08.08.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
শান্ত হৈ থকাৰ স্বভাৱ বহুত ভাল, শান্ত স্বভাৱৰ লোকসকল বহুত অমায়িক হয়, অদৰকাৰী কথা
কোৱাতকৈ নোকোৱাই ভাল”
প্ৰশ্ন:
কোনসকল
সন্তানক সকলোৱে মৰম কৰে? নিজক নিৰাপদে ৰখাৰ সাধন কি?
উত্তৰ:
যিসকলে সকলোৰে বহুত ৰুচিৰে, মৰমেৰে সেৱা কৰে, তেওঁলোকক সকলোৱে মৰম কৰে। তোমালোকে
কেতিয়াও সেৱাৰ বাবে অহংকাৰ কৰিব নালাগে। পিতাৰ দ্বাৰা যি জ্ঞানৰ কস্তুৰী পাইছা সেয়া
আনক দিব লাগে, সকলোকে শিৱবাবাৰ স্মৃতি সোঁৱৰাই দিব লাগে। এই স্মৃতিৰ যাত্ৰাৰেই
তোমালোক বহুত নিৰাপদে থাকিবা। যিমান স্মৃতিত থাকিবা সিমান আনন্দিত হৈও থাকিবা আৰু
আচৰণো শুধৰণি হৈ যাব।
ওঁম্শান্তি।
আত্মিক পিতাই
বহি আত্মিক সন্তানসকলক বুজায়, বুজাই বুজাই কিমান বুদ্ধিমান কৰি তোলে। পঢ়াও সহজ হয়
নহয়। সেয়া হৈছে স্থূল শিক্ষা আৰু এয়া হৈছে সূক্ষ্ম শিক্ষা। তোমালোক সন্তানসকলে জানা
যে এই শিক্ষা পিতাৰ বাহিৰে আন কোনেও দিব নোৱাৰে। পিতা আহিছেই পৱিত্ৰ কৰি তুলিবলৈ আৰু
পঢ়াবলৈ। লক্ষ্য-উদ্দেশ্য সন্মুখত থিয় হৈ আছে, গতিকে এনেকুৱা পিতাক স্মৰণ কৰি আনন্দত
ৰোমাঞ্চিত হৈ যাব লাগে। এইটোও সন্তানসকলে জানে যে দিনে-প্ৰতিদিনে আমি শান্তিলৈকে
যাব লাগে। শান্তিতো সকলোৱে বহুত পছন্দ কৰে। গণ্যমান্য ব্যক্তিয়ে বেছি কথা নকয় আৰু
ডাঙৰকৈ নকয়। তোমালোক অতি গণ্যমান্য ব্যক্তি হোৱাগৈ, বাস্তৱত ব্যক্তি বুলি কোৱা নহ’ব,
তোমালোকতো দেৱতা হোৱা। দেৱতাসকলে বহুত কম কথা কয়। তোমালোকো যিহেতু দেৱতা হ’ব লাগে
গতিকে কথনৰ পৰিৱৰ্তে মৌন হৈ (শান্ত অৱস্থাত) থকাৰ অভ্যাস কৰা। শান্তিত থকাসকলৰ
ক্ষেত্ৰত বুজা যাব যে এওঁলোকৰ নিজৰ প্ৰতি মনোযোগ আছে, যিহেতু তোমালোক শান্তিধামলৈ
যাব লাগে গতিকে বহুত ধীৰে ধীৰে কথা ক’ব লাগে। ধীৰে ধীৰে কৈ কৈ শান্তিধামলৈ গুচি যাব
লাগে। যিমানে তোমালোক শান্ত হৈ থাকা সিমানে শান্তি বিয়পোৱা। তোমোলোক বহুত শান্ত হৈ
থাকিব লাগে। ডাঙৰকৈ শব্দ কৰি কথা পতাতো ভাল নালাগে। ক্ৰোধো ভাল নহয়। সন্তানসকলৰ কোনো
ধৰণৰ বিকাৰ থাকিব নালাগে। চাব লাগে - মই কাৰো লগত হাই-কাজিয়াতো নকৰোঁ! পিতাই বুজাইছে
- বেয়া নাচাবা, বেয়া নক’বা… যিবোৰ কথা তোমালোকে পছন্দ নকৰা সেই বেয়া কথাবোৰৰ পৰা
নিজকে একাষৰীয়া কৰি দিব লাগে তেতিয়া দুয়োৰে মুখ বন্ধ হৈ থাকিব। প্ৰতিটো কথাত
দৈৱীগুণ ধাৰণ কৰিব লাগে। কোনোবাই ডাঙৰকৈ শব্দ কৰি কথা ক’লে তেতিয়া ক’বা যে শান্ত
হোৱা, শব্দ নকৰিবা। তোমালোকে জানা যে আমি শান্তি স্থাপনা কৰোঁ। সত্যযুগত শান্তি থাকে
নহয়। মূললোকততো হয়েই শান্তি। শৰীৰেই নাথাকে তেন্তে আকৌ ক’ব কেনেকৈ। পিতাই
সন্তানসকলক শ্ৰীমততো বহুত ভাল দিয়ে, বুজায় - মৰমৰ সন্তানসকল তোমালোক এতিয়া ঘৰলৈ যাব
লাগে, বাণীৰ পৰা ছায়াছৱিত আহিব লাগে, আৰু তাৰপাছত শান্তিলৈ গুচি যাবা। যাকেই লগ পোৱা
তেওঁলোকক এইটোৱে বাৰ্তা দিব লাগে। তোমালোক যিমানে মৌন হৈ (শান্ত অৱস্থাত) থাকিবা
সিমানে আনে বুজিব যে এওঁলোক কিহবাত মগন হৈ আছে। শান্ত হৈ থকাৰ স্বভাৱ বহুত ভাল।
তেওঁলোক অতি অমায়িক হয়। অদৰকাৰী কথা কোৱাতকৈ নোকোৱাই ভাল।
তোমালোক সঁচা পয়গম্বৰ
(বাৰ্তাবাহক)। তোমালোকৰ সকলোৰে প্ৰতি কৃপা থাকিব লাগে। কৃপা কৰা সন্তানসকল বহুত
শান্তিৰে পিতাৰ স্মৃতিত থাকিব। কেৱল বাৰ্তা দিব লাগে যে বেহদৰ পিতাক স্মৰণ কৰা
তেতিয়া বেহদৰ সুখ-শান্তি লাভ কৰিবা। লৌকিক পিতাৰ ওচৰত বহুত ধন থাকিলে বহুত সম্পত্তি
পাবা নহয়। বেহদৰ পিতাৰ ওচৰততো বিশ্বৰ বাদশ্বাহী আছে, প্ৰত্যেক 5000 বছৰৰ পাছত
তোমালোকে বিশ্বৰ বাদশ্বাহী লাভ কৰা।
তোমালোক সন্তানসকলে
সকলোৰে বহুত ৰুচিৰে সেৱা কৰিব লাগে। প্ৰত্যেকেই সেৱাৰ যোগ্য হ’ব লাগে। যিয়ে মৰমেৰে
আনৰ সেৱা কৰে তেওঁলোকক সকলোৱে মৰম কৰে। কেতিয়াও সেৱাৰ বাবে অহংকাৰ কৰিব নালাগে।
তোমালোকে পিতাৰ দ্বাৰা জ্ঞানৰ কস্তুৰী লাভ কৰিছা, সেয়া আনক দিব লাগে। ইজনে সিজনক
সোঁৱৰাই থাকা যে শিৱবাবা স্মৃতিত আছেনে? এনে কৰিলে আনন্দিতও হয়। সোঁৱৰাই দিয়াসকলক
ধন্যবাদ দিব লাগে। স্মৃতিৰ যাত্ৰাৰে তোমালোক সন্তানসকল বহুত নিৰাপদে থাকিবা। যিমানে
স্মৃতিত থাকিবা সিমানেই আনন্দিতও হৈ থাকিবা আৰু আচৰণো শুধৰণি হৈ গৈ থাকিব। তোমালোকে
নিজৰ চৰিত্ৰ নিশ্চয় শুধৰাব লাগে। প্ৰত্যেকে নিজৰ অন্তৰক সোধা যে মোৰ স্বভাৱ অতি মিঠা
হয়নে? কেতিয়াবা কাৰোবাক বিতুষ্টতো নকৰোঁ। এনেকুৱা বাতাবৰণ যাতে কেতিয়াও নহয় যে
কোনোবা বিতুষ্ট হৈ যায়। এনেকুৱা চেষ্টা কৰিব লাগে কিয়নো তোমালোক সন্তানসকল অতি উচ্চ
সেৱাত ব্ৰতী হৈ আছা। তোমালোকে এই গোটেই মঞ্চক কিৰণ দিব লাগে। তোমালোক হৈছা ধৰণীৰ
চৈতন্য তৰা। কোৱাও হয় যে নক্ষত্ৰ দেৱতা…… এতিয়া সেই তৰাবোৰ কোনো দেৱতা নহয়,
তোমালোকতো তাতকৈও অধিক বলৱান হোৱা কিয়নো তোমালোকে গোটেই বিশ্বক আলোকিত কৰা,
তোমালোকেই দেৱতা হ’বলৈ গৈ আছা। যেনেদৰে ওপৰত তৰাৰ তিৰবিৰণি আছে, কোনোবাটো তৰা বৰ
উজ্বল আৰু কোনোবাটো কম উজ্বল। কোনোবাটো চন্দ্ৰমাৰ সমীপত থাকে। তোমালোক সন্তানসকলো
যোগবলেৰে সম্পূৰ্ণ পৱিত্ৰ হ’লে তেতিয়া চিকমিকাই থাকা।
এতিয়া তোমালোক
সন্তানসকলে অবিনাশী জ্ঞান ৰত্নৰ লটাৰি পাই আছা গতিকে কিমান আনন্দিত হৈ থকা উচিত।
ভিতৰি আনন্দত জপিয়াই থাকা। তোমালোকৰ এইটো জন্ম হীৰাতুল্য বুলি গায়ন কৰা হয়। তোমালোক
ব্ৰাহ্মণসকলহে জ্ঞানপূৰ্ণ হোৱা গতিকে তোমালোকৰ জ্ঞানৰহে আনন্দ থাকে। এই
দেৱতাসকলতকৈও তোমালোক শ্ৰেষ্ঠ। তেন্তে তোমালোকৰ চেহেৰা সদায় আনন্দত প্ৰফুল্লিত হৈ
থাকিব লাগে। পিতাই সন্তানসকলক আশীৰ্বাদ দিয়ে - মৰমৰ সন্তানসকল সদায় শান্ত হৈ থাকা!
চিৰঞ্জিৱী হোৱা! অৰ্থাৎ বহুত জন্ম জীয়াই থাকা। আশীৰ্বাদতো পিতাৰ পৰা পোৱা যায়
তথাপিও প্ৰত্যেকে নিজৰ পুৰুষাৰ্থ কৰিব লাগে যে মই চিৰঞ্জিৱী কেনেকৈ হওঁ। পিতাক
স্মৰণ কৰি তোমালোক চিৰঞ্জীৱ হৈ আছা। এইটো আশীৰ্বাদ পিতাই দিয়ে। ব্ৰাহ্মণলোকেও কয় -
আয়ুস্মান ভৱ। পিতায়ো কয় - সন্তানসকল সদায় জীয়াই থাকা। তোমালোকক আধাকল্পলৈ কালে খাব
নোৱাৰে। সত্যযুগত মৃত্যুৰ নাম নাথাকে। ইয়াততো মনুষ্যই মৰিবলৈ ভয় কৰে নহয়। তোমালোকেতো
মৰিবলৈ পুৰুষাৰ্থ কৰি আছা। তোমালোকে জানা যে বাবাক স্মৰণ কৰি কৰি আমি এই শৰীৰ ত্যাগ
কৰি নিজৰ শিৱবাবাৰ ওচৰলৈ গুচি যাম, পুনৰ স্বৰ্গবাসী হ’মগৈ।
এতিয়া তোমালোক অতি
মৰমৰ পিতাৰ সন্তান হৈছা গতিকে তোমালোকো পিতাৰ দৰে বহুত বহুত মিঠা, বহুত মৰমিয়াল হ’ব
লাগে। বাবাই পত্ৰতো লিখে - অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকল… বাবা অতি
মিঠা হয় নহয় জানো। বাস্তৱত অনুভৱ কৰা যে বাবা কিমান মিঠা, কিমান মৰমিয়াল হয়। আমাকো
এনেকুৱা কৰি তোলে। এয়াও তোমালোকে জানা যে আমি কিমান মিঠা, কিমান মৰমিয়াল আছিলোঁ।
আমিয়েই পূজ্যৰ পৰা পূজাৰী হ’লোঁ সেয়েহে নিজকে পূজা কৰি থাকোঁ। এয়াও অতি আচৰিত
বুজিবলগীয়া কথা।
তোমালোক সন্তানসকলে
জানা আধাকল্পৰ আমাৰ সকলো দুখ দূৰ কৰোঁতা বাবাৰ এতিয়া আগমন হৈছে। এনেকৈ কয় নহয় - হৰ
হৰ মহাদেৱ। এতিয়া তেওঁ মহাদেৱতো নহয়। দুখতো পিতাইহে দূৰ কৰিব। দুখ হৰণ কৰি সুখ
দিওঁতা হৈছে পিতা। আধাকল্প তোমালোকে বহুত দুখ দেখিছা। 5 বিকাৰৰ বেমাৰ বহুত বৃদ্ধি
হৈ গৈছে, এই বেমাৰে বহুত দুখী কৰিছে, সেইকাৰণে পিতাই কয় - মৰমৰ সন্তানসকল, এয়া যি
কৰ্মৰ হিচাপ আছে, তাক এতিয়া ঠিক কৰা। বেপাৰীসকলেও 12 মাহৰ খতিয়ান ৰাখে নহয়।
পিতাই বুজায় -
সন্তানসকল, এতিয়া গোটেই সৃষ্টিত চোৱা কিমান আৱৰ্জনা আছে, এয়া হয়েই নৰক, সেয়েহে নৰকক
স্বৰ্গ কৰি তুলিবলৈ পিতা আহিবলগীয়া হয়। বাবা বহুত প্ৰেমেৰে আহে, জানে যে মই
সন্তানসকলৰ সেৱা কৰিবলৈ আহিব লাগে। মই কল্পই কল্পই তোমালোক সন্তানসকলৰ সেৱাত
উপস্থিত হওঁ। যেতিয়া স্বয়ং আহে তেতিয়া সন্তানসকলে বুজি পায় যে পিতা আমাৰ সেৱাত
উপস্থিত হৈছে। ইয়াত বহি সকলোৰে সেৱা হৈ যায়। গোটেই সৃষ্টিৰ কল্যাণকাৰী দাতাতো এজনেই
হয় নহয়। পিতাই জানে গোটেই সৃষ্টিৰ যিসকল আত্মা আছে সকলোকে মইহে উত্তৰাধিকাৰ দিবলৈ
আহোঁ। বেহদৰ পিতাৰ দৃষ্টি সৃষ্টিৰ আত্মাসকলৰ ফালে যায়। যদিও ইয়াত বহি আছে কিন্তু
দৃষ্টি গোটেই বিশ্বত আৰু গোটেই বিশ্বৰ মনুষ্যমাত্ৰৰ ওপৰত আছে, কিয়নো গোটেই বিশ্বকেই
আহ্লাদিত কৰিব লাগে। ড্ৰামাৰ পৰিকল্পনা অনুসৰি কল্প পূৰ্বৰ দৰে গোটেই বিশ্বৰ আত্মাই
আহ্লাদিত হৈ যাব। পিতাই সকলো সন্তানক স্মৰণ কৰে, দৃষ্টিতো যায় নহয়। সংগমযুগতহে পিতা
সন্তানসকলৰ সেৱাত উপস্থিত হয় তেওঁৰ তুলনাত কোনেও সেৱা কৰিব নোৱাৰে। তেওঁৰ হৈছে
বেহদৰ সেৱা। তোমালোক সন্তানসকলেও পিতাক প্ৰত্যক্ষ তেতিয়াহে কৰিব পাৰিবা যেতিয়া
তেওঁৰ দৰে সেৱা কৰিবা। সেৱা কৰোঁতাসকলে ফলো বহুত শ্ৰেষ্ঠ পায়। সন্তানসকলৰ নিচাও বাঢ়ে
যে আমি শ্ৰীমতত গোটেই বিশ্বৰ মনুষ্যক সুখ দিওঁ।
পিতাই কয় - মৰমৰ
সন্তানসকল, এতিয়া জ্ঞান ৰত্নৰে নিজৰ জোলোঙা ভৰপূৰ কৰা, যিমান ভৰাব বিচৰা ভৰোৱা।
নিজৰ সময় নষ্ট নকৰিবা। পিতাৰ স্মৃতিত সময় সফল কৰা। যিয়ে ভালদৰে ধাৰণা কৰে তেওঁলোকে
আকৌ আনৰো ভাল সেৱা নিশ্চয় কৰিব। সময় নষ্ট নকৰিব। সন্তানসকল পুৰুষাৰ্থ কৰি অন্তমুৰ্খী
হ’ব লাগে। ভিতৰত আত্মা আছে নহয়। এইটো নিশ্চয়তা জন্মাব লাগে যে আমাক আত্মাসকলক পিতাই
বুজাই আছে। আত্মা-অভিমানী হৈ থকাটোৱেই সঁচা সঁচা অন্তৰ্মুখী হোৱা। অন্তৰ্মুখী অৰ্থাৎ
ভিতৰত যি আত্মা আছে, সেই আত্মাই সকলো পিতাৰ পৰাই শুনিব লাগে। পিতাই মৰমেৰে বাৰে বাৰে
বুজায়। মাতা-পিতা আৰু যিসকল ভাল অনন্য জ্যেষ্ঠ ভাই-ভনী আছে, যিসকলে ভাল সেৱা কৰে
তেওঁলোকৰ পৰা শিকি গৈ থাকা। ভিতৰি এইটো নিশ্চয় কৰা যে আমি অবাবত সময় নষ্ট কৰিব
নালাগে। শৰীৰ নিৰ্বাহো কৰিব লাগে, নিজৰ ৰচনাকো চাব লাগে। কেৱল মমত্ব ৰাখিব নালাগে।
মমত্ব ৰাখিলে লোকচান হৈ যাব। মমত্ব এজন পিতাৰ সৈতে ৰাখা। ইয়াত তোমালোক পিতাৰ
সন্মুখত আছা। আত্মাসকল আৰু পৰমাত্মা সন্মুখত আছে কিয়নো ইয়াত স্বয়ং পিতাই আত্মসকলক
পঢ়ায়। তাত আত্মাই আত্মাসকলক পঢ়ায়।
এই সকলোবোৰ কথাৰ
তোমালোক সন্তানসকলৰ ভিতৰত মন্থন চলি থাকিব লাগে। বিদ্যাৰ্থীৰ বুদ্ধিত গোটেই দিন
পঢ়াৰ কথাই থাকে নহয়। তোমালোকৰ বুদ্ধিতো সকলো পঢ়াৰ কথাই আছে। এয়া হৈছে আত্মিক পঢ়া।
যিসকল ভাল বিদ্যাৰ্থী হয় তেওঁলোকে সদায় একান্তত গৈ পঢ়ে। বিদ্যাৰ্থীয়ে পৰস্পৰ
মিলা-মিছা কৰে, তেতিয়া পঢ়াৰ ওপৰতে বাৰ্তালাপ কৰে। এই বেহদৰ পঢ়াততো আৰুহে আনন্দেৰে
লাগি যাব লাগে।
তোমালোক সন্তানসকল
এতিয়া পিতাৰ সহায়কাৰী হোৱা। স্মৃতিত থকা মানেই সহায় কৰা কিয়নো স্মৃতিৰ যাত্ৰা মানে
শান্তিৰ যাত্ৰা সেইবাবে কোৱা হয় - প্ৰত্যেকে নিজৰ ঘৰখনক স্বর্গ কৰি তোলা। প্ৰত্যেকৰে
বুদ্ধিত ‘অল্ফ’ (পৰমাত্মা) আৰু ‘বে’ (বাদশ্বাহী) আছে। পৰমাত্মাক স্মৰণ কৰা তেন্তে
বাদশ্বাহী পাবা। অন্য একো কৰিব নালাগে। কেৱল নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা
তেতিয়া ৰাজধানী তোমালোকৰ। তোমালোক সন্তানসকলে সকলোকে এইটোৱে বাৰ্তা দি থাকা যে
পিতাক স্মৰণ কৰা তেতিয়া স্বৰ্গৰ বাদশ্বাহী পাবা। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা, সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ
স্মৃতিত নিজৰ সময় সফল কৰিব লাগে। এয়া অমূল্য সময় ক’তো নষ্ট কৰিব নালাগে। পুৰুষাৰ্থ
কৰি অন্তৰ্মুখী অৰ্থাৎ আত্মা-অভিমানী হৈ থাকিব লাগে।
(2) এতিয়া আমি
দেৱতাসকলতকৈও শ্ৰেষ্ঠ ব্ৰাহ্মণ, এতিয়া পিতাৰ দ্বাৰা অবিনাশী জ্ঞান ৰত্নৰ লটাৰি
প্ৰাপ্ত হৈছে, জ্ঞানপূৰ্ণ হৈছোঁ গতিকে চেহেৰা সদায় আনন্দত প্রফুল্লিত হৈ থাকিব লাগে।
ভিতৰি আনন্দত জপিয়াই থাকিব লাগে।
বৰদান:
মনৰ মহাদানৰ
দ্বাৰা প্ৰতিটো সংকল্পৰ সিদ্ধি প্ৰাপ্ত কৰোঁতা মাষ্টৰ সৰ্বশক্তিমান হোৱা
যিসকল সন্তানে মনৰ
দ্বাৰা শক্তিসমূহ দান কৰে, তেওঁলোকেই মাষ্টৰ সৰ্বশক্তিমানৰ বৰদান প্ৰাপ্ত কৰে কিয়নো
মনৰ দ্বাৰা শক্তিসমূহ দান কৰিলে সংকল্পত ইমান শক্তি জমা হৈ যায় যে প্ৰতিটো সংকল্পৰে
সিদ্ধি প্ৰাপ্ত হয়। তেওঁলোকে নিজৰ সংকল্প য’তেই বিচাৰে, তাতেই এক ছেকেণ্ডত স্থিৰ
কৰাব পাৰে, কাৰণ সংকল্প তেওঁলোকৰ বশত থাকে। তেওঁলোকে নিজৰ সংকল্পৰ ওপৰত বিজয়ী
হোৱাৰ বাবে চঞ্চল সংকল্প কৰাসকলকো অলপ সময়ৰ বাবে অচল বা শান্ত কৰি তুলিব পাৰে।
স্লোগান:
নিৰন্তৰ এক পিতাৰ সঙ্গত থাকিলে সঙ্গদোষৰ পৰা হাত সাৰি যাবা।
অব্যক্ত ইংগিত:
অপৱিত্ৰতাৰ বীজো সমাপ্ত কৰি সম্পূৰ্ণ স্বচ্ছ (পৱিত্ৰ) হোৱা
যদি কোনো বিকৰ্ম বা
ব্যৰ্থ কৰ্ম বাৰে বাৰে হৈ থাকে, তেন্তে তাৰ কাৰণ হ’ল সদায় সংগীক লগত নাৰাখা বা
সান্নিধ্যৰ অনুভৱ নকৰা। যেনেকৈ শক্তিসকলে এক ছেকেণ্ডৰ দৃষ্টিৰে অসুৰ সংহাৰ কৰে, ঠিক
তেনেকৈ সংযুক্ত ৰূপৰ স্মৃতিৰে নিজৰ আসুৰি সংস্কাৰ বা অপৱিত্ৰতাৰ সংকল্প এক ছেকেণ্ডত
সংহাৰ কৰা।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]