07.08.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
এতিয়ালৈকে যি কিছু পঢ়িছা, সেয়া পাহৰি এজন পিতাক স্মৰণ কৰা”
প্ৰশ্ন:
ভাৰতত সত্যযুগী
স্বৰাজ্য স্থাপন কৰিবৰ কাৰণে কি বল লাগে?
উত্তৰ:
পৱিত্ৰতাৰ বল। তোমালোক সৰ্বশক্তিমান পিতাৰ সৈতে যোগযুক্ত হৈ পৱিত্ৰ হোৱা। এয়া
পৱিত্ৰতাৰে বল যাৰ দ্বাৰা সত্যযুগী স্বৰাজ্যৰ স্থাপনা হয়, ইয়াত যুদ্ধ আদিৰ কোনো কথা
নাই। জ্ঞান আৰু যোগবলেহে পাৱন সৃষ্টিৰ মালিক কৰি তোলে। এই বলেৰে এক মতৰ স্থাপনা হৈ
যায়।
গীত:
আখিৰ ৱহ দিন
আয়া আজ.... (অৱশেষত সেই দিনটি আজি আহিল....)
ওঁম্শান্তি।
সন্তানসকলে
গীতটি শুনিলে। এই গীতটি আমাৰ দ্বাৰা ৰচা হোৱা নাই। যিদৰে অন্য বেদ শাস্ত্ৰৰ সাৰ
বুজাই থকা হৈছে সেইদৰে এই গীতবোৰো যিবোৰ ৰচনা কৰিছে, তাৰো সাৰ বুজায়। সন্তানসকলে
জানে যে নাৱৰীয়া বা বগিচাৰ মালিক বা সৎগতি দাতা হৈছে একমাত্ৰ পিতা। ভক্তি কৰে জীৱন
মুক্তিৰ কাৰণে। কিন্তু জীৱনমুক্তি বা সৎগতি দাতা হৈছে একমাত্ৰ ভগৱান। তাৰ অৰ্থ
সন্তানসকলেহে বুজি পায়, মনুষ্যই বুজি নাপায়। সৎগতি অৰ্থাৎ দুখৰ পৰা মুক্ত কৰি শান্তি
প্ৰাপ্তি কৰায়। ভাৰতবাসী সন্তানসকলে জানে যে যেতিয়া এই লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব আছিল
তেতিয়া ইয়াত পৱিত্ৰতা, সুখ, শান্তি আছিল। ৰাধা-কৃষ্ণৰ ৰাজত্ব বুলি ক'ব নোৱাৰি।
বাস্তৱত মাতাসকলৰ সমপৰ্যায়ৰ হৈছে ৰাধা। তেওঁক বেছিকৈ মৰম কৰিব লাগে তথাপিও
শ্ৰীকৃষ্ণকহে বহুত মৰম কৰে। ঝুলনাত ঝুলায়। শ্ৰীকৃষ্ণৰ জন্মাষ্টমীও পালন কৰে। ৰাধাৰ
জয়ন্তী পালন নকৰে। বাস্তৱত দুয়োৰে পালন কৰিব লাগে। বোধশক্তিতো অলপো নাই। তেওঁলোকৰ
জীৱন কাহিনীকতো কোনেও নাজানে। পিতা আহি নিজৰ আৰু সকলোৰে জীৱন কাহিনী শুনায়।
মনুষ্যই কয়ো যে শিৱ পৰমাত্মা নমঃ কিন্তু তেওঁৰ জীৱন কাহিনীক নাজানে। মনুষ্যৰ জীৱন
কাহিনীক ইতিহাস-ভূগোল বুলি কোৱা হয়, জগতৰ ইতিহাস-ভূগোলৰতো গায়ন কৰা হয় - কিমান
এলেকাত ৰাজত্ব কৰিছিল, কিমান ভূমিত ৰাজত্ব কৰিছিল। কেনেকৈ ৰাজত্ব কৰিলে আকৌ সেয়া
ক'লৈ গ'ল...... এই কথাবোৰ কোনেও নাজানে। তোমালোক সন্তানসকলক ভালদৰে বুজোৱা হয়।
ৰচয়িতা আৰু ৰচনাৰ জ্ঞান সন্তানসকলক বুজায়। তোমালোক সন্তানসকলে গম পাই গ'লা যে যথাযথ
এতিয়া কলিযুগৰ অন্ত আৰু সত্যযুগৰ আদিৰ সময়। সংগমতহে পৰমপিতা পৰমাত্মা আহি মনুষ্যক
পতিতৰ পৰা পাৱন দেৱতা কৰি গঢ়ি তোলে। উত্তম পুৰুষ অথবা পুৰুষোত্তম কৰি তোলে কিয়নো এই
সময়ৰ মনুষ্য উত্তম নহয়, কনিষ্ঠ। উত্তম, মধ্যম, কনিষ্ঠ, সতো, ৰজো, তমো হয়। যিসকলে
ভালদৰে জ্ঞান শুনিব তেওঁলোকক সতোগুণী বুলি কোৱা হ'ব। যিসকলে অলপ শুনিব তেওঁলোকক
ৰজোগুণী বুলি কোৱা হ'ব, যিসকলে নুশুনেই তেওঁলোকক তমোগুণী বুলি কোৱা হ'ব। পঢ়াতো
এনেকুৱা হয়। তোমালোক সন্তানসকলক সতোপ্ৰধান শিক্ষা লাগে সেয়েহে সতোপ্ৰধান
লক্ষ্মী-নাৰায়ণ হ’বলৈ তোমালোকক জ্ঞান দিয়া হয়। নৰৰ পৰা নাৰায়ণ, নাৰীৰ পৰা লক্ষ্মী
হ'ব লাগে। ‘গীতা’ৰ কাৰণেও তোমালোকে কোৱা যে এইখন হৈছে সঁচা গীতা। তোমালোকে লিখিবও
পাৰা - এইখন হৈছে সঁচা গীতা পাঠশালা অৰ্থাৎ সত্য-নাৰায়ণ হোৱাৰ কাহিনী অথবা অমৰকথা,
সঁচা তৃতীয় নেত্ৰৰ কথা। চিত্ৰতো সকলো তোমালোকৰ ওচৰত আছে, এই চিত্ৰসমূহত গোটেই জ্ঞান
আছে। তোমালোক সন্তানসকলে এতিয়া প্ৰতিজ্ঞা কৰা যে আমি প্ৰজাপিতা
ব্ৰহ্মাকুমাৰ-কুমাৰীসকলে ভাৰতক সতোপ্ৰধান স্বৰ্গ কৰিহে এৰিম। তোমালোকে বাৰ্তা দিব
লাগে। গান্ধীজীয়েও পাৱন ৰাজ্য বিচাৰিছিল তেন্তে এতিয়া নিশ্চয় পতিত ৰাজ্য। এইটো
কোনেও বুজিব নোৱাৰে যে আমি নিজেই পতিত। ৰাৱণ হৈছে 5 বিকাৰ। এনেকৈ কয় যে ৰামৰাজ্য
লাগে তেন্তে নিশ্চয় আসুৰি সম্প্ৰদায়ৰ হ'ল নহয়, কিন্তু এইটো কাৰো বুদ্ধিত উদয় নহয়।
কিমান ডাঙৰ ডাঙৰ গুৰু লোকসকলেও ইমানখিনি বুজি নাপায়। তোমালোক সন্তানসকলে বাৰ্তা দিয়া
যে আমি শ্ৰীমতত ব্ৰহ্মাৰ দ্বাৰা 5 হাজাৰ বছৰ পূৰ্বৰ দৰে দৈৱিক ৰাজ্য স্থাপন কৰিম।
এয়া হৈছে পুৰুষোত্তম সংগমযুগ যেতিয়া কনিষ্ঠ পুৰুষৰ পৰা সতোপ্ৰধান পুৰুষোত্তম হোৱা।
মৰ্যাদা পুৰুষোত্তম আদি সনাতন দেৱী-দেৱতা ধৰ্মহে হয়। এতিয়া এটাই দেৱী-দেৱতা ধৰ্মৰ
প্ৰতিষ্ঠা হয় তাৰপাছত অন্য ধৰ্ম নাথাকিবই। তোমালোক সন্তানসকলে সিদ্ধ কৰি বুজোৱা যে
সত্যযুগত এটা ধৰ্ম, এখনেই ৰাজ্য আছিল। যদিওবা ত্ৰেতাত সূৰ্যবংশীৰ পৰা বদলি হৈ
চন্দ্ৰবংশীত যায় কিন্তু এটাই ভাষা হ'ব। এতিয়াতো ভাৰতত অনেক ভাষা আছে। সন্তানসকলে
জানে যে আমাৰ ৰাজ্যত এটাই ভাষা আছিল। আজিকালিতো বহুত কিবা কিবি দেখি থাকিবা। যেনেকৈ
যাত্ৰাৰ পৰা নিজৰ দেশৰ ফালে ওচৰ চাপি আহি থাকিলে তেতিয়া আনন্দিত হয় যে এতিয়া নিজৰ
ঘৰলৈ আহি গ'লোঁ। বচ্ এতিয়া গৈ লগ পাম। তোমালোকৰো নিজৰ ৰাজধানীৰ সাক্ষাৎকাৰ হৈ
থাকিব। নিজৰ পুৰুষাৰ্থৰো সাক্ষাৎকাৰ হ’ব। দেখা পাবা যে বাবাই আমাক কিমান কয় যে
পুৰুষাৰ্থ কৰা। নহ'লে হায় হায় কৰিবা আৰু পদো কম হৈ যাব। যোগৰ যাত্ৰাৰ বিষয়ে সকলোকে
কৈ থাকা। বুজোৱাতো বহুত সহজ। ছিৰিৰ চিত্ৰ কিমান সহজ। যিসকল দেৰিকৈ আহে তেওঁলোকে
দিনে-প্ৰতিদিনে সহজ জ্ঞান পাই থাকে। এসপ্তাহ বুজিলেই সহজে বুজি যাব। চিত্ৰসমূহ
এনেকুৱাকৈ তৈয়াৰ কৰা হৈছে, য'ত সঠিক বুজনি আছে। 84 জন্মৰ চক্ৰ একেবাৰে সঠিক। এয়া
ভাৰতবাসীৰ কাৰণে। তোমালোক সন্তানসকলৰ ওচৰত গোটেই জ্ঞান আছে। তোমালোকে জানা যে
পতিত-পাৱন, সৎগতি দাতা শিৱবাবাৰ মতত আমি পুনৰাই সহজ ৰাজযোগৰ বলেৰে, নিজৰ তন-মন-ধনেৰে
ভাৰতক স্বৰ্গ কৰি তোলোঁ। অন্য কাৰো একোৱে আমি কামত নখটুৱাওঁ। নিজৰেই তন-মন-ধনেৰে
সেৱা কৰোঁ। যিয়ে যিমান কৰিব তেওঁলোকে নিজৰ ভৱিষ্যতৰ কাৰণে জমা কৰে। তোমালোকহে একেটা
পৰিয়ালৰ হোৱা। তোমালোকৰ দ্বাৰাই বাবাই সত্যযুগৰ স্বৰাজ্য স্থাপনা কৰাই আছে। খৰচো
তোমালোকেই কৰিবা। তোমালোকৰ কোনো বেছি খৰচ নহয়। তোমালোকে কেৱল শিৱবাবাক স্মৰণ কৰিব
লাগে, কন্যাসকলে কি খৰচ কৰিব লাগে। তেওঁলোকৰ ওচৰত কিবা আছে জানো? বাবাই সন্তানসকলৰ
পৰা কি মাননি ল'ব। একোৱেই নলয়। স্কুলততো প্ৰথমে মাননিৰ কথা কয়। তাত কিমান পঢ়াত খৰচ
হয়। ইয়াততো শিৱবাবাই সন্তানসকলৰ পৰা কেনেকৈ পইচা ল'ব। শিৱবাবাই জানো নিজৰ ঘৰ
নিৰ্মাণ কৰিব লাগে যে পইচা ল'ব। তোমালোক সন্তানসকলে ভৱিষ্যতে স্বৰ্গত গৈ
হীৰা-মুকুতাৰ মহল নিৰ্মাণ কৰিব লাগিব সেয়েহে তোমালোকে ইয়াত যি কৰা তাৰ প্ৰতিদানত
ভৱিষ্যতে তোমালোকে মহল পাই যোৱা। এয়া অতিকৈ বুজিবলগীয়া কথা। যিয়ে যিমান তন-মন-ধনেৰে
সেৱা কৰিব, তেওঁলোকে তেনেকুৱাকৈয়ে তাত পাব। কলেজ বা হস্পিতাল নিৰ্মাণ কৰে। 10 লাখ,
20 লাখ খৰচ কৰিবলগীয়া হয়। ইয়াততো ইমান খৰচ নহয়। সৰু ঘৰ এটাত আত্মিক কলেজ তথা
হস্পিতাল খুলি দিয়ে। পাণ্ডৱসকলৰ আদি পতি (স্বামী) কোন আছিল? তেওঁলোকেতো শ্ৰীকৃষ্ণৰ
নাম লিখি দিছে। বাস্তৱত হৈছে নিৰাকাৰ ভগৱান। তোমালোকক শ্ৰীমত দিওঁতাজন হৈছে ভগৱান।
বাকীতো সকলো ৰাৱণ ৰাজ্যত ৰাৱণৰ মতত চলি আছে। ৰাৱণৰ মতত কিমান লেতেৰা হৈ গৈছে। এতিয়া
এইখনেই সৃষ্টি পুৰণি, সেইখনেই নতুন হয়। সৃষ্টিত ভাৰতেই আছিল। ভাৰত নতুন, ভাৰত পুৰণি
বুলি কোৱা হ’ব। নতুন ভাৰততো স্বৰ্গ আছিল। পুনৰ ভাৰত পুৰণি হয় তেতিয়া নৰক। ইয়াক কোৱা
হয় ৰৌৰৱ নৰক। মনুষ্যৰে কথা। ইয়াত সুখৰ নাম-চিহ্ন নাই। এয়া জানো সুখ। সন্ন্যাসীসকলেও
কয়, এই সময়ৰ সুখ কাউৰী বিষ্ঠাৰ সমান, সেয়েহে তেওঁলোকে গৃহস্থ ব্যৱহাৰ ত্যাগ কৰে।
তেওঁলোকে স্বৰ্গ বা সত্যযুগৰ স্থাপনা কৰিব নোৱাৰে। কৃষ্ণপুৰীতো পৰমাত্মাইহে স্থাপন
কৰে। শ্ৰীকৃষ্ণৰ আত্মা আৰু শৰীৰ দুয়োটা সতোপ্ৰধান আছিল সেয়েহে শ্ৰীকৃষ্ণক বহুত মৰম
কৰে কিয়নো পৱিত্ৰ হয় নহয়। গায়নো কৰা হয় শিশু ব্ৰহ্ম জ্ঞানীৰ সমান। সৰু শিশুৱে
বিকাৰৰ বিষয়ে গম নাপায়। সন্ন্যাসীসকলে তথাপিও গম পায়। শিশুসকলতো জন্মৰ পৰাই মহাত্মা
হয়। শিশুসকলকতো পৱিত্ৰ ফুল বুলি কোৱা হয়। এক নম্বৰৰ ফুল হৈছে শ্ৰীকৃষ্ণ। স্বৰ্গ
নতুন সৃষ্টিৰ প্ৰথম ৰাজকুমাৰ। জন্ম ল'লে তেতিয়া কোৱা হ'ব প্ৰথম ৰাজকুমাৰ।
শ্ৰীকৃষ্ণকতো সকলোৱে স্মৰণ কৰে যাতে শ্ৰীকৃষ্ণৰ দৰে সন্তান পায়। এতিয়া পিতাই কয় যে
যি হ'ব বিচৰা সেয়া হোৱা। কেৱল এজনেই জানো শ্ৰীকৃষ্ণ হয়। ‘প্ৰিন্স অফ্ ৱেলছ’ (ব্ৰিটিছ
সিংহাসনৰ উত্তৰাধিকাৰী) কিমান হয়? দ্বিতীয়, তৃতীয় হয় নহয়। গতিকে ইয়াতো ৰাজবংশ আছে।
পিতাকৰ পাছত আকৌ দ্বিতীয়জন গাদীত (সিংহাসনত) বহিব। যেনেকৈ ৰাজবংশ থাকে তেনেকৈ এয়াও
ৰাজবংশ হয়। তোমালোকৰ সম্পৰ্কই খ্ৰীষ্টিয়ানসকলৰ লগত। শ্ৰীকৃষ্ণ আৰু খ্ৰীষ্টিয়ান
দুয়োৰে ৰাশি একেটাই। লেন-দেনো নিজৰ মাজত বহুত চলে। ভাৰতৰ পৰা তেওঁলোকে কিমান ধন লৈ
গ'ল। এতিয়া পুনৰ দি আছে। ওভতাই দিয়াৰ সেৱা কৰি আছে। এওঁলোক ইউৰোপবাসীসকলে নিজৰ মাজত
যুদ্ধ কৰি নাশ হৈ যাব। ইয়াৰ ওপৰত কাহিনীও আছে - দুটা মেকুৰীৰ কাজিয়া লাগিল, মাজতে
মাখন বান্দৰে খাই গুচি গ'ল। এইটো এতিয়াৰ কথা। তেওঁলোকে নিজৰ মাজত যুঁজিব আৰু
ৰাজ্য-ভাগ্য তোমালোকে পাবা। এতিয়া তোমালোক সন্তানসকলৰ সীমাহীন জ্ঞান আছে। তোমালোক
সন্তানসকলৰ বুদ্ধিত আছে যে আমি সকলো ব্ৰহ্মাকুমাৰ-কুমাৰী। এনেকুৱা নহয় যে আমি
গুজৰাটী, আমি বঙালী। এনেকুৱা নহয়। এই মতভেদো আঁতৰি যাব লাগে। আমি এজন পিতাৰ সন্তান।
ব্ৰহ্মাৰ দ্বাৰা শিৱবাবাৰ শ্ৰীমতত পুনৰাই আমি জ্ঞান আৰু যোগবলেৰে নিজৰ ৰাজধানী
স্থাপনা কৰি আছোঁ। যোগবলেৰেহে আমি পাৱন হওঁ। পিতা হৈছে সৰ্বশক্তিমান, তেওঁৰ পৰা বল
পোৱা যায়। তোমালোকে বিশ্বৰ বাদশ্বাহী লোৱা। এই ক্ষেত্ৰত কোনো যুদ্ধ আদি নকৰা। সকলো
পৱিত্ৰতাৰ বল। কয়ো যে আহি পতিতৰ পৰা পাৱন কৰি তোলক, তেন্তে স্মৃতিৰে বল। এনেকুৱা
নহয় যে তাত সাংসাৰিক কাম-কাজত গৈ সকলোবোৰ পাহৰি যাবা। ইয়াত সন্মুখততো জ্ঞান সাগৰৰ
ঢৌ দেখি থাকা। নদীবোৰততো সেই ঢৌ নাথাকে। সাগৰৰ এটা ঢৌৱে কিমান লোকচান কৰি দিয়ে।
যেতিয়া ভূমিকম্প হ'ব তেতিয়া সাগৰো উথলি উঠিব। সাগৰক শুকুৱাই মাটি উলিয়াই লৈছে, সেই
মাটি আকৌ কিমান দামত বিক্ৰী কৰে। তোমালোকে জানা এই বোম্বায়ো (এতিয়া মুম্বাই)
নাথাকিব। আগতে জানো এই বোম্বাই আছিল, এখন সৰু গাঁও আছিল। এই মাতাসকলতো হোজা। এওঁলোকে
ইমান লিখা-পঢ়া কৰা নাই। ইয়াততো ইতিমধ্যে পঢ়া সকলো পাহৰিব লাগে। তোমালোকে যদি একোৱে
পঢ়া নাই তেন্তে ভাল। পঢ়া-শুনা কৰা মনুষ্যই বুজোৱাৰ সময়ত কিমান প্ৰশ্ন সোধে। ইয়াততো
কেৱল পিতাক স্মৰণ কৰিব লাগে। কোনো দেহধাৰী মনুষ্যক স্মৰণ কৰাৰ কথা নাই। মহিমা হয়েই
এজন বেহদৰ পিতাৰ। তোমালোকে জানা যে উচ্চতকৈও উচ্চ হৈছে একমাত্ৰ ভগৱান আকৌ দ্বিতীয়
নম্বৰত ব্ৰহ্মা। তেওঁতকৈ উচ্চ কোনো নহয়। এওঁতকৈ শ্ৰেষ্ঠ ব্যক্তি কোনো নাই, কিন্তু
চলন চোৱা কিমান সাধাৰণ। কেনেকৈ সাধাৰণ ৰীতিৰে সন্তানসকলৰ সৈতে বহে। ৰেলত যায়,
কোনোবাই কি জানে যে এওঁ কোন! ভগৱানে আহি জ্ঞান দিয়ে, নিশ্চয় প্ৰৱেশ কৰি জ্ঞান দিব
নহয়। যদি শ্ৰীকৃষ্ণ হয় তেন্তে ভিৰ হৈ যাব তেতিয়াতো পঢ়াবও নোৱাৰিব, কেৱল দৰ্শন কৰি
থাকিব। ইয়াততো পিতা গুপ্ত সাধাৰণ বেশত বহি সন্তানসকলক পঢ়ায়।
তোমালোক হৈছা গুপ্ত
সৈনিক। তোমালোকে জানা যে আমি আত্মাসকলে যোগবলেৰে পুনৰাই নিজৰ ৰাজ্য স্থাপনা কৰি আছোঁ।
এই পুৰণা শৰীৰ ত্যাগ কৰি নতুন বগা (পৱিত্ৰ) শৰীৰ ধাৰণ কৰিম। এতিয়া হৈছে আসুৰি
সম্প্ৰদায় পুনৰ দৈৱিক সম্প্ৰদায় হ’ব। আত্মাই কয় যে আমি নতুন সৃষ্টিত দৈৱিক শৰীৰ
ধাৰণ কৰি ৰাজত্ব কৰিমগৈ। আত্মা হৈছে পুৰুষ, শৰীৰ হৈছে প্ৰকৃতি। আত্মা সৰ্বদা পুৰুষ
হয়। বাকী শৰীৰ হিচাপ-নিকাচ অনুসৰি পুৰুষ-মহিলাৰ প্ৰাপ্ত হয়। কিন্তু মই হওঁ অবিনাশী
আত্মা। এই চক্ৰ ঘূৰি থাকে। কলিযুগৰ বিনাশো নিশ্চয় হ'ব। বিনাশৰ লক্ষণো সন্মুখত
দেখিবলৈ পোৱা। সেয়াই মহাভাৰতৰ যুদ্ধ তেন্তে নিশ্চয় ভগৱানো থাকিব। কি ৰূপত, কোনটো
শৰীৰত আছে সেয়া তোমালোক সন্তানসকলৰ বাহিৰে আন কোনেও গম নাপায়। কয়ো - মই একেবাৰে
সাধাৰণ শৰীৰত আহোঁ। মই শ্ৰীকৃষ্ণৰ শৰীৰত নাহোঁ। এৱেঁই (ব্ৰহ্মাই) পূৰা 84 জন্ম লয়।
মই এওঁৰ বহুত জন্মৰ অন্তিমৰো অন্তত আহোঁ। 84 জন্ম সূৰ্যবংশী কুলৰসকলেই লয়।
তেওঁলোকেই প্ৰথম নম্বৰত আহিব। সাকাৰী বৃক্ষ আৰু নিৰাকাৰী বৃক্ষ দুয়োৰে তোমালোকৰ
গোটেই জ্ঞান আছে। মূলধামৰ পৰা ক্ৰমানুসৰি আত্মাসকল আহে। পোন-প্ৰথমে দেৱী-দেৱতা
ধৰ্মৰ আত্মাসকল আহে তাৰপাছত ক্ৰমানুসৰি অন্য ধৰ্মৰসকল আহে। চিত্ৰসমূহত বুজনিতো বহুত
উচ্চ হয়। সন্তানসকলক বুজাব লাগে, কুমাৰীসকল আগবাঢ়ি আহিব লাগে। কোনোবা কন্যাই এনেকুৱা
কথাবোৰ বুজালে তেতিয়া চমৎকাৰ হ'ব নহয়। কিমান নাম প্ৰসিদ্ধ হ'ব। লৌকিক-অলৌকিক
দুয়োটাৰে নাম প্ৰসিদ্ধ কৰিব। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা, সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সংগমযুগত
শ্ৰেষ্ঠ কৰ্ম কৰি পুৰুষোত্তম হ'ব লাগে। কোনোধৰণৰ এনেকুৱা কৰ্ম কৰিব নালাগে যাৰ বাবে
কনিষ্ঠ (নীচ) হ'বলগীয়া হয়।
(2) গুপ্ত ৰূপত পিতাৰ
সহায়কাৰী হৈ ভাৰতক স্বৰ্গ কৰি গঢ়ি তোলাৰ সেৱা কৰিব লাগে। নিজৰেই তন-মন-ধনেৰে ভাৰতক
স্বৰ্গ কৰি তুলিব লাগে। স্মৃতি আৰু পৱিত্ৰতাৰ বল জমা কৰিব লাগে।
বৰদান:
নিজৰ সম্পূৰ্ণ
স্থিতিৰ দ্বাৰা সকলো ধৰণৰ অধীনতা সমাপ্ত কৰোঁতা প্ৰকৃতিজিৎ হোৱা
যেতিয়া তোমালোক নিজৰ
সম্পূৰ্ণ অৱস্থাত স্থিৰ হ’বা তেতিয়া প্ৰকৃতিৰ ওপৰতো বিজয় অৰ্থাৎ অধিকাৰৰ অনুভৱ
হ’ব। সম্পূৰ্ণ অৱস্থাত কোনো ধৰণৰ অধীনতা নাথাকে। কিন্তু এই সম্পূৰ্ণ অৱস্থা গঢ়ি
তুলিবলৈ একেলগে তিনিটা বিষয়ৰ প্ৰয়োজন:- 1) আত্মিকতা 2) আত্মিক নিচা আৰু 3)
দয়াশীলতা গুণ। যেতিয়া এই তিনিওটা কথা প্ৰত্যক্ষ ৰূপত, স্থিতিত, চেহেৰাত আৰু কৰ্মত
দৃশ্যমান হ’ব, তেতিয়া অধিকাৰী বা প্ৰকৃতিজিৎ আত্মা বুলি কোৱা হ’ব।
স্লোগান:
শ্ৰীমতৰ লেকাম মজবুত হ’লে মন ৰূপী ঘোৰা নিজৰ ইচ্ছামতে দৌৰিব নোৱাৰে।
অব্যক্ত ইংগিত:
অপৱিত্ৰতাৰ বীজো সমাপ্ত কৰি সম্পূৰ্ণ স্বচ্ছ (পৱিত্ৰ) হোৱা
যদি কোনো অপৱিত্ৰতা
বৃত্তি, স্মৃতি বা সংকল্পত থাকে, তেন্তে ব্ৰাহ্মণ-বোধৰ স্থিতিত স্থিৰ হ’ব নোৱাৰা,
সেয়েহে পদে পদে সাৱধান হৈ থাকা। বিশেষত্বসমূহৰ সৈতে যদি কোনো এটা দুৰ্বলতাও আছে,
তেন্তে সেই এটা দুৰ্বলতাই অনেক বিশেষত্ব সমাপ্ত কৰি দিয়ে।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]