09.06.24    Avyakt Bapdada     Assame Murli     15.02.2000     Om Shanti     Madhuban


*মন স্বচ্ছ, বুদ্ধি পৰিষ্কাৰ কৰি ৰাখি ডবল লাইট ফৰিস্তা স্থিতিৰ অনুভৱ কৰা*


আজি বাপদাদাই নিজৰ স্বৰাজ্য অধিকাৰী সন্তানসকলক চাই আছেহঁক। স্বৰাজ্য ব্ৰাহ্মণ জীৱনৰ জন্মসিদ্ধ অধিকাৰ। বাপদাদাই প্ৰতিগৰাকী ব্ৰাহ্মণক স্বৰাজ্য ৰূপী সিংহাসনৰ অধিকাৰী কৰি তুলিছে। স্বৰাজ্যৰ অধিকাৰ জন্মতেই প্ৰতিগৰাকী ব্ৰাহ্মণ আত্মাই প্ৰাপ্ত কৰিছে। যিমানেই স্বৰাজ্যত স্থিত হৈ থাকা সিমানেই নিজৰ লাইট আৰু মাইটৰ অনুভৱ কৰা।

বাপদাদাই আজি প্ৰতিগৰাকী সন্তানৰ মস্তকত লাইটৰ মুকুট চাই আছে। যিমান নিজৰ ভিতৰত শক্তি ধাৰণ কৰিছে সিমানেই ক্ৰমানুসৰি লাইটৰ মুকুট জিলিকে। বাপদাদাই সকলো সন্তানকে সৰ্ব শক্তি অধিকাৰত দিছে। প্ৰত্যেকেই মাষ্টৰ সৰ্বশক্তিমান, কিন্তু ধাৰণা কৰাত ক্ৰম নম্বৰ হৈ যায়। বাপদাদাই দেখিছে যে সৰ্বশক্তিৰ জ্ঞানো সকলোৰে আছে, ধাৰণাও আছে কিন্তু এটা কথাৰ অন্তৰ আহি যায়। যি কোনো ব্ৰাহ্মণ আত্মাক সোধা প্ৰতিটো শক্তিৰ বৰ্ণনাও বহুত ভালকৈ কৰিব, প্ৰাপ্তিৰ বৰ্ণনাও বহুত ভালকৈ কৰিব। কিন্তু পাৰ্থক্য এইটোৱেই যে সময়ত যিটো শক্তিৰ আৱশ্যক, সেই সময়ত সেইটো শক্তি কাৰ্যত প্ৰয়োগ কৰিব নোৱাৰে। সময়ৰ পাছত অনুভৱ কৰে যে এইটো শক্তিৰ আৱশ্যক আছিল। বাপদাদাই সন্তানসকলক কয় সৰ্ব শক্তিৰ উত্তৰাধিকাৰ ইমান শক্তিশালী যে যি কোনো সমস্যা তোমালোকৰ আগত তিষ্ঠি থাকিব নোৱাৰে। সমস্যা-মুক্ত হব পাৰা। কেৱল সৰ্ব শক্তি জাগ্ৰত ৰূপত ৰাখা আৰু সময়ত কাৰ্যত প্ৰয়োগ কৰা। ইয়াৰ বাবে নিজৰ বুদ্ধিৰ যোগসূত্ৰ স্বচ্ছ কৰি ৰাখা। যিমানে বুদ্ধিৰ যোগসূত্ৰ স্বচ্ছ আৰু পৰিষ্কাৰ হব সিমানে নিৰ্ণয় শক্তি তীব্ৰ হোৱাৰ কাৰণে যি সময়ত যিটো শক্তিৰ আৱশ্যক সেইটো কাৰ্যত প্ৰয়োগ কৰিব পাৰিবা কিয়নো সময় অনুসৰি বাপদাদাই প্ৰতিগৰাকী সন্তানক বিঘিনি প্ৰতিৰোধী, সমস্যা-মুক্ত, পৰিশ্ৰমৰ পুৰুষাৰ্থ-মুক্ত হোৱাটো চাবলৈ বিচাৰে। হবতো সকলো লাগিবই কিন্তু বহুকালৰ এইটো অভ্যাসৰ আৱশ্যক। পিতা ব্ৰহ্মাৰ বিশেষ সংস্কাৰ দেখিলা ততালিকে কৰা দান মহাপুণ্য। জীৱনৰ আৰম্ভণিৰ পৰাই প্ৰতিটো কাৰ্যত ততালিকে দানো কৰিলে, ততালিকে কামো কৰিলে। পিতা ব্ৰহ্মাৰ বিশেষত্ব হৈছে নিৰ্ণয় শক্তি সদায় তীব্ৰ আছিল। সেয়েহে বাপদাদাই ফলাফল চালে। সকলোকে লগততো লৈ যাবই লাগিব। বাপদাদাৰ লগত যাওঁতা হোৱা নহয়! নে পিছে পিছে যাওঁতা? যদি লগত যাবই লাগে তেন্তে পিতা ব্ৰহ্মাক অনুসৰণ কৰা। কৰ্মত পিতা ব্ৰহ্মাক অনুসৰণ কৰা আৰু স্থিতিত নিৰাকাৰ শিৱ পিতাক অনুসৰণ কৰা। অনুসৰণ কৰিব জানা নহয়?

ডবল বিদেশীসকলে অনুসৰণ কৰিব জানা নহয়? অনুসৰণ কৰাতো সহজ নহয় জানো! যিহেতু অনুসৰণেই কৰিব লাগে তেন্তে কিয়, কি, কেনেকৈ এয়া সমাপ্ত হৈ যায়। আৰু সকলোৰে অনুভৱ আছে যে ব্যৰ্থ সংকল্পৰ নিমিত্ত এই কিয়, কি, কেনেকৈ এইবোৰেই আধাৰ হয়। পিতাক অনুসৰণ কৰিলে এই সকলোবোৰ সমাপ্ত হৈ যায়। কেনেকৈ নহয়, এনেকৈ। বুদ্ধিয়ে তৎক্ষণাৎ নিৰ্ণয় কৰে এনেকৈ চলা, এনেকৈ কৰা। সেয়েহে বাপদাদাই আজি বিশেষকৈ সকলো সন্তানকে প্ৰথম বাৰ অহাই হওঁক বা পুৰণিয়ে হওঁক, এইটোৱেই ইঙ্গিত দিছে যে নিজৰ মন স্বচ্ছ কৰি ৰাখা। বহুতৰে মনত এতিয়াও ব্যৰ্থ আৰু নাকাৰাত্মকতাৰ সৰু-বৰ দাগ আছে। ইয়াৰ কাৰণে পুৰুষাৰ্থৰ শ্ৰেষ্ঠ গতিত, তীব্ৰ গতিত বাধা আহে। বাপদাদাই সদায় শ্ৰীমত দিয়ে যে মনত সদায় প্ৰত্যেক আত্মাৰ প্ৰতি শুভ ভাৱনা আৰু শুভকামনা ৰখা এয়াই স্বচ্ছ মন। অপকাৰীৰো উপকাৰ কৰাৰ বৃত্তি ৰখা এয়া হল স্বচ্ছ মন। নিজৰ প্ৰতি বা আনৰ প্ৰতি ব্যৰ্থ সংকল্প অহা এয়া স্বচ্ছ মন নহয়। গতিকে স্বচ্ছ মন আৰু পৰিষ্কাৰ আৰু স্পষ্ট বুদ্ধি। বিচাৰ কৰা, নিজেই নিজক মনোযোগেৰে চোৱা, ওপৰে ওপৰে নহয়, ঠিক আছে, ঠিক আছে। নাই, চিন্তা কৰি চোৱা মন আৰু বুদ্ধি স্পষ্ট, শ্ৰেষ্ঠ হয়নে? তেতিয়া ডবল লাইট স্থিতি হব পাৰে। পিতাৰ সমান স্থিতি গঢ়ি তোলাৰ এইটোৱে সহজ সাধন। আৰু এইটো অভ্যাস অন্তিমত নহয়, বহুকালৰ পৰা আৱশ্যক। তেন্তে পৰীক্ষা কৰিব জানানে? নিজক পৰীক্ষা কৰিবা, আনক নকৰিবা। বাপদাদাই আগতেও হাঁহি উঠা কথা শুনাইছিল যে বহুত সন্তানৰ দূৰৈৰ দৃষ্টি বহুত চোকা আৰু ওচৰৰ দৃষ্টি দুৰ্বল সেইকাৰণে আনক পৰীক্ষা কৰাত বহুত পাকৈত। নিজক পৰীক্ষা কৰাত দুৰ্বল নহবা।

বাপদাদাই আগতেও কৈছে যে যেনেকৈ এইটো দৃঢ় হৈ গল যে মই ব্ৰহ্মাকুমাৰী/ব্ৰহ্মাকুমাৰ হওঁ। চলোঁতে-ফুৰোঁতে-ভাবোঁতে - মই ব্ৰহ্মাকুমাৰী, মই ব্ৰহ্মাকুমাৰ ব্ৰাহ্মণ আত্মা। এনেকৈ এতিয়া এইটো স্বভাৱসিদ্ধ স্মৃতি আৰু স্বভাৱ কৰি তোলা যে মই ফৰিস্তা হওঁ। অমৃতবেলা উঠোঁতেই এইটো দৃঢ় কৰা যে মই ফৰিস্তা পৰমাত্ম শ্ৰীমত অনুসৰি তললৈ সকলোকে বাৰ্তা দিবলৈ বা শ্ৰেষ্ঠ কৰ্ম কৰিবলৈ এই সাকাৰ শৰীৰত আহিছোঁ। কাৰ্য পূৰা হল আৰু নিজৰ শান্ত স্থিতিত স্থিত হৈ যোৱা। উচ্চ স্থিতিলৈ গুচি যোৱা। পৰস্পৰক ফৰিস্তা স্বৰূপত চোৱা। তোমালোকৰ বৃত্তিয়ে আনকো লাহে লাহে ফৰিস্তা কৰি তুলিব। তোমালোকৰ দৃষ্টিয়ে আনৰ ওপৰতো প্ৰভাৱ পেলাব। এইটো দৃঢ়নে যে মই ফৰিস্তা হওঁ? ফৰিস্তা হোৱাৰ বৰদান সকলোৱে পাইছানে? এক চেকেণ্ডত ফৰিস্তা অৰ্থাৎ ডবল লাইট হব পাৰানে? এক চেকেণ্ডত, মিনিটত নহয়, 10 চেকেণ্ডত নহয়, এক চেকেণ্ডত ভাবিলা আৰু হলা, এনেকুৱা অভ্যাস আছেনে? বাৰু যিসকলে এক চেকেণ্ডত হব পাৰা, দুই চেকেণ্ড নহয়, এক চেকেণ্ডত হব পাৰা, তেওঁলোকে এখন হাতেৰে চাপৰি বজোৱা। হব পাৰানে? এনেয়ে হাত নুঠাবা। ডবল বিদেশীয়ে উঠোৱা নাই! সময় লাগে নেকি? বাৰু যিসকলে ভাবা যে অলপ সময় লাগে, এক চেকেণ্ডত নহয়, অলপ সময় লাগে, তেওঁলোকে হাত উঠোৱা। (বহুতে হাত উঠালে) বাৰু, কিন্তু অন্তিম সময়ৰ পৰীক্ষা এক চেকেণ্ডত আহিব তেতিয়া কি কৰিবা? অকস্মাতে আহিব আৰু চেকেণ্ডৰ হব। হাত উঠালা, কোনো আপত্তি নাই। অনুভৱ কৰিলা, এইটোও বৰ ভাল। কিন্তু এইটো অভ্যাস কৰিবই লাগে। কৰিব লাগিব নহয়, কৰিবই লাগে। এইটো অভ্যাসৰ অতি আৱশ্যক। ঠিক আছে তথাপিও বাপদাদাই কিছু সময় দিছে। কিমান সময় লাগিব? দুহাজাৰ চনলৈকে লাগিব। 21 শতিকাতো তোমালোকে প্ৰত্যাহ্বান জনাইছা, নাগাৰা বজাইছা, স্মৃতিত আছেনে? প্ৰত্যাহ্বান জনাইছা সোণালী যুগী সৃষ্টি আহিব নে বাতাৱৰণ গঢ়ি তুলিবা। প্ৰত্যাহ্বান জনাইছা নহয়! তেন্তে ইমানলৈকেতো বহুত সময় আছে। যিমানে নিজৰ প্ৰতি মনোযোগ দিব পাৰা, দিব পাৰাও নহয়, দিবই লাগে। যেনেকৈ দেহবোধত আহিবলৈ কিমান সময় লাগে! দুই চেকেণ্ড? যিহেতু নিবিচাৰিলেও দেহবোধত আহি যোৱা, তেন্তে কিমান সময় লাগে? এক চেকেণ্ড নে তাতোকৈও কম সময় লাগে? গমেই নোপোৱা যে দেহবোধত আহিও গলা। এনেকৈয়ে এইটো অভ্যাস কৰা যিয়েই নহওঁক, যিয়েই কৰি নাথাকা কিন্তু এইটো যাতে গমেই নোপোৱা যে মই আত্ম-অভিমানী, শক্তিশালী স্থিতিত স্বভাৱসিদ্ধ হৈ গৈছোঁ। ফৰিস্তা স্থিতিও স্বভাৱসিদ্ধ হব লাগে। যিমান নিজৰ স্বভাৱ ফৰিস্তা-বোধৰ কৰি তুলিবা তেতিয়া স্বভাৱে স্থিতি স্বভাৱসিদ্ধ কৰি দিব। গতিকে বাপদাদাই কিমান সময়ৰ পাছত সুধিছে? কিমান সময় লাগিব? জয়ন্তীয়ে কোৱা কিমান সময় লাগিব? বিদেশৰ ফালৰ পৰা তুমি কোৱা কিমান সময় বিদেশীসকলক লাগিব? জনকে কোৱা। (দাদীজীয়ে কলে-এয়া আজিয়েই হব, কালিলৈ নহয়) যদি এয়া আজিয়েই হয় তেন্তে এতিয়া সকলো ফৰিস্তা হৈ গলানে? হৈ যাম, নহয়। যদি হৈ যাবা তেন্তে কেতিয়ালৈকে? বাপদাদাই আজি পিতা ব্ৰহ্মাৰ কোনটো সংস্কাৰৰ কথা শুনালে? ততালিকে কৰা দান মহাপুণ্য।

বাপদাদাৰ প্ৰতিগৰাকী সন্তানলৈ স্নেহ আছে, গতিকে এনেকৈয়ে ভাবে যে এটি সন্তানো যাতে পিছ পৰি নাথাকে। ক্ৰম নম্বৰ কিয়? সকলো প্ৰথম নম্বৰৰ হৈ গলে তেতিয়া কিমান ভাল। বাৰু।

প্ৰশাসন প্ৰভাগৰ ভাতৃ-ভগ্নীসকলৰ সৈতে:- পৰস্পৰ মিলি কি কাৰ্যসূচী হাতত লৈছা? এনেকুৱা তীব্ৰ পুৰুষাৰ্থৰ পৰিকল্পনা কৰিছানে যে সোনকালে তোমালোক শ্ৰেষ্ঠ আত্মাসকলৰ হাতলৈ এইটো কাৰ্য আহি যায়। বিশ্ব পৰিৱৰ্তন কৰিব লাগে গতিকে গোটেই প্ৰশাসন পৰিৱৰ্তন হব লাগিব নহয়! কেনেকৈ এইটো কাৰ্য সহজে বৃদ্ধি হয়, বিস্তাৰ হয়, এনেকৈ ভাবিছানে? যিসকল অতিকমেও ডাঙৰ ডাঙৰ চহৰত নিমিত্ত হৈ আছে তেওঁলোকক ব্যক্তিগতভাৱে বাৰ্তা দিয়াৰ পৰিকল্পনা কৰিছানে? অতিকমেও এইটোতো বুজক যে এতিয়া আধ্যাত্মিকতাৰ দ্বাৰা পৰিৱৰ্তন হব পাৰে আৰু হোৱা উচিত। সেয়েহে নিজৰ বৰ্গক জগোৱা সেইকাৰণে এইটো বৰ্গ গঠন কৰা হৈছে। গতিকে বাপদাদাই বৰ্গৰ সদস্যসকলৰ সেৱা দেখি আনন্দিত হৈছে কিন্তু এইটো ফলাফল চাবলৈ আছে যে প্ৰতিটো বৰ্গৰ সদস্যই নিজৰ নিজৰ বৰ্গক কিমানলৈকে বাৰ্তা দিছে। কম-বেছি পৰিমাণে জগাইছা আৰু সঙ্গী কৰিছানে? সহযোগী, সঙ্গী কৰি তুলিছানে? ব্ৰহ্মাকুমাৰ কৰি তোলা নাই কিন্তু সহযোগী সঙ্গী কৰিছানে?

সকলো বৰ্গকে বাপদাদাই কৈ আছে যে যেনেকৈ এতিয়া ধৰ্ম নেতাসকল আহিল, এক নম্বৰৰসকল নাই তথাপিও একেখন মঞ্চতে সকলো একত্ৰিত হল আৰু সকলোৰে মুখেৰে এইটো উচ্চাৰিত হল যে আমি সকলোৱে মিলি আধ্যাত্মিক শক্তি বিস্তাৰ কৰিব লাগে। এনেকৈ প্ৰতিটো বৰ্গৰ যিসকল আহিছা, সেই সকলো বৰ্গৰ সদস্যসকলে এইটো ফলাফল উলিয়াব লাগে যে আমাৰ বৰ্গৰ সদস্যসকলে বাৰ্তা কিমানলৈকে দিলে? দ্বিতীয়তে আধ্যাত্মিকতাৰ আৱশ্যকতা আছে আৰু ময়ো সহযোগী হওঁ - এইটো ফলাফল হওঁক। নিয়মীয়া বিদ্যাৰ্থী নহয় কিন্তু সহযোগী হব পাৰে। গতিকে এতিয়ালৈকে প্ৰতিটো বৰ্গৰ সদস্যসকলে যিয়েই সেৱা কৰিছা, যেনেকৈ এতিয়া ধৰ্ম নেতাসকলক নিমন্ত্ৰণ দিলা, তেনেকৈ প্ৰতিখন দেশৰ পৰা প্ৰতিটো বৰ্গই কৰা। প্ৰথমে ভাৰততে কৰা, পাছত আন্তঃৰাষ্ট্ৰীয়ভাৱে কৰিবা, প্ৰতিটো বৰ্গৰ এনেকৈ ভিন্ন ভিন্ন শাখাৰসকল একত্ৰিত হওঁক আৰু এইটো অনুভৱ কৰক যে আমি সহযোগী হব লাগে। প্ৰতিটো বৰ্গৰ এইটো ফলাফল এতিয়ালৈকে কিমান ওলাইছে? আৰু আগলৈ কি পৰিকল্পনা কৰিছা? কিয়নো এটা বৰ্গই যদি লক্ষ্য ৰাখি এজন এজনক সমীপত আনা তেন্তে সকলো বৰ্গৰ যিসকল সমীপৰ সহযোগী আছে, তেওঁলোক সংগঠিত হৈ ডাঙৰ সংগঠন হৈ যাব। আৰু ইজনে সিজনক দেখি উৎসাহ-উদ্দীপনাও জাগে। এতিয়া চহৰবোৰত ভিন্ন ভিন্ন সংখ্যাত সিঁচৰিত হৈ আছে। ভাল ভাল আছেও কিন্তু সকলোৰে প্ৰথমে সংগঠন একত্ৰিত কৰা আৰু তাৰপাছত মধুবনত সকলোকে সমূহীয়াভাৱে সংগঠিত কৰিম। তেন্তে এনেকুৱা কিবা পৰিকল্পনা কৰিছানে? কৰিছা নিশ্চয়। বিদেশীসকলকো বাৰ্তা পঠিয়াইছিলোঁ যে বিচ্ছিন্ন হৈ থকা বহুত আছে। যদি ভাৰততো চোৱা তেতিয়া দেখিবা ভাল ভাল সহযোগী আত্মা ঠায়ে ঠায়ে ওলাইছে কিন্তু গুপ্ত হৈ থাকি যায়। তেওঁলোকক একত্ৰিত কৰি কিবা বিশেষ কাৰ্যক্ৰম ৰাখি অনুভৱৰ লেন-দেন কৰিলে তেতিয়া অন্তৰ আহি যায়, সমীপত আহি যায়। কোনোবাটো বৰ্গৰ 5 গৰাকী হব, কোনোবাটোৰ 8 (আঠ) গৰাকী হব, কোনোবাটোৰ 25-30 গৰাকীও হব। সংগঠনত আহিলে আগবাঢ়ি যায়। উৎসাহ-উদ্দীপনা বাঢ়ে। গতিকে এতিয়ালৈকে সকলো বৰ্গৰ যি সেৱা হৈছে, তাৰ ফলাফল উলিয়াব লাগে। শুনিলা, সকলো বৰ্গৰ সদস্যসকলে শুনি আছা নহয়! সকলো বৰ্গৰ সদস্যসকলে বিশেষকৈ যিসকল আজি আহিছা তেওঁলোকে হাত উঠোৱা। বহুত আছে। তেন্তে এতিয়া ফলাফল দেখুৱাবা কিমান কিমান, কোন কোন আৰু কিমান শতাংশ সমীপৰ সহযোগী? আকৌ তেওঁলোকৰ বাবে ৰমণীয় কাৰ্যসূচী হাতত লম। ঠিক আছে নহয়!

মধুবনৰসকল এনেই থাকিব নালাগে। এনেয়ে থাকিব বিচৰা নেকি? ব্যস্ত হৈ থাকিব বিচৰা নহয়! নে ভাগৰি পৰা? মাজে মাজে 15 দিন ছুটীও দিয়া হয় আৰু দিবও লাগে। কিন্তু এটাৰ পাছত আন এটা কাৰ্যসূচী তালিকাত থাকিব লাগে তেতিয়া উৎসাহ-উদ্দীপনা থাকে, নহলে যেতিয়া সেৱা নাথাকে তেতিয়া দাদীয়ে এটা অভিযোগ কৰে। শুনাওঁনে অভিযোগটো? কয় সকলোৱে কয় নিজৰ নিজৰ গাওঁলৈ যাওঁ। পৰিক্ৰমা লগাবলৈ যাওঁ, সেৱাৰ কাৰণেও পৰিক্ৰমা লগাবলৈ যাওঁ সেইকাৰণে ব্যস্ত হৈ থকাটো ভাল। ব্যস্ত হৈ থাকিলে মনোমালিন্যও নহয়। আৰু চোৱা মধুবন নিবাসীসকলৰ এটা বিশেষত্বৰ বাবে বাপদাদাই পদমগুণ অভিনন্দন জনায়। 100 গুণ নহয়, পদমগুণ। কোনটো কথাৰ বাবে? যেতিয়াই কোনোবা আহে তেতিয়া মধুবন নিবাসীৰ এনেকুৱা সেৱাৰ নিচা লাগি যায় যে মনৰ ভিতৰত কিবা থাকিলেও লুকাই যায়। অব্যক্ত ৰূপত দেখা যায়। অক্লান্ত ৰূপত দেখা যায় আৰু মতামত লিখি যায় যে ইয়াততো প্ৰত্যেককেই ফৰিস্তা যেন লাগিছে। সেয়েহে এইটো বিশেষত্ব বহুত ভাল যে সেই সময়ত বিশেষ ইচ্ছা-শক্তি আহি যায়। সেৱাৰ জেউতী চৰে। গতিকে এইখন প্ৰমাণপত্ৰতো বাপদাদাই দিয়ে। অভিনন্দন জনোৱাৰ কথা নহয় জানো? তেন্তে মধুবন নিবাসীসকলে চাপৰিতো বজোৱা। বৰ ভাল। বাপদাদায়ো সেই সময়ত পৰিক্ৰমা লগাবলৈ আহে, তোমালোকে গম নোপোৱা কিন্তু বাপদাদা পৰিক্ৰমা লগাবলৈ আহে। গতিকে মধুবনৰ এইটো বিশেষত্ব বাঢ়ি গৈ থাকিব।

প্ৰচাৰ প্ৰভাগ:- বিদেশতো প্ৰচাৰ প্ৰভাগ আৰম্ভ হৈছে নহয়! বাপদাদাই দেখিছে যে প্ৰচাৰ প্ৰভাগে এতিয়া ভাল পৰিশ্ৰম কৰিছে। এতিয়া বাতৰিকাকতত প্ৰকাশ হবলৈ আৰম্ভ কৰিছে আৰু আন্তৰিকতাৰে প্ৰকাশ কৰে। গতিকে পৰিশ্ৰমৰ ফলো প্ৰাপ্ত হৈ আছে। এতিয়া আৰু বিশেষভাৱে বাতৰিকাকতত, টি.ভি.ত কোনোবাই স্থায়ীভাৱে অলপ সময়ো দিছে নহয়! নিতৌ চলে নহয়। গতিকে ভাল উন্নতি হৈছে। সকলোৰে শুনি ভাল অনুভৱ হয়। এনেকৈ বাতৰিকাকতত বিশেষকৈ লাগিলে সপ্তাহতে হওঁক, প্ৰতিদিনে হওঁক বা দুদিনৰ মূৰে মূৰে এটুকুৰা স্থান (প্ৰবন্ধ আদিৰ বাবে) নিৰ্ধাৰিত হৈ যাওঁক যে এয়া আধ্যাত্মিক শক্তি বঢ়োৱাৰ সুযোগ। এনেকুৱা পুৰুষাৰ্থ কৰা। এনেও সফলতা আছেই, সংযোগো ভাল বাঢ়ি গৈ থাকে। এতিয়া বাতৰিকাকতত কিবা চমৎকাৰ কৰি দেখুওৱা। কৰিব পাৰানে? এইটো দলে কৰিব পাৰানে? হাত উঠোৱা হয় কৰিম। উৎসাহ-উদ্দীপনা থাকিলে সফলতা আছেই। কিয় হব নোৱাৰে! অৱশেষততো সময় আহিব যে সকলো সাধন তোমালোকৰ ফালৰ পৰা ব্যৱহাৰ হব। তোমালোকক প্ৰস্তাৱ দিব। প্ৰস্তাৱ দিব কিবা দিওঁ, কিবা দিওঁ। সহায় লওঁক। এতিয়া তোমালোকে কবলগীয়া হয় সহযোগী হওঁক, পাছত তেওঁলোকে কব - আমাক সহযোগী কৰক। কেৱল এইটো কথা দৃঢ় কৰা ফৰিস্তা, ফৰিস্তা, ফৰিস্তা। তেতিয়া দেখিবা তোমালোকৰ কাম কিমান সোনকালে হয়। পিছে পিছে ফুৰিবলগীয়া নহব কিন্তু প্ৰচ্ছায়াৰ দৰে তেওঁলোক নিজেই পিছে পিছে আহিব। বচ্‌ কেৱল তোমালোকৰ অৱস্থা স্থবিৰ হোৱা কাৰণে তেওঁলোক ৰৈ আছে। সদাপ্ৰস্তুত হৈ যোৱা তেতিয়া কেৱল বুটাম টিপিবলৈ বাকী থাকিব, বচ্‌। ভাল কৰি আছে আৰু কৰিব।

চাৰিওফালৰ দেশ-বিদেশৰ সাকাৰ স্বৰূপতে হওঁক বা সূক্ষ্ম স্বৰূপতে হওঁক মিলন উদ্‌যাপন কৰোঁতা সকলো স্বৰাজ্য অধিকাৰী আত্মাক, সদায় এইটো শ্ৰেষ্ঠ অধিকাৰক নিজৰ চলন আৰু চেহেৰাৰ দ্বাৰা প্ৰত্যক্ষ কৰোঁতা বিশেষ আত্মাসকলক, সদায় বাপদাদাক প্ৰতিটো খোজত অনুসৰণ কৰোঁতা, সদায় মন স্বচ্ছ আৰু বুদ্ধি পৰিষ্কাৰ কৰি ৰাখোঁতা এনেকুৱা স্বতঃ তীব্ৰ পুৰুষাৰ্থী আত্মাসকলক, সদায় সঙ্গত থাকোঁতা আৰু সঙ্গত চলোঁতা ডবল লাইট সন্তানসকলক বাপদাদাৰ স্নেহসহিত স্মৰণ আৰু নমস্কাৰ।

বৰদান:
সাধনসমূহক নিৰ্লেপ বা উপৰাম হৈ কাৰ্যত প্ৰয়োগ কৰোঁতা বেহদৰ বৈৰাগী হোৱা

বেহদৰ বৈৰাগী অৰ্থাৎ কাৰো প্ৰতি আকৰ্ষণ নাই, সদায় পিতাৰ স্নেহী। এই স্নেহীবোধেই উপৰাম কৰি তোলে। পিতাৰ স্নেহী নহলে তেতিয়া উপৰামো হব নোৱাৰে, আকৰ্ষণত আহি যাব। যি পিতাৰ স্নেহী তেওঁ সকলো আকৰ্ষণৰ পৰা নিলগত অৰ্থাৎ উপৰাম হব ইয়াকে নিৰ্লিপ্ত স্থিতি বুলি কয়। হদৰ কোনো আকৰ্ষণৰ পাকচক্ৰত আহোঁতা নহয়। ৰচনা বা সাধনক নিৰ্লেপ হৈ কাৰ্যত প্ৰয়োগ কৰা এনেকুৱা বেহদৰ বৈৰাগীয়েই ৰাজঋষি।

স্লোগান:
আন্তৰিক সততা আৰু স্বচ্ছতা থাকিলে চাহাব ৰাজী হৈ যাব।

কৰ্মযোগী হবলৈ আজিৰ অব্যক্ত সংকেত:

তোমালোক সকলোৱে পিতাৰ দ্বাৰা শুদ্ধ প্ৰবৃত্তি প্ৰাপ্ত কৰিছা, বুদ্ধিৰ প্ৰবৃত্তি হৈছে শুদ্ধ সংকল্প কৰা, বাণীৰ প্ৰবৃত্তি হৈছে যি পিতাৰ পৰা শুনিলা সেয়া আনক শুনোৱা, কৰ্মৰ প্ৰবৃত্তি হৈছে কৰ্মযোগী হৈ প্ৰতিটো কৰ্ম কৰা, পদুম ফুলৰ সমান উপৰাম আৰু মৰমৰ হৈ থকা, প্ৰতিটো কৰ্মৰ দ্বাৰা পিতাৰ শ্ৰেষ্ঠ কাৰ্যক প্ৰত্যক্ষ কৰা, প্ৰতিটো কৰ্ম চৰিত্ৰ ৰূপত কৰা। চতুৰালী নহয় কিন্তু চৰিত্ৰ, সেয়াও দিব্য চৰিত্ৰ হওঁক তেতিয়া কৰ্মযোগী বুলি কোৱা হব।