07.08.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – অবিনাশী জ্ঞান ৰত্ন ধাৰণ কৰি এতিয়া তোমালোক ভিকহুৰ পৰা চহকী হ’ব লাগে, তোমালোক আত্মাসকল হৈছা জ্ঞানী-যোগী”

প্ৰশ্ন:
কোনটো শুভ-ভাৱনা ৰাখি পুৰুষাৰ্থত সদায় তৎপৰ হৈ থাকিব লাগে?

উত্তৰ:
সদায় এইটোৱে শুভ-ভাৱনা ৰাখিব লাগে যে, আমি আত্মাসকল সতোপ্ৰধান আছিলোঁ, আমিয়ে পিতাৰ পৰা শক্তিৰ উত্তৰাধিকাৰ লৈছিলোঁ, এতিয়া আকৌ লৈ আছোঁ। এইটো শুভ-ভাৱনাৰে পুৰুষাৰ্থ কৰি সতোপ্ৰধান হ’ব লাগে। এনেকৈ ভাবিব নালাগে যে সকলোৱে জানো সতোপ্ৰধান হ’ব। নহয়, স্মৃতিৰ যাত্ৰাত থকাৰ পুৰুষাৰ্থ কৰি থাকিব লাগে, সেৱাৰ দ্বাৰা শক্তি আহৰণ কৰিব লাগে।

গীত:
ইচ পাপ কী দুনীয়া চে...... (এই পাপৰ সৃষ্টিৰ পৰা.......)

ওঁম্শান্তি।
এয়া হৈছে পঢ়া। প্ৰতিটো কথা বুজিব লাগে অন্য যিবোৰ সৎসংগ আদি আছে, সেই সকলোবোৰ হৈছে ভক্তিমাৰ্গৰ। ভক্তি কৰি কৰি ভিকহু হৈ গৈছে। সেই ভিকহু ফকীৰসকল বেলেগ, তোমালোক অন্য প্ৰকাৰৰ ভিকহু হোৱা। তোমালোক চহকী আছিলা, এতিয়া ভিকহু হৈ গ’লা। এইটো কোনেও নাজানে যে আমি চহকী আছিলোঁ, তোমালোক ব্ৰাহ্মণসকলে জানা - আমি বিশ্বৰ মালিক চহকী আছিলোঁ। অমিৰচন্দৰ পৰা ফকীৰচন্দ হৈ গলোঁ। এতিয়া এয়া হৈছে পঢ়া, যাক ভালদৰে পঢ়িব লাগে, ধাৰণ কৰিব লাগে আৰু ধাৰণ কৰাবলৈ চেষ্টা কৰিব লাগে। অবিনাশী জ্ঞান ৰত্ন ধাৰণ কৰিব লাগে। আত্মা জ্ঞানী-যোগী হয় নহয়। আত্মাইহে ধাৰণ কৰে, শৰীৰতো বিনাশী। যিটো কোনো কামৰ বস্তু নহয় তাক জ্বলাই দিয়া হয়। শৰীৰটোও যেতিয়া কোনো কামৰ হৈ নাথাকে তেতিয়া জুইত জ্বলাই দিয়া হয়। আত্মাকতো নজ্বলায়। আমি আত্মা, যেতিয়াৰ পৰা ৰাৱণৰাজ্য আৰম্ভ হ’ল তেতিয়াৰ পৰা মনুষ্য দেহ-অভিমানত আহি গ’ল। মই শৰীৰ - এইটো দৃঢ় হৈ যায়। আত্মাতো অমৰ। অমৰনাথ পিতা আহি আত্মাসকলক অমৰ কৰি তোলে। তাততো নিজৰ সময়ত নিজ ইচ্ছাৰে এটা শৰীৰ এৰি আন এটা শৰীৰ লয় কিয়নো আত্মা মালিক হয়। যেতিয়া ইচ্ছা হয় তেতিয়া শৰীৰ এৰে। তাত শৰীৰৰ আয়ুস দীঘলীয়া হয়। সাপৰ উদাহৰণ আছে। এতিয়া তোমালোকে জানা যে এয়া তোমালোকৰ বহুত জন্মৰ অন্তিম জন্মৰ পুৰণি ছাল। সম্পূৰ্ণ 84 জন্ম লৈছা। কাৰোবাৰ 60-70 জন্মও হয়, কাৰোবাৰ 50 হয়, ত্ৰেতাত নিশ্চয় আয়ুস কিছু নহয় কিছু কম হৈ যায়। সত্যযুগত সম্পূৰ্ণ আয়ুস থাকে। এতিয়া পুৰুষাৰ্থ কৰিব লাগে যে আমি যাতে পোন প্ৰথমে সত্যযুগত আহোঁ। তাত শক্তি থাকে গতিকে অকাল মৃত্যু নহয়। শক্তি কম হ’লে আয়ুসো কম হৈ যায়। এতিয়া যেনেকৈ পিতা সৰ্বশক্তিমান, তোমালোক আত্মাসকলকো শক্তিমান কৰি তোলে। এটাতো হৈছে পৱিত্ৰ হ’ব লাগে আৰু স্মৃতিত থাকিব লাগে তেতিয়া শক্তি পোৱা যায়। পিতাৰ পৰা শক্তিৰ উত্তৰাধিকাৰ লোৱা। পাপ আত্মাইতো শক্তি ল’ব নোৱাৰে। পুণ্য আত্মা হ’লে শক্তি পায়। এইটো খেয়াল কৰা - আমি আত্মা সতোপ্ৰধান আছিলোঁ। সদায় শুভ-ভাৱনা ৰখা উচিত। এনেকুৱা নহয় যে সকলো জানো সতোপ্ৰধান হ’ব। কোনোবাতো সতোও হ’ব নহয়। নহয়, নিজে বুজিব লাগে মই প্ৰথমতে সতোপ্ৰধান আছিলোঁ। নিশ্চয়তাৰ দ্বাৰাই সতোপ্ৰধান হ’বা। এনেকুৱা নহয় যে আমি কেনেকৈ সতোপ্ৰধান হ’ব পাৰিম। তেতিয়া পিচলি যায়। স্মৃতিৰ যাত্ৰাত নাথাকে। যিমান দূৰ সম্ভৱ পুৰুষাৰ্থ কৰিব লাগে। নিজক আত্মা বুলি বুজি সতোপ্ৰধান হ’ব লাগে। এই সময়ত সকলো মনুষ্য মাত্ৰেই তমোপ্ৰধান। তোমালোকৰ আত্মাও তমোপ্ৰধান। পিতাৰ স্মৃতিৰে আত্মাক এতিয়া সতোপ্ৰধান কৰি তুলিব লাগে। লগতে সেৱাও কৰিলে তেতিয়া শক্তি পাবা। ধৰি লোৱা কোনোবাই সেৱাকেন্দ্ৰ খুলি দিয়ে গতিকে তেওঁৰ শিৰত বহুতৰ আশীৰ্বাদ পাব। মনুষ্যই ধৰ্মশালা নিৰ্মাণ কৰি দিয়ে যে কোনোবা আহিলে জিৰণি ল’ব। আত্মা আনন্দিত হ’ব নহয়। থাকোঁতাসকলে আৰাম পালে তেওঁলোকৰ আশীৰ্বাদ নিৰ্মাণ কৰোঁতাজনে পায়। আকৌ ইয়াৰ পৰিণাম কি হ’ব? পৰৱৰ্তী জন্মত তেওঁ সুখ পাব। ভাল ঘৰ পাব। ঘৰৰ সুখ পাব। এনেকুৱা নহয় যে কেতিয়াও বেমাৰ নহ’ব। কেৱল ভাল ঘৰ পাব। চিকিৎসালয় খুলিলে স্বাস্থ্য ভালে থাকিব। বিশ্ববিদ্যালয় খুলিলে পঢ়াত ভাল হ’ব। স্বৰ্গততো এই চিকিৎসালয় আদি নাথাকে। ইয়াত তোমালোকে পুৰুষাৰ্থৰে 21 জন্মৰ কাৰণে প্ৰালব্ধ গঢ়া। বাকী তাত চিকিৎসালয়, আদালত, পুলিচ আদি একো নাথাকিব। এতিয়া তোমালোক সুখধামলৈ যোৱা। তাত মন্ত্ৰীও নাথাকে। মহাৰজা মহাৰাণী নিজেই উচ্চতকৈও উচ্চ, তেওঁলোকে মন্ত্ৰীৰ ৰায় ল’ব জানো। ৰায় তেতিয়া লয় যেতিয়া বুদ্ধিহীন হয় বিকাৰত অধঃপতিত হয়। ৰাৱণৰাজ্যত একেবাৰে বুদ্ধিহীন তুচ্ছ বুদ্ধিৰ হৈ যায় সেইকাৰণে বিনাশৰ ৰাস্তা বিচাৰি থাকে। নিজে বুজি পায় যে আমি বিশ্বক বহুত উচ্চ কৰি তোলোঁ কিন্তু এওঁলোক আৰু অধিকহে অৱনমিত হৈ যায়। এতিয়া বিনাশ সমাগত।

তোমালোক সন্তানসকলে জানা যে আমি ঘৰলৈ যাব লাগে। আমি ভাৰতৰ সেৱা কৰি দৈৱী ৰাজ্য স্থাপনা কৰোঁ। আকৌ আমি ৰাজত্ব কৰিম। গোৱাও হয় পিতাক অনুসৰণ কৰা পিতাকে সন্তানক প্ৰত্যক্ষ কৰায়, সন্তানে পিতাকক প্ৰত্যক্ষ কৰায়। সন্তানসকলে জানে - এই সময়ত শিৱবাবা ব্ৰহ্মাৰ শৰীৰত আহি আমাক পঢ়ায়। এনেকৈয়ে বুজাবও লাগে। আমি ব্ৰহ্মাক ভগৱান বা দেৱতা আদি বুলি নামানো। এওঁতো পতিত আছিল, পিতা পতিত শৰীৰত প্ৰৱেশ কৰিছে। বৃক্ষত চোৱা, একেবাৰে ওপৰত থিয় হৈ আছে নহয়। পতিত হোৱাৰ কাৰণে তলত পাৱন হ’বলৈ তপস্যা কৰি আকৌ দেৱতা হয়। তপস্যা কৰাসকল হৈছে ব্ৰাহ্মণ। তোমালোক ব্ৰহ্মাকুমাৰ-কুমাৰী সকলোৱে ৰাজযোগ শিকি আছা, কিমান স্পষ্ট। এই ক্ষেত্ৰত যোগ বহুত ভাল হোৱা উচিত। স্মৃতিত নাথাকিলেতো মুৰুলীতো সেই শক্তি নাথাকিব। শক্তি পোৱা যায় শিৱবাবাৰ স্মৃতিৰে। স্মৃতিৰেই সতোপ্ৰধান হ’বাগৈ নহ’লে শাস্তি ভূগী কম পদ পাব। মূল কথা হৈছে স্মৃতিত থকাতো, যাক ভাৰতৰ প্ৰাচীন যোগ বুলি কোৱা হয়। জ্ঞান কোনেও নাজানে। পূৰ্বৰ ঋষি-মুনিয়ে কৈছিল - ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তক আমি নাজানো। তোমালোকেও আগতে একো নাজানিছিলা। এই 5 বিকাৰেই তোমালোকক একেবাৰে মূল্যহীন কৰি দিলে। এতিয়া এই পুৰণি সৃষ্টি জ্বলি একেবাৰে শেষ হৈ যাব। একোৱেই নাথাকিব। তোমালোক সকলোৱে পুৰুষাৰ্থৰ ক্ৰম অনুসৰি ভাৰতক স্বৰ্গ কৰি তুলিবলৈ তন-মন-ধনেৰে সেৱা কৰা। প্ৰদৰ্শনীতো তোমালোকক সুধিলে ক’বা যে আমি বি.কে.সকলে নিজৰ তন-মন-ধনেৰে শ্ৰীমতত সেৱা কৰি ৰামৰাজ্য স্থাপনা কৰি আছো। গান্ধীজীয়েতো এনেকৈ কোৱা নাছিল যে শ্ৰীমতত ৰামৰাজ্য স্থাপনা কৰি আছে। ইয়াততো এওঁৰ শৰীৰত শ্ৰী শ্ৰী 108, পিতা বহি আছে। 108 ৰ মালাও তৈয়াৰ কৰে। মালাতো ডাঙৰকৈ তৈয়াৰ হয়। সেইসকলৰ মাজত 8 (আঠ)ৰ পৰা 108 গৰাকীয়ে ভাল পৰিশ্ৰম কৰে। ক্ৰমানুসৰিতো বহুত আছে, যিসকলে ভাল পৰিশ্ৰম কৰে। ৰুদ্ৰ যজ্ঞত শালগ্ৰামৰো পূজা হয়। নিশ্চয় কিছু সেৱা কৰিছে সেইবাবেতো পূজা হয়। তোমালোক ব্ৰাহ্মণসকল হৈছা আত্মিক সেৱাধাৰী। সকলো আত্মাকে জগাই তোলোঁতা হোৱা। মই আত্মা - এইটো পাহৰিলে দেহ-অভিমানত আহি যায়। এনেকৈ ভাবে যে মই অমুক হওঁ। কোনোবাই জানো এইটো জানে যে মই আত্মা, অমুক নামটো এই শৰীৰৰহে। আমি আত্মাসকল ক’ৰ পৰা আহোঁ এইটো খেয়াল কাৰো অলপো নাই। ইয়াত ভূমিকা পালন কৰোঁতে কৰোঁতে শৰীৰৰ বোধ দৃঢ় হৈ গৈছে। পিতাই বুজায় – সন্তানসকল, এতিয়া গাফিলতি কৰিবলৈ এৰা। মায়া বৰ শক্তিশালী, তোমালোক যুদ্ধক্ষেত্ৰত আছা। তোমালোক আত্ম-অভিমানী হোৱা। আত্মাসকল আৰু পৰমাত্মাৰ এয়া হৈছে মেলা। গায়ন আছে আত্মাসকল আৰু পৰমাত্মা বহুকাল বিচ্ছিন্ন হৈ থাকিল। ইয়াৰো অৰ্থ তেওঁলোকে নাজানে। এতিয়া তোমালোকে জানা - আমি আত্মাসকল পিতাৰ সৈতে নিবাস কৰোঁ। সেইখন আত্মাসকলৰ ঘৰ নহয় জানো। পিতাও তাতে থাকে, তেওঁৰ নাম শিৱ। শিৱ জয়ন্তীৰো গায়ন কৰা হয়, অন্য কোনো নাম দিবই নালাগে। পিতাই কয় - মোৰ আচল নাম হৈছে কল্যাণকাৰী শিৱ। কল্যাণকাৰী ৰুদ্ৰ বুলি কোৱা নহয়। কল্যাণকাৰী শিৱ বুলি কয়। কাশীতো শিৱৰ মন্দিৰ আছে নহয়। তালৈ গৈ সাধুসকলে মন্ত্ৰ জপ কৰে। শিৱ কাশী বিশ্বনাথ গঙ্গা। এতিয়া পিতাই বুজায় - শিৱ যিজনক কাশীৰ মন্দিৰত অধিষ্ঠিত কৰিছে তেওঁক কোৱা হয় - বিশ্বনাথ। এতিয়া মইতো বিশ্ব-নাথ নহওঁ। বিশ্বৰ নাথতো তোমালোক হোৱা। মই নহওঁৱেই। ব্ৰহ্ম তত্ত্বৰ নাথো তোমালোক হোৱা। তোমালোকৰ সেইখন ঘৰ। সেইখন ৰাজধানী। মোৰ ঘৰতো এখনেই ব্ৰহ্ম তত্ত্ব। মই স্বৰ্গলৈ নাহোঁ। মই নাথো নহওঁ। মোক শিৱবাবা বুলিয়েই কয়। মোৰ ভূমিকাই হৈছে পতিতক পাৱন কৰি তোলা। শিখ লোকসকলেও কয় - ঈশ্বৰে মলিন কাপোৰ পৰিস্কাৰ কৰে… কিন্তু অৰ্থ বুজি নাপায়। মহিমাও গায় এক ঔংকাৰ……. অযোনি অৰ্থাৎ জন্ম-মৰণ ৰহিত। মইতো 84 জন্ম নলওঁ। মই এওঁৰ শৰীৰত প্ৰৱেশ কৰোঁ। মনুষ্যই 84 জন্ম লয়। এওঁৰ আত্মাই জানে - বাবা মোৰ লগত একেলগে বহি আছে তথাপিও বাৰে বাৰে স্মৃতি পাহৰি যাওঁ। এই দাদাৰ (ব্ৰহ্মাৰ) আত্মাই কয় - মই বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। এনেকুৱা নহয় যে মোৰ লগত বহি আছে সেইবাবে স্মৃতি ভালকৈ থাকে। নহয়। একেবাৰে একত্ৰিত হৈ আছে। জানো মোৰ ওচৰত আছে। এই শৰীৰটোৰ যেন তেওঁ মালিক। তথাপিও পাহৰি যাওঁ। বাবাক এই শৰীৰ (ঘৰ) থাকিবৰ কাৰণে দিছোঁ। বাকী এটা কোণাত মই বহি আছোঁ। ডাঙৰ ব্যক্তি হ’ল নহ’ল জানো। বিচাৰ কৰোঁ মালিক কাষত বহি আছে। এইখন ৰথ তেওঁৰ। তেওঁ ইয়াৰ তত্ত্বাৱধান লয়। মোক শিৱবাবাই খুৱায়ো। মই তেওঁৰ ৰথ। কিবাতো সৎকাৰ কৰিম নহয়। এইটো আনন্দত খাওঁ। দুই-চাৰি মিনিটৰ পাছত পাহৰি যাওঁ, তেতিয়া বুজো, সন্তানসকলৰ কিমান পৰিশ্ৰম হয় সেইকাৰণে বাবাই বুজাই থাকে - যিমান দূৰ সম্ভৱ পিতাক স্মৰণ কৰা। বহুত মুনাফা আছে। ইয়াততো অলপ কথাতে বিৰক্ত হৈ যায় তেতিয়া পঢ়া এৰি দিয়ে। ‘বাবা বাবা’ বুলি কৈ আঁতৰি গুচি যায়। পিতাক নিজৰ কৰি লয়, জ্ঞান শুনায়, জ্ঞান পচন্দ কৰে, দিব্য দৃষ্টিৰে স্বৰ্গক প্ৰত্যক্ষ কৰে, ৰাস কৰে, তাৰ পাছত অহো মোৰ মায়াই মোৰ পৰা আঁতৰাই দিয়ে, আঁতৰি গুচি যায়। যিজনে বিশ্বৰ মালিক কৰি তোলে, তেওঁক এৰি দিয়ে। ডাঙৰ ডাঙৰ প্ৰসিদ্ধসকলো আঁতৰি গুচি দিয়ে।

এতিয়া তোমালোকক ৰাস্তা দেখুওৱা হয়। এনেকুৱা নহয় যে হাতত ধৰি লৈ যাম। এই দুচকুৰেতো অন্ধ নহয়। হয় জ্ঞানৰ তৃতীয় নেত্ৰ তোমালোকে পোৱা। তোমালোকে সৃষ্টিৰ-আদি-মধ্য-অন্তক জানা। এই 84ৰ চক্ৰ বুদ্ধিত ঘূৰি থাকিব লাগে। তোমালোকৰ নাম হৈছে স্বদৰ্শন চক্ৰধাৰী। একমাত্ৰ পিতাকে স্মৰণ কৰিব লাগে। অন্য কাৰো স্মৃতি যাতে নাথাকে। অন্তিমত এইটো অৱস্থা যাতে হয়। যেনেকৈ স্ত্ৰীৰ পুৰুষৰ প্ৰতি মৰম থাকে। তেওঁলোকৰ হৈছে পাৰ্থিৱ (দৈহিক) মৰম, ইয়াত তোমালোকৰ হৈছে আত্মিক মৰম। তোমালোকে উঠোঁতে-বহোঁতে, স্বামীসকলৰো স্বামী, পিতাসকলৰো পিতাক স্মৰণ কৰিব লাগে। জগতত এনেকুৱা বহুত ঘৰ আছে য’ত স্ত্ৰী-পুৰুষ তথা পৰিয়াল পৰস্পৰ বহুত মৰমেৰে থাকে। ঘৰখন যেন স্বৰ্গৰ দৰে হৈ থাকে। 5-6 টা সন্তান একেলগে থাকে, ৰাতিপুৱা সোনকালে উঠি পূজা কৰিবলৈ বহে, ঘৰত কোনো কাজিয়া আদি নাই। এক ৰস হৈ থাকে। ক’ৰবাত আকৌ একেখন ঘৰতে কোনোবা যদি ৰাধা স্বামীৰ শিষ্য কোনোবাই আকৌ ধৰ্মকে নামানে। অলপ কথাতে বিতুষ্ট হৈ যায়। গতিকে পিতাই কয় - এই অন্তিম জন্মত সম্পূৰ্ণ পুৰুষাৰ্থ কৰিব লাগে। নিজৰ ধনো সফল কৰি নিজৰ কল্যাণ কৰা। তেতিয়া ভাৰতৰো কল্যাণ হ’ব। তোমালোকে জানা - আমি নিজৰ ৰাজধানী শ্ৰীমতত পুনৰাই স্থাপনা কৰোঁ। স্মৃতিৰ যাত্ৰাৰে আৰু সৃষ্টিৰ আদি-মধ্য-অন্তক জানিলে আমি চক্ৰৱতী ৰজা হৈ যামগৈ। আকৌ তললৈ নমা আৰম্ভ হ’ব। আকৌ অন্তিমত বাবাৰ ওচৰত আহি যাব। শ্ৰীমতত চলিলেহে উচ্চ পদ পাবা। পিতাই কোনো ফাঁচী কাঠত ওলমাই নিদিয়ে। এটাতো কয় পৱিত্ৰ হোৱা আৰু পিতাক স্মৰণ কৰা। সত্যযুগত কোনো পতিত নাথাকে। দেৱী-দেৱতাসকলো বহুত কমসংখ্যক থাকে। আকৌ লাহে লাহে বৃদ্ধি হয়। দেৱতাসকলৰ হৈছে সৰু বৃক্ষ। আকৌ কিমান বৃদ্ধি হৈ যায়। আত্মাসকল আহি থাকে, এইখন ৰচি থোৱা খেলা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) আত্মিক সেৱাধাৰী হৈ আত্মাসকলক জগাই তোলাৰ সেৱা কৰিব লাগে। তন-মন-ধনেৰে সেৱা কৰি শ্ৰীমতত ৰামৰাজ্য স্থাপনাৰ নিমিত্ত হ’ব লাগে।

(2) স্বদৰ্শন চক্ৰধাৰী হৈ 84ৰ চক্ৰ বুদ্ধিত ঘূৰাব লাগে। একমাত্ৰ পিতাকহে স্মৰণ কৰিব লাগে। অন্য কোনো যাতে স্মৃতিত নাথাকে। কেতিয়াও কোনো কথাত বিতুষ্ট হৈ পঢ়া এৰিব নালাগে।

বৰদান:
সংগঠনত থাকি লক্ষ্য আৰু লক্ষণ সমান কৰি তোলোঁতা সদায় শক্তিশালী আত্মা হোৱা

সংগঠনত ইজনে সিজনক দেখি উৎসাহ-উদ্দীপনাও জাগে তেনেকৈ অমনোযোগিতাও আহে। ভাবে যে এৱোঁ কৰে, মই কৰিলোঁ তাতে কি হ’ল সেই কাৰণে সংগঠনৰ পৰা শ্ৰেষ্ঠ হোৱাৰ সহযোগ লোৱা। প্ৰতিটো কৰ্ম কৰাৰ পূৰ্বে এইটো বিশেষ মনোযোগ বা লক্ষ্য ৰাখিব লাগে যে মই নিজক সম্পন্ন কৰি উদাহৰণ হ’ব লাগে। মই কৰি আনকো কৰাব লাগে। আকৌ বাৰে বাৰে এইটো লক্ষ্য জাগ্ৰত কৰা। লক্ষ্য আৰু লক্ষণ মিলাই চলা তেতিয়া শক্তিশালী হৈ যাবা।

স্লোগান:
অন্তিমত তীব্ৰগতিৰে আগবাঢ়ি যাবলৈ সাধাৰণ আৰু ব্যৰ্থ সংকল্পত সময় নষ্ট নকৰিবা।


অব্যক্ত সংকেত: সহজযোগী হ'বলৈ হ’লে পৰমাত্ম স্নেহৰ অনুভৱী হোৱা

যি মৰমৰ হয়, তেওঁক স্মৰণ কৰা নহয়, তেওঁৰ স্মৃতি স্বতঃ আহে। কেৱল স্নেহ আন্তৰিক হওঁক, সঁচা আৰু নিঃস্বাৰ্থ হওঁক। যিহেতু মোৰ বাবা, মৰমৰ বাবা বুলি কোৱা তেন্তে স্নেহীজনক কেতিয়াও পাহৰিব নোৱাৰে আৰু নিঃস্বাৰ্থ স্নেহ পিতাৰ বাহিৰে আন কোনো আত্মাৰ পৰা পাব নোৱাৰা সেই কাৰণে কেতিয়াও স্বাৰ্থ ৰাখি স্মৰণ নকৰিবা, নিঃস্বাৰ্থ স্নেহত লীন হৈ থাকা।