07.06.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল তোমালোক পৰস্পৰ আত্মিক ভাই ভাই, তোমালোকৰ পৰস্পৰ বহুত মৰম-চেনেহ থকা উচিত, তোমালোক প্ৰেমেৰে ভৰপূৰ গঙ্গা হোৱা, কেতিয়াও কাজিয়া-পেচাল নকৰিবা

প্ৰশ্ন:
আত্মিক পিতাৰ কোনসকল সন্তান অতিকৈ মৰমৰ?

উত্তৰ:
1) যিসকলে শ্ৰীমতত গোটেই বিশ্বৰ কল্যাণ কৰি আছে, 2) যিসকল ফুল হৈছে, কেতিয়াও কাকো কাঁইট হৈ নিবিন্ধে (দুখ নিদিয়ে), পৰস্পৰ বৰ মিলা-প্ৰীতিৰে থাকে, কেতিয়াও বিতুষ্ট নহয় - এনেকুৱা সন্তানসকল পিতাৰ অতিকৈ মৰমৰ। যিসকল দেহ-অভিমানত আহি পৰস্পৰ কাজিয়া কৰে, অপ্ৰীতিকৰ হয়, তেওঁলোকে পিতাৰ সন্মান হানি কৰায়। তেওঁলোক হৈছে পিতাক নিন্দা কৰাওঁতা নিন্দুক।

ওঁম্শান্তি।
যেনেকৈ আত্মিক সন্তানসকলৰ এতিয়া আত্মিক পিতা অতি মৰমৰ, তেনেকৈ আত্মিক পিতাৰ আত্মিক সন্তানসকলো মৰমৰ কিয়নো শ্ৰীমতত গোটেই বিশ্বৰ কল্যাণ কৰি আছে, কল্যাণকাৰী সকলো মৰমৰ। তোমালোকো পৰস্পৰ ভাই ভাই, তেন্তে তোমালোকো নিশ্চয় ইজন-সিজনৰ মৰমৰ হবা। বাহিৰৰ সকলৰ প্ৰতি ইমান মৰম নাথাকিব, যিমান পিতাৰ সন্তানসকলৰ নিজৰ মাজত থাকিব। তোমালোকৰো নিজৰ মাজত বহুত মৰম-চেনেহ থকা উচিত। যদি ভাই ভাইৰ মাজত ইয়াতেই কাজিয়া-পেচাল লাগি থাকে বা মৰম-চেনেহ নাথাকে তেন্তে সেয়া ভাই নহয়। তোমালোকৰ পৰস্পৰ মৰম-চেনেহ থকা উচিত। পিতাৰো আত্মাসকলৰ প্ৰতি মৰম আছে নহয়। গতিকে আত্মাসকলৰো পৰস্পৰ বহুত মৰম থাকিব লাগে। সত্যযুগত সকলো আত্মা পৰস্পৰ অতি প্ৰিয় হয় কাৰণ শৰীৰৰ অভিমান নোহোৱা হৈ যায়। তোমালোক ভাইসকলে এজন পিতাৰ স্মৃতিৰে গোটেই বিশ্বৰ কল্যাণ কৰা, নিজৰো কল্যাণ কৰা গতিকে ভাইসকলৰো কল্যাণ কৰিব লাগে সেইবাবে পিতাই দেহ-অভিমানীৰ পৰা দেহী-অভিমানী কৰি আছে। সেই লৌকিক ভাইসকলেতো পৰস্পৰ ধনৰ বাবে, সম্পত্তিৰ অংশৰ বাবে কাজিয়া কৰে। ইয়াত কাজিয়া-পেচালৰ কথা নাই, প্ৰত্যেকেই পোনপটীয়াকৈ সংযোগ ৰাখিবলগীয়া হয়। এয়া হৈছে বেহদৰ কথা। যোগবলৰ দ্বাৰা পিতাৰ পৰা উত্তৰাধিকাৰ লব লাগে। লৌকিক পিতাৰ পৰা স্থূল উত্তৰাধিকাৰ পায়, এয়াতো হৈছে আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি আত্মিক উত্তৰাধিকাৰ। প্ৰত্যেকে পিতাৰ পৰা পোনপটীয়াকৈ উত্তৰাধিকাৰ লব লাগে। যিমানে ব্যক্তিগতভাৱে পিতাক স্মৰণ কৰিবা সিমানে উত্তৰাধিকাৰ পাবা। পিতাই যদি দেখা পায় যে নিজৰ মাজত কাজিয়া কৰিছা তেন্তে পিতাই কব - তোমালোক গৰাকী বিহীন নেকি? আত্মিক ভাইসকলে কাজিয়া কৰিব নালাগে। যদি ভাই ভাই হৈও পৰস্পৰ কাজিয়া-পেচাল কৰে, মৰম-চেনেহ নাথাকে, তেন্তে যেন ৰাৱণৰ হৈ যায়। সেই সকলো যেন আসুৰি সন্তান হৈ গল। তেতিয়া দৈৱী সন্তান আৰু আসুৰি সন্তানৰ মাজত যেন পাৰ্থক্যই নাথাকে কাৰণ দেহ-অভিমানী হৈ কাজিয়া কৰে। আত্মাই, আত্মাৰ সৈতে কাজিয়া নকৰে সেইবাবে পিতাই কয় হে অতি মৰমৰ সন্তানসকল, পৰস্পৰ অপ্ৰীতিকৰ নহবা। অপ্ৰীতিকৰ হয়, সেইবাবে বুজোৱা হয়। আকৌ পিতাই কব - এওঁতো দেহ-অভিমানী সন্তান, ৰাৱণৰ সন্তান, মোৰতো নহয়, কাৰণ পৰস্পৰ অপ্ৰীতিকৰ হৈ থাকে। তোমালোক 21 জন্ম ক্ষীৰখণ্ড হৈ (মিলা-প্ৰীতিৰে) থাকা। এতিয়া দেহী-অভিমানী হৈ থাকিব লাগে। যদি পৰস্পৰ মিলাপ্ৰীতি নাথাকে তেন্তে সেই সময়ৰ বাবে ৰাৱণ সম্প্ৰদায়ৰ বুলি বুজিব লাগে। পৰস্পৰ অপ্ৰীতিকৰ হলে পিতাৰ সন্মান হানি হব। যদিও ঈশ্বৰীয় সন্তান বুলি কোৱা হয় কিন্তু আসুৰি গুণ থাকিলে তেতিয়া যেন দেহ-অভিমানী হয়। দেহী-অভিমানীৰ ঈশ্বৰীয় গুণ থাকে। ইয়াত তোমালোকে ঈশ্বৰীয় গুণ ধাৰণ কৰিলে তেতিয়াহে পিতাই লগত লৈ যাব, আকৌ সেই সংস্কাৰেই লগত যাব। পিতাই জানে যে সন্তানসকলে দেহ-অভিমানত আহি অপ্ৰীতিকৰ হৈ থাকে। তেওঁলোকক ঈশ্বৰীয় সন্তান বুলি কব নোৱাৰি। নিজৰ কিমান লোকচান কৰে। মায়াৰ বশীভূত হৈ যায়। পৰস্পৰ মতভেদত আহি যায়। এনেয়েতো গোটেই জগতখনেই অপ্ৰীতিকৰ কিন্তু যদি ঈশ্বৰীয় সন্তানো অপ্ৰীতিকৰ হৈ যায় তেন্তে পাৰ্থক্য কি থাকিল? তেওঁলোকেতো পিতাৰ নিন্দা কৰায়। পিতাৰ নিন্দা কৰাওঁতা, অপ্ৰীতিকৰ হওঁতাই উচ্চ পদ পাব নোৱাৰে। তেওঁলোকক নাস্তিক বুলিও কব পাৰি। আস্তিক হওঁতা সন্তানে কেতিয়াও কাজিয়া কৰিব নোৱাৰে। তোমালোকে পৰস্পৰ কাজিয়া কৰিব নালাগে। মৰম-চেনেহেৰে থাকিবলৈ ইয়াতেই শিকিব লাগে, যাৰ ফলত আকৌ 21 জন্ম পৰস্পৰ মৰম-চেনেহ থাকিব। পিতাৰ সন্তান বুলি কৈ আকৌ ভাই ভাই নহলে তেন্তে তেওঁ আসুৰি সন্তান হব। পিতাই সন্তানসকলক বুজাবৰ বাবে মুৰুলী শুনায়। কিন্তু দেহ-অভিমানৰ বাবে তেওঁলোকে এয়া বুজি নাপায় যে বাবাই মোৰ বাবে কৈ আছে। মায়া অতি তীক্ষ্ণ। যেনেকৈ নিগনিয়ে কূটিলে গমেই পোৱা নাযায়। মায়ায়ো অতি মিঠা মিঠাকৈ ফুৱায় আৰু কূটিবলৈ আৰম্ভ কৰে। গমেই পোৱা নাযায়। নিজৰ মাজত বিতুষ্ট হোৱা আদি আসুৰি সম্প্ৰদায়ৰ কাম। বহুত সেৱাকেন্দ্ৰত অপ্ৰীতিকৰ হৈ থাকে। এতিয়া কোনো নিখুঁত হোৱা নাই, মায়াই প্ৰহাৰ কৰি থাকে। মায়াই এনেকৈ বিমুখ কৰাই দিয়ে যে গমেই পোৱা নাযায়। নিজৰ অন্তৰক সুধিব লাগে যে আমাৰ পৰস্পৰ প্ৰেম আছে নে নাই? প্ৰেমৰ সাগৰৰ সন্তান হোৱা তেন্তে প্ৰেমেৰে ভৰপূৰ গঙ্গা হব লাগে। কাজিয়া-পেচাল কৰা, বেয়া কথা কোৱা, তাতকৈ কথা নোকোৱাই ভাল। বেয়া কথা নুশুনিবা.। যদি কাৰোবাৰ ক্ৰোধৰ অংশ আছে, তেতিয়া সেই মৰম-চেনেহ নাথাকে সেয়েহে বাবাই কয় - নিতৌ নিজৰ খতিয়ান উলিওৱা, আসুৰি চাল-চলন যদি শুধৰণি নহয় তেন্তে ফলাফল কি হব? কি পদ পাবা? পিতাই বুজায় - একো সেৱা নকৰিলে তেতিয়া অৱস্থা কেনেকুৱা হৈ যাব? পদ কম হৈ যাব। সাক্ষাৎকাৰতো সকলোৰে হবই, তোমালোকৰো নিজৰ পঢ়াৰ সাক্ষাৎকাৰ হয়। সাক্ষাৎকাৰ হোৱাৰ পাছতহে তোমালোক স্থানান্তৰ হোৱা, স্থানান্তৰ হৈ তোমালোক নতুন সৃষ্টিলৈ আহি যাবা। অন্তিম সময়ত সকলো সাক্ষাৎকাৰ হ'ব, কোন কোন কেনেকুৱা নম্বৰ লৈ উত্তীৰ্ণ হল? তেতিয়া কন্দা-কটা কৰিব, শাস্তিও খাব, অনুতপ্ত হব- বাবাৰ কথা নুশুনিলা। বাবাইতো বাৰে বাৰে বুজাইছে যে কোনো ধৰণৰ আসুৰি গুণ থাকিব নালাগে। যাৰ দৈৱীগুণ আছে তেওঁলোকে এনেকুৱা নিজৰ সমান কৰি গঢ়ি তুলিব লাগে। পিতাক স্মৰণ কৰাতো বহুত সহজ অল্ফ আৰু বে, অল্ফ মানে পিতা বে মানে বাদশ্বাহী। গতিকে সন্তানসকলৰ নিচা থাকিব লাগে। যদি পৰস্পৰ অপ্ৰীতিকৰ হোৱা তেন্তে আকৌ ঈশ্বৰীয় সন্তান বুলি কেনেকৈ বুজিব। পিতাই বুজিব এওঁ আসুৰি সন্তান, মায়াই এওঁৰ নাকত ধৰি লৈছে। তেওঁ গমেই নাপায়, অৱস্থা একেবাৰে অস্থিৰ, পদো কম হৈ যাব। তোমালোক সন্তানসকলে তেওঁক মৰমেৰে শিকাবলৈ চেষ্টা কৰিব লাগে, প্ৰেমৰ দৃষ্টি ৰাখিব লাগে। পিতা প্ৰেমৰ সাগৰ গতিকে সন্তানসকলকো আকৰ্ষণ কৰে নহয়। গতিকে তোমালোকো প্ৰেমৰ সাগৰ হ'ব লাগে।

পিতাই সন্তানসকলক বহুত মৰমেৰে বুজায়, ভাল মত দিয়ে। ঈশ্বৰীয় মত পালে তোমালোক ফুল হৈ যোৱা। সকলো গুণ তোমালোকক দিয়ে। দেৱতাসকলৰ মৰম-চেনেহ থাকে নহয়। গতিকে সেইটো অৱস্থা তোমালোকে ইয়াতেই গঢ়িব লাগে। এই সময়ত তোমালোকৰ জ্ঞান আছে আকৌ দেৱতা হৈ গলে তেতিয়া জ্ঞান নাথাকিব। তাত দৈৱী মৰম-চেনেহহে থাকে। সেয়েহে সন্তানসকলে এতিয়া দৈৱীগুণো ধাৰণ কৰিব লাগে। এতিয়া তোমালোকে পূজ্য হবলৈ পুৰুষাৰ্থ কৰি আছা। এতিয়া সংগমত আছা। পিতাও ভাৰতলৈকে আহে, শিৱজয়ন্তী পালন কৰে। কিন্তু তেওঁ কোন, কেনেকৈ, কেতিয়া আহে, আহি কি কৰে? এয়া নাজানে। তোমালোক সন্তানসকলেও এতিয়া পুৰুষাৰ্থৰ ক্ৰম অনুসৰি জানা, যিসকলে নাজানে তেওঁলোকে কাকো বুজাবও নোৱাৰে তেতিয়া পদ কম হৈ যায়। স্কুলত পঢ়াসকলৰ মাজত কিছুমানৰ চাল-চলন বহুত বেয়া হয় আৰু কিছুমানৰ চাল-চলন সদায় ভাল হৈ থাকে। কোনোবা উপস্থিত থাকে, কোনোবা অনুপস্থিত থাকে। ইয়াত উপস্থিত থকা বুলি তেওঁক কোৱা হয় যিয়ে সদায় পিতাক স্মৰণ কৰে, স্বদৰ্শন চক্ৰ ঘূৰাই থাকে। পিতাই কয় উঠোঁতে-বহোঁতে তোমালোকে নিজক স্বদৰ্শন চক্ৰধাৰী বুলি বুজিব লাগে। পাহৰি যোৱা তেতিয়া অনুপস্থিত হৈ যোৱা, যেতিয়া সদায় উপস্থিত থাকিবা তেতিয়া উচ্চ পদ পাবা, পাহৰি গলে কম পদ পাবা। পিতাই জানে এতিয়া সময় আছে। উচ্চ পদ পাবলগীয়াসকলৰ বুদ্ধিত এই চক্ৰ ঘূৰি থাকিব। এনেকৈ কোৱা হয় - শিৱবাবাৰ স্মৃতি থাকক, মুখত জ্ঞান অমৃত হওঁক তেতিয়া প্ৰাণ দেহৰ পৰা ওলাওঁক। যদি কিবা বস্তুৰ প্ৰতি আসক্তি থাকে তেন্তে অন্তিম সময়ত সেয়াই স্মৃতিলৈ আহিব। খোৱাৰ লোভ থাকিলে তেতিয়া মৃত্যুৰ সময়ত সেই বস্তুটোৱে স্মৃতিলৈ আহি থাকিব, এইটো খাওঁ। তেতিয়া পদ ভ্ৰষ্ট হৈ যাব। পিতাইতো কয় - স্বদৰ্শন চক্ৰধাৰী হৈ মৃত্যুবৰণ কৰা, অন্য একোৱে যাতে স্মৃতিলৈ নাহে। কোনো সম্বন্ধ অবিহনে যেনেকৈ আত্মা আহিছে, তেনেকৈয়ে যাব লাগে। লোভো কোনো কম নহয়। লোভ থাকিলে অন্তিম সময়ত সেয়াই স্মৃতিলৈ আহি থাকিব, প্ৰাপ্তি নহলে সেইটো আশাতে মৃত্যু হৈ যাব সেই কাৰণে তোমালোক সন্তানসকলৰ লোভ আদিও থকা উচিত নহয়। পিতাই বহুত বুজায় কিন্তু বুজোঁতাজনেহে বুজি পায়। পিতাৰ স্মৃতিক একেবাৰে অন্তৰত লগাই লোৱা - বাবা, অহো বাবা। বাবা বাবা বুলি মুখেৰে কবও নালাগে। অজপাজপ (মুখেৰে একো উচ্চাৰণ নকৰাকৈ মনেৰে স্মৰণ কৰা) চলি থাকিব লাগে। পিতাৰ স্মৃতিত, কৰ্মাতীত অৱস্থাত এই দেহ ত্যাগ কৰিলে উচ্চ পদ পাব পাৰা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) প্ৰেমেৰে ভৰপূৰ গংগা হব লাগে। সকলোৰে প্ৰতি প্ৰেমৰ দৃষ্টি ৰাখিব লাগে। কেতিয়াও মুখেৰে ওলোটা কথা উচ্চাৰিত কৰিব নালাগে।

(2) কোনো বস্তুৰ প্ৰতি লোভ ৰাখিব নালাগে। স্বদৰ্শন চক্ৰধাৰী হৈ থাকিব লাগে। অভ্যাস কৰিব লাগে যাতে অন্তিম সময়ত কোনো বস্তু স্মৃতিলৈ নাহে।

বৰদান:
পুৰণি দেহ আৰু সৃষ্টিৰ সকলো আকৰ্ষণৰ পৰা সহজে আৰু সদায় দূৰৈত থাকোঁতা ৰাজঋষি হোৱা

ৰাজঋষি অৰ্থাৎ এফালে সৰ্ব প্ৰাপ্তিৰ অধিকাৰৰ নিচা আৰু আনফালে বেহদৰ বৈৰাগ্যৰ অলৌকিক নিচা। বৰ্তমান সময়ত এই দুয়োটা অভ্যাস বঢ়াই গৈ থাকা। বৈৰাগ্য মানে একাষৰীয়া হোৱা নহয় কিন্তু সৰ্ব প্ৰাপ্তি হোৱা সত্ত্বেও হদৰ (সীমিত) আকৰ্ষণে যাতে মন-বুদ্ধিক আকৰ্ষিত নকৰে। সংকল্প মাত্ৰও অধীনতা যাতে নাথাকে ইয়াকে ৰাজঋষি অৰ্থাৎ বেহদৰ বৈৰাগী বুলি কোৱা হয়। এই পুৰণি দেহ বা দেহৰ পুৰণি সৃষ্টি, ব্যক্ত ভাৱ, বৈভৱৰ বোধ এই সকলো আকৰ্ষণৰ পৰা সদায় আৰু সহজে দূৰৈত থাকোঁতা।

স্লোগান:
বিজ্ঞানৰ সাধনসমূহ ব্যৱহাৰ কৰা কিন্তু নিজৰ জীৱনৰ আধাৰ কৰি নলবা।


মাতেৰশ্বৰী জীৰ মধুৰ মহাবাক্য:

চোৱা, মনুষ্যই কয় যে কৌৰৱ আৰু পাণ্ডৱৰ পৰস্পৰ কুৰুক্ষেত্ৰত যুদ্ধ লাগিল, আকৌ দেখুৱায় যে পাণ্ডৱৰ সংগী নিৰ্দেশনা দিওঁতা আছিল শ্ৰীকৃষ্ণ, গতিকে যাৰ পক্ষত স্বয়ং প্ৰকৃতিপতি আছে তেওঁলোকৰতো বিজয় নিশ্চয় হব। চোৱা, সকলো কথা মিহলাই দিছে, এতিয়া প্ৰথমেতো এইটো কথা বুজা যে প্ৰকৃতিপতিতো হৈছে পৰম আত্মা, শ্ৰীকৃষ্ণতো হৈছে সত্যযুগৰ প্ৰথম দেৱতা। পাণ্ডৱৰ সাৰথিতো আছিল পৰমাত্মা। এতিয়া পৰমাত্মাই আমাক সন্তানসকলক কেতিয়াও হিংসা কৰিবলৈ শিকাব নোৱাৰে, আৰু পাণ্ডৱসকলেও হিংসাৰ যুদ্ধ কৰি স্বৰাজ্য লোৱা নাছিল। এই সৃষ্টিখন হৈছে কৰ্মক্ষেত্ৰ যত মনুষ্যই যেনেকুৱা কৰ্মৰ বীজ সিঁচে তেনেকুৱাই ভাল বা বেয়া ফল ভোগে। যিখন কৰ্মক্ষেত্ৰত পাণ্ডৱ অৰ্থাৎ ভাৰত মাতা শক্তিৰ অৱতাৰো মজুত আছে। পৰমাত্মা ভাৰত খণ্ডলৈকে আহে সেইবাবে ভাৰত খণ্ডক অবিনাশী বুলি কোৱা হয়। পৰমাত্মাৰ অৱতৰণ মুখ্যত ভাৰত খণ্ডত হৈছে কাৰণ অধৰ্মৰ বৃদ্ধিও ভাৰত খণ্ডৰ পৰা হৈছে। তাতেই পৰমাত্মাই যোগবলৰ দ্বাৰা কৌৰৱৰ ৰাজ্য শেষ কৰি পাণ্ডৱৰ ৰাজ্য স্থাপনা কৰিলে। গতিকে পৰমাত্মাই আদি সনাতন ধৰ্ম প্ৰতিষ্ঠা কৰিলে কিন্তু ভাৰতবাসীয়ে নিজৰ মহান পৱিত্ৰ ধৰ্ম আৰু শ্ৰেষ্ঠ কৰ্ম পাহৰি নিজক হিন্দু বুলি কয়। বেচেৰাসকলে নিজৰ ধৰ্মক নাজানি আনৰ ধৰ্মৰ লগত একত্ৰিত হৈ গৈছে। গতিকে এই বেহদৰ জ্ঞান, বেহদৰ মালিকে নিজেই শুনায়। এওঁলোকতো নিজৰ স্ব-ধৰ্মক পাহৰি হদত আৱদ্ধ হৈ গৈছে যাক অতি ধৰ্ম গ্লানি বুলি কোৱা হয় কিয়নো এয়া সকলো প্ৰকৃতিৰ ধৰ্ম, কিন্তু প্ৰথমে লাগে স্ব-ধৰ্ম, প্ৰত্যেকৰে স্ব-ধৰ্ম হৈছে যে মই আত্মা শান্ত-স্বৰূপ হওঁ আকৌ নিজৰ প্ৰকৃতিৰ ধৰ্ম হৈছে দেৱতা ধৰ্ম, এই 33 কোটি ভাৰতবাসী হৈছে দেৱতা। সেইবাবেতো পৰমাত্মাই কয় - অনেক দেহৰ ধৰ্ম ত্যাগ কৰা, সৰ্ব ধৰ্মানি পৰিত্যজ্.. এই হদৰ ধৰ্মবোৰত ইমান আন্দোলন হৈ গৈছে। গতিকে এতিয়া এই হদৰ ধৰ্মৰ পৰা ওলাই বেহদত যাব লাগে। সেই বেহদৰ পিতা সৰ্বশক্তিমান পৰমাত্মাৰ সৈতে যোগসূত্ৰ গঢ়িব লাগে, সৰ্বশক্তিমান হৈছে প্ৰকৃতিপতি হৈছে পৰমাত্মা, শ্ৰীকৃষ্ণ নহয়। গতিকে কল্প পূৰ্বেও যাৰ পক্ষত সাক্ষাৎ প্ৰকৃতিপতি পৰমাত্মা আছিল তেওঁলোকৰ বিজয়ৰ গায়ন কৰা হৈছে। বাৰু। ওঁম্‌ শান্তি।

কৰ্মযোগী হবলৈ আজিৰ অব্যক্ত সংকেত:

এতিয়া সহজ আৰু সৰ্বদা কৰ্মযোগী অৰ্থাৎ নিৰন্তৰ নেতিবাচক সংকল্প ৰহিত সমাধিত থাকোঁতা সহজ যোগী হোৱা। যিসকল সদায় কৰ্মযোগী হৈ থাকে তেওঁলোক সদাচাৰী হৈ থাকে। যেনেকৈ ধৰ্ম আৰু কৰ্ম দুয়োটা পৃথক কৰিব নোৱাৰি। যিকোনো কৰ্ম কৰি ধৰ্ম অৰ্থাৎ ধাৰণাও সম্পূৰ্ণ হওঁক। যেতিয়া কৰ্মত বহুত ব্যস্ত হৈ থাকা, তেতিয়া ধাৰণাও যাতে সিমানেই হয়। তুলাচনীৰ দুয়োফাল যাতে সমান হৈ থাকে তেতিয়া শ্ৰেষ্ঠ আৰু দিব্য বুদ্ধিমান, কৰ্মযোগী আত্মা বুলি কোৱা হব।