07.06.26    Avyakt Bapdada     Assame Murli     31.03.2010     Om Shanti     Madhuban


“*“পূৰ্বজ আৰু পূজ্যৰ স্বমানত থাকি মনেৰে সকলোৰে প্ৰতিপালন কৰা, গোটেই বৃক্ষক শক্তিৰ কিৰণ দিয়া”*”


আজি বাপদাদাই নিজৰ চাৰিওফালৰ পূৰ্বজ আৰু পূজ্য আত্মাসকলক চাই আছেহঁক। পূৰ্বজ আত্মা বুলি নিজক ভাবা নহয়। পূৰ্বজ আত্মাসকলৰ নিবাস ক’ত? নিজৰ বৃক্ষ সন্মুখত আনা, তাত চোৱা তোমাৰ স্থান ক’ত? জানা যে তোমালোক পূৰ্বজসকলৰ স্থান মূল শিপাত আছে। বৃক্ষৰ শিপাতো আছে, কাণ্ডতো আছে। গতিকে শিপাৰ দ্বাৰাই গোটেই বৃক্ষই প্ৰতিপালন পায়। তেন্তে তোমালোক এই গোটেই বৃক্ষৰ ঠাল-ঠেঙুলি বা পাতৰ প্ৰতিপালন কৰোঁতা, শক্তিৰ কিৰণ দিওঁতা পূৰ্বজ হোৱা। পূৰ্বজৰ লগতে পূজ্যও হোৱা। কাণ্ডৰ দ্বাৰা শেষৰ পাতখিলাইও শক্তিৰ কিৰণ পায়। গতিকে নিজক গোটেই বৃক্ষক শক্তিৰ কিৰণ দিওঁতা বুলি অনুভৱ কৰানে? নিচা থাকেনে যে আমি পূৰ্বজ সকলো আত্মাৰূপী ঠাল-ঠেঙুলি বা পাতসমূহক শক্তিৰ কিৰণ দি আছোঁ! যেনেকৈ পিতা ব্ৰহ্মাক গ্ৰেট গ্ৰেট গ্ৰেণ্ড ফাদাৰ বুলি কোৱা হয়, তেনেকৈ তেওঁৰ সংগী সন্তানসকলো মাষ্টৰ গ্ৰেট গ্ৰেট গ্ৰেণ্ড ফাদাৰ হোৱা। গোটেই বৃক্ষৰ আত্মাসকলৰ আকৰ্ষণ তোমালোক পূৰ্বজ আত্মাসকলৰ প্ৰতি আছে। তোমালোক পূৰ্বজ আত্মাসকলে তেওঁলোকৰ প্ৰতিপালন শক্তিসমূহৰ দ্বাৰা কৰা। যেনেকৈ তোমালোক সকলো পূৰ্বজ আত্মাসকলৰ প্ৰতিপালন পিতাই কৰিলে, কেনেকৈ কৰিলে? শক্তিসমূহৰ দ্বাৰা। তেনেকৈ তোমালোকো পূৰ্বজ হোৱাৰ কাৰণে শক্তিসমূহৰ দ্বাৰা তেওঁলোকৰ প্ৰতিপালন কৰোঁতা হোৱা। আজিকালি দেখিছা যে সকলো আত্মা দুখী, নিজৰ নিজৰ দেৱী দেৱতাসকলক মিনতি কৰি আছে, আহা আমাক ৰক্ষা কৰা, আমাক শান্তি দিয়া, আমাক শক্তি দিয়া। হে ক্ষমাৰ সাগৰ পূৰ্বজ আমাক প্ৰতিপালন দিয়া। তেন্তে এই আৱাজ তোমালোক পূৰ্বজ আত্মাসকলৰ কাণত পৰিছেনে? অনুভৱ কৰানে যে আমিয়েই পূৰ্বজ হওঁ। গোটেই বৃক্ষত চোৱা অন্য ধৰ্মৰ আত্মাও আছে গতিকে বৃক্ষৰ ঠাল-ঠেঙুলি হোৱাৰ কাৰণে তেওঁলোকেও তোমালোকক সেই একে দৃষ্টিৰেই চায়। তেওঁলোকৰো পূৰ্বজ তোমালোকেই হোৱা। যিকোনো ধৰ্মাৱলম্বী আত্মাসকলক তোমালোকে যেতিয়া লগ পোৱা, তেতিয়া এইটো ভাবানে যে এৱোঁ আমাৰেই বৃক্ষৰ ঠাল-ঠেঙুলি! তেওঁলোকেও যেতিয়া তোমালোকক লগ পায় তেতিয়া বুজি পায় যে এওঁ আমাৰ আপোন! আপোনৰ অনুভৱ সেই আত্মাসকলৰো হৈ আছে আৰু হ’ব লাগে। তেন্তে ইমান নিচা, ইমান অন্তৰৰ পৰা তোমালোকৰ ওচৰত দয়া জন্মেনে? তেওঁলোকে চিঞৰি আছে দয়া কৰা… গতিকে এতিয়া সময় অনুসৰি তোমালোক সকলো পূৰ্বজ আত্মাসকলে মনৰ দ্বাৰা শক্তিসমূহেৰে প্ৰতিপালন কৰিব লাগে। তেওঁলোকৰ আৱশ্যকতা আছে। গতিকে যিমান তোমালোকে নিজৰ পূৰ্বজৰ নিচাত থাকিবা সিমানেই তোমালোকৰ দ্বাৰা তেওঁলোকৰ প্ৰতিপালন হ’ব। এনেও চোৱা কাৰোবাৰ প্ৰতিপালন লৌকিকতো ডাঙৰসকলৰ দ্বাৰা হয়। তেওঁলোকেই তেওঁলোকৰ শৰীৰৰ খোৱা-বোৱা, পঢ়া-শুনাৰ যি আয়ৰ উৎস, তাৰ প্ৰবন্ধ কৰে। গতিকে যেনেকৈ পিতাই তোমালোক সকলো সন্তানক ভিন্ন ভিন্ন শক্তিৰে প্ৰতিপালন কৰিছে তেনেকৈ এতিয়া তোমালোকৰ কৰ্তব্য হৈছে গোটেই বৃক্ষৰ ঠাল-ঠেঙুলি আৰু পাতসমূহৰ প্ৰতিপালন কৰা। এনেকুৱা উৎসাহ তোমালোক পূৰ্বজ আত্মাসকলৰ আহেনে? নিচা আছেনে? পূজ্যও হোৱা। চোৱা, গোটেই ড্ৰামাত যিমান তোমালোক আত্মাসকলৰ নিয়ম অনুসৰি পূজা হয় সিমান পূজা কোনো মহাত্মা, ধৰ্মপিতাৰ নহয়। তোমালোকৰ পূজা নিয়ম অনুসৰি আৰতি কৰা, ভোগ আগবঢ়োৱা, এনেকৈ কাৰো নহয়। গায়ন চোৱা তোমালোকৰ নিয়ম অনুসৰি কীৰ্তন হয়। কাৰো এনেকুৱা গায়ন নহয়। গতিকে তোমালোক পূৰ্বজৰ লগতে পূজ্যও হোৱা। ড্ৰামাত তোমালোকৰ নিচিনা পূজন আৰু গায়ন কাৰো নাই।

বাপদাদা এনেকুৱা তোমালোক পূজ্য আৰু পূৰ্বজ আত্মাসকলক দেখি কিমান আনন্দিত হয়। পিতাৰ অন্তৰত বাৰে বাৰে এইটো গীত বাজে বাঃ! মোৰ গোটেই বৃক্ষৰ পূৰ্বজ আৰু পূজ্য আত্মাসকল বাঃ! গতিকে আজিকালি বাপদাদাই তোমালোক সকলো সন্তানক যি তোমালোকৰ স্বমান, পিতাৰ সমান সম্পন্ন সম্পূৰ্ণ হোৱাৰ, সেইটো ৰূপ চাবলৈ বিচাৰে। তাৰ কাৰণে এটা কথা সন্তানসকলে ধ্যান ৰাখিব লাগে, বাপদাদাই দেখিছে যে সকলো সন্তানে পুৰুষাৰ্থ বহুত ভালো কৰে কিন্তু সদায় শব্দটি প্ৰত্যেকেই নিজৰ পুৰুষাৰ্থত সংযোজন কৰিব লাগে। মনোযোগ দিব লাগে। বাপদাদাই সন্তানসকলক সোধে যে যেনেকৈ বাপদাদাই তোমালোক সন্তানসকলক শ্ৰেষ্ঠ স্বমানধাৰী আত্মাৰ ৰূপত চায়, তেনেকৈ তোমালোকেও নিজক এনেকুৱা স্বমানধাৰী বুলি ভাবানে?

বাপদাদাই দেখিছে যে সন্তানসকলেও বিচাৰে যে আমিও এতিয়া নিজৰ ৰাজ্যলৈ যাওঁ। “এতিয়া ঘৰলৈ যাব লাগে”। এইটো গীতো মনত গাই থাকে – এতিয়া ঘৰলৈ যাব লাগে, এতিয়া ওভতনি যাত্ৰা কৰিব লাগে। ইয়াৰ কাৰণে বাপদাদাই আগতেই কৈছে যে গোটেই সময় নিজক কিবা নহয় কিবা সেৱাত ব্যস্ত কৰি ৰাখা। বাপদাদাই দেখিছে সেৱাৰ ৰুচি, সেৱাৰ উৎসাহ-উদ্দীপনা এতিয়াও সন্তানসকলৰ আছে। ভাল সেৱাৰ খবৰো বাপদাদাই শুনে। কিন্তু বাপদাদাই তীব্ৰগতিত আগবাঢ়িবলৈ সন্তানসকলক বিশেষ মনোযোগ আকৰ্ষণ কৰাই আছে যে কেৱল একমাত্ৰ বাণীৰ সেৱা নহয়, সেৱা কৰা তেতিয়া একে সময়তে তিনিটা সেৱা একেলগে কৰা – মনৰ দ্বাৰা শক্তিৰ কিৰণ দিয়া, বাণীৰ দ্বাৰা জ্ঞান দিয়া আৰু কৰ্ম অৰ্থাৎ নিজৰ সম্পৰ্কৰ দ্বাৰা, সম্বন্ধৰ দ্বাৰা, চেহেৰাৰ দ্বাৰা এনেকুৱা সেৱা কৰা যাতে তাৰো প্ৰভাৱ লগে লগে সেৱাত পৰে। একে সময়তে তিনিটা সেৱা একেলগে কৰা কিয়নো এতিয়া আত্মাসকলে সেৱাৰ ক্ষেত্ৰত বিচাৰে, কিবা বেলেগ হওক। কিবা সলনি হ’ব লাগে। তেন্তে একে সময়তে তিনিটা সেৱা কৰিব পাৰিবানে? কৰিব পাৰিবানে? পৰীক্ষা কৰানে যে যি সময়ত বাণীৰ সেৱা কৰা সেই সময়ত মনৰ দ্বাৰা কৰ্ম অৰ্থাৎ সম্পৰ্ক-সম্বন্ধৰ দ্বাৰাও সেৱা হৈ আছেনে! একেলগে হয়নে? যিসকলে ভাবা যে মই একে সময়তে তিনিটা সেৱা কৰোঁ, তেওঁলোকে হাত দাঙা। একে সময়তে তিনিটা সেৱা। গতিকে এতিয়া অনুগ্ৰহ কৰি মনোযোগ দিবা। কেতিয়াবা কেতিয়াবা নহয়। কি হয়? সেৱাতো কৰে কিন্তু সেৱাত একেলগে নিজৰ মাজত আৰু সঙ্গীসকলৰ মাজত সন্তুষ্টতা কিয়নো সেৱাৰ ফল হৈছে সন্তুষ্টতা বা আনন্দ। গতিকে পৰীক্ষা কৰা সেৱাতো কৰিলা কিন্তু আগতেও শুনাইছিলোঁ যে সেৱাৰ আনন্দ তেতিয়াহে হয় যেতিয়া স্বয়ং, সংগী আৰু বায়ুমণ্ডল সকলো সন্তুষ্টতাৰ প্ৰকম্পনত থাকে। সেৱাৰ সফলতাৰ তিনিটা বিশেষ কথা শুনাইছিলোঁ, স্মৃতিত আছে নিশ্চয়। প্ৰথম নম্বৰ সেৱা অৰ্থাৎ নিমিত্ত ভাৱ। দ্বিতীয়তে – নম্ৰ ভাৱ। তৃতীয়তে – নিৰ্মল বাণী। ভাৱ, ভাৱনা আৰু স্বভাৱ। এই সকলোবোৰ যদি একেলগে সেৱাত থাকে তেন্তে নিজেও সন্তুষ্ট আৰু সংগীও সন্তুষ্ট আৰু যাৰ সেৱা কৰা তেৱোঁ আগবাঢ়ি যাব। নিমিত্ত ভাৱ থকাসকলে পিতাৰ সৈতে সম্বন্ধ ৰাখিব। যদি নিমিত্ত ভাৱ নাই তেন্তে পিতাৰ ওচৰলৈ সিমান নাহিব। গতিকে যেতিয়াই সেৱা কৰা তেতিয়া এইটো পৰীক্ষা কৰা যে ভাৱ, ভাৱনা আৰু স্বভাৱ ঠিক আছিলনে? আৰু আজিকালি বাপদাদাই দেখিলে যে বাপদাদাৰ যিটো মূল কথা যে প্ৰত্যেকে লাগিলে য’তেই সেৱাৰ কাৰণে নোযোৱা, তেতিয়া এইটো পৰীক্ষা কৰা যে সঙ্গীসকল সন্তুষ্ট আছিলনে? কিয়নো সেৱাৰ সফলতা হৈছে – সন্তুষ্টতাৰ ফল প্ৰাপ্ত হোৱা। আনন্দ প্ৰাপ্ত হোৱা। লগে লগে এটা কথাত বাপদাদাই ইংগিত দিছে যে চলোঁতে ফুৰোঁতে, সংগঠনতো যেতিয়া থাকা, কাৰোবাৰ নহয় কাৰোবাৰ সংগ সেৱাত থাকেই, তেতিয়া ইজনে সিজনক আত্মাৰ ৰূপত চোৱা। আত্মাৰ ৰূপত চোৱাও, অভ্যাসো কৰা, কিন্তু যেতিয়া আত্মাক চোৱা তেতিয়া আত্মাৰ মূল সংস্কাৰেৰে চোৱানে? নে যি মিশ্ৰিত সংস্কাৰ আছে, সেইবোৰো দেখিবলৈ পোৱা? আত্মাক চোৱা, এই ক্ষেত্ৰত উত্তীৰ্ণ হোৱা, কিন্তু কি সংস্কাৰেৰে চোৱা? আত্মাৰ মূল সংস্কাৰেৰে সম্পৰ্কত আহানে? গতিকে পিতাই কয় যে আজিৰ পৰা যাকেই হওক প্ৰথমতে আত্মা ৰূপত চোৱা কিন্তু আত্মাৰ যি মূল সংস্কাৰ আছে সেই ৰূপত চোৱা। তেতিয়া কেতিয়াও পৰস্পৰৰ যি কেতিয়াবা কেতিয়াবা ঘটি যায়, সেয়া নহ’ব। এতিয়া আত্মাৰ ৰূপত চোৱা কিন্তু লগতে বৰ্তমানৰ সংস্কাৰো সন্মুখত আহি যায়। গতিকে পৰস্পৰৰ যি সম্পূৰ্ণ স্থিতি হ’ব লাগে, সেই ক্ষেত্ৰত দূৰত্ব আহি যায়। সেয়েহে মূল সংস্কাৰ থকা আত্মাক চোৱা। তেতিয়া এই যে এতিয়া সংগঠনত বাধা আহে সেই বাধা সমাপ্ত হৈ যাব।

এই ব্ৰাহ্মণ পৰিয়াল শ্ৰেষ্ঠ পৰিয়াল। পৰিয়ালৰ বহুত মহিমা। এই ঈশ্বৰীয় পৰিয়াল বাৰে বাৰে নোপোৱা। কল্পত এবাৰেই এই ঈশ্বৰীয় পৰিয়াল পোৱা, ইমান ডাঙৰ পৰিয়াল গোটেই কল্পত কেতিয়াও নোপোৱা। পৰিয়ালৰো বিশেষত্ব জনা আৰু পৰিয়ালত চলা, এটা মহান বিষয়। আগতেও কৈছোঁ যে এই জ্ঞানৰ আধাৰ হ’ল নিশ্চয়তা আৰু নিশ্চয়তাত চাৰিটা কথা আছে। বাপ, দাদা একেলগে আছেই আৰু জ্ঞানত, ড্ৰামাত, পৰিয়ালত সকলোতে নিশ্চয়তা থাকক। গতিকে নিশ্চয়বুদ্ধিৰ হোৱা, সহজ পুৰুষাৰ্থী হৈ যোৱা। যেনেকৈ বাপদাদাৰ নিশ্চয়তা আছে, তেনেকৈ পৰিয়ালতো নিশ্চয়তাৰ আৱশ্যক। যেনেকৈ চোৱা যেতিয়া তোমালোকে কিবা বস্তুৰ পেকিং কৰা তেতিয়া কি কৰা? চাৰিওফালে টান কৰা নহয়, এফালেও যদি টান নকৰা তেন্তে লৰচৰ হয়। তেনেকৈয়ে পিতা, জ্ঞান, জ্ঞানৰ ক্ষেত্ৰতো বিশেষকৈ ড্ৰামা আৰু পৰিয়াল। যদি চাৰিওটা কথাতে মজবুত নোহোৱা তেন্তে বিঘিনি আহে। বিঘিনি পাৰ কৰিবলৈ মনোযোগ দিবলগীয়া হয় সেইবাবে পৰিয়ালৰ পৰিচয়, পৰিয়াললৈ স্নেহ, ইজনে সিজনক বুজি পোৱা, এইটো বহুত আৱশ্যক।

পূৰ্বজ হোৱা, পূজ্য হোৱা, গতিকে এই কথাবোৰো নিজৰ মাজত বা সংগীসকলৰ মাজলৈ আনিব লাগে। যিয়েই নহওক, ক্ৰমানুসৰিতো আছেই নহয়! কিন্তু ব্ৰাহ্মণ পৰিয়ালৰ বিশেষ কাৰ্য হ’ল আশীৰ্বাদ দিয়া, আশীৰ্বাদ লোৱা। কোনো কোনো সন্তানে কয় যে আনজনে ক্ৰোধ কৰে, এতিয়া আশীৰ্বাদ ল’ব কেনেকৈ! আশীৰ্বাদতো নল’ব, ক্ৰোধ কৰিব। বাপদাদাই কয় বাৰু সংস্কাৰৰ বশৱৰ্তী হৈ তেওঁ অভিশাপ দিয়ে, তোমালোকে আশীৰ্বাদ দিবলৈ বিচৰা কিন্তু তেওঁ অভিশাপ দিয়ে, কিন্তু তেওঁ অভিশাপ দিলে, লওঁতা কোন? লওঁতা তোমালোক নে তেওঁ? তেওঁ দিওঁতা, তোমালোক লওঁতা। তেন্তে তেওঁৰ অভিশাপ তোমালোকে ল’লা কিয়? যদি আত্মাক মূল সংস্কাৰেৰে চোৱা তেন্তে তোমালোকৰ দয়া জন্মিব। নিজেও সুৰক্ষিত হৈ থাকা, অভিশাপ নল’বা, লওঁতা তোমালোক। নিদিবা, নল’বা।

বাপদাদাই আজি সকলো সন্তানকে ঘৰৰ কাম দিছে যে সকলোকে যিকোনো সময়ত আত্মাৰ ৰূপত চোৱা, বৰ্তমান সংস্কাৰৰ ৰূপত নাচাবা। আত্মা বুলি ক’লা গতিকে সেই আত্মাটিৰ যি মূল সংস্কাৰ আছে, সেই মূল সংস্কাৰৰ ৰূপত, সম্বন্ধতো আহা আৰু দৃষ্টিতো সেই দৃষ্টিৰে চোৱা তেতিয়া এই যি বিঘিনি আহে যাৰ কাৰণে পুৰুষাৰ্থত তীব্ৰতা নাহে, তেতিয়া এই বৃত্তি সলনি হ’ব, দৃষ্টি সলনি হ’ব তেতিয়া কথাবোৰ সমাপ্ত হৈ যাব। কাৰোবাৰ যিয়েই কথা নেদেখা, বাপদাদাই আগতেও কৈছে যে সদায় তোমালোক ব্ৰাহ্মণ পৰিয়ালৰ প্ৰত্যেকৰে দ্বায়িত্ব হৈছে – শুভ ভাৱনা, শুভ কামনা দিয়া আৰু শুভ ভাৱনা, শুভ কামনা লোৱা। সেই সংস্কাৰেৰে চোৱা আৰু আগবাঢ়ি যোৱা। আৰু এটা কথাও কৈছে – আগতেও কৈছোঁ যে ক’ৰবাত ক’ৰবাত সংগঠনত কেতিয়াবা কেতিয়াবা পৰদৰ্শন, পৰচিন্তন আৰু পৰমতৰ ফালে আকৰ্ষিত হৈ যায়। এতিয়া এই তিনিটা ‘পৰ’ কাটি দিয়া, এটা ‘পৰ’ ৰাখা – সেই এটা পৰ হ’ল ‘পৰ’ উপকাৰ। পৰ উপকাৰ কৰিব লাগে, পৰোপকাৰী হোৱা। ব্ৰাহ্মণৰ স্বভাৱ হৈছে পৰোপকাৰী। পৰদৰ্শন নহয়, এই ‘পৰ’ কাটি দিয়া। এই তিনিওটাই বহুত লোকচান কৰে। সেইবাবে নিজৰ স্বমান সদায় এইটো স্মৃতিত ৰাখা যে মই ব্ৰাহ্মণ আত্মাৰ স্বমানেই হৈছে “পৰ উপকাৰী”। গতিকে পৰৱৰ্তী পালত বাপদাদাই প্ৰতিগৰাকী সন্তানৰ মাজত এইটো পৰিৱৰ্তন চাব বিচাৰে। হ’ব পাৰেনে? বাপদাদাই অভিনন্দন জনাইছে, ইজনে সিজনৰ মনোযোগ আকৰ্ষণ কৰাই থাকিবা। কি কৰিবা? নিতৌ ৰাতি শোৱাৰ আগতে বাপদাদাক শুভৰাত্ৰি জনোৱাৰ পূৰ্বে নিজৰ গোটেই দিনটোৰ খতিয়ান দিবা। ভাল কৰিলা নে বেয়া কৰিলা? যিয়েই কৰিলা সেয়া পিতাক খতিয়ান দি, নিজৰ বুদ্ধি খালী কৰি শুভৰাত্ৰি জনাবা আৰু পিতাৰ স্মৃতিতেই শুই যাবা। তেতিয়া তোমালোকৰ টোপনি বহুত ভাল হ’ব। প্ৰথমে নিজক খালী কৰিবা, বুদ্ধিত কোনো কথা নাৰাখিবা, পিতাৰ ৰূপত সকলো খতিয়ান সঁচা অন্তৰেৰে দি দিয়া তেতিয়া তোমালোক ধৰ্মৰজাৰ পুৰীলৈ যোৱাৰ আৱশ্যকতা নাথাকে। সঁচা অন্তৰত চাহাব ৰাজী হৈ যাব। তেন্তে ঘৰৰ কাম পালা! এটাতো নিজৰ পূৰ্বজ আৰু পূজ্য স্বৰূপৰ সেৱা চলোঁতে ফুৰোঁতে কৰিব পাৰা। পিতাই দেখিছে এই জনক সন্তানটিয়ে (দাদী জানকী) স্বাস্থ্য বেয়া থাকোতে, কৰাচীৰ সেৱাত বিশেষ মনেৰে শক্তিৰ কিৰণ দিছিল, লাগিলে নিমিত্ত যিয়েই নহওক কিন্তু এওঁ বাস্তৱিকত কৰিলে। তাৰ আত্মাসকলে শক্তিৰ কিৰণ পালে। আৰু উৎসাহেৰে আগবাঢ়ি গৈ আছে। গতিকে এনেকৈ বাপদাদাই ব্যৱহাৰিক উদাহৰণ দেখিলে। তেন্তে তোমালোকেও কৰিব পাৰা। দুখীসকললৈ, কাতৰোক্তি কৰাসকললৈ আনন্দৰ ঢৌ বিয়পাই দিব পাৰা। তোমালোকৰ ভক্তই তোমালোককেই আহ্বান জনাই আছে – আমাৰ দেৱী, আমাৰ দেৱতা কেতিয়া আহি দয়া কৰিব। তোমালোকে শুনিবলৈ পোৱা নাই কিন্তু পিতাই বহুত শুনি আছে। প্ৰত্যেকেই ইষ্ট-দেৱতাক আহ্বান জনাই আছে। তোমালোকে নাজানা যে তোমালোকৰ ভক্ত কোনসকল কিন্তু ভক্তইতো জানে নহয়। তেওঁলোকেতো আহ্বান জনাই আছে আৰু তোমালোক প্ৰত্যেক ব্ৰাহ্মণ আত্মাৰ ভক্ত আছে। লাগিলে অজলা হওক বা টেঙৰ হওক, ভক্ত তোমালোকৰো আছে কিয়নো শিপাত বহি আছা নহয়, গতিকে তোমালোকৰ শক্তিৰ কিৰণ দিয়াৰ ভূমিকা আছে। সেয়েহে এতিয়া মনৰ সেৱা বঢ়োৱা। আৰু যিমানে ব্যস্ত হৈ থাকিবা সিমানে নিৰ্বিঘ্ন হৈ থাকিবা। কৰিব পাৰিবা নহয়! মনৰ সেৱা কৰিব জানা নহয়! বাৰু নিয়ম অনুসৰি কৰা নে কেতিয়াবা কেতিয়াবা? যদি কেতিয়াবা কেতিয়াবা কৰা তেন্তে সেয়া নিয়মীয়া কৰা আৰু যদি অলপ কৰা তেন্তে সেয়া আৰু বঢ়োৱা কিয়নো গোটেই কল্পৰ আধাৰ এতিয়াৰ সেৱাৰ ফল। লাগিলে পূজাৰী হোৱা, লাগিলে ৰাজ্য অধিকাৰী হোৱা দুয়োটাৰে আধাৰ এতিয়াৰ সেৱা, এতিয়াৰ অৱস্থা, এতিয়াৰ বাণী, এতিয়াৰ সম্বন্ধ-সম্পৰ্ক, সেইবাবে বাপদাদাই এইটো বিচাৰে যে যিমান শতাংশ এতিয়া আছে, তাতকৈ বঢ়াব লাগে। এনেওতো বাপদাদাই আগতেও কৈছে – কৰা যদি এতিয়া কৰা। কেতিয়াবা নহয়। বাপদাদাক ‘কেতিয়াবা’ৰ গীত বহুত শুনায়। বহুত ভাল ভাল কৰি শুনায় কিন্তু বাপদাদাৰ ‘কেতিয়াবা’ৰ গীত ভাল নালাগে। এতিয়া ‘এতিয়া’ৰ গীত ভাল লাগে। ততালিকে কৰা দান মহাপুণ্য। গতিকে বুজিলা এতিয়া কি কৰিব লাগে? বাৰু।

বাপদাদাই চাৰিওফালে থকা সকলো সন্তানক দেখি আনন্দিতও হয় কিয়নো বাপদাদাই সন্তানসকলৰ অবিহনে অকলে একো কৰিব নিবিচাৰে সেইবাবে নিতৌ সন্তানসকলক আহ্বান জনাই থাকে। তীব্ৰ পুৰুষাৰ্থী সন্তান, মৰমৰ সন্তান, স্নেহৰ সন্তান এতিয়া ব’লা। বাৰু।

চাৰিওফালৰ সন্তানসকলক বাপদাদাই দেখি, লাগিলে সন্মুখতে বহি আছা বা য’তেই বহি আছা, কিন্তু সকলোৰে পিতাৰ স্মৃতি আছে। আৰু পিতাৰো কোন স্মৃতিত আছে? চাৰিওফালৰ সন্তানসকল স্মৃতিত আছে কিয়নো পিতাই প্ৰতিগৰাকী সন্তানৰ কাৰণে এইটোৱেই আশা ৰাখে যে প্ৰতিগৰাকী সন্তান পিতাৰ সমান হ’বই লাগে। পিতাৰ প্ৰতিগৰাকী সন্তানলৈ যি আশা আছে, তেওঁ জানে যে ক্ৰমানুসৰি হয় কিন্তু তথাপিও নিজৰ নম্বৰ অনুসৰিও সম্পন্নতো হ’ব লাগে নহয়। প্ৰত্যেকৰে পুৰুষাৰ্থও চায় কি কি কৰি আছে, পিতাৰ বহুত স্নেহ ওপজে, সন্তানে যেতিয়া পৰিশ্ৰম কৰে নহয় তেতিয়া বহুত স্নেহ ওপজে যে পৰিশ্ৰমৰ পৰা পৰিত্ৰাণ পাওক। স্নেহৰ ক্ষেত্ৰত গৰিষ্ঠসংখ্যকেই উত্তীৰ্ণ কিন্তু কথাবোৰত আহি যায় তেতিয়া পিতাক পাহৰি যায়।

চাৰিওফালৰ সন্তানসকলে বাপদাদাৰ পদম পদম গুণ স্নেহ আৰু অন্তৰৰ মৰম স্বীকাৰ কৰিবা। সকলোকে, মালিক সন্তানসকলক পিতাই লাখ লাখ অভিনন্দন জনাই আছে। উৰি থাকা, উৰুৱাই থাকা। ভাল বাৰু।

বৰদান:
স্ব-স্থিতিৰে সকলো পৰিস্থিতি অতিক্ৰম কৰোঁতা নিৰাকাৰী, অলংকাৰী হোৱা

যিসকল অলংকাৰী তেওঁলোক কেতিয়াও দেহ-অহংকাৰী হ’ব নোৱাৰে। নিৰাকাৰী আৰু অলংকাৰী হৈ থকা – এয়াই মনমনাভৱ, মধ্যাজীভৱ। যেতিয়া এনেকুৱা স্ব-স্থিতিত সদায় স্থিৰ হৈ থাকা তেতিয়া সকলো পৰিস্থিতি সহজেই অতিক্ৰম কৰি যোৱা, ইয়াৰ দ্বাৰা অনেক পুৰণি স্বভাৱ সমাপ্ত হৈ যায়। নিজৰ মাজত আত্মাৰ ভাৱ চালে ভাৱ-স্বভাৱৰ কথাবোৰ সমাপ্ত হৈ যায় আৰু সন্মুখীন হোৱাৰ সৰ্ব শক্তি নিজৰ মাজত আহি যায়।

স্লোগান:
সংকল্পৰ এখোজ আগবঢ়োৱা তেতিয়া পিতাই সহযোগৰ হাজাৰ খোজ আগবঢ়াই দিব।

অব্যক্ত ইংগিত: সদায় হৰ্ষিত হৈ থাকিবলৈ নিজৰ স্বভাৱ সৰল কৰি তোলা, সহনশীল হোৱা

যিয়ে নিজৰ বা আনৰ অতীতক নাচায়, ছেকেণ্ডত পূৰ্ণবিৰাম লগায় তেওঁ সৰলচিত্ত হয় আৰু যি সৰলচিত্ত হয় তেওঁৰ নয়নত, মুখত, চাল-চলনত মধুৰতা আৰু হৰ্ষিতমুখতা প্ৰত্যক্ষ ৰূপত দেখিবলৈ পোৱা যায়। এনেকুৱা সৰলচিত্ত স্থিতিত থকাসকলে আনকো সৰলচিত্ত কৰি তোলে। সৰলচিত্ত মানে যি কথা শুনিলে, দেখিলে, কৰিলে সেয়া সাৰ-যুক্ত হওক আৰু সাৰমৰ্মহে গ্ৰহণ কৰক।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]