09.08.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – এই পুৰুষোত্তম সংগমযুগ কল্যাণকাৰী যুগ, ইয়াতেই পঢ়াৰ দ্বাৰা তোমালোক শ্ৰীকৃষ্ণপুৰীৰ মালিক হ’ব লাগে”

প্ৰশ্ন:
পিতাই জ্ঞানৰ কলহ মাতাসকলক কিয় দিয়ে? কোনটো এটা প্ৰথা ভাৰততহে প্ৰচলন হয়?

উত্তৰ:
পৱিত্ৰতাৰ ৰাখী বান্ধি সকলোকে পতিতৰ পৰা পাৱন কৰি তুলিবলৈ পিতাই মাতাসকলক জ্ঞানৰ কলহ প্ৰদান কৰে। ৰক্ষাবন্ধনৰো প্ৰথা ভাৰততে আছে। ভগ্নীয়ে ভ্ৰাতৃক ৰাখী বান্ধে। এয়া পৱিত্ৰতাৰ চিন। পিতাই কয় – সন্তানসকল, তোমালোকে মামেকম্ (কেৱল মোক) স্মৰণ কৰা তেতিয়া পাৱন হৈ পাৱন সৃষ্টিৰ মালিক হৈ যাবাগৈ।

গীত:
ভোলেনাথ সে নিৰালা... (ভোলানাথতকৈ অনন্য...)

ওঁম্শান্তি।
এয়া হ’ল ভোলানাথৰ মহিমা, যাক দাতা বুলি কয়। তোমালোক সন্তানসকলে জানা শ্ৰী লক্ষ্মী-নাৰায়ণক এই ৰাজ্য-ভাগ্য কোনে দিলে। নিশ্চয় ভগৱানে দিছিল কিয়নো স্বৰ্গ স্থাপনাতো তেৱেঁই কৰে। স্বৰ্গৰ বাদশ্বাহী ভোলানাথে যেনেকৈ লক্ষ্মী-নাৰায়ণক দিলে তেনেকৈয়ে শ্ৰীকৃষ্ণকো দিলে। ৰাধা-কৃষ্ণ অথবা লক্ষ্মী-নাৰায়ণ কথাটো একেটাই। কিন্তু ৰাজধানী নাই। তেওঁলোকক পৰমপিতা পৰমাত্মাৰ বাহিৰে কোনেও ৰাজ্য দিব নোৱাৰে। তেওঁলোকৰ জন্ম স্বৰ্গত বুলিয়েই ক’ব। এয়া তোমালোক সন্তানসকলেহে জানা। তোমালোক সন্তানসকলেহে জন্মাষ্টমীৰ ওপৰত বুজাবা। শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আছে তেন্তে ৰাধাৰো থকা উচিত কিয়নো দুয়ো স্বৰ্গৰ বাসিন্দা আছিল। ৰাধা-কৃষ্ণই সয়ম্বৰৰ পাছত লক্ষ্মী-নাৰায়ণ হয়। মুখ্য কথা যে তেওঁলোকক এই ৰাজ্য কোনে দিলে। এই ৰাজযোগ কেতিয়া আৰু কোনে শিকালে? স্বৰ্গততো শিকোৱা নাছিল। সত্যযুগততো তেওঁলোক হয়েই উত্তম পুৰুষ। কলিযুগৰ পাছত হয় সত্যযুগ। তেন্তে নিশ্চয় কলিযুগৰ শেষত ৰাজযোগ শিকিছিল। যিসকলে পুনৰ নতুন জন্মত ৰাজ্য প্ৰাপ্ত কৰিলে। পুৰণিৰ সৃষ্টিৰ পৰা নতুন পাৱন সৃষ্টি হয়। নিশ্চয় পতিত-পাৱনেই আহিছিল। এতিয়া সংগমযুগত ধৰ্ম কোনটো এয়া কোনেও নাজানে। পুৰণি সৃষ্টি আৰু নতুন সৃষ্টিৰ এয়া হ’ল পুৰুষোত্তম সংগমযুগ, যাৰ গায়ন কৰা হৈছে। এই লক্ষ্মী-নাৰায়ণ হ’ল নতুন সৃষ্টিৰ মালিক। এওঁলোকৰ আত্মাক পূৰ্বৰ জন্মত পৰমপিতা পৰমাত্মাই ৰাজযোগ শিকালে। যি পুৰুষাৰ্থৰ প্ৰালব্ধ পুনৰ নতুন জন্মত পোৱা যায়, ইয়াৰ নামেই হ’ল কল্যাণকাৰী পুৰুষোত্তম সংগমযুগ। নিশ্চয় বহুত জন্মৰ অন্তৰ জন্মতেই এওঁলোকক কোনোবাই ৰাজযোগ শিকাইছিল। কলিযুগত হৈছে অনেক ধৰ্ম, সত্যযুগত এটাই দেৱী-দেৱতা ধৰ্ম আছিল। সংগমত কোনটো ধৰ্ম, যাৰ দ্বাৰা এই পুৰুষাৰ্থ কৰি ৰাজযোগ শিকিলে আৰু সত্যযুগত প্ৰালব্ধ ভোগ কৰিলে। বুজা যায় সংগমযুগত ব্ৰহ্মাৰ দ্বাৰা ব্ৰাহ্মণহে জন্ম হ’ল। চিত্ৰতো আছে – ব্ৰহ্মাৰ দ্বাৰা কৃষ্ণপুৰীৰ স্থাপনা। বিষ্ণু অথবা নাৰায়ণপুৰী বুলি কোৱা কথাতো একেটাই। এতিয়া তোমালোকে জানা – আমি এই পঢ়াৰ দ্বাৰা আৰু পাৱন হোৱাৰ ফলত কৃষ্ণপুৰীৰ মালিক হওঁ। শিৱ ভগৱানুবাচ হয় নহয়। শ্ৰীকৃষ্ণৰ আত্মাইহে বহুত জন্মৰ অন্তিম জন্মত আকৌ এয়া (ব্ৰহ্মা) হয়। 84 জন্ম লয় নহয়। এয়া হ’ল 84তম জন্ম, এওঁৰেই নাম আকৌ ব্ৰহ্মা ৰাখে। নহ’লেনো আকৌ ব্ৰহ্মা ক’ৰপৰা আহিল। ঈশ্বৰে ৰচনা ৰচিছে তেনেহ’লে ব্ৰহ্মা-বিষ্ণু-শংকৰ ক’ৰপৰা আহিল। কেনেকৈ ৰচিলে? কি যাদু-মন্ত্ৰ কৰিলে যে উৎপত্তি হৈ গ’ল। পিতাইহে তেওঁলোকৰ ইতিহাস শুনায়। তুলি লোৱা হয় তেতিয়া নাম সলনি হয়। ব্ৰহ্মা নামটো নাছিল নহয়। কোৱা হয় – বহুত জন্মৰ অন্তত... তেন্তে নিশ্চয় পতিত মনুষ্য হ’ল। ব্ৰহ্মা ক’ৰপৰা আহিল, কোনেও নাজানে। বহুত জন্মৰ অন্তৰ জন্ম কাৰ হ’ল? সেয়াতো লক্ষ্মী-নাৰায়ণেহে বহুত জন্ম লৈছে। নাম, ৰূপ, দেশ, কাল সলনি হৈ যায়। শ্ৰীকৃষ্ণৰ চিত্ৰত 84 জন্মৰ কাহিনী স্পষ্টকৈ লিখা আছে। জন্মাষ্টমীত শ্ৰীকৃষ্ণৰ চিত্ৰও বহুত বিক্ৰী কৰে কিয়নো শ্ৰীকৃষ্ণৰ মন্দিৰলৈতো সকলোৱে যাব নহয়। ৰাধা-কৃষ্ণৰ মন্দিৰলৈহে যায়। শ্ৰীকৃষ্ণৰ লগত ৰাধা নিশ্চয় থাকিব। ৰাধা-কৃষ্ণ, ৰাজকুমাৰ-ৰাজকুমাৰীহে মহাৰজা-মহাৰাণী হয়। তেওঁলোকেহে 84 জন্ম লয় পুনৰ অন্তিম জন্মত ব্ৰহ্মা-সৰস্বতী হ’ল। বহুত জন্মৰ অন্তিম জন্মত পিতাই প্ৰৱেশ কৰিলে। আৰু এওঁলোককে কোৱা হয় – তোমালোকে নিজৰ জন্মক নাজানা। তোমালোক প্ৰথম জন্মত লক্ষ্মী-নাৰায়ণ আছিলা। আকৌ এইটো জন্ম ল’লা। তেওঁলোকে অৰ্জুনৰ নাম কৈ দিছে। অৰ্জুনক ৰাজযোগ শিকালে। অৰ্জুনক বেলেগ কৰি দিছে। কিন্তু তেওঁৰ নাম অৰ্জুন নহয়। ব্ৰহ্মাৰ জীৱন চৰিত্ৰ লাগে নহয়। কিন্তু ব্ৰহ্মা আৰু ব্ৰাহ্মণৰ বৰ্ণনা ক’তো নাই। এই কথাবোৰ পিতাইহে বহি বুজায়। সকলো সন্তানে শুনিব পুনৰ সন্তানসকলে আনক বুজাব। কথা (কাহিনী) শুনি পুনৰ আনক বহি শুনায়। তোমালোকেও শুনা আকৌ শুনোৱা। এয়া হৈছে পুৰুষোত্তম সংগমযুগ, অধিবৰ্ষ। অতিৰিক্ত যুগ। পুৰুষোত্তম মাহ পৰিলে তেতিয়া 13 মাহ হৈ যায়। এই সংমযুগৰ উৎসৱকে প্ৰত্যেক বছৰে পালন কৰে। এই পুৰুষোত্তম সংগমযুগৰ বিষয়ে কোনেও নাজানে। এই সংগমযুগতে পিতা আহি পৱিত্ৰ হোৱাৰ প্ৰতিজ্ঞা কৰায়। পতিত সৃষ্টিৰ পৰা পাৱন সৃষ্টিৰ স্থাপনা কৰে। ৰক্ষাবন্ধনৰো প্ৰথা ভাৰততে আছে। ভগ্নীয়ে ভ্ৰাতৃক ৰাখী বান্ধে। কিন্তু সেই কুমাৰীও আকৌ অপৱিত্ৰ হৈ যায়। এতিয়া পিতাই তোমালোক মাতাসকলক জ্ঞানৰ কলহ প্ৰদান কৰিছে। যিসকল ব্ৰহ্মাকুমাৰ-ব্ৰহ্মাকুমাৰী বহি পৱিত্ৰতাৰ প্ৰতিজ্ঞা কৰাবলৈ ৰাখী বান্ধে। পিতাই কয় – মামেকম্‌ (কেৱল মোক) স্মৰণ কৰা তেতিয়া তোমালোক পাৱন হৈ পাৱন সৃষ্টিৰ মালিক হৈ যাবা। বাকী কোনো ৰাখী আদি বন্ধাৰ প্ৰয়োজন নাই। এয়া বুজোৱা হয়। যেনেকৈ সাধু-সন্ন্যাসীসকলে দান বিচাৰে। কোনোৱে কয় – ক্ৰোধ দান দিয়া, কোনোৱে কয় – পিঁয়াজ নাখাবা। যিয়ে নিজে নাখায় তেওঁ দান ল’ব। এওঁলোক সকলোতকৈ উচ্চ প্ৰতিজ্ঞাতো বেহদৰ পিতাই কৰায়। তোমালোক পাৱন হ’ব বিচৰা যদি পতিত-পাৱন পিতাক স্মৰণ কৰা। দ্বাপৰৰ পৰা ধৰি তোমালোক পতিত হৈ আহিছা, এতিয়া গোটেই সৃষ্টি পাৱন হোৱা উচিত, সেয়াতো পিতাইহে কৰিব পাৰে। সকলোৰে সৎগতিদাতা কোনো মনুষ্য হ’ব নোৱাৰে। পিতাইহে পাৱন হোৱাৰ প্ৰতিজ্ঞা কৰায়। ভাৰত পাৱন স্বৰ্গ আছিল নহয়। পতিত-পাৱন সেই পৰমপিতা পৰমাত্মাহে। শ্ৰীকৃষ্ণক পতিত-পাৱন বুলি কোৱা নহয়। তেওঁৰতো জন্ম হয়। তেওঁৰতো মাতা-পিতাও দেখুৱায়। এজন শিৱৰহে অলৌকিক জন্ম হয়। তেওঁ নিজেই নিজৰ পৰিচয় দিয়ে যে মই সাধাৰণ শৰীৰত প্ৰৱেশ কৰোঁ। শৰীৰৰ আধাৰ নিশ্চয় ল’বলগীয়া হয়। মই জ্ঞানৰ সাগৰ পতিত-পাৱন, ৰাজযোগ শিকাওঁতা। পিতাহে স্বৰ্গৰ ৰচয়িতা আৰু নৰকৰ বিনাশ কৰায়। যেতিয়া স্বৰ্গ আছিল তেতিয়া নৰক নাছিল। এতিয়া পূৰা ৰৌৰৱ নৰক, যেতিয়া একেবাৰে তমোপ্ৰধান নৰক হয় তেতিয়াহে পিতা আহি সতোপ্ৰধান স্বৰ্গ গঢ়ি তোলে। 100 শতাংশ পতিতৰ পৰা 100 শতাংশ পাৱন কৰি তোলে। প্ৰথম জন্ম নিশ্চয় সতোপ্ৰধানে পোৱা যাব। সন্তানসকলে বিচাৰ সাগৰ মন্থন কৰি ভাষণ দিব লাগে। বুজোৱাৰ ধৰণ প্ৰত্যেকৰে বেলেগ বেলেগ হ’ব। পিতায়ো আজি এটা কথা, কাইলৈ আকৌ আন এটা কথা বুজাব। একেধৰণৰ বুজনিতো হ’ব নোৱাৰে। ধৰি লোৱা, টেপৰ দ্বাৰা কোনোৱে সঠিককৈ শুনেও কিন্তু সঠিককৈ শুনাব নোৱাৰিব, পাৰ্থক্য নিশ্চয় হয়। পিতাই যি শুনায়, তোমালোকে জানা ড্ৰামাত সকলো নিৰ্ধাৰিত হৈ আছে। এটি এটি শব্দ যি কল্প পূৰ্বে শুনাইছিলোঁ সেয়া আকৌ আজি শুনাওঁ। এয়া বাণীবদ্ধ হৈ আছে। ভগৱানে নিজে কয় – মই যি 5 হাজাৰ বছৰ পূৰ্বে যি হুবহু এটি এটি শব্দ শুনাইছিলোঁ সেয়াই শুনাওঁ। এইখন দৃশ্যগ্ৰহণ কৰি থোৱা ড্ৰামা। এই ক্ষেত্ৰত অকণো পাৰ্থক্য হ’ব নোৱাৰে। ইমান অকণমান আত্মাত সকলো বাণীবদ্ধ হৈ আছে। এতিয়া শ্ৰীকৃষ্ণ জন্মাষ্টমী কেতিয়া হৈছিল, এয়াও সন্তানসকলে বুজি পায়। আজিৰ পৰা 5 হাজাৰ বছৰতকৈ কিছুদিন কম বুলি কোৱা হ’ব কিয়নো এতিয়া পঢ়ি আছে। নতুন সৃষ্টিৰ স্থাপনা হৈ আছে। সন্তানসকলৰ অন্তৰ কিমান আনন্দিত হৈ আছে। তোমালোকে জানা শ্ৰীকৃষ্ণৰ আত্মাই 84ৰ চক্ৰ পৰিক্ৰমা লগালে। এতিয়া পুনৰ শ্ৰীকৃষ্ণৰ নাম-ৰূপত আহি আছে। চিত্ৰত দেখুৱাইছে – পুৰণি সৃষ্টিক লঠিয়াই আছে। নতুন সৃষ্টি হাতত আছে, এতিয়া পঢ়ি আছে সেইবাবে কোৱা হয় – শ্ৰীকৃষ্ণ আহি আছে। নিশ্চয় পিতাই বহুত জন্মৰ অন্ততে পঢ়াব। এই পঢ়া সম্পূৰ্ণ হ’লে শ্ৰীকৃষ্ণই জন্ম ল’ব। বাকী পঢ়াৰ বাবে অলপ সময় আছে। নিশ্চয় অনেক ধৰ্মৰ বিনাশ হোৱাৰ পাছত শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। সেয়াও এজন শ্ৰীকৃষ্ণতো নহয়, গোটেই শ্ৰীকৃষ্ণপুৰী হ’ব। এই ব্ৰাহ্মণসকলেই আছে যিসকলে আকৌ এই ৰাজযোগ শিকি দেৱতা পদ পাব। দেৱতা হয়েই জ্ঞানৰ দ্বাৰা। পিতাই পঢ়াৰ দ্বাৰা মনুষ্যৰ পৰা দেৱতা কৰি তোলে। এয়া হৈছে পাঠশালা, ইয়াত সকলোতকৈ বেছি সময় লাগে। পঢ়াতো সহজ। বাকী যোগত পৰিশ্ৰম হয়। তোমালোকে ক’ব পাৰা শ্ৰীকৃষ্ণৰ আত্মাই এতিয়া পৰমপিতা পৰমাত্মাৰ দ্বাৰা ৰাজযোগ শিকি আছে। শিৱবাবাই ব্ৰহ্মাৰ দ্বাৰা বিষ্ণুপুৰীৰ ৰাজ্য দিবলৈ আমাক আত্মাসকলক পঢ়াই আছে। আমি প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান ব্ৰাহ্মণ-ব্ৰাহ্মণী। এয়া হ’ল সংগমযুগ। এইটো বহুত সৰু যুগ। টিকনি আকাৰত সকলোতকৈ সৰু হয় নহয়। তাৰ পাছত তাতকৈ ডাঙৰ মুখ, তাতকৈ ডাঙৰ বাহু, তাতকৈ ডাঙৰ পেট, তাতকৈ ডাঙৰ ভৰি। বিৰাট ৰূপ দেখুৱায়, কিন্তু তাৰ বুজনি কোনেও নিদিয়ে। তোমালোক সন্তানসকলে এই 84 জন্মৰ চক্ৰৰ ৰহস্য বুজাব লাগে, শিৱ জয়ন্তীৰ পাছত হ’ল শ্ৰীকৃষ্ণ জয়ন্তী।

তোমালোক সন্তানসকলৰ বাবে এয়া হ’ল সংগমযুগ। তোমালোকৰ বাবে কলিযুগ এতিয়া সম্পূৰ্ণ হৈ গ’ল। পিতাই কয় – মৰমৰ সন্তানসকল, এতিয়া মই তোমালোকক সুখধাম, শান্তিধামলৈ লৈ যাবলৈ আহিছোঁ। তোমালোক সুখধামৰ নিবাসী আছিলা আকৌ দুখধামলৈ আহিলা। আহ্বান জনোৱা - বাবা এই পুৰণি সৃষ্টিলৈ আহক। তোমালোকৰ সৃষ্টিতো নাই। এতিয়া তোমালোকে কি কৰি আছা? যোগবলৰ দ্বাৰা নিজৰ সৃষ্টি স্থাপনা কৰি আছা। কোৱাও হয় – অহিংসা পৰম দেৱী-দেৱতা ধৰ্ম। তোমালোক অহিংসক হ’ব লাগে। কাম-কটাৰী চলাব নালাগে, হাই-কাজিয়াও কৰিব নালাগে। পিতাই কয় – মই প্ৰত্যেক 5 হাজাৰ বছৰৰ পাছত আহোঁ। লাখ লাখ বছৰৰ কথা নহয়। পিতাই কয় – যজ্ঞ, তপ, দান, পুণ্য আদি কৰি তোমালোক অধঃপতিত হৈ আহিছা। জ্ঞানৰ দ্বাৰাহে সৎগতি হয়। মনুষ্যতো কুম্ভকৰ্ণৰ নিদ্ৰাত শুই আছে, যিসকল নাজাগেই। সেইবাবে পিতাই কয় – মই কল্পই কল্পই আহোঁ, মোৰো ড্ৰামাত ভূমিকা আছে। ভূমিকাৰ বাহিৰত ময়ো একো কৰিব নোৱাৰোঁ। ময়ো ড্ৰামাৰ বন্ধনত আছোঁ। নিৰ্ধাৰিত সময়ত আহোঁ। ড্ৰামাৰ পৰিকল্পনা অনুসৰি মই তোমালোক সন্তানসকলক উভতাই লৈ যাওঁ। এতিয়া কওঁ – মনমনাভৱ। কিন্তু ইয়াৰো অৰ্থ কোনেও নাজানে। পিতাই কয় – দেহৰ সকলো সম্বন্ধ ত্যাগ কৰি মামেকম্‌ (কেৱল মোক) স্মৰণ কৰা তেতিয়া তোমালোক পাৱন হৈ যাবা। সন্তানসকলে পিতাক স্মৰণ কৰাৰ বাবে পৰিশ্ৰম কৰি থাকে। এয়া হ’ল ঈশ্বৰীয় বিশ্ব বিদ্যালয়, গোটেই বিশ্বক সৎগতি দিওঁতা দ্বিতীয় কোনো ঈশ্বৰীয় বিশ্ব বিদ্যালয় থাকিব নোৱাৰে। ঈশ্বৰ পিতা নিজে আহি গোটেই বিশ্ব পৰিৱৰ্তন কৰি দিয়ে। নৰকৰ পৰা স্বৰ্গ কৰি তোলে। য’ত আকৌ তোমালোকে ৰাজত্ব কৰা। শিৱক ‘ববুলনাথ’ বুলিও কয় কিয়নো তেওঁ আহি তোমালোকক কাম-কটাৰীৰ পৰা মুক্ত কৰি পাৱন কৰি তোলে। ভক্তিমাৰ্গততো বহুত প্ৰদৰ্শন আছে, ইয়াততো শান্তিত স্মৰণ কৰিব লাগে। তেওঁলোকে অনেক প্ৰকাৰৰ হঠযোগ আদি কৰে। তেওঁলোকৰতো নিবৃত্তি মাৰ্গেই বেলেগ। তেওঁলোকে ব্ৰহ্মক মানে। ব্ৰহ্ম যোগী তত্ত্ব যোগী হয়। সেয়াতো (ব্ৰহ্মতো) হৈ গ’ল আত্মাসকলৰ থকা স্থান, যাক ব্ৰহ্মাণ্ড বুলি কোৱা হয়। তেওঁলোকে আকৌ ব্ৰহ্মক ভগৱান বুলি বুজি লয়। তাত লীন হৈ যাব। অৰ্থাৎ আত্মাক মৰণশীল কৰি দিয়ে। পিতাই কয় – মইহে আহি সকলোৰে সৎগতি কৰোঁ। শিৱবাবাইহে সকলোৰে সৎগতি কৰে, গতিকে তেওঁ হ’ল হীৰাতুল্য। আকৌ তোমালোকক স্বৰ্ণীম যুগত লৈ যায়। তোমালোকৰো এয়া হীৰাতুল্য জন্ম আকৌ স্বৰ্ণীম যুগত আহা। এই জ্ঞান তোমালোকক পিতাহে আহি পঢ়ায় যাৰ দ্বাৰা তোমালোক দেৱতা হোৱা। এই জ্ঞান আকৌ প্ৰায় লোপ হৈ যায়। এই লক্ষ্মী-নাৰায়ণৰো ৰচয়িতা আৰু ৰচনাৰ জ্ঞান নাই। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই পুৰণি সৃষ্টিত থাকি দ্বৈত অহিংসক হৈ যোগবলেৰে নিজৰ নতুন সৃষ্টি স্থাপনা কৰিব লাগে। নিজৰ জীৱন হীৰাতুল্য কৰি তুলিব লাগে।

(2) পিতাই যি শুনায় তাৰ ওপৰত বিচাৰ সাগৰ মন্থন কৰি আনক শুনাব লাগে। সদায় নিচা থাকিব লাগে যে এই পঢ়া সম্পূৰ্ণ হ’লে তেতিয়া আমি কৃষ্ণপুৰীলৈ যাম।

বৰদান:
অপৱিত্ৰতাৰ নাম-চিহ্নও সমাপ্ত কৰি “হিজ্ হলিনেচ” উপাধি প্ৰাপ্ত কৰোঁতা পৱিত্ৰ হংস হোৱা

যেনেকৈ হংসই কেতিয়াও পাথৰ ধাৰণ নকৰে, ৰত্ন ধাৰণ কৰে তেনেকৈ পৱিত্ৰ হংসই কাৰো অৱগুণ অৰ্থাৎ পাথৰ ধাৰণ নকৰে। তেওঁলোকে ব্যৰ্থ আৰু সমৰ্থক পৃথক কৰি ব্যৰ্থক এৰি দিয়ে, সমৰ্থক গ্ৰহণ কৰি লয়। এনেকুৱা পৱিত্ৰ হংসহে পৱিত্ৰ শুদ্ধ আত্মা, তেওঁলোকৰ আহাৰ, ব্যৱহাৰ সকলো শুদ্ধ হয়। যেতিয়া অশুদ্ধি অৰ্থাৎ অপৱিত্ৰতাৰ নাম-চিহ্নও সমাপ্ত হৈ যাব তেতিয়া ভৱিষ্যতে “হিজ্ হ'লিনেচ্” উপাধি প্ৰাপ্ত হৈ যাব সেই কাৰেণে কেতিয়াও ভুলটো কাৰোৱে অৱগুণ ধাৰণ নকৰিবা।

স্লোগান:
সৰ্বস্ব ত্যাগী তেওঁ যিয়ে পুৰণি স্বভাৱ সংস্কাৰৰ বংশও ত্যাগ কৰে।


অব্যক্ত সংকেত: সহজযোগী হ'বলৈ হ’লে পৰমাত্ম স্নেহৰ অনুভৱী হোৱা

যিকোনো কাৰ্য কৰি পিতাৰ স্মৃতিত স্নেহত লীন হৈ থাকা। কোনো কথাৰ বিস্তাৰত নগৈ, বিস্তাৰত বিন্দু লগাই বিন্দুত সমাহিত কৰি দিয়া, বিন্দু হৈ যোৱা, বিন্দু লগাই দিয়া, তেতিয়া গোটেই বিস্তাৰ, গোটেই জাল চেকেণ্ডত সমাহিত হৈ যাব আৰু সময় ৰাহি হৈ যাব, পৰিশ্ৰমৰ পৰা মুক্ত হৈ যাবা। বিন্দু হৈ বিন্দুত স্নেহত লীন হৈ যাবা।