07.06.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোক এতিয়া পূজাৰীৰ পৰা পূজ্য হৈ আছা, পূজ্য পিতা তোমালোকক নিজৰ সমান পূজ্য কৰি
তুলিবলৈ আহিছে”
প্ৰশ্ন:
তোমালোক
সন্তানসকলৰ কোনটো দৃঢ় বিশ্বাস আছে?
উত্তৰ:
তোমালোকৰ দৃঢ় বিশ্বাস আছে যে আমি জীৱন্তে পিতাৰ পৰা সম্পূ্ৰ্ণ উত্তৰাধিকাৰ লৈহে
এৰিম। বাবাৰ স্মৃতিত এই পুৰণা শৰীৰ এৰি পিতাৰ লগত যামগৈ। বাবাই আমাক ঘৰৰ সহজ মাৰ্গ
দেখুৱাই আছে।
গীত:
ওঁম নমো শিৱায়ে.....
ওঁম্শান্তি।
ওঁম্ শান্তি।
‘ওঁম্ শান্তি’ বুলিতো বহুত মনুষ্যই কৈ থাকে। সন্তানসকলেও কয়, ওঁম্ শান্তি। ভিতৰত
যি আত্মা আছে – সেই আত্মাই কয় ওঁম্ শান্তি। কিন্তু আত্মাসকলেতো যথাৰ্থ ৰীতিৰে নিজক
নাজানেই আৰু পিতাকো নাজানে। যদিও আহ্বান জনায় কিন্তু পিতাই কয় - মই যি হওঁ, যেনেকুৱা
হওঁ যথাৰ্থ ৰীতিৰে মোক কোনেও নাজানে। এৱোঁ (ব্ৰহ্মায়ো) কয় - মই নিজক জনা নাছিলোঁ যে
মই কোন, ক’ৰ পৰা আহিছোঁ! আত্মাতো পুৰুষ হয় নহয়। সন্তান হয়। পিতা হৈছে পৰমাত্মা।
গতিকে আত্মাসকল পৰস্পৰ ভাই ভাই হৈ গ’ল। আকৌ শৰীৰত অহাৰ কাৰণে কাৰোবাক পুৰুষ কাৰোবাক
স্ত্ৰী বুলি কয়। কিন্তু যথাৰ্থতে আত্মা কি, এইটো কোনো মনুষ্য মাত্ৰেই নাজানে। এতিয়া
তোমালোক সন্তানসকলে এইটো জ্ঞান পোৱা যিটো আকৌ তোমালোকে লগত লৈ যোৱা। তাত এইটো জ্ঞান
থাকে, আমি আত্মা এই পুৰণা শৰীৰ এৰি অন্য এটা লওঁ। আত্মাৰ পৰিচয় লগত লৈ যায়। প্ৰথমেতো
আত্মাকো নাজানিছিলা। আমি কেতিয়াৰ পৰা ভূমিকা পালন কৰোঁ, একোৱে জনা নাছিলা।
এতিয়ালৈকেও কোনো কোনোৱে নিজক সম্পূৰ্ণকৈ চিনি নাপায়। স্থূল ৰূপত জানে আৰু স্থূল
লিঙ্গ ৰূপকেই স্মৰণ কৰে। মই আত্মা বিন্দু হওঁ। পিতাও বিন্দু হয়, সেইটো ৰূপত স্মৰণ
কৰিব, এনেকুৱা বহুত কম আছে। বুদ্ধি ক্ৰমানুসৰি হয় নহয়। কোনোৱেতো ভালদৰে বুজি আনকো
বুজাবলৈ লাগি যায়। তোমালোকে বুজোৱা যে নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব লাগে।
তেৱেঁই পতিত-পাৱন হয়। প্ৰথমেতো মনুষ্যৰ আত্মাৰেই পৰিচয় নাই, গতিকে সেয়াও বুজাবলগীয়া
হয়। যেতিয়া নিজে আত্মা বুলি নিশ্চয় জন্মিব তেতিয়া পিতাকো জানিব পাৰিব। আত্মাকেই চিনি
নাপায় সেইকাৰণে পিতাকো সম্পূৰ্ণকৈ জানিব নোৱাৰে। এতিয়া তোমালোক সন্তানসকলে জানা আমি
আত্মা বিন্দু। ইমান সূক্ষ্ম আত্মাত 84 জন্মৰ ভূমিকা নিহিত হৈ আছে, এয়াও তোমালোকে
বুজাবলগীয়া হয়। নহ’লে কেৱল কয় যে জ্ঞান বহুত ভাল। ভগৱানক লগ পোৱাৰ বহুত ভাল মাৰ্গৰ
বিষয়ে শুনায়। কিন্তু মই কোন, পিতা কোন, এইটো নাজানে। কেৱল ভাল ভাল বুলি কৈ দিয়ে।
কোনোবাইতো আকৌ এনেকৈও কয় যে এওঁলোকেতো নাস্তিক কৰি দিয়ে। তোমালোকে জানা - জ্ঞানৰ
বোধ কাৰোৱেই নাই। তোমালোকে বুজোৱা - এতিয়া আমি পূজ্য হৈ আছোঁ। আমি কাৰো পূজা নকৰোঁ
কিয়নো যিজন সকলোৰে পূজ্য উচ্চতকৈও উচ্চ ভগৱান, তেওঁৰ আমি সন্তান। তেওঁ হয়েই পূজ্য
পিতাশ্ৰী। এতিয়া তোমালোক সন্তানসকলে জানা - পিতাশ্ৰীয়ে আমাক নিজৰ কৰি লৈ পঢ়াই আছে।
সকলোতকৈ উচ্চতকৈও উচ্চ পূজ্য এজনেই, তেওঁৰ বাহিৰে আন কোনেও পূজ্য কৰি তুলিব নোৱাৰে।
পূজাৰীয়ে নিশ্চয় পূজাৰী কৰিয়ে তুলিব। জগতত সকলোৱেই পূজাৰী। তোমালোকে এতিয়া পূজ্যক
পাইছা, যিয়ে নিজৰ সমান কৰি গঢ়ি আছে। তোমালোকক পূজা কৰাৰ পৰা মুক্ত কৰি দিছে। নিজৰ
লগত লৈ যায়। এইখন ছিঃ ছিঃ সৃষ্টি। এইখন হৈছেই মৃত্যুলোক। ভক্তি আৰম্ভই তেতিয়া হয়
যেতিয়া ৰাৱণৰাজ্য হয়। পূজ্যৰ পৰা পূজাৰী হৈ যায়। আকৌ পূজাৰীৰ পৰা পূজ্য কৰি তুলিবলৈ
পিতা আহিবলগীয়া হয়। এতিয়া তোমালোক পূজ্য দেৱতা হৈ আছা। আত্মাই শৰীৰৰ দ্বাৰা ভূমিকা
পালন কৰে। এতিয়া পিতাই আমাক পূজ্য দেৱতা কৰি গঢ়ি আছে, আত্মাক পৱিত্ৰ কৰি তুলিবৰ
কাৰণে। গতিকে তোমালোক সন্তানসকলক যুক্তি (উপায়) দিছে - পিতাক স্মৰণ কৰিলে তোমালোক
পূজাৰীৰ পৰা পূজ্য হৈ যাবাগৈ কিয়নো সেইজন পিতা হৈছে সকলোৰে পূজ্য। যিসকল আধাকল্পৰ
পূজাৰী, তেওঁলোক পুনৰ আধাকল্প পূজ্য হয়। এইটোও ড্ৰামাত ভূমিকা আছে। ড্ৰামাৰ আদি–মধ্য-অন্তক
কোনেও নাজানে। এতিয়া পিতাৰ দ্বাৰা তোমালোক সন্তানসকলে জানা আৰু আনকো বুজোৱা। প্ৰথম
প্ৰথম মুখ্য কথা এইটো বুজাব লাগে - নিজক আত্মা বিন্দু বুলি বুজক। আত্মাৰ পিতা সেইজন
নিৰাকাৰ, সেই জ্ঞানৱানজনেই আহি পঢ়ায়। সৃষ্টিৰ আদি–মধ্যৰ-অন্তৰ ৰহস্য বুজায়। পিতা
এবাৰে আহে। তেওঁক জানিবও এবাৰেই লাগে। আহেও এবাৰেই সংগমযুগত। তেওঁ আহি পুৰণি পতিত
সৃষ্টিক পাৱন কৰি তোলে। এতিয়া পিতা ড্ৰামাৰ পৰিকল্পনা অনুসৰি আহিছে। কোনো নতুন কথা
নহয়। কল্পই কল্পই এনেকৈয়ে আহোঁ। এক চেকেণ্ডো অগা-পিছা হ’ব নোৱাৰে। তোমালোক
সন্তানসকলৰ অন্তৰে মানি লয় যে বাবাই আমাক আত্মাসকলক সঁচা জ্ঞান দি আছে, পুনৰ কল্পৰ
পাছতো পিতা আহিব লাগে। পিতাৰ দ্বাৰা এই সময়ত যি জানিছা সেয়া পুনৰ কল্পৰ পাছত জানিবা।
এইটোও জানা যে এতিয়া পুৰণি সৃষ্টিৰ বিনাশ হ’ব আকৌ আমি সত্যযুগত আহি নিজৰ ভূমিকা
পালম কৰিম। সত্যযুগী স্বৰ্গবাসী হ’মগৈ। বুদ্ধিত এইটোতো স্মৃতি আছে নহয়। স্মৃতিত
থাকিলে আনন্দও থাকে। বিদ্যাৰ্থী জীৱন হয় নহয়। আমি স্বৰ্গবাসী হ’বলৈ পঢ়ি আছোঁ। এইটো
আনন্দ স্থায়ী হৈ থকা উচিত, যেতিয়ালৈকে অধ্যয়ন পূৰা নহয়। পিতাই বুজাই আছে যে অধ্যয়ন
তেতিয়াহে সম্পূৰ্ণ হ’ব যেতিয়া বিনাশৰ বাবে সামগ্ৰী তৈয়াৰ হ’ব। তেতিয়া তোমালোকে বুজি
পাই যাবা যে জুই নিশ্চয় লাগিব। প্ৰস্তুতিতো চলি থাকে নহয়। ইজন সিজনৰ প্ৰতি কিমান
উত্তেজিত হৈ থাকে। চাৰিওফালে ভিন্ন ভিন্ন প্ৰকাৰৰ সেনা আছে। সকলোৱে যুঁজিবৰ কাৰণে
সাজু হৈ থাকে। কিবা নহয় কিবা এনেকুৱা প্ৰতিবন্ধকতা আনে যে যুদ্ধ নিশ্চয় লাগিব। কল্প
পূৰ্বৰ দৰে বিনাশতো হ’বই। তোমালোক সন্তানসকলে দেখিবা। আগতেও সন্তানসকলে দেখিছা যে
জুইৰ ফিৰিঙতিৰ (সাধাৰণ কথাৰ পৰা) পৰা কিমান যুদ্ধ হৈছিল। ইজনে সিজনক ভীতিগ্ৰস্ত কৰি
থাকে যে এনেকুৱা নকৰিব নহ’লে আমি এই বোমা হাতত তুলি ল’বলগীয়া হ’ব। মৃত্যু যেতিয়া
সন্মুখত আহি যায় তেতিয়া তৈয়াৰ নকৰাকৈ থাকিব নোৱাৰে। পূৰ্বেও যুদ্ধ লাগিছিল তেতিয়াও
বোমা নিক্ষেপ কৰিছিল। নিয়তি (ড্ৰামা অনুসৰি হ’বলগীয়া) নহয় জানো। এতিয়াতো হাজাৰ
হাজাৰ বোমা আছে।
তোমালোক সন্তানসকলে
এইটো নিশ্চয় বুজাব লাগে যে এতিয়া সকলোকে উভতাই লৈ যাবলৈ পিতাৰ আগমন হৈছে। সকলোৱে
আহ্বান জনাই আছে, হে পতিত-পাৱন আহক। এই ছিঃ ছিঃ সৃষ্টিৰ পৰা আমাক পৱিত্ৰ সৃষ্টিলৈ
লৈ যাওঁক। তোমালোক সন্তানসকলে জানা যে পৱিত্ৰ সৃষ্টি হৈছে দুখন - মুক্তি (শান্তিধাম)
আৰু জীৱন মুক্তি (সুখধাম)। সকলো আত্মা পৱিত্ৰ হৈ মুক্তিধামলৈ গুচি যাব। এই দুখধাম
নাশ হৈ যাব, যিখনক মৃত্যুলোক বুলি কোৱা হয়। প্ৰথমে অমৰলোক আছিল, পুনৰ পৰিক্ৰমা লগাই
এতিয়া মৃত্যুলোকলৈ আহিলা। পুনৰ অমৰলোক স্থাপনা হয়। তাত কোনো অকাল মৃত্যু নহয়
সেইকাৰণে সেইখনক অমৰলোক বুলি কোৱা হয়। শাস্ত্ৰততো যদিও শব্দবোৰ উল্লেখ আছে, কিন্তু
যথাৰ্থ ৰীতিৰে কোনেও বুজি নাপায়। এইটোও তোমালোকে জানা যে এতিয়া বাবাৰ আগমন হৈছে।
মৃত্যুলোকৰ বিনাশ নিশ্চয় হ’ব। এইটো 100 এশ শতাংশই নিশ্চিত। পিতাই বুজাই আছে যে নিজ
আত্মাক যোগবলেৰে পৱিত্ৰ কৰি তোলা। মোক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হৈ যাব। কিন্তু
এইটোও সন্তানসকলে স্মৰণ কৰিব নোৱাৰে। পিতাৰ পৰা উত্তৰাধিকাৰ অথবা ৰাজ্য-ভাগ্য ল’বলৈ
পৰিশ্ৰমতো কৰিব লাগে নহয়। যিমান দূৰ সম্ভৱ স্মৃতিত থাকিব লাগে। নিজক চাব লাগে -
কিমান সময় মই স্মৃতিত থাকোঁ আৰু কিমানক স্মৃতি সোঁৱৰাই দিওঁ? মনমনাভৱ, ইয়াক মন্ত্ৰ
বুলিও ক’ব নোৱাৰি, এয়া হৈছে পিতাৰ স্মৃতি। দেহ-অভিমান ত্যাগ কৰিব লাগে। তোমালোক হৈছা
আত্মা, এয়া তোমালোকৰ ৰথ (শৰীৰ), ইয়াৰ দ্বাৰা তোমালোকে কিমান কৰ্ম কৰা। সত্যযুগত
তোমালোক দেৱী-দেৱতা হৈ কেনেকৈ ৰাজত্ব কৰা পুনৰ তোমালোকে সেয়াই অনুভৱ কৰিবা। সেই
সময়ততো বাস্তৱত আত্ম-অভিমানী হৈ থাকা। আত্মাই ক’ব - মোৰ এই শৰীৰ বৃদ্ধ হ’ল, এইটো এৰি
নতুন ল’ম। দুখৰ কথাই নাই। ইয়াততো শৰীৰ যাতে এৰিবলগীয়া নহয় তাৰ কাৰণেও কিমান ডাক্তৰৰ
দৰব আদিৰে প্ৰয়াস কৰে। তোমালোক সন্তানসকলে বেমাৰ আদিতো পুৰণা শৰীৰৰ প্ৰতি কেতিয়াও
বিৰক্ত হ’ব নালাগে কিয়নো তোমালোকে বুজি পোৱা যে এই শৰীৰতে জীয়াই থাকি পিতাৰ পৰা
উত্তৰাধিকাৰ ল’ব লাগে। শিৱবাবাৰ স্মৃতিৰেহে পৱিত্ৰ হৈ যাবা। এয়া হৈছে পৰিশ্ৰম।
কিন্তু প্ৰথমেতো আত্মাক জানিব লাগে। মুখ্যতঃ তোমালোকৰ হৈছেই স্মৃতিৰ যাত্ৰা।
স্মৃতিত থাকোঁতে থাকোঁতে আমি আকৌ মুললোকলৈ গুচি যাম। য’ৰ আমি নিবাসী, সেইখনেই আমাৰ
শান্তিধাম। শান্তিধাম, সুখধামক তোমালোকেহে জানা আৰু স্মৰণ কৰা। অন্য কোনেও নাজানে।
যিসকলে কল্প পূৰ্বে পিতাৰ পৰা উত্তৰাধিকাৰ লৈছিল, তেওঁলোকেই ল’ব।
মুখ্য হৈছে স্মৃতিৰ
যাত্ৰা। ভক্তিমাৰ্গৰ যাত্ৰা এতিয়া শেষ হ’ব। ভক্তিমাৰ্গেই নাশ হৈ যাব। ভক্তিমাৰ্গ
কি? যেতিয়া জ্ঞান পাব তেতিয়াহে বুজিব। এনেকৈ ভাবে যে ভক্তিৰে ভগৱানক পোৱা যাব।
ভক্তিৰ ফল কি দিব? একোৱেই নাজানে। তোমালোক সন্তানসকলে এতিয়া বুজি পোৱা যে পিতাই
সন্তানসকলক নিশ্চয় স্বৰ্গৰ বাদশ্বাহীৰেই উত্তৰাধিকাৰ দিব। সকলোকে উত্তৰাধিকাৰ দিছিল,
যথা ৰজা-ৰাণী তথা প্ৰজা সকলো স্বৰ্গবাসী আছিল। পিতাই কয় - 5000 বছৰ পূৰ্বেও
তোমালোকক স্বৰ্গবাসী কৰি তুলিছিলোঁ। এতিয়া পুনৰ তোমালোকক স্বৰ্গবাসী কৰি তোলোঁ।
পুনৰ তোমালোকে এনেকৈ 84 জন্ম ল’বা। বুদ্ধিত এইটো স্মৃতি থকা উচিত, পাহৰি যোৱা উচিত
নহয়। পিতাৰ সৃষ্টিৰ আদি–মধ্য-অন্তৰ যি জ্ঞান আছে সেয়া সন্তানসকলৰ বুদ্ধিতো নিগৰি
থাকে। আমি কেনেকৈ 84 জন্ম লওঁ, এতিয়া পুনৰ বাবাৰ পৰা উত্তৰাধিকাৰ লওঁ, অনেকবাৰ
পিতাৰ পৰা উত্তৰাধিকাৰ লৈছোঁ, পিতাই কয় - যেনেকৈ লৈছিলা পুনৰ লোৱা। পিতাইতো সকলোকে
পঢ়াই থাকে। দৈৱীগুণ ধাৰণ কৰিবলৈও সাৱধান কৰি থকা হয়। নিজক নিৰীক্ষণ কৰিবলৈ সাক্ষী
হৈ চোৱা উচিত যে মই কিমানলৈকে পুৰুষাৰ্থ কৰোঁ, কোনোবাই ভাবে যে মই বহুত ভাল
পুৰুষাৰ্থ কৰি আছোঁ। প্ৰদৰ্শনী আদিৰ ব্যৱস্থা কৰি থাকোঁ যাতে সকলোৱে গম পায় যে
ভগৱান পিতাৰ আগমন হৈছে। বেচেৰা মনুষ্য সকলো ঘোৰ নিদ্ৰাত শুই আছে। জ্ঞানৰ বিষয়ে
কোনেও গমেই নাপায় গতিকে নিশ্চয় ভক্তিক উচ্চ বুলিয়েই বুজিব। আগতে তোমালোকৰো কিবা
জ্ঞান আছিল জানো? এতিয়া তোমালোকে জানা, জ্ঞান সাগৰ পিতাই হয়, তেৱেঁই ভক্তিৰ ফল দিয়ে,
যিসকলে বেছিকৈ ভক্তি কৰিছে, তেওঁলোকে বেছি ফল প্ৰাপ্ত কৰিব। তেওঁলোকেই উচ্চ পদ পাবলৈ
ভালদৰে পঢ়ে। এইবোৰ কিমান মধুৰ কথা। বৃদ্ধা মাতৃসকলৰ বাবেও অতি সহজকৈ বুজায়। নিজক
আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। উচ্চতকৈও উচ্চ হৈছে ভগৱান শিৱ। শিৱ পৰমাত্মায়ে নমঃ
বুলি কোৱা হয়, তেওঁ কয় – মামেকম্ (কেৱল মোক) স্মৰণ কৰা তেতিয়া তোমালোকৰ বিকৰ্ম
বিনাশ হ’ব। বচ্। অন্য কোনো কষ্ট নিদিয়ে। আগলৈ গৈ শিৱবাবাকো স্মৰণ কৰিবলৈ লাগি যাব।
উত্তৰাধিকাৰতো ল’ব লাগে, জীৱন্তে পিতাৰ পৰা উত্তৰাধিকাৰ লৈহে এৰিম। শিৱবাবাৰ
স্মৃতিত শৰীৰ এৰি দিয়ে, তেতিয়া তেওঁ পুনৰ সংস্কাৰ লৈ যায়। স্বৰ্গত নিশ্চয় আহিব,
যিমান যোগ সিমান ফল প্ৰাপ্ত হ’ব। মূল কথা হৈছে – চলোঁতে-ফুৰোঁতে যিমান দূৰ সম্ভৱ
স্মৃতিত থাকিব লাগে। নিজৰ শিৰৰ বোজা আঁতৰাব লাগে, কেৱল স্মৃতিত থাকিব লাগে অন্য কোনো
কষ্ট পিতাই নিদিয়ে। তেওঁ জানে আধাকল্পৰ পৰা সন্তানসকলে কষ্ট দেখিছে সেইকাৰণে এতিয়া
আহিছোঁ, তোমালোকক উত্তৰাধিকাৰ ল’বৰ কাৰণে সহজ মাৰ্গ দেখুৱাবলৈ। পিতাক কেৱল স্মৰণ কৰা।
যদিও আগতেও স্মৰণ কৰিছিলা কিন্তু কোনো জ্ঞান নাছিল, এতিয়া পিতাই জ্ঞান দিছে যে এইটো
ৰীতিৰে মোক স্মৰণ কৰিলে তোমালোকৰ বিকৰ্ম বিনাশ হ’ব। যদিও শিৱৰ ভক্তি জগতত বহুতে কৰে,
বহুত স্মৰণ কৰে কিন্তু পৰিচয় নাই। এই সময়ত পিতা স্বয়ং আহি পৰিচয় দিয়ে যে মোক স্মৰণ
কৰা। এতিয়া তোমালোকে বুজি পোৱা যে আমি যথা ৰীতি জানোঁ। তোমালোকে ক’বা - আমি
বাপদাদাৰ ওচৰলৈ যাওঁ। পিতাই এই ভাগীৰথ (ব্ৰহ্মাৰ শৰীৰ) লৈছে, ভাগীৰথো প্ৰসিদ্ধ হয়,
এওঁৰ দ্বাৰা বহি জ্ঞান শুনায়। এইটোও ড্ৰামাত ভূমিকা আছে। কল্পই কল্পই এই ভাগ্যশালী
ৰথত আহে। তোমালোকে জানা যে এওঁ সেইজনেই যাক শ্যাম সুন্দৰ বুলি কয়। এইটোও তোমালোকে
বুজি পোৱা। মনুষ্যই আকৌ ‘অৰ্জুন’ নাম ৰাখি দিছে। এতিয়া পিতাই যথাৰ্থ ৰূপত বুজায় –
ব্ৰহ্মাৰ পৰা বিষ্ণু, বিষ্ণুৰ পৰা ব্ৰহ্মা কেনেকৈ হয়। সন্তানসকলৰ এতিয়া বোধ শক্তি
আছে যে আমি ব্ৰহ্মাপুৰীৰ হওঁ আকৌ বিষ্ণুপুৰীৰ হ’মগৈ। বিষ্ণুপুৰীৰ পৰা ব্ৰহ্মাপুৰীলৈ
আহিবলৈ 84 জন্ম লাগে। এইটোও অনেক বাৰ বুজাইছোঁ যিটো তোমালোকে পুনৰ শুনা। আত্মাক
এতিয়া পিতাই কয় – কেৱল মামেকম্ স্মৰণ কৰা তেতিয়া তোমালোকৰ বিকৰ্ম বিনাশ হ’ব
সেইকাৰণে তোমালোক আনন্দিতও হোৱা। এই এটা অন্তিম জন্ম পৱিত্ৰ হ’লে আমি পৱিত্ৰ
সৃষ্টিৰ মালিক হ’মগৈ। তেন্তে কিয়নো পৱিত্ৰ নহওঁ। আমি এজন পিতাৰ সন্তান ব্ৰহ্মাকুমাৰ
কুমাৰী হওঁ, তৎসত্ত্বেও সেই পাৰ্থিৱ (দৈহিক) বৃত্তি পৰিৱৰ্তন হ’বলৈ সময় লাগে। লাহে
লাহে শেষৰ ফালে কৰ্মাতীত অৱস্থা হ’বগৈ। এই সময়ত কাৰোবাৰ কৰ্মাতীত অৱস্থা হোৱা
অসম্ভৱ। কৰ্মাতীত অৱস্থা হৈ গ’লে তেতিয়াতো এই শৰীৰো নাথাকিব, ইয়াক এৰিব লাগিব।
যুদ্ধ আৰম্ভ হৈ যাব, এজন পিতাৰেই স্মৃতি থাকিব লাগে, ইয়াতেই পৰিশ্ৰম কৰিবলগীয়া হয়।
ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সাক্ষী হৈ
নিজক চাব লাগে যে মই কিমানলৈকে পুৰুষাৰ্থ কৰোঁ? চলোঁতে-ফুৰোঁতে, কৰ্ম কৰোঁতে কিমান
সময় পিতাৰ স্মৃতিত থাকোঁ?
(2) এই শৰীৰৰ প্ৰতি
কেতিয়াও বিতুষ্ট হ'ব নালাগে। এই শৰীৰতে জীয়াই থাকি পিতাৰ পৰা উত্তৰাধিকাৰ ল’ব লাগে।
স্বৰ্গবাসী হোৱাৰ বাবে এইটো জীৱনত পূৰা অধ্যয়ন কৰিব লাগে।
বৰদান:
ত্ৰিকালদৰ্শী
আৰু সাক্ষী দৃষ্টা হৈ প্ৰতিটো কৰ্ম কৰি বন্ধনমুক্ত স্থিতিৰ অনুভৱৰ দ্বাৰা দৃষ্টান্ত
ৰূপ হোৱা
যদি ত্ৰিকালদৰ্শী
স্থিতিত স্থিৰ হৈ, কৰ্মৰ আদি-মধ্য-অন্তক জানি কৰ্ম কৰা তেতিয়া কোনো কৰ্ম বিকৰ্ম হ’ব
নোৱাৰে, সদায় সুকৰ্ম হব। এনেকৈ সাক্ষী দৃষ্টা হৈ কৰ্ম কৰিলে কোনো কৰ্মৰ বন্ধনত
কৰ্মবন্ধযুক্ত আত্মা নোহোৱা। কৰ্মৰ ফল শ্ৰেষ্ঠ হোৱাৰ কাৰণে কৰ্ম সম্বন্ধত আহিবা,
বন্ধনত নহয়। কৰ্ম কৰি অনাসক্ত আৰু স্নেহী হৈ থাকিবা তেতিয়া অনেক আত্মাৰ সন্মুখত
দৃষ্টান্ত ৰূপ অৰ্থাৎ উদাহৰণ হৈ যাবা।
স্লোগান:
যি মনেৰে সদায় সন্তুষ্ট তেৱেঁই ‘ডবল লাইট’।
অব্যক্ত সংকেত:
আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা, অন্তৰ্মুখী হোৱা
যিকোনো সমৰ্থ সংকল্পই
আত্মিক শক্তি জমা কৰে, সময়ো সফল কৰে। ব্যৰ্থ সংকল্পই শক্তি আৰু সময় ব্যৰ্থত নষ্ট কৰে
সেই কাৰণে এতিয়া ব্যৰ্থ সংকল্পৰ ৰচনা বন্ধ কৰা। এই ৰচনাই আত্মা ৰচয়িতাক অশান্ত
কৰোঁতা হয় সেই কাৰণে সদায় এইটো সম্ভ্ৰমত থাকিবা যে মই আত্মা মাষ্টৰ সৰ্বশক্তিমান হওঁ,
সমৰ্থ আত্মা হওঁ তেতিয়া কেতিয়াও অশান্ত নোহোৱা আৰু অনেকৰ অশান্তি দূৰ কৰোঁতা হৈ যাবা।