08.08.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
সদায় এইটো আনন্দত থাকা যে আমি 84ৰ চক্ৰ পূৰা কৰিলোঁ, এতিয়া নিজৰ ঘৰলৈ যাওঁ, বাকী
এই কৰ্মভোগ কিছুদিনৰ বাবে”
প্ৰশ্ন:
বিকৰ্মাজিৎ
হ’বলগীয়া সন্তানসকলে বিকৰ্মৰ পৰা হাত সাৰি থাকিবলৈ কোনটো কথাৰ ওপৰত বহুত ধ্যান দিব
লাগে?
উত্তৰ:
সকলো বিকৰ্মৰ ঘাই শিপা হৈছে দেহ-অভিমান, সেই দেহ-অভিমানত কেতিয়াও যাতে নাহে এইটো
ধ্যান ৰাখিব লাগে। ইয়াৰ বাবে বাৰে বাৰে দেহী-অভিমানী হৈ পিতাক স্মৰণ কৰিব লাগে।
ভাল আৰু বেয়াৰ ফল নিশ্চয় পোৱা যায়, শেষত বিবেক দংশন হয়। কিন্তু এইটো জন্মৰ পাপৰ
বোজা পাতল কৰিবলৈ পিতাক সঁচা কথা শুনাব লাগে।
ওঁম্শান্তি।
উচ্চতকৈও উচ্চ
লক্ষ্য হৈছে স্মৃতি থকাতো। বহুতৰে কেৱল শুনাৰহে ৰুচি থাকে। জ্ঞান বুজি পোৱাতো বৰ
সহজ। 84ৰ চক্ৰক বুজিব লাগে, স্বদৰ্শন চক্ৰধাৰী হ’ব লাগে। বহুত বেছি একো নাই।
তোমালোক সন্তানসকলে বুজি পোৱা যে আমি সকলো স্বদৰ্শন চক্ৰধাৰী হওঁ। স্বদৰ্শন চক্ৰৰ
দ্বাৰা কাৰো ডিঙি নাকাটে। যেনেকৈ শ্ৰীকৃষ্ণৰ ক্ষেত্ৰত দেখুৱাইছে। এতিয়া এই লক্ষ্মী–নাৰায়ণ
হৈছে বিষ্ণুৰ দুটা ৰূপ। তেওঁলোকৰ স্বদৰ্শন চক্ৰ আছেনে? তেন্তে শ্ৰীকৃষ্ণৰ হাতত চক্ৰ
কিয় দেখুৱায়? এখন আলোচনী প্ৰকাশ হয়, য`ত শ্ৰীকৃষ্ণৰ এনেকুৱা বহুত চিত্ৰ দেখুৱায়।
পিতাতো আহি তোমালোকক ৰাজযোগ শিকায়, চক্ৰৰ দ্বাৰা অসুৰক বধ নকৰে। অসুৰ তেওঁক কোৱা
হয়, যাৰ আসুৰি স্বভাৱ আছে। বাকী মনুষ্যতো মনুষ্যই হয় নহয়। এনেকুৱা নহয় যে
স্বদৰ্শন চক্ৰৰে সকলোকে বধ কৰে। ভক্তিমাৰ্গত কেনেকুৱা কেনেকুৱা চিত্ৰ অংকন কৰিছে।
ৰাতি-দিনৰ পাৰ্থক্য আছে। তোমালোক সন্তানসকলে এই সৃষ্টি চক্ৰ আৰু গোটেই ড্ৰামাখনক
জানিব লাগে কিয়নো সকলো ভাৱৰীয়া। সেই হদৰ ভাৱৰীয়াসকলে ড্ৰামাক জানে। এইখন হৈছে
বেহদৰ ড্ৰামা। এইখনক বিতংকৈ বুজিব নোৱাৰিব। সেয়াতো 2 ঘণ্টাৰ ড্ৰামা। বিতংকৈ ভূমিকাৰ
বিষয়ে জানে। ইয়াততো 84 জন্মক জানিবলগীয়া হয়।
পিতাই বুজাইছে – মই
ব্ৰহ্মাৰ ৰথত (শৰীৰত) প্ৰৱেশ কৰোঁ। ব্ৰহ্মাৰো 84 জন্মৰ কাহিনী জানিব লাগে। মনুষ্যৰ
বুদ্ধিত এই কথাবোৰ উদয় হ’ব নোৱাৰে। এইটোও নুবুজে যে 84 লাখ জন্ম নে 84 জন্ম? পিতাই
কয় - তোমালোকৰ 84 জন্মৰ কাহিনী শুনাওঁ। 84 লাখ জন্ম হোৱা হ’লে শুনাবলৈ কিমান বছৰ
লাগি যাব। তোমালোকেতো চেকেণ্ডত জানি যোৱা যে এয়া 84 জন্মৰ কাহিনী। আমি কেনেকৈ 84ৰ
চক্ৰ পৰিক্ৰমা লগালোঁ, 84 লাখ হোৱা হ'লে জানো চেকেণ্ডত বুজিব পাৰিলাহেঁতেন। 84 লাখ
জন্ম নহয়েই। তোমালোক সন্তানসকলো আনন্দিত হ'ব লাগে। আমাৰ 84ৰ চক্ৰ পূৰা হ'ল। এতিয়া
আমি ঘৰলৈ যাওঁ। বাকী অলপ দিনৰ বাবে এই কৰ্মভোগ আছে। বিকৰ্ম ভস্ম হৈ কৰ্মাতীত অৱস্থা
কেনেকৈ হ’ব, তাৰ বাবে এই যুক্তি (উপায়) শুনাইছে। বাকী বুজায় যে এইটো জন্মত যি
বিকৰ্ম কৰিছা সেই সকলোবোৰ লিখি দিলে তেতিয়া বোজা পাতল হৈ যাব। জন্ম-জন্মান্তৰৰ
বিকৰ্মতো কোনেও লিখিব নোৱাৰে। বিকৰ্মতো হৈ আহিছে। যেতিয়াৰে পৰা ৰাৱণৰাজ্য আৰম্ভ
হৈছে তেতিয়াৰ পৰা কৰ্ম বিকৰ্ম হৈ গৈছে। সত্যযুগত কৰ্ম অকৰ্ম হয়। ভগৱানুবাচ -
তোমালোকক কৰ্ম–অকৰ্ম–বিকৰ্মৰ গতি বুজাওঁ। বিকৰ্মাজিৎ চন লক্ষ্মী-নাৰায়ণৰ পৰা আৰম্ভ
হয়। ছিৰিৰ চিত্ৰতো বৰ স্পষ্টকৈ আছে। শাস্ত্ৰত এই কথাবোৰ উল্লেখ নাই। সূৰ্যবংশী,
চন্দ্ৰবংশীৰ ৰহস্যও তোমালোক সন্তানসকলে বুজিছা যে সেয়া আমিয়েই আছিলোঁ। বিৰাট ৰূপৰ
চিত্ৰও বহুত তৈয়াৰ কৰে কিন্তু অৰ্থ একোৱেই নাজানে। পিতাৰ বাহিৰে কোনেও বুজাব নোৱাৰে।
এই ব্ৰহ্মাৰ ওপৰতো কোনোবা আছে নহয়, যিজনে শিকাইছে। যদি কোনোবা গুৰুৱে শিকাইছে
তেন্তে সেইজন গুৰুৰ কেৱল এজনেই শিষ্যতো হ’ব নোৱাৰে। পিতাই কয় - সন্তানসকল, তোমালোক
পতিতৰ পৰা পাৱন আৰু পাৱনৰ পৰা পতিত হ’বই লাগে। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে।
অনেকবাৰ এই চক্ৰ অতিক্ৰম কৰিছা। অতিক্ৰম কৰিয়েই থাকিবা। তোমালোক হৈছা আদিৰ পৰা
অন্তলৈকে ভূমিকা পালন কৰোঁতা। আদিৰ পৰাই অন্তলৈকে ভূমিকা অন্য কাৰোৱেই নাই।
তোমালোককহে পিতাই বুজায়। আকৌ তোমালোকে এইটোও বুজি পোৱা যে অন্য ধৰ্মাৱলম্বীসকল অমুক
অমুক সময়ত আহে। তোমালোকৰতো আদিৰ পৰা অন্তলৈকে ভূমিকা আছে। খ্ৰীষ্টানসকলৰ বাবেতো
কোৱা নহ’ব যে সত্যযুগত আছিল। তেওঁলোকতো দ্বাপৰৰো মাজৰ সময়খিনিতহে আহে। এই জ্ঞান
তোমালোক সন্তানসকলৰহে বুদ্ধিত আছে। যিকোনো লোককে বুজাব পাৰা। অন্য কোনেও সৃষ্টিৰ
আদি-মধ্য-অন্তৰ বিষয়ে নাজানে। ৰচয়িতাকে নাজানে তেন্তে ৰচনাৰ বিষয়ে কেনেকৈ জানিব।
বাবাই বুজাইছে যে যিবিলাক সত্যনিষ্ঠ কথা আছে সেইবিলাক ছপাই উৰাজাহাজৰ পৰা সকলো ঠাইতে
পেলাব লাগে। সেই সাৰ কথা অথবা বিষয়বোৰ বহি লিখিব লাগে। সন্তানে কয় কাম নাই। বাবাই
কয় - এনেধৰণৰ সেৱাতো বহুত আছে। ইয়াত একান্তত বহি এইটো কাম কৰা। যিবিলাক ডাঙৰ ডাঙৰ
সংস্থা আছে, গীতা পাঠশালা আদি আছে, সেই সকলোকে জগাই তুলিব লাগে। সকলোকে বাৰ্তা দিব
লাগে। এয়া হৈছে পুৰুষোত্তম সংগমযুগ। যিসকল বিচাৰ বুদ্ধি সম্পন্ন হ’ব তেওঁলোকে
ততালিকে বুজিব, নিশ্চয় সংগমযুগতেই নতুন সৃষ্টি স্থাপনা আৰু পুৰণি সৃষ্টিৰ বিনাশ হয়।
সত্যযুগত পুৰুষোত্তম মনুষ্য থাকে। ইয়াত হৈছে আসুৰিক স্বভাৱৰ পতিত মনুষ্য। এয়াও
বাবাই বুজাইছে, কুম্ভমেলা আদি যিবোৰ অনুস্থিত হয়, বহুত মনুষ্য স্নান কৰিবলৈ যায়।
কিয় স্নান কৰিবলৈ যায়? পাৱন হ’ব বিচাৰে। গতিকে য'ত য'ত মনুষ্যই স্নান কৰিবলৈ যায়
তাত গৈ সেৱা কৰিব লাগে। মনুষ্যক বুজাব লাগে, এই পানী কোনো পতিত-পাৱনী নহয়। তোমালোকৰ
ওচৰত চিত্ৰও আছে। গীতা পাঠশালাবোৰত গৈ প্ৰচাৰ প্ৰত্ৰিকা বিলাব লাগে। সন্তানসকলে সেৱা
বিচাৰে। এইটো বহি লিখা - গীতাৰ ভগৱান পৰমপিতা পৰমাত্মা শিৱ, শ্ৰীকৃষ্ণ নহয়। আকৌ
তেওঁৰ জীৱন বৃত্তান্তৰ মহিমা লিখা। শিৱবাবাৰ জীৱন বৃত্তান্ত লিখা। তেতিয়া তেওঁলোকে
নিজেই বিচাৰ কৰিব। এইটো কথাও লিখিব লাগে যে পতিত-পাৱন কোন? তাৰপাছত শিৱ আৰু শংকৰৰ
পাৰ্থক্যও দেখুওৱাব লাগে। শিৱ বেলেগ, শংকৰ বেলেগ। এইটোও বাবাই বুজাইছে যে কল্প 5000
বছৰৰ। মনুষ্যই 84জন্ম লয়, 84 লাখ নহয়। এই মুখ্য মুখ্য কথাবোৰ চমুকৈ লিখিব লাগে।
যিবোৰ উৰাজাহাজৰ পৰাও পেলাব পাৰি, বুজাবও পাৰে। যেনেকৈ এই গোলক (সৃষ্টি চক্ৰ), ইয়াত
স্পষ্টকৈ দেখুওৱা হৈছে অমুক অমুক ধৰ্ম অমুক অমুক সময়ত প্ৰতিষ্ঠা হয়। সেয়েহে এই
গোলকো থাকিব লাগে সেইবাবে মুখ্য 12খন চিত্ৰৰ কেলেণ্ডাৰো ছপাব পাৰা য'ত সম্পূৰ্ণ
জ্ঞান আহি যায় আৰু সেৱা সহজতে হ’ব পাৰে। এই চিত্ৰবোৰ অতি জৰুৰী। কেনেকুৱা চিত্ৰ
তৈয়াৰ কৰিব লাগে, কি কি কথা লিখিব লাগে সেয়া বহি লিখা।
তোমালোকে গুপ্তবেশত
এই পুৰণি সৃষ্টিৰ পৰিৱৰ্তন কৰি আছা। অজ্ঞাত যোদ্ধা হোৱা। তোমালোকক কোনেও নাজানে।
বাবাও গুপ্ত, জ্ঞানো গুপ্ত। ইয়াৰ কোনো শাস্ত্ৰ আদি ৰচা নহয়, অন্য ধৰ্ম প্ৰতিষ্ঠাপকৰ
বাইবেল আদি ছপোৱা হয় যিবিলাক পঢ়ি আহিছে। প্ৰত্যেক ধৰ্মৰে ছপায়। তোমালোকৰ আকৌ
ভক্তিমাৰ্গত ছপায়। এতিয়া ছপোৱা নহয় কিয়নো এতিয়াতো এই শাস্ত্ৰ আদি সকলো নাশ হৈ
যাব। এতিয়া তোমালোকে বুদ্ধিৰে কেৱল স্মৰণ কৰিব লাগে। পিতাৰ ওচৰতো বুদ্ধিত জ্ঞান আছে।
কোনো শাস্ত্ৰ আদি পঢ়ে জানো। তেওঁতো জ্ঞানৱান হয়। জ্ঞানৱানৰ অৰ্থ আকৌ মনুষ্যই বুজি
লয় যে সকলোৰে অন্তৰৰ কথা জানোঁতা। ভগৱানে দেখা পায় সেইবাবেতো কৰ্মৰ ফল দিয়ে।
পিতাই কয় - এয়া ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। ড্ৰামাত যি বিকৰ্ম কৰে তাৰ বাবে শাস্তি
ভোগ কৰি গৈ থাকে। ভাল বা বেয়া কৰ্মৰ ফল পোৱা যায়। সেয়া লিখিত ৰূপততো একো নাই।
মনুষ্যই বুজিব পাৰে যে কৰ্মৰ ফল পৰৱৰ্তী জন্মত পোৱা যায়। অন্তিম সময়ত আকৌ বহুত
বিবেক দংশন হয়। মই এইটো এইটো পাপ কৰিছোঁ। সকলো স্মৃতিলৈ আহে। যেনেকুৱা কৰ্ম
তেনেকুৱা জন্ম পাবা। এতিয়া তোমালোক বিকৰ্মাজিৎ হোৱা সেয়েহে এনেকুৱা কোনো বিকৰ্ম
কৰিব নালাগে। সকলোতকৈ ডাঙৰ বিকৰ্ম হৈছে দেহ-অভিমানী হোৱাতো। বাবাই বাৰে বাৰে কয় -
দেহী-অভিমানী হৈ পিতাক স্মৰণ কৰা, পৱিত্ৰতো হৈ থাকিবই লাগে। সকলোতকৈ ডাঙৰ পাপ হৈছে
কাম কটাৰী চলোৱাতো। ইয়েই আদি-মধ্য-অন্ত দুখ দিওঁতা হয় সেইবাবে সন্ন্যাসীসকলেও কয়
এয়া কাগ বিষ্ঠাৰ সমান (তেনেই তাকৰীয়া) সুখ। তাত দুখৰ নাম নাথাকে। ইয়াত দুখেই দুখ,
সেইকাৰণে সন্ন্যাসীসকলৰ বৈৰাগ্য জন্মে। কিন্তু তেওঁলোক জংগললৈ গুচি যায়। তেওঁলোকৰ
হৈছে হদৰ বৈৰাগ্য, তোমালোকৰ হৈছে বেহদৰ বৈৰাগ্য। এই জগতখন ছিঃ ছিঃ হয়। সকলোৱে কয় -
বাবা আহি আমাৰ দুখ হৰণ কৰি সুখ দিয়ক। পিতাহে দুখ হৰ্তা, সুখ কৰ্তা। তোমালোক
সন্তানসকলেহে বুজি পোৱা যে নতুন সৃষ্টিত এই দেৱতাসকলৰ ৰাজ্য আছিল। তাত কোনো প্ৰকাৰৰ
দুখ নাছিল। যেতিয়া কোনোৱে শৰীৰ ত্যাগ কৰে তেতিয়া মনুষ্যই কয় স্বৰ্গবাসী হ’ল। কিন্তু
এইটো জানো বুজে যে আমি নৰকত আছোঁ। আমি যেতিয়া মৰিম তেতিয়া স্বৰ্গলৈ যাম। কিন্তু
তেৱোঁ স্বৰ্গলৈ গ’ল নে ইয়াত নৰকলৈ আহিল? একো বুজিয়েই নাপায়। তোমালোক সন্তানসকলে 3
জন পিতাৰ ৰহস্যও সকলোকে বুজাব পাৰা। 2 জন পিতাৰ কথাতো সকলোৱে বুজি পায় লৌকিক আৰু
পাৰলৌকিক আৰু এয়া অলৌকিক প্ৰজাপিতা ব্ৰহ্মা আকৌ ইয়াত সংগমযুগত আছে। ব্ৰাহ্মণৰো
দৰকাৰ হয় নহয়। সেই ব্ৰাহ্মণসকল জানো ব্ৰহ্মাৰ মুখ বংশাৱলী হয়। জানে যে ব্ৰহ্মা
আছিল সেইবাবে ব্ৰাহ্মণ দেৱী–দেৱতা নমঃ বুলি কয়। এইটো নাজানে যে তেনেকৈ কাক কয়,
কোন প্ৰকাৰৰ ব্ৰাহ্মণ? তোমালোক হৈছা পুৰুষোত্তম সংগমযুগী ব্ৰাহ্মণ। তেওঁলোক হৈছে
কলিযুগী। এয়াতো হৈছে পুৰুষোত্তম সংগমযুগ, যেতিয়া তোমালোক মনুষ্যৰ পৰা দেৱতা হোৱা।
দেবী-দেৱতা ধৰ্মৰ প্ৰতিষ্ঠা হৈ আছে। গতিকে সন্তানসকলে সকলো সাৰ কথা ধাৰণ কৰিব লাগে
আকৌ তাৰপাছত সেৱা কৰিব লাগে। পূজা কৰিবলৈ বা শ্ৰাদ্ধ খাবলৈ ব্ৰাহ্মণসকল আহে।
তেওঁলোকৰ লগতো তোমালোকে বাৰ্তালাপ কৰিব পাৰা। আপোনালোকক সঁচা ব্ৰাহ্মণ কৰি তুলিব
পাৰোঁ। এতিয়া ভাদ মাহ আহি আছে, সকলোৱে মৃতকৰ আত্মাক খুৱায়। সেয়াও যুক্তিৰে কৰিব
লাগে, নহ’লে ক'ব যে ব্ৰহ্মাকুমাৰীৰ ওচৰলৈ গৈ সকলো এৰি দিলে। এনেকুৱা একো কৰিব নালাগে,
যাৰ বাবে তেওঁলোক বিতুষ্ট হয়। যুক্তিৰে তোমালোকে জ্ঞান দিব পাৰা। নিশ্চয়
ব্ৰাহ্মণসকল আহিব, তেতিয়াহে জ্ঞান দিব পাৰিবা নহয়। এই মাহটোত তোমালোকে ব্ৰাহ্মণসকলৰ
বহুত সেৱা কৰিব পাৰা। তোমালোক ব্ৰাহ্মণসকলতো প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান। কোৱা যে
ব্ৰাহ্মণ ধৰ্ম কোনে প্ৰতিষ্ঠা কৰিলে? তোমালোকে ঘৰত বহি তেওঁলোকৰো কল্যাণ কৰিব পাৰা।
যেনেকৈ অমৰনাথৰ যাত্ৰাত যায় তেতিয়া তেওঁলোকে কেৱল লিখনিৰ দ্বাৰা ইমান নুবুজিব। তাত
বহি বুজাব লাগে। মই আপোনাক সঁচা অমৰনাথৰ কথা শুনাম। অমৰনাথ বুলিতো এজনকহে কোৱা হয়।
অমৰনাথ অৰ্থাৎ যিজনে অমৰপুৰী স্থাপনা কৰে। সেয়া হৈছে সত্যযুগ। এনেকৈ সেৱা কৰিব লাগে।
তালৈ খোজকাঢ়ি যাবলগীয়া হয়। যিসকল ভাল ভাল ডাঙৰ ডাঙৰ ব্যক্তি আছে তেওঁলোকক গৈ
বুজাব লাগে। সন্ন্যাসীসকলকো তোমালোকে জ্ঞান দিব পাৰা। তোমালোক গোটেই সৃষ্টিৰ
কল্যাণকাৰী হোৱা। শ্ৰীমতত আমি বিশ্বৰ কল্যাণ কৰি আছোঁ - বুদ্ধিত এইটো নিচা থাকিব
লাগে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) যেতিয়া
একান্ত বা আজৰি পোৱা যায় তেতিয়া জ্ঞানৰ ভাল ভাল সাৰ কথাবোৰৰ ওপৰত বিচাৰ সাগৰ মন্থন
কৰি লিখিব লাগে। সকলোকে বাৰ্তা দিয়াৰ বা সকলোৰে কল্যাণ কৰাৰ যুক্তি ৰচিব লাগে।
(2) বিকৰ্মৰ পৰা হাত
সাৰিবলৈ দেহী-অভিমানী হৈ পিতাক স্মৰণ কৰিব লাগে। এতিয়া কোনো বিকৰ্ম কৰিব নালাগে,
এইটো জন্মত কৰা বিকৰ্মবোৰ বাপদাদাক সততাৰে শুনাব লাগে।
বৰদান:
নিশ্চিত
নিয়তিক জানিও শ্ৰেষ্ঠ কাৰ্যক প্ৰত্যক্ষ ৰূপ দিওঁতা সৰ্বদা সমৰ্থ হোৱা
নতুন শ্ৰেষ্ঠ বিশ্ব
ৰচনা হোৱাৰ নিয়তি নিশ্চিত হোৱা সত্ত্বেও সমৰ্থ ভৱৰ বৰদানী সন্তানে কেৱল কৰ্ম আৰু
ফলৰ, পুৰুষাৰ্থ আৰু প্ৰালব্ধৰ, নিমিত্ত আৰু নিৰ্মাণৰ কৰ্ম-দৰ্শন অনুসৰি নিমিত্ত হৈ
কাৰ্য কৰে। জগতৰ লোকে আশাৰ ৰেঙনি দেখা নাপায় আৰু তোমালোকে কোৱা যে এই কাৰ্য অনেকবাৰ
হৈছে, এতিয়াও হৈয়েই আছে, কিয়নো স্ব-পৰিৱৰ্তনৰ প্ৰত্যক্ষ প্ৰমাণৰ আগত আন কোনো
প্ৰমাণৰ আৱশ্যকতাই নাথাকে। লগতে পৰমাত্ম কাৰ্য সদায় সফল হৈয়েই আছে।
স্লোগান:
কমকৈ কোৱা, বেছিকৈ কৰা - এইটো শ্ৰেষ্ঠ লক্ষ্যই মহান কৰি দিব।
অব্যক্ত সংকেত:
সহজযোগী হ'বলৈ হ’লে পৰমাত্ম স্নেহৰ অনুভৱী হোৱা
সেৱাত বা নিজৰ আৰোহণ
কলাত সফলতাৰ মূল আধাৰ হৈছে - এজন পিতাৰ সৈতে অটুট প্ৰেম। পিতাৰ বাহিৰে যাতে আন একো
দৃষ্টিগোচৰ নহয়। সংকল্পতো বাবা, বাণীতো বাবা, কৰ্মতো পিতাৰ সংগ, এনেকুৱা স্নেহত লীন
স্থিতিত থাকি এটা শব্দও যদি কোৱা তেন্তে সেই স্নেহৰ বাণীয়ে অন্য আত্মাকো স্নেহত
বান্ধি পেলাব। এনেকুৱা স্নেহত লীন আত্মাৰ এটি ‘বাবা’ শব্দই যাদুমন্ত্ৰৰ কাম কৰিব।