08.10.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোক এতিয়া আৱাজৰ সিপাৰে যাব লাগে সেইকাৰণে মুখেৰে শিৱ শিৱ বুলি কোৱাৰো দৰকাৰ
নাই”
প্ৰশ্ন:
এক পিতাকেই
সৰ্বশক্তিমান, জ্ঞানৰ সাগৰ বুলি কোৱা হয়, অন্যক নহয় – কিয়?
উত্তৰ:
কিয়নো এক পিতাকহে স্মৰণ কৰিলে আত্মা পতিতৰ পৰা পাৱন হৈ যায়। একমাত্ৰ পিতাহে আছে যিয়ে
পতিতসকলক পাৱন কৰি তোলে, বাকী কোনো দেহধাৰী মনুষ্যই পাৱন কৰি তুলিব নোৱাৰে। পিতাই
তোমালোকক ৰাৱণ ৰাজ্যৰ পৰা মুক্ত কৰি দিয়ে। তোমালোকে শিৱবাবাৰ পৰা শক্তি লোৱা, যিমান
বেছি স্মৰণ কৰিবা সিমান শক্তি পাবা আৰু খাদ (বিকাৰৰ লেপ) আঁতৰি যাব।
গীত:
ওঁম্ নমঃ
শিৱায়ে…
ওঁম্শান্তি।
অতি মৰমৰ
কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলে ভক্তিৰ মহিমা শুনিলে। তোমালোকেও মহিমা কৰিছিলা।
এতিয়া মহিমা নকৰা আৰু তোমালোকৰ কাৰণে মহিমাৰ প্ৰয়োজনো নাই। ভকতসকলে যি কৰে সেয়া
তোমালোক সন্তানসকলে কৰিব নোৱাৰা। তোমালোক ভকত আছিলা, এতিয়া তোমালোকে ভগৱানক পাইছা।
সকলোৱে একেলগেতো পাব নোৱাৰে। পিতাই সকলোকে একেলগে কেনেকৈ পঢ়াব? এয়াতো হ’ব নোৱাৰে।
সকলো ভক্তও একেলগ হ’ব নোৱাৰে। অৱশ্যে হয়, পিতাই নিশ্চয় পঢ়াব লাগে কিয়নো এয়া হৈছে
ৰাজযোগ। সূৰ্যবংশী, চন্দ্ৰবংশী ৰাজ্য স্থাপন হ’ব লাগে। সন্তানসকলে প্ৰদৰ্শনীত বুজাব
লাগে, উৎসৱ আদিতো তোমালোকে বহুত ভাল সেৱা কৰিব পাৰা। তোমালোকে নিজৰ কাৰণেই ৰাজ্য
স্থাপন কৰিব লাগে। তোমালোক শিৱশক্তি, মহাৰথী সেনা হোৱা অন্য কোনো ব্যায়াম (ড্ৰিল)
আদি তোমালোকে নিশিকা। তোমালোকে আত্মিক ব্যায়াম শিকা। এয়া ভাৰতৰ প্ৰসিদ্ধ ব্যায়াম।
এয়া হ’ল যোগৰ ব্যায়াম। আত্মাই পৰমপিতা পৰমাত্মাৰ সৈতে যোগযুক্ত হ’ব লাগে, তেওঁৰ পৰা
উত্তৰাধিকাৰ ল’ব লাগে। ইয়াত যুদ্ধৰ কোনো কথা নাই। তোমালোকে পিতাৰ পৰা উত্তৰাধিকাৰ
লোৱা, ইয়াৰ লগত যুদ্ধৰ কোনো সম্পৰ্ক নাই। তোমালোক হ’লা বেহদৰ পিতাৰ উত্তৰাধিকাৰী।
গতিকে পিতাৰ হৈ পিতাৰ শ্ৰীমতত চলিব লাগে। পিতাৰ মত যুদ্ধ আদিৰ নহয়। পিতাই কেৱল কয় –
মৰমৰ সন্তানসকল, তোমালোক সতোপ্ৰধান আছিলা, ৰাজত্ব কৰিছিলা এতিয়া তোমালোকৰ স্মৃতি
উদয় হৈছে। পিতাই কয় – তোমালোকে নিজৰ জন্মৰ বিষয়ে নাজানা। গায়নো কৰে যে মনুষ্যই 84
জন্ম লয়। 84 লাখ এয়াতো মনেসজা কথা। ভক্তিমাৰ্গত যাৰ যি মন যায় সেয়াই পঢ়ি থাকে। নাটক
অনুসৰি এয়া ভক্তিমাৰ্গৰ সামগ্ৰী। সত্যযুগ-ত্ৰেতাত ভক্তি নাথাকে। ভক্তি বেলেগ, জ্ঞান
বেলেগ। তোমালোক সন্তানসকলৰ বাহিৰে অন্য কোনো ঋষি মুনি আদিৰ বুদ্ধিত এই জ্ঞান নাই।
তেওঁলোকে এইটোও গম নাপায় যে সুখ বেলেগ, দুখ বেলেগ। সুখ পিতাই দিয়ে, দুখ ৰাৱণে দিয়ে।
তোমালোক যিসকল সূৰ্যবংশী, চন্দ্ৰবংশী আছিলা সেইসকলেই 84 ৰ চক্ৰ পৰিক্ৰমা কৰি
শূদ্ৰবংশী হ’ল। পিতাই সোঁৱৰাই দিয়ে – তোমালোক বিশ্বৰ মালিক আছিলা। তোমালোকে 84 জন্ম
ভোগ কৰি তললৈ নামি (অৱনমিত হৈ), তুচ্ছ বুদ্ধিৰ, তমোপ্ৰধান হৈ গৈছা। সতোপ্ৰধানসকলক
স্বচ্ছ, উচ্চ বুদ্ধিৰ বুলি কোৱা হয়। তমোপ্ৰধানক নীচ বুদ্ধিৰ বুলি কোৱা হয়। নীচ
বুদ্ধিৰসকলে উচ্চ বুদ্ধিৰসকলক নমস্কাৰ জনায়। এইটো তোমালোকেও গম পোৱা নাছিলা যে
আমিয়েই উচ্চ আছিলোঁ, এতিয়া আমিয়েই নীচ হ’লোঁ। পিতাই বুজাইছে - যিসকলে প্ৰথম নম্বৰত
জন্ম ল’ব তেওঁলোকেই সতোপ্ৰধান হ’ব। 84 জন্মও সূৰ্যবংশীয়েহে ল’ব। এতিয়া তোমালোকে বুজি
পোৱা আমি বিশ্বৰ মালিক আছিলোঁ তেতিয়া পাৱন সতোপ্ৰধান আছিলোঁ। পতিত জানো বিশ্বৰ
মালিক হ’ব পাৰে। তেওঁলোকৰ মহিমা চোৱা কিমান উচ্চ। সৰ্বগুণ সম্পন্ন… ত্ৰেতাত 14 কলা
সম্পূৰ্ণ বুলি নকয়। সূৰ্যবংশীক 16 কলা সম্পূৰ্ণ বুলি ক’ব। 14 কলাৰ পাছত সম্পূৰ্ণ
শব্দটি নাথাকে। সম্পূৰ্ণ শব্দটি 16 কলাধাৰীসকলৰ ক্ষেত্ৰত লিখিব লাগে। এতিয়া তোমালোক
সন্তানসকল 16 কলা সম্পূৰ্ণ হোৱা।
এইটোও সন্তানসকলক
বুজোৱা হৈছে যে এই জ্ঞান অতি সহজ, ইয়াতকৈ সহজ কথা একো নাথাকে। পিতা দয়াশীল নহয় জানো।
পিতাই জানে সন্তানসকলে ভক্তিত ঠেকা-খুন্দা খাই খাই ভাগৰি পৰিছে সেইকাৰণে দেখুৱাইছে
দ্ৰৌপদীৰ ভৰি পিটিকি দিলে। পিতাৰ ওচৰলৈ বৃদ্ধ মাতাসকল আহে। পিতাই কয় - তোমালোকে
ভক্তিৰ ঠেকা-খুন্দা খাই ভাগৰি পৰিছা, সেইকাৰণে পিতাই এতিয়া তোমালোকৰ সকলো ভাগৰ দূৰ
কৰি দিয়ে। ভক্তিত ‘ৰাম ৰাম’ বুলি জপি, মালা ঘূৰাই থাকে। বাবাৰ পাদুৰীসকলৰ সৈতেও
সম্পৰ্ক আছিল। পাদুৰীয়েও বাইবেল লৈ বহি বুজাই থাকে। বহুত খ্ৰীষ্টান হৈ যায়। ইয়াত
মালা আদি ঘূৰোৱাৰ কথা নাই। পিতাই কয় – নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। ‘শিৱ
শিৱ’ বুলি মুখেৰে ক’ব নালাগে। আমিতো শব্দৰ সিপাৰলৈ যাব ওলাইছোঁ। পিতাই বহুত সহজ
যুক্তি (উপায়) শুনায় যে মোক স্মৰণ কৰা তেতিয়া খাদ আঁতৰি যাব আৰু গৃহস্থ ব্যৱহাৰত
থাকি পৱিত্ৰ হ’ব লাগে। পদুম ফুল বৰ প্ৰসিদ্ধ। যদিও পদুম ফুলৰ বহুত বিস্তাৰ থাকে
তথাপিও উপৰাম আৰু মৰমৰ হৈ থাকে। তোমালোকো বিষয় সাগৰত থাকি উপৰাম আৰু স্নেহী হৈ থাকা।
এয়া বিষয় (বিকাৰৰ) সাগৰ, ইয়াক নদী বুলি কোৱা নহ’ব।
তোমালোক সন্তানসকল
এতিয়া কিমান বিচাৰ বুদ্ধি সম্পন্ন হৈছা, এই বোধ শক্তিৰে তোমালোক মহাৰাজকুমাৰ হৈ যোৱা।
তোমালোকতো বহুত আনন্দিত হ’ব লাগে। পুৰুষাৰ্থ কৰিব লাগে, ল’ৰা অথবা ছোৱালী দুয়োৰে
আত্মাই পুৰুষাৰ্থ কৰিব লাগে। লৌকিক সম্বন্ধত পিতাকৰ উত্তৰাধিকাৰ কেৱল ল’ৰা সন্তানে
পায়, ছোৱালীয়ে নাপায়। ইয়াত সকলো আত্মাই উত্তৰাধিকাৰ পায়। পিতাই বুজায় - স্মৃতিৰ
যাত্ৰাৰেহে তোমালোকে উচ্চ পদ পাব পাৰা। প্ৰদৰ্শনীত প্ৰথমে পিতাৰ পৰিচয় দিব লাগে আকৌ
তাৰপাছত পিতাৰ উত্তৰাধিকাৰ। প্ৰথমে এইটো নিশ্চয় কৰোৱা যে এওঁ তোমালোকৰ বেহদৰ পিতা।
তেওঁলোকক বুজাব লাগে ভগৱান এজনেই – ব্ৰহ্মা, বিষ্ণু, শঙ্কৰো ভগৱান নহয়, দেৱতাহে।
ভগৱান হৈছে পতিত-পাৱন নিৰাকাৰ পিতা। তেওঁৰ মহিমাই বেলেগ। আজিকালি প্ৰদৰ্শনীত
ত্ৰিমূৰ্তিৰ ওপৰত বুজাবলগীয়া হয়। এয়া পিতা, এয়া দাদা। উত্তৰাধিকাৰ তেওঁৰ পৰা পোৱা
যায়। তেওঁ নিৰাকাৰ তেওঁৰ পৰা উত্তৰাধিকাৰ কেনেকৈ পাবা! তেওঁ হ’ল সকলোৰে ৰচয়িতা।
ব্ৰহ্মা, বিষ্ণু, শঙ্কৰো হৈছে ৰচনা। ৰচনাই ৰচয়িতাৰ পৰাহে উত্তৰাধিকাৰ পাব পাৰে।
তেওঁতো নিৰাকাৰ পিতা এওঁৰ দ্বাৰা উত্তৰাধিকাৰ দিয়ে। ৰচয়িতা সকলোৰে এজন সেইকাৰণে
গায়ন কৰা হয় - সকলোৰে সৎগতি দাতা এজন। তেওঁক জ্ঞান সাগৰ বুলি কোৱা হয়। বাকী তেওঁলোক
হৈছে শাস্ত্ৰৰ হৰ্তা-কৰ্তা। এয়া হ’ল জ্ঞান সাগৰ স্বয়ং হৰ্তা-কৰ্তা। বিশ্বৰ
সৰ্বশক্তিমান হৰ্তা-কৰ্তাই নিজেই কয় যে মই বেদ শাস্ত্ৰক জানো আৰু তোমালোকক সাৰ
বুজাওঁ। এই সকলোবোৰ হৈছে ভক্তিমাৰ্গৰ সামগ্ৰী যিবোৰ সত্যযুগ ত্ৰেতাত নাথাকে।
ভক্তিৰেই ছিৰি তললৈ নামিবলগীয়া হয়। সৰ্বশক্তিমান বুলি একমাত্ৰ পিতাৰেই গায়ন কৰা হয়।
তেওঁৰ সৈতে যোগযুক্ত হ’লেই আমি পৱিত্ৰ হৈ যাওঁ গতিকে সৰ্বশক্তিমান নহ’ল জানো। আমাক
সকলোকে পতিতৰ পৰা পাৱন কৰি তোলে। ৰাৱণৰাজ্যৰ পৰা মুক্ত কৰি দিয়ে। তোমালোকে এতিয়া
শিৱবাবাৰ পৰা শক্তি লৈ আছা। যিমান বেছি স্মৰণ কৰিবা সিমান বেছি শক্তি পাবা আৰু খাদ
আঁতৰি যাব। তোমালোকৰ দিনে-ৰাতিয়ে এইটোৱেই চিন্তা থাকিব লাগে যে পতিতৰ পৰা পাৱন,
তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যাওঁ। মায়াৰ ধুমুহা আহিব। বাবাই কয় - সাৱধানে থাকিব
লাগে। তোমালোকৰ মায়াৰ সৈতে যুদ্ধ। অদৰকাৰী নেতিবাচক সংকল্প বহুত আহিব। যিবোৰ
কেতিয়াও অজ্ঞান কালতো অহা নাছিল সেয়াও আহিব। তোমালোক যুদ্ধক্ষেত্ৰত আছা। সকলো
পৰিশ্ৰম স্মৃতিৰ যাত্ৰাতেই হয়। ভাৰতৰ যোগ প্ৰসিদ্ধ। যোগৰ কাৰণেই বাবাই বুজায় যে
তোমালোকে নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। এনেকৈ আৰু কোনো মনুষ্যই বুজাব
নোৱাৰে। তেওঁলোকে কৈ দিয়ে - সকলো ভগৱানৰ ৰূপ। যেনিয়ে চাওঁ – পৰমাত্মাই পৰমাত্মা।
পিতাই বুজায় - তোমালোক আত্মা, 84 জন্ম ভোগ কৰা। যদি সকলো পৰমাত্মা হয় তেন্তে কি
পৰমাত্মা জন্ম-মৃত্যুৰ চক্ৰত আহে জানো? আত্মাই এটা শৰীৰ এৰি অন্য এটা লয়। আত্মাত
ভাল বেয়া সংস্কাৰ থাকে। ভাল সংস্কাৰ থকাসকলৰ মহিমা কৰা হয়। বেয়া সংস্কাৰ থকাসকলক
পাপী নীচ বুলি কয়। বাবাই পৱিত্ৰ হোৱাৰ সহজ যুক্তি শুনায়। মন, বচন, কৰ্মৰে কাকো দুখ
দিব নালাগে। নিজকো দুখ দিব নালাগে। কোনো বিকৰ্ম, চুৰি আদি কৰিব নালাগে। যদি ক’ৰবাত
মিছা ক’বলগীয়া হয় তেতিয়া বাবাৰ পৰা ৰায় লোৱা। সকলোতকৈ ডাঙৰ পাপ হৈছে – কাম কটাৰী
চলোৱা, সেয়া নকৰিবা।
পিতাই কয় – সন্তানসকল
হাতেৰে কাম কৰি বুদ্ধিৰ যোগসূত্ৰ মোৰ সৈতে গঢ়া। পিতা ছাৰ্জনো হয়। সকলোৰে বেমাৰ একে
নিচিনা হ’ব নোৱাৰে। কৰ্মও একে নিচিনা হ’ব নোৱাৰে। সেয়েহে খোজে প্ৰতি সুধিব লাগে।
লক্ষ্য বহু উচ্চ। অমৰনাথৰ যাত্ৰাত গ’লে তেতিয়া কয় - অমৰনাথৰ জয়, বদ্ৰীনাথৰ জয়। হে
বদ্ৰীনাথ আমাক ৰক্ষা কৰিবা। এতিয়া তোমালোকে তীৰ্থ যাত্ৰা আদি একো কৰিব নালাগে। এই
জ্ঞানৰ কথাবোৰ পিতাইহে বুজায়। তেওঁৰেই ভূমিকা আছে। তোমালোকো পিতাৰ লগত ভাৱৰীয়া হোৱা।
যিয়ে যিমান পঢ়িব সিমান উচ্চ পদ পাব। ইয়াত কাৰো গৰিমা নাই। গৰিমা এজনৰেই যিয়ে সকলো
মনুষ্যক সৎগতি দিয়ে। সকলো সন্তানক পতিতৰ পৰা পাৱন কৰি তোলে। নাটকত ময়ো ভূমিকা পাইছোঁ।
5 তত্ত্বয়ো নিজৰ নিজৰ ভূমিকা পাইছে, সেয়া পালন কৰিব লাগে। ধৰণী উথল-পাথল হ’ব লাগে,
বিনাশ হ’ব লাগে। তোমালোকৰো নাটকত ভূমিকা আছে, ইয়াত গৰিমাৰ কি কথা আছে। ৰাজত্ব কৰি
কৰি পতিত হৈ গ’লা। তোমালোকো প্ৰথমে কি আছিলা? মূল্যহীন আছিলা। এতিয়া তোমালোক বিশ্বৰ
মালিক হোৱা। এয়া তোমালোকৰ ভূমিকা তথাপি আকৌ আমি এনেকুৱা হ’বই লাগে। ইয়াত গৰিমা বা
মহিমাৰ কোনো কথা নাই। এইখন নাটক পূৰ্ব নিৰ্ধাৰিত। পিতাও আহি নিজৰ ভূমিকা পালন কৰে।
ভকতসকলে গৰিমা কৰে, মহিমা গায়, সেই কাম আমি কৰিব নোৱাৰোঁ। ইয়াততো পিতাক স্মৰণ কৰিব
লাগে। বাবা এই নাটকৰ ৰহস্যতো বৰ আচৰিত! যিটো কোনেও গম নাপায়। বাবা আমি সত্যযুগত
এয়াও পাহৰি যাম! বৰ বিচিত্ৰ নাটক। এনেকৈ নিজৰ সৈতে কথা পাতা। কোনোবা ভাৱৰীয়াই ভালকৈ
ভূমিকা পালন কৰিলে তেতিয়া হাত চাপৰি বজায়। আমিও কওঁ মৰমৰ বাবাৰ, শিৱবাবাৰ বহুত ভাল
ভূমিকা। আমিও বাবাৰ সৈতে ভাল ভূমিকা পালন কৰোঁ। কিমান ভালকৈ বুজায়, তথাপিও কিছুমানে
বুজি নাপায় তেতিয়া বুজি যায় যে এওঁ আমাৰ ৰাজধানীত আহিবলগীয়া নহয়। এইটোও জানা যিসকল
ব্ৰাহ্মণ হৈছিল তেওঁলোকেই ব্ৰাহ্মণ হৈ আকৌ দেৱতা হ’বগৈ। দেৱতাসকলৰ মাজতো প্ৰজা আদি
সকলো হ’ব। সকলোৰে অনাদি ভূমিকা প্ৰাপ্ত হৈছে। সৃষ্টিও এখনেই, সেইখনেই চলি থাকে।
ঈশ্বৰ এজন, সৃষ্টি (ৰচনা) এখন। সেই চক্ৰই ঘূৰি থাকে। মনুষ্যই বিচাৰে, চাওঁচোন
চন্দ্ৰত কি আছে! তাৰ ওপৰত কি আছে! তাৰ ওপৰত আছে সূক্ষ্মবতন। তাত কি দেখিবা?
প্ৰকাশেই প্ৰকাশ। বহুত চেষ্টা কৰে – বিজ্ঞানৰো সীমা আছে নহয় জানো। মায়াৰো বহুত
পাম্প (জাকজমকতা) আছে। বিজ্ঞান সুখৰ কাৰণেও হয়, লগতে দুখৰ কাৰণেও হয়। তাত উৰাজাহাজ
কেতিয়াও পতন নহয়। দুখৰ কথা নাই। ইয়াততো দুখেই দুখ। চোৰে লুটি নিয়ে, জুই জ্বলাই দিয়ে।
তাত মহল বহুত ডাঙৰ হয়। গোটেই আবুত যিমান ভূমি আছে সিমান এজন এজন ৰজাৰ হ’ব। তোমালোক
আহিছা স্বৰ্গবাসী হ’বলৈ। পিতাক স্মৰণ কৰা তেতিয়া খাদ আঁতৰিব। তোমালোক সকলো প্ৰেমিকা,
এতিয়া প্ৰেমিকে তোমালোকক কয় – মামেকম্ (কেৱল মোক; পৰমাত্মাক) স্মৰণ কৰা তেতিয়া
অমৰপুৰীৰ মালিক হৈ যাবা। তাত অকাল মৃত্যু নহয়। সত্যযুগত হ’ল শ্ৰেষ্ঠাচাৰী সৃষ্টি,
ইয়াত হ’ল ভ্ৰষ্টাচাৰী সৃষ্টি। কিমান ব্ৰহ্মাকুমাৰ-কুমাৰীয়ে পিতাৰ পৰা উত্তৰাধিকাৰ
লৈ আছে। তোমালোকেও উত্তৰাধিকাৰ লৈ লোৱা। যদি শ্ৰীমতত নচলা তেন্তে উচ্চ পদ পাব
নোৱাৰিবা। প্ৰত্যেক 5 হাজাৰ বছৰৰ পাছত পিতা স্বৰ্গ ৰচিবলৈ আহে। কলিযুগত অনেক মনুষ্য,
সত্যযুগত কম, গতিকে বিনাশ নিশ্চয় হ’ব, সেইকাৰণে মহাভাৰতৰ যুদ্ধ সমাগত। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) মন, বচন,
কৰ্মৰে কাকো দুখ দিব নালাগে। বেয়া সংস্কাৰবোৰ আঁতৰাই এতিয়া ভাল সংস্কাৰ ধাৰণ কৰিব
লাগে। কোনো বিকৰ্ম যাতে নহয় ইয়াৰ প্ৰতি ধ্যান ৰাখিব লাগে।
(2) এই বিচিত্ৰ নাটকত
নিজৰ শ্ৰেষ্ঠ ভাগ্য প্ৰত্যক্ষ কৰি নিজে নিজৰ সৈতে কথা পাতিব লাগে যে মই ভগৱানৰ লগত
ভাৱৰীয়া হওঁ। মোৰ ভূমিকা কিমান ভাল।
বৰদান:
স্নেহৰ
প্ৰতিদানত সমানতাৰ অনুভৱ কৰোঁতা সৰ্বশক্তি সম্পন্ন হোৱা
যিসকল সন্তান সদায়
পিতাৰ স্নেহত সমাহিত হৈ থাকে, তেওঁলোকে স্নেহৰ প্ৰতিদানত পিতাৰ সমান হোৱাৰ বৰদান
প্ৰাপ্ত কৰে। যিসকল সদায় স্নেহযুক্ত আৰু যোগযুক্ত, তেওঁলোক স্বতঃ সৰ্বশক্তিৰে
সম্পন্ন হৈ যায়। সৰ্বশক্তি সদায় লগত থাকিলে বিজয় সুনিশ্চিত হৈয়েই আছে। যিসকলৰ এইটো
স্মৃতি থাকে যে সৰ্বশক্তিমান বাবা মোৰ সংগী, তেওঁলোক কেতিয়াও কোনো কথাত বিচলিত হ’ব
নোৱাৰে।
স্লোগান:
পুৰুষাৰ্থী জীৱনত যিসকল সদায় সন্তুষ্ট আৰু প্ৰসন্ন হৈ থাকে, তেওঁলোকেই সৌভাগ্যশালী।
অব্যক্ত ইংগিত:
পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰা
এই সময়ত এনেকুৱা
পৰোপকাৰী দলৰ প্ৰয়োজন, যি দিওঁতা দাতা হ'ব। যেনেকৈ সম্পন্ন ৰজাসকলে সদায়
প্ৰজাসকলক দান দিয়ে। সম্পন্ন ৰজাৰ হাত কেতিয়াও লওঁতাৰ নহ’ব, দিওঁতাৰহে হ’ব।
তোমালোক সন্তানসকলতো স্বৰ্গৰ বিশ্ব মহাৰজা হৈ দাতা ৰূপৰ ভূমিকা পালন কৰোঁতা হোৱা,
গতিকে এতিয়াৰে পৰাই সেয়াই সংস্কাৰ নিজৰ মাজত ধাৰণ কৰা।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]