09.03.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
যেনেকৈ পিতাৰ ভূমিকা হৈছে সকলোৰে কল্যাণ কৰা, তেনেকৈ পিতাৰ সমান কল্যাণকাৰী হোৱা,
নিজৰ আৰু সকলোৰে কল্যাণ কৰা”
প্ৰশ্ন:
সন্তানসকলৰ
কোনটো এটা বিশেষত্ব দেখি বাপদাদা বহুত আনন্দিত হয়?
উত্তৰ:
গৰিব সন্তানসকলে বাবাৰ যজ্ঞলৈ 8 (আঠ) অনা, এটকা পঠিয়াই দিয়ে। কয় - বাবা ইয়াৰ সলনি
আমাক মহল দিব। বাবাই কয় - সন্তানসকল, এই এটকাও শিৱবাবাৰ সম্পত্তিত জমা হৈ গ'ল।
তোমালোকে 21 জন্মৰ কাৰণে মহল পাই যাবা। সুদামাৰ দৃষ্টান্ত আছে নহয়। এটি কড়িও খৰচ
নকৰাকৈয়ে তোমালোক সন্তানসকলে বিশ্বৰ বাদশ্বাহী পাই যোৱা। বাবা গৰিব সন্তানসকলৰ এইটো
বিশেষত্ব দেখি বহুত আনন্দিত হয়।
গীত:
তুমহে পাকে হম
নে… (তোমাক পাই আমি…)
ওঁম্শান্তি।
মৰমৰ
সন্তানসকলে বুজি পায় যে বাবাৰ পৰা এতিয়া বেহদৰ উত্তৰাধিকাৰ লৈ আছোঁ। সন্তানসকলে কয়
যে বাবা আপোনাৰ শ্ৰীমত অনুসৰি আমি আপোনাৰ পৰা পুনৰ বেহদৰ উত্তৰাধিকাৰ প্ৰাপ্ত কৰি
আছোঁ। নতুন কথা নহয়। সন্তানসকলে জ্ঞান লাভ কৰিছে। জানে সুখধামৰ উত্তৰাধিকাৰ আমি
কল্পই কল্পই পাই থাকোঁ। কল্পই কল্পই 84 জন্মতো ল'বলগীয়া হয়। যথাযথ আমি বেহদৰ পিতাৰ
দ্বাৰা 21 জন্মৰ উত্তৰাধিকাৰ পাওঁ আকৌ লাহে লাহে হেৰুৱাওঁ। পিতাই বুজাইছে এয়া অনাদি
পূৰ্ব নিৰ্ধাৰিত খেল। তোমালোক সন্তানসকলৰ খাতিৰ হৈ গৈ থাকে। এইটোও জানা ড্ৰামাত সুখ
বহুত আছে। পাছলৈ আহি ৰাৱণৰ দ্বাৰা দুখ পায়। এতিয়া তোমালোক বহুত কম, আগলৈ গৈ বহুত
বৃদ্ধি হৈ থাকিব। মনুষ্যৰ পৰা দেৱতা হয়। নিশ্চয় অন্তৰেৰে বুজিব আমি কল্পই কল্পই
পিতাৰ পৰা উত্তৰাধিকাৰ পাওঁ। যিসকলে আহি জ্ঞান ল'ব তেওঁলোকে বুজিব এতিয়া জ্ঞান সাগৰ
পিতাৰ দ্বাৰা সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান পাইছোঁ। পিতাহে জ্ঞানৰ সাগৰ, পতিতসকলক
পাৱন কৰি তোলোঁতা অৰ্থাৎ মুক্তি-জীৱনমুক্তিত লৈ যাওঁতা। এইটোও তোমালোকে এতিয়া জানা।
গুৰুৰ শৰণতো বহুতে লৈছে নহয়। অৱশেষত গুৰুসকলকো এৰি আহি জ্ঞান ল'ব। তোমালোকেও এতিয়া
এই জ্ঞান লাভ কৰিছা। জানা যে ইয়াৰ আগতে অজ্ঞানী আছিলোঁ। সৃষ্টিৰ চক্ৰ কেনেকৈ ঘূৰে।
শিৱবাবা, ব্ৰহ্মা, বিষ্ণু, শংকৰ কোন, এইবোৰ একোৱেই নাজানিছিলোঁ। এতিয়া গম পালোঁ আমি
বিশ্বৰ মালিক আছিলোঁ গতিকে তোমালোকৰ বুদ্ধিত বহুত ভালকৈ নিচা বাঢ়ি থাকিব লাগে। পিতা
আৰু সৃষ্টি চক্ৰক স্মৰণ কৰি থাকিব লাগে। ‘অল্ফ’ (পিতা) আৰু ‘বে’ (বাদশ্বাহী)। পিতাই
বুজায় ইয়াৰ আগতে তোমালোকে একোৱেই নাজানিছিলা নহয়। পিতাকো নজানিছিলা আৰু তেওঁৰ ৰচনাকো
নাজানিছিলা। গোটেই সৃষ্টিৰ মনুষ্য মাত্ৰেই পিতাকো নাজানে আৰু ৰচনাৰ আদি-মধ্য-অন্তকো
নাজানে। এতিয়া তোমালোক শূদ্ৰৰ পৰা ব্ৰাহ্মণ হৈছা। পিতাই সকলো সন্তানৰ সৈতে
বাৰ্তালাপ কৰি আছে। কিমান অনেক সন্তান আছে। সেৱাকেন্দ্ৰ কিমান আছে। এতিয়াতো
সেৱাকেন্দ্ৰ খুলিব। গতিকে পিতাই বুজায় আগতে তোমালোকে একোৱেই নাজানিছিলা। এতিয়া
পুৰুষাৰ্থৰ ক্ৰম অনুসৰি জানি গ'লা। এইটোও জানা যে এতিয়া আমি পিতাৰ দ্বাৰা পতিতৰ পৰা
পাৱন হৈ আছোঁ। বাকীসকলেতো আহ্বান জনাই থাকে, তোমালোক হৈছা গুপ্ত।
ব্ৰহ্মাকুমাৰ-কুমাৰী বুলি কয় কিন্তু বুজি নাপায় যে এওঁলোকক পঢ়াওঁতাজন কোন?
শাস্ত্ৰবোৰত ক'তো লিখা নাই। সেই ‘গীতা’ৰ ভগৱান শিৱই আহি সন্তানসকলক ৰাজযোগ শিকাইছে।
এয়া তোমালোকৰ বুদ্ধিত উদয় হয় নহয়। ‘গীতা’ও তোমালোকে পঢ়িছিলা। এইটোও এতিয়া বুজি পোৱা
- জ্ঞানমাৰ্গ একেবাৰে বেলেগ। ‘বিদূত মণ্ডলী’ৰ পৰা যিসকলে শাস্ত্ৰ আদি পঢ়ি উপাধি লয়
সেই সকলোবোৰ ভক্তিমাৰ্গৰ শাস্ত্ৰ। এই জ্ঞান তেওঁলোকৰ নাই। এয়াতো পিতাহে আহি ৰচনাৰ
আদি-মধ্য-অন্তৰ জ্ঞান দিয়ে। এয়াতো পিতা আহি তোমালোকৰ বুদ্ধিৰ তলা খুলিছে।
তোমালোকে জানা আগতে
আমি কি আছিলোঁ, এতিয়া কি হ'লোঁ! বুদ্ধিত গোটেই চক্ৰ আহি গ'ল। আৰম্ভণিতে জানো বুজি
পাইছিলা! দিনে-প্ৰতিদিনে জ্ঞানৰ তৃতীয় নেত্ৰ ভালদৰে মুকলি হৈ গৈ থাকে। এইটোও কোনেও
গম নাপায় যে ভগৱান কেতিয়া আহিল, তেওঁ কোন আছিল - যিয়ে আহি ‘গীতা’ৰ জ্ঞান শুনালে।
তোমালোক সন্তানসকলে এতিয়া গম পাই গ'লা। বুদ্ধিত গোটেই চক্ৰৰ জ্ঞান আছে। কেতিয়াৰ পৰা
আমি পৰাজিত হওঁ আৰু কেনেকৈ বাম (বিকাৰী) মাৰ্গত যাওঁ, কেনেকৈ ছিৰি নামো। এইখন
চিত্ৰত কিমান স্পষ্টকৈ বুজোৱা হৈছে। 84 জন্মৰ ছিৰি। কেনেকৈ অৱৰোহণ কৰোঁ পুনৰ আৰোহণ
কৰোঁ। পতিত-পাৱন কোন? পতিত কোনে কৰিলে? এয়া তোমালোকে এতিয়া জানা তেওঁলোকেতো কেৱল
গাই থাকে - পতিত-পাৱন। এইটো জানো বুজি পায় যে ৰাৱণৰাজ্য কেতিয়াৰ পৰা আৰম্ভ হয়? পতিত
কেতিয়াৰ পৰা হ'ল? এই জ্ঞান হৈছেই আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ লোকসকলৰ কাৰণে। পিতাই
কয় - মইহে আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ প্ৰতিষ্ঠা কৰিছিলোঁ। এয়া বিশ্বৰ ইতিহাস-ভূগোল
পিতাৰ বাহিৰে কোনেও বুজাব নোৱাৰে। তোমালোকৰ কাৰণে যেন কাহিনী। কেনেকৈ ৰাজ্য প্ৰাপ্ত
কৰে, কেনেকৈ হেৰুৱায়। সেয়া আমি ইতিহাস-ভূগোল পঢ়োঁ। এয়া হৈছে বেহদৰ কথা। আমি 84ৰ
চক্ৰ কেনেকৈ পৰিক্ৰমা লগাওঁ, আমি বিশ্বৰ মালিক আছিলোঁ পুনৰ ৰাৱণে ৰাজ্য কাঢ়ি নিলে,
এই জ্ঞান পিতাই দিছে। মনুষ্যই দশহৰা আদি উৎসৱ উদযাপন কৰে কিন্তু একোৱেই জ্ঞান নাই।
যেনেকৈ তোমালোকৰ এই জ্ঞান নাছিল, এতিয়া জ্ঞান পাই আছা সেয়েহে তোমালোক আনন্দিত হৈ
থাকা। জ্ঞানে আনন্দ প্ৰদান কৰে। বেহদৰ জ্ঞান বুদ্ধিত আছে। পিতাই তোমালোকৰ জোলোঙা
ভৰপূৰ কৰি আছে। কয় নহয় - জোলোঙা ভৰপূৰ কৰি দিয়ক। কাক কয়? সাধু-সন্ত আদিক নকয়।
ভোলানাথ শিৱক কয়, তেওঁৰ পৰাই ভিক্ষা মাগে। তোমালোকৰতো এতিয়া আনন্দৰ পাৰাপাৰ নাই।
তোমালোক বহুত আনন্দিত হ'ব লাগে। বুদ্ধিত কিমান জ্ঞান আহি গ'ল। বেহদৰ পিতাৰ পৰা
বেহদৰ উত্তৰাধিকাৰ পোৱা যায়। গতিকে এতিয়া নিজৰ আৰু আনৰো কল্যাণ কৰিব লাগে। সকলোৰে
কল্যাণ কৰিব লাগে। আগতেতো ইজনে-সিজনৰ অকল্যাণহে কৰিছিলা কিয়নো আসুৰিক মত আছিল। এতিয়া
তোমালোক শ্ৰীমতত চলি আছা গতিকে নিজৰো কল্যাণ কৰিব লাগে। তোমালোকৰ অন্তৰে বিচাৰে যে
এই বেহদৰ পঢ়া সকলোৱে পঢ়ক, সেৱাকেন্দ্ৰ খুলি গৈ থাকক। কয় বাবা প্ৰদশনীৰ ব্যৱস্থা কৰি
দিয়ক, প্ৰজেক্টৰ দিয়ক আমি সেৱাকেন্দ্ৰ খোলোঁ। আমি যি জ্ঞান আহৰণ কৰিছোঁ, যাৰ দ্বাৰা
বেহদৰ আনন্দৰ পাৰা উৰ্দ্ধগামী হৈছে সেয়া আনকো অনুভৱ কৰাওঁ। ড্ৰামা অনুসৰি এয়াও
পুৰুষাৰ্থ চলি থাকে। পিতা আহিছে ভাৰতক পুনৰাই স্বৰ্গ কৰি গঢ়ি তুলিবলৈ। তোমালোকে জানা
আমি আগতে নৰকবাসী আছিলোঁ, এতিয়া স্বৰ্গবাসী হৈ আছোঁ। এই চক্ৰ তোমালোকৰ বুদ্ধিত সদায়
ঘূৰি থাকিব লাগে, যাৰ দ্বাৰা তোমালোক সদায় আনন্দিত হৈ থাকা। আনক বুজোৱাৰো নিচা
থাকিব লাগে। আমি পিতাৰ পৰা জ্ঞান লৈ আছোঁ। তোমালোকৰ অন্য যিসকল ভাই-ভনীয়ে নাজানে
তেওঁলোককো ৰাস্তা দেখুওৱাতো তোমালোকৰ ধৰ্ম। যেনেকৈ পিতাৰ ভূমিকা হৈছে সকলোৰে কল্যাণ
কৰা তেনেকৈ আমাৰো ভূমিকা হৈছে সকলোৰে কল্যাণকাৰী হোৱা। বাবাই কল্যাণকাৰী কৰি তুলিছে
গতিকে নিজৰো কল্যাণ কৰিব লাগে আনৰো কৰিব লাগে। পিতাই কয় - তোমালোক অমুক
সেৱাকেন্দ্ৰলৈ যোৱা, গৈ সেৱা কৰা। একে স্থানত বহি সেৱা কৰিব নালাগে। যি যিমান
বুদ্ধিমান সিমানে চখ থাকে, গৈ আমি সেৱা কৰোঁ। অমুক নতুন সেৱাকেন্দ্ৰ খুলিছে, এইটোতো
জানা কোন কোন সেৱাধাৰী হয়, কোন কোন আজ্ঞাকাৰী, বিশ্বাসী, অনুগত হয়। অজ্ঞানকালতো
কুসন্তানসকলৰ ওপৰত পিতা অসন্তুষ্ট হয়। এয়াতো বেহদৰ পিতাই কয় - মই একেবাৰে সাধাৰণ
ৰীতিৰে বুজাওঁ, ইয়াত ভয় কৰিবলগীয়া একো কথা নাই। এয়াতো যিয়ে কৰিব তেৱেঁ পাব। অভিশাপ
বা অসন্তুষ্ট হোৱাৰ কথা নাই। পিতাই বুজায় কিয়নো বাৰু ভালদৰে সেৱা কৰি নিজৰো আৰু আনৰো
কল্যাণ নকৰোঁ। যিমান যিয়ে বহুতৰ কল্যাণ কৰে সিমান বাবাও আনন্দিত হয়। বাগিচাত বাবাই
দেখিব এই ফুলপাহ কিমান ভাল। এয়া গোটেইখন বাগিচা। বাগিচা চাবৰ কাৰণে কয় - বাবা আমি
সেৱাকেন্দ্ৰ পৰিক্ৰমা লগাওঁ। কেনেকুৱা কেনেকুৱা ফুল আছে! কেনেকৈ সেৱা কৰি আছে! গ'লে
গম পোৱা যায়। কেনেকৈ আনন্দত নাচি থাকে। বাবাকো আহি কৈছিল বাবা অমুকক মই এনেকৈ বুজালোঁ।
আজি নিজৰ স্বামীক, ভাইক লৈ আহিছোঁ। বুজাইছোঁ যে বাবা আহিছে, তেওঁ কেনেকৈ হীৰাতুল্য
জীৱন গঢ়ি তোলে। শুনিলে তেতিয়া বিচাৰে ময়ো গৈ চাওঁ। তেতিয়া সন্তানসকল উৎসাহিত হয়, লৈ
আহে। বিশ্বৰ ইতিহাস-ভূগোল জানিব লাগে। তোমালোকে বিচাৰ কৰিব পাৰা ভাৰত গোটেই বিশ্বৰ
মালিক আছিল। এতিয়াতো কি অৱস্থা হৈ গ'ল। সত্যযুগ-ত্ৰেতাত কিমান সুখ আছিল। এতিয়া পুনৰ
বাবাই বিশ্বৰ মালিক কৰি আছে। এইটোও জানা যে সৃষ্টিত পাছলৈ বহুত হুলস্থুল হ'ব। যুদ্ধ
জানো বন্ধ হ'ব পাৰে। ক'ৰবাত নহয় ক'ৰবাত লাগি থাকে। য'তেই চোৱা ত’ত কাজিয়াই লাগি থাকে।
কিমান ভয়ানক হৈ আছে। বিদেশত কি কি হৈ আছে। বুজি নাপায় যে আমি কি কৰি আছোঁ। কিমান
ধুমুহা লাগি থাকে। মনুষ্যও মৰি থাকে। কিমান দুখৰ সৃষ্টি। তোমালোক সন্তানসকলে জানা -
এই দুখৰ সৃষ্টিৰ পৰা বচ্ এতিয়া যামগৈ। বাবাইতো ধৈৰ্য্য ধৰিবলৈ কৈ আছে। এইখন ছিঃ ছিঃ
সৃষ্টি। কিছুদিন পাছত আমি বিশ্বত শান্তিৰে ৰাজত্ব কৰিম। এই ক্ষেত্ৰততো আনন্দিত হ'ব
লাগে নহয়। সেৱাকেন্দ্ৰ খুলি গৈ থাকে। এতিয়া চোৱা সেৱাকেন্দ্ৰ খোলে, বাবাই লিখে এতিয়া
ভাল ভাল সন্তানসকল যোৱা। নামো লিখি দিওঁ, যিসকল অন্তৰত অধিষ্ঠিত হৈ থাকে। বহুতৰে
কল্যাণ হয়। এনেকৈ বহুতে লিখে - বাবা আমিতো বন্ধনত আছোঁ। বাৰু সেৱাকেন্দ্ৰ মুকলি হ’লে
তেতিয়া বহুতে আহি উত্তৰাধিকাৰ পাব। এইটোও জানা যে এই সকলোবোৰ নাশ হৈ যাব তেন্তে
কিয়নো বাৰু বহুতৰ কল্যাণৰ অৰ্থে কামত খটুৱাই নিদিওঁ। ড্ৰামাত তেওঁলোকৰ এনেকুৱা
ভূমিকা আছে। প্ৰত্যেকে নিজৰ নিজৰ ভূমিকা পালন কৰি আছে। দয়া ওপজে। অন্যকো বন্ধনমুক্ত
কৰাত অলপমানতো সহায় কৰোঁ। তেওঁলোকেও উত্তৰাধিকাৰ লৈ লওক। পিতাৰ কিমান চিন্তা হয়।
সকলো কাম চিতাত জ্বলি মৰিছে। গোটেইখন কৱৰস্থান হৈ গ’ল। এনেকৈ কয়ো যে আল্লা আহি
কৱৰস্থানৰ পৰা জগাই সকলোকে লৈ যায়।
এতিয়া তোমালোকে বুজি
পোৱা ৰাৱণে কেনেকৈ পৰাজিত কৰিলে। আগতে জানো বুজি পাইছিলা। মই ৰত্নৰ বেপাৰী লাখপতি,
ইমান সন্তান আছে, নিচাতো থাকে নহয়। এতিয়া বুজি পায় মই পূৰা পতিত আছিলোঁ। পুৰণি
সৃষ্টিত যিমানেই লাখপতি, কোটিপতি নহওক কিন্তু এই সকলোবোৰ হৈছে কড়িতুল্য। এতিয়া নাশ
হোৱাৰ পথত। মায়াও কিমান প্ৰৱল। পিতাই কয় - সন্তানসকল সেৱাকেন্দ্ৰ খোলা, বহুতৰে
কল্যাণ হৈ যাব। গৰিবসকল সোনকালে জাগৃত হয়, চহকীসকল কাচিৎহে জাগৃত হয়। নিজৰ আনন্দতে
মতলীয়া হৈ থাকে। মায়াই একেবাৰে নিজৰ বশীভূত কৰি ল'লে। বুজালে বুজিও পায় কিন্তু এৰে
কেনেকৈ? ভয় লাগে যে এওঁলোকৰ দৰে সকলো এৰিব লাগিব। ভাগ্যত নাথাকিলে তেন্তে চলিব
নোৱাৰে। যেন মুক্ত হোৱাটোৱেই কঠিন। সেই সময়ত বৈৰাগ্য ওপজে - যথাযথ ছিঃ ছিঃ সৃষ্টি।
পাছত য’ত আছিল ত’তে থাকি যায়। কোটিৰ মাজত কোনোবা ওলায়। মুম্বাইততো শ শ লোক আহে,
কিছুমানৰ ৰং লাগি যায়। বুজি পায় যে ভৱিষ্যতৰ কাৰণে কিবা কৰি লওঁ। কড়িৰ সলনি মই হীৰা
পাই যাম। পিতাই বুজায় নহয় – টালি-টোপোলা সকলো স্বৰ্গলৈ স্থানান্তৰ কৰা। তাত 21
জন্মৰ কাৰণে তোমালোকে ৰাজ্য-ভাগ্য পাবা। কোনো কোনোৱে এটকা, 8 (আঠ) অনাও পঠিয়াই দিয়ে।
পিতাই কয় - এটকাও তোমালোকৰ শিৱবাবাৰ সম্পত্তিত জমা হৈ গ'ল। তোমালোকে 21 জন্মৰ কাৰণে
মহল পাই যাবা। সুদামাৰ দৃষ্টান্ত আছে নহয়। এনেকুৱাসকলক দেখি বাবাতো বহুত আনন্দিত হয়।
একো খৰচ নকৰাকৈয়ে তোমালোকে বিশ্বৰ বাদশ্বাহী পোৱা। যুদ্ধ আদি একোৱেই নাই। তেওঁলোকেতো
অকণমান টুকুৰা এটাৰ কাৰণেও কিমান কাজিয়া কৰে। তোমালোকক কেৱল কয় – ‘মনমনাভৱ’। বচ্,
ইয়াত বহাৰ দৰকাৰ নাই, ঘূৰোঁতে-ফুৰোঁতে পিতাক আৰু উত্তৰাধিকাৰক স্মৰণ কৰা। আনন্দিত
হৈ থাকা। খোৱা-বোৱাও শুদ্ধ হ’ব লাগে। তোমালোকে জানা মই আত্মা কিমানলৈকে পৱিত্ৰ হৈছোঁ,
যাতে পুনৰ গৈ ৰাজকুমাৰৰ জন্ম লওঁ। আগলৈ গৈ জগতৰ অৱস্থা একেবাৰে বেয়া হ'ব। খাবলৈ
খাদ্য শস্য পোৱা নাযাব তেতিয়া ঘাঁহ খাবলৈ ধৰিব। তেতিয়া জানো এনেকৈ ক'ব যে মাখন
অবিহনে মই থাকিব নোৱাৰোঁ। একোৱেই নাপাবা। এতিয়াও কিমান ঠাইত মনুষ্যই ঘাঁহ খাই দিন
অতিবাহিত কৰিছে। তোমালোকেতো বহুত আনন্দত বাবাৰ ঘৰত বহি আছা। ঘৰত পিতাই প্ৰথমে
সন্তানসকলক খুৱায় নহয়। সময় বহুত বেয়া। ইয়াত তোমালোক বহুত সুখত বহি আছা। কেৱল পিতা
আৰু উত্তৰাধিকাৰক স্মৰণ কৰি থাকা। নিজৰ আৰু আনৰো কল্যাণ কৰিব লাগে। আগলৈ গৈ নিজে
নিজে আহিব, ভাগ্য উদয় হ'ব। জাগিতো উঠে নহয়। বেহদৰ ৰাজধানী স্থাপন হ'ব। প্ৰত্যেকেই
কল্প পূৰ্বৰ দৰে পুৰুষাৰ্থ কৰে। সন্তানসকলতো বহুত আনন্দিত হৈ থাকিব লাগে। বাপদাদাৰ
চিত্ৰ দেখাৰ লগে লগে আনন্দত পুলকিত হৈ যাব লাগে। সেই আনন্দৰ পাৰা স্থায়ী হৈ থাকিব
লাগে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সদায় অপাৰ
আনন্দত থাকিবৰ কাৰণে বেহদৰ জ্ঞান বুদ্ধিত ৰাখিব লাগে। জ্ঞান ৰত্নৰে নিজৰ জোলোঙা
ভৰপূৰ কৰি নিজৰ আৰু সকলোৰে কল্যাণ কৰিব লাগে। জ্ঞানত বহুত বুদ্ধিমান হ'ব লাগে।
(2) ভৱিষ্যত 21 জন্মৰ
ৰাজ্য-ভাগ্যৰ অধিকাৰ ল'বৰ কাৰণে নিজৰ টালি-টোপোলা সকলো স্থানান্তৰ কৰি দিব লাগে। এই
ছিঃ ছিঃ সৃষ্টিৰ পৰা মুক্ত হোৱাৰ যুক্তি ৰচিব লাগে।
বৰদান:
এজন পিতাৰ
প্ৰেমত লীন হৈ সদায় আৰোহণ কলাৰ অনুভৱ কৰোঁতা সফলতামূৰ্ত হোৱা
সেৱাত বা নিজৰ আৰোহণ
কলাৰ ক্ষেত্ৰত সফলতাৰ মুখ্য আধাৰ হৈছে - এজন পিতাৰ সৈতে থকা অটুট প্ৰেম। পিতাৰ
বাহিৰে যাতে আন একো দেখা নোপোৱা। সংকল্পতো বাবা, বাণীতো বাবা আৰু কৰ্মতো পিতাৰ সংগ।
এনেকুৱা প্ৰেমত লীন আত্মাই যদি এটা শব্দও কয়, তেন্তে তেওঁৰ স্নেহভৰা কথাই আন
আত্মাকো স্নেহৰ বান্ধোনেৰে বান্ধি পেলায়। এনেকুৱা প্ৰেমত লীন আত্মাৰ কেৱল এটা 'বাবা'
শব্দই যাদুৰ দৰে কাম কৰে। তেওঁ আত্মিক যাদুকৰ হৈ যায়।
স্লোগান:
যোগী আত্মা তেৱেঁই যি অন্তৰ্মুখী হৈ ‘লাইট-মাইট’ ৰূপত স্থিৰ হৈ থাকে।
অব্যক্ত ইংগিত:
নিশ্চয়তাৰ ভেটী মজবুত কৰি সদায় নিৰ্ভয় আৰু নিশ্চিন্ত হৈ থাকা
তোমালোকে যিয়েই
দায়িত্ব পাইছা, তাত সদায় সঠিক হৈ থাকা, যিয়ে নিজৰ দায়িত্ব সঠিকভাৱে পালন কৰে,
তেওঁক সকলোৱে নিষ্ঠাৱান বা বিশ্বাসী দৃষ্টিৰে চায়। ইয়াতো যিসকল সঠিকভাৱে সেৱাত
ব্ৰতী হৈ থাকে, তেওঁলোকহে পিতাৰ বিশ্বাসী। এটা হ'ল পিতাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস, আৰু
আনটো হ'ল পিতাৰ সৈতে সেৱাতো বিশ্বাসী হৈ থকা। এনেকুৱা বিশ্বাসী আৰু নিশ্চয়বুদ্ধিৰ
সন্তানসকল সদায় বিজয়ী আৰু নিশ্চিন্ত হৈ থাকে।
[বি:দ্ৰ: -
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]