09.10.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোকে জানা যে সকলো আত্মাই বেহদৰ পিতাৰ ওচৰত নপঢ়িব কিন্তু লগত নিশ্চয় যাব”
প্ৰশ্ন:
চক্ৰৱৰ্তী ৰজা
হ'বলগীয়া সন্তানসকলে কোনটো কথাক অতি মহত্ব দিব?
উত্তৰ:
তেওঁলোকে পঢ়াক অতি মহত্ব দিব। য'তেই নাথাকক কিয় পঢ়া নিশ্চয় পঢ়িব। লগতে
মিত্ৰ-সম্বন্ধীয়সকলৰ প্ৰতি দায়িত্ব পালন কৰি স্মৃতিত থকাৰ অভ্যাস কৰিব আৰু সকলোকে
এইটোৱেই বতৰা দিব যে পিতাক স্মৰণ কৰা তেতিয়া শান্তিধাম-সুখধামলৈ গুচি যাবা। এইটো
শ্ৰীমতত সম্পূৰ্ণকৈ চলা সন্তানসকলহে চক্ৰৱৰ্তী হয়।
ওঁম্শান্তি।
পিতাই সকলো
আত্মিক সন্তানসকলৰ লগতে সৃষ্টিত যিবোৰ জীৱ আত্মা আছে, সেই সকলো জীৱ আত্মাক উভতাই লৈ
যাবই লাগে কিয়নো এতিয়া অন্ধকাৰ ৰাতি পূৰা হয়। পুৰণি সৃষ্টি পূৰা হৈ নতুন সৃষ্টিৰ
স্থাপনা হৈ আছে। সৃষ্টিতো আছে কিন্তু পুৰণিৰ পৰা নতুন হয়। সত্যযুগৰ আদিত যথাযথ
আদি-সনাতন দেৱী-দেৱতা ধৰ্মই আছিল। এতিয়া সেই সূৰ্যবংশী, চন্দ্ৰবংশী নাই। পিতাই
বুজায় - তেওঁলোকে পুনৰ্জন্ম লৈ লৈ এতিয়া 84 জন্ম পূৰা কৰিছে। এই সময়ত সকলো ভাৱৰীয়া
তমোপ্ৰধান হৈ গৈছে। বিচাৰেও ৰাম ৰাজ্য, নতুন সৃষ্টি, নতুন দিল্লী লাগে। যেনেকৈ
সন্তানসকলে কয় নহয় - মোক অমুকতো নতুন বস্তু লাগে। এওঁলোকেও কয় বাবা নতুন সৃষ্টিৰ
কাৰণে আমাক নতুন বস্ত্ৰ লাগে। দীপাৱলীত মনুষ্যই নতুন বস্ত্ৰ পিন্ধে। কৃষ্ণ জয়ন্তীত
নতুন বস্ত্ৰ পিন্ধাৰ কথা নাথাকে। দীপাৱলীত বিশেষকৈ নতুন বস্ত্ৰ পিন্ধিবৰ কাৰণে
বজাৰ-সমাৰ বহুত কৰে। দীপাৱলীত জ্যোতি জ্বলায়। তোমালোকৰ এতিয়া জ্যোতি জ্বলি আছে,
তোমালোকে আকৌ আনৰো জ্যোতি জ্বলাব লাগে। তেওঁলোকৰ হৈছে ভক্তি মাৰ্গৰ দীপাৱলী,
তোমালোকৰ হৈছে জ্ঞানৰ দীপাৱলী। তোমালোকে কোনো কাপোৰ আদি সলনি কৰিব নালাগে। তোমালোকৰ
যেতিয়া পূৰা জ্যোতি জ্বলি যাব তেতিয়া আকৌ নতুন সৃষ্টিত নতুন বস্ত্ৰ পাবা। পিতাই কয়
- মই সকলোকে লৈ যাম। কোনোবাই বিচাৰক বা নিবিচাৰক। আহ্বানো জনায় - হে পতিত পাৱন আহক।
তেওঁলোকে আকৌ কয় - মুক্তিদাতা আহক। কোনোবাই কিবা ভাষাত কয়, কোনোবাই আন কিবা ভাষাত
কয়। মই কল্পই কল্পই আহি সকলোকে লৈ যাওঁ। সত্যযুগততো বহুত কম মনুষ্য থাকে। এতিয়া
কিমান অনেক ভাৱৰীয়া আছে। এয়া হৈছে জীৱ আত্মা। শৰীৰক জীৱ বুলি কোৱা হয়। এনেকুৱা নহয়
যে জীৱই কয় যে মই এটা আত্মা এৰি আন এটা লওঁ। নহয়, আত্মাই কয় - মই এটা শৰীৰ এৰি আন
এটা লওঁ। কিন্তু এইটোও কোনেও গম নাপায় যে আমি 84 জন্ম লওঁ। এনেকুৱাও নহয় যে সকলোৱে
84 জন্ম লাভ কৰে। সকলোৰে নিজৰ হিচাপ আছে। যিসকল পোন-প্ৰথমে আহে তেওঁলোকে নিশ্চয়
বেছিকৈ জন্ম ল'ব। আটাইতকৈ বেছি 84 জন্ম। আটাইতকৈ কম এটা জন্মও হয়। এয়া পিতাই বহি
বুজায়, সকলোকেতো নপঢ়াব। কিন্তু সকলোকে নিশ্চয় লগত লৈ যাব। নাটকৰ পৰিকল্পনা অনুসৰি
মই লৈ যাবলৈ বাধ্য। জগতে এইটো নাজানে যে পুৰণি সৃষ্টি এতিয়া নাশ হ’ব। পিতা আহি
নিশ্চয় নতুন সৃষ্টি স্থাপনা কৰিব। মনুষ্যৰ ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তৰ
কিঞ্চিৎমাত্ৰও জ্ঞান নাই। অৱশ্যে হয়, ভক্তি মাৰ্গৰ বিষয়ে জানে। ভক্তি মাৰ্গৰ
ৰীতি-প্ৰথা বেলেগ, জ্ঞান মাৰ্গৰ ৰীতি-প্ৰথা একেবাৰেই বেলেগ। এইটোতো হ'ব নোৱাৰে যে
সত্যযুগৰ পৰা কলিযুগলৈকে ভক্তিয়েই হ’ব। গায়নো কৰা হয় - জ্ঞান দিন, ভক্তি ৰাতি।
অন্ধকাৰ ৰাতি মনুষ্যই ঠেকা-খুন্দা খায়। পিতাই কয় - পাথৰ শিলতো গৈ মোক বিচাৰে।
কোনোবাই হনুমানৰ সাক্ষাৎকাৰ কৰে, কোনোবাই গণেশৰ সাক্ষাৎকাৰ কৰে। এতিয়া তেওঁলোক
ভগৱানতো নহয়। মোৰ নিজৰ শৰীৰতো নাই। মায়া ৰাৱণে সকলোকে বুদ্ধিহীন কৰি দিলে।
ভাৰতবাসীয়ে এইটোও গম নাপায় যে ৰাম ৰাজ্য কাক কোৱা হয়। এইটো ধ্যানতো আহে যে
লক্ষ্মী-নাৰায়ণৰ ৰাজ্য এইখন জগতত আছিল। কেৱল কৈ দিয়ে - ৰামৰাজ্য লাগে। ৰাম কোনো ৰঘু
বংশৰজন নহয়। তেওঁৰ বাবে শাস্ত্ৰত বহুত ওলোটা কথা লিখি দিছে। মনুষ্যই মৃত্যুক কিমান
ভয় কৰে। জীৱনটোক বচাবৰ কাৰণে আশীৰ্বাদ বিচাৰি থাকে। এতিয়াতো অনেক মৰিব। তেওঁলোকৰ
বাবে কি ক'ব! পিতাক আহ্বানেই এই কাৰণে কৰিছে যে বাবা আমাক পাৱন সৃষ্টিলৈ লৈ ব’লক।
শান্তিধামলৈ শৰীৰকতো লৈ নাযাম। তালৈতো আত্মাসকল যাব। এয়াতো পুৰণা ছিঃ ছিঃ শৰীৰ।
খেৰৰ জুমুঠি স্বৰূপ (অন্তঃসাৰশূন্য) পৃথিৱীখনত জুই লাগিব, সেয়েহে জুইৰ বোমা তৈয়াৰ
কৰি আছে। এতিয়া তেওঁলোকে কয় - বোমা তৈয়াৰ নকৰিব। এতিয়া ইমানখিনিও বুজি নাপায় তেন্তে
যিসকলৰ ওচৰত বেছিকৈ বোমা থাকিব, তেওঁলোক নিশ্চয় শক্তিশালী হৈ যাব। তেতিয়া অন্যসকলে
যদি বোমা তৈয়াৰ নকৰে তেন্তে নিজক কেনেকৈ ৰক্ষা কৰিব পাৰিব। এতিয়া সেই সকলোবোৰ যদি
সমুদ্ৰত পেলাই দিয়ে তেন্তে তেওঁলোকেও তৈয়াৰ কৰা বন্ধ কৰি দিব। কিন্তু সমুদ্ৰৰ পৰাও
ডাৱৰে পানী শোহে, তাৰ পৰা বৰষুণ হ’লে তেতিয়া গোটেই লোকচান হৈ যাব। খেতি আদি জ্বলি
যাব সেয়েহে নাটকত যুক্তি ৰচি থোৱা আছে। আগতে বোমা নাছিল, এতিয়া ওলাইছে সেয়েহে এই
সকলো হুলস্থুল হৈ আছে। এতিয়া এইটো তোমালোকে জানা - এই সকলোবোৰ হৈছে নিয়তি (নাটক
অনুসৰি হ’বলগীয়া)। তোমালোকৰ ভিতৰতো অনেকৰ বিনাশৰ নিয়তিৰ প্ৰতি নিশ্চয় নাই।
থকাহেঁতেন বহুত ভালদৰে যোগযুক্ত হৈ থাকিলহেঁতেন। যোগবলেৰে বিশ্বৰ বাদশ্বাহী ল’ব লাগে।
তোমালোকৰ সকলো গুপ্ত, শিকাওঁতাজনো গুপ্ত। এই দুচকুৰে দেখিবলৈ পোৱা নাযায়। এতিয়া
তোমালোকে আত্মাক উপলব্ধি কৰিছা যে মোৰ মাজত অৰ্থাৎ আত্মাত 84 জন্মৰ ভূমিকা নিহিত হৈ
আছে। মই আত্মা অবিনাশী। এয়া হৈছে অতি গূঢ় কথা। বাতৰি কাকততো লিখিছে যে আত্মা কি যি
শৰীৰত থাকে? এয়া কোনোবাই ক’ব পাৰিলে তেওঁ লাখ টকা পাব পাৰে। আত্মা কি, ক’ৰ পৰা আহে?
কেনেকৈ ভূমিকা পালন কৰে? এয়া কোনেও নাজানে। কোনোবাই কয় - পানীৰ বুৰবুৰণি, কোনোবাই
কয় - ব্ৰহ্ম তত্ব বিশাল জ্যোতি, তাত আত্মাসকল লীন হৈ যাব। অনেক প্ৰকাৰৰ কথা কৈ থাকে।
তোমালোকে জানা আত্মা বিন্দুৰ সমান। তাত ভূমিকা পালন কৰাতো নিৰ্ধাৰিত হৈ আছে। এই
নাটকখন অনাদি ৰচি থোৱা আছে, তাৰ কেতিয়াও বিনাশ নহয়। আত্মাও অবিনাশী। আত্মাই সেয়াই
ভূমিকা পালন কৰিব লাগে। পাৰ্থক্য হ’ব নোৱাৰে। এই সকলোবোৰ কথা তেওঁলোকৰ বুদ্ধিত ধাৰণ
হ’ব, যিসকলৰ কল্প পূৰ্বে ধাৰণ হৈছিল।
বাবাই কয় - ইমান অনেক
মনুষ্যক মই কেনেকৈ পঢ়াম। অৱশ্যে হয়, ইমানখিনি সন্তানসকলে বুজি পাব যে পিতাই কয় –
মামেকম্ (কেৱল মোক; পৰমাত্মাক) স্মৰণ কৰা তেতিয়া তোমালোকৰ বিকৰ্ম বিনাশ হ’ব। সকলোৱে
বাৰ্তা পাব, পিতাই সকলোৰে বাবে এইটো মন্ত্ৰ দিয়ে। বাবাই বুজায় - তোমালোক সন্তানসকলে
দৈৱী গুণ ধাৰণ কৰিব লাগে। অৱগুণবোৰ ত্যাগ কৰিব লাগে। দেহ-অভিমান ত্যাগ কৰা। তথাপিও
ত্যাগ নকৰে। সেই বেচেৰাহঁতে কি পাব? ইজন সিজনৰ সৈতে মৰম-চেনেহেৰে নচলে। তোমালোক বৰ
অমায়িক হ’ব লাগে। পিতা হৈছে প্ৰেমৰ সাগৰ। তোমালোক তেওঁৰ সন্তান গতিকে তোমালোক অতি
মৰমিয়াল হ’ব লাগে। কেতিয়াবা কোনোবাই যিমানে ক্ৰোধ নকৰক, স্তুতি- নিন্দা আদি সকলো
সহ্য কৰিব লাগে। কোনোবা দেউলীয়া হ’লে তেতিয়া ভাবে - বাবা এতিয়া সহায় কৰক। হেৰ’ এয়াতো
তোমালোকৰ কৰ্মভোগ, সেয়াতো তোমালোকে সহ্য কৰিব লাগে। এই ক্ষেত্ৰত পিতাই কি কৰিব। পিতা
আহিছে সকলো আত্মাক লৈ যাবলৈ। এয়াও তোমালোক সন্তানসকলেহে জানা। জগতত সকলো ঘোৰ
অন্ধকাৰত আছে। ভক্তি মাৰ্গত নিশ্চয় ভক্তসকলৰ মান থকা উচিত। শংকৰাচাৰ্য আদি সকলো ভকত।
তেওঁলোকক কোৱা হ’ব পৱিত্ৰ ভকত। ভক্তিৰ পূজা-উপাসনাতো আছে নহয়। যি পৱিত্ৰ হৈ থাকে,
তেওঁলোকৰ ডাঙৰ ডাঙৰ ধৰ্মীয় সংগঠন আছে। তেওঁলোকৰ কিমান মান। ধৰ্মীয় কিতাপবোৰৰো বহুত
মান আছে। সেই কিতাপবোৰৰো পৰিক্ৰমা কৰায়। ভক্তিৰ মান বহুত আছে। জ্ঞানৰ বিষয়ে কোনেও
নাজানে। তোমালোক যেতিয়া দেৱতা হোৱা তেতিয়া তোমালোকৰ কিমান মহিমা হয়। এনেকুৱা কোনো
নাথকিব যাৰ মা-পিতা কোনোবা নহয় কোনোবা মন্দিৰলৈ নাযায়। কিবা নহয় কিবা ভক্তি চিহ্ন
ঘৰত নিশ্চয় থাকে। হে ভগৱান বুলি কোৱা - এয়াও ভক্তি মাৰ্গ। এতিয়া তোমালোক বেহদ (অসীমৰ;
পাৰলৌকিক) পিতাৰ হৈছা। এয়া পিতা, এয়া ককা, সেইকাৰণে ত্ৰিমূৰ্তিৰ চিত্ৰৰ ওপৰত
বুজোৱাতো বৰ ভাল। কোনোবাই হয়তো ক’ব - দাদাক কিয় ৰাখিছে? হেৰ’ প্ৰজাপিতা ব্ৰহ্মাতো
নিশ্চয় ইয়াত থাকিব লাগে নহয় জানো। এওঁতো বৃক্ষত তলত তপস্যাত বহি আছে। কিন্তু তেওঁ
সলনি হৈ থাকে। এয়া যি মুখ্য হয় তেওঁ সদায় থাকে। ইয়াত সন্তানসকল বৰ অমায়িক হ’ব লাগে।
চলন অতি মাৰ্জিত হোৱা উচিত। কথা কমকৈ ক’ব লাগে। প্ৰথমে পিতাৰ পৰিচয় দিব লাগে।
চেলবেলাই থকাতো ভাল নহয়। বহুত কমকৈ ক’ব লাগে। তোমালোকেও ভক্তি মাৰ্গত বহুত কথা
কৈছিলা, চিঞৰিছিলা। কিমান হাবাথুৰি খাইছা। এতিয়া তোমালোকক সহজ কৰি বুজায় - কেৱল
বাবাক স্মৰণ কৰা তেতিয়া যোগবলেৰে বিশ্বৰ মালিক হ’ব পাৰা। আগলৈ গৈ এয়া গম পাবা,
ক্ৰমানুসৰি কোন কোন কি হয়। প্ৰজাৰ হিচাপ জানো উলিওৱা হ’ব। সেয়াতো লাখ লাখ কোটি কোটি
হৈ যাব। যিসকল ব্ৰাহ্মণ হ’ব তেওঁলোকেই সূৰ্যবংশী চন্দ্ৰবংশী হ’ব। আগলৈ গৈ বহুত
স্মৰণ কৰিবলৈ লাগি যাব। যেতিয়া মৃত্যু সন্মুখত আহিব তেতিয়া বৈৰাগ্য জন্মিব। এয়া
সেয়াই মহাভাৰতৰ যুদ্ধ। সকলো আত্মাই হিচাপ-নিকাচ নিষ্পত্তি কৰি যাব, ইয়াক বিনাশৰ সময়
বুলি কোৱা হয়। ইমানবিলাক শৰীৰ নাশ হৈ যাব। প্ৰাকৃতিক দুৰ্যোগ হ’ব, এয়াও নাটকত
নিৰ্ধাৰিত হৈ আছে। নতুন কথা নহয়। আকালৰ কাৰণে মনুষ্য ভোকত মৰে।
পিতাই জানে - মোৰ
সন্তানসকল অতি দুখী হৈ গৈছে। সকলোকে দুখৰ পৰা মুক্ত কৰি উভতাই লৈ যাম। পিতাই কয় -
এওঁলোক সকলোৱে পৰস্পৰ যুদ্ধ কৰিব। মাখন আকৌ তোমালোকে পাবা, গোটেই বিশ্বৰ তোমালোক
মালিক হোৱা। মুখত চন্দ্ৰমাৰ সাক্ষাৎকাৰ কৰিছিল নহয় জানো! মুখত এই বিশ্বৰ গোলক আহি
যায়। তোমালোক ৰাজকুমাৰ-ৰাজকুমাৰী হোৱা। গোটেই সৃষ্টিখন যেন তোমালোকৰ মুঠিত আছে।
মুখতো আছে, মুঠিতো দেখুৱায় নহয়। এতিয়া স্বৰ্গৰ গোলক তোমালোকৰ মুখত আছে। তোমালোকে
জানা যোগবলেৰে আমি বিশ্বৰ মালিক হওঁ। যোগেৰে স্বাস্থ্য আৰু জ্ঞানেৰে সম্পত্তি পোৱা
যায়। তোমালোক চক্ৰৱৰ্তী ৰজা হোৱা। কিন্তু সন্তানসকলে পঢ়াক ইমান মহত্ব নিদিয়ে। যদিওবা
সলনি হৈ যায় কিন্তু পিতাই কয় – য’তেই নাথাকা কিন্তু নিশ্চয় পঢ়িবা। পৱিত্ৰ হৈ থাকিবা,
খোৱা-বোৱা শুদ্ধ কৰি ৰাখিবা। সকলোৰে সৈতে দায়িত্ব পালন কৰিও চলিব লাগে। এইখন জগত
হৈছে দুখ দিওঁতা। মুখ্য হৈছে কাম-কটাৰী চলোৱা, সেয়াও কাচিৎহে ত্যাগ কৰে। কিবা ক’লে
তেতিয়া নিন্দক হৈ যায়। তেতিয়া অৱলাসকলৰ ওপৰত কিমান বিঘিনি আহে। এই আৰ্যসমাজৰ সকলতো
এতিয়া আহিছে। শেষৰ ঠেঙুলি। দেৱতাসকলক মান্যতা দিওঁতা নহয়। মহাবীৰ, হনুমানৰ নাম আছে,
বীৰত্বতো দেখুৱাইছে। জৈনসকলেও মহাবীৰ নাম ৰাখি দিছে। এতিয়া অৰ্থতো তোমালোকে বুজি
পোৱা। তোমালোক সন্তানসকলো মহাবীৰ যিসকল ৰাৱণৰ ওপৰত জয়ী হোৱা। এয়া হৈছে সকলো যোগবলৰ
কথা। তোমালোকে পিতাক স্মৰণ কৰা, তাৰ দ্বাৰা তোমালোকৰ বিকৰ্ম বিনাশ হ’ব। তেতিয়া
শান্তি-সুখত গুচি যাবা। এইটো বাৰ্তা সকলোকে দিব লাগে। এই স্থাপনা বৰ বিস্ময়কৰ, ইয়াক
কোনেও নাজানে। তোমালোকৰ ভিতৰতো ক্ৰমানুসৰি আছে। ভিতৰত কোনো ধৰণৰ বিকাৰ থাকিব নালাগে।
আত্মাক পিতাই জ্ঞান দি আছে। আত্মা বিকাৰী হয়, সকলো আত্মাইহে কৰে। গতিকে এতিয়া পিতাৰ
শ্ৰীমতত পূৰা চলিব লাগে। সৎগুৰুৰ সন্মুখত থাকি নিন্দা কৰালে তেতিয়া উচ্চ পদ পাব
নোৱাৰে। যিকোনো পাপ কৰা – এয়া নিন্দা কৰা হ’ল। শিক্ষকৰ মতত নচলিলে তেন্তে উচ্চ পদ
পাব নোৱাৰে, অকৃতকাৰ্য হৈ যাব। শিক্ষকৰ শিক্ষা লৈ থাকিলে তেতিয়া সন্মান সহকাৰে
উত্তীৰ্ণ হ’ব। সেয়া হৈছে হদৰ কথা, এয়া হৈছে বেহদৰ কথা। ভগৱান কোন, জগতত এইটো কোনেও
নাজানে। মায়াও সতো ৰজো তমো হয়। এতিয়া মায়াও তমোপ্ৰধান। চোৱা, কি কি কৰি থাকে। কাৰো
বুদ্ধিত নাই যে আমি কাক জ্বলাওঁ। এয়াও নাটকত নিৰ্ধাৰিত হৈ আছে। যি হয় সেয়া নাটক
অনুসৰি হয়। যাদৱসকলৰ পৰিকল্পনা, কৌৰৱসকলৰ পৰিকল্পনা আৰু পাণ্ডৱসকলৰ পৰিকল্পনা, কি
কি যে কৰি আছে। পাণ্ডৱসকলক আটাইতকৈ উচ্চ পৰিকল্পনাৰ বিষয়ে কওঁতাজন হৈছে পিতা। নতুন
সৃষ্টিত লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব আছিল। এতিয়া পুৰণি সৃষ্টিৰ বিনাশ হ’ব। তোমালোক অতিকৈ
মৰমৰ সন্তানসকলে অতিকৈ মৰমৰ পিতাৰ পৰা উত্তৰাধিকাৰ লৈ আছা। পিতাৰ বাহিৰে কোনেও ক’ব
নোৱাৰে যে মই তোমালোকক লগত লৈ যাম। তেওঁলোকে কৈ দিয়ে - সকলো পৰমাত্মাৰেই ৰূপ। তেন্তে
এইদৰে কেনেকৈ ক’ব পাৰিব। এই সকলো কথা তোমালোক সন্তানসকলেহে জানা অন্য কোনেও জানিব
নোৱাৰে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) বিনাশৰ
নিয়তিক জানি পূৰা পূৰা শ্ৰীমতত চলিব লাগে। স্মৃতিৰ বলেৰে বিশ্বৰ বাদশ্বাহী লোৱাৰ
পুৰুষাৰ্থ কৰিব লাগে, নিজৰ প্ৰজ্বলিত জ্যোতিৰে সকলোৰে জ্যোতি জগাই সঁচা দীপাৱলী
পালন কৰিব লাগে।
(2) স্তুতি-নিন্দা
সকলো সহ্য কৰি পিতাৰ সমান প্ৰেমৰ সাগৰ হ’ব লাগে। চলন অতি মাৰ্জিত কৰি ৰাখিব লাগে।
কথা বহুত কমকৈ ক’ব লাগে।
বৰদান:
সময়মত প্ৰতিটো
গুণ বা শক্তি ব্যৱহাৰ কৰোঁতা অনুভৱী মূৰ্ত হোৱা
ব্ৰাহ্মণ জীৱনৰ
বৈশিষ্ট্যই হ’ল অনুভূতি। যদি এটা গুণ বা শক্তিৰো অনুভূতি নাথাকে, তেন্তে কেতিয়াবা
নহয় কেতিয়াবা বিঘ্নৰ বশৱৰ্তী হৈ যাবা। এতিয়া অনুভূতিৰ পাঠ্যক্ৰম আৰম্ভ কৰা। প্ৰতিটো
গুণ বা শক্তি ৰূপী সম্পদ ব্যৱহাৰ কৰা। যি সময়ত যিটো গুণৰ আৱশ্যক, সেই সময়ত তাৰ
স্বৰূপ হৈ যোৱা। কেৱল জ্ঞানৰ ৰূপত বুদ্ধিৰ লকাৰত সম্পদ ৰাখি নথবা, ব্যৱহাৰ কৰা
তেতিয়া বিজয়ী হ’ব পাৰিবা আৰু "বাঃ! ৰে মই" ৰ গীত সদায় গাই থাকিবা।
স্লোগান:
স্পৰ্শকাতৰ সংকল্পসমূহ সমাপ্ত কৰি শক্তিশালী সংকল্প ৰচনা কৰোঁতাসকলহে ডবল লাইট হৈ
থাকে।
অব্যক্ত ইংগিত:
পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰা
যি নিজৰ প্ৰতি ইচ্ছা
মাত্ৰম অবিদ্যা (ইচ্ছাৰ বিষয়ে অজ্ঞ অৱস্থা) হয়, অখণ্ড দানী হয়, তেৱেঁই পৰোপকাৰী।
যেনেকৈ পিতাই নিজৰ সময়ো সেৱাত দিলে। নিজে বিনয়ী হৈ সন্তানসকলক মান দিলে। প্ৰথমে
সন্তানসকল — নাম সন্তানৰ, কাম নিজৰ। কামৰ নামৰ প্ৰাপ্তিও ত্যাগ কৰিলে। নামৰ
ক্ষেত্ৰতো পৰোপকাৰী হ'ল। এনেদৰে পিতাক অনুসৰণ কৰা।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]