08.04.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – সৰ্বোত্তম যুগ হৈছে এই সংগম, ইয়াতেই তোমালোক আত্মাসকল পৰমাত্মা পিতাৰ সৈতে মিলিত হোৱা, এয়াই হৈছে সঁচা কুম্ভ”

প্ৰশ্ন:
কোনটো পাঠ পিতাইহে পঢ়ায়, কোনো মনুষ্যই পঢ়াব নোৱাৰে?

উত্তৰ:
দেহী-অভিমানী হোৱাৰ পাঠ একমাত্ৰ পিতাইহে পঢ়ায়, এই পাঠ কোনো দেহধাৰীয়ে পঢ়াব নোৱাৰে। পোন-প্ৰথমে তোমালোকে আত্মাৰ জ্ঞান পোৱা। তোমালোকে জানা যে আমি আত্মাসকল পৰমধামৰ পৰা ভাৱৰীয়া হৈ ভূমিকা পালন কৰিবলৈ আহিলোঁ, এতিয়া নাটক পূৰা হয়, এই ড্ৰামাখন পূৰ্ব নিৰ্ধাৰিত, ইয়াক কোনেও ৰচা নাই সেইকাৰণে ইয়াৰ আদি আৰু অন্তও নাই।

গীত:
জাগ সজনিয়া জাগ…. (জাগা প্ৰিয়তমাসকল জাগা.....)

ওঁম্শান্তি।
সন্তানসকলে এই গীতটি অনেকবাৰ শুনিছা চাগৈ। প্ৰেমিকে প্ৰেমিকাসকলক কয়। যেতিয়া তেওঁ শৰীৰত আহে তেতিয়া তেওঁক প্ৰেমিক বুলি কোৱা হয়। নহ'লেতো তেওঁ পিতা, তোমালোক সন্তান। তোমালোক সকলো ভক্ত। ভগৱানক স্মৰণ কৰা। কইনাই, দৰাক স্মৰণ কৰে। সকলোৰে প্ৰেমিক হৈছে দৰা। তেওঁ বহি সন্তানসকলক বুজায় - এতিয়া জাগা, নতুন যুগ আহিছে। নতুন অৰ্থাৎ নতুন সৃষ্টি সত্যযুগ। পুৰণি সৃষ্টি হৈছে কলিযুগ। এতিয়া তোমালোকক স্বৰ্গবাসী কৰি তুলিবলৈ পিতাৰ আগমন হৈছে। কোনো মনুষ্যইতো ক’ব নোৱাৰে যে আমি তোমালোকক স্বৰ্গবাসী কৰি তোলোঁ। সন্ন্যাসীসকলেতো স্বৰ্গ আৰু নৰকক একেবাৰে নাজানে। যেনেকৈ আন ধৰ্মবোৰ আছে তেনেকৈ সন্ন্যাসীসকলৰো বেলেগ এটা ধৰ্ম আছে। সেয়া কোনো “আদি সনাতন দেৱী-দেৱতা ধৰ্ম” নহয়। “আদি সনাতন দেৱী-দেৱতা ধৰ্ম” ভগৱানহে আহি প্ৰতিষ্ঠা কৰে, যিসকল নৰকবাসী সেইসকলেই পুনৰ সত্যযুগী স্বৰ্গবাসী হয়। এতিয়া তোমালোক নৰকবাসী নহয়। এতিয়া তোমালোক আছা সংগমযুগত। সংগম হৈছে মাজৰ সময়খিনি। সংগমত স্বৰ্গবাসী হ’বৰ বাবে তোমালোকে পুৰুষাৰ্থ কৰা, সেয়েহে সংগমযুগৰ মহিমা আছে। বাস্তৱত সৰ্বোত্তম কুম্ভৰ মেলাও এয়াই। ইয়াকেই পুৰুষোত্তম বুলি কোৱা হয়। তোমালোকে জানা যে আমি সকলো এজন পিতাৰ সন্তান, ভাই ভাই বুলি কয় নহয়। সকলো আত্মা পৰস্পৰ ভাই ভাই। এনেকৈ কয় যে হিন্দু চীনী ভাই ভাই, সকলো ধৰ্মৰ হিচাপৰ ফালৰ পৰাতো ভাই ভাই হয় - এই জ্ঞান তোমালোকে এতিয়া পাইছা। পিতাই বুজায় - তোমালোক মোৰ অৰ্থাৎ পিতাৰ সন্তান। এতিয়া তোমালোকে সন্মুখত শুনা। তেওঁলোকেতো কেৱল ক’ব লাগে বাবে কৈ দিয়ে যে সকলো আত্মাৰ পিতা এজন, সেই এজনকেই স্মৰণ কৰে। পুৰুষ বা মহিলা দুয়োতে আত্মা থাকে। এইটো হিচাপত ভাই ভাই হয় আকৌ ভাতৃ-ভগ্নী তাৰ পাছত স্ত্ৰী-পুৰুষ হৈ যায়। গতিকে পিতা আহি সন্তানসকলক বুজায়। গোৱাও হয় আত্মাসকল আৰু পৰমাত্মা বহুকাল পৃথকে থাকিল.... এনেকৈ কোৱা নহয় যে নদী আৰু সাগৰ বহুকাল পৃথকে থাকিল... ডাঙৰ ডাঙৰ নদীবোৰতো সাগৰত মিলি থাকে। এইটোও সন্তানসকলে জানে, নদী সাগৰৰ কন্যা। সাগৰৰ পৰা পানী ওলায়, ডাৱৰৰ পৰা আকৌ পাহাৰবোৰত বৰষুণ হয়। পুনৰ নদী হৈ যায়। সেয়েহে সকলো সাগৰৰ পুত্ৰ আৰু পুত্ৰী হৈ যায়। বহুতে এইটো নাজানে যে পানী ক’ৰ পৰা ওলায়। এইটোও শিকোৱা হয়। গতিকে সন্তানসকলে এতিয়া জানে যে জ্ঞান সাগৰ এজনেই পিতা। এইটোও বুজোৱা হয় যে তোমালোক সকলো আত্মা, পিতা এজন। আত্মাও নিৰাকাৰ, আকৌ যেতিয়া সাকাৰত আহা তেতিয়া পুনৰ্জন্ম লোৱা। পিতাও যেতিয়া সাকাৰত আহিব, তেতিয়া আহি লগ কৰিব। পিতাৰ সৈতে মিলন এবাৰ হয়। এই সময়ত আহি সকলোৰে লগত মিলিত হয়। এয়াও জানি গৈ থাকিব যে তেওঁ ভগৱান গীতাত শ্ৰীকৃষ্ণৰ নাম দি দিলে কিন্তু শ্ৰীকৃষ্ণতো ইয়ালৈ আহিব নোৱাৰে। তেওঁ কেনেকৈ গালি খাব? এইটো তোমালোকে জানা শ্ৰীকৃষ্ণৰ আত্মা এই সময়ত আছে। প্ৰথমে তোমালোকে আত্মাৰ জ্ঞান পোৱা। তোমালোক আত্মা, নিজক শৰীৰ বুলি ভাবি ইমান সময় চলিলা, এতিয়া পিতা আহি দেহী-অভিমানী কৰি তোলে। সাধু-সন্ত আদিয়ে কেতিয়াও তোমালোকক দেহী-অভিমানী কৰি নোতোলে। তোমালোক সন্তান, তোমালোকে বেহদৰ পিতাৰ পৰা উত্তৰাধিকাৰ পোৱা। তোমালোকৰ বুদ্ধিত আছে যে আমি পৰমধামৰ নিবাসী আকৌ ইয়াত আমি ভূমিকা পালন কৰিবলৈ আহিছোঁ। এতিয়া এই নাটক পূৰা হয়। এই ড্ৰামাখন কোনেও ৰচনা কৰা নাই। এইখন পূৰ্ব নিৰ্ধাৰিত ড্ৰামা। তোমালোকক সোধে - এই ড্ৰামাখন কেতিয়াৰ পৰা আৰম্ভ হ’ল? তোমালোকে ক’বা - এইখনতো অনাদি ড্ৰামা। ইয়াৰ আদি অন্ত নাথাকে। পুৰণিৰ পৰা নতুন হয় আকৌ নতুনৰ পৰা পুৰণি হয়। এই পাঠটি তোমালোক সন্তানসকলৰ দৃঢ় হৈ আছে। তোমালোকে জানা যে নতুন সৃষ্টি কেতিয়া স্থাপনা হয় আকৌ পুৰণি কেতিয়া হয়। এয়াও কোনো কোনোৰ বুদ্ধিত সম্পূৰ্ণ ৰীতিৰে আছে। তোমালোকে জানা এতিয়া নাটক পূৰা হয় আকৌ পুনৰাবৃত্তি হ’ব। যথাযথ আমাৰ 84 জন্মৰ ভূমিকা পূৰা হ’ল। এতিয়া পিতা আমাক লৈ যাবৰ কাৰণে আহিছে। বাবা মাৰ্গ-দৰ্শকো হয় নহয়। তোমালোক সকলো হৈছা পাণ্ডা। পাণ্ডাসকলে যাত্ৰীসকলক লৈ যায়। তেওঁলোক হৈছে পাৰ্থিৱ (শাৰীৰিক) পাণ্ডা, তোমালোক হৈছা আত্মিক পাণ্ডা সেইকাৰণে তোমালোকৰ নাম পাণ্ডৱ চৰকাৰো হয়, কিন্তু গুপ্ত। পাণ্ডৱ, কৌৰৱ, যাদৱে কি কৰে? এই সময়ৰ কথা যেতিয়া মহাভাৰতৰ যুদ্ধৰ সময়ো হয়। অনেক ধৰ্ম আছে, সৃষ্টিও তমোপ্ৰধান, বিভিন্ন ধৰ্মৰ গোটেই বৃক্ষজোপা পুৰণি হৈ গ’ল। তোমালোকে জানা যে এই বৃক্ষজোপাৰ প্ৰথম আধাৰ হৈছে আদি সনাতন দেৱী-দেৱতা ধৰ্ম। সত্যযুগত কিছু সংখ্যক থাকে তাৰ পাছত বৃদ্ধি হয়। এইটো কোনেও নাজানে, তোমালোকৰ ভিতৰতো ক্ৰমানুসৰি আছে। বিদ্যাৰ্থীৰ মাজত কোনোবা ভাল বুদ্ধিমান থাকে, ভালকৈ ধাৰণা কৰে আৰু অন্যকো কৰোৱাৰ চখ থাকে। কোনোৱেতো ভালকৈ ধাৰণা কৰে। কোনোবা মধ্যম, কোনোবা তৃতীয় শ্ৰেণীৰ, কোনোবা চতুৰ্থ শ্ৰেণীৰ। প্ৰদৰ্শনীততো পৰিশোধিত ৰীতিৰে বুজাওঁতা লাগে। প্ৰথমে ক’বা যে দুজন পিতা আছে। এজন বেহদৰ (গোটেই জগতৰ) পাৰলৌকিক পিতা, দ্বিতীয়জন হদৰ (সীমিত) লৌকিক পিতা। ভাৰতেই বেহদৰ উত্তৰাধিকাৰ লাভ কৰিছিল। ভাৰত স্বৰ্গ আছিল যি আকৌ নৰক হৈ গৈছে, ইয়াক আসুৰি ৰাজ্য বুলি কোৱা হয়। ভক্তিও পোন-প্ৰথমে অব্যভিচাৰী হয়। এক শিৱবাবাকেই স্মৰণ কৰে।

পিতাই কয় - সন্তানসকল, পুৰুষোত্তম হ’বলৈ হ’লে যিবোৰ কথাই কনিষ্ঠ (নীচ) কৰি তোলে সেইবোৰ কথা নুশুনিবা। এজন পিতাৰ পৰা শুনিবা। অব্যভিচাৰী জ্ঞান শুনিবা আৰু অন্য কাৰোবাৰ পৰা যি শুনিবা সেয়া হৈছে মিছা। পিতাই এতিয়া তোমালোকক সত্য কথা শুনাই পুৰুষোত্তম কৰি তোলে। আসুৰি কথা শুনি শুনি তোমালোক কনিষ্ঠ হৈ গৈছা। আলোক হৈছে ব্ৰহ্মাৰ দিন, অন্ধকাৰ হৈছে ব্ৰহ্মাৰ ৰাতি। এই সকলোবোৰ সাৰ কথা ধাৰণ কৰিব লাগে। ক্ৰমানুসৰিতো প্ৰতিটো কথাত হয়েই। কোনোবা চিকিৎসকে এটা অস্ত্ৰোপচাৰতে 10-20 হাজাৰ টকা লয়, কাৰোবাৰ আকৌ খাবলৈও নাই। বেৰিষ্টাৰৰো এনেকুৱা হয়। তোমালোকেও যিমান পঢ়িবা আৰু আনক পঢ়াবা সিমানে উচ্চ পদ পাবা। পাৰ্থক্যতো আছে নহয়। দাস-দাসীসকলৰ ভিতৰতো ক্ৰমানুসৰি থাকে। সকলো পঢ়াৰ ওপৰত নিৰ্ভয় কৰে। নিজক সুধিব লাগে যে মই কিমান পঢ়োঁ, ভৱিষ্যতে জন্ম-জন্মান্তৰ কি হ’ম? যি জন্ম-জন্মান্তৰ হ’বা সেয়া কল্প-কল্পান্তৰলৈ হ’বা সেইবাবে পঢ়াৰ প্ৰতি পূৰা মনোযোগ দিব লাগে। বিহ পান কৰাতো (বিকাৰগ্ৰস্ত হোৱাটো) একেবাৰে এৰি দিব লাগে। সত্যযুগততো এনেকৈ কোৱা নহ’ব – ঈশ্বৰে মলিন কাপোৰ ধোৱে (আত্মাৰ বিকাৰৰ লেপ পৰিস্কাৰ কৰে)। এই সময়ত সকলোৰে চোলা (শৰীৰ) পচি গৈছে। তমোপ্ৰধান নহয় জানো। এয়াও বুজাবলগীয়া কথা। সকলোতকৈ পুৰণি চোলা কাৰ? আমাৰ। আমি এই শৰীৰ সলনি কৰি থাকোঁ। আত্মা পতিত হৈ গৈ থাকে। শৰীৰো পতিত পুৰণা হৈ যায়। শৰীৰ সলনি কৰিবলগীয়া হয়। আত্মাতো সলনি নহ’ব। শৰীৰ বৃদ্ধ হ’ল, মৃত্যু হ’ল - এয়াও ড্ৰামা ৰচি থোৱা আছে। সকলোৰে ভূমিকা আছে। আত্মা অবিনাশী। আত্মাই নিজেই কয় - মই শৰীৰ ত্যাগ কৰোঁ। দেহী-অভিমানী হ’ব লাগে। সকলো মনুষ্য দেহ-অভিমানী। আধাকল্প হৈছে দেহ-অভিমানী, আধাকল্প হৈছে দেহী-অভিমানী।

দেহী-অভিমানী হোৱাৰ কাৰণে সত্যযুগী দেৱতাসকলে ‘মোহজিৎ’ উপাধি পাইছে কিয়নো তাত এইটো বুজি পায় যে মই আত্মা, এতিয়া এইটো শৰীৰ ত্যাগ কৰি আন এটা ল’ব লাগিব। মোহজিৎ ৰজাৰো আখ্যান আছে নহয়। পিতাই বুজায় - দেৱী-দেৱতাসকল মোহজিৎ হয়। আনন্দেৰে এটা শৰীৰ ত্যাগ কৰি অন্য এটা লয়। সন্তানসকলে গোটেই জ্ঞান পিতাৰ পৰা প্ৰাপ্ত কৰি আছে। তোমালোকেই পৰিক্ৰমা লগাই এতিয়া পুনৰ আহি মিলিত হৈছা। যিসকল আন আন ধৰ্মত ধৰ্মান্তৰিত হৈ গ’ল সেইসকলো আহি লগ হ’ব। নিজৰ কম-বেছি পৰিমাণে উত্তৰাধিকাৰ লৈ ল’ব। ধৰ্মই পৰিৱৰ্তন হৈ গ’ল নহয়। ক’ব নোৱাৰি কিমান সময় সেই ধৰ্মত থাকিল। 2-3টা জন্ম ল’ব পাৰে। কাৰোবাক হিন্দুৰ পৰা মুছলমান কৰি দিলে গতিকে সেইটো ধৰ্মত আহি থাকিব পাছত ইয়ালৈ আহি যায়। এয়াও বিতং কথা। পিতাই কয় - ইমান কথা স্মৃতিত ৰাখিব নোৱাৰা, বাৰু নিজক পিতাৰ সন্তান বুলিতো বুজা। ভাল ভাল সন্তানেও পাহৰি যায়। পিতাক স্মৰণ নকৰে। এই ক্ষেত্ৰত মায়াই পাহৰাই দিয়ে। তোমালোকো প্ৰথমতে মায়াৰ গোলাম আছিলা নহয়। এতিয়া ঈশ্বৰৰ হৈছা। ড্ৰামাত সেয়া ভূমিকা আছে। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব লাগে। তোমালোক আত্মাসকল প্ৰথমে যেতিয়া শৰীৰত আহিছিলা তেতিয়া পৱিত্ৰ আছিলা, আকৌ পুনৰ্জন্ম লৈ লৈ পতিত হৈ গ’লা। এতিয়া পুনৰ পিতাই কয় - নষ্টোমোহা হোৱা। এই শৰীৰৰ প্ৰতিও মোহ নাৰাখিবা।

এতিয়া তোমালোক সন্তানসকলৰ এই পুৰণি সৃষ্টিৰ প্ৰতি বৈৰাগ্য ওপজে কিয়নো এইখন সৃষ্টিত সকলো এজনে আনজনক দুখ দিওঁতা হয় সেইকাৰণে এই পুৰণি সৃষ্টিখনকে পাহৰি যোৱা। আমি অশৰীৰী হৈ আহিছিলোঁ আকৌ অশৰীৰী হৈয়ে উভতি যাব লাগিব। এতিয়া এই সৃষ্টিখনেই নাশ হৈ যাব। তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ’বলৈ পিতাই কয় – মামেকম্‌ (কেৱল মোক) স্মৰণ কৰা। শ্ৰীকৃষ্ণইতো ক’ব নোৱাৰে যে মামেকম্‌ স্মৰণ কৰা। শ্ৰীকৃষ্ণতো সত্যযুগত থাকে। পিতাইহে কয় - তোমালোকে মোক পতিত-পাৱন বুলিও কোৱা গতিকে এতিয়া মোক স্মৰণ কৰা, পৱিত্ৰ হ’বলৈ মই এয়া যুক্তি শুনাওঁ। কল্প কল্পৰ যুক্তি শুনাওঁ যেতিয়া সৃষ্টি পুৰণি হৈ যায় তেতিয়া ভগৱান আহিবলগীয়া হয়। মনুষ্যই ড্ৰামাৰ আয়ুস দীঘলীয়া কৰি দিলে। গতিকে মনুষ্যই একেবাৰে পাহৰি গৈছে। এতিয়া তোমালোকে জানা যে এয়া হৈছে সংগমযুগ, এয়া পুৰুষোত্তম হোৱাৰ যুগ। মনুষ্যতো একেবাৰেই ঘোৰ অন্ধকাৰত আছে। এই সময়ত সকলো তমোপ্ৰধান। এতিয়া তোমালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হোৱা। তোমালোকেই সকলোতকৈ বেছি ভক্তি কৰিছা। এতিয়া ভক্তিমাৰ্গৰ অন্ত হয়। ভক্তি থাকে মৃত্যুলোকত। পুনৰ অমৰলোক আহিব। তোমালোকে এই সময়ত জ্ঞান লোৱা তাৰ পাছত ভক্তিৰ নাম-চিহ্ন নাথাকিব। হে ভগৱান, হে ৰাম - এয়া সকলো ভক্তই গোৱা কথা। ইয়াত কোনো আৱাজ কৰিব নালাগে। পিতা জ্ঞানৰ সাগৰ, আৱাজ কৰে জানো। তেওঁক কোৱাই হয় সুখ-শান্তিৰ সাগৰ। তেন্তে শুনাবৰ বাবেও তেওঁক শৰীৰ নালাগে জানো। ভগৱানৰ ভাষা কি, এয়া কোনেও নাজানে। এনেকুৱাতো নহয় যে বাবাই সকলো ভাষাতে শুনাব। নহয়, তেওঁৰ ভাষা হয়েই হিন্দী। বাবাই এটা ভাষাতেই বুজায় আকৌ অনুবাদ কৰি তোমালোকে বুজোৱা। বিদেশী আদি যাকেই লগ পোৱা তেওঁলোকক পিতাৰ পৰিচয় দিব লাগে। পিতাই “আদি সনাতন দেৱী-দেৱতা ধৰ্ম” প্ৰতিষ্ঠা কৰি আছে। ত্ৰিমূৰ্তিৰ ওপৰত বুজাব লাগে। প্ৰজাপিতা ব্ৰহ্মাৰ কিমান ব্ৰহ্মাকুমাৰ-কুমাৰী আছে। কোনোবা আহিলে প্ৰথমে তেওঁক সোধা - কাৰ ওচৰলৈ আহিছে? ফলকতো লগাই থোৱা আছে প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়, তেওঁতো ৰচয়িতা হৈ গ’ল। কিন্তু তেওঁক ভগৱান বুলি ক'ব নোৱাৰি। ভগৱান নিৰাকাৰকহে কোৱা হয়। এই ব্ৰহ্মাকুমাৰ-কুমাৰীসকল ব্ৰহ্মাৰ সন্তান। আপোনালোক ইয়ালৈ কিয় আহিছে? আমাৰ পিতাৰ লগত আপোনালোকৰ কি কাম! পিতাৰ সৈতে সন্তানৰে কাম থাকিব নহয়। আমি পিতাক যথা ৰীতি জানো। গায়নো আছে –সন্তানে পিতাকক প্ৰত্যক্ষ কৰায়। আমি তেওঁৰ সন্তান। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পুৰুষোত্তম হ'বৰ বাবে কনিষ্ঠ (নীচ) কৰি তোলোঁতা যিবিলাক আসুৰিক কথা আছে সেয়া শুনিব নালাগে। এজন পিতাৰ পৰাই অব্যভিচাৰী জ্ঞান শুনিব লাগে।

(2) নষ্টোমোহা হ'বৰ বাবে দেহী-অভিমানী হ’বলৈ পূৰা পুৰুষাৰ্থ কৰিব লাগে। বুদ্ধিত থাকিব লাগে - এইখন পুৰণি দুখদায়ী সৃষ্টি, ইয়াক পাহৰিব লাগে। ইয়াৰ প্ৰতি বেহদৰ বৈৰাগ্য জন্মিব লাগে।

বৰদান:
সংগমযুগৰ সকলো প্ৰাপ্তি স্মৃতিত ৰাখি আৰোহণ কলাৰ অনুভৱ কৰোঁতা শ্ৰেষ্ঠ প্ৰালব্ধ প্ৰাপ্ত কৰোঁতা হোৱা

পৰমাত্ম মিলন বা পৰমাত্ম জ্ঞানৰ বিশেষত্ব হৈছে – অবিনাশী প্ৰাপ্তি হোৱা, এনেকুৱা নহয় যে সংগমযুগ পুৰুষাৰ্থী জীৱন আৰু সত্যযুগ প্ৰালব্ধ প্ৰাপ্ত কৰা জীৱন। সংগমযুগৰ বিশেষত্ব হৈছে এখোজ দিয়া আৰু হাজাৰ খোজ প্ৰালব্ধত পোৱা। গতিকে কেৱল পুৰুষাৰ্থী নহয় কিন্তু শ্ৰেষ্ঠ প্ৰালব্ধ প্ৰাপ্ত কৰোঁতা হওঁ – এইটো স্বৰূপ সদায় সন্মুখত ৰাখা। প্ৰালব্ধ দেখি সহজে আৰোহণ কলাৰ অনুভৱ কৰিবা। “যি পাবলগীয়া আছিল সেয়া পাই গ’লোঁ” – এইটো গীত গোৱা তেতিয়া শ্বাসৰুদ্ধ হোৱা আৰু কলমটিয়াই থকাৰ পৰা হাত সাৰি যাবা।

স্লোগান:
ব্ৰাহ্মণৰ শ্বাস হৈছে সাহস যাৰ দ্বাৰা কঠিতকৈও কঠিন কাৰ্যও সহজ হৈ যায়।


সংযুক্ত ৰূপৰ স্মৃতিৰে সদায় বিজয়ী হ’বলৈ আজিৰ অব্যক্ত সংকেত:

যেনেকৈ পিতা ব্ৰহ্মাক দেখিলা যে পিতা লগত নিজক সদায় সংযুক্ত ৰূপত অনুভৱ কৰিলে আৰু কৰালে। এই সংযুক্ত ৰূপক কোনেও পৃথক কৰিব নোৱাৰে। এনেকুৱা সুসন্তানে সদায় নিজক পিতাৰ লগত সংযুক্ত অনুভৱ কৰে। কোনো শক্তি নাই যে তেওঁলোকক পৃথক কৰিব।