07.05.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোক হৈছা ব্ৰহ্মা মুখ বংশাৱলী ব্ৰাহ্মণ, তোমালোকেহে পিতাৰ দ্বাৰা জ্ঞানৰ তৃতীয়
নেত্ৰ পাইছা, তোমালোক এতিয়া ঈশ্বৰীয় কোলাত আছা”
প্ৰশ্ন:
অদ্বৈত ৰাজ্য,
য'ত অন্য কোনো ধৰ্ম নাই, সেই ৰাজ্য স্থাপনাৰ আধাৰ কি?
উত্তৰ:
যোগবল। বাহুবলেৰে কেতিয়াও অদ্বৈত ৰাজ্যৰ স্থাপনা হ'ব নোৱাৰে। আচলতে খ্ৰীষ্টিয়ানসকলৰ
ইমান শক্তি আছে যে যদিহে পৰস্পৰ মিলি যায় তেন্তে গোটেই বিশ্বত ৰাজ্য কৰিব পাৰে,
কিন্তু এয়া বিধিয়ে নকয়। বিশ্বত এক ৰাজ্যৰ স্থাপনা কৰাটো পিতাৰহে কাম।
গীত:
ছোড় ভি দে
আকাশ সিংহাসন..… (আকাশ সিংহাসন এৰি দিয়া…..)
ওঁম্শান্তি।
সন্তানসকলক
‘ওঁম্ শান্তি’ৰ অৰ্থতো বহুবাৰ বুজাইছোঁ। ‘ওঁম্’ অৰ্থাৎ মই কোন? মই আত্মা। এই শৰীৰ
মোৰ ইন্দ্ৰিয়। মই আত্মা পৰমধামৰ নিবাসী। ভাৰতবাসীয়ে আহ্বান জনায় হে দূৰৈৰ দেশৰ
নিবাসী আহক কিয়নো ভাৰতত এতিয়া বহুত ধৰ্ম গ্লানি, দুখ হৈ গৈছে। আপুনি পুনৰ আহি গীতাৰ
উপদেশ শুনাওঁক। গীতাৰ কাৰণেই কয় - শিৱবাবা আহক কিয়নো তেওঁ সকলোৰে পিতা। তেওঁ কয়
ভাৰতবাসীৰ ওপৰত পুনৰ ছায়া পৰিছে, মায়া ৰূপী ৰাৱণৰ, সেইবাবে সকলো দুখী পতিত। আহ্বান
জনায় - ৰূপ সলনি কৰি আহক অৰ্থাৎ মনুষ্যৰ ৰূপত আহক। গতিকে মই মনুষ্য ৰূপত আহোঁ। মোৰ
অৱতৰণ দিব্য অলৌকিক। মই গৰ্ভত নাহোঁ, মই আহোঁৱেই সাধাৰণ বৃদ্ধ শৰীৰত।
তোমালোক সন্তানসকলে
জানা - মই কল্পই কল্পই নিজৰ নিৰাকাৰী ৰূপ সলনি কৰি আহোঁ। জ্ঞানৰ সাগৰতো পৰমপিতা
পৰমাত্মাই হয়। শ্ৰীকৃষ্ণক কেতিয়াও এনেকৈ কোৱা নহ’ব। পিতাই কয় - মই সাধাৰণ শৰীৰত আহি
তোমালোকক পুনৰ সহজ ৰাজযোগ শিকাই আছোঁ। সৃষ্টি যেতিয়া পতিত হৈ যায় তেতিয়া মই
আহিবলগীয়া হয়। কলিযুগৰ পৰা সত্যযুগ কৰি তুলিবলৈ মই আহোঁ। ব্ৰহ্মা, বিষ্ণু, শঙ্কৰৰ
চিত্ৰও আছে। ব্ৰহ্মাৰ দ্বাৰা স্থাপনা, শঙ্কৰৰ দ্বাৰা বিনাশ আৰু বিষ্ণুৰ দ্বাৰা
প্ৰতিপালন। এই লক্ষ্মী-নাৰায়ণ, বিষ্ণুৰ দুটি ৰূপ। এয়া তোমালোক সন্তানসকলে জানা।
বাবাই পুনৰ ৰূপ সলনি কৰি আহিছে। তেওঁ আমাৰ পৰম পিতাও, পৰম শিক্ষকো, পৰম গুৰুও হয়
অন্য গুৰুসকলক পৰম বুলি কোৱা নহয়। এওঁতো পিতা, শিক্ষক, গুৰু তিনিওজনেই হয়। লৌকিক
পিতাইতো সন্তানৰ প্ৰতিপালন কৰি আকৌ স্কুললৈ পঠিয়াই দিয়ে। কোনোবা বিৰলজনহে পিতাৰ লগতে
শিক্ষকো হ’ব। এয়া কোনেও ক’ব নোৱাৰে। সকলো আত্মাই মোক আহ্বান জনায়, ঈশ্বৰ পিতা বুলি
কয় গতিকে তেওঁ আত্মাৰ পিতা হৈ গ'ল নহয়। এই গীতটিও ভক্তিমাৰ্গৰ। সত্যযুগততো মায়া
নাথাকে, যাৰ বাবে আহ্বান জনাবলগীয়া হ’ব। তাততো সুখেই সুখ। তোমালোকে জানা 5 হাজাৰ
বছৰৰ চক্ৰ। আধাকল্প সত্যযুগ-ত্ৰেতা দিন, আধাকল্প দ্বাপৰ-কলিযুগ ৰাতি। তোমালোক
ব্ৰহ্মা মুখ বংশাৱলী ব্ৰাহ্মণ। ব্ৰহ্মাৰ অথবা তোমালোক ব্ৰাহ্মণসকলৰহে ৰাতি-দিন গায়ন
কৰা হয়। দিন আৰু ৰাতিৰ জ্ঞানো তোমালোক সন্তানসকলৰ আছে। লক্ষ্মী-নাৰায়ণৰ এই জ্ঞান
নাই। তোমালোক এতিয়া সংগমত আছা, জানা যে এতিয়া ভক্তিমাৰ্গ পূৰা হৈ, দিন উদয় হয়। এই
জ্ঞান তোমালোকে এতিয়া পিতাৰ দ্বাৰা পাইছা। কলিযুগ বা সত্যযুগত এই জ্ঞান কাৰো নাথাকে,
সেয়েহে গায়ন কৰা হয় - ব্ৰহ্মাৰ দিন, ব্ৰহ্মাৰ ৰাতি। তোমালোকে এতিয়া
সূৰ্য্যবংশী-চন্দ্ৰবংশী ৰাজ্য পাবৰ কাৰণে পুৰুষাৰ্থ কৰি আছা। পুনৰ আধাকল্পৰ পাছত
তোমালোকে ৰাজ্য হেৰুওৱা। এই জ্ঞান তোমালোক ব্ৰাহ্মণসকলৰ বাহিৰে অন্য কাৰো নাই।
তোমালোক দেৱতা হৈ যাবা তেতিয়া এই জ্ঞান নাথাকিব। এতিয়া হৈছে ৰাত্ৰি। শিৱৰাত্ৰিৰো
গায়ন কৰা হয়। শ্ৰীকৃষ্ণৰো ৰাত্ৰি বুলি কয় কিন্তু ইয়াৰ অৰ্থ বুজি নাপায়। শিৱৰ জয়ন্তী
অৰ্থাৎ শিৱৰ পুনৰ অৱতৰণ হয়। এনেকুৱা পিতাৰ দিৱস কমেও এমাহ পালন কৰিব লাগে। যিয়ে
গোটেই সৃষ্টিক পতিতৰ পৰা পাৱন কৰি তোলে, তেওঁৰ দিনটিত বন্ধ দিনো পালন নকৰে। পিতাই
কয় - মই সকলোৰে মুক্তিদাতা, মাৰ্গ-দৰ্শক হৈ সকলোকে লৈ যাওঁ।
তোমালোকে এতিয়া
ৰাজযোগ শিকিবলৈ পুৰুষাৰ্থ কৰা। পিতাই তোমালোকক জ্ঞানৰ তৃতীয় নেত্ৰ প্ৰদান কৰি আছে।
আত্মাৰ ৰূপ কি - এইটোও কোনেও নাজানে। পিতাই কয় - তোমালোক আত্মা আঙুলিৰ নিচিনাও
নোহোৱা নতুবা অখণ্ড জ্যোতিৰ নিচিনাও নোহোৱা। তোমালোকতো হৈছা তৰা, বিন্দুৰ নিচিনা।
ময়ো আত্মা বিন্দু, কিন্তু মই পুনৰ্জন্মত নাহোঁ। মোৰ মহিমাই ভিন্ন, মই পৰম হোৱাৰ
কাৰণে জন্ম-মৃত্যুৰ চক্ৰত নাহোঁ। তোমালোক আত্মাসকল শৰীৰত আহা। সেয়েহে 84 জন্ম লোৱা,
মই এই শৰীৰত প্ৰৱেশ কৰোঁ। এইটো লোণত লোৱা হৈছে। পিতাই বুজায় - তোমালোকো আত্মা।
কিন্তু তোমালোকে নিজক উপলব্ধি নকৰা যে মই আত্মা, আত্মাইহে পিতাক স্মৰণ কৰে। দুখত
সদায় স্মৰণ কৰে, হে ভগৱান, হে দয়াশীল বাবা দয়া কৰক। দয়া বিচৰা কিয়নো সেইজন পিতাহে
জ্ঞানপূৰ্ণ, আনন্দময়, পৱিত্ৰতাৰে পৰপূৰ্ণ। জ্ঞানতো পৰিপূৰ্ণ। জ্ঞানৰ সাগৰ হয়।
মনুষ্যক এই মহিমা দিব নোৱাৰে। গোটেই সৃষ্টিক পৰম আনন্দ প্ৰদান কৰা, এয়া পিতাৰহে কাম।
তেওঁ হৈছে ৰচয়িতা, বাকী সকলো ৰচনা। ৰচয়িতাই ৰচনা ৰচে। প্রথমে স্ত্ৰীক তুলি লয়, আকৌ
তেওঁৰ দ্বাৰা ৰচনা ৰচে, আকৌ তেওঁলোকৰ প্ৰতিপালনো কৰে, বিনাশ নকৰে। এই বেহদৰ পিতা আহি
স্থাপনা-প্ৰতিপালন-বিনাশ কৰায়। আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ প্ৰতিপালন কৰায়।
সত্যযুগৰ আদিত তৎক্ষণাৎ ৰাজধানী স্থাপন হৈ যায় অন্য ধৰ্মৰসকলেতো কেৱল নিজৰ নিজৰ
ধৰ্ম প্ৰতিষ্ঠা কৰে পাছত যেতিয়া লাখ, কোটিৰ হিচাপত বৃদ্ধি হৈ যায় তেতিয়া ৰাজত্ব হয়।
তোমালোকে এতিয়া ৰাজধানী স্থাপন কৰি আছা। যোগবলেৰে তোমালোকো গোটেই বিশ্বৰ মালিক হোৱা,
বাহুবলেৰে কেতিয়াও কোনেও বিশ্বত ৰাজত্ব কৰিব নোৱাৰে। বাবাই বুজাইছে,
খ্ৰীষ্টিয়ানসকলৰ ইমান শক্তি আছে যে তেওঁলোক যদি পৰস্পৰ মিলি যায় তেন্তে গোটেই
বিশ্বত ৰাজ্য কৰিব পাৰে। কিন্তু বাহুবলেৰে বিশ্বত ৰাজ্য লোৱা, এয়া বিধিয়ে নকয়।
ড্ৰামাত এইটো নিয়ম নাই যে বাহুবলীসকল বিশ্বৰ মালিক হ'ব।
পিতাই বুজায় - বিশ্বৰ
সাম্ৰাজ্য যোগবলেৰে মোৰ দ্বাৰাহে পাব পাৰে। তাত কোনো বিভাজন নাই। ধৰণী, আকাশ সকলো
তোমালোকৰ হ'ব। তোমালোকক কোনেও স্পৰ্শ কৰিব নোৱাৰে। তাক কোৱা হয় অদ্বৈত ৰাজ্য। ইয়াত
হৈছে অনেক ৰাজ্য। পিতাই বুজায় - 5 হাজাৰ বছৰৰ পাছত তোমালোক সন্তানসকলক এই ৰাজযোগ
শিকাওঁ। শ্ৰীকৃষ্ণৰ আত্মাই এতিয়া শিকি আছে। শ্ৰীকৃষ্ণ প্ৰথম নম্বৰৰ ৰাজকুমাৰ আছিল।
এই সময়ত তেওঁ 84 জন্মৰ অন্তত আহি ব্ৰহ্মা হৈছে। এয়া সন্তানসকলক বুজোৱা হৈছে, সৃষ্টি
চক্ৰ কেনেকৈ ঘূৰে। পিতাই পুনৰ স্বৰ্গৰ স্থাপনা কৰি আছে। অনেক ধৰ্মৰ বিনাশ নিশ্চয়
হ’ব। এক ধৰ্মৰ প্ৰতিষ্ঠা হৈ যাব। ভাৰতেই 100 শতাংশ চহকী, ধৰ্ম শ্ৰেষ্ঠ আছিল।
দেৱতাসকলৰ কর্মও শ্ৰেষ্ঠ আছিল। তেওঁলোকৰে মহিমা গোৱা হৈছে - সৰ্বগুণ সম্পন্ন……
প্ৰথমতে পৱিত্ৰ আছিল, এতিয়া পতিত হৈছে পুনৰ পিতা আহি স্ত্ৰী-পুৰুষ দুয়োকে পৱিত্ৰ কৰি
তোলে। ৰক্ষা বন্ধনৰ উৎসৱ কিয় ইমান পালন কৰে - এয়া কোনেও নাজানে। পিতাহে আহি
প্ৰতিজ্ঞা কৰাইছিল যে অন্তিম জন্মত তোমালোক দুয়ো পৱিত্ৰ হৈ থাকা। সন্ন্যাসীসকলৰতো
ধৰ্মই বেলেগ। জ্ঞান, ভক্তি আৰু বৈৰাগ্য - এয়া তোমালোকৰ বাবে। তোমালোকে দেখিছা
নিশ্চয় –পাদুৰীসকলে (ধৰ্ম যাজকসকলে) খোজকাঢ়িলে দৃষ্টি এফালেই থাকে অন্য কোনো ফালে
নাচায়। ভিক্ষুণী থাকে নহয়। এতিয়া তেওঁলোকেতো যীশুখ্ৰীষ্টক স্মৰণ কৰে। এনেকৈ কয় যে
যীশুখ্ৰীষ্ট ঈশ্বৰৰ সন্তান আছিল। তোমালোকৰ কোনো শুভ্ৰ পোছাক আদিৰ লগত সম্বন্ধ নাই।
তোমালোকতো আত্মা। এজনৰ বাহিৰে কোনো নাই, এজনকে স্মৰণ কৰিব লাগে। সঁচা ভিক্ষুণীতো
তোমালোক হোৱা, তোমালোকে উত্তৰাধিকাৰ সেইজন বাবাৰ পৰা পোৱা, তেওঁক স্মৰণ কৰিলে
তেতিয়াহে বিকর্ম বিনাশ হ'ব সেয়েহে পিতাৰ আজ্ঞা – মামেকম্ (কেৱল মোক; পৰমাত্মাক)
স্মৰণ কৰা। আত্মাৰ নিশ্চয়তা নথকাৰ কাৰণে ভিক্ষুণীয়ে আকৌ যীশুখ্ৰীষ্টক স্মৰণ কৰে।
ঈশ্বৰ কোন - এইটো নাজানে। ভাৰতবাসী যি প্ৰথমতে আহে, তেওঁলোকেই নাজানে।
লক্ষ্মী-নাৰায়ণৰ জানো এই সৃষ্টিৰ জ্ঞান আছে, তেওঁলোক ত্ৰিকালদৰ্শীও নহয়।
ত্ৰিকালদৰ্শী তোমালোক ব্ৰাহ্মণ সন্তানসকল হোৱা। তোমালোকক কড়িৰ পৰা পৰিৱৰ্তন কৰি
হীৰাতুল্য পিতাই কৰি তোলে। তোমালোক এতিয়া ঈশ্বৰীয় কোলাত আছা। তোমালোকৰ এই অন্তিম
জন্ম বহুত অমূল্য। বিশেষকৈ ভাৰতৰ, সাধাৰণভাৱে গোটেই জগতৰ তোমালোকে আত্মিক সেৱা কৰা।
বাকীতো তেওঁলোকতো হৈছে পাৰ্থিৱ সমাজ সেৱক, তোমালোক হ'লা আত্মিক। তোমালোকক
শিকাওঁতাজন হৈছে পৰম আত্মা। প্ৰত্যেক আত্মাকে কোৱা - পিতাক স্মৰণ কৰা। পিতাকহে
পতিত-পাৱন বুলি গায়ন কৰা হয়। তোমালোকৰ অৱনমিত হ’বলৈ 84 জন্ম লাগে, আকৌ আৰোহণ কৰিবলৈ
এক চেকেণ্ড লাগে। এই মৃত্যুলোকত এইটো তোমালোকৰ অন্তিম জন্ম, মৃত্যুলোক মুৰ্দাবাদ,
অমৰলোক জিন্দাবাদ হ'ব। ইয়াকে অমৰ কথা বুলি কোৱা হয়। অমৰ বাবা আহি তোমালোক অমৰ
আত্মাসকলক অমৰ যুগলৈ লৈ যাবৰ বাবে অমৰ কথা শুনায়। পিতাই কয় - বাৰু যদি অন্য কথাবোৰ
পাহৰি যোৱা তেন্তে কেৱল নিজক আত্মা নিশ্চয় কৰি মোক এজন পিতাক স্মৰণ কৰা। বুদ্ধিৰ
যোগসূত্ৰ মোৰ সৈতে গঢ়ি তোলা তেতিয়া তোমালোকৰ পাপ ভস্ম হ'ব আৰু তোমালোক পুণ্য আত্মা
হৈ যাবা। তোমালোক মনুষ্যৰ পৰা দেৱতা হোৱা, এয়া কোনো নতুন কথা নহয়। 5 হাজাৰ বছৰৰ
পাছত পিতা আহি তোমালোকক উত্তৰাধিকাৰ দিয়ে, ৰাৱণে আকৌ অভিশাপ দিয়ে - এয়া হৈছে খেল।
ভাৰতৰে কাহিনী। এই কথাবোৰ পিতাইহে বুজায়, কোনো বেদ-শাস্ত্ৰ আদিত নাই সেয়েহে ঈশ্বৰ
পিতাকে জ্ঞানপূৰ্ণ, শান্তিপূৰ্ণ, আনন্দময় বুলি কোৱা হয়। তোমালোককো নিজৰ সমান কৰি
তোলে। তোমালোকো পূজ্য আছিলা আকৌ পূজাৰী হোৱা, নিজেই পূজ্য, নিজেই পূজাৰী। এয়া
ভগৱানৰ কাৰণে নহয়। তোমালোক ভাৰতবাসীৰ কথা, তোমালোকে প্ৰথমে কেৱল এজন শিৱৰ ভক্তি
কৰিছিলা। অব্যভিচাৰী ভক্তি কৰিলা আকৌ দেৱতাসকলৰ ভক্তি কৰিবলৈ আৰম্ভ কৰিলা, তাৰপাছত
অৱনমিত হৈ আহিলা। এতিয়া পুনৰাই তোমালোক দেৱী-দেৱতা হৈ আছা, যিসকলে অলপ পঢ়ে তেওঁলোক
প্ৰজাত গুচি যাব। যিসকলে ভালদৰে পঢ়ে আৰু আনকো পঢ়ায়, তেওঁলোকে ৰাজপদ পাব। প্ৰজাতো
অনেক হয়। এজন মহাৰজাৰ লাখ লাখ, কোটিৰ কোটিৰ হিচাপত প্ৰজা হ'ব। তোমালোকে পুৰুষাৰ্থ
কৰাই কল্প পূৰ্বৰ দৰে। পুৰুষাৰ্থৰ পৰা গম পোৱা যায় যে কোন কোন মালাত আহিব। প্ৰজাৰ
ভিতৰতো কোনোবা গৰিব, কোনোবা চহকী হয়। ভক্তিমাৰ্গত ঈশ্বৰৰ অৰ্থে দান কৰে। কিয় ঈশ্বৰৰ
ওচৰত নাই নেকি? নতুবা কয়, কৃষ্ণ অৰ্পণম্। কিন্তু বাস্তৱত হয় ঈশ্বৰ অৰ্পণম্, মনুষ্যই
যি কিছু কৰে তাৰ ফল পৰৱৰ্তী জন্মত পায়। এটা জন্মৰ কাৰণে পাই যায়। এতিয়া পিতাই কয় -
মই আহিছোঁ, তোমালোকক 21 জন্মৰ উত্তৰাধিকাৰ দিবলৈ। মোৰ অৰ্থে পোনপটীয়াকৈ যিয়েই কৰা
21 জন্মৰ কাৰণে তাৰ প্ৰাপ্তি তোমালোকৰ হৈ যায়। আওপকীয়াকৈ কৰিলে তেতিয়া এটা জন্মৰ
কাৰণে অল্পকালৰ সুখ পোৱা যায়। পিতাই বুজায় এয়া তোমালোকৰ সকলো মাটিত মিলি যাব,
সেইকাৰণে ইয়াক সফল কৰি লোৱা। তোমালোকে এই আত্মিক চিকিৎসালয় তথা বিশ্ব বিদ্যালয়
স্থাপনা কৰি যোৱা, য’ৰ পৰা সকলো সৰ্বদা স্বাস্থ্যৱান, সৰ্বদা সম্পত্তিমান হ’ব, ইয়াৰ
দ্বাৰা বহুত উপাৰ্জন হয়। যোগৰ দ্বাৰা স্বাস্থ্য আৰু চক্ৰক জানিলে সম্পত্তি পোৱা যায়।
তেন্তে ঘৰে ঘৰে এনেকুৱা বিশ্ব বিদ্যালয় তথা চিকিৎসালয় খুলি যোৱা। ডাঙৰ ব্যক্তি হ’লে
ডাঙৰকৈ খোলা, য’ত বহুত আহিব পাৰে। ফলকত লিখি দিয়া। যেনেকৈ প্ৰাকৃতিক উপায়েৰে ৰোগ
উপশম কৰাসকলে লিখে। পিতাই গোটেই সৃষ্টিৰ প্ৰকৃতি সলনি কৰি পৱিত্ৰ কৰি তোলে। এই সময়ত
সকলো অপৱিত্ৰ। গোটেই সৃষ্টিক সৰ্বদা স্বাস্থ্যৱান, সৰ্বদা সম্পত্তিমান কৰি তোলোঁতা
পিতাই হয়, যিয়ে এতিয়া তোমালোক সন্তানসকলক পঢ়াই আছে। তোমালোক হৈছা অতি মৰমৰ
ল’ৰা-ছোৱালী। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজৰ এই
অমুল্য জীৱন আত্মিক সেৱাত নিয়োগ কৰিব লাগে। বিশেষকৈ ভাৰতৰ, সাধাৰণভাৱে গোটেই জগতৰ
সেৱা কৰিব লাগে।
(2) নিজৰ সকলো সফল
কৰিবৰ বাবে প্ৰত্যক্ষভাৱে ঈশ্বৰৰ অৰ্থে অৰ্পণ কৰিব লাগে। আত্মিক চিকিৎসালয় আৰু
বিশ্ব বিদ্যালয় খুলিব লাগে।
বৰদান:
একৰস স্থিতিৰে
অতীন্দ্ৰিয় সুখৰ অনুভূতি কৰোঁতা সকলো আকৰ্ষণৰ পৰা মুক্ত হোৱা
যেতিয়া ইন্দ্ৰিয়সমূহৰ
আকৰ্ষণ আৰু সম্বন্ধৰ আকৰ্ষণৰ পৰা মুক্ত হ’বা তেতিয়া অতীন্দ্ৰিয় সুখৰ অনুভূতি কৰিব
পাৰিবা। যিকোনো কৰ্মেন্দ্ৰিয়ৰ বশীভূত হ’লে যি ভিন্ন ভিন্ন আকৰ্ষণ হয় সেইবোৰে
অতীন্দ্ৰিয় সুখ বা আনন্দ প্ৰাপ্তিত বন্ধনৰ সৃষ্টি কৰে। কিন্তু যেতিয়া বুদ্ধি সকলো
আকৰ্ষণৰ পৰা মুক্ত হৈ এটা ঠিকনাত স্থায়ী হৈ যায়, অস্থিৰতা সমাপ্ত হৈ যায় তেতিয়া
একৰস অৱস্থা হোৱাৰ বাবে অতীন্দ্ৰিয় সুখৰ অনুভূতি হয়।
স্লোগান:
নিজৰ বুদ্ধিৰ যোগসূত্ৰ সদায় স্বচ্ছ কৰি ৰাখা তেতিয়া ইজনে সিজনৰ মনৰ ভাৱবোৰ জানি যাবা।
অব্যক্ত ইংগিত: সদায়
অচল, অটল আৰু একৰস স্থিতিৰ অনুভৱ কৰা
কোনো ধৰণৰ অস্থিৰতাতো
অচল হৈ থকাটোৱেই হৈছে শ্ৰেষ্ঠ ব্ৰাহ্মণ আত্মাৰ চিন। জগতখন অস্থিৰতাত থাকিলেও
তোমালোক শ্ৰেষ্ঠ আত্মাসকল কেতিয়াও অস্থিৰতাত আহিব নোৱাৰা। কিয়? কাৰণ তোমালোকে
ড্ৰামাৰ প্ৰতিটো দৃশ্যক জানা। জ্ঞানপূৰ্ণ আৰু শক্তিশালী আত্মাসকল সদায় স্বতঃ
অবিচলিত হৈ থাকে। গতিকে কেতিয়াও বায়ুমণ্ডললৈ ভয় নকৰিবা, সদায় নিৰ্ভয় হৈ থাকা।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]