09.04.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
প্ৰত্যেকৰে নাড়ীৰ স্পন্দন (মনোস্থিতি) লক্ষ্য কৰি ‘অল্ফ’ৰ (পিতাৰ) প্ৰতি তেওঁৰ
নিশ্চয়তা জগাই তোলা তাৰ পাছত আগবাঢ়া, ‘অল্ফ’ৰ প্ৰতি নিশ্চয়তা অবিহনে জ্ঞান দিয়া মানে
সময় নষ্ট কৰা”
প্ৰশ্ন:
কোনটো এটা
মুখ্য পুৰুষাৰ্থই জলপানি লোৱাৰ অধিকাৰী কৰি দিয়ে?
উত্তৰ:
অন্তৰ্মুখী হোৱাৰ। তোমালোক বহুত অন্তৰ্মুখী হৈ থাকিব লাগে। পিতাতো হৈছে কল্যাণকাৰী।
কল্যাণৰ কাৰণেই ৰায় দিয়ে। যিসকল অন্তৰ্মুখী যোগী সন্তান তেওঁলোক কেতিয়াও
দেহ-অভিমানত আহি বিতুষ্ট নহয় বা কাজিয়া নকৰে। তেওঁলোকৰ চলন বহুত মাৰ্জিত আৰু
অসাধাৰণ হয়। বহুত কমকৈ কথা কয়, যজ্ঞ সেৱাৰ প্ৰতি ৰুচি ৰাখে। তেওঁলোকে অতিপাত জ্ঞানৰ
কথা কৈ নাথাকে, স্মৃতিত থাকি সেৱা কৰে।
ওঁম্শান্তি।
প্ৰায়ে দেখা
যায় প্ৰদৰ্শনী সেৱাৰ খবৰো আহে, এইটো দেখা যায় যে পিতাৰ পৰিচয়ৰ যিটো মূল কথা সেইটো
কথাত সম্পূৰ্ণ নিশ্চয় জন্মাব নোৱাৰিলে বাকী যি কিছু বুজাই থকা হয়, সেয়া কাৰোবাৰ
বুদ্ধিত ধাৰণ হোৱা কঠিন। যদিও ভাল ভাল বুলি কয় কিন্তু পিতাৰ পৰিচয় নাই। প্ৰথমেতো
পিতাৰ পৰিচয় পাব লাগে। পিতাৰ মহাবাক্য হৈছে - মোক স্মৰণ কৰা, ময়েই পতিত-পাৱন হওঁ।
মোক স্মৰণ কৰিলে তোমালোক পতিতৰ পৰা পাৱন হৈ যাবা। এইটো হৈছে মুখ্য কথা। ভগৱান এজন,
তেঁৱেই পতিত-পাৱন হয়। জ্ঞানৰ সাগৰ, সুখৰ সাগৰ। তেৱেঁই আটাইতকৈ উচ্চ। এইটো নিশ্চয়তা
জন্মি গ’লে তেতিয়া ভক্তিমাৰ্গৰ যি শাস্ত্ৰ, বেদ অথবা গীতা, ভাগৱত আছে, সকলোবোৰ
খণ্ডন হৈ যাব। ভগৱানেতো নিজেই কয়, এইবোৰ মই শুনোৱা নাই। মোৰ জ্ঞান শাস্ত্ৰত নাই।
সেয়া হৈছে ভক্তিমাৰ্গৰ জ্ঞান। মইতো জ্ঞান দি সৎগতি কৰি গুচি যাওঁ। পাছত এই জ্ঞান
প্ৰায় লোপ হৈ যায়। জ্ঞানৰ প্ৰালব্ধ সম্পূৰ্ণ হোৱাৰ পাছত আকৌ ভক্তিমাৰ্গ আৰম্ভ হয়।
যেতিয়া পিতাৰ প্ৰতি নিশ্চয়তা জন্মিব তেতিয়া বুজি পাব, ভগৱানুবাচ (ভগৱানে কয়) -
এইবোৰ ভক্তিমাৰ্গৰ শাস্ত্ৰ। জ্ঞান আৰু ভক্তি আধা আধা চলে। ভগৱান যেতিয়া আহে তেতিয়া
নিজৰ পৰিচয় দিয়ে - মই কওঁ 5 হাজাৰ বছৰৰ কল্প, মইতো ব্ৰহ্মাৰ মুখেৰে বুজাই আছোঁ।
গতিকে প্ৰথম মুখ্য কথাটি বুদ্ধিত ধাৰণ কৰিব লাগে যে ভগৱান কোন হয়? এইটো কথা
যেতিয়ালৈকে বুদ্ধিত ধাৰণ নহয় তেতিয়ালৈকে অন্য কিবা বুজালেও কোনো প্ৰভাৱ নপৰিব।
গোটেই পৰিশ্ৰম এইটো কথাতে হয়। পিতা আহেই কবৰৰ পৰা জগাবলৈ। শাস্ত্ৰ আদি পঢ়িলেতো জাগি
নুঠিব। পৰম আত্মা হৈছে জ্যোতি স্বৰূপ গতিকে তেওঁৰ সন্তানসকলো জ্যোতি স্বৰূপ। কিন্তু
তোমালোক সন্তানসকল অৰ্থাৎ আত্মাসকল পতিত হৈ গৈছা, যাৰ কাৰণে জ্যোতি নুমাই গ'ল।
তমোপ্ৰধান হৈ গ'ল। পোন-প্ৰথমে পিতাৰ পৰিচয় নিদিলে বাকী যি পৰিশ্ৰম কৰা হয়, মতামত আদি
লিখোৱা হয় সেয়া একো কামৰ হৈ নাথাকে সেইকাৰণে সেৱা হৈ নুঠে। নিশ্চয়তা জন্মিলে তেতিয়া
বুজিব যে যথাযথ ব্ৰহ্মাৰ দ্বাৰা জ্ঞান দি আছে। মনুষ্যই ব্ৰহ্মাক দেখি কিমান
বিবুদ্ধিত পৰে কিয়নো পিতাৰ পৰিচয় নাই। তোমালোক সকলোৱে জানা যে ভক্তিমাৰ্গ এতিয়া
অতীত হৈ গ'ল। কলিযুগত হৈছে ভক্তিমাৰ্গ আৰু সংগমত হৈছে জ্ঞানমাৰ্গ। আমি এতিয়া
সংগমযুগী। ৰাজযোগ শিকি আছোঁ। নতুন সৃষ্টিৰ কাৰণে দৈৱীগুণ ধাৰণ কৰোঁ। যিসকল সংগমযুগত
নাই তেওঁলোক দিনে-প্ৰতিদিনে তমোপ্ৰধান হৈয়েই গৈ থাকে। সেইফালে তমোপ্ৰধানতা বাঢ়ি যায়,
এইফালে তোমালোকৰ সংগমযুগ সম্পূৰ্ণ হৈ গৈ আছে। এইবোৰ বুজিবলগীয়া কথা নহয় জানো।
বুজাওঁতাসকলো ক্ৰমানুসৰি হয়। বাবাই নিতৌ পুৰুষাৰ্থ কৰায়। নিশ্চয় বুদ্ধি বিজয়ন্তী।
সন্তানসকলৰ অদৰকাৰী কথা কৈ থকাৰ অভ্যাস বহুত আছে। পিতাক স্মৰণ নকৰেই। স্মৰণ কৰাটো
বৰ কঠিন। পিতাক স্মৰণ কৰিবলৈ এৰি নিজৰে কথা শুনাই থাকে। পিতাৰ প্ৰতি নিশ্চয়তা
নজন্মালৈকে অন্য চিত্ৰৰ ফালে আগবাঢ়িবই নালাগে। নিশ্চয়তা নথাকিলে একোৱে নুবুজিব।
‘অল্ফ’ৰ (পিতাৰ) প্ৰতি নিশ্চয়তা অবিহনে বাকী ‘বে’ (বাদশ্বাহী) বা অন্য কথাৰ ফালে
যোৱা মানে সময় নষ্ট কৰা। কাৰো নাড়ীৰ স্পন্দন (মানসিক স্থিতি) নাজানে, উদ্ঘাটন কৰিবলৈ
অহাসকলকো প্ৰথমে পিতাৰ পৰিচয় দিব লাগে। এওঁ হৈছে সকলোতকৈ উচ্চ পিতা, জ্ঞানৰ সাগৰ।
পিতাই এই জ্ঞান এতিয়াহে দিয়ে। সত্যযুগত এই জ্ঞানৰ দৰকাৰেই নাথাকে। পাছত ভক্তি আৰম্ভ
হয়। পিতাই কয় - যেতিয়া দুৰ্গতি অৰ্থাৎ মোৰ নিন্দা পূৰা হোৱাৰ সময় হয় তেতিয়া মই আহোঁ।
আধাকল্প তেওঁলোকে নিন্দা কৰিবই লাগে, যাৰেই পূজা কৰে, তেওঁলোকৰ বৃত্তিৰ বিষয়ে নাজানে।
তোমালোক সন্তানসকলে বহি বুজোৱা কিন্তু নিজেই বাবাৰ লগত যোগযুক্ত হৈ নাথাকিলে তেন্তে
আনক কি বুজাব পাৰিবা। যদিও ‘শিৱবাবা’ বুলি কয় কিন্তু যোগযুক্ত হৈ একেবাৰে নাথাকে
সেয়েহে বিকৰ্মও বিনাশ নহয়, ধাৰণা নহয়। মুখ্য কথা হৈছে এজন পিতাক স্মৰণ কৰা।
যিসকল সন্তান জ্ঞানীৰ
লগতে যোগী নহয়, তেওঁলোকৰ দেহ-অভিমানৰ অংশ নিশ্চয় থাকিব। যোগযুক্ত স্থিতি অবিহনে
বুজোৱাতো কোনো কামৰ নহয়। আকৌ দেহ-অভিমানত আহি কাৰোবাক নহয় কাৰোবাক অশান্ত কৰি থাকিব।
সন্তানসকলে ভাষণ ভালকৈ দিলে তেতিয়া ভাবে মই জ্ঞানী আত্মা। পিতাই কয় - জ্ঞানী আত্মাতো
হোৱা কিন্তু যোগ কম, যোগৰ পুৰুষাৰ্থ বহুত কম। পিতাই কিমান বুজায় –খতিয়নৰ তালিকা ৰাখা।
মুখ্য হয়েই যোগৰ কথা। সন্তানসকলৰ জ্ঞান বুজোৱাৰ চখতো আছে কিন্তু যোগ নাই। সেয়েহে
যোগ অবিহনে বিকৰ্ম বিনাশ নহ’ব তেতিয়া কি পদ পাবা! যোগততো বহুত সন্তান অকৃতকাৰ্য হয়।
এনেকৈ ভাবি লয় যে মই 100 শতাংশই যোগযুক্ত হওঁ। কিন্তু বাবাই কয় - 2 শতাংশহে। বাবাই
(ব্ৰহ্মাবাবাই) নিজেই কয় ভোজন খোৱাৰ সময়ত স্মৃতিত থাকোঁ, আকৌ পাহৰি যাওঁ। স্নান
কৰোঁতেও বাবাক স্মৰণ কৰোঁ। যদিও তেওঁৰ সন্তান তথাপি স্মৃতি পাহৰি যাওঁ। তোমালোকে
ভাবা যে এওঁ (ব্ৰহ্মাবাবা) এক নম্বৰত যাব, নিশ্চয় জ্ঞান আৰু যোগ ঠিক হ’ব। তথাপি
বাবাই কয় যোগত বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। চেষ্টা কৰি চোৱা তাৰ পাছত অনুভৱ শুনাবা।
ধৰি লোৱা দৰ্জীয়ে কাপোৰ চিলাই কৰে তেতিয়া লক্ষ্য কৰিব লাগে যে বাবাৰ স্মৃতিত থাকোঁনে।
অতি মৰমৰ প্ৰেমিক। তেওঁক যিমান স্মৰণ কৰিবা তেতিয়া আমাৰ বিকৰ্ম বিনাশ হ’ব, আমি
সতোপ্ৰধান হৈ যাম। নিজক চাব লাগে যে মই কিমান সময় স্মৃতিত থাকোঁ। বাবাক ফলাফল শুনাব
লাগে। স্মৃতিত থাকিলেহে কল্যাণ হ’ব। বাকী বেছিকৈ বুজাই থাকিলে কল্যাণ নহয়। একোৱে
বুজি নাপায়। ‘অল্ফ’ অবিহনে কাম কেনেকৈ চলিব? এক ‘অল্ফ’ক চিনি নাপালে বাকীতো সকলো
বিন্দু (শূন্য), বিন্দুয়ে হৈ যায়। ‘অল্ফ’ৰ লগত বিন্দু দিলে লাভ হয়। যোগযুক্ত হৈ
নাথাকিলে গোটেই দিন সময় নষ্ট কৰি থাকে। পিতাৰতো দয়া ওপজে, এওঁ কি পদ পাব। ভাগ্যত
নাথাকিলে তেন্তে পিতায়ো কি কৰিব। পিতাইতো বাৰে বাৰে বুজাই থাকে - দৈৱীগুণ ভালকৈ
ধাৰণ কৰা, পিতাৰ স্মৃতিত থাকা। স্মৃতিত থকাটো অত্যন্ত জৰুৰী। স্মৃতিৰে মৰম জাগি
উঠিব তেতিয়াহে শ্ৰীমতত চলিব পাৰিবা। প্ৰজাতো অনেক হ’ব। তোমালোক ইয়ালৈ আহিছাই - এই
লক্ষ্মী-নাৰায়ণ হ’বলৈ, এই ক্ষেত্ৰত পৰিশ্ৰম আছে। যদিও স্বৰ্গলৈ যাব কিন্তু শাস্তি
খাই শেষৰ ফালে আহি কম পদ পাব। বাবাইতো সকলো সন্তানক জানে নহয়। যিসকল সন্তান যোগত
অপৰিপক্ক সেইসকল দেহ-অভিমানত আহি বিতুষ্ট হৈ থাকিব আৰু কাজিয়া-পেচাল কৰি থাকিব।
যিসকল পৰিপক্ক যোগী তেওঁলোকৰ চলন বহুত মাৰ্জিত অসাধাৰণ হ’ব, বহুত কমকৈ কথা ক’ব।
যজ্ঞ সেৱাতো ৰুচি থাকিব। যজ্ঞ সেৱাত অস্থি (সৰ্বস্ব উজাৰি) দিবলৈও প্ৰস্তুত। এনেকুৱা
কোনোবা আছেও। কিন্তু বাবাই কয় - স্মৃতিত বেছিকৈ থাকিলেহে পিতাৰ প্ৰতি মৰম জাগি উঠিব
আৰু আনন্দিত হৈ থাকিবা।
পিতাই কয় - মই ভাৰত
খণ্ডততে আহোঁ। মই আহি ভাৰতকে উচ্চ কৰি তোলোঁ। সত্যযুগত তোমালোক বিশ্বৰ মালিক আছিলা,
সৎগতিত আছিলা আকৌ দুৰ্গতি কোনে কৰিলে? (ৰাৱণে) কেতিয়া পৰা আৰম্ভ হ'ল? (দ্বাপৰৰ পৰা)
আধাকল্পৰ কাৰণে সৎগতি এক চেকেণ্ডত পোৱা, 21 জন্মৰ উত্তৰাধিকাৰ প্ৰাপ্ত কৰি লোৱা।
গতিকে যেতিয়া কোনো গণ্যমান্য ব্যক্তি আহে তেতিয়া পোন-প্ৰথমে তেওঁক পিতাৰ পৰিচয় দিবা।
পিতাই কয় - সন্তানসকল, এই জ্ঞানেৰেই তোমালোকৰ সৎগতি হ’ব। তোমালোক সন্তানসকলে জানা
যে চেকেণ্ডৰ পাছত চেকেণ্ড এই ড্ৰামা চলি আছে। এইটো কথা বুদ্ধিত থাকিলেও তোমালোক
ভালকৈ স্থিৰ হৈ থাকিবা। ইয়াত বহি থাকিলেও বুদ্ধিত এইটো থাকিব লাগে যে সৃষ্টি চক্ৰ
ওকণিৰ দৰে (ধীৰ গতিৰে) কেনেকৈ ঘূৰি থাকে। চেকেণ্ডৰ পাছত চেকেণ্ড টিক্ টিক্কৈ সময়
গৈ থাকে। ড্ৰামা অনুসৰিয়ে গোটেই ভূমিকা পালন কৰি থকা হৈছে। এক চেকেণ্ড পাৰ হ'ল আৰু
শেষ। টাকুৰী পেচ খাই গৈ থাকে। বহুত লাহে লাহে ঘূৰি থাকে। এইখন হৈছে বেহদৰ ড্ৰামা।
বৃদ্ধ আদি যি আছে তেওঁলোকৰ বুদ্ধিত এই কথাবোৰ ধাৰণ হ’ব নোৱাৰে। জ্ঞানো ধাৰণ হ’ব
নোৱাৰে। যোগো নাই তথাপিও সন্তানতো হয়। অৱশ্যে হয়, সেৱা কৰাসকলৰ পদ উচ্চ। বাকীসকলৰ
পদ কম হ’ব। এইটো ভালকৈ খেয়ালত ৰাখিবা। এইখন বেহদৰ ড্ৰামা, চক্ৰ ঘূৰি থাকে। যেনেকৈ
ৰেকৰ্ড ঘূৰি থাকে নহয়। আমাৰ আত্মাতো এনেকৈ ৰেকৰ্ড ভৰি আছে। সূক্ষ্ম আত্মাত ইমান
ভূমিকা ভৰি আছে, ইয়াকে প্ৰকৃতি বুলি কোৱা হয়। দেখিবলৈতো একোৱে পোৱা নাযায়। এয়া
বোধশক্তিৰ কথা। ভোদা বুদ্ধিৰসকলে বুজিব নোৱাৰে। ইয়াত মই যি কৈ গৈ থাকোঁ, সময়
অতিবাহিত হৈ গৈ থাকে আকৌ 5 হাজাৰ বছৰ পাছত পুনৰাবৃত্তি হ’ব। এনেকুৱা বোধশক্তি কাৰোৱে
নাই। যিসকল মহাৰথী হ’ব তেওঁলোকে বাৰে বাৰে এই কথাবোৰৰ প্ৰতি ধ্যান দি বুজাই থাকিব
সেইবাবে বাবাই কয় - পোন-প্ৰথমে পিতাৰ স্মৃতিত থকাৰ গাঁঠি বান্ধা (প্ৰতিজ্ঞা কৰা)।
পিতাই কয় - মোক স্মৰণ কৰা। আত্মা এতিয়া ঘৰলৈ যাব লাগে। দেহৰ সকলো সম্বন্ধ এৰি দিব
লাগে। যিমান সম্ভৱ পিতাক স্মৰণ কৰি থাকা। এইটো পুৰুষাৰ্থ হৈছে গুপ্ত। বাবাই ৰায় দিয়ে,
পৰিচয়ো পিতাৰে দিয়া। স্মৃতিত কমকৈ থাকে সেয়েহে পৰিচয়ো কমকৈ দিয়ে। প্ৰথমেতো পিতাৰ
পৰিচয় বুদ্ধিত ধাৰণ হ’ব লাগে। কোৱা, এতিয়া লিখা যে যথাযথ তেওঁ আমাৰ পিতা হয়। দেহ
সহিত সকলো এৰি এজন পিতাক স্মৰণ কৰিব লাগে। স্মৃতিৰ দ্বাৰাই তোমালোক তমোপ্ৰধানৰ পৰা
সতোপ্ৰধান হ’বাগৈ। মুক্তিধাম, জীৱনমুক্তিধামততো দুখ-যন্ত্ৰণা নাথাকেই।
দিনে-প্রতিদিনে ভাল ভাল কথা বুজোৱা হয়। পৰস্পৰ এই কথাবোৰেই চৰ্চা কৰিবা। যোগ্যও হ’ব
লাগে নহয়। ব্ৰাহ্মণ হৈ যদি পিতাৰ আত্মিক সেৱা নকৰা তেন্তে কি কামৰ। পঢ়া পাঠ ভালকৈ
ধাৰণ কৰা উচিত। বাবাই জানে বহুত আছে যাৰ এটা আখৰো ধাৰণ নহয়। যথাৰ্থ ৰীতিৰে পিতাক
স্মৰণ নকৰে। ৰজা-ৰাণীৰ পদ পাবলৈ পৰিশ্ৰম কৰিবলগীয়া হয়। যিসকলে পৰিশ্ৰম কৰিব
তেওঁলোকেই উচ্চ পদ পাব। পৰিশ্ৰম কৰিলেহে ৰাজত্ব কৰিব পাৰিব। এক নম্বৰৰ জনেহে জলপানী
পায়। এই লক্ষ্মী-নাৰায়ণে জলপানী লৈছে। তাৰপাছত ক্ৰমানুসৰি হয়। বহুত ডাঙৰ পৰীক্ষা
নহয় জানো। জলপানী পোৱাসকলৰহে মালা তৈয়াৰ কৰি থোৱা আছে। 8 (আঠ) ৰত্ন আছে নহয়। প্ৰথমে
8 (আঠ), তাৰ পাছত 100, তাৰ পাছত 16 হাজাৰ। গতিকে মালাৰ গাঁথনিত আহিবলৈ কিমান
পুৰুষাৰ্থ কৰিব লাগে। অন্তৰ্মুখী হোৱাৰ পুৰুষাৰ্থ কৰিলে জলপানী লোৱাৰ অধিকাৰী হৈ
যাবাগৈ। তোমালোক বহুত অন্তৰ্মুখী হৈ থাকিব লাগে। পিতাতো হৈছে কল্যাণকাৰী। গতিকে
কল্যাণৰ বাবেই ৰায় দিয়ে। কল্যাণতো গোটেই সৃষ্টিৰে হ'ব। কিন্তু ক্ৰমানুসৰি হয়।
তোমালোক ইয়ালৈ পিতাৰ ওচৰত পঢ়িবলৈ আহিছা। তোমালোকৰ ভিতৰতো সেইসকল বিদ্যাৰ্থী ভাল
যিসকলে পঢ়াৰ প্ৰতি মনোযোগ দিয়ে। কোনোৱেতো একেবাৰে মনোযোগ নিদিয়ে। এনেকৈও বহুতে বুজি
লয় যে ভাগ্যত যি আছে হ’ব। পঢ়াৰ কোনো লক্ষ্যই নাই। সেয়েহে সন্তানসকলে স্মৃতিত থকাৰ
খতিয়ান ৰাখিব লাগে। এতিয়া আমি ঘৰলৈ উভতি যাব লাগে। জ্ঞানতো ইয়াতে এৰি যাম। জ্ঞানৰ
ভূমিকা সম্পূৰ্ণ হৈ যায়। আত্মা ইমান সূক্ষ্ম, তাত কিমান ভূমিকা নিহিত হৈ আছে, আচৰিত
নহয়নে। এই গোটেইখন অবিনাশী ড্ৰামা। এনেকৈও তোমালোক অন্তৰ্মুখী হৈ নিজৰ লগত কথা পাতি
থাকিবা তেতিয়া তোমালোক বহুত আনন্দিত হ’বা যে পিতা আহি এনেকুৱা কথা শুনায় যে আত্মাৰ
কেতিয়াও বিনাশ নহ’ব। ড্ৰামাত এজন এজন মনুষ্যৰ, এটা এটা বস্তুৰ ভূমিকা নিৰ্ধাৰিত হৈ
আছে। ইয়াক অন্তহীন বুলিও কোৱা নহ’ব। অন্ততো পাইছে কিন্তু এইখন হৈছে অনাদি। কিমান
বস্তু আছে। ইয়াক প্ৰকৃতি বুলি কোৱা হয়! ঈশ্বৰৰ প্ৰকৃতি বুলিও ক’ব নোৱাৰি! তেওঁ (বাবাই)
কয় ইয়াত মোৰো ভূমিকা আছে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) যোগত বহুত
পৰিশ্ৰম কৰিবলগীয়া হয়, চেষ্টা কৰি চাব লাগে যে কৰ্মত কিমান সময় পিতাৰ স্মৃতি থাকে!
স্মৃতিত থাকিলেহে কল্যাণ হয়, মৰমৰ প্রিয়তমক অতি মৰমেৰে স্মৰণ কৰিব লাগে, স্মৃতিত
থকাৰ খতিয়ানৰ তালিকা ৰাখিব লাগে।
(2) সূক্ষ্ম বুদ্ধিৰে
এই ড্ৰামাৰ ৰহস্যক বুজিব লাগে। এইখন বহুত কল্যাণকাৰী ড্ৰামা, আমি যি কওঁ বা কৰোঁ
সেয়া আকৌ 5 হাজাৰ বছৰ পাছত পুনৰাবৃত্তি হ’ব, এইটো যথাৰ্থ ৰীতিৰে বুজি আনন্দিত হৈ
থাকিব লাগে।
বৰদান:
নিজৰ শ্ৰেষ্ঠ
জীৱনৰ দ্বাৰা পৰমাত্ম জ্ঞানৰ প্ৰত্যক্ষ প্ৰমাণ দিওঁতা মায়া প্ৰতিৰোধী হোৱা
নিজক পৰমাত্ম জ্ঞানৰ
প্ৰত্যেক্ষ প্ৰমাণ বা ‘প্ৰুফ’ বুলি বুজিলে মায়া ‘প্ৰুফ’ (প্ৰতিৰোধী) হৈ যাবা।
প্ৰত্যক্ষ প্ৰমাণ হৈছে - তোমালোকৰ শ্ৰেষ্ঠ পৱিত্ৰ জীৱন। সকলোতকৈ ডাঙৰ অসম্ভৱৰ পৰা
সম্ভৱ হোৱাৰ কথাটি হৈছে প্ৰবৃত্তিত থাকিও পৰ-বৃত্তিত থকা। দেহ আৰু দেহৰ জগতৰ
সম্বন্ধবোৰৰ পৰা উৰ্দ্ধত থকা। পুৰণা শৰীৰৰ চকুৰে পুৰণা জগতৰ বস্তুবোৰ দেখিও নাচাবা
অৰ্থাৎ সম্পূৰ্ণ পৱিত্ৰ জীৱনত চলা- এয়াই পৰমাত্মাক প্ৰত্যক্ষ কৰাৰ বা মায়া প্ৰতিৰোধী
হোৱাৰ সহজ সাধন।
স্লোগান:
মনোযোগ ৰূপী প্ৰহৰী ঠিকে থাকিলে অতীন্দ্ৰিয় সুখ ৰূপী সম্পদ হেৰাব নোৱাৰে।
সংযুক্ত ৰূপৰ স্মৃতিৰে
সদায় বিজয়ী হ’বলৈ আজিৰ অব্যক্ত সংকেত:
পিতাক সংগী
কৰিতো লৈছা এতিয়া তেওঁক সংযুক্ত ৰূপত অনুভৱ কৰা আৰু এইটো অনুভৱক বাৰে বাৰে স্মৃতিলৈ
আনি আনি স্মৃতি স্বৰূপ হৈ যোৱা। বাৰে বাৰে পৰীক্ষা কৰা যে সংযুক্ত হওঁ, কাষৰীয়াতো
কৰা নাই? যিমানে সংযুক্ত ৰূপৰ অনুভৱ বঢ়াই যাবা সিমানে ব্ৰাহ্মণ জীৱন অতি প্ৰিয়,
মনোৰঞ্জক অনুভৱ হ’ব।