09.02.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল -
গৰিবৰ ত্ৰাণকৰ্তা বাবা তোমালোকক কড়িৰ পৰা হীৰাতুল্য কৰি তুলিবলৈ আহিছে গতিকে
তোমালোক সদায় তেওঁৰ শ্ৰীমতত চলা”
প্ৰশ্ন:
পোন-প্ৰথমে
তোমালোকে সকলোকে কোনটো এটা গূঢ় ৰহস্য বুজাব লাগে?
উত্তৰ:
‘বাপদাদা’ৰ। তোমালোকে জানা যে ইয়াত আমি বাপদাদাৰ ওচৰলৈ আহিছোঁ। এওঁলোক দুয়ো একত্ৰিত
হৈ আছে। শিৱৰ আত্মাও এওঁৰ শৰীৰত আছে, ব্ৰহ্মাৰ আত্মাও আছে। এটা হৈছে আত্মা, আনটো
পৰমাত্মা। গতিকে পোন-প্ৰথমে এইটো গূঢ় ৰহস্য সকলোকে বুজোৱা যে এয়া বাপদাদা একত্ৰিত
হৈ আছে। এওঁ (দাদা) ভগৱান নহয়। মনুষ্য ভগৱান নহয়। ভগৱান বুলি নিৰাকাৰক কোৱা হয়।
সেইজন পিতা হৈছে শান্তিধামৰ নিবাসী।
গীত:
আখিৰ ৱহ দিন
আয়া আজ.…. (অৱশেষত সেই দিনটি আজি আহিল…..)
ওঁম্শান্তি।
পিতাই, দাদাৰ দ্বাৰা অৰ্থাৎ শিৱবাবাই ব্ৰহ্মাৰ দ্বাৰা বুজায়, এইটো দৃঢ় কৰি লোৱা।
লৌকিক সম্বন্ধত পিতা বেলেগ, দাদা বেলেগ হয়। পিতাৰ পৰা ককাৰ উত্তৰাধিকাৰ পোৱা যায়।
এনেকৈ কয় যে ককাৰ উত্তৰাধিকাৰ লওঁ। তেওঁ হৈছে গৰিবৰ ত্ৰাণকৰ্তা। গৰিবৰ ত্ৰাণকৰ্তা
বুলি তেওঁক কোৱা হয় যিয়ে আহি গৰিবক মুকুটধাৰী কৰি তোলে। গতিকে পোন-প্ৰথমে দৃঢ়
নিশ্চয়তা জন্মিব লাগে যে এওঁ কোন? দেখাততো সাকাৰ মনুষ্য, এওঁক সকলোৱে ব্ৰহ্মা বুলি
কয়। তোমালোক সকলো ব্ৰহ্মাকুমাৰ-কুমাৰী। জানা যে আমি উত্তৰাধিকাৰ শিৱবাবাৰ পৰা পাওঁ।
যিজন সকলোৰে পিতা তেওঁ উত্তৰাধিকাৰ দিবলৈ আহিছে। পিতাই সুখৰ উত্তৰাধিকাৰ দিয়ে। পুনৰ
আধাকল্পৰ পাছত ৰাৱণে দুখৰ অভিশাপ দিয়ে। ভক্তিমাৰ্গত ভগৱানক বিচাৰি হাবাথুৰি খায়।
কোনেও নাপায়। ভাৰতবাসীয়ে গায় তুমি মাতা-পিতা..... আকৌ কয় আপুনি যেতিয়া আহিব তেতিয়া
আমাৰ কাৰণে কেৱল আপুনিয়েই হ'ব, দ্বিতীয় কোনো নাথাকিব। আন কাৰো প্ৰতি আমি মমত্ব
নাৰাখিম। আমাৰতো একমাত্ৰ শিৱবাবা। তোমালোকে জানা এই পিতা হৈছে গৰিবৰ ত্ৰাণকৰ্তা।
গৰিবক চহকী কৰি তোলোঁতা, কড়িক হীৰাতুল্য কৰি তোলে অৰ্থাৎ কলিযুগী পতিত কঙালৰ পৰা
সত্যযুগী মুকুটধাৰী কৰি তুলিবৰ কাৰণে পিতা আহিছে। তোমালোক সন্তানসকলে জানা যে ইয়াত
আমি বাপদাদাৰ ওচৰলৈ আহিছোঁ। এওঁলোক দুয়োজন একত্ৰিত হৈ আছে। শিৱৰ আত্মাও এওঁৰ শৰীৰত
আছে, ব্ৰহ্মাৰ আত্মাও, দুজন নহ'ল জানো। এটা আত্মা, আনটো পৰম আত্মা। তোমালোক সকলো
হৈছা আত্মা। গায়ন কৰা হয় আত্মাসকল পৰমাত্মাৰ পৰা বহুকাল পৃথকে থাকিল.... তোমালোক
আত্মাসকল হৈছা প্ৰথম নম্বৰত মিলিত হওঁতা অৰ্থাৎ যিসকল আত্মা সেই পৰমাত্মা পিতাৰ সৈতে
মিলিত হয়, যাৰ বাবেই আহ্বান জনায় – হে ঈশ্বৰ পিতা। তোমালোক তেওঁৰ সন্তান হ’লা।
পিতাৰ পৰা নিশ্চয় উত্তৰাধিকাৰ পোৱা যায়। পিতাই কয় - ভাৰত যি মুকুটধাৰী আছিল সেই
ভাৰত এতিয়া কিমান কঙাল হৈ গৈছে। এতিয়া মই তোমালোক সন্তানসকলক মুকুটধাৰী কৰি তুলিবলৈ
আহিছোঁ। তোমালোক দ্বৈত মুকুটধাৰী হোৱাগৈ। এটা মুকুট হৈছে পৱিত্ৰতাৰ, তাক আলোক
মণ্ডলৰ দ্বাৰা দেখুওৱা। দ্বিতীয়টি হৈছে ৰত্ন খোদিত মুকুট। গতিকে পোন-প্ৰথমে এইটো
গূঢ় ৰহস্য সকলোকে বুজাব লাগে যে এয়া বাপদাদা একত্ৰিত হৈ আছে। এওঁ (ব্ৰহ্মা) ভগৱান
নহয়। মনুষ্য ভগৱান নহয়। ভগৱান বুলি নিৰাকাৰক কোৱা হয়। সেইজন পিতা হৈছে শান্তিধামৰ
নিবাসী। য'ত তোমালোক সকলো আত্মা নিবাস কৰা, যাক নিৰ্বাণধাম অথবা বানপ্ৰস্থ বুলি কোৱা
হয় পুনৰ তোমালোক আত্মাসকলে শৰীৰ ধাৰণ কৰি ইয়াত ভূমিকা পালন কৰিবলগীয়া হয়। আধাকল্প
সুখৰ ভূমিকা, আধাকল্প দুখৰ ভূমিকা। যেতিয়া দুখৰ অন্ত পৰে তেতিয়া পিতাই কয় - মই আহিছোঁ।
এয়া ড্ৰামা ৰচি থোৱা আছে। ইয়ালৈ তোমালোক সন্তানসকল ভাতীত আহা। ইয়াত অন্য কোনো
বাহিৰৰ স্মৃতি আহিব নালাগে। ইয়াত আছেই মাতা-পিতা আৰু সন্তানসকল। আৰু ইয়াত শূদ্ৰ
সম্প্ৰদায় নাই। যিসকল ব্ৰাহ্মণ নহয় তেওঁলোকক শূদ্ৰ বুলি কোৱা হয়। তেওঁলোকৰ সংগতো
ইয়াত নায়েই। ইয়াত আছেই ব্ৰাহ্মণসকলৰ সংগ। ব্ৰাহ্মণ সন্তানসকলে জানে যে শিৱবাবাই
ব্ৰহ্মাৰ দ্বাৰা আমাক নৰকৰ পৰা স্বৰ্গৰ ৰাজধানীৰ মালিক কৰি তুলিবলৈ আহিছে। এতিয়া আমি
মালিক নহয় কিয়নো আমি পতিত। আমি পাৱন আছিলোঁ পুনৰ 84ৰ চক্ৰ পৰিক্ৰমা লগাই
সতো-ৰজো-তমোত আহিলোঁ। ছিৰিৰ চিত্ৰত 84 জন্মৰ হিচাপ লিখা আছে। পিতাই বহি সন্তানসকলক
বুজায়। যিসকল সন্তানৰ সৈতে পোন প্ৰথমে মিলিত হয় আকৌ তেওঁলোকেই পোন-প্ৰথমে সত্যযুগত
আহিব লাগে। তোমালোকে 84 জন্ম লৈছা। ৰচয়িতা আৰু ৰচনাৰ গোটেই জ্ঞান এজন পিতাৰহে আছে।
তেৱেঁই মনুষ্য সৃষ্টিৰ বীজ ৰূপ হয়। নিশ্চয় বীজতেই জ্ঞান থাকিব যে এই বৃক্ষজোপাৰ
কেনেকৈ উৎপত্তি, প্ৰতিপালন আৰু বিনাশ হয়। এয়াতো পিতাইহে বুজায়। তোমালোকে এতিয়া জানা
আমি ভাৰতবাসী গৰিব। যেতিয়া দেৱী-দেৱতা আছিল তেতিয়া কিমান চহকী আছিলা। হীৰাৰ লগত
খেলিছিলা। হীৰাৰ মহলত আছিলা। এতিয়া পিতাই সোঁৱৰাই দিয়ে যে তোমালোকে কেনেকৈ 84 জন্ম
লোৱা। আহ্বানো জনায় - হে পতিত-পাৱন, গৰিবৰ ত্ৰাণকৰ্তা পিতা আহক। আমাক গৰিবসকলক পুনৰ
স্বৰ্গৰ মালিক কৰি তোলক। স্বৰ্গত অপাৰ সুখ আছিল, এতিয়া অপাৰ দুখ। সন্তানসকলে জানে
এই সময়ত সকলো সম্পূৰ্ণ পতিত হৈ গৈছে। এতিয়া কলিযুগৰ অন্ত পুনৰ সত্যযুগ হ’ব লাগে।
প্ৰথমতে ভাৰতত এক আদি সনাতন দেৱী-দেৱতা ধৰ্ম আছিল, এতিয়া প্ৰায় লোপ হৈ গ'ল আৰু
সকলোৱে নিজক হিন্দু বুলি কয়। এই সময়ত বহুত খ্ৰীষ্টান হৈ গ'ল কিয়নো হিন্দু ধৰ্মৰ
বহুত ধৰ্মান্তৰিত হৈ গৈছে। তোমালোক দেৱী-দেৱতাসকলৰ প্ৰকৃত কৰ্ম শ্ৰেষ্ঠ আছিল।
তোমালোক পৱিত্ৰ প্ৰবৃত্তি মাৰ্গৰ আছিলা। এতিয়া ৰাৱণৰাজ্যত পতিত প্ৰবৃত্তি মাৰ্গৰ হৈ
গৈছা, সেয়েহে দুখী। সত্যযুগক কোৱা হয় শিৱালয়। শিৱবাবাই স্থাপন কৰা স্বৰ্গ। পিতাই কয়
- মই আহি তোমালোক সন্তানসকলক শূদ্ৰৰ পৰা ব্ৰাহ্মণ কৰি তোমালোকক সূৰ্যবংশী,
চন্দ্ৰবংশী ৰাজধানীৰ উত্তৰাধিকাৰ দিওঁ। এওঁ বাপদাদা, এওঁক পাহৰি নাযাবা। শিৱবাবাই
ব্ৰহ্মাৰ দ্বাৰা আমাক স্বৰ্গৰ যোগ্য কৰি আছে কিয়নো পতিত আত্মাতো যেতিয়ালৈকে পাৱন
নহয় মুক্তিধামলৈ যাব নোৱাৰে। এতিয়া পিতাই কয় - মই আহি তোমালোকক পাৱন হোৱাৰ ৰাস্তা
দেখুৱাওঁ। মই তোমালোকক পদমপতি স্বৰ্গৰ মালিক কৰি গৈছিলোঁ, যথাযথ তোমালোকৰ স্মৃতি
উদয় হৈছে যে আমি স্বৰ্গৰ মালিক আছিলোঁ। সেই সময়ত আমি অতি কমসংখ্যক আছিলোঁ। এতিয়াতো
কিমান অনেক মনুষ্য। সত্যযুগত 9 লাখ হয়, সেয়েহে পিতাই কয় - মই আহি ব্ৰহ্মাৰ দ্বাৰা
স্বৰ্গৰ স্থাপনা, শংকৰৰ দ্বাৰা বিনাশ কৰাই দিওঁ। সকলোৱে প্ৰস্তুতি চলাই আছে, কল্প
পূৰ্বৰ দৰে। কিমান বোমা তৈয়াৰ কৰে। 5 হাজাৰ বছৰ পূৰ্বেও এই মহাভাৰতৰ যুদ্ধ লাগিছিল।
ভগৱান আহি ৰাজযোগ শিকাই মনুষ্যক নৰৰ পৰা নাৰায়ণ কৰি তুলিছিল। তেন্তে নিশ্চয় কলিযুগী
পুৰণি সৃষ্টিৰ বিনাশ হোৱা উচিত। গোটেই খেৰৰ জুমুঠি সদৃশ (অন্তঃসাৰশূন্য) সৃষ্টিখনত
জুই লাগিব। নহ'লে বিনাশ কেনেকৈ হ'ব? আজিকালি অগ্নিসংযোজক বোমাও তৈয়াৰ কৰে। অতিবৃষ্টি,
ভূমিকম্প আদি সকলো হ'ব তেতিয়াহে বিনাশ হ'ব। পুৰণি সৃষ্টিৰ বিনাশ, নতুন সৃষ্টিৰ
স্থাপনা হয়। এয়া হৈছে সংগমযুগ। ৰাৱণৰাজ্য মুৰ্দাবাদ হৈ ৰামৰাজ্য জিন্দাবাদ হয়। নতুন
সৃষ্টিত শ্ৰীকৃষ্ণৰ ৰাজ্য আছিল। লক্ষ্মী-নাৰায়ণৰ সলনি শ্ৰীকৃষ্ণৰ নাম লৈ লয় কিয়নো
শ্ৰীকৃষ্ণ হৈছে সুন্দৰ, সকলোতকৈ মৰমৰ শিশু। মনুষ্যইতো গমেই নাপায় নহয়। শ্ৰীকৃষ্ণ
বেলেগ ৰাজধানীৰ, ৰাধা বেলেগ ৰাজধানীৰ আছিল। ভাৰত মুকুটধাৰী আছিল। এতিয়া কঙাল, পুনৰ
পিতা আহি মুকুটধাৰী কৰি তোলে। এতিয়া পিতাই কয় - পৱিত্ৰ হোৱা আৰু মামেকম্ (কেৱল মোক)
স্মৰণ কৰা তেতিয়া তোমালোক পৱিত্ৰ হৈ যাবা। আকৌ যিসকলে সেৱা কৰি নিজৰ সমান কৰি তুলিব,
তেওঁলোকে উচ্চ পদ পাব, দ্বৈত মুকুটধাৰী হ'ব। সত্যযুগত ৰজা-ৰাণী আৰু প্ৰজা সকলো
পৱিত্ৰ হৈ থাকে। এতিয়াতো হৈছেই প্ৰজাৰ ৰাজ্য। দুয়োটা মুকুট নাই। পিতাই কয় - যেতিয়া
এনেকুৱা অৱস্থা হয় তেতিয়া মই আহোঁ। এতিয়া মই তোমালোক সন্তানসকলক ৰাজযোগ শিকাই আছোঁ।
মইহে পতিত-পাৱন হওঁ। এতিয়া তোমালোকে মোক স্মৰণ কৰা তেতিয়া তোমালোক আত্মাৰ খাদ (বিকাৰৰ
লেপ) আঁতৰি যাব। তেতিয়া সতোপ্ৰধান হৈ যাবা। এতিয়া শ্যামৰ পৰা সুন্দৰ হ'ব লাগে। সোণত
খাদ পৰিলে ক'লা হৈ যায় সেইবাবেতো এতিয়া খাদ আঁতৰাব লাগে। বেহদৰ পিতাই কয় - তোমালোকে
কাম চিতাত বহি ক'লা (পতিত) হৈ গৈছা, এতিয়া জ্ঞান চিতাত বহা আৰু সকলোৰে পৰা মমত্ব
আঁতৰাই দিয়া। তোমালোক মোৰ একমাত্ৰ প্ৰিয়তমৰ প্ৰেয়সী। সকলো ভক্তই ভগৱানক স্মৰণ কৰে।
সত্যযুগ-ত্ৰেতাত ভক্তি নাথাকে। তাত হয়েই জ্ঞানৰ প্ৰালব্ধ। পিতা আহি জ্ঞানেৰে ৰাতিক
দিন কৰি তোলে। এনেকুৱা নহয় যে শাস্ত্ৰ পঢ়িলে দিন হৈ যাব। সেয়া হৈছে ভক্তিৰ সামগ্ৰী।
জ্ঞান সাগৰ পতিত-পাৱন একমাত্ৰ পিতাই হয়, তেওঁ আহি সৃষ্টি চক্ৰৰ জ্ঞান সন্তানসকলক
বুজায় আৰু যোগ শিকায়। ঈশ্বৰৰ সৈতে যোগসূত্ৰ গঢ়ি তোলোঁতাসকল যোগ যোগেশ্বৰ আকৌ পাছত
ৰাজ- ৰাজেশ্বৰ, ৰাজ-ৰাজেশ্বৰী হয়। তোমালোকে ঈশ্বৰৰ দ্বাৰা ৰজাৰো ৰজা হোৱাগৈ। যিসকল
পাৱন ৰজা আছিল আকৌ তেওঁলোকেই পতিত হয়। নিজেই পূজ্য আকৌ নিজেই পূজাৰী হৈ যায়। এতিয়া
যিমান সম্ভৱ স্মৃতিৰ যাত্ৰাত থাকিব লাগে। যেনেকৈ প্ৰেয়সীয়ে প্ৰিয়তমক স্মৰণ কৰে নহয়।
যেনেকৈ কন্যাৰ বাগদান হোৱাৰ পাছত ইজনে-সিজনক স্মৰণ কৰি থাকে। এতিয়া এওঁ যিজন
প্ৰিয়তম হয়, তেওঁৰতো ভক্তিমাৰ্গত বহুত প্ৰেয়সী আছে। সকলোৱে দুখত পিতাক স্মৰণ কৰে -
হে ভগৱান দুখ দূৰ কৰক, সুখ দিয়ক। ইয়াততো শান্তিও নাই সুখো নাই। সত্যযুগত দুয়োটাই আছে।
এতিয়া তোমালোকে জানা আমি আত্মাসকলে কেনেকৈ 84ৰ ভূমিকা পালন কৰোঁ। ব্ৰাহ্মণ, দেৱতা,
ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ হওঁ। 84ৰ ছিৰি বুদ্ধিত আছে নহয়। এতিয়া যিমান সম্ভৱ পিতাক
স্মৰণ কৰিব লাগে তেতিয়া পাপ খণ্ডন হ’ব। কৰ্ম কৰোঁতেও বুদ্ধিত পিতাৰ স্মৃতি থাকিব
লাগে। বাবাৰ পৰা আমি স্বৰ্গৰ উত্তৰাধিকাৰ লৈ আছোঁ। পিতা আৰু উত্তৰাধিকাৰক স্মৰণ
কৰিব লাগে। স্মৃতিৰ দ্বাৰাই পাপ খণ্ডন হ’ব। যিমানে স্মৰণ কৰিবা তেতিয়া পৱিত্ৰতাৰ
কিৰণ আহি থাকিব। খাদ আঁতৰি গৈ থাকিব। সন্তানসকলে যিমান সম্ভৱ সময় উলিয়াই স্মৃতিত
থকাৰ উপায় উলিয়াব লাগে। ৰাতিপুৱা ভাল সময় পোৱা যায়। এইটো পুৰুষাৰ্থ কৰিব লাগে।
লাগিলে গৃহস্থালিত থাকা, সন্তানসকলক চোৱাচিতা কৰা কিন্তু এই অন্তিম জন্ম পৱিত্ৰ হোৱা।
কাম চিতাত নুঠিবা। এতিয়া তোমালোক জ্ঞান চিতাত বহিছা। এই পঢ়া বহুত উচ্চ, ইয়াৰ বাবে
সোণৰ পাত্ৰ (পৱিত্ৰ বুদ্ধি) লাগে। তোমালোকে পিতাক স্মৰণ কৰি সোণৰ পাত্ৰ হোৱা। স্মৃতি
পাহৰিলে পুনৰ লোহাৰ পাত্ৰ হৈ যোৱা। পিতাক স্মৰণ কৰিলে স্বৰ্গৰ মালিক হ'বাগৈ। এইটোতো
বহুত সহজ। ইয়াত পৱিত্ৰতা হৈছে মুখ্য। স্মৃতিৰ দ্বাৰাহে পৱিত্ৰ হ'বা আৰু সৃষ্টি
চক্ৰক স্মৰণ কৰিলে স্বৰ্গৰ মালিক হ'বা। তোমালোকে ঘৰ-সংসাৰ এৰিব নালাগে। গৃহস্থালিতো
থাকিব লাগে। পিতাই কয় - 63 জন্ম তোমালোক পতিত সৃষ্টিত থাকিলা। এতিয়া শিৱালয় অমৰলোকলৈ
যাবৰ কাৰণে তোমালোক যদি এই এটা জন্ম পৱিত্ৰ হৈ থাকা তাতে কি হ'ল। বহুত উপাৰ্জন হৈ
যাব। 5 বিকাৰৰ ওপৰত বিজয়ী হ’ব লাগে তেতিয়াহে জগতজিৎ হ'বা। নহ'লে পদ প্ৰাপ্ত কৰিব
নোৱাৰিবা। পিতাই কয় - মৰিবতো সকলোৱে লাগিব। এইটো অন্তিম জন্ম আকৌ তোমালোক গৈ নতুন
সৃষ্টিত ৰাজত্ব কৰিবা। হীৰাৰ-মুকুতাৰ খনিসমূহ ভৰপূৰ হৈ যাব। তাত তোমালোকে
হীৰা-মুকুতাৰ লগত খেলি থাকিবা। গতিকে এনেকুৱা পিতাৰ হৈ তেওঁৰ মততো চলিব লাগে নহয়।
শ্ৰীমতৰ দ্বাৰাহে তোমালোক শ্ৰেষ্ঠ হ'বা। ৰাৱণৰ মতত তোমালোক ভ্ৰষ্টাচাৰী হৈ গ’লা।
এতিয়া পিতাৰ শ্ৰীমতত চলি তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ'ব লাগে। পিতাক স্মৰণ কৰিব লাগে
আৰু কোনো পৰিশ্ৰম পিতাই নকৰায়। ভক্তিমাৰ্গততো তোমালোকে বহুত হাবাথুৰি খালা। এতিয়া
কেৱল পিতাক স্মৰণ কৰা আৰু সৃষ্টি চক্ৰক স্মৰণ কৰা। স্বদৰ্শন চক্ৰধাৰী হোৱা তেতিয়া
তোমালোক 21 জন্মৰ কাৰণে চক্ৰৱৰ্তী ৰজা হৈ যাবা। অনেকবাৰ তোমালোকে ৰাজ্য লৈছা আৰু
হেৰুৱাইছা। আধাকল্প হৈছে সুখ, আধাকল্প হৈছে দুখ। পিতাই কয় - মই কল্পই কল্পই সংগমত
আহোঁ। তোমালোকক সুখধামৰ মালিক কৰি তোলোঁ। এতিয়া তোমালোকৰ স্মৃতি উদয় হৈছে, আমি
কেনেকৈ চক্ৰ পৰিক্ৰমা লগাওঁ। এই চক্ৰ বুদ্ধিত ৰাখিব লাগে। পিতা হৈছে জ্ঞানৰ সাগৰ।
তোমালোক ইয়াত বেহদৰ পিতাৰ সন্মুখত বহি আছা। উচ্চতকৈও উচ্চ ভগৱানে প্ৰজাপিতা
ব্ৰহ্মাৰ দ্বাৰা তোমালোকক উত্তৰাধিকাৰ দিয়ে। গতিকে এতিয়া বিনাশ হোৱাৰ আগতেই পিতাক
স্মৰণ কৰা, পৱিত্ৰ হোৱা। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ
স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিৰন্তৰ
পিতাৰ স্মৃতিত থাকিবৰ কাৰণে বুদ্ধিক সোণৰ পাত্ৰ কৰি তুলিব লাগে। কৰ্ম কৰি থাকিও যাতে
পিতাৰ স্মৃতি থাকে, স্মৃতিৰ দ্বাৰাহে পৱিত্ৰতাৰ জেউতি আহিব।
(2) মুৰুলী কেতিয়াও
খতি কৰিব নালাগে। ড্ৰামাৰ ৰহস্য যথাৰ্থ ৰীতিৰে বুজিব লাগে। ভাতীত যাতে একোৱেই
বাহিৰৰ স্মৃতি নাহে।
বৰদান:
পৰস্পৰ ইজনে
সিজনৰ বিশেষত্বসমূহ চাওঁতা আৰু বৰ্ণনা কৰোঁতা শ্ৰেষ্ঠতা সম্পন্ন পৱিত্ৰ হংস হোৱা
সংগমযুগত প্ৰতিগৰাকী
সন্তানৰ জ্ঞানৰ দ্বাৰা কিবা নহয় কিবা বিশেষ গুণ অৱশ্যে প্ৰাপ্ত হৈছে, সেয়েহে
পৱিত্ৰ হংস হৈ প্ৰত্যেকৰে বিশেষত্বসমূহ চোৱা আৰু বৰ্ণনা কৰা। যি সময়ত কাৰোবাৰ
দুৰ্বলতা দেখা বা শুনা তেতিয়া বুজিব লাগে যে এই দুৰ্বলতা তেওঁৰ নহয় মোৰহে, কিয়নো
আমি সকলো এজন পিতাৰে, একেটা পৰিয়ালৰে, একেধাৰী মালাৰে মণি। যেনেকৈ নিজৰ দুৰ্বলতা
প্ৰসিদ্ধ কৰিব নিবিচৰা, তেনেকৈ আনৰ দুৰ্বলতাও বৰ্ণনা নকৰিবা। পৱিত্ৰ হংস অৰ্থাৎ আনৰ
বিশেষত্বসমূহ গ্ৰহণ কৰা আৰু দুৰ্বলতাসমূহ দূৰ কৰা।
স্লোগান:
সময় ৰাহি কৰা তীব্ৰ পুৰুষাৰ্থীহে সদায় বিজয়ী হয়।
অব্যক্ত ইংগিত: একতা
আৰু বিশ্বাসৰ বিশেষত্বৰে সফলতা সম্পন্ন হোৱা
যেনেকৈ মণিসমূহৰ
বিশেষত্ব হৈছে – একে নিচিনা মণিবোৰ একেডাল সূঁতাৰে গঁথা হয়, তেনেকৈ তোমালোক সকলো
বৈজয়ন্তী মালাৰ মণিসমূহো যেতিয়া একমত, এজনৰ সৈতে একাত্ম একৰস স্থিতিধাৰী এক
দৃষ্টিগোচৰ হ’ব তেতিয়াহে মালাত গঁথা যাবা। যদি পৰস্পৰ দ্বৈত মত হয় তেন্তে তেওঁলোক
দ্বিতীয়ধাৰী অৰ্থাৎ 16000ৰ মালাৰ মণি হৈ যায়।