08.02.26    Avyakt Bapdada     Assame Murli     31.12.2008     Om Shanti     Madhuban


“*“এই নতুন বছৰত পৰিৱৰ্তন শক্তিৰ বৰদানৰ দ্বাৰা নেতিবাচকক ইতিবাচকলৈ পৰিৱৰ্তন কৰি, সংকল্প, শ্বাস আৰু সময় সফল কৰা, সফলতামূৰ্ত হোৱা”*”


আজি নৱজীৱন দাতা পিতাই নিজৰ চাৰিওফালৰ নৱজীৱন ধাৰণ কৰা সন্তানসকলক দেখি হৰ্ষিত হৈ আছেহঁক। এই নৱজীৱন হৈছেই নৱযুগ গঢ়িবৰ কাৰণে। জগতৰ লোকে নৱবৰ্ষ উদ্‌যাপন কৰে আৰু তোমালোক সকলো নৱজীৱনপ্ৰাপ্ত সন্তানসকলে সকলো আত্মাক অভিনন্দনো জনোৱা আৰু লগতে এইটোৱে সুখবৰ দিয়া যে নৱযুগ সমাগত। তোমালোক সকলো সন্তানকতো পিতাই উত্তৰাধিকাৰৰ ৰূপত সোণালী সৃষ্টিৰ উপহাৰ দি দিছে। যি সোণালী সৃষ্টিত অনেক সোণালী উপহাৰ আছেই। তোমালোক সকলোৰে এইটোৱে নিচা আছে নহয় যে এই সোণালী সৃষ্টিৰ উপহাৰতো আমাৰ জন্মসিদ্ধ অধিকাৰ। আজিৰ জগতত কোনোবাই কাৰোবাক যিমানেই ডাঙৰ উপহাৰ নিদিয়ক কিয়, আটাইতকৈ ডাঙৰ কি দিব! মুকুট বা সিংহাসন। কিন্তু তোমালোকৰ সোণালী সৃষ্টিৰ উপহাৰৰ আগত সেয়া কি বস্তু? কিবা ডাঙৰ বস্তু জানো! তোমালোকৰ অন্তৰত আনন্দ আছে যে আমাৰ পিতাই আমাক আটাইতকৈ উচ্চতকৈও উচ্চ নৱযুগৰ উপহাৰ দি দিছে। নিশ্চয়তা আছে আৰু নিশ্চিত। এই নিয়তি কোনেও সলনি কৰিব নোৱাৰে। এইটো অটল নিশ্চয় সদায় স্মৃতিত থাকেনে! সদায় থাকেনে নে কেতিয়াবা কম হৈ যায়? জন্ম সিদ্ধ অধিকাৰ হয় তেন্তে জন্ম সিদ্ধ অধিকাৰ কেতিয়াও খণ্ডন হ’ব নোৱাৰে। আজি তোমালোক সকলোৱে বিভিন্ন স্থানৰ পৰা নৱবৰ্ষ উদ্‌যাপন কৰিবলৈ আহিছাহঁক। তেন্তে এই নতুন বছৰৰ লক্ষ্য কি ৰাখিছা? এই নতুন বছৰত বিশেষ কি কৰিব লাগে? এই নতুন বছৰৰ বিশেষত্ব হ’ল যে পিতাৰ সমান সম্পন্ন আৰু সম্পূৰ্ণ হ’বই লাগে। যিয়েই পুৰুষাৰ্থ কৰিব লগা নহওক কিয়, কিন্তু এয়া নিশ্চিত যে পিতাৰ সমান হ’বই লাগে। যিয়েই পুৰুষাৰ্থ কৰিবলগীয়া নহওক কিন্তু নিশ্চিত যে পিতাৰ সমান হ’বই লাগে। কোৱা, সকলোৰে মনত এইটোৱে দৃঢ় সংকল্প আছে নহয়! আছেনে? কান্ধ লৰোৱা। পিতায়ো এইটোৱেই বিচাৰে যে প্ৰতিগৰাকী সন্তান পিতাৰ সমান হওক। পিতাতো পিতাই কিন্তু সন্তান পিতাতকৈও উচ্চ। তেন্তে পিতাৰ সমান হোৱাৰ লক্ষ্য পূৰা কৰিবলৈ পিতাক অনুসৰণ কৰিব লাগিব। ভাবা, পিতা, পিতা ব্ৰহ্মা সম্পূৰ্ণ কেনেকৈ হ’ল? তেওঁৰ কি বিশেষত্ব আছিল? সম্পূৰ্ণতাৰ বিশেষ আধাৰ কি আছিল? পিতা ব্ৰহ্মাই নিজৰ প্ৰতিটো মুহূৰ্ত সফল কৰিলে। প্ৰতিটো শ্বাস, প্ৰতিটো চেকেণ্ড সফল কৰিলে। তেন্তে পিতাৰ সমান হ’বলৈ এই বছৰৰ লক্ষ্য কি ৰাখিবা? সফল কৰিব লাগে আৰু সফলতামূৰ্ত হ’বই লাগে। সফলতা আমাৰ ডিঙিৰ মালা। সফলতা আমাৰ পিতাৰ উত্তৰাধিকাৰ। গতিকে এইটো লক্ষ্যৰে পৰীক্ষা কৰিবা – প্ৰতিদিনে নিজে নিজক পৰীক্ষা কৰিব লাগে যে সফলতামূৰ্ত হৈ সময়, শ্বাস, সম্পদ, শক্তি, গুণ সকলো সফল কৰিলোঁনে? কাৰণ এতিয়াৰ সফলতাৰ দ্বাৰা ভৱিষ্যতলৈও জমা হয়। এতিয়া যি সফল কৰিলা, তাৰ ফল 21 জন্মৰ বাবে জমা হয়। জানা নহয়! আগতেও শুনাইছোঁ যে যদি তোমালোকে সময় সফল কৰা, তেন্তে ভৱিষ্যতেও তোমালোকৰ ৰাজ্য-ভাগ্যৰ পূৰ্ণ সময়, ৰাজ্য-ভাগ্য প্ৰাপ্ত হয়। শ্বাস সফল কৰিলে তেতিয়া 21 জন্মলৈ স্বাস্থ্যৱান হৈ থাকিবা। কেতিয়াও স্বাস্থ্যৰ কোনো অভাৱ নহ’ব আৰু লগতে যি সম্পদ জমা কৰিবা, আটাইতকৈ ডাঙৰ সম্পদ হৈছে জ্ঞানৰ, জ্ঞানৰ অৰ্থ হ’ল বোধশক্তি। গতিকে জ্ঞানৰ সম্পদ সফল কৰিলে ভৱিষ্যতে তোমালোক এনেকুৱা বিচাৰ বুদ্ধি সম্পন্ন হৈ যোৱা যে তোমালোকে কোনো মন্ত্ৰণাদাতাৰ পৰামৰ্শ ল’ব নালাগে। নিজে অখণ্ড, অটল ৰাজ্য চলাই থাকিবা আৰু তোমালোকৰ ৰাজ্যত কোনো বিঘিনি নাথাকিব। নিৰ্বিঘ্ন অখণ্ড, অটল। এয়া হৈছে জ্ঞানৰ সম্পদ জমা কৰাৰ ফল। এটা জন্ম সফল কৰিলা আৰু অনেক জন্ম সফলতাৰ ফল ভোগ কৰা। তেনেকৈ যিবোৰ শক্তি প্ৰাপ্ত হৈছে সেইবোৰ নিজৰ প্ৰতি আৰু আনৰ প্ৰতি সফল কৰিলে ভৱিষ্যতে তোমালোকৰ ৰাজ্যত সকলো শক্তি থাকিব, কেতিয়াও শক্তিৰ হ্ৰাস নহয়। কোনো শক্তিৰেই অভাৱ নাই। তেনেকৈয়ে যদি গুণ দান কৰা তেন্তে তোমালোকৰ অন্তিম 84তম জন্মলৈকে যি জড় চিত্ৰ তৈয়াৰ কৰে, তাত শেষলৈকে তোমালোকৰ কি মহিমা কৰে? সৰ্বগুণ সম্পন্ন। তেন্তে এটি এটি সফলতা প্ৰাপ্তিৰ অনেক জন্মৰ অধিকাৰী হৈ যোৱা। গতিকে এইটো বছৰত কি কৰিব লাগে? লক্ষ্য ৰাখিব লাগে যাতে এটি শ্বাস, এটি চেকেণ্ডো অসফল নহয়। জমা কৰিব লাগে। জমা কৰাৰ সময় এটা সৰু জন্ম আৰু ফল লাভৰ সময় 21 জন্ম, তেন্তে এইটো বছৰ পিতাৰ সমান হোৱাৰ লক্ষ্য আছেনে? সকলোৰে লক্ষ্য আছেনে যে পিতাৰ সমান হ’বই লাগিব? হ’ব নালাগে, হ’বই লাগিব। হ’বই লাগিব ইয়াৰ প্ৰতি মনোযোগ দিয়া। বাৰু। শিশুসকলো হ’বানে? সৰু সৰু শিশুসকলো হ’ব। শিশুসকলৰ মুকুট দেখি ভাল লাগে। (সকলো শিশুৱে মুকুট পিন্ধি আছে) বৰ ভাল লাগে।

এই বছৰৰ লক্ষ্যও ৰাখিলা আৰু লগতে পিতাক অনুসৰণ কৰাৰ মন্ত্ৰ, সফল কৰি সফলতামূৰ্ত হ’ব লাগে। ইয়াৰ বাবে বাপদাদাই সন্তানসকলক বেছি পৰিশ্ৰম কৰাৰ দুখো নিদিয়ে, অতি সহজ বিধি শুনায়, সহজ বিধি কি? যিয়েই সংকল্প কৰা, প্ৰথমে পৰীক্ষা কৰা যে পিতাৰ এইটো সংকল্প আছিলনে! যি কথা কোৱা সেয়া পৰীক্ষা কৰা, পিতাৰ সমান হ’ব লাগে নহয়! গতিকে সংকল্প, বাণী আৰু কৰ্ম, সম্বন্ধ-সম্পৰ্ক প্ৰথমে ভাবা, পৰীক্ষা কৰা পিতাৰ এয়া আছিলনে? আৰু এনেকুৱাই স্বৰূপ হোৱা। পিতা ব্ৰহ্মাক অনুসৰণ কৰা? পিতাক অনুসৰণ কৰা বুলি গায়ন কৰা হৈছে নহয়! বহুত সন্তানে বৰ ভাল ভাল খেল দেখুৱায়। গম পোৱানে কি খেল দেখুৱায়? অনুসৰণ নকৰে কিন্তু কি কয়? বিচৰাতো নাছিলোঁ, কিন্তু হৈ গ’ল। আগতে ভাবি চোৱা, কেৱল ভবাই নহয় স্বৰূপ হোৱা। যদি স্বৰূপ হৈ যোৱা তেন্তে এনেকৈ নোকোৱা যে ভবা নাছিলোঁ কিন্তু হৈ গ’ল। কৰোঁতা, ভাবোঁতা তোমালোক শ্ৰেষ্ঠ আত্মা, মালিক হোৱা। ‘হৈ গ’ল’ৰ অৰ্থ হ’ল কৰ্মেন্দ্ৰিয়ৰ ওপৰত নিয়ন্ত্ৰণ নাই।

গতিকে এইটো বছৰত এইটোৱে শ্লোগান স্মৃতিত ৰাখিবা – পিতাৰ সমান কৰিবই লাগে, হ’বই লাগে। কঠিনতো নহয় নহয়? যেনেকৈ পিতাই কৰিলে তেনেকৈ কৰিব লাগে। নকল কৰাতো সহজ হয় নহয়, ভবাৰ দৰকাৰেই নাই। আৰু নিশ্চিত যে তোমালোক সকলো যেনেকৈ পিতা, পিতা ব্ৰহ্মা ফৰিস্তা হ’ল গতিকে নিশ্চিত যে ফৰিস্তা তথা দেৱতা হ’বই লাগে। গতিকে তোমালোকো ফৰিস্তা তথা দেৱতা হ’বই লাগে। বহুত সন্তানে কয় যে আগবাঢ়ি যাওঁতে বাধা বহুত আহে, তেতিয়া বাধাৰ কাৰণে স্থিতিৰ পৰা তলত আহি যোৱা। কিন্তু মনত পেলোৱা পিতাৰ সমান হ’বলৈ হ’লে স্থাপনাৰ আৰম্ভণিত পিতা ব্ৰহ্মাই নিজৰ স্থিতিৰে কিমান বাধা অতিক্ৰম কৰিলে? প্ৰতিটো কথা নতুন আছিল, প্ৰত্যাহ্বান আছিল। এতিয়াতো সময় বহুত সলনি হৈ গ’ল কিন্তু অকলে পিতা ব্ৰহ্মাই স্বমানৰ আসনত বহি নিজৰ স্থিতিৰে কিমান বাধাৰ সন্মুখীন হ’ল। য’ত স্থিতি আছে ত’ত বাধাই একো কৰিব নোৱাৰে। আগতে কি কৈছিল? হুলস্থুল কৰি আছে আৰু এতিয়া কি কয়? চমৎকাৰ কৰি আছে। ইমান পাৰ্থক্য হৈ গ’ল। কাৰণ কি? পিতা ব্ৰহ্মাই নিজে স্বমানৰ আসন আৰু দৃঢ় নিশ্চয়তাৰ অস্ত্ৰৰ দ্বাৰা বাধা সমাপ্ত কৰিলে। তেন্তে তোমালোকে এইটো বছৰত কি কৰিবা? সমান হ’ব লাগে নহয়! গতিকে যদি বাধা আহেও তেন্তে তোমালোক স্বমানৰ আসনত বহি যোৱা, তেতিয়া বাধা স্থিতিলৈ সলনি হৈ যাব। সাহস আছেনে? পিতা ব্ৰহ্মাৰ সমান হ’বই লাগে, সেই ক্ষেত্ৰততো হাত দাঙিলা, কিন্তু ইমান সাহস আছেনে? প্ৰথমে স্ব-পৰিৱৰ্তনৰ, তাৰ পাছত অনেক সম্বন্ধ-সম্পৰ্কৰ আত্মাসকল আৰু তাৰ পাছত বিশ্বৰ আত্মাসকল। এই সকলোকে নিজৰ মনৰ শুভ-ভাৱনা, শুভ- কামনাৰ দ্বাৰা, দৃঢ় সংকল্পৰ দ্বাৰা পৰিৱৰ্তন কৰিবা।

এইটো বছৰত বাপদাদাই বিশেষ এটা শক্তিৰ বৰদানো দি আছে। ‘মোৰ বাবা’ অন্তৰৰ পৰা ক’লে তেতিয়া শক্তি হাজিৰ, এনেই ‘মোৰ বাবা’ নহয়, অন্তৰৰ পৰা ক’লা, অধিকাৰ ৰাখিলা, ‘মোৰ বাবা’ আৰু শক্তি তোমালোকৰ আগত হাজিৰ হৈ যাব। সেয়া কোনটো শক্তি? পৰিৱৰ্তন শক্তি। পৰিৱৰ্তন শক্তিৰে বিশেষকৈ নেতিবাচকক ইতিবাচকলৈ পৰিৱৰ্তন কৰা। নেতিবাচক সংকল্প, নেতিবাচক চলন দেখিও তাক ইতিবাচকলৈ পৰিৱৰ্তন কৰা। ইতিবাচক দৃষ্টিৰে চোৱা, কোৱা, কৰা, কেৱল শুভ-ভাৱনা আৰু শুভ-কামনাৰ দ্বাৰা সহজ হৈ যাব কাৰণ এই বাধাবোৰ আহিব, কিন্তু তোমালোকৰ পৰিৱৰ্তন শক্তিয়ে তোমালোকক সহজে সফলতা আনি দিব। তেন্তে বুজিলা, এই বছৰৰ বিশেষ বৰদান পৰিৱৰ্তন শক্তি দৃঢ় সংকল্পৰে কাৰ্যত ব্যৱহাৰ কৰা। কৰিব পাৰিবা নহয় পৰিৱৰ্তন? এয়া তোমালোকৰ প্ৰত্যাহ্বান, স্মৃতিত আছে নহয়! বিশ্ব পৰিৱৰ্তক হোৱা নহয়! যেতিয়া উপাধিয়েই বিশ্ব পৰিৱৰ্তক, তেন্তে নিজক পৰিৱৰ্তন কৰাতো কঠিন জানো! অন্তৰত কোনো কঠিন কথা আহিলে, আচলতে কঠিন নহয় কিন্তু তোমালোকে কৰি দিয়া। মাষ্টৰ সৰ্বশক্তিমানৰ আগত কঠিন কি আছে? কিন্তু তোমালোকে এটা ভুল কৰা আৰু কঠিন কৰি দিয়া। উদাহৰণ স্বৰূপে চোৱা হঠাতে যেনিবা ইয়াত অন্ধকাৰ হৈ গ’ল তেতিয়া যদি কোনোবাই ভুলতে অন্ধকাৰ খেদিবলৈ ধৰে তেন্তে অন্ধকাৰ আঁতৰি যাবনে? সঠিক বিধি হ’ল পোহৰৰ বুটাম টিপা তেতিয়া অন্ধকাৰ চেকেণ্ডত আঁতৰি যাব। তেনেকৈ তোমালোকেও এইটো ভুল কৰা যি কথা হৈ গ’ল, তাৰ ‘কিয়’, ‘কি’, ‘কেতিয়া’, ‘কেনেকৈ’… এইবোৰৰ শাৰীত গুচি যোৱা। সৰু কথা এটাও ডাঙৰ কৰি দিয়া আৰু ডাঙৰ কথাতো কঠিন হয়। সৰু কথা কৰি ল’লে সহজ হৈ যাব। পিতাই যিকোনো শক্তি কাৰ্যত ব্যৱহাৰ কৰাৰ অতি সহজ বিধি শুনাইছে – “মই মাষ্টৰ সৰ্বশক্তিমান” নিজৰ এইটো স্মৃতিৰ আসনত বহি যোৱা, যদি এই আসনত বহা তেন্তে অস্থিৰ নোহোৱা। আসনত নাথাকিলে অস্থিৰ হোৱা, আসনত থাকিলে অস্থিৰ নোহোৱা। 63 জন্মৰ সংস্কাৰ জাগ্ৰত হৈ যায়। 63 জন্ম কি আছিলা? এতিয়াই স্থিৰ, এতিয়াই অস্থিৰ। গতিকে সদায় স্বমানৰ আসনত স্থিৰ হৈ থাকা। আৰু এইটো বছৰত কি কৰিবা? নতুন বছৰত উপহাৰতো সকলোকে দিবা নহয়। তেন্তে কি উপহাৰ দিবা? অভিনন্দনো জনাবা আৰু লগতে উপহাৰ কি দিবা? উপহাৰতো তোমালোকৰ ওচৰত বহুত আছে। যিমান দিব বিচৰা সিমান দিব পাৰা। স্থূল উপহাৰতো অল্পকালৰ বাবে চলিব কিন্তু তোমালোকে পিতাৰ সমান হওঁতাসকলে অবিনাশী উপহাৰ দিয়া। মনৰ দ্বাৰা শক্তিসমূহৰ উপহাৰ দিয়া, বাণীৰ দ্বাৰা জ্ঞানৰ উপহাৰ দিয়া আৰু কৰ্মৰ দ্বাৰা গুণৰ উপহাৰ দিয়া। সকলোৰে ওচৰত আছে নহয়? আছে যদি কান্ধ লৰোৱা। সম্পদ বহুত আছে নহয়, কমতো নাই নহয়। যাৰ লগতে কাৰ্য নকৰা, কাৰ্যতো কৰিব লাগিব নহয়, তেওঁলোকক এইটো বছৰত খুব উপহাৰ দিয়া। কিন্তু অবিনাশী উপহাৰ। শুনালোঁ নহয় যে কাকো খালী হাতে যাবলৈ নিদিবা, লাগিলে মনেৰে উপহাৰ দিয়া, বাণীৰে বা কৰ্মৰে। ইয়াৰ বাবে তোমালোকে সদায় এটা কথাত মনোযোগ দিব লাগিব, সকলো সময়ত মনত শক্তিৰ পুঁজি জাগ্ৰত কৰি ৰাখিব লাগিব, কিমান শক্তি আছে? তালিকাতো আছে নহয়! বাণীৰ বাবে সদায় মনত মন্থন শক্তি, জ্ঞান মন্থন কৰাৰ শক্তি, স্মৃতিত ৰাখিব লাগে। চলনত, চেহেৰাত, কৰ্মত, গুণৰ স্বৰূপ হ’ব লাগিব। সদায় নিজক গুণমূৰ্ত, জ্ঞান মূৰ্ত আৰু শক্তি স্বৰূপত জাগ্ৰত কৰি ৰাখিব লাগিব। এনেকুৱা নহয় যে শক্তিবোৰতো আছেই, জ্ঞানতো আছেই… কিন্তু স্বৰূপ হ’ব লাগিব। প্ৰত্যেককে ঈশ্বৰীয় পৰিয়ালৰ দৃষ্টি বৃত্তিৰে চাব লাগিব। এইটো বছৰ যেতিয়া সমান হ’বই লাগিব, সেই ক্ষেত্ৰত হাত দাঙিলা, বাপদাদাৰ লোকত সকলোৰে হাত দেখা যাব। তাত এই সৰু টি.ভি. নাই, বহুত ডাঙৰ আছে। এক চেকেণ্ডতে সকলো সেৱাকেন্দ্ৰৰ ফলাফল চাব পাৰি। তেন্তে বাপদাদাই তোমালোকৰ যি উৎসাহ আছে, পিতাৰ সমান হ’বই লাগে, তাৰ বাবে আনন্দিত হৈছে। সৌভাগ্যশালী হোৱা, প্ৰফুল্লিত চেহেৰাৰ হোৱা, কেতিয়াও ক্ষোভিত চেহেৰা নকৰিবা। যিয়েই তোমালোকলৈ চায় তেতিয়া সদায় যাতে প্ৰফুল্লিত দেখে, লাগিলে যিমানেই কামত ব্যস্ত নাথাকা কিয়, ভুল শুধৰাই আছা, বুজাই আছা কিন্তু চেহেৰা, বাণী যাতে ক্ষোভিত নহয়। এইটো বছৰত এইটো পৰিৱৰ্তন কৰি দেখুওৱা। পুৰস্কাৰ দিম। গোটেই বছৰ যিয়ে সদায় হাঁহি থাকিব, যি কথাই নাহক, বহুত ভ্ৰাতৃ-ভগ্নীয়ে কয়, বাৰ্তালাপতো সকলোৱে কৰা নহয়, তেতিয়া কয় যে যদি ক্ষোভেৰে নকওঁ তেন্তে বুজি নাপাব। সলনিয়ে নহ’ব। আগতেই তোমালোকে ভাৱনা ৰাখি দিলা যে এওঁ সলনি নহ’বই, তেন্তে তোমালোকৰ প্ৰকম্পন আগতেই তেওঁৰ ওচৰ গৈ পালে সেইবাব এইটো বছৰত ক্ৰোধ নতুবা সতি-সন্তান ইহঁতকো বিদায় দিব লাগে। হ’ব পাৰেনে? ক্ষোভো যাতে নাথাকে। পিতাই সুধিছে যিসকলে সময়ে সময়ে ক্ৰোধ কৰে, কাম আদায় কৰাৰ বাবে, শুধৰোৱাৰ বাবে, কিন্তু তেওঁলোকৰ শুধৰণি হয়নে? ক্ৰোধ কৰা বাবে কাৰোবাৰ শুধৰণি হৈছেনে? তাৰ তালিকা তৈয়াৰ কৰা। বৰঞ্চ আৰুহে বিৰক্ত হয়, শুধৰণি নহয়। মনতে বিৰোধ কৰে। যদি ডাঙৰ হয় তেন্তে মনতে বিৰোধ কৰে, ক’বতো নোৱাৰে আৰু সৰু হ’লে কান্দিবলৈ ধৰে। তেন্তে এইটো বছৰ কি কৰিব লাগে, সেয়া সকলো শুনাই আছোঁ। পছন্দ হৈছেনে? কৰিব লাগেনে? এতিয়া হাত দাঙা। কৰিব লাগেনে? টি.ভি.ৰ সেৱাত থকাসকলে, এই ফটোখন তোলা। হাত দাঙা, অলপ থিয়কৈ ৰাখা। টি.ভি.ৰ সেৱাত থকাসকলে ফটো লৈ আছে। বাৰু।

সময় অনুসৰি বাপদাদাই দেখি আছিল যে সময়ৰ গতি এতিয়া তীব্ৰ। তেন্তে সময়ৰ সন্মুখীন কোন হ’ব? তোমালোকেইতো হ’বা। বাপদাদাই দেখিছে যে দুখীসকলৰ কাতৰোক্তি, ভক্তসকলৰ কাতৰোক্তি, সময়ৰ আহ্বান কমকৈ শুনে। বেচেৰাসকল সাহসহীন, তেওঁলোকক ডেউকা লগাই দিয়া যাতে অন্ততঃ উৰিব পাৰে। সাহসৰ ডেউকা, উৎসাহ-উদ্দীপনাৰ ডেউকা লগাই দিয়া। বাৰু।

চাৰিওফালৰ সন্তানসকলে এতিয়া বাপদাদাৰ ঘৰৰ কাম বাস্তৱায়িত কৰি প্ৰমাণ দিওঁতা সুসন্তানসকলৰ নিজৰ প্ৰভাৱ দেখুৱাব। গতিকে চাৰিওফালৰ সন্তানসকলে বহুত বহুত আন্তৰিক মৰম আৰু পদমগুণ আন্তৰিক স্নেহপূৰ্ণ স্মৰণ স্বীকাৰ কৰিবা। আৰু এনেকুৱা যোগ্য সন্তান, শ্ৰেষ্ঠ সন্তানসকলক বাপদাদাৰ নমস্কাৰ।

এইটো বছৰৰ প্ৰতিটো দিন স্ব-পৰিৱৰ্তন আৰু বিশ্ব-পৰিৱৰ্তনৰ ৰূপত পালন কৰি থাকিবা। প্ৰতিটো দিনত নতুন পৰিৱৰ্তন। প্ৰতিটো দিনত নতুন সেৱা, প্ৰতিটো দিনত সদায় উৎসাহ-উদ্দীপনা, এটা দিনো চিন্তাৰ নহয়, সদায় উৎসাহ-উদ্দীপনাৰে দিন আৰু ৰাতি অতিবাহিত কৰিবা, এই নতুন বছৰত প্ৰতিদিনেই কিবা নহয় কিবা নতুন নিজৰ বাবে বা বিশ্বৰ বাবে, সেৱাৰ বাবে কৰিবই লাগিব, এনেকুৱা দৃঢ় সংকল্প কৰি সময় সমীপত আনি সম্পূৰ্ণ পিতাৰ সমান হৈ উৰিব লাগে আৰু উৰুৱাব লাগে। ভাল বাৰু। ওঁম্‌ শান্তি।

বৰদান:
প্ৰত্যেকৰে মতামতক সন্মান জনাই বিশ্বৰ সন্মান প্ৰাপ্ত কৰোঁতা বালক তথা মালিক হোৱা

লাগিলে কোনোবা সৰুৱে হওক বা ডাঙৰে হওক – তোমালোকে প্ৰত্যেকৰে মতামতক সন্মান নিশ্চয় জনাবা কিয়নো কাৰোবাৰ মতামত উপেক্ষা কৰা মানে নিজে নিজক উপেক্ষা কৰা সেইবাবে যদি কাৰোবাৰ ব্যৰ্থ কথা খণ্ডনো কৰিব লাগে, তেন্তে প্ৰথমে তেওঁক সন্মান দিয়া, স্বমান দি তাৰ পাছত শিক্ষা দিয়া। এইটোও এটা পদ্ধতি। যেতিয়া এনেকৈ সন্মান দিয়াৰ সংস্কাৰ ধাৰণ হৈ যাব তেতিয়া তোমালোকে বিশ্বৰ সন্মান লাভ কৰিবা। ইয়াৰ বাবে বালক তথা মালিক, মালিক তথা বালক হোৱা। বুদ্ধি বেহদত শুভ-কল্যাণৰ ভাৱনাৰে সম্পন্ন হওক।

স্লোগান:
মস্তকত সদায় সান্নিধ্যৰ স্মৃতিৰ তিলক লগোৱা – এয়াই সধবা অৱস্থাৰ (সৌভাগ্যৰ) চিন।

অব্যক্ত ইংগিত: একতা আৰু বিশ্বাসৰ বিশেষত্বৰে সফলতা সম্পন্ন হোৱা

একতা আনিবলৈ দুটা কথা ধাৰণ কৰিব লাগে – এটা হ’ল ‘একনামী’ (এজনৰ সৈতে একাত্ম) হৈ সদায় প্ৰতিটো কথাত এজনৰে নাম লোৱা, দ্বিতীয়তে – সংকল্প, সময়, আৰু জ্ঞান ৰূপী সম্পদৰ ‘ইক’ন’মি’ অৰ্থাৎ মিতব্যয় কৰা। যেতিয়া সকলো এনেকুৱা ‘একনামী’ আৰু ‘ইক’ন’মি’ হৈ যাবা তেতিয়া এজন পিতাৰ মাজতেই সকলো প্ৰকাৰৰ ভিন্নতা সমাহিত হৈ যাব।