08.03.26    Avyakt Bapdada     Assame Murli     18.01.2009     Om Shanti     Madhuban


“*“40 বছৰৰ (বৰ্তমান 57 বছৰ) অব্যক্ত প্ৰতিপালনৰ প্ৰতিদান – 4 টা কথা - শুভচিন্তক হোৱা, শুভচিন্তন কৰা, শুভ বৃত্তিৰে শুভ বায়ুমণ্ডল গঢ়া তথা (০) জিৰ’ আৰু হিৰ’ৰ স্মৃতিত থাকা”*”


আজি বাপদাদা চাৰিওফালৰ নিজৰ সেৱাৰ সংগী সন্তানসকলক লগ কৰিবলৈ আহিছেহঁক। আদি সেৱাৰ সংগী আৰু লগতে আন বহুতো সেৱাৰ সংগী হৈ বহুত ভালদৰে সেৱাৰ বৃদ্ধি কৰি আছে, গতিকে বাপদাদাই নিজৰ সংগীসকলক দেখি আনন্দিত হৈ আছে। আৰু অন্তৰত গীত গাই আছে— ৱাঃ! মোৰ বিশ্ব পৰিৱৰ্তনৰ সেৱাৰ সংগী ৱাঃ!

আজি অমৃতবেলাৰে পৰা চাৰিওফালে স্নেহৰ মালা বাপদাদাক পিন্ধাই আছিল। তিনি প্ৰকাৰৰ মালা আছিল- এডাল আছিল পিতাৰ সমান হোৱাৰ উৎসাহ-উদ্দীপনাৰ, দ্বিতীয়ডাল আছিল অতিকৈ বিচ্ছেদ হৈ থকা বন্ধনযুক্ত বান্ধেলী গোপীসকলৰ, তেওঁলোকৰ মালাতো আছিল কিন্তু জিলিকি থকা অতি অমূল্য চকুলোৰ মালাও আছিল। এটি এটি চকুলোৰ টোপাল মুকুতাৰ দৰে জিলিকি আছিল আৰু তৃতীয়ডাল মালা আছিল কিছুমান সন্তানৰ ওজৰ-আপত্তিৰ।

আজি অমৃতবেলাৰ পৰাই সকলোৰে মাজত বিশেষ স্নেহ সমাহিত হৈ থকা দেখা গৈছিল। বাপদাদাই বিৰাট ৰূপ ধাৰণ কৰি বাহু মেলি সকলো সন্তানক বাহুৰ মাজত সমাহিত কৰি ল’লে। এনেয়ে আজিৰ দিনটো স্নেহৰ লগতে সকলো শক্তি ইচ্ছাপত্ৰ কৰি দিয়াৰো আছিল। এগৰাকী সন্তানৰ হাতে হাত মিলাই, লগতে সকলো সন্তানক (শক্তি সেনা আৰু পাণ্ডৱসকলক) ইচ্ছা শক্তি ইচ্ছাপত্ৰ কৰি দিলে। বাপদাদাই দেখিলে বহু সন্তান পাণ্ডৱো আৰু শক্তিসকলো, গুপ্ত ৰূপত অন্তৰ্মুখী হৈ পুৰুষাৰ্থত তীব্ৰ গতিৰে আগবাঢ়ি গৈ আছে। বাহিৰৰ পৰা দেখা পোৱা নাযায় কিন্তু ভাল পুৰুষাৰ্থী। বাপদাদাই আজি সকলো সন্তানৰ বিশেষ ৰূপ দেখিলে, স্নেহৰ বিষয়টিয়ে সকলোৰে মুখমণ্ডল উজ্জ্বল কৰি তুলিছিল। জ্ঞান স্বৰূপ আত্মা সন্তানতো হয়েই কিন্তু স্নেহৰ বিষয়টিৰো আৱশ্যক কিয়নো স্নেহে পৰিশ্ৰম কম আৰু প্ৰেমৰ অনুভৱত সহজ কৰি ৰাখে। স্নেহৰ শক্তিয়ে যিমানেই পাহাৰৰ দৰে সমস্যা নহওক কিয়, পাহাৰকো কপাহৰ দৰে কৰি দিয়ে। পাহাৰকো পানীৰ দৰে পাতল কৰি দিয়ে। স্নেহ এক প্ৰকাৰৰ ছত্ৰছায়া। ছত্ৰছায়াৰ বাবে তেওঁ সদায় নিৰাপদে থাকে। সহজ হয়। স্নেহেৰে পৰমাত্মা বা ভগৱানকো নিজৰ বন্ধু কৰি দিয়ে। যাৰ স্মাৰক হ’ল ঈশ্বৰ মিত্ৰ। ঈশ্বৰক মিত্ৰ কৰি লৈ যিকোনো সমস্যা মিত্ৰতাৰ সম্বন্ধেৰে সহজ কৰি দিয়ে। পিতাক নিজৰ সংগী কৰি লয়। জ্ঞান হৈছে বীজ, কিন্তু প্ৰেম ৰূপী পানীয়ে বীজত প্ৰাপ্তিৰ ফল লগাই দিয়ে। গতিকে এনেকুৱা পিতাৰ স্নেহী সন্তানসকলে পিতাক স্মৰণ কৰাটো পৰিশ্ৰমৰ কথা বুলি নাভাবে কিন্তু পাহৰি যোৱাটোহে কঠিন বুলি ভাবে। স্নেহীয়ে কেতিয়াও স্নেহ পাহৰিব নোৱাৰে। “মোৰ বাবা” বুলি ক’লে, অন্তৰৰ স্নেহেৰে বাকী সকলো সম্পদৰ চাবিকাঠি পোৱা যায়। গতিকে দুয়োগৰাকী, বাপদাদা এনেকুৱা স্নেহী, যাৰ আগত বাপদাদাও হাজিৰ হৈ যায়। স্মৰণতো সকলোৱে কৰে কিন্তু কিছুমানে অলপ পৰিশ্ৰমেৰে কৰে আৰু কোনোবা সদায় স্নেহৰ সাগৰত স্নেহত লীন হৈ থাকে। জগতৰ লোকে কয় যে আত্মা পৰমাত্মাত লীন হৈ যায় কিন্তু আত্মা পৰমাত্মাৰ প্ৰেমত লীন হৈ যায়। লীন নহয় প্ৰেমত লীন হয়।

গতিকে আজিৰ দিনটো প্ৰেমত লীন হোৱাৰ দিন। পৰিশ্ৰম সমাপ্ত হৈ প্ৰেমৰ ৰূপলৈ সলনি হৈ যায়। বাপদাদাই সকলো সন্তানৰ ফলাফলো চালে, সৰহভাগে ঘৰত কৰিবলৈ দিয়া কাম কৰিছে। পিতাৰ সমান হোৱাৰ লক্ষ্য বাৰে বাৰে পুনৰাবৃত্তি কৰিলে, উপলব্ধি কৰিলে। 75 শতাংশ সন্তানৰ ফলাফল ভাল হ’ল। আৰু এই পিতাৰ সমান হ’বই লাগে, যিমানেই ধুমুহা নাহক কিয়, এয়া হয়েই কলিযুগৰ সমাপ্তিৰ সময়, গতিকে ধুমুহাতো আহিবই, পৰিৱৰ্তনৰ সময় হয় নহয়, কিন্তু তোমালোক সন্তানসকলৰ বাবে ধুমুহা কি! ধুমুহা, ধুমুহা নহয়, উপহাৰহে কাৰণ বাপদাদাৰ বৰদানৰ হাত সকলো পুৰুষাৰ্থী সন্তানৰ শিৰত আছে। যিসকলে দৃঢ় সংকল্প অৰ্থাৎ দৃঢ়তাৰ চাবিকাঠি কাৰ্যত ব্যৱহাৰ কৰিলে তেওঁলোকে এতিয়াৰ ফলাফল অনুসৰি সফলতাও প্ৰাপ্ত কৰিলে কিন্তু চিৰকালৰ বাবে ধুমুহাক উপহাৰ কৰি দিলে, সমস্যাক সমাধানৰ ৰূপ দি আগুৱাই গ’ল। গতিকে বাপদাদা এতিয়াৰ ফলাফলত আনন্দিত হৈছে। যি যোগ তপস্যা কৰিছা তাত দৃঢ় লক্ষ্য ৰাখিছা, হ’বই লাগে।

40 বছৰৰ (বৰ্তমান 57 বছৰ) অব্যক্ত প্ৰতিপালন পূৰা হৈছে। তেন্তে 40 বছৰত প্ৰথমে কি আহে— বিন্দু, জিৰ’। গতিকে জিৰ’ই সোঁৱৰাই দিয়ে যে মই হিৰ’, সঁচা হিৰ’, মহান হিৰ’ আৰু হিৰ’ ভূমিকা পালন কৰোঁতা হৈ প্ৰতিটো কাৰ্য হিৰ’ৰ দৰে কৰিব লাগে। গতিকে জিৰ’, হিৰ’ এইটো যাতে সদায় স্মৃতিত থাকে আৰু বাকী যি চাৰি (4) আছে, তাত চাৰিটা কথা দৈনন্দিন জীৱনত কৰিব লাগে, দৃঢ়তাৰে কৰিব লাগে, কৰিবানে? সাজু আছানে? যিয়েই কাকত আহক কিন্তু চাৰিটা কথা নিজৰ জীৱনত কৰিবই লাগে। দৃঢ়নে? দৃঢ়নে? দৃঢ়নে? পিছত থকাসকল, দৃঢ় হোৱা নহয়! অপৰিপক্কসকলক মায়াই খাই পেলায় সেইবাবে দৃঢ় হৈ থাকিবা। এটা কথা — সদায় শুভচিন্তক, কাৰোবাৰ দুৰ্বলতা দেখি বা শুনি দয়াশীল হৈ শুভচিন্তক হৈ তেওঁলোকক সহযোগ দিবই লাগে। দুৰ্বলতা চাব নালাগে কিন্তু সহযোগ দিবই লাগে। ইয়াক কোৱা হয় শুভচিন্তক। দৃঢ় হৈ থাকিবা নহয়! আলম্বন দিওঁতা, দয়াশীল হৈ সহযোগ দিয়া। তেওঁৰ পৰা আঁতৰি নাযাবা বা ঘৃণা নকৰিবা, ক্ষমা কৰিবা। পৰৰ বশীভূতজনক কেতিয়াও ঘৃণা কৰা নহয়। আলম্বন দিয়া হয়। গতিকে শুভচিন্তক আৰু দ্বিতীয়টো হ’ল শুভচিন্তন। আজিকালি বাপদাদাই দেখিবলৈ পায় - অধিক সংখ্যক সন্তানৰ কেতিয়াবা ব্যৰ্থ সংকল্প বহুত চলে, ইয়াত নিজৰ জমা হোৱা শক্তিসমূহ ব্যৰ্থত গুচি যায়, সেইবাবে শুভচিন্তনৰ বাবে স্বমানৰ কিবা নহয় কিবা এটা উপাধি মনক কৰিবলৈ কাম দি দিয়া, মনৰ সময়সূচী নিৰ্ধাৰণ কৰা, কৰ্মৰ সময়সূচীতো নিৰ্ধাৰণ কৰা কিন্তু মনৰ সময়সূচী নিৰ্ধাৰণ কৰা। অমৃতবেলা মিলনৰ পাছত মনক কিবা নহয় কিবা স্বমান দি দিয়া কিন্তু যেনেকৈ শুনাইছোঁ যে 12-13 বাৰ সকলোৱে সময় পায়, তাত উপলব্ধিও কৰা, পুনৰাবৃত্তিও কৰা তেতিয়া মন ব্যস্ত হৈ থাকিলে ব্যৰ্থ সংকল্পত সময় নাযাব, পৰিশ্ৰম কৰিবলগীয়া নহ’ব, সকলো সময়ত সঙ্গমযুগ যিটো আনন্দৰ যুগ, সেই আনন্দতে থাকিবা। তেন্তে দ্বিতীয়টো শুনালোঁ — শুভচিন্তন। পৰীক্ষা কৰা আৰু পৰিৱৰ্তন কৰা। তৃতীয়টো হ’ল— শুভ বৃত্তি। অশুভ বৃত্তিয়ে অশুদ্ধ বায়ুমণ্ডল বিয়পায় সেইবাবে শুভ বৃত্তি। আৰু চতুৰ্থটো হ’ল প্ৰত্যেকে এইটো দায়িত্ব ল’ব লাগে যে মই, বিশেষ ৰূপত মোৰ কাম, আনক চাব নালাগে, মোৰ কাম হ’ল শুভ বায়ুমণ্ডল সৃষ্টি কৰা। যেনেকৈ কেতিয়াবা বায়ুমণ্ডলত দুৰ্গন্ধ থাকিলে তেতিয়া কি কৰা? সুবাস বিলাই দিয়া নহয়! দুৰ্গন্ধ সহ্য নহয়, কিবা নহয় কিবা সুবাসৰ সাধন ব্যৱহাৰ কৰা, তেনেকৈ সাধাৰণ বায়ুমণ্ডল বা অশুভ বায়ুমণ্ডল পৰিৱৰ্তন কৰিবই লাগে। লাগিলে কনিষ্ঠ হওক, বা নতুন হওক, কিন্তু সকলোৰে দায়িত্ব। দৃঢ় সংকল্প কৰিব লাগে যে মই শুভ বায়ুমণ্ডল সৃষ্টি কৰিবই লাগে। এইটো প্ৰতিজ্ঞাই প্ৰত্যক্ষতা কৰিব। প্ৰতিজ্ঞা কৰা, বাপদাদা আনন্দিত হয় কিন্তু প্ৰতিজ্ঞাত কেতিয়াবা কেতিয়াবা দৃঢ়তা নাথাকে সেইবাবে যিমান সফলতা বিচৰা সিমান নহয়। সমগ্ৰ বিশ্বৰ, প্ৰকৃতিৰ, আত্মাসকলৰ, আত্মাসকলৰ ভিতৰত ব্ৰাহ্মণ আত্মাসকলো আহি যায়, প্ৰত্যেকে দৃঢ়তাৰে নিজৰ সেৱাস্থানৰ বায়ুমণ্ডল এনেকুৱা কৰি তোলা, কিবা ত্যাগ কৰিবলগীয়া হ’লে কৰি দিয়া, এওঁ ত্যাগ কৰিলে তেতিয়া মই কৰিম, তেনেকুৱা নহয়। ব্যৱস্থা ঠিক হ’লে তেতিয়া... “তে তে” নকৰিবা। মইতো কৰিবই লাগে। বিশ্ব পৰিৱৰ্তক হওঁ, এইটো স্বমান হয় নহয়! সকলো বিশ্ব পৰিৱৰ্তক হোৱা নহয়! হাত দাঙা। ভাল কথা বিশ্ব পৰিৱৰ্তক! বহুত ভাল। তেন্তে প্ৰথমে বাপদাদাই চাব বিচাৰে, আছেও হ’বও কিন্তু এই বছৰত বাপদাদাই সৰু বা ডাঙৰ সেৱাকেন্দ্ৰ পৰিক্ৰমা লগালে বায়ুমণ্ডল কেনেকুৱা হ’ব? যেনেকৈ আজিৰ দিনটো স্নেহ আৰু শক্তিৰ, তেনেকৈ গাঁৱে গাঁৱে থকা সেৱাকেন্দ্ৰ, ডাঙৰ সেৱাকেন্দ্ৰ সকলোৰে বায়ুমণ্ডল চৈতন্য মন্দিৰ হওক। নেতিবাচকক ইতিবাচক কৰি তোলাৰ ক্ষেত্ৰত প্ৰথমে মই। প্ৰথমে আপুনি বুলি নক’বা, প্ৰথমে মই, কিয়নো বাপদাদা আৰু আগতীয়া দল আৰু আজিকালিতো প্ৰকৃতিয়েও অপেক্ষা কৰি আছে। ব্যৱস্থা কৰোঁতা হৈছা তোমালোক, তোমালোকে অপেক্ষা কৰিব নালাগে, ব্যৱস্থা কৰিব লাগে।

বৰ্তমান চাৰিওফালে ভয় বিয়পি আছে, জগতৰ গৰিষ্ঠসংখ্যকৰে অন্তৰত এটাই সংকল্প আছে - কাইলৈ কি হ’ব! তোমালোকে জানা কাইলৈ কি হ’ব! গতিকে পৰিৱৰ্তন কৰাত প্ৰথমে মই নিমিত্ত হ’ম, এইটো সংকল্প কোনে কৰা? এই ক্ষেত্ৰত হাত দাঙা। কৰিব লাগিব, কৰিব লাগিব। সলাব লাগিব। ৰক্ষক হ’ব লাগিব। কিবা এৰিব লাগিব আৰু মৰম ল’ব লাগিব। মনৰ হাত দাঙিলা নে এই (স্থূল) হাত দাঙিলা? কোনে মনৰ হাত দাঙিলে? কাৰণ মন সলনি হ’ল মানে বিশ্ব সলনি হ’ল। তেন্তে এইটো বছৰত কি শ্লোগান হ’ব? কি শ্লোগান হ’ব? “কোনো সমস্যা নাই”। বিজয়ৰ পতাকা অন্তৰত উৰিব আৰু সকলোৱে সদায় মনত আনন্দৰ নৃত্য কৰিবা, মনৰ নৃত্য হ’ল আনন্দ। গতিকে সকলো সময়ত আনন্দৰ নৃত্য কৰিবা। আৰু দাতাৰ সন্তান হোৱা গতিকে যিয়েই আহে সকলোকে কিবা নহয় কিবা এটা গুণ উপহাৰ দিয়া। এক চেকেণ্ডত সেই দৃঢ় সংকল্প, দাতাৰ সংকল্প লিফ্‌ট হৈ যাব আৰু চেকেণ্ডত পৰমধাম, সূক্ষ্মলোক, স্থূল মধুবন সাকাৰ লোক, য’লৈকে বিচাৰিবা তাত পৰিশ্ৰম নোহোৱাকৈ চেকেণ্ডত উপস্থিত হৈ যাবা। সন্মুখত যিয়েই আহে তেওঁক শুদা হাতে পঠিয়াই নিদিবা, কিবা নহয় কিবা গুণ, চেহেৰাৰে, চাল-চলনৰে, মুখেৰে গুণৰ উপহাৰ অবিহনে লগ নকৰিবা।

গতিকে এইটো বছৰৰ প্ৰতিটো মাহৰ ফলাফল নিজৰ ওচৰতো ৰাখিবা আৰু যজ্ঞত শিক্ষকৰ দ্বাৰাও অ.কে. ৰ কাৰ্ড পঠিয়াবা, দীঘলীয়া পত্ৰ নপঠিয়াবা, অ.কে. ৰ কাৰ্ড পঠিয়াবা। কাৰ্ডো দীঘল নপঠিয়াবা, জগতত যি কাৰ্ড প্ৰচলিত তেনে নহয়, শিক্ষকৰ দ্বাৰা যি বৰদানৰ কাৰ্ড পোৱা যায় সেয়া পঠিয়াবা। গুণৰ উপহাৰ, শক্তিৰ উপহাৰ কিমান আছে? তালিকা গণনা কৰিলে কিমান ডাঙৰ তালিকা হ’ব। আৰু যিমানে দিবা সিমান কমি নাযায় বাঢ়িহে যাব। যেনেকৈ কয় নহয় ছু-মন্ত্ৰ, তেন্তে এই শিৱ মন্ত্ৰৰ দ্বাৰা কেতিয়াও কোনো গুণ তোমালোকৰ পৰা কম হৈ নাযায় বৰঞ্চ বাঢ়িবহে কাৰণ প্ৰবাদ আছে যে দান দিলেহে গ্ৰহণ আঁতৰে। বাৰু।

এইবাৰ যিসকল প্ৰথমবাৰ আহিছা তেওঁলোক থিয় হোৱা। ভাল কথা - (মধ্য প্ৰদেশৰ ৰাজ্যপাল সন্মুখত বহি আছে), এই সংগঠনত উপস্থিত হৈছা, ভাল কথা। বাপদাদাই তোমালোক সকলোকে, অহাসকলক এইটো বৰদান দি আছে যে সদায় পিতাক সুপ্ৰভাত আৰু শুভৰাত্ৰি নিশ্চয় জনাবা কিয়নো প্ৰথমে চকু মেলাৰ লগে লগে পিতাক দেখিলে গোটেই দিনটো ভাল হ’ব। গতিকে প্ৰথমবাৰ অহা সন্তানসকলক বাপদাদাৰ পদমগুণ স্নেহসহিত স্মৰণ আৰু অভিনন্দন। বাৰু।

এতিয়া সকলোৱে সদায় যি চাৰিটা কথা শুনালোঁ আৰু পঞ্চমটো জিৰ’ আৰু হিৰ’ শুনালোঁ, এই কথাবোৰ মনন কৰি মগন অৱস্থাত থাকোঁতা ব্ৰাহ্মণ তথা ফৰিস্তা আত্মাসকলক, দেৱতা হোৱাটোতো তোমালোকৰ জন্ম সিদ্ধ অধিকাৰ, ফৰিস্তাৰ পৰা দেৱতা হয়েই, গতিকে সদায় স্নেহত লীন হৈ থাকোঁতা, সদায় দৃঢ়তা ৰূপী সংকল্পৰ চাবিকাঠি মন, বুদ্ধি আৰু স্মৃতিত ৰাখোঁতা, কিয়নো এই চাবিকাঠিৰ পিছত মায়াই বহুত পৰিক্ৰমা লগাই ফুৰে। গতিকে মন আৰু বুদ্ধিৰে সদায় সমৰ্থ হৈ থাকোঁতা চাৰিওফালৰ সন্তানসকলক বাপদাদাৰ স্নেহ সহিত স্মৰণ আৰু নমস্কাৰ।

দাদীসকলৰ প্ৰতি:- (দাদী জানকীৰ প্ৰতি) পৰিক্ৰমা লগাই আহিলা, বহুত ভাল। যি কৰি আছা বহুত ভাল। বাবাৰ এখন চিত্ৰ স্মৃতিলৈ আহিল যে জগদম্বা মাজত থিয় হৈ আছে পতাকা উৰুৱাই আছে আৰু পিছত সকলো শক্তি লগত থিয় হৈ আছে। গতিকে এতিয়া সেই চিত্ৰখন বাপদাদাই বিশ্বৰ আগত দেখুৱাব বিচাৰে। সকলো ব্ৰাহ্মণৰ পৰা শক্তি সেনা এনেকৈ তৈয়াৰ কৰা যিসকল নিমিত্ত হয়, পৰিক্ৰমা লগাই বায়ুমণ্ডল পাৱাৰফুল শক্তিশালী কৰে আৰু দৃঢ় সংকল্প কৰে যে আমি এইটো দৃঢ় সংকল্প কৰিছোঁ যে আমি বায়ুমণ্ডল পৰিৱৰ্তন কৰি দেখুৱাম। এই পতাকা উৰুৱাওক। এনেকুৱা দল উলিওৱা যিয়ে পৰিক্ৰমা লগাই নিজৰ স্থিতি, বাণী আৰু সংগৰে বায়ুমণ্ডল ঠিক কৰে। এনেকুৱা দল তৈয়াৰ কৰি দেখুওৱা। বাপদাদাৰ চিত্ৰখন স্মৃতিলৈ আহিল গতিকে এয়া বাস্তৱত হ’ব লাগে। এনেকৈ নক’বা যে সময় নাপাওঁ। কোনেও নক’বা যে সময় নাপাওঁ। সময় পোৱা যাব যদিহে শুভ ভাৱনা আছে, এনেকুৱা দল তৈয়াৰ কৰি বাপদাদাক দেখুওৱা। বাৰু।

যুৱা দলৰ প্ৰতি:- এইটো বছৰত ব্ৰাহ্মণৰ যিবোৰ মৰ্যাদা আছে, এটি এটি মৰ্যাদা পূৰ্ণ ৰীতিৰে- মনেৰে, বাণীৰে, কৰ্মৰে আৰু সম্বন্ধ-সম্পৰ্কৰে- চাৰিওটা ৰূপতে পালন কৰোঁতা - এনেকুৱা দল তৈয়াৰ কৰা, এইটো বছৰত যাতে কোনো মৰ্যাদা ভংগ নহয়। এনেকুৱা দল তৈয়াৰ কৰা, নিজৰ মাজত তৈয়াৰ কৰা। যিয়ে অৰ্জন কৰে তেৱেঁই অৰ্জুন। পছন্দ হৈছেনে? কোনে কৰিব? তুমি কৰিবা? হাত দাঙা। কৰিবানে? সকলো যুৱক-যুৱতীয়ে কৰিবানে? কিমান আছে? (4০০) নিজৰ মজত দল পাতি দৃঢ় কৰা তাৰপাছত চৰকাৰক দেখুৱাম যে এওঁলোক মৰ্যাদা পুৰুষোত্তম। চৰকাৰেও বিচাৰে কিন্তু কৰিব নোৱাৰে, তোমালোকে কৰি দেখুওৱা। উদাহৰণ হৈ দেখুওৱা। ঘৰত কৰিবলৈ কাম পাই গ’লা নহয়। বাপদাদাই এইটোৱে বিচাৰে যে চাৰিওফালৰ ব্ৰাহ্মণ আত্মাসকলে এইটো বছৰত চমৎকাৰ কৰি দেখুৱাওক। ব্যৰ্থ সংকল্পৰ উপদ্ৰপো যাতে নাথাকে। শুদ্ধ সংকল্প ইমান জমা কৰা যাতে ব্যৰ্থ অহাৰ সময় নাপায়। আছে নহয় সম্পদ। শুদ্ধ সংকল্পৰ ইমান সম্পদ জমা আছেনে? আছে, হাত দাঙা। শক্তিসকলো আছে, ভাল কথা, শক্তিসকলো উদাহৰণ হওক আৰু পাণ্ডৱসকলো উদাহৰণ হওক। বাৰু। বাপদাদা আনন্দিত হৈছে।

বৰদান:
সূক্ষ্ম সংকল্পৰ বন্ধনৰ পৰাও মুক্ত হৈ উচ্চ স্থিতিৰ অনুভৱ কৰোঁতা নিৰ্বন্ধন হোৱা

যিগৰাকী সন্তান যিমান নিৰ্বন্ধন সিমান উচ্চ স্থিতিত স্থিৰ হৈ থাকিব পাৰে, গতিকে পৰীক্ষা কৰা যে মন-বাণী আৰু কৰ্মত কোনো সূক্ষ্ম ৰূপতো জৰীৰে বান্ধ খাই থকাটো নাই! একমাত্ৰ পিতাৰ বাহিৰে আন কোনো যাতে স্মৃতিলৈ নাহে। নিজৰ দেহো যদি স্মৃতিলৈ আহে তেন্তে দেহৰ লগতে দেহৰ সম্বন্ধ, পদাৰ্থ, জগত সকলো এটাৰ পিছত এটা আহি যাব। মই নিৰ্বন্ধন হওঁ - এইটো বৰদান স্মৃতিত ৰাখি সমগ্ৰ বিশ্বক মায়াৰ জালৰ পৰা মুক্ত কৰাৰ সেৱা কৰা।

স্লোগান:
দেহী-অভিমানী স্থিতিৰে তন আৰু মনৰ অস্থিৰতা সমাপ্ত কৰোঁতাজনেই অবিচলিত হৈ থাকে।

অব্যক্ত ইংগিত: একতা আৰু বিশ্বাসৰ বিশেষত্বৰে সফলতা সম্পন্ন হোৱা

সমস্যাসমূহৰ কাম হ’ল অহা, নিশ্চয়বুদ্ধিৰ আত্মাৰ কাম হ’ল সমাধান স্বৰূপেৰে সমস্যাক পৰিৱৰ্তন কৰা। কিয়? তোমালোক প্ৰত্যেক ব্ৰাহ্মণ আত্মাই ব্ৰাহ্মণ জন্ম লওঁতেই মায়াক প্ৰত্যাহ্বান জনালা যে আমি মায়াজিৎ হওঁতা। সমস্যাৰ স্বৰূপ হৈছে মায়াৰ স্বৰূপ। যিহেতু প্ৰত্যাহ্বান জনাইছা তেন্তে মায়াই বিৰোধতো কৰিবই কিন্তু তোমালোকে মায়াক নিশ্চয়বুদ্ধি বিজয়ী স্বৰূপেৰে, একো নতুন নহয় বুলি বুজি অতিক্ৰম কৰি যোৱা তেতিয়া নিশ্চিন্ত বাদশ্বাহ হৈ থাকিবা।

[বি:দ্ৰ: - ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]