07.10.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
পলমকৈ আহি যদি তীব্ৰ পুৰুষাৰ্থ কৰা তেন্তে বহুত আগত যাব পাৰা, আনৰ চিন্তা এৰি নিজৰ
পুৰুষাৰ্থত লাগি যোৱা”
প্ৰশ্ন:
কোনটো কৰ্তব্য
একমাত্ৰ পিতাৰ, যিটো অন্য কোনো মনুষ্যৰ হ’ব নোৱাৰে?
উত্তৰ:
মনুষ্যক দেৱতা কৰি তোলা, তেওঁলোকক শান্তিধাম, সুখধামৰ মালিক কৰি তোলা, এইটো একমাত্ৰ
পিতাৰহে কৰ্তব্য যিটো আন কোনো মনুষ্যই কৰিব নোৱাৰে। তোমালোকৰ নিশ্চয়তা আছে যে
সংগমতেই আমি ভগৱানৰ বাণী শুনোঁ। এতিয়া স্বয়ং ভগৱানে কল্প পূৰ্বৰ দৰে ৰাজযোগ শিকাই
আছে।
ওঁম্শান্তি।
আত্মিক বেহদৰ
পিতাই বেহদৰ আত্মিক সন্তানসকলক বুজায়। এই এটি এটি শব্দ বা জ্ঞান ৰত্ন লাখ লাখ টকা
মূল্যৰ হয়। পিতাই বুজাইছে - পৰমাত্মাক ৰূপ-বসন্ত বুলিও কোৱা হয়। তেওঁৰ ৰূপো আছে,
নাম হৈছে শিৱবাবা। তেওঁ জ্ঞানৰ সাগৰ যি জ্ঞানৰে সৎগতি হয়। জ্ঞান ধনো হয়, জ্ঞান পঢ়াও
হয়। এই জ্ঞান দিয়ে আধ্যাত্মিক পিতাই। আত্মাক আধ্যাত্মিক সত্ত্বা বুলি কোৱা হয়। ভক্তি
মাৰ্গত আত্মাই পিতাক পাবৰ বাবে কিমান হাবাথুৰি খায়। তেওঁক বিচাৰি ফুৰে। বুজিও পায়
যে ভগৱান শিৱ এজন হয়, তথাপিও হাবাথুৰি খাই ফুৰে। পিতা আহি বুজায় যে আত্মিক
সন্তানসকল, তোমালোকতো অবিনাশী হোৱা, পৰমধামৰ নিবাসী হোৱা, য’ৰ পৰা আকৌ ইয়াত ভূমিকা
পালন কৰিবলৈ আহা। তোমালোক দূৰণিৰ দেশৰ নিবাসী। এইখন হৈছে নাটক, ইয়াৰ নাম হৈছে
জয়-পৰাজয়ৰ খেল। সুখ-দুখৰ খেল। পিতাই বুজায় যে মই আৰু তোমালোক সকলো পৰমধামৰ নিবাসী।
তাক নিৰ্বাণধাম বুলিও কয়। প্ৰথমতে এইটোতো নিশ্চয় কৰিব লাগে যে আমি তাৰ (পৰমধামৰ)
নিবাসী। আমাৰ অৰ্থাৎ আত্মাসকলৰ স্বধৰ্ম হৈছে শান্তি। আত্মা বিন্দুত গোটেই অবিনাশী
ভূমিকা সমাহিত হৈ আছে। পিতাই পঢ়ায়ো তোমালোককে, তোমালোকে জগতৰ মনুষ্যৰ কথা চিন্তা কৰা।
তোমালোকৰ নিশ্চয় আছে নহয় যে ভগৱানুবাচ সংগমতেই হয়, পুনৰ কেতিয়াও নহয়। কোনেও মনুষ্যক
দেৱতা কৰি গঢ়ি তুলিব নোৱাৰে। শান্তিধাম, সুখধামৰ মালিক কৰি তুলিব নোৱাৰে। কল্প
পূৰ্বেও পিতাই মালিক কৰি তুলিছিল। এতিয়া যিগৰাকী ৰাষ্ট্ৰপতি হৈছে 5000 বছৰৰ পাছত
পুনৰ তেৱেঁই হ’ব। গোটেই জগতৰ যি দৃশ্যাৱলী আছে 5000 বছৰৰ পাছত পুনৰাবৃত্তি হ’ব।
বৃদ্ধাসকলে ইমানবোৰ ধাৰণ কৰিব নোৱাৰে গতিকে তেওঁলোকক কোৱা হয় কেৱল 3 টা কথা স্মৃতিত
ৰাখা - মই আত্মা শান্তিধামৰ নিবাসী, তাৰ পৰা আকৌ সুখধামলৈ আহোঁ, আকৌ আধাকল্পৰ পাছত
যেতিয়া ৰাৱণৰাজ্য আৰম্ভ হয় তেতিয়া বিকাৰী হৈ যাওঁ, ইয়াক দুখধাম বুলি কোৱা হয়। যেতিয়া
দুখধাম পূৰা হয় তেতিয়া পিতাই কয় - মোক স্মৰণ কৰা। তোমালোকক শান্তিধাম, সুখধামলৈ লৈ
যাবৰ বাবে মই আহিবলগীয়া হয়। এতিয়া যিসকল আহি পিতাৰ হৈছে তেওঁলোকেই উত্তৰাধিকাৰ লাভ
কৰিব। এয়া সূৰ্যবংশী, চন্দ্ৰবংশী ৰাজধানী স্থাপন হৈ আছে। কোটি কোটি মনুষ্য আহি কিবা
নহয় কিবা পিতাৰ পৰা শুনিব, বুজিব। বৃদ্ধি হৈ গৈ থাকিব। সকলোফালে গৈ তোমালোকে বুজাব
লাগিব। বাতৰি কাকতৰ দ্বাৰাও বহুতে শুনিব, পাকিস্তানতো বাতৰি কাকতত পঢ়িব। তাত বহিও
এই জ্ঞান শুনিব। গীতাৰ প্ৰচাৰ গোটেই জগতত বহুত আছে। পিতাই কয় – মামেকম্ (কেৱল মোক;
পৰমপিতাক) স্মৰণ কৰা আৰু উত্তৰাধিকাৰক স্মৰণ কৰা। এই লিখনি বাতৰি কাকতত পঢ়িব সেইবাবে
বহুত ব্ৰাহ্মণ হ’ব, যিসকলে উত্তৰাধিকাৰ ল’বলগীয়া আছে তেওঁলোক আহি নিশ্চয় ল’ব। এতিয়া
অলপ সময় বাকী আছে, বৃদ্ধি হৈ গৈ থাকিব। পলমকৈ আহিলে আকৌ তীব্ৰতাৰে পুৰুষাৰ্থ কৰিব
লাগিব। কল্প পূৰ্বে যিমান স্বৰ্গবাসী হৈছিল সিমানেই এতিয়াও নিশ্চয় হ’ব। এই ক্ষেত্ৰত
অলপো হীনডেঢ়ি হ’ব নোৱাৰে। শান্তিধামৰসকল শান্তিধামলৈ যাব। পুনৰ নিজৰ নিজৰ সময়ত
ভূমিকা পালন কৰিবলৈ আহিব। এতিয়া পিতাই কয় – সন্তানসকল, মোক স্মৰণ কৰা তেতিয়া ঘৰত
উপস্থিত হৈ যাবাগৈ। সন্ন্যাসীয়ে মুক্তিৰ বাবে মগজ খটুৱাই থাকে, সেইবাবে সকলোকে কয়
যে মুক্তিয়েই ঠিক। সুখতো কাউৰীৰ বিষ্ঠাৰ সমান। শাস্ত্ৰবোৰত লিখি দিছে যে সত্যযুগতো
দুখৰ কথা আছিল, একোৱে বুজি নাপায়। এনেকৈ কয় যে পৰমাত্মা আহিব লাগে। পতিত-পাৱন
পৰমাত্মা আহক, আহি আমাক মাৰ্গ-দৰ্শন কৰক। আনফালে কয় - গংগা পতিত-পাৱনী। গংগা-স্নান,
যজ্ঞ-তপ, যাত্ৰা কৰা এই সকলোবোৰ ভগৱানক লগ পোৱাৰ মাৰ্গ। যিহেতু ভগৱানক আহ্বান জনোৱা
তেন্তে হাবাথুৰি কিয় খোৱা! এইবোৰ সকলো ভক্তি মাৰ্গত নিৰ্ধাৰিত হৈ আছে। মনুষ্যৰ মনলৈ
যি আহে তাকেই কৈ দিয়ে। ভগৱানক পাবলৈ কিমান পৰিশ্ৰম কৰে। এতিয়া ভগৱানক লগ পাবলৈ ভক্ত
যাব নে ভগৱান ইয়ালৈ আহিবলগীয়া হ’ব? পতিত আত্মাতো যাব নোৱাৰে। পিতা লৈ যাবলৈ আহে।
সকলো আত্মাৰ পাণ্ডা এজনেই। তোমালোকো পৱিত্ৰ হৈ তেওঁৰ পিছে পিছে গুচি যাবাগৈ।
প্ৰেমিকে তোমালোকক জ্ঞান-ৰত্নৰে অলংকৃত কৰে - মহাৰজা-মহাৰাণী কৰি তুলিবলৈ। বাকী
কৃষ্ণৰ বাবে দেখুৱায় - অমুকীক পলুৱাই নিলে, পাটৰাণী কৰিলে। এই কথাবোৰ তেওঁৰ
ক্ষেত্ৰত প্ৰযোজ্য নহয়। তোমালোকে জানা যে আমি স্বৰ্গৰ মহাৰাণী হ’মগৈ। তোমালোকেই
স্বৰ্গবাসী আছিলা। এতিয়া পিতাই পুনৰ স্বৰ্গবাসী কৰি তুলিবলৈ আহিছে। 84 জন্মৰ কথা।
84 লাখ জন্ম কোনেও স্মৃতিত আনিব নোৱাৰে। সত্যযুগক লাখ লাখ বছৰ দি দিছে, ত্ৰেতাক কমকৈ
দিছে। এয়াতো হিচাপেই হ’ব নোৱাৰে। পিতাই কিমান সহজ কৰি কয় যে কেৱল দুটা কথা স্মৃতিত
ৰাখিব লাগে – ‘অল্ফ’ (পৰমপিতা) আৰু ‘বে’ (বাদশ্বাহী)। গতিকে তোমালোক পৱিত্ৰও হ’বা,
উৰিবও পাৰিবা আৰু উচ্চ পদো পাবা। গতিকে এইটো চিন্তা থাকিব লাগে যে যিকোনো উপায়ে
পিতাক স্মৰণ কৰিব লাগে। মায়াৰ ধুমুহাও আহিব, কিন্তু পৰাজিত নহ’বা। কোনোবাই লাগিলে
ক্ৰোধো কৰক কিন্তু তোমালোকে মুখেৰে একো নক’বা। সন্ন্যাসীয়েও কয় – মুখত তাবিজ
সুমুৱাই দিয়া, তেতিয়া তেওঁ কৈ কৈ শান্ত হৈ যাব। পিতায়ো কয় - কোনোবাই ক্ৰোধেৰে ক’লে
তেতিয়া তোমালোকে শান্ত হৈ চাই থাকা। যিকোনো পৰিস্থিতত তোমালোকে শিৱবাবাক স্মৰণ কৰিব
লাগে। বাবাৰ স্মৃতিৰেই উত্তৰাধিকাৰো স্মৃতিলৈ আহিব। তোমালোকৰ অতীন্দ্ৰিয় সুখৰ গায়ন
আছে যে আমি 21 জন্মৰ কাৰণে স্বৰ্গৰ ৰাজকুমাৰী হ’মগৈ। তাত দুখৰ নামো নাথাকিব।
তোমালোকে 50-60 জন্ম সুখ ভোগ কৰা, সুখৰ হিচাপ বেছি। সুখ-দুখ সমান হ’লে তেন্তে লাভেই
বা কি! তোমালোকৰ ওচৰত ধনো বহুত থাকে। কিছু সময়ৰ আগতে ইয়াতো খাদ্য শস্য বহুত সস্তা (সুলভ)
আছিল। ৰজাসকলৰ বহুত ডাঙৰ সাম্ৰাজ্য আছিল। বাবাই 10 অনাত এক মোন গোমধান বিক্ৰী
কৰিছিল। তেন্তে তাৰো আগত কিমান সস্তা হ’ব। মনুষ্য কম হ’ব, অন্নৰ বাবে চিন্তা
নাথাকিব। এতিয়া এইটোতো স্মৃতিত থাকিব লাগে যে প্ৰথমে আমি ঘৰলৈ গৈ পুনৰ নতুন সৃষ্টিত
আহি নতুন ভূমিকা পালন কৰিম। তাত আমাৰ শৰীৰো সতোপ্ৰধান তত্বৰে গঠন হ’ব। এতিয়া 5 তত্ব
একেবাৰে তমোপ্ৰধান পতিত হৈ গৈছে। আত্মা আৰু শৰীৰ দুয়োটাই পতিত। তাত শৰীৰ ৰুগীয়া নহয়।
এই সকলোবোৰ বুজিবলগীয়া কথা। সন্তানসকলক ইয়াত ভালদৰে বুজায় – আকৌ ঘৰলৈ গৈ পাহৰি যায়।
ইয়াত ডাৱৰ ভৰপূৰ হৈ কিমান আনন্দিত হয়, বাহিৰলৈ গ’লে পাহৰি যায়। আগতে ৰাস-বিলাস বহুত
চলিছিল। আকৌ সেই সকলোবোৰ বন্ধ কৰি দিলে। মনুষ্যই ভাবিছিল - যাদু হয়। ভক্তিত যেতিয়া
ঐকান্তিক ভক্তি কৰে তেতিয়া বহুত কষ্টৰ পাছত সাক্ষাৎকাৰ হয়। ইয়াত ভক্তিৰতো কথাই নাই,
বহি বহি সাক্ষাৎকাৰত গুচি গৈছিল, সেইকাৰণে যাদু বুলি ভাবিছিল।
আজিকালি জগতত কিমান
ভগৱান ওলাইছে। নাম ৰাখে সীতাৰাম, ৰাধাকৃষ্ণ আদি। ক’ত সেই স্বৰ্গৰ মালিক। ক’ত এই
নৰকবাসী। এই সময়ত সকলো নৰকবাসী। ছিৰিৰ চিত্ৰত স্পষ্টকৈ দেখুওৱা হৈছে। ছিৰিৰ চিত্ৰ
সন্তানসকলে নিজে বিচাৰ সাগৰ মন্থন কৰি তৈয়াৰ কৰিছে। বাবাই দেখি আনন্দিত হ’ল। ছিৰিৰ
চিত্ৰত সকলো কথা আহি যায়। দ্বাপৰৰ পৰা বিকাৰী ৰজাসকলে কেনেকৈ ভক্তি কৰি কৰি তললৈ
আহিল (অৱনমিত হ’ল)। এতিয়াতো কোনো মুকুট নাই। চিত্ৰত ওপৰত বুজাবলৈ সহজ হয়। 84 জন্মত
কেনেকৈ অৱৰোহণ কলা হয়, পুনৰ আৰোহণ কলা কেনেকৈ হয়। গায়নো কৰে – তোমালোকৰ আৰোহণ কলা
হ’লে তেতিয়া সকলোৰে কল্যাণ হয়। পিতা আহি সকলোকে সুখ দিয়ে। সকলোৱে আহ্বান জনায় যে হে
বাবা আমাৰ দুখ হৰণ কৰক, সুখ দিয়ক। কিন্তু কেনেকৈ দুখ হৰণ কৰে, সুখ কেনেকৈ পোৱা যায়,
এয়া কোনেও গম নাপায়।
আজিকালি মনুষ্যই গীতা
মুখস্থ কৰি শুনায়, সংক্ষেপে অৰ্থ বুজাই দিয়ে। সংস্কৃতত শ্লোক মুখস্থ কৰি শুনায়
তেতিয়া কৈ দিয়ে এইগৰাকী মহাত্মা বহুত ভাল। লাখ লাখ মনুষ্য গৈ চৰণত পৰে। সেই পঢ়াততো
(লৌকিকৰ পঢ়াত) 15-20 বছৰ লাগি যায়। তাৰ ভিতৰত কোনোবা বুদ্ধিমান হ’লে তেতিয়া তৎক্ষণাৎ
শ্লোক আদি মুখস্থ কৰি শুনাবলৈ লাগি যায়, তেতিয়া তেওঁলোকৰ ওচৰত বহুত পইচা একত্ৰিত হৈ
যায়। এই সকলোবোৰ হৈছে উপাৰ্জনৰ পথ। যেতিয়া কোনোবা দেউলীয়া হয় তেতিয়াও গৈ সন্ন্যাস
ধাৰণ কৰে, তেতিয়া সকলো চিন্তা দূৰ হৈ যায় তেতিয়া কিবা নহয় কিবা মন্ত্ৰ স্মৰণ কৰিবলৈ
লয়, পৰিক্ৰমা লগাই থাকে। ট্ৰেনতো পৰিক্ৰমা লগাই থাকে। ইয়াততো পিতাই কয় যে নিজক আত্মা
বুলি বুজি পিতাক স্মৰণ কৰা। পিতা আৰু আত্মা সকলো নিৰাকাৰী সৃষ্টিত নিবাস কৰে। তাৰপৰা
সাকাৰী সৃষ্টিত ভূমিকা পালন কৰিবলৈ আহে। এতিয়া নাটক পূৰা হয়। তোমালোক তমোপ্ৰধান
হোৱাৰ বাবে উভতি যাব নোৱাৰা। এতিয়া বাবা আহিছে – তোমালোকক সতোপ্ৰধান কৰি তুলিবলৈ।
সকলো নিজৰ ঘৰলৈ যাব। বাকী স্বৰ্গত কেৱল দেৱী-দেৱতাসকলৰ ৰাজ্য হ’ব। শান্তিধাম,
সুখধাম, দুখধাম.. কেতিয়া আছিল - এয়াও কাৰো বুদ্ধিত উদয় নহ’ব কিয়নো ঘোৰ অন্ধকাৰত আছে।
এনেকৈ ভাবে যে কলিযুগৰ অন্ত ইমান হাজাৰ বছৰৰ পাছত হ’ব। কোনো হিচাপেই নাই। মনুষ্য
বৃদ্ধি হৈ গৈ থাকে, অন্ন নাপায়। যদি 40 হাজাৰ বছৰ এতিয়া আৰু বাকী আছে তেন্তে গ’ম
নাপাওঁ কি হৈ যাব। তেওঁলোকে যি কয় সেয়া একেবাৰে মিছা। কিঞ্চিৎমানো সঁচা নহয়। এতিয়া
পিতাই ৰাৱণৰ ওপৰত কেনেকৈ বিজয়ী হ’ব লাগে সেয়া শিকায়। ৰাৱণৰ ওপৰত জয়ী তোমালোকেই হোৱা।
গোটেই সৃষ্টিক ৰাৱণৰ পৰা মুক্ত কৰি দিয়ে। তোমালোকৰ শক্তি সেনা আছে, তোমালোকে ভাৰতক
স্বৰ্গ কৰি গঢ়ি আছা। কিমান ভাল ভাল কথা বুজায়। আকৌ তোমালোকে পিতা আৰু উত্তৰাধিকাৰক
স্মৰণ কৰি কিমান আনন্দিত হৈ থাকিব লাগে। জ্ঞান মাৰ্গত বহুত আনন্দিত হয়। এতিয়া বাবাৰ
আগমন হৈছে, এতিয়া আমি এই পুৰণি সৃষ্টিৰ পৰা যোৱাৰ পথত। বাবাক স্মৰণ কৰিলে সতোপ্ৰধান
হ’বা। নহ’লেতো শাস্তি খাবলগীয়া হ’ব, তেতিয়া খুব বেছি এটুকুৰা ৰুটি পাবা, ইয়াৰ পৰা
কি লাভ। যিমান সম্ভৱ নিজৰ পুৰুষাৰ্থ কৰিব লাগে। শ্ৰীমতত চলিব লাগে। খোজে প্ৰতি
বাবাৰ পৰা ৰায় ল’ব লাগে। কোনোৱে কয় - বাবা বেপাৰত মিছা ক’বলগীয়া হয়। বাবাই কয় -
বেপাৰততো মিছা থাকেই, তোমালোকে বাবাক স্মৰণ কৰি থাকা। এনেকুৱা নহয় যে বিকাৰত গৈ আকৌ
ক’বা যে মই বাবাৰ স্মৃতিত আছিলোঁ। নহয়, যদি বিকাৰত যোৱা তেন্তে মৰিলা। এয়াতো পিতাৰ
আগত প্ৰতিজ্ঞা কৰিছা নহয় জানো। পৱিত্ৰতাৰ বাবেই ৰাখী বন্ধা হয়। ক্ৰোধৰ কাৰণে
কেতিয়াও ৰাখী বন্ধা নহয়। ৰাখী বন্ধনৰ অৰ্থই হৈছে বিকাৰত যাব নালাগে। মনুষ্যই কয়
- পতিত পাৱন আহক।
তোমালোক সন্তানসকল
ভিতৰি বহুত আনন্দিত হৈ থাকিব লাগে। বাবাই আমাক পঢ়াই আছে, আকৌ বাবাই লগত লৈ যাব।
তাৰ পৰা স্বৰ্গলৈ গুচি যাম। যিমান সম্ভৱ পুৱাতে (অমৃতবেলা) উঠি বাবাক স্মৰণ কৰিব
লাগে। স্মৰণ কৰা মানে উপাৰ্জন কৰা, এই ক্ষেত্ৰত আশীৰ্বাদে কি কৰিব। এইকৈ জানো ক’ব
লাগে - আপুনি আশীৰ্বাদ দিয়ক তেতিয়া আমি স্মৰণ কৰিম। সকলোকে যদি আশীৰ্বাদ দিয়ে
তেতিয়াতো সকলো স্বৰ্গত গুচি যাব। ইয়াততো পৰিশ্ৰম কৰিব লাগে। যিমান সম্ভৱ বাবাক
স্মৰণ কৰিব লাগে। বাবা মানে উত্তৰাধিকাৰ। যিমানেই স্মৰণ কৰিবা সিমানেই ৰাজ্য-ভাগ্য
পাবা, স্মৃতিত থাকিলে বহুত লাভ হয়। সহজ চুক্তি (বন্দৱস্ত)। এনেকুৱা সহজ চুক্তি
কোনেও কৰাব নোৱাৰে। এয়াও কোনোবা বিৰলজনেহে কৰে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কোনোবাই
ক্ৰোধ কৰিলে বহুত শান্ত হৈ থাকিব লাগে। ক্ৰোধীৰ লগত ক্ৰোধী হৈ যাব নালাগে। মায়াৰ
যিকোনো ধুমুহাত পৰাজিত হ’ব নালাগে।
(2) পুৱাই পুৱাই (অমৃতবেলা)
পিতাক স্মৰণ কৰিব লাগে, নিজৰ উপাৰ্জন জমা কৰিব লাগে। পৱিত্ৰতাৰ দৃঢ় ৰাখী বান্ধিব
লাগে।
বৰদান:
নিজৰ অব্যক্ত
শান্ত স্বৰূপৰ দ্বাৰা বাতাৱৰণ অব্যক্ত কৰি তোলোঁতা সাক্ষাৎ মূৰ্ত হোৱা
যেনেকৈ সেৱাৰ বাবে
কাৰ্যসূচী প্ৰস্তুত কৰা, ঠিক তেনেকৈ পুৱাৰ পৰা ৰাতিলৈকে স্মৃতিৰ যাত্ৰাত কেনেকৈ আৰু
কেতিয়া থাকিবা, তাৰো কাৰ্যসূচী প্ৰস্তুত কৰা আৰু মাজে মাজে দুই-তিনি মিনিটৰ বাবে
সংকল্পৰ ট্ৰেফিক বন্ধ কৰি দিয়া। যেতিয়া কাৰোবাক ব্যক্ত ভাৱত (দৈহিকভাৱত) বেছিকৈ দেখা
পোৱা, তেতিয়া তেওঁলোকক একো নকৈ নিজৰ অব্যক্ত শান্ত ৰূপ এনেদৰে ধাৰণ কৰা, যাতে
তেওঁলোকেও ইংগিততে বুজি পায়। ইয়াৰ দ্বাৰা বাতাৱৰণ অব্যক্ত হৈ থাকিব। এক সুকীয়া
বৈশিষ্ট্য দেখা যাব আৰু তোমালোক সাক্ষাৎ কৰাওঁতা সাক্ষাৎ মূৰ্ত হৈ যাবা।
স্লোগান:
সম্পূৰ্ণ সত্যতাই হ'ল পৱিত্ৰতাৰ আধাৰ।
অব্যক্ত ইংগিত:
পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰা
যদি তোমালোকৰ কোনো
সহযোগী ভাই বা ভনী, পৰিয়ালৰ কোনো আত্মাই বোধ শক্তিৰ অভাৱ বা শিশুসুলভ জেদৰ বাবে
ক্ষণিকৰ বস্তুক চিৰন্তন প্ৰাপ্তি বুলি ভাবি, ক্ষণিকৰ মান-সন্মান-নাম বা ক্ষণিকৰ
প্ৰাপ্তিৰ ইচ্ছা ৰাখে, তেন্তে আনক সন্মান দি নিজে বিনয়ী হোৱাটোৱেই হ'ল পৰোপকাৰ। এই
দিয়াটোৱেই সদাকালৰ বাবে লোৱা।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]