07.12.25    Avyakt Bapdada     Assame Murli     02.02.2008     Om Shanti     Madhuban


“*“সম্পূ্ৰ্ণ পৱিত্ৰতাৰ দ্বাৰা আত্মিক অভিজাত্য আৰু ব্যক্তিত্বৰ অনুভৱ কৰি, নিজৰ মাষ্টৰ জ্ঞানসূৰ্য স্বৰূপ জাগ্ৰত কৰা”*”


আজি বাপদাদাই চাৰিওফালৰ নিজৰ অভিজাত আৰু ব্যক্তিত্বসম্পন্ন পৰিয়ালক চাই আছেহঁক। এই অভিজাত্য বা আত্মিক ব্যক্তিত্বৰ আধাৰ হ’ল সম্পূৰ্ণ পৱিত্ৰতা। পৱিত্ৰতাৰ লক্ষণ সকলোৰে মস্তকত, সকলোৰে শিৰত লাইটৰ মুকুট চিকমিকাই আছে। এনেকুৱা চিকমিকাই থকা মুকুটধাৰী আত্মিক অভিজাত্য, আত্মিক ব্যক্তিত্বসম্পন্ন কেৱল তোমালোক ব্ৰাহ্মণ পৰিয়ালেই হোৱা কিয়নো পৱিত্ৰতা ধাৰণ কৰিছা। তোমালোক ব্ৰাহ্মণ আত্মাসকলৰ পৱিত্ৰতাৰ প্ৰভাৱ আদিকালৰ পৰা প্ৰসিদ্ধ। নিজৰ অনাদি আৰু আদিকাল স্মৃতিলৈ আহেনে! স্মৃতিলৈ আনা অনাদিকালতো তোমালোক পৱিত্ৰ আত্মাসকল আত্মা ৰূপতো বিশেষ চিকমিকাই থকা তৰা, চিকমিকাই থাকে, অন্য আত্মাও আছে কিন্তু তোমালোক তৰাবোৰৰ চিকমিকনি সকলোৰে লগত থাকিও বিশেষভাৱে চিকমিকায়। যেনেকৈ আকাশত তৰা অনেক থাকে কিন্তু কোনো কোনো তৰা বিশেষভাৱে চিকমিকাই থাকোঁতা। সকলোৱে নিজক চাই আছানে? আকৌ আদিকালত তোমালোকৰ পৱিত্ৰতাৰ অভিজাত্য আৰু ব্যক্তিত্ব কিমান মহান আছিল! সকলো আদিকালত আহি পালানে? আহি যোৱা। পৰীক্ষা কৰা মোৰ চিকমিকাই থকা ৰেখা কিমান শতাংশ আছে? আদিকালৰ পৰা অন্তিম কাললৈকে তোমালোকৰ পৱিত্ৰতাৰ অভিজাত্য, ব্যক্তিত্ব সদায় থাকে। অনাদিকালৰ চিকমিকাই থকা তৰা, চিকমিকাই থকা পিতাৰ সৈতে নিবাস কৰোঁতা। এতিয়াই নিজৰ বিশেষত্ব অনুভৱ কৰা। সকলো আদিকালত আহি পালানে? আকৌ গোটেই কল্পত তোমালোক পৱিত্ৰ আত্মাসকলৰ অভিজাত্য ভিন্ন ভিন্ন ৰূপত থাকে কিয়নো তোমালোক আত্মাসকলৰৰ দৰে কোনো সম্পূৰ্ণ পৱিত্ৰ হোৱা নাই। পৱিত্ৰতাৰ জন্ম সিদ্ধ অধিকাৰ তোমালোক বিশেষ আত্মাসকলকৰ পিতাৰ দ্বাৰা প্ৰাপ্ত হৈছে। এতিয়া আদিকালত আহি যোৱা। অনাদিকালো দেখিলা, এতিয়া আদিকালত তোমালোকৰ পৱিত্ৰতাৰ অভিজাত্যৰ স্বৰূপ কিমান মহান! সকলো সত্যযুগত আহি পালানে। আহি পালানে! আহি গ’লানে? দেৱতা ৰূপ কিমান প্ৰিয় স্বৰূপ। দেৱতাসকলৰ নিচিনা অভিজাত্য আৰু ব্যক্তিত্ব গোটেও কল্পত কোনো আত্মাৰে নাই। দেৱতা ৰূপৰ চিকমিকনি অনুভৱ কৰি আছা নহয়! ইমান আত্মিক ব্যক্তিত্ব, এয়া সকলো পৱিত্ৰতাৰ প্ৰাপ্তি। এতিয়া দেৱতা ৰূপৰ অনুভৱ কৰি মধ্যকালত আহি যোৱা। আহি গ’লানে? অহাৰ অনুভৱ কৰাটো সহজ হয় নহয়! মধ্যকালতো চোৱা তোমালোকৰ ভক্তসকলে তোমালোক পূজ্য আত্মাসকলৰ পূজা কৰে, চিত্ৰ তৈয়াৰ কৰে, কিমান মৰ্যদাসম্পন্ন চিত্ৰ তৈয়াৰ কৰে আৰু কিমান মৰ্যদাপূৰ্বক পূজা কৰে। নিজৰ পূজ্য চিত্ৰ সন্মুখত আহি গৈছে নহয়! চিত্ৰতো ধৰ্মাত্মাসকলৰো তৈয়াৰ কৰে। ধৰ্ম পিতাসকলৰো তৈয়াৰ কৰে, অভিনেতাসকলৰো তৈয়াৰ কৰে কিন্তু তোমালোকৰ চিত্ৰৰ আত্মিকতা আৰু বিধি পূৰ্বক পূজাৰ ক্ষেত্ৰত বহুত পাৰ্থক্য আছে। তেন্তে নিজৰ পূজ্য স্বৰূপ সন্মুখত আহি গ’লনে! বাৰু আকৌ অন্তকাল সংগমত আহা, এয়া আত্মিক কছৰৎ কৰি আছা নহয়! পৰিক্ৰমা লগোৱা আৰু নিজৰ পৱিত্ৰতাৰ, নিজৰ বিশেষ প্ৰাপ্তিৰ অনুভৱ কৰা। অন্তিম কাল সংগমত তোমালোক ব্ৰাহ্মণ আত্মাসকলৰ পৰমাত্ম প্ৰতিপালনৰ, পৰমাত্ম প্ৰেমৰ, পৰমাত্ম শিক্ষাৰ ভাগ্য তোমালোক কোটিৰ মাজত কোনোবা আত্মাসকলৰহে প্ৰাপ্ত হয়। পৰমাত্মাৰ পোনপটীয়া ৰচনা, প্ৰথম ৰচনা, তোমালোক পৱিত্ৰ আত্মাসকলৰহে প্ৰাপ্ত হয়। যাৰ দ্বাৰা তোমালোক ব্ৰাহ্মণসকলেহে বিশ্বৰ আত্মাসকলক মুক্তিৰ উত্তৰাধিকাৰ পিতাৰ দ্বাৰা প্ৰাপ্ত কৰোৱা। গতিকে এই গোটেই পৰিক্ৰমাত অনাদিকাল, আদিকাল, মধ্যকাল আৰু অন্তিমকাল গোটেই পৰিক্ৰমাত ইমান শ্ৰেষ্ঠ প্ৰাপ্তিৰ আধাৰ হৈছে পৱিত্ৰতা। গোটেই পৰিক্ৰমা লগালা এতিয়া নিজক পৰীক্ষা কৰা, নিজক চোৱা, চোৱাৰ আইনা আছে নহয়! নিজক চোৱাৰ আইনা আছেনে? যাৰ আছে হাত দাঙা। আইনা আছে, আইনা স্পষ্টনে? তেন্তে আইনাত চোৱা মোৰ পৱিত্ৰতাৰ শতাংশ কিমান? পৱিত্ৰতা কেৱল ব্ৰহ্মচৰ্য্য নহয় কিন্তু ব্ৰহ্মাচাৰী। মন-বচন-কৰ্ম, সমন্ধ-সম্পৰ্ক সকলোতে পৱিত্ৰতা আছেনে? কিমান শতাংশ আছে? শতাংশ উলিয়াব জানা নহয়? শিক্ষকসকলে জানানে? পাণ্ডৱে জানানে? বাৰু ভাল হুচিয়াৰ। মাতাসকলে জানানে? জানানে মাতাসকলে? বাৰু।

পৱিত্ৰতাৰ চিনাক্তকৰণ - বৃত্তি, দৃষ্টি আৰু কৃতি তিনিওটা পৰীক্ষা কৰা, সম্পূৰ্ণ পৱিত্ৰতাৰ যি বৃত্তি সেয়া বুদ্ধিত আহি গ’ল নহয়। ভাবা, সম্পূৰ্ণ পৱিত্ৰতাৰ বৃত্তি অৰ্থাৎ প্ৰত্যেক আত্মাৰ প্ৰতি শুভ-ভাৱনা, শুভ- কামনা। অনুভৱী হোৱা নহয়! আৰু দৃষ্টি কি হ’ব? প্ৰত্যেক আত্মাক আত্মা ৰূপত চোৱা। আত্মিক স্মৃতিৰে কোৱা, চলা। সংক্ষেপে শুনাই আছোঁ। বিতংকৈতো তোমালোকে ভাষণ দিব পাৰা আৰু কৃতি অৰ্থাৎ কৰ্মত সুখ লোৱা, সুখ দিয়া। এইটো পৰীক্ষা কৰা - মোৰ বৃত্তি, দৃষ্টি, কৃতি এনেকুৱা হয়নে? সুখ লোৱা, দুখ নল’বা। গতিকে পৰীক্ষা কৰা কেতিয়াবা দুখতো লৈ নোলোৱা! কেতিয়াবা কেতিয়াবা, অলপ-অচৰপ? দুখ দিওঁতাও থাকে নহয়। ধৰা তেওঁলোকে দুখ দিয়ে তেন্তে তোমালোকে জানো তেওঁলোকক অনুসৰণ কৰিবা! অনুসৰণ কৰিব লাগে নে নালাগে? অনুসৰণ কাক কৰিব লাগে? দুখ দিওঁতাক নে পিতাক? পিতাই, পিতা ব্ৰহ্মাই, নিৰাকাৰৰ ক্ষেত্ৰততো হয়েই, কিন্তু পিতা ব্ৰহ্মাই কোনো সন্তানৰ দুখ ল’লেনে? সুখ দিলে আৰু সুখ ল’লে। পিতাক অনুসৰণ কৰা নে কেতিয়াবা কেতিয়াবা ল’বলগীয়া হয়? নামেই হ’ল দুখ, যেতিয়া দুখ দিয়ে অপমান কৰে, তেতিয়া জানা যে এয়া বেয়া বস্তু, কোনোবাই তোমালোকৰ অপমান কৰে তেন্তে সেয়া তোমালোকে ভাল বুলি ভাবা জানো? বেয়া বুলি ভাবা নহয়! তেন্তে বেয়া বস্তু যদি তোমালোকক কোনোবাই দিয়ে, তোমালোকে লৈ লোৱানে? লৈ লোৱানে? অলপ সময়ৰ বাবে, বেছি সময় নহয় অলপ সময়ৰ বাবে লোৱানে? বেয়া বস্তু ল’ব লাগেনে? তেন্তে দুখ বা অপমান কিয় লোৱা? অৰ্থাৎ মনত আবেগৰ ৰূপত কিয় ৰাখা? নিজকে সোধা মই দুখ কিয় লওঁ? নে দুখক পৰিৱৰ্তনৰ ৰূপত চোৱা? কি ভাবা - দুখ লোৱাটো ঠিক হয়নে? ঠিক হয়নে? মধুবনবাসী ঠিক হয়নে? অলপ-অচৰপ লৈ ল’ব লাগে নেকি? দুখ ল’ব লাগে নেকি! ল’ব নালাগে কিন্তু লৈ লোৱা। ভুলতে লৈ লোৱা। যদি দুখৰ অনুভৱ হয় তেন্তে চিন্তিত কোন হ’ব? যদি মনত জাৱৰ ৰাখা তেন্তে চিন্তিত কোন হ’ব? য’তেই জাৱৰ থাকিব তাতেই চিন্তিত হ’ব নহয়! সেই সময়ত নিজৰ আভিজাত্য আৰু ব্যক্তিত্ব সন্মুখত আনা আৰু নিজক কি স্বৰূপত চাবা? জানা তোমালোকৰ উপাধি কি? তোমালোকৰ উপাধি হ’ল সহনশীলতাৰ দেৱী, সহনশীলতাৰ দেৱ। তেন্তে তোমালোক কোন? সহনশীলতাৰ দেৱী, সহনশীলতাৰ দেৱ হোৱা নে নহয়? কেতিয়াবা কেতিয়াবা হৈ যায়। নিজৰ পদমৰ্যাদা স্মৃতিলৈ আনা। মই কোন? এয়া স্মৃতিলৈ আনা! গোটেই কল্পৰ বিশেষ স্বৰূপ স্মৃতিলৈ আনা। স্মৃতিতো জাগে নহয়!

বাপদাদাই দেখিলে যে যেনেকৈ ‘মোৰ’ শব্দটি সহজ স্মৃতিলৈ পৰিৱৰ্তন কৰিছা। তেন্তে ‘মোৰ’ৰ বিস্তাৰ সামৰি ল’বৰ বাবে কি কোৱা? “মোৰ বাবা”। যেতিয়াই মোৰ বাবা আহে তেতিয়া “মোৰ বাবা”ত সামৰি লোৱা। আৰু বাৰে বাৰে “মোৰ বাবা” বুলি ক’লে স্মৃতিও সহজ হৈ যায় আৰু প্ৰাপ্তিও অধিক হয়। তেনেকৈ গোটেই দিনটোত যদি কোনো প্ৰকাৰৰ সমস্যা বা কাৰণ আহে, তাৰ বাবে এই দুটা বিশেষ শব্দ – ‘মই’ আৰু ‘মোৰ’। যেনেকৈ ‘বাবা’ শব্দটি কলেই মোৰ শব্দ দৃঢ় ৰৈ গ’ল। ৰৈ গ’ল নহয়? সকলোৱে এতিয়া বাবা বাবা বুলি নকয়, মোৰ বাবা বুলি কয়। তেনেকৈয়ে এয়া যি ‘মই’ শব্দটি আছে, ইয়াকো পৰিৱৰ্তন কৰিবৰ বাবে যেতিয়াই ‘মই’ শব্দটি কোৱা তেতিয়া নিজৰ স্বমানৰ তালিকা সন্মুখত আনিবা। মই কোন? কিয়নো ‘মই’ শব্দটি অৱনমিত কৰাৰ নিমিত্তও হয় আৰু ‘মই’ শব্দই স্বমানৰ স্মৃতিৰে উন্নতি সাধনো কৰায়। গতিকে যেনেকৈ “মোৰ বাবা”ৰ অভ্যাস হৈ গ’ল, তেনেকৈ ‘মই’ শব্দটি ক’লে তেতিয়া দেহবোধৰ স্মৃতিৰ সলনি নিজৰ শ্ৰেষ্ঠ স্বমান সন্মুখত আনা। মই শ্ৰেষ্ঠ আত্মা, আসনাধিকাৰী আত্মা, বিশ্বকল্যাণী আত্মা, এনেকৈ কিবা নহয় কিবা স্বমানৰ সৈতে সাঙুৰি লোৱা। তেতিয়া ‘মই’ শব্দটি উন্নতিৰ সাধন হৈ যাব। যেনেকৈ ‘মোৰ’ শব্দটিয়ে এতিয়া গৰিষ্ঠসংখ্যকৰ ‘বাবা’ শব্দটি স্মৃতিলৈ আনে তেনেকৈ ‘মই’ শব্দটিয়ে স্বমানৰ স্মৃতি আনি দিয়ক কিয়নো এতিয়া সময়ে প্ৰকৃতিৰ দ্বাৰা নিজৰ প্ৰত্যাহ্বান জনাইছে।

সময়ৰ সমীপতাক সাধাৰণ কথা বুলি নাভাবিবা। ‘অকস্মাৎ’ আৰু ‘সদাপ্ৰস্তুত’ শব্দ দুটি নিজৰ কৰ্মযোগী জীৱনত সকলো সময়ত স্মৃতিত ৰাখা। নিজৰ শান্তিৰ শক্তি নিজৰ প্ৰতি ভিন্ন ভিন্ন ৰূপত প্ৰয়োগ কৰা। যেনেকৈ বিজ্ঞানে নিজৰ নতুন নতুন প্ৰয়োগ কৰি থাকে। যিমানে নিজৰ প্ৰতি প্ৰয়োগ কৰা অভ্যাস কৰি থাকিবা সিমানেই আনৰ প্ৰতিও শান্তিৰ শক্তিৰ প্ৰয়োগ হৈ থাকিব।

এতিয়া বিশেষ নিজৰ শক্তিসমূহৰ কিৰণ চাৰিওফালে বিয়পোৱা। যেতিয়া তোমালোকৰ প্ৰকৃতিয়ে সূৰ্যৰ শক্তি, সূৰ্যৰ কিৰণে নিজৰ কাৰ্য কিমান ৰূপত কৰি আছে। পানীৰ বৰষেও, পানী শুকায়ো। দিনৰ পৰা ৰাতি, ৰাতিৰ পৰা দিন কৰি দেখুৱায়। তেন্তে তোমালোকে নিজৰ শক্তিসমূহৰ কিৰণ বায়ুমণ্ডলত বিয়পাব নোৱাৰা জানো? আত্মাসকলক নিজৰ অবিনাশী শক্তিৰ কিৰণেৰে দুখ-অশান্তিৰ পৰা মুক্ত কৰিব নোৱাৰানে! জ্ঞান সূৰ্য স্বৰূপ জাগ্ৰত কৰা। কিৰণ বিয়পোৱা। যেনেকৈ স্থাপনাৰ আদিকালত বাপদাদাৰ ফালৰ পৰা অনেক আত্মাৰ ঘৰত বহিয়ে সুখ-শান্তিৰ কিৰণ প্ৰাপ্ত কৰাৰ অনুভৱ হ’ল। সংকল্প উদয় হ’ল যে যাওঁ। তেনেকৈ এতিয়া তোমালোক মাষ্টৰ জ্ঞান সূৰ্য সন্তানসকলৰ দ্বাৰা সুখ-শান্তিৰ লহৰ বিয়পোৱাৰ অনুভূতি হ’ব লাগে। কিন্তু সেৱা তেতিয়া হ’ব, ইয়াৰ সাধন হ’ল মনৰ একাগ্ৰতা। স্মৃতিৰ একাগ্ৰতা। একাগ্ৰতা শক্তি নিজৰ ভিতৰত বৃদ্ধি কৰা। যেতিয়া বিচৰা যেনেকৈ বিচৰা, যেতিয়ালৈকে বিচৰা তেতিয়ালৈকে যাতে মন একাগ্ৰ কৰিব পাৰা। এতিয়া মাষ্টৰ জ্ঞান সূৰ্যৰ স্বৰূপ জাগ্ৰত কৰা আৰু শক্তিৰ কিৰণ বিয়পোৱা।

বাপদাদাই শুনিলে আৰু হৰ্ষিত হৈছে যে সন্তানসকল সেৱাৰ উৎসাহ উদ্দীপনাৰ ঠায়ে ঠায়ে সেৱা ভাল কৰি আছে, বাপদাদাৰ ওচৰত সেৱাৰ সংবাদ সকলো ফালৰ পৰা ভাল ভাল আহি আছে, প্ৰদৰ্শনী কৰক, সংবাদ পত্ৰৰ দ্বাৰা হওক, টি ভি দ্বাৰা সংবাদ দিয়া কাৰ্য্য বৃদ্ধি পাইছে। সংবাদো প্ৰাপ্ত হয়, সংবাদ ভাল দি আছে। গাৱতো যত বাকী আছে, প্ৰত্যেক জন ভাল নিজৰ নিজৰ স্থান বৃদ্ধি কৰি আছে। সংবাদ পত্ৰৰ দ্বাৰা টি ভিৰ দ্বাৰা বিভিন্ন সাধনৰ দ্বাৰা উৎসাহ উদ্দীপনাৰে কৰি আছে। তাৰ সকলো কৰোতা সন্তান বাপদাদাই বহুত স্নেহযুক্ত আশীৰ্বাদ যুক্ত অভিনন্দন জনাইছে। কিন্তু এতিয়া সংবাদ দিয়াততো ভাল উৎসাহ উদ্দীপনা আছে আৰু চাৰিওফালৰ ব্ৰহ্মাকুমাৰী কি হয়, বহুত ভাল শক্তিশালী কাৰ্য্য কৰি আছে। আৱাজ ভাল দৰে বিয়পায় আৰু বৃদ্ধি পাই আছে। কিন্তু কিন্তু শুনাওনে? শুনাও কিন্তু.... কিন্তু ব্ৰহ্মাকুমাৰীৰ বাবা কিমান ভাল হয়, সেই আৱাজ এতিয়া বৃদ্ধি কৰাব লাগে। ব্ৰহ্মাকুমাৰী ভাল কাম কৰি আছে কিন্তু কৰাওতা কোন হয়, এতিয়া এই প্ৰত্যক্ষতা আহিব লাগে। পিতা আহিছে, এই সংবাদ মনত পাব লাগে ইয়াৰ পৰিকল্পনা কৰা।

বাপদাদাৰ প্ৰতি সন্তানসকলে প্ৰশ্ন সুধিছে যে উত্তৰাধিকাৰী বা মাইক কাক কব? মাইক উলাইছেও কিন্তু বাপদাদাই মাইক এতিয়া সময় অনুসৰি এনেকুৱা বিচাৰে বা আৱশ্যকতা আছে যাৰ আৱাজত মহানতা আছে। যদি সাধাৰণ বাবা শব্দ কৈও দিয়া ভাল কৰিছে ইমানলৈকো আনে, তেন্তে বাপদাদাই অভিনন্দন জনাইছে কিন্তু এতিয়া এনেকুৱা মাইক লাগে যাৰ আৱাজকো মানুহৰে ওচৰত মূল্য আছে। এনে প্ৰসিদ্ধ হওক, প্ৰসিদ্ধৰ অৰ্থ এয়া নহয় যে শ্ৰেষ্ঠ পদধাৰী হওক কিন্তু তেওঁৰ আৱাজ শুনি বোধক পাওক যে এয়া কওতাও যি কয়, এওৰ আৱাজত মূল্য আছে।

8 যদি তেওঁ অনুভৱেৰে কয় তেন্তে তাৰ মূল্য হওক। যিদৰে মাইকতো বহুত থাকে কিন্তু মাইকো কোনোবাতে কিমান পাৱাৰৰ হয় কোনোতো কিছুমান কিমান থাকে, এনেকুৱা মাইক বিচৰা যাৰ আৱাজত শক্তি আছে। তেওঁৰ আৱাজ শুনি বুজি পাওক যে এও অনুভৱ কৰি আহিছে তেন্তে নিশ্চয় কিবা কথা আছে কিন্তু তথাপিও বৰ্তমান সময় প্ৰত্যেক জন, প্ৰত্যেক বৰ্গৰ মাইক নিশ্চয় ওলাইছে। বাপদাদাই এয়া নকয় যে সেৱাৰ প্ৰত্যক্ষ ফলাফল ওলোৱা নাই, ওলাইছে। কিন্তু এতিয়া সময় কম আছে সেৱাৰ মহত্ব থকা আত্মাৰ এতিয়া নিমিত্ত কৰি তুলিব লাগিব। যাৰ আৱাজৰ মূল্য আছে। পদ হয়তো নাই কিন্তু তেওঁৰ প্ৰেক্টিকেল জীৱন আৰু প্ৰেক্টিকেল অনুভৱ অৰ্থাৰিটী হওক। তেওঁৰ বাণীত অনুভৱৰ অৰ্থাৰিটী হওক। বুজিলা কেনেকুৱা মাইক লাগে। উত্তৰাধিকাৰীতো জানাই। যাৰ প্ৰত্যেক শ্বাসক, প্ৰথেক খোজত পিতা আৰু কৰ্তব্য আৰু লগতে মন বাণী কৰ্ম, শৰীৰ মন ধন সকলোতে বাবা আৰু যজ্ঞ সমাহিত হৈ থাকক। বেহদৰে সেৱা সমাহিত হৈ থাকক। সকাশ দিয়াৰ সমৰ্থী হওক। বাৰু

এতিয়া এক চেকেণ্ড, এক চেকেণ্ড হল এক চেকেণ্ড সমগ্ৰ সভা যি যত বহি আছে তাত মনক এটি সংকল্পত স্থিত কৰা পিতা আৰু মই পৰমধামত অনাদি জ্যোতি বিন্দু স্বৰূপ হওঁ পৰমধামত পিতাৰ লগত বহি যোৱা। বাৰু এতিয়া সাকাৰলৈ আহি যোৱা। এতিয়া বৰ্তমান সময়ৰ হিচাপেও মন বুদ্ধিক একাগ্ৰ কৰাৰ অভ্যাস যি কাৰ্য্য কৰি আছা সেই কাৰ্য্যত একাগ্ৰ কৰা নিয়ন্ত্ৰণ শক্তি বেছি বঢ়োৱা। মন বুদ্ধি সংস্কাৰ তিনিওৰে ওপৰত নিয়ন্ত্ৰণ শক্তি। এই অভ্যাসে আহিব লগীয়া সময়ত বহুত সহযোগ দিব। বায়ুমণ্ডল অনুসৰি এক চেকেণ্ডত নিয়ন্ত্ৰণ কৰিব লাগিব। যি বিচৰা সেয়াই হওক এই অভ্যাসৰ বহুত আৱশ্যকতা আছে। ইয়াক পাতল নকৰিবা কিয়নো সময়ত এয়ে অন্ত শুৱনি কৰিব বাৰু।

চাৰিও ফালৰ ডবল আসনধাৰী বাপদাদাৰ অন্তৰাসনধাৰী লগতে বিশ্ব ৰাজ্য আসনধাৰী সদায় নিজক অনাদি স্বৰুপ আদি স্বৰূপ মধ্য স্বৰূপ অন্তিম স্বৰূপত যেতিয়া বিচৰা স্থিত হওতা সদায় সকলো খাজনাক স্বয়ং কাৰ্য্যত লগোৱা আৰু আনকো খাজনাৰে সম্পন্ন কৰি তোলোতা সৰ্ব আত্মাক পিতাৰ পৰা মুক্তিৰ উত্তৰাধিকাৰ দিওতা এনে পৰমাত্ম প্ৰেমৰ পাত্ৰ আত্মাসকলৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ অন্তৰৰ আশীৰ্বাদ আৰু নমস্কাৰ।

বৰদান:
সংগী আৰু সাক্ষীভাৱৰ অনুভৰ দ্বাৰা সদায় সফলতামূৰ্ত হোৱা

যিসকল সন্তানে সদায় পিতাৰ লগত থাকে তেওঁ সাক্ষী স্বতঃ হৈ যায় কিয়নো পিতাই স্বয়ং সাক্ষী হৈ ভূমিকা পালন কৰে তেন্তে তেওঁৰ লগত থকাসকলেও সাক্ষী হৈ ভূমিকা পালন কৰিব আৰু যাৰ সংগী স্বয়ং সৰ্ব শক্তিমান পিতা হয় তেওঁ সফলতামূৰ্তও স্বতঃ হৈয়েই যায়। ভক্তি মাৰ্গততো আহ্বান জনায় যে অলপ সময়ৰ সংগৰ অনুভৱ কৰায় দিয়া, ৰেঙনি দেখুওৱা কিন্তু তোমালোক সৰ্ব সম্বন্ধেৰে সংগী হৈ গলা তেন্তে এই আনন্দ আৰু নিচাত থাকা যে যি পাবলগীয়া আছিল সেয়া প্ৰাপ্ত কৰিলো।

স্লোগান:
ব্যৰ্থ সংকল্পৰ চিন হ’ল মন উদাস আৰু আনন্দ নাইকিয়া হোৱা।

অব্যক্ত সংকেত: অশৰীৰী তথা বিদেহী স্থিতিৰ অভ্যাস বঢ়োৱা

বহুত কাল অচল অটল নিৰ্বিঘ্ন, নিৰ্বন্ধন, নিৰ্বিকল্প, নিৰ-বিকৰ্ম অৰ্থাৎ নিৰাকাৰী নিৰ্বিকাৰী আৰু নিৰহংকাৰী স্থিতিত থাকা তেতিয়া কৰ্মাতীত হ’ব পাৰিবা। সেৱাৰ বিস্তাৰ যিমানেই বৃদ্ধি নকৰা, কিন্তু বিস্তাৰত গৈ সাৰৰ স্থিতিৰ অভ্যাস কম যাতে নহয়, বিস্তাৰত সাৰ পাহৰি নাযাবা। খোৱা বোৱা কৰা, সেৱা কৰা কিন্তু ন্যাৰাবোধ উপৰাম হোৱাতো নাপাহৰিবা।