্দা খাই থাকে আৰু বহুত মধুৰো হোৱা উচিত। বাতাৱৰণো মধুৰ হোৱা
উচিত, কোনো আৱাজ যাতে নহয়। কোনোবা আহিলে তেতিয়া যাতে দেখা পায় - কিমান মধুৰতাৰে কথা
কয়। বহুত শান্ত হোৱা উচিত। কোনো কাজিয়া-পেচাল কৰিব নালাগে। নহ'লে পিতা, শিক্ষক, গুৰু
তিনিওজনৰে নিন্দা কৰা হ'ব। তেনে সন্তানে আকৌ পদো বহুত কম পাব। সন্তানসকলে এতিয়া
বোধশক্তিতো পাইছে। পিতাই কয় - মই তোমালোকক উচ্চ পদ পাবৰ কাৰণে পঢ়াওঁ। পঢ়ি আকৌ অন্যকো
পঢ়াব লাগে। নিজেও বুজিব পাৰে, মইতো কাকো নুশুনাওঁ তেন্তে কি পদ পাম! প্ৰজা তৈয়াৰ
নকৰিলে তেন্তে কি হ'বাগৈ! যোগ নাই, জ্ঞান নাই তেন্তে নিশ্চয় পঢ়াসকলৰ আগত গৈ মূৰ
দোৱাব লাগিব। নিজকে চাব লাগে যদি এই সময়ত অকৃতকাৰ্য হওঁ, কম পদ পাওঁ তেন্তে
কল্প-কল্পান্তৰলৈ পদ কম হৈ যাব। পিতাৰ কাম হৈছে বুজোৱা, নুবুজিলে নিজৰ পদ ভ্ৰষ্ট
কৰিবা। কেনেকৈ কাৰোবাক বুজাব লাগে - সেয়াও পিতাই বুজাই থাকে। যিমানে কমকৈ আৰু
মৃদুভাৱে ক’বা সিমানে ভাল। বাবাই সেৱা কৰাসকলৰ গুণগানো কৰে নহয়। বহুত ভাল সেৱা কৰিলে
তেতিয়া বাবাৰ অন্তৰত অধিষ্ঠিত হয়। সেৱাৰ দ্বাৰাহে অন্তৰত অধিষ্ঠিত হ’বা নহয়।
স্মৃতিৰ যাত্ৰাততো নিশ্চয় থকা উচিত তেতিয়াহে সতোপ্ৰধান হ'বাগৈ। শাস্তি বেছিকৈ খালে
পদ কম হৈ যাব। পাপ ভস্ম নহ’লে তেতিয়া শাস্তি বহুত খাবলগীয়া হয়, পদো কম হৈ যায়।
তাকেই লোকচান বুলি কয়। এয়াও বেপাৰ নহয় জানো। লোকচানত যাব নালাগে। দৈৱীগুণ ধাৰণ কৰা।
উচ্চ হ’ব লাগে। পিতাই উন্নতিৰ কাৰণে নানা ধৰণৰ কথা শুনায়, এতিয়া যিয়ে কৰিব তেৱেঁ
পাব। তোমালোক পৰিস্তানী (পৰীৰ দেশৰ) হ’ব লাগে, গুণো এনেকুৱা ধাৰণ কৰিব লাগে। ভাল
বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) যিকোনো
লোকৰ সৈতে বহুত নম্ৰতা আৰু ধৈৰ্য সহকাৰে বাৰ্তালাপ কৰিব লাগে। বাৰ্তালাপ অতি মধুৰ
হ’ব লাগে। শান্তিৰ বাতাৱৰণ হ’ব লাগে। যাতে কোনো আৱাজ নহয় তেতিয়া সেৱাত সফলতা
প্ৰাপ্ত হ’ব।
(2) সঁচা প্ৰেমিকা হৈ
এজন প্ৰেমিকক স্মৰণ কৰিব লাগে। স্মৰণ কৰোতে কেতিয়াও চকু মুদি, কান্ধ তললৈ কৰি (হাউলি)
বহিব নালাগে। দেহী-অভিমানী হৈ থাকিব লাগে।
বৰদান:
সৰ্ব সম্পদ
নিজৰ প্ৰতি আৰু অন্যৰ প্ৰতি ব্যৱহাৰ কৰোঁতা অখণ্ড মহাদানী হোৱা
যেনেকৈ পিতাৰ ভঁৰাল
সদায় চলি থাকে, নিতৌ দিয়ে তেনেকৈ তোমালোকৰো অখণ্ড দান যাতে চলি থাকে কিয়নো তোমালোকৰ
জ্ঞানৰ, শক্তিৰ, আনন্দৰ ভৰপূৰ ভঁৰাল আছে। এয়া লগত ৰখাত বা ব্যৱহাৰ কৰাত কোনো বিপদ
নাই। এই ভঁৰাল খোলা থাকিলে চোৰ নাহে। বন্ধ কৰি ৰাখিলে চোৰ আহি যাব। সেয়েহে নিতৌ
নিজৰ প্ৰাপ্ত সম্পদসমূহক চোৱা আৰু নিজৰ প্ৰতি আৰু অন্যৰ প্ৰতি ব্যৱহাৰ কৰা তেতিয়া
অখণ্ড মহাদানী হৈ যাবা।
স্লোগান:
শুনাখিনি মনন কৰা, মনন কৰিলেহে শক্তিশালী হ’বা।
সংযুক্ত ৰূপৰ স্মৃতিৰে
সদায় বিজয়ী হ’বলৈ আজিৰ অব্যক্ত সংকেত:
সেৱা আৰু স্থিতি, পিতা
আৰু মই, এয়া সংযুক্ত স্থিতি, সংযুক্ত সেৱা কৰা তেতিয়া সদায় ফৰিস্তা স্বৰূপৰ অনুভৱ
কৰিবা। সদায় পিতাৰ লগত আছা আৰু সংগীও হয় – এইটো দ্বৈত অনুভৱ হওঁক। পিতাৰ প্ৰতি নিজৰ
স্নেহত সান্নিধ্যৰ অনুভৱ কৰা আৰু সেৱাত সদায় সংগীৰ অনুভৱ কৰা।