08.05.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
এতিয়া তোমালোক শূদ্ৰ কুলৰ পৰা ওলাই ব্ৰাহ্মণ কুলত আহিছা, পিতাই ব্ৰহ্মাৰ মুখৰ দ্বাৰা
তোমালোকক তুলি লৈছে - গতিকে এইটো আনন্দত থাকা”
প্ৰশ্ন:
কোনটো গূঢ়
ৰহস্য, ব্ৰাহ্মণ কুলৰ সন্তানসকলেহে বুজিব পাৰে?
উত্তৰ:
নিৰাকাৰ শিববাবা আমাৰ পিতা আৰু এই ব্ৰহ্মা আমাৰ মাতা। নিৰাকাৰ ভগৱান কেনেকৈ
মাতা-পিতা, বন্ধু-সখা হয়, এইটো গুপ্ত গূঢ় ৰহস্য ব্ৰাহ্মণ কুলৰ সন্তানসকলেহে বুজিব
পাৰে। তেওঁলোকৰ ভিতৰতো যিসকল দৈৱী কুলত উচ্চ পদ পাওঁতা তেওঁলোকেহে এইটো ৰহস্য
যথাৰ্থ ৰীতিৰে বুজিব।
ওঁম্শান্তি।
সন্তানসকল বহি
আছে – বুজি আছে আমাৰ বাপদাদাৰ আগমন হৈছে। পিতাতো একত্ৰিত হৈ যায় দাদাৰ সৈতে, তেতিয়া
ক'ব বাপদাদা আহিছে। তেওঁ শিক্ষকো হয়। পিতাই দাদা অবিহনেতো একো ক'ব নোৱাৰে। বুদ্ধি
চলা উচিত কিয়নো এয়া নতুন কথা নহয় জানো। অজ্ঞান কালত এজনক স্মৰণ কৰে। ক'ব আমাৰ গুৰু
অমুক ঠাইত আছে। তেওঁৰ শৰীৰৰ নাম জানে। আমাৰ বাবা, আমাৰ মা অমুক ঠাইত আছে। তেওঁলোকৰ
নাম, ৰূপ সকলো আছে। মনুষ্যই আকৌ চমুকৈ লিখি দিছে। মনুষ্যই যি গঢ়িছে, তাত কিবা নহয়
কিবা ভুল আছে। যদিও গায়ন আছে তুমিয়েই মাতা, পিতা তুমিয়েই….. এয়া এজনৰ বাবেই গায়ন কৰা
হয়। ব্ৰহ্মাৰ কাৰণেও গায়ন কৰা নহয়। তেওঁৰ নাম, ৰূপ বুদ্ধিলৈ নাহে। বিষ্ণু আৰু শংকৰৰো
নাহে। গায়নতো কৰে - তুমি মাতা-পিতা আমি বালক তোমাৰ। তেতিয়াও বুদ্ধি ওপৰলৈ যাব।
শ্ৰীকৃষ্ণক কোনেও স্মৰণ কৰিব নোৱাৰে। স্মৰণ তথাপি নিৰাকাৰকহে কৰিব, তেওঁৰ মহিমা আছে।
গতিকে পিতাই বুজায় - ইয়াত যেতিয়া বহা তেতিয়া লৌকিক সম্বন্ধৰ পৰা বুদ্ধিৰ যোগসূত্ৰ
ছিঙি, পাৰলৌকিক পিতাক স্মৰণ কৰা। এই সময়ত এওঁ সন্মুখত আছে। ভক্তিমাৰ্গত যি গায়ন কৰে
তেতিয়া চকু ওপৰৰ ফালে কৰি কয় - তুমি মাতা-পিতা….. ‘হে ভগৱান’ বুলি কৈ স্মৰণ কৰে।
ভগৱান বুলি যেতিয়া কয় তেতিয়া শিৱলিঙ্গকো স্মৰণ নকৰে। ভাটৌৰ দৰে এনেয়ে গায়।
লক্ষ্মী-নাৰায়ণৰ কাৰণেও এনেকৈ ক’ব নোৱাৰে, এওঁলোকতো হৈছে মহাৰজা-মহাৰাণী। তেওঁলোকৰ
সন্তানেহে মাতা-পিতা বুলি ক’ব, বন্ধু বুলি নক’ব। ভক্তসকলে ‘পতিত-পাৱন’ বুলি গায়ন কৰে
কিন্তু এইটো বুদ্ধিত উদয় নহয় যে শিৱলিঙ্গ হ’ব, এনেয়ে কেৱল কৈ দিয়ে - হে ভগৱান! হে
ভগৱান বুলি কোনে কলে, কাক কলে? একোৱেই গম নাপায়। যদি এইটো জ্ঞান থাকে যে মই আত্মা,
তেওঁক আহ্বান জনাওঁ তেন্তে এইটো বুজি পাব যে তেওঁ নিৰাকাৰ পৰমাত্মা। তেওঁৰ ৰূপেই
হৈছে লিঙ্গ (প্ৰতিমা)। যথাৰ্থ ৰীতিৰে কোনেও পিতাক স্মৰণ নকৰে। তেওঁৰ পৰা প্ৰাপ্তি
কি হ’ব, কেতিয়া হ’ব – এয়া একোৱে নাজানে। তোমালোকেও নাজানিছিলা। এতিয়াতো পিতাৰ হৈছা।
তোমালোকে জানা আমাক শিৱবাবাই ব্ৰহ্মাৰ দ্বাৰা নিজৰ সন্তান কৰি লৈছে। এই ব্ৰহ্মা মা
হয়। এই ব্ৰহ্মা মাতাৰ দ্বাৰা শিৱবাবাই তুলি লৈছে। এতিয়া তোমালোকে ভালকৈ জানা। আমি
শিৱবাবাৰ সন্তান। সাকাৰত আকৌ প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান। প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা
মনুষ্য সৃষ্টি ৰচনা কৰে। এনেকুৱা নহয় যে কোনো নতুন সৃষ্টি ৰচনা কৰে? নকৰে, এতিয়া আহি
কোলাত লয়, তুলি লয়। এতিয়া মাতা-পিতা বুলি কয় গতিকে শিৱ পিতা হ’ল আৰু ব্ৰহ্মা মাতা
হ’ল। তেওঁলোকক কোৱা হয় মাতা-পিতা। পিতাই ব্ৰহ্মাৰ দ্বাৰা কয় - তোমালোক আত্মাসকল হৈছা
মোৰ সন্তান। আকৌ আত্মাসকলক বহি পৰিচয় দিয়ে যে আত্মা কি হয়? কয়ো ভ্ৰূকুটিৰ সোঁমাজত
নিবাস কৰে, তৰাৰ দৰে, আৰু একো নাজানে। এইটো ক’ব নোৱাৰে যে আত্মাই 84 জন্ম ভোগ কৰে।
আত্মাই শৰীৰৰ দ্বাৰা ভূমিকা পালন কৰে। ভিন্ন-ভিন্ন নাম, ৰূপ, দেশ, কালত আত্মাই এটা
শৰীৰ ত্যাগ কৰিলে তেতিয়া গোটেই পৰিয়ালেই সলনি হৈ যায়। কোনোবাই তুলি ল’লে তেতিয়া
পৰিয়ালেই সলনি হৈ যায়। মাতা-পিতা যাৰ পৰা জন্ম ল’লে তেওঁলোককো জানে। আকৌ যিয়ে তুলি
লয় তেওঁৰ ঘৰৰ হৈ যায়। ইয়াত তোমালোক শূদ্ৰ কুলৰ পৰা ওলাই এতিয়া ব্ৰাহ্মণ কুলত আহিছা।
ব্ৰহ্মাৰ শৰীৰৰ দ্বাৰা তোমালোকক তুলি ল’লে। তোমালোকতো ব্ৰাহ্মণ কুলত আহি গ’লা। এই
কথাবোৰ শাস্ত্ৰত লিখিব নোৱাৰে, এয়া বুজোৱা হয়। লিখিলে কোনেও নুবুজে।
এতিয়া তোমালোক
সন্তানসকলেহে জানা – আমি পৰমপিতা পৰমাত্মাৰ সন্তান হৈছোঁ। এওঁ হৈ গ’ল মা। ব্ৰহ্মাক
প্ৰজাপিতা বুলিহে কয়। এওঁৰ দ্বাৰা তোমালোক সন্তানসকলক তুলি লওঁ - এইটো কিমান গুপ্ত
কথা। সন্মুখলৈ নাহিলে কোনেও বুজিব নোৱাৰে। বুজিবও তেওঁলোকে যিসকল এই ব্ৰাহ্মণ কুলৰ
হ’ব। দৈৱী কুলত উচ্চ পদ পাওঁতা হ’ব। নতুনসকলৰ বুদ্ধিত এই কথাবোৰ ধাৰণ নহয়। বুদ্ধিতো
ধাৰণ নহ’ব আৰু কাকো বুজাবও নোৱাৰিব। তোমালোকৰ ভিতৰতো পুৰুষাৰ্থৰ ক্ৰমানুসৰি আছে,
যাৰ বুদ্ধিত ধাৰণ হয়। গায়ন কৰা হয় - তুমিয়েই মাতা, পিতা তুমিয়েই… স্মৰণ কৰা হয়
শিৱবাবাক। আকৌ কয় - তুমিয়েই মাতা-পিতা। এজন পিতা আকৌ মাতা-পিতা কেনেকৈ হ’ল? এই
কথাবোৰ অন্য কোনেও বুজাব নোৱাৰে। যেনেকৈ শাস্ত্ৰত ব্যাসে যি লিখিলে সেয়া মনুষ্যই
মুখস্থ কৰি ল’লে তেনেকৈ তোমালোককো ক’ব, তোমালোকক কোনোবাই ক’লে, তোমালোকে মুখস্থ কৰি
ল’লা। নতুন মনুষ্যৰ বাবে বুজোৱাতো বহুত কঠিন। ইয়াত থকাসকলেও কোনেও কাকো ইমানখিনিও
বুজাব নোৱাৰে। আপুনি আত্মা - আপোনাৰ পিতা হৈছে পৰমপিতা পৰমাত্মা। সেই বেহদৰ পিতাইহে
বেহদৰ উত্তৰাধিকাৰ দিয়ে। উত্তৰাধিকাৰ দিছিল আকৌ পুনৰ্জন্ম লওঁতে লওঁতে 84 জন্ম পূৰা
হ'ল, এতিয়া পিতা পুনৰ উত্তৰাধিকাৰ দিবলৈ আহিছে। এইটো কাৰোবাক বুজোৱাতো কিমান সহজ।
তুমি মাতা-পিতা বুলি কাক কোৱা হয় - বিচাৰ কৰিবলগীয়া কথা নহয় জানো। ব্ৰহ্মাৰ দ্বাৰা
তুলি লয় আকৌ ‘মা’ও নিশ্চয় লাগে। গতিকে যিসকল অনন্য সন্তান, ড্ৰামাৰ পৰিকল্পনা অনুসৰি
তেওঁক জগত-অম্বা উপাধি দিয়া হয়। পুৰুষক জগত-অম্বা বুলি ক’ব নোৱাৰি, তেওঁক জগতপিতা
বুলি কোৱা হ’ব। এওঁৰ প্ৰজাপিতা নামটি প্ৰখ্যাত হয়। বাৰু, প্ৰজা মাতা ক'ত? গতিকে
মাতাক তুলি লোৱা হয়। আদি দেৱতো আছে আকৌ আদি দেৱীক নিয়োগ কৰা হয়। জগত-অম্বাতো
এগৰাকীয়েই - তেওঁৰহে মহিমা আছে। জগত-অম্বাৰ কিমান মেলা অনুষ্ঠিত হয়। কিন্তু তেওঁৰ
বৃত্তিক কোনেও নাজানে। কলিকতাত (এতিয়া কোলকাতা) কালিৰ মন্দিৰ আছে। বোম্বাইতো (এতিয়া
মুম্বাই) জগত-অম্বাৰ মন্দিৰ আছে। চেহেৰা বেলেগ বেলেগ। জগত-অম্বা কোন? এয়া কোনেও
নাজানে। তেওঁকো ভগৱতী বুলি কয়। এতিয়া জগত-অম্বাক ভগৱতী বুলি ক’ব নোৱাৰি। তেওঁতো
ব্ৰাহ্মণী, জ্ঞান-জ্ঞানেশ্বৰী হয়, তেওঁ পিতাৰ পৰা জ্ঞান পাইছে। তোমালোক সকলো
জগত-অম্বাৰ সন্তান। জ্ঞান শুনি পুনৰ শুনোৱা। তোমালোকৰ বেপাৰে এইটো। তোমালোকক ঈশ্বৰে
পঢ়ায়, কোনো মনুষ্যই নপঢ়ায়। এই ব্ৰহ্মাওতো মনুষ্য। মনুষ্যই কাকো পাৱন কৰি তুলিব
নোৱাৰে। মনুষ্যৰ বুদ্ধি ইমান ভোদা হৈ গ'ল যে একোৱেই বুজি নাপায়। পতিত-পাৱনতো
একমাত্ৰ পিতাই হয়, তেওঁ আহেই পতিতসকলক পাৱন কৰি তুলিবলৈ। এই গোটেই সৃষ্টি তমোপ্ৰধান,
সকলো পতিত। নতুন সৃষ্টি পাৱন, পুৰণি সৃষ্টি পতিত। পুৰণি সৃষ্টিত হৈছে নৰকবাসী। নতুন
সৃষ্টিত হৈছে স্বৰ্গবাসী। বুদ্ধিয়েও কয় সত্যযুগত কেৱল ভাৰতবাসী দেৱী-দেৱতাসকল থাকিব
আৰু অন্য কোনো নাছিল। এতিয়া তোমালোক সন্তানসকলে এই জ্ঞান পাইছা। নতুন সৃষ্টিত
প্ৰথমতে সূৰ্যবংশী দেৱতাসকল আছিল, আকৌ চন্দ্ৰবংশীসকল আহিল, গতিকে সূৰ্যবংশী অতীত হৈ
গ’ল। চন্দ্ৰবংশীসকলৰ পাছত পুনৰ বৈশ্য বংশী... আহে যথাযথ লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল।
বাৰু, তাৰ আগতে কি আছিল। এয়া কোনেও বুজিব নোৱাৰে। তোমালোক সন্তানসকলক পিতাই চক্ৰৰ
ৰহস্য বুজাইছে। দ্বাপৰত হৈছে বৈশ্যবংশী। কলিযুগত হৈছে শূদ্ৰ বংশী।
এতিয়া তোমালোকে জানা
- আমি ব্ৰাহ্মণ হৈছোঁ। তোমালোকক পিতাই নিজৰ কৰি লৈছে অৰ্থাৎ শূদ্ৰ ধৰ্মৰ পৰা দেৱতা
ধৰ্মলৈ স্থানান্তৰিত কৰিছে। এতিয়া সূৰ্যবংশী, চন্দ্ৰবংশীতো নাই। লক্ষ্মী-নাৰায়ণৰ
ৰাজ্যও নাই, ৰামৰাজ্যও নাই। এতিয়া হৈছে কলিযুগৰ অন্ত। কলিযুগৰ পাছত নিশ্চয় সত্যযুগ
আহিব। কলিযুগত এয়া পুৰণি, পতিত সৃষ্টি, মহান দুখী হয় সেইবাবে দেৱতাসকলৰ ওচৰত গৈ
মহিমা গায়, মূৰ দোৱায়। বাৰু, লক্ষ্মী-নাৰায়ণক এই ৰাজ্য কোনে দিলে? কোনোবা আছে নেকি
যিয়ে ক’ব পাৰে। কাৰোৱেই খেয়ালতো নাহিব কিয়নো বুদ্ধিত আছে যে কলিযুগ এতিয়া কেঁচুৱা।
40 হাজাৰ বছৰ বাকী আছে গতিকে এইটো খেয়াল নাহেই। এতিয়া তোমালোকৰ এইটো খেয়াল আহে।
বহুত সন্তানে কয় আমাৰ স্মৃতিত নাথাকে। কিয় নাথাকে? কিয়নো ৰাতিপুৱাই উঠি স্মৃতিত বহি
ধাৰণা নকৰে। বুজিও পায় কিন্তু কাকো বুজাব নোৱাৰে। এয়াতো নিশ্চয় হ’ব। সকলোৱে একৰস
বুদ্ধিমানতো হ’ব নোৱাৰে। বুদ্ধিমানো লাগে, বুদ্ধিহীনো লাগে। বহুত বুদ্ধিমানতো গৈ
ৰজা-ৰাণী হ’বগৈ। যিয়ে যিমান বেছিকৈ বুজি পায় আৰু আনক বুজায় তেওঁলোকৰ নাম প্ৰখ্যাত
হয়। প্ৰদৰ্শনী অনুষ্ঠিত কৰিলে লিখে যে বাবা অমুকক পঠিয়াই দিয়ক। তেন্তে কি তোমালোকে
বুজাব নোৱাৰা নেকি? বাবা তেওঁৰ বেছি অভ্যাস আছে। মই অলপ কেঁচা। বাবাই নিজেও কয় –
ক’ৰবাৰ পৰা নিমন্ত্ৰণ পালে লিখি পঠিওৱা, কোন কোন আছে, তেতিয়া মই চাম কাক কাক পঠিয়াব
লাগে। সন্ন্যাসীও সেই নিমন্ত্ৰণত আছে নেকি? তেনেহ’লে বহুত ভাল ব্ৰহ্মাকুমাৰী পঠিয়াব
লাগিব। বাৰু, কুমাৰকা (দাদী প্ৰকাশমণি) আছে, মনোহৰ আছে, গংগা আছে - ইয়াৰ ভিতৰত
কাৰোবাক পঠিয়াই দিয়ক। সন্তানতো বহুত আছে। জগদীশক পঠিয়াই দিয়ক, ৰমেশক পঠিয়াই দিয়ক।
তোমালোকেও বুজি পোৱা, এজন আনজনতকৈ বুদ্ধিমান। যেনেকৈ বিচাৰক দণ্ডাধীশ থাকে। এজন
আনজনতকৈ বুদ্ধিমান হয়। চৰকাৰে জানে, এজন আনজনকৈ বুদ্ধিমান। সেইবাবেতো মোকৰ্দমা ক্ৰমে
ওপৰলৈ যায় আকৌ উচ্চ ন্যায়ালয়লৈ যোৱা আকৌ তাতকৈ ওপৰত। তাতো যদি ৰায় সঠিক নিদিয়ে
তেতিয়া আকৌ তাৰো ওপৰলৈ যাব। এওঁলোকৰ ওপৰত তোমালোকে দয়া কৰা। এতিয়া এই সকলোবোৰ কথা
ইয়াতে হয়। সত্যযুগত, ত্ৰেতাত নহয়। আকৌ দ্বাপৰত ৰজা-ৰাণীৰ ৰাজ্য হয়। তাততো
মহাৰজা-মহাৰাণীয়েই মোকৰ্দমা চম্ভালে। মোকৰ্দমা হ’বও বহুত কম। এতিয়াতো তমোপ্ৰধান
পতিত হয় নহয়। গতিকে বাদশ্বাহৰ ওচৰত মোকৰ্দমা গ’লে অলপ শাস্তি দি দিয়ে। ডাঙৰ ভুল হ’লে
কাঢ়া শাস্তি দিব। ইয়াততো কিমান অনেক বিচাৰক উকীল আছে। কাৰবাৰত কিমান পাৰ্থক্য আছে,
সত্যযুগত কি হয়, এয়া কোনেও নাজানে। এতিয়া পিতাই বুজাইছে - যাকেই সোধা, এই
লক্ষ্মী-নাৰয়ণক জানেনে? যেনেকৈ বিৰলাই অনেক মন্দিৰ নিৰ্মাণ কৰি থাকে তেনেকৈ কোনোবা
ভাল সন্তান থাকিলে তেওঁলৈ পত্ৰ লিখিব লাগে। আপোনালোকেতো লক্ষ্মী-নাৰায়ণৰ অনেক
মন্দিৰ নিৰ্মাণ কৰে। তেওঁলোকে এই ৰাজধানী কেনেকৈ পালে, যিহেতু সত্যযুগৰ পূৰ্বতে
কলিযুগ আছিল? কলিযুগততো একো নাই। দেৱতাসকলেতো কাৰো লগত যুদ্ধ কৰা নাছিল। যুদ্ধ কৰি
কোনেও বিশ্বৰ মালিক হ’ব নোৱাৰে। বিশ্বৰ মালিক যিসকল আছিল তেওঁলোকৰ এই
লক্ষ্মী-নাৰায়ণৰ চিত্ৰ ৰাখি থোৱা আছে। এতিয়াতো হৈছে কলিযুগ। ইয়াত অস্ত্ৰ-শস্ত্ৰৰ
যুদ্ধ চলে। পিতাই বুজাইছে খ্ৰীষ্টান ধৰ্মাৱলম্বীসকল যদি পৰস্পৰ মিলি যায়, পৰস্পৰ যদি
সম্প্ৰীতি ৰাখে তেন্তে বিশ্বৰ মালিক হ’ব পাৰে। কিন্তু বিশ্বৰ মালিকতো
লক্ষ্মী-নাৰায়ণহে হয়। বুদ্ধিয়ে কয় - এওঁলোক পৰস্পৰ মিলি গ’লে মালিক হ’ব পাৰে কিন্তু
সত্যযুগত ৰজা-ৰাণীতো কোনো হ’ব নোৱাৰে। ড্ৰামাখনেই এনেকৈ ৰচি থোৱা আছে। এতিয়া আমি
পুনৰাই যোগবলৰ দ্বাৰা স্বৰ্গৰ উত্তৰাধিকাৰ লৈ আছোঁ। তোমালোকে ক’ব পাৰা – কল্প
পূৰ্বেও সংগমযুগত পিতাৰ দ্বাৰা পদ পাইছোঁ। 84 জন্ম পূৰা হ’ল এতিয়া পুনৰ উত্তৰাধিকাৰ
লৈ আছোঁ। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজৰ মাজত
ধাৰণা কৰিবলৈ আৰু আনক কৰাবৰ কাৰণে পুৱাতে উঠি পিতাৰ স্মৃতিত বহিব লাগে। যিসকলে
বুজিছে তেওঁলোকে আনক বুজোৱাৰ অভ্যাস কৰিব লাগে।
(2) লৌকিক সমন্ধৰ পৰা
বুদ্ধিৰ যোগসূত্ৰ ছিঙি এক পাৰলৌকিক পিতাক স্মৰণ কৰিব লাগে। পিতাৰ পৰা যি জ্ঞান পোৱা
গৈছে সেয়া শুনি সকলোকে শুনাব লাগে। এইটোৱে তোমালোকৰ বেপাৰ।
বৰদান:
সমাহিত কৰাৰ
শক্তিৰে একমত বাতাবৰণ সৃষ্টি কৰোঁতা দৃষ্টান্ত ৰূপ হোৱা
যিসকল একেধৰণৰ মণি,
একেই নিষ্ঠা আৰু একৰস স্থিতিত স্থিৰ, এজনৰ মততেই চলোঁতা, পৰস্পৰ সংকল্পতো একমত,
তেওঁলোকেই মালাত গঁথা যায়। কিন্তু একমত বাতাবৰণ তেতিয়া হ’ব যেতিয়া সমাহিত কৰাৰ শক্তি
থাকিব। যদি কোনো কথাত ভিন্নতা হৈ যায় তেন্তে সেই ভিন্নতাক সমাহিত কৰা তেতিয়া পৰস্পৰ
একতাৰে সমীপত আহিবা আৰু সকলোৰে আগত দৃষ্টান্ত ৰূপ হ’বাগৈ।
স্লোগান:
প্ৰতিটো সংকল্প, বাণী আৰু কৰ্মত আত্মিকতা ধাৰণা কৰা তেতিয়া সেৱাত জেউতি চৰিব।
অব্যক্ত ইংগিত: সদায়
অচল, অটল আৰু একৰস স্থিতিৰ অনুভৱ কৰা
যিকোনো বেদনাদায়ক
দৃশ্য দেখিলেও যাৰ মনত “একো নতুন নহয়” - এই পাঠটি দৃঢ় হৈ আছে, তেওঁ কেতিয়াও ভয়
খাব নোৱাৰে। "কি হ’ল", "কেনেকৈ হ’ল", "এইটো হ’ল"…. আদি বাতৰি শুনি বা দেখিও
শক্তিশালী হৈ ড্ৰামাৰ নিয়তি প্ৰত্যক্ষ কৰি আৰু আনকো শক্তি দি গৈ থাকা। জগতৰ লোকসকলে
ভয় খায় কিন্তু তোমালোকে একৰস স্থিতিত থাকি সেই আত্মাসকলৰ মাজত শক্তি সঞ্চাৰ কৰা।
যিয়েই সম্পৰ্কত আহে, তেওঁক শক্তিসমূহ আৰু শান্তি দান দি গৈ থাকা।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]