08.06.25 Avyakt Bapdada
Assame
Murli
15.11.2005 Om Shanti Madhuban
“*“সঁচা অন্তৰেৰে পিতা
তথা পৰিয়ালৰ স্নেহী হৈ পৰিশ্ৰম মুক্ত হোৱাৰ
প্ৰতিজ্ঞা কৰা আৰু লাভ লোৱা”*”
আজি বাপদাদাই নিজৰ
চাৰিওফালৰ শ্ৰেষ্ঠ স্বৰাজ্য অধিকাৰী, স্বমানধাৰী সন্তানসকলক চাই আছেহঁক। পিতাই
সন্তানসকলক নিজতকৈও উচ্চ স্বমান দিছে। প্ৰতি গৰাকী সন্তানক ভৰিত পৰাৰ পৰা মুক্ত কৰি
শিৰৰ মুকুট কৰি দিলে। নিজক সদায়েই স্নেহী সন্তানসকলৰ সেৱাধাৰী বুলি ক’লে। ইমান উচ্চ
কৰ্তৃত্বৰ স্বমান সন্তানসকলক দিলে। তেন্তে প্ৰত্যেকেই নিজক ইমান স্বমানধাৰী বুলি
ভাবানে? স্বমানধাৰীৰ বিশেষ লক্ষণ কি? যিয়ে যিমান স্বমানধাৰী হ’ব সিমানেই সকলোকে
সন্মান দিওঁতা হ’ব। যিমানে স্বমানধাৰী সিমানেই নম্ৰ, সকলোৰে স্নেহী হ’ব।
স্বমানধাৰীৰ চিন – পিতাৰ স্নেহী লগতে সকলোৰে স্নেহী। হদৰ (সীমিত কিছুসংখ্যকৰ) স্নেহী
নহয়, বেহদৰ স্নেহী। যেনেকৈ পিতা সকলোৰে স্নেহী, এমহীয়া সন্তানেই হওঁক বা আদি ৰত্নই
হওঁক কিন্তু প্ৰত্যেকেই মানে যে মই বাবাৰ, বাবা মোৰ। এয়া হৈছে সকলোৰে স্নেহী হোৱাৰ,
শ্ৰেষ্ঠ স্বমানৰ চিন, কিয়নো এনেকুৱা সন্তানসকল পিতাক অনুসৰণ কৰোঁতা হয়। চোৱা পিতাই
প্ৰত্যেক বৰ্গৰ সন্তানসকলক, সৰু সন্তানৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠ সন্তানসকলক
স্বমান দিলে। যুৱাসকলক বিনাশকাৰীৰ পৰা বিশ্ব কল্যাণকাৰীৰ স্বমান দিলে। মহান কৰি
তুলিলে। প্ৰবৃত্তিত থকাসকলক মহাত্মাসকল, ডাঙৰ ডাঙৰ জগত গুৰু তেওঁলোকতকৈও উচ্চ,
প্ৰবৃত্তিত থাকিও, পৰ-বৃত্তিধাৰী মহাত্মাসকলকো নত শিৰ কৰোঁতা কৰি তুলিলে। কন্যাসকলক
শিৱ শক্তি স্বৰূপৰ স্বমান সোঁৱৰাই দিলে, কৰি তুলিলে। বয়োজ্যেষ্ঠ সন্তানসকলক পিতা
ব্ৰহ্মাৰ সমগোত্ৰীয় অনুভৱীৰ স্বমান দিলে। এনেকুৱা স্বমানধাৰী সন্তানে প্ৰত্যেক
আত্মাক এনেকুৱা স্বমানেৰে চাব। কেৱল চাব নহয় কিন্তু সম্বন্ধ-সম্পৰ্কত আহিব, কিয়নো
স্বমান হৈছে দেহ-অভিমান নাশ কৰোঁতা। য’ত স্বমান থাকিব ত’ত দেহৰ অভিমান নাথাকিব।
দেহ-অভিমান নাশ কৰাৰ বহুত সহজ সাধন হৈছে – সদায় স্বমানত থকা। সদায় প্ৰত্যেককে
স্বমানেৰে চোৱা। লাগিলে পদাতিক হওঁক, 16 হাজাৰৰ মালাত শেষৰ নম্বৰো হওঁক কিন্তু শেষৰ
নম্বৰৰ জনৰো ড্ৰামা অনুসৰি পিতাৰ দ্বাৰা কিবা নহয় কিবা বিশেষত্ব আছে। স্বমানধাৰীয়ে
বিশেষত্ব চাই সন্মান দিয়ে। তেওঁলোকৰ দৃষ্টি, বৃত্তি আৰু কৃতিত প্ৰত্যেকৰে বিশেষত্ব
সমাহিত হৈ থাকে। যিয়েই পিতাৰ হৈছে তেওঁ বিশেষ আত্মা, যদিও ক্ৰমানুসৰি হয় কিন্তু
জগতৰ কোটিৰ মাজৰ কোনোবা। এনেকৈ নিজক সকলোৱে বিশেষ আত্মা বুলি ভাবানে? স্বমানত থাকিব
লাগে। দেহ-অভিমানত নহয়, স্বমানত।
পিতাৰ প্ৰতিগৰাকী
সন্তানলৈ স্নেহ কিয় আছে? কিয়নো পিতাই জানে মোক চিনি পাই, মোৰ হৈছে নহয়। লাগিলে আজি
এই সভাত প্ৰথমবাৰ আহিছে, তথাপিও বাবা বুলি ক’লে, সেয়েহে পিতাৰ স্নেহৰ পাত্ৰ হয়।
বাপদাদাৰ চাৰিওফালৰ সকলো সন্তান সকলোতকৈ স্নেহী। এনেকৈয়ে পিতাক অনুসৰণ কৰা। কোনো
অপ্ৰিয় নহয়, সকলো প্ৰিয়। চোৱা, যিসকল সন্তানে “মোৰ বাবা” বুলি কয়, তেন্তে ‘মোৰ’ বোধ
কোনে আনিলে? স্নেহে। যিসকল ইয়াত বহি আছে, তেওঁলোকে বুজি পোৱা যে স্নেহে পিতাৰ কৰি
ল’লে। পিতাৰ স্নেহ হৈছে চুম্বক, স্নেহৰ চুম্বকেৰে পিতাৰ হৈ গ’ল। অন্তৰৰ স্নেহ, কেৱল
কোৱাতে সীমিত স্নেহ নহয়। অন্তৰৰ স্নেহ এই ব্ৰাহ্মণ জীৱনৰ আধাৰ। সাক্ষাৎ কৰিবলৈ কিয়
আহা? স্নেহে লৈ আনিলে নহয়! যিসকল বহি আছে, আহিছে, কিয় আহিছা? স্নেহে টানিলে নহয়।
স্নেহো কিমান? 100 শতাংশ নে কম? যিসকলে ভাবে স্নেহত মই 100 শতাংশ, তেওঁলোকে হাত দাঙা।
স্নেহত 100 শতাংশ। অলপো কম নহয়? বাৰু। তেন্তে ইমানেই স্নেহ পৰস্পৰ ব্ৰাহ্মণৰ মাজত
আছেনে? এই ক্ষেত্ৰত হাত দাঙিবলৈ কওঁনে? এই ক্ষেত্ৰত শতাংশ আছে। যেনেকৈ পিতাৰ সকলোৰে
প্ৰতি স্নেহ আছে, তেনেকৈয়ে সন্তানসকলৰো সকলোৰে প্ৰতি স্নেহ, সকলোৰে স্নেহী। আনৰ
দুৰ্বলতা নাচাবা। যদি কোনোবা সংস্কাৰৰ বশীভূত, তেন্তে অনুসৰণ কাক কৰিব লাগে? বশীভূত
হোৱা জনক জানো? তোমালোক বশীকৰণ মন্ত্ৰ দিওঁতা, বশীভূত হোৱাৰ পৰা মুক্ত কৰা মন্ত্ৰ,
মুক্ত কৰোঁতা হোৱা নহয়! নে চাওঁতা হোৱা? কি দেখিবলৈ পাইছা? যদি কিবা বেয়া বস্তু
দেখিবলৈও পায়, তেতিয়া কি কৰে? চাই থাকে নে কাষৰীয়া হৈ যায়? কিয়নো বাপদাদাই দেখিছে
যে যিসকল অন্তৰৰ স্নেহী, পিতাৰ অন্তৰৰ স্নেহী তেওঁলোক সকলোৰে স্নেহী অৱশ্যে হ’ব।
সম্পন্ন আৰু সম্পূৰ্ণ হোৱাৰ বহুত সহজ বিধি হৈছে অন্তৰৰ স্নেহ। লাগিলে কোনোবা
যিমানেই জ্ঞানী নহওঁক, কিন্তু যদি অন্তৰৰ স্নেহ নাই তেন্তে ব্ৰাহ্মণ জীৱন ৰমণীয়
জীৱন নহ’ব। নিৰস জীৱন হ’ব কিয়নো জ্ঞানত, যদি স্নেহবিহীন জ্ঞান তেন্তে জ্ঞানত প্ৰশ্ন
উঠে ‘কিয়’, ‘কি’! কিন্তু স্নেহ জ্ঞান সহিত হ’লে তেতিয়া স্নেহী সদায় স্নেহত লীন হৈ
থাকে। স্নেহীৰ স্মৰণ কৰিবলৈ পৰিশ্ৰম কৰিবলগীয়া নহয়। যদি কেৱল জ্ঞানী, স্নেহ নাই
তেন্তে পৰিশ্ৰম কৰিবলগীয়া হয়। তেওঁলোকে পৰিশ্ৰমৰ ফল খায় আৰু যিসকল জ্ঞান সহিত স্নেহী
তেওঁলোকে প্ৰেমৰ ফল খায়। জ্ঞান হ’ল বীজ কিন্তু পানী হ’ল স্নেহ। যদি বীজে স্নেহ ৰূপী
পানী নাপায় তেন্তে ফল নধৰে।
গতিকে আজি বাপদাদাই
সকলো সন্তানৰ অন্তৰৰ স্নেহ পৰীক্ষা কৰি আছিল। পিতাৰ প্ৰতিয়ে হওঁক বা সকলোৰে প্ৰতিয়ে
হওঁক। তেন্তে তোমালোক সকলোৱে নিজক কি বুলি ভাবা? স্নেহী হোৱানে? হোৱানে স্নেহী?
যিসকলে ভাবে যে অন্তৰেৰে স্নেহী, তেওঁলোকে হাত দাঙা। (গৰিষ্ঠসংখ্যকে হাত দাঙিলে)
বাৰু-সকলোৰে স্নেহীনে। পিতাৰতো অন্তৰেৰে স্নেহী, সকলোৰে স্নেহী হোৱানে? সকলোৰে?
প্ৰত্যেকে ভাবে – এয়া মোৰ ভাই-ভনী? প্ৰত্যেকেই ভাবানে যে এওঁ মোৰ হয়? ভাবানে? নে
কোনো কোনোৱে ভাবা? যেনেকৈ পিতাৰ স্নেহত সকলোৱে হাত দাঙা, হয় পিতাৰ স্নেহী হওঁ,
তেনেকৈ তোমালোকে প্ৰত্যেকৰ কাৰণে হাত দাঙিবানে, যে হয় এওঁ সকলোৰে স্নেহী? এইখন
প্ৰমাণপত্ৰ পাবানে? কিয়নো বাপদাদাই আগতেও কৈছিল যে কেৱল পিতাৰ পৰা প্ৰমাণপত্ৰ ল’ব
নালাগে, ব্ৰাহ্মণ পৰিয়ালৰ পৰাও ল’ব লাগে কিয়নো এই সময়ত পিতাই ধৰ্ম আৰু ৰাজ্য দুয়োটা
একেলগে স্থাপনা কৰি আছে। ৰাজ্যত কেৱল পিতা নাথাকে, পৰিয়ালো থাকিব। পিতাৰো স্নেহী,
পৰিয়ালৰো স্নেহী।
জ্ঞানী হৈছা কিন্তু
লগতে স্নেহী হোৱাটোও জৰুৰী। স্বমানত থকা আৰু সন্মান দিয়া, এই দুয়োটাই জৰুৰী। পিতাই
ব্ৰাহ্মণ জন্ম লওঁতেই প্ৰত্যেক সন্তানক সন্মান দিলে, সেইবাবেতো উচ্চ হ’লা। এই এটা
জন্মত সন্মান দিব লাগে আৰু গোটেই কল্প তাৰ প্ৰালব্ধ সন্মান প্ৰাপ্ত হয়। আধাকল্প
ৰাজ্য অধিকাৰীৰ সন্মান পোৱা যায়, আধাকল্প ভক্তিত ভক্তসকলৰ দ্বাৰা সন্মান পোৱা যায়।
কিন্তু ইয়াৰ, গোটেই কল্পৰ আধাৰ হৈছে এই এটা জন্মত সন্মান দিয়া, সন্মান লোৱা।
এতিয়া বাপদাদাই দেখি
আছে চাৰিওফালে বিদেশত কোনোৱে ৰাতি, কোনোৱে দিনত মিলন উদ্যাপন কৰি আছে। ভাল
পুৰুষাৰ্থৰ গতি বঢ়াবলৈ তোমালোকে দাদীও (জানকী দাদী) ভাল পাইছা। হয় নহয় এনেকুৱা? অলপো
কিবা দুৰ্বলতা দেখিলে, তৎক্ষণাৎ ক্লাচৰ উপৰি ক্লাচ কৰায়। যি কোনো সন্তানৰ দেশৰে
হওঁক বা বিদেশৰে হওঁক, কোনোবাটো বিষয়ত পৰিশ্ৰম হ’লে তেন্তে তাৰ মূল কাৰণ হ’ল –
আন্তৰিক স্নেহৰ অভাৱ। স্নেহ মানে প্ৰেমত লীন। স্মৰণ কৰিবলগীয়া নহয়, স্মৃতি পাহৰা
কঠিন। যদি পৰিশ্ৰম কৰিবলগীয়া হয় তেন্তে আন্তৰিক স্নেহ পৰীক্ষা কৰা – ক’ৰবাত ছিদ্ৰতো
নাই? আসক্তি লাগিলে কোনো ব্যক্তিৰ প্ৰতি, ব্যক্তিৰ বিশেষত্বৰ প্ৰতি, কোনো সাধনৰ
প্ৰতি, সাহায্যৰ প্ৰতি, অতিৰিক্ত সাহায্য, নিয়ম অনুসৰি সাহায্য ঠিক, কিন্তু
অতিৰিক্ত সাহায্যৰ প্ৰতিও স্নেহ থাকে, আসক্তি থাকে। সেই সাহায্য স্মৃতিলৈ আহি থাকিব।
তাৰ লক্ষণ হ’ল – য’তেই ছিদ্ৰ থাকিব তেতিয়া সদায় জীৱনত কোনোবা কাৰণত সন্তুষ্টতাৰ
অনুভূতি নহ’ব। কিবা নহয় কিবা কাৰণে অসন্তুষ্টতাৰ অনুভৱ কৰাব। আৰু সন্তুষ্টতা য’ত
থাকিব তাৰ লক্ষণ সদায় প্ৰসন্নতা থাকিব। সদায় আত্মিক গোলাপৰ দৰে মিচিকিয়াই থাকিব,
প্ৰফুল্লিত হৈ থাকিব। মানসিক স্থিতি বেয়া নহয়, সদায় ‘ডবল লাইট’। গতিকে বুজিলা
পৰিশ্ৰমৰ পৰা এতিয়া হাত সাৰি যোৱা। বাপদাদাৰ সন্তানসকলে পৰিশ্ৰম কৰা দেখি ভাল নালাগে।
আধাকল্প পৰিশ্ৰম কৰিলা এতিয়া আনন্দ-উল্লাস কৰা। প্ৰেমত লীন হৈ অনুভৱৰ মাণিক জ্ঞান
সাগৰৰ তলত অনুভৱ কৰা। কেৱল ডুব মাৰি সাগৰৰ পৰা ওলাই নাহিবা, প্ৰেমত লীন হৈ থাকা।
সকলোৱে প্ৰতিজ্ঞাতো
কৰিছা নহয়! যে লগত থাকিম, লগত যাম? প্ৰতিজ্ঞা কৰিছানে? লগত যাবা নে পিছে পিছে আহিবা?
যিসকল লগত যাবলৈ সাজু সেইসকলে হাত দাঙা। সাজুনে, ভাবি-চিন্তি হাত দাঙিবা, সাজু অৰ্থাৎ
পিতাৰ সমান। কোন লগত যাব? সমান হোৱাসকল লগত যাব নহয়! তেন্তে যাবানে? সদাপ্ৰস্তুতনে?
প্ৰথম শাৰী সদাপ্ৰস্তুতনে? কালিলৈ যাবলৈ আদেশ কৰিলে, যাবানে? বাৰু গৃহস্থীসকল যাবানে?
সন্তান স্মৃতিলৈ আহিব নেকি? মাতাসকল যাবানে? মাতাসকল সাজুনে? কোনো বস্তু স্মৃতিলৈ
নাহিবনে? শিক্ষকসকলৰ সেৱাকেন্দ্ৰ স্মৃতিলৈ আহিবনে, জিজ্ঞাসু স্মৃতিলৈ আহিবনে?
স্মৃতিলৈ নাহিব নেকি? বাৰু। সকলো নিৰ্মোহী হৈ গ’লানে? তেনেহ’লেতো বৰ ভাল কথা।
তেতিয়াতো পৰিশ্ৰম কৰিবলগীয়া নহ’ব নহয়।
আজি বাপদাদাই সকলোকে,
সন্মুখত বহি আছে বা দূৰৈত বহি আছে, সকলো পিতাৰ অন্তৰত বহি আছে, সকলোকে আজিৰ দিনটোত
পৰিশ্ৰম মুক্ত কৰিবলৈ বিচাৰে। হ’বানে? চাপৰিতো বজাই দিলা, হ’বানে? কাইলৈৰ পৰা কোনো
দাদীসকলৰ ওচৰলৈ নাহিবা। পৰিশ্ৰম নকৰাবানে? উল্লাসেৰে সাক্ষাৎ কৰিবা। মণ্ডলৰ
মুৰব্বীসকলৰ ওচৰলৈ নাযাবা, অভিযোগ নকৰিবা, সম্পূৰ্ণ। ঠিক আছেনে? এতিয়া হাত দাঙা।
চোৱা ভাবি-চিন্তি হাত দাঙিবা, এনেই দাঙি নিদিবা। কোনো অভিযোগ নাই, কোনো মোৰ মোৰ নাই,
কোনো মোৰ নাই। ময়ো নাই, মোৰো নাই, সমাপ্ত। চোৱা প্ৰতিজ্ঞাতো কৰিছা, ভাল কথা
অভিনন্দন কিন্তু কি হয়, প্ৰতিজ্ঞাৰ লাভ নোলোৱা। প্ৰতিজ্ঞা বৰ সোনকালে কৰি দিয়া
কিন্তু লাভ লোৱাৰ ক্ষেত্ৰত নিতৌ একটো হৈছে উপলব্ধি আনটো হৈছে পুনৰাবৃত্তি কৰা,
প্ৰতিজ্ঞাক নিতৌ পুনৰাবৃত্তি কৰা কি প্ৰতিজ্ঞা কৰিলা? অমৃতবেলা সাক্ষাতৰ পাছত
প্ৰতিজ্ঞা আৰু লাভ দুয়োটাৰে সন্তুলনৰ টোকা বনোৱা। প্ৰতিজ্ঞা কি কৰিলা? আৰু কি লাভ
অৰ্জন কৰি আছা? উপলব্ধি কৰা, পুনৰাবৃত্তি কৰা, সন্তুলন আহি গ’লে তেতিয়া ঠিক হৈ যাব।
বাপদাদাই গম পায় যে সভালৈ অহাসকলে প্ৰতিজ্ঞা কৰিছে।
বাপদাদাই দেখিছে
পৰিকল্পনা বৰ ভাল ভাল কৰে, বাপদাদাৰ পচন্দ হয়। বাপদাদাই কি বিচাৰে? বাপদাদাই কেৱল
এটা শব্দ বিচাৰে – এটা শব্দ হৈছে – সফল কৰা, সফল হোৱা। যিয়েই সম্পদ আছে, শক্তি,
সংকল্প, বাণী, কৰ্মও শক্তি, এই সময়ো শক্তি, সম্পদ হয়। সকলো সফল কৰিব লাগে। স্থূল
ধনেই হওঁক বা অলৌকিক সম্পদেই হওঁক সকলো সফল কৰিব লাগে। সফলতামূৰ্তৰ প্ৰমাণপত্ৰ ল’বই
লাগে। সফল কৰা আৰু সফল কৰোৱা। যদি কোনোবাই অসফল কৰে, তেন্তে বাণীৰ দ্বাৰা, শিক্ষাৰ
দ্বাৰা নহয়, নিজৰ শুভ-ভাৱনা, শুভ-কামনা আৰু সদায় শুভ-সন্মান দিয়াৰ দ্বাৰা সফল কৰোৱা।
কেৱল শিক্ষা নিদিবা, যদি শিক্ষা দিবলগীয়াও হয় তেন্তে ক্ষমা আৰু শিক্ষা, ক্ষমা ৰূপ
হৈ শিক্ষা দিয়া। কৃপালু হোৱা, দয়ালু হোৱা। তোমালোকৰ কৃপালু ৰূপে অৱশ্যেই শিক্ষাৰ ফল
দেখুৱাব। চোৱা আজিকালি বিজ্ঞানীসকলে চিকিৎসকসকলেও যেতিয়া অস্ত্ৰোপ্ৰচাৰ কৰে, তেতিয়া
প্ৰথমে কি কৰে? প্ৰথমে শুৱাই দিয়ে, পাছত কাটে, প্ৰথমে নাকাটে। আঘাতত ঔষধ লগালেও
প্ৰথমে ফুৱাই দিয়ে তাৰ পাছত ঔষধ লগায়। গতিকে তোমালোকেও প্ৰথমে কৃপালু হোৱা তাৰ পাছত
শিক্ষা দিয়া, তেতিয়া প্ৰভাৱ পৰিব, নহ’লে কি হয়, তোমালোকে শিক্ষা দিবলৈ লাগি যোৱা,
তেওঁ আগৰ পৰাই তোমালোকতকৈ ভাল শিক্ষক। সেয়েহে শিক্ষকে শিক্ষকৰ শিক্ষা নামানে। যিবোৰ
সাৰকথা তোমালোকে শুনাবা, এনেকৈ নকৰিব, এনেকৈ কৰিব, তেওঁলোকৰ সেয়া খণ্ডন কৰিবলৈ 10টা
যুক্তি থাকিব, সেইবাবে ক্ষমা আৰু শিক্ষা একেলগে হওঁক, গতিকে এই 70 তম বৰ্ষৰ (বৰ্তমান
89তম) বিষয় বস্তু হ’ল – সফল কৰা, সফল কৰোৱা। সফলতা মূৰ্ত হোৱা সকলো সফল কৰা। ‘ডবল
লাইট’ হ’ব লাগে নহয় সেয়েহে সফল কৰি লোৱা। সংস্কাৰো সফল কৰা। যি তোমালোকৰ মূল আদি
সংস্কাৰ, দেৱতাৰ সংস্কাৰ, আত্মাৰ অনাদি সংস্কাৰ সেয়া জাগ্ৰত কৰা। ওলোটা সংস্কাৰৰ
সৎকাৰ কৰা। আদি অনাদি সংস্কাৰ জাগ্ৰত কৰা। এতিয়া সকলোৰে বিশেষ এটাই অভিযোগ থাকি গৈছে,
সংস্কাৰ পৰিৱৰ্তন নহয়, সংস্কাৰ পৰিৱৰ্তন নহয়। সকলোৱে পৰিশ্ৰম মুক্তৰ প্ৰতিজ্ঞাতো
কৰিলা নহয়! (সকলোৱে হাত দাঙিলে) বাৰু – এওঁলোকৰ ফটো লোৱা। এতিয়া এক মিনিটৰ বাবে এইটো
প্ৰতিজ্ঞা অন্তৰত দৃঢ়তাৰে ৰেখাংঙ্কিত কৰা। নিজৰ মনত দৃঢ় কৰা। (ড্ৰিল) বাৰু।
চাৰিওফালৰ সকলো
স্বমানধাৰী সন্তানসকলক, সদায় পিতাৰ অন্তৰৰ স্নেহী, সকলোৰে স্নেহী শ্ৰেষ্ঠ আত্মাসকলক,
সদায় পৰিশ্ৰমমুক্ত, জীৱনমুক্ত অনুভৱ কৰোঁতা তীব্ৰ পুৰুষাৰ্থী সন্তানসকলক, সদায়
প্ৰতিজ্ঞা আৰু প্ৰতিজ্ঞাৰ লাভ লওঁতা, সন্তুলন ৰাখোঁতা আনন্দময় সন্তানসকলক, সদায়
আনন্দ-উল্লাসত থাকোঁতা, আনকো আনন্দ-উল্লাসত আনোঁতা, এনেকুৱা সংগমযুগী শ্ৰেষ্ঠ
ভাগ্যৰ অধিকাৰী সন্তানসকলক বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু দিলাৰামৰ অন্তৰৰ আশীৰ্বাদ
স্বীকাৰ কৰিবা। স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।
দাদীসকলৰ সৈতে:-
ঠিকে আছা নহয়! সকলো
তোমালোকক দেখি আনন্দিত হয়। পিতা আৰু সন্তানসকলক, দুয়োকে দেখি আনন্দিত হয়। দুয়ো সমান।
সকলোৰে অতিকৈ মৰমৰ হোৱা। সকলোৰে দাদীসকলৰ প্ৰতি বিশেষ স্নেহ আছে নহয়! বহুত স্নেহ আছে
কিয়নো নিমিত্ত যে হৈছা, সেয়েহে নিমিত্ত হোৱাসকলৰ ওপৰত দ্বায়িত্বও থাকে, গতিকে স্নেহো
ইমান থাকে কিয়নো সকলোৰে স্নেহ আৰু আশীৰ্বাদেৰে তেওঁলোকৰ জীৱনত ‘লিফ্ট’ প্ৰাপ্ত হৈ
যায়। তোমালোক যিসকল নিমিত্ত হৈছা তোমালোকেও ‘লিফ্ট’ পোৱা কিন্তু ‘লিফ্ট’ৰ উপহাৰ
বৰ্তাই ৰাখিলে তেতিয়া বহুত লাভ হ’ব পাৰে। এয়া অতিৰিক্ত বৰদান পোৱা যায়। যি কোনো
কাৰ্যত, ঈশ্বৰীয় কাৰ্যত বা যজ্ঞ সেৱাত যিসকল বিশেষ নিমিত্ত হয় তেওঁলোকে আশীৰ্বাদ আৰু
স্নেহ দুয়োটাৰে ‘লিফ্ট’ পায়। স্নেহ এক এনেকুৱা বস্তু যিয়ে কিহৰ পৰা কি কৰি দিয়ে।
বৰ্তমান জগততো কাৰোবাক যদি সোধা যে কি লাগে? তেতিয়া ক’ব - স্নেহ লাগে। শান্তি লাগে,
সেয়াও স্নেহৰ পৰা পায়। সেয়েহে স্নেহ, আত্মিক স্নেহ সকলোতকৈ শ্ৰেষ্ঠ। ভাল বাৰু।
বৰদান:
সংযুক্ত
স্বৰূপৰ স্মৃতিৰে অভুল হওঁতা নিৰন্তৰ যোগী হোৱা
যিসকল সন্তানে নিজক
পিতাৰ সৈতে সংযুক্ত অনুভৱ কৰে তেওঁলোকে নিৰন্তৰ যোগী হোৱাৰ বৰদান স্বতঃ প্ৰাপ্ত কৰে
কিয়নো তেওঁলোক য’তেই থাকে মিলন মেলা হৈ থাকে। তেওঁলোকক কোনোবাই যিমানেই পাহৰাবলৈ
চেষ্টা নকৰক – কিন্তু তেওঁলোক অভুল হয়। এনেকুৱা অভুল সন্তান যিসকল পিতাৰ অতি স্নেহৰ
তেওঁলোকেই নিৰন্তৰ যোগী কিয়নো স্নেহৰ চিন হৈছে স্বতঃ স্মৃতি। তেওঁলোকৰ সংকল্প ৰূপী
নখো মায়াই লৰাব নোৱাৰে।
স্লোগান:
কাৰণ শুনোৱাৰ
পৰিৱৰ্তে তাৰ নিবাৰণ কৰা তেতিয়া আশীৰ্বাদৰ অধিকাৰী হৈ যাবা।
অব্যক্ত সংকেত:
আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা, অন্তৰ্মুখী হোৱা
অন্তৰ্মুখী হৈ জ্ঞান
মনন কৰাৰ অভ্যাসৰ দ্বাৰা অলৌকিক আনন্দ-উল্লাসত মগন হৈ থাকা তেতিয়া এই জগতৰ কথাবোৰে
নিজৰ ফালে আকৰ্ষিত নকৰিব। যেনেকৈ সৈনিকসকলে মাটিৰ তলত সোমাই যায় তেতিয়া বাহিৰৰ বোমা
আদিৰ প্ৰভাৱ নপৰে, তেনেকৈ তোমালোক অন্তৰ্মুখী, গুপ্ত আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা
তেতিয়া বাহ্যিক কথাবোৰে আমনি নকৰিব।