09.06.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোক গোটেই বিশ্বত শান্তি ৰাজ্য প্ৰতিষ্ঠা কৰোঁতা পিতাৰ সহায়কাৰী হোৱা, তোমালোকৰ সন্মুখত এতিয়া সুখ-শান্তিৰ সৃষ্টি”

প্ৰশ্ন:
পিতাই সন্তানসকলক কিহৰ বাবে পঢ়ায়, পঢ়াৰ সাৰমৰ্ম কি?

উত্তৰ:
পিতাই নিজৰ সন্তানসকলক স্বৰ্গৰ ৰাজকুমাৰ, বিশ্বৰ মালিক কৰি তুলিবলৈ পঢ়ায়, পিতাই কয় –সন্তানসকল, পঢ়াৰ সাৰমৰ্ম হ'ল জগতৰ সকলো কথা এৰি দিয়া, এনেকৈ কেতিয়াও নাভাবিবা যে মোৰ কোটিৰ হিচাপত আছে, লাখৰ হিচাপত আছে। হাতলৈ একোৱে নাহিব সেইবাবে ভালদৰে পুৰুষাৰ্থ কৰা, পঢ়াৰ প্ৰতি ধ্যান দিয়া।

গীত:
আখিৰ ৱহ দিন আয়া আজ… (অৱশেষত আজি সেই দিনটি আহিল…)

ওঁম্শান্তি।
সন্তানসকলে গীতটি শুনিলা - অৱশেষত বিশ্বত শান্তিৰ সময় আহিল। সকলোৱে কয় বিশ্বত শান্তি কেনেকৈ হ’ব আকৌ যিয়ে সঠিক ৰায় দিয়ে তেওঁক পুৰস্কাৰ দিয়ে। নেহৰুৱেও ৰায় দিছিল, শান্তিতো নহ'ল। কেৱল ৰায় দি গ'ল। এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধিত আছে যে কোনোবা সময়ত গোটেই বিশ্বত সুখ, শান্তি, সম্পত্তি আদি আছিল। সেয়া এতিয়া নাই। এতিয়া পুনৰ সেয়া হ'ব। চক্ৰতো ঘূৰিব নহয়। এয়া তোমালোক সংগমযুগী ব্ৰাহ্মণসকলৰ বুদ্ধিত আছে। তোমালোকে জানা ভাৰত পুনৰ সোণৰ হ'ব। ভাৰতকে ‘সোণৰ চৰাই’ বুলি কোৱা হয়। যদিও মহিমা গায় কিন্তু সেয়া কোৱাতে সীমিত। তোমালোকেতো এতিয়া বাস্তৱত পুৰুষাৰ্থ কৰি আছা। এইটো জানা যে বাকী কেইটিমান দিন আছে সেয়েহে নৰকৰ এই সকলো দুখৰ কথা পাহৰি যোৱা। তোমালোকৰ বুদ্ধিত এতিয়া সুখৰ সৃষ্টি সন্মুখত আছে। যেনেকৈ আগতে বিদেশৰ পৰা যেতিয়া আহিছিল তেতিয়া ভাবিছিল এতিয়া পাবলৈ অলপ সময় আছে কিয়নো আগতে বিদেশৰ পৰা আহোতে বহুত সময় লাগিছিল। এতিয়াতো উৰাজাহাজেৰে সোনকালে আহি উপস্থিত হৈ যায়। এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধিত আছে যে এতিয়া আমাৰ সুখৰ দিন আহিব, যাৰ বাবে পুৰুষাৰ্থ কৰি আছোঁ। বাবাই পুৰুষাৰ্থও অতি সহজ দিছে। ড্ৰামা অনুসৰি কল্প পূৰ্বৰ দৰে, এইটো নিশ্চিত। তোমালোক দেৱতা আছিলা, দেৱতাসকলৰ কিমান অনেক মন্দিৰ নিৰ্মাণ কৰি থকা হৈছে। সন্তানসকলে জানে যে এই মন্দিৰ আদি নিৰ্মাণ কৰি কি কৰিব! বাকী আৰু কিমান দিন আছে! তোমালোক সন্তানসকল জ্ঞানৰ হৰ্তা-কৰ্তা হোৱা। কোৱাও হয় - পৰমপিতা পৰমাত্মা সৰ্বশক্তিমান সৰ্বময় হৰ্তা-কৰ্তা। তোমালোক হৈছা জ্ঞানৰ হৰ্তা-কৰ্তা। তেওঁলোক হ'ল ভক্তিৰ হৰ্তা-কৰ্তা। পিতাক সৰ্বময় হৰ্তা-কৰ্তা বুলি কোৱা হয়। তোমালোক সন্তানসকল পুৰুষাৰ্থৰ ক্ৰম অনুসৰি হৈ আছা। তোমালোকৰ সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান আছে। এইটো জানা যে আমি পিতাৰ পৰা উত্তৰাধিকাৰ লোৱাৰ বাবে পুৰুষাৰ্থ কৰি আছোঁ। যিসকল ভক্তিৰ হৰ্তা-কৰ্তা আছে তেওঁলোকে সকলোকে ভক্তিহে শুনায়। তোমালোক জ্ঞানৰ হৰ্তা-কৰ্তা হোৱা সেয়েহে জ্ঞানহে শুনোৱা। সত্যযুগত ভক্তি নাথাকেই। এজনো পূজাৰী নাথাকে, সকলো পূজ্যই হয়। আধাকল্প হ'ল পূজ্য, আধাকল্প পূজাৰী। ভাৰতবাসীৰ প্ৰসঙ্গতেই কোৱা হয় যে যেতিয়া পূজ্য আছিল তেতিয়া স্বর্গ আছিল। এতিয়া ভাৰত পূজাৰী নৰক। তোমালোক সন্তানসকলে এতিয়া বাস্তৱত জীৱন গঢ়ি আছা। পুৰুষাৰ্থৰ ক্ৰম অনুসৰি সকলোকে বুজাই থাকা আৰু বৃদ্ধি হৈ গৈ থাকে। ড্ৰামাত পূৰ্বৰে পৰা নিৰ্ধাৰিত হৈ আছে। ড্ৰামাই তোমালোকক পুৰুষাৰ্থ কৰাই থাকে, তোমালোকে কৰি থাকা। এইটো জানা যে ড্ৰামাত আমাৰ অবিনাশী ভূমিকা আছে, জগতে এই কথাবোৰ কি জানিব। আমাৰহে ড্ৰামাত ভূমিকা আছে। যিয়ে ক’ব তেওঁহে বুজিব যে কেনেকৈ আমাৰ এই ড্ৰামাত ভূমিকা আছে। এই সৃষ্টিচক্ৰ ঘূৰিয়েই থাকে। এই বিশ্বৰ বুৰঞ্জী-ভূগোল তোমালোকৰ বাহিৰে আন কোনেও নাজানে। উচ্চতকৈও উচ্চ কোন, জগতত কোনেও নাজানে। ঋষি-মুনি আদিয়েও কৈছিল - আমি নাজানো। ‘নেতি-নেতি’ বুলি কৈছিল নহয়। এতিয়া তোমালোক সন্তানসকলেতো জানা যে সেইজন ৰচিয়তা হৈছে পিতা আৰু আমাক পঢ়াই আছে। এয়াও বাবাই বাৰে বাৰে বুজাইছে যে ইয়াত যেতিয়া বহা তেতিয়া দেহী-অভিমানী হৈ বহিবা। এজন পিতাইহে ৰাজযোগ শিকায় আৰু বিশ্বৰ বুৰঞ্জী-ভূগোল বুজায়। পিতাই কয় - মই কোনো মনৰ কথা পঢ়োঁতা বা জানোঁতা নহওঁ, ইমান বিশাল জগত, ইয়াক বহি কি পঢ়িম। পিতাইতো নিজেই কয় - মই ড্ৰামাৰ নিৰ্ধাৰিত সূচী অনুসৰি তোমালোকক পাৱন কৰি তুলিবলৈ আহোঁ। ড্ৰামাত মোৰ যি ভূমিকা আছে সেয়াই পালন কৰিবলৈ আহোঁ। বাকী মই কোনো মনৰ কথা নপঢ়োঁ, মোৰ কি ভূমিকা আছে আৰু তোমালোকে কি ভূমিকা পালন কৰি আছা সেয়া শুনাওঁ। তোমালোকে এই জ্ঞান শিকি আনকো শিকাই আছা। মোৰ ভূমিকাই হৈছে পতিতক পাৱন কৰি তোলা। এয়াও তোমালোক সন্তানসকলে জানা, তোমালোকে তিথি-তাৰিখ আদি সকলো জানা। জগতত কোনোবাই জানে জানো। তোমালোকক পিতাই শিকাই আছে আকৌ যেতিয়া এই চক্ৰ সম্পূৰ্ণ হ’ব তেতিয়া আকৌ বাবা আহিব। এই সময়ত যি দৃশ্য ৰূপায়িত হ’ল সেয়া কল্পৰ পাছত ৰূপায়িত হ'ব। এটা চেকেণ্ড আনটোৰ লগত নিমিলে। এই নাটক ঘূৰি থাকে। তোমালোক সন্তানসকলে এই বেহদৰ নাটকৰ বিষয়ে জানা। তথাপি তোমালোকে বাৰে বাৰে পাহৰি যোৱা। বাবাই কয় - তোমালোকে কেৱল স্মৰণ কৰা, আমাৰ বাবা, বাবা হয়, তেৱেঁই শিক্ষক, গুৰু হয়। তোমালোকৰ বুদ্ধি সেইফালে গুচি যোৱা উচিত। পিতাৰ মহিমা শুনি আত্মা আনন্দিত হয়। সকলোৱে কয় - আমাৰ বাবা, বাবা হয়, শিক্ষক হয়, তেওঁ সত্যই সত্য হয়। পঢ়াও সত্য আৰু সম্পূৰ্ণ। সেই মনুষ্যসকলৰ পঢ়া আধৰুৱা। তেন্তে তোমালোক সন্তানসকলৰ বুদ্ধি কিমান আনন্দিত হোৱা উচিত। ডাঙৰ পৰীক্ষাত উত্তীৰ্ণ হওঁতাসকলৰ বুদ্ধি বেছি আনন্দিত হৈ থাকে। তোমালোকে কিমান উচ্চ পাঠ পঢ়া গতিকে কিমান অপাৰ আনন্দিত হোৱা উচিত। ভগৱান বাবা, বেহদৰ পিতাই আমাক পঢ়াই আছে। তোমালোক পুলকিত হৈ যাব লাগে। সেয়াই আখ্যান পুনৰাবৃত্তি হৈ আছে, তোমালোকৰ বাহিৰে কোনেও গম নাপায়। কল্পৰ আয়ুসেই দীঘলীয়া কৰি দিছে। তোমালোকৰ বুদ্ধিত এতিয়া 5 হাজাৰ বছৰৰ গোটেই কাহিনী চক্ৰাকাৰে ঘূৰি থাকে, যাক স্বদৰ্শন চক্ৰ বুলি কোৱা হয়।

সন্তানসকলে কয় - বাবা ধুমুহা (পৰিস্থিতি) বহুত আহে, আমি পাহৰি যাওঁ। বাবাই কয় - তোমালোকে কাক পাহৰি যোৱা? পিতা যিয়ে তোমালোকক দ্বৈত মুকুটধাৰী বিশ্বৰ মালিক কৰি তোলে তেওঁক তোমালোকে কেনেকৈ পাহৰি যোৱা! অন্য কাকোৱে নাপাহৰা। স্ত্ৰী, সতি-সন্ততি, খুড়া, মামা, মিত্ৰ-সম্বন্ধীয় আদি সকলো স্মৃতিত আছে। বাকী এইটো কথা তোমালোকে কিয় পাহৰি যোৱা। তোমালোকৰ যুদ্ধ এই স্মৃতিত থকাৰ ক্ষেত্ৰতে হয়, যিমান সম্ভৱ স্মৃতিত থাকিব লাগে। সন্তানসকলে নিজৰ উন্নতিৰ কাৰণে পুৱাতে উঠি পিতাৰ স্মৃতিত প্ৰাতঃভ্ৰমণ কৰিব লাগে। তোমালোকে ছাদৰ ওপৰত বা বাহিৰত ঠাণ্ডা বতাহত গুচি যোৱা। ইয়াতেই আহি বহিবা সেইটো জৰুৰী নহয়। বাহিৰলৈও যাব পাৰা, পুৱাৰ সময়ত কোনো ভয় আদিৰ কথা নাথাকে। বাহিৰত গৈ খোজকাঢ়া। পৰস্পৰ এয়াই বাৰ্তালাপ কৰা, দেখা যাওঁক বাবাক কোনে বেছিকৈ স্মৰণ কৰে, পাছত ক'ব লাগে কিমান সময় মই স্মৰণ কৰিলোঁ। বাকী সময়ত মোৰ বুদ্ধি ক’লৈ ক'লৈ গ'ল। ইয়াক কোৱা হয় - ইজনে সিজনৰ সৈতে মিলি উন্নতি সাধন কৰা। টুকি ৰাখিবা কিমান সময় বাবাক স্মৰণ কৰিলোঁ। বাবাই (ব্ৰহ্মাবাবাই) যিটো অভ্যাস কৰে সেয়া শুনায়। স্মৃতিত থাকি তোমালোকে এঘণ্টা খোজকাঢ়িলেও ভৰি ভাগৰি নপৰিব। স্মৃতিৰে তোমালোকৰ কিমান পাপ খণ্ডন হৈ যাব। চক্ৰকতো তোমালোকে জানাই, ৰাতিয়ে-দিনে তোমালোকৰ এতিয়া এইটোৱেই বুদ্ধিত আছে যে আমি এতিয়া ঘৰলৈ যাওঁ। পুৰুষাৰ্থ কৰা, কলিযুগী মনুষ্যই মুঠেই গম নাপায় - মুক্তিৰ কাৰণে কিমান ভক্তি কৰি থাকে। অনেক মত আছে। তোমালোক ব্ৰাহ্মণসকলৰ এটাই মত, যিসকল ব্ৰাহ্মণ হয়, তেওঁলোক সকলোৰে হৈছে শ্ৰীমত। তোমালোক পিতাৰ শ্ৰীমতত দেৱতা হোৱাগৈ। দেৱতাসকলৰ কোনো শ্ৰীমত নাই। শ্ৰীমত এতিয়াহে তোমালোক ব্ৰাহ্মণসকলে পোৱা। ভগৱান হয়েই নিৰাকাৰ। যিয়ে তোমালোকক ৰাজযোগ শিকায়, যাৰ পৰা তোমালোকে নিজৰ ৰাজ্য-ভাগ্য লৈ কিমান উচ্চ বিশ্বৰ মালিক হৈ যোৱা। ভক্তিমাৰ্গত বেদ-শাস্ত্ৰ আদি কিমান অনেক আছে। কিন্তু একমাত্ৰ ‘গীতা’হে কামৰ। ভগৱান আহি ৰাজযোগ শিকায়। তাকেই ‘গীতা’ বুলি কোৱা হয়। এতিয়া তোমালোকে পিতাৰ পৰা পঢ়া, যাৰ দ্বাৰা স্বৰ্গৰ ৰাজ্য পোৱা। যিসকলে পঢ়িলে তেওঁলোকে ল'লে। ড্ৰামাত ভূমিকা আছে নহয়। জ্ঞান শুনাওঁতা জ্ঞান সাগৰ এজনেই পিতা। তেওঁ ড্ৰামা পৰিকল্পনা অনুসৰি কলিযুগৰ অন্তত সত্যযুগৰ আদিৰ সংগমতহে আহে। কোনো কথাতেই বিভ্ৰান্ত নহ’বা। পিতা এওঁৰ (ব্ৰহ্মাৰ) শৰীৰত আহি পঢ়ায় অন্য কোনেও পঢ়াব নোৱাৰে। এৱোঁ (ব্ৰহ্মায়ো) আগতে যদি কাৰোবাৰ পৰা পঢ়িছিল তেন্তে তেওঁৰ পৰা পঢ়োঁতা আৰু বহুত থাকিলহেঁতেন। পিতাইতো কয় - এই গুৰু আদি সকলোৰে উদ্ধাৰ কৰিবলৈ মই আহোঁ। এতিয়া তোমালোক সন্তানসকলৰ লক্ষ্য-উদ্দেশ্য সন্মুখত ঠিয় হৈ আছে। আমি এয়া (লক্ষ্মী-নাৰায়ণ) হওঁগৈ, এয়া হৈছেই নৰৰ পৰা নাৰায়ণ হোৱাৰ সত্য কথা। ইয়াৰ আকৌ ভক্তিমাৰ্গত গুণানুকীৰ্তন চলে। ভক্তিমাৰ্গৰ নিয়ম চলি আহে। এতিয়া এই ৰাৱণৰাজ্য পূৰা হয়। তোমালোক জানো এতিয়া দশহৰা (ৰাৱণ দাহ) আদিলৈ যাবা। তোমালোকেতে বুজাবা যে এওঁলোকে কি কৰে। এয়াতো শিশুসকলৰ কাম। ডাঙৰ ডাঙৰ ব্যক্তিসকল চাবলৈ যায়। ৰাৱণক কেনেকৈ জ্বলায়, এওঁ কোন, কোনেও ক'ব নোৱাৰে। ৰাৱণৰাজ্য হয় নহয়। দশহৰা আদিত কিমান আনন্দোৎসৱ কৰে, য'ত ৰাৱণক পৰম্পৰাগতভাৱে জ্বলাই আহি থাকে। দুখো চলি আহি থাকে, অলপো বোধশক্তি নাই। এতিয়া তোমালোকে বুজি পোৱা যে আমি কিমান অবোধ আছিলোঁ। ৰাৱণে অবোধ কৰি দিয়ে। এতিয়া তোমালোকে কোৱা - বাবা আমি লক্ষ্মী-নাৰায়ণ নিশ্চয় হ'ম। আমি জানো কম পুৰুষাৰ্থ কৰিম। এয়া এখনেই স্কুল, পঢ়া বহুত সহজ। বৃদ্ধ মাতাসকলে আন একো স্মৰণ কৰিব নোৱাৰিলে কেৱল পিতাক স্মৰণ কৰক। মুখেৰে ‘হে ৰাম’ বুলিতো কয় নহয়। বাবাই এয়া বহুত সহজকৈ শুনায় যে তোমালোক হৈছা আত্মা, পৰমাত্মা পিতাক স্মৰণ কৰা তেন্তে তোমালোকৰ নাও পাৰ হৈ যাব। ক'লৈ গুচি যাবা? শান্তিধাম-সুখধামলৈ। অন্য সকলো পাহৰি যোৱা। যি কিছু শুনিলা, পঢ়িলা সেয়া সকলো পাহৰি নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা তেতিয়া পিতাৰ পৰা উত্তৰাধিকাৰ নিশ্চয় প্ৰাপ্ত হ'ব। পিতাৰ স্মৃতিৰেহে পাপ খণ্ডন হৈ যায়। কিমান সহজ। এনেকৈ কয়ো যে ভ্ৰূকুটিৰ মাজত তৰা চিকমিকাই থাকে। তেন্তে নিশ্চয় ইমান সূক্ষ্ম আত্মা হ'ব নহয়। ডাক্তৰসকলে আত্মাক চাবৰ কাৰণে বহুত চেষ্টা কৰে। কিন্তু আত্মা অতি সূক্ষ্ম। কায়িক উপায়েৰে কোনেও চাব নোৱাৰে। পিতাও এনেকুৱাই বিন্দু। তেওঁ কয় - যেনেকৈ তোমালোক সাধাৰণ, ময়ো সাধাৰণ হৈ তোমালোকক পঢ়াওঁ। কোনে কি জানে যে এওঁলোকক ভগৱানে কেনেকৈ পঢ়ায়। শ্ৰীকৃষ্ণই পঢ়োৱাহেঁতেন গোটেই আমেৰিকা, জাপান আদি সকলো ফালৰ পৰাই আহি গ’লহেঁতেন। তেওঁৰ ইমান আকৰ্ষণ আছে। শ্ৰীকৃষ্ণৰ প্ৰতি প্ৰেমতো সকলোৰে আছে নহয়। এতিয়াতো তোমালোক সন্তানসকলে জানা যে আমি সেয়া হৈ আছোঁ। শ্ৰীকৃষ্ণ হৈছে ৰাজকুমাৰ, শ্ৰীকৃষ্ণক যদি কোলাত ল’ব বিচৰা তেন্তে পুৰুষাৰ্থ কৰিব লাগিব, কোনো ডাঙৰ কথা নহয়। পিতাই নিজৰ সন্তানসকলক স্বৰ্গৰ ৰাজকুমাৰ, বিশ্বৰ মালিক কৰি তুলিবৰ বাবে পঢ়ায়।

পিতাই কয় - সন্তানসকল, পঢ়াৰ সাৰমৰ্ম হ'ল - জগতৰ সকলো কথা এৰি দিয়া। এনেকৈ কেতিয়াও নাভাবিবা যে মোৰ কোটিৰ হিচাপত আছে, লাখৰ হিচাপত আছে। একোৱে হাতলৈ নাহিব সেইবাবে ভালদৰে পুৰুষাৰ্থ কৰা। পিতাৰ ওচৰলৈ (মধুবনত) আহিলে পিতাই আপত্তি দৰ্শায়, 8 (আঠ) মাহৰ পৰা আহি আছা আৰু পিতাক যাৰ পৰা স্বৰ্গৰ বাদশ্বাহী পোৱা যায় তেওঁক ইমান সময়লৈকে সাক্ষাতেই কৰা নাই। তেতিয়া কয় - বাবা অমুক কাম আছিল। হেৰ’, তুমি মৰি যোৱাহেঁতেন ইয়ালৈ কেনেকৈ আহিলাহেঁতেন! এই অজুহাত জানো চলিব। পিতাই ৰাজযোগ শিকাই আছে আৰু তোমালোকে নিশিকা, যিয়ে বহুত ভক্তি কৰিছে তেওঁৰ 7 দিননো কি এক চেকেণ্ডতে তীৰ লাগি যাব (জ্ঞান বুজি যাব)। চেকেণ্ডত বিশ্বৰ মালিক হ'ব পাৰে। এওঁ নিজে অনুভৱী বহি আছে, বিনাশ দেখিলে, চতুৰ্ভুজ ৰূপ দেখিলে, বচ্‌ বুজিবলৈ ধৰিলে অহো!, মই বিশ্বৰ মালিক হওঁগৈ। সাক্ষাৎকাৰ হ’ল, উৎসাহিত হ’ল আৰু সকলো এৰি দিলে। ইয়াত তোমালোক সন্তানসকলে জানিলা বিশ্বৰ বাদশ্বাহী দিবলৈ পিতাৰ আগমন হৈছে। পিতাই সোধে - নিশ্চয় কেতিয়া জন্মিল? তেতিয়া কয়- 8 (আঠ) মাহ। বাবাই বুজাইছে যে মূল কথা হৈছে স্মৃতি আৰু জ্ঞান। বাকীতো সাক্ষাৎকাৰ কোনো কামৰ নহয়। পিতাক চিনি পালা তেন্তে পঢ়িবলৈ আৰম্ভ কৰি দিয়া তেতিয়া তোমালোকো এনেকুৱা হৈ যাবাগৈ। সাৰ কথা পোৱা যায় যিবোৰ যিকোনো লোককে বুজাব পাৰা। বহুত মধুৰতাৰে বুজাবা। শিৱবাবা যি পতিত-পাৱন হয় তেওঁ কয় - মোক স্মৰণ কৰা তেতিয়া পাৱন হৈ পাৱন সৃষ্টিৰ মালিক হৈ যাবাগৈ। যুক্তিৰে বুজাব লাগে। তোমালোকে বিচৰা নহয় যে ঈশ্বৰ পিতাই মুক্ত কৰি মৰমৰ ঘৰলৈ লৈ যাওঁক। বাৰু, এতিয়া তোমালোকৰ যি মামৰ লাগিছে (আত্মাত বিকাৰৰ লেপ পৰিছে) তাৰ কাৰণে পিতাই কয় - মোক স্মৰণ কৰা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পুৱাতে উঠি প্ৰাতঃভ্ৰমণ কৰি পিতাক স্মৰণ কৰা, পৰস্পৰ এয়াই মধুৰ বাৰ্তালাপ কৰা যে চাওঁচোন কোনে কিমান সময় বাবাক স্মৰণ কৰে, তাৰপাছত নিজৰ অনুভৱ শুনোৱা।

(2) পিতাক চিনি পালা যেতিয়া আৰু কোনো অজুহাত নেদেখুৱাবা, পঢ়াত লাগি যাব লাগে, মুৰুলী কেতিয়াও খতি কৰিব নালাগে।

বৰদান:
সকলোৰে গুণ চায়ো নিজৰ মাজত পিতাৰ গুণ ধাৰণ কৰোঁতা গুণমূৰ্ত হোৱা

সংগমযুগত যিসকল সন্তানে গুণৰ মালা ধাৰণ কৰে তেওঁলোকেই বিজয় মালাত আহে সেই কাৰণে ৰাজহংস হৈ সকলোৰে গুণ চোৱা আৰু এক পিতাৰ গুণ নিজৰ মাজত ধাৰণ কৰা, এই গুণমালা সকলোৰে ডিঙিত ওলমি থাকক। যিয়ে যিমান পিতাৰ গুণ নিজৰ মাজত ধাৰণ কৰে তেওঁৰ ডিঙিত সিমানেই ডাঙৰ মালা ওলমে। গুণমালাক স্মৰণ কৰিলে নিজেও গুণমূৰ্ত হৈ যায়। ইয়াৰ স্মাৰক হিচাপে দেৱতা আৰু শক্তিৰ ডিঙিত মালা দেখুৱায়।

স্লোগান:
সাক্ষীবোধ স্থিতিয়েই যথাৰ্থ নিৰ্ণয়ৰ আসন।


অব্যক্ত সংকেত: আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা, অন্তৰ্মুখী হোৱা

অন্তৰ্মুখী হৈ কাৰ্য কৰিলে বিঘিনিৰ পৰা, ব্যৰ্থ সংকল্পৰ পৰা হাত সাৰি যাবা আৰু সময়ো বহুত ৰাহি হৈ যাব। যিসকল অন্তৰ্মুখী হৈ থাকে তেওঁলোকৰ স্মৃতিৰ সামৰ্থ্যও আহি যায় আৰু আত্মা ৰূপী নেত্ৰ শক্তিশালী হৈ যায় যাৰ দ্বাৰা যদি কিবা বিঘিনি আহিবলগীয়া আছে তেন্তে এইটো উপলব্ধি হ’ব যে আজি কিবা পৰীক্ষা দিবলগীয়া আছে আৰু যিমানে আগতীয়াকৈ গম পাই যাব তেতিয়া সাৱধান হোৱাৰ বাবে সফলতা প্ৰাপ্ত কৰি ল’ব।