09.12.25 Morning Assame Murli Om Shanti BapDada Madhuban
মৰমৰ সন্তানসকল –
“বাবা তোমালোকক বেহদৰ সম্পত্তি দিবলৈ আহিছে, এনেকুৱা মৰমৰ পিতাক তোমালোকে মৰমেৰে
স্মৰণ কৰা তেতিয়া পাৱন হৈ যাবা”
প্ৰশ্ন:
বিনাশৰ সময়
যিমানে সমীপত আহিব - তাৰ লক্ষণসমূহ কি হ'ব?
উত্তৰ:
বিনাশৰ সময় সমীপত আহিলে তেতিয়া – 1) সকলোৱে গম পাব যে আমাৰ পিতাৰ আগমন হৈছে। 2)
এতিয়া নতুন সৃষ্টি স্থাপনা, পুৰণিৰ বিনাশ হ'ব। বহুতৰে সাক্ষাৎকাৰো হ’ব। 3) সন্ন্যাসী,
ৰজা আদিয়ে জ্ঞান পাব। 4) যেতিয়া শুনিব যে বেহদৰ পিতাৰ আগমন হৈছে, তেৱেঁই সৎগতি
দিওঁতা তেতিয়া বহুত আহিব। 5) খবৰ কাগজৰ দ্বাৰা অনেকে বাৰ্তা পাব। 6) তোমালোক
সন্তানসকল আত্ম-অভিমানী হৈ যাবা, একমাত্ৰ পিতাৰ স্মৃতিত অতিন্দ্ৰীয় সুখত থাকিবা।
গীত:
ইচ পাপ কি
দুনীয়া ছে……. (এই পাপৰ সৃষ্টিৰ পৰা.......)
ওঁম্শান্তি।
আত্মিক
সন্তানসকল! এয়া কোনে কয় আৰু কাক কয়। বাবাই বাৰে বাৰে আত্মিক বুলি কিয় কয়? কিয়নো
এতিয়া আত্মাসকল যাব লাগে। পুনৰ যেতিয়া এই সৃষ্টিলৈ আহিব তেতিয়া সুখ হ'ব। আত্মাসকলে
এই শান্তি আৰু সুখৰ উত্তৰাধিকাৰ কল্প পূৰ্বেও পাইছিল। এতিয়া পুনৰ এই উত্তৰাধিকাৰ
পুনৰাবৃত্তি হৈ আছে। পুনৰাবৃত্তি হ’লেহে সৃষ্টি চক্ৰও আকৌ পুনৰাবৃত্তি হ'ব।
পুনৰাবৃত্তিতো সকলো হয় নহয়। যি অতীত হৈ গ'ল সেয়া পুনৰ হ'ব। এনেয়েতো নাটকো
পুনৰাবৃত্তি হয় কিন্তু তাত সলনিও কৰিব পাৰে। কিবা শব্দ পাহৰি গ’লে সাজি লগাই দিয়ে।
ইয়াক আকৌ চলচিত্ৰ বুলি কোৱা হয়, ইয়াত সলনি হ’ব নোৱাৰে। এইখন অনাদি ৰচি থোৱা, সেই
নাটকক ৰচি থোৱা বুলি নকয়। এই ড্ৰামাখনক বুজি পালে আকৌ সেই নাটকো বুজি পোৱা যায়।
সন্তানসকলে বুজি পায় যে এতিয়া যি বিলাক নাটক আদি চাওঁ, সেই সকলোবোৰ মিছা। কলিযুগত
যিবোৰ বস্তু দেখা যায় সেইবোৰ সত্যযুগত নাথাকিব। সত্যযুগত যি হৈছিল সেইবোৰ পুনৰ
সত্যযুগত হ'ব। এই হদৰ নাটক আদি পুনৰ ভক্তি মাৰ্গতহে হ'ব। যিবোৰ বস্তু ভক্তিমাৰ্গত
হয়, সেইবোৰ জ্ঞানমাৰ্গ অথবা সত্যযুগত নহয়। সেয়েহে এতিয়া তোমালোকে বেহদৰ পিতাৰ পৰা
উত্তৰাধিকাৰ পাই আছা। বাবাই বুজাইছে - এক লৌকিক পিতাৰ পৰা আৰু আনজন পাৰলৌকিক পিতাৰ
পৰা উত্তৰাধিকাৰ পোৱা যায়, বাকী যি অলৌকিক পিতা আছে তেওঁৰ পৰা উত্তৰাধিকাৰ পোৱা
নাযায়। এওঁ নিজেই তেওঁৰ পৰা উত্তৰাধিকাৰ পায়। এয়া যি নতুন সৃষ্টিৰ সম্পত্তি, সেয়া
কেৱল বেহদৰ পিতাইহে এওঁৰ দ্বাৰা দিয়ে। এওঁৰ দ্বাৰা তুলি লয় সেইকাৰণে এওঁক পিতা বুলি
কয়। ভক্তিমাৰ্গতো লৌকিক আৰু পাৰলৌকিক দুয়ো স্মৃতিলৈ আহে। এওঁ (অলৌকিক) স্মৃতিলৈ নাহে
কিয়নো এওঁৰ পৰা একো উত্তৰাধিকাৰ পোৱাই নাযায়। ‘পিতা’ শব্দটিতো যথাযথ, কিন্তু এওঁ
ব্ৰহ্মাও ৰচনা হয় নহয়। ৰচনাই ৰচয়িতাৰ পৰা উত্তৰাধিকাৰ লাভ কৰে। তোমালোককো শিৱবাবাই
সৃষ্টি কৰিছে। ব্ৰহ্মাকো তেওঁ সৃষ্টি কৰিছে। উত্তৰাধিকাৰ ৰচয়িতাৰ পৰা পোৱা যায়, তেওঁ
হৈছে বেহদৰ পিতা। ব্ৰহ্মাৰ ওচৰত বেহদৰ উত্তৰাধিকাৰ আছে জানো? পিতাই বহি এওঁৰ দ্বাৰা
বুজায় - এৱোঁ উত্তৰাধিকাৰ লাভ কৰে। এনেকুৱা নহয় যে উত্তৰাধিকাৰ লৈ তোমালোকক দিয়ে।
পিতাই কয় - তোমালোকে এওঁকো স্মৰণ নকৰিবা। এই বেহদৰ পিতাৰ পৰা তোমালোকে সম্পত্তি লাভ
কৰা। লৌকিক পিতাৰ পৰা হদৰ, পাৰলৌকিক পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ, দুয়োটা সংৰক্ষিত
হৈ গ'ল। শিৱবাবাৰ পৰা উত্তৰাধিকাৰ পোৱা যায় – বুদ্ধিত উদয় হয়! বাকী ব্ৰহ্মা বাবাৰ
উত্তৰাধিকাৰ কি বুলি ক’ম! বুদ্ধিত সম্পত্তিৰ কথা আহে নহয়? এই বেহদৰ বাদশ্বাহী
তোমালোকে তেওঁৰ পৰা পোৱা। তেওঁ হৈছে জ্যেষ্ঠ বাবা। এওঁতো কয় মোক স্মৰণ নকৰিবা, মোৰতো
কোনো সম্পত্তি নাই যে তোমালোকে পাবা। যাৰ পৰা সম্পত্তি পাবা তেওঁক স্মৰণ কৰা।
তেৱেঁই কয় - মামেকম্ (কেৱল মোক) স্মৰণ কৰা। লৌকিক পিতাৰ সম্পত্তিক লৈ কিমান
হাই-কাজিয়া হয়। ইয়াততো হাই-কাজিয়াৰ কথা নাই। পিতাক স্মৰণ নকৰিলেতো আপোনাআপুনি বেহদৰ
উত্তৰাধিকাৰো নাপাবা। পিতাই কয় - নিজক আত্মা বুলি বুজা। এই ৰথখনকো কয় তুমি নিজক
আত্মা বুলি বুজি মোক স্মৰণ কৰা তেতিয়া বিশ্বৰ বাদশ্বাহী পাবা। ইয়াক কোৱা হয় স্মৃতিৰ
যাত্ৰা। দেহৰ সকলো সম্বন্ধ ত্যাগ কৰি নিজক অশৰীৰী আত্মা বুলি বুজিব লাগে। ইয়াতেই
পৰিশ্ৰম হয়। পঢ়াৰ কাৰণে কিবাটো পৰিশ্ৰম থাকিব লাগে নহয়। এই স্মৃতিৰ যাত্ৰাৰ দ্বাৰা
তোমালোক পতিতৰ পৰা পাৱন হোৱা। তেওঁলোকে শৰীৰৰ দ্বাৰা যাত্ৰা কৰে। এয়াতো হৈছে আত্মাৰ
যাত্ৰা। তোমালোকৰ এই যাত্ৰা হৈছে পৰমধামলৈ যাবৰ বাবে। এইটো পুৰুষাৰ্থ অবিহনে কোনেও
পৰমধাম অথবা মুক্তিধামলৈ যাব নোৱাৰে। যিয়ে ভালদৰে স্মৰণ কৰে তেৱেঁই যাব পাৰে আকৌ
উচ্চ পদো তেওঁ প্ৰাপ্ত কৰিব পাৰে। যাবতো সকলোৱে। কিন্তু তেওঁলোকতো পতিত হয় নহয়
সেয়েহে আহ্বান জনায়। আত্মাই স্মৰণ কৰে। খোৱা-বোৱা সকলো আত্মাই কৰে নহয়। এই সময়ত
তোমালোক দেহী-অভিমানী হ'ব লাগে, এইটোৱেই পৰিশ্ৰম। পৰিশ্ৰম অবিহনেতো একো পোৱা নাযায়।
হয়ো বহুত সহজ। কিন্তু মায়াৰ বিৰোধ হয়। কাৰোবাৰ ভাগ্য ভাল হ'লে তৎক্ষণাৎ ইয়াত লাগি
যায়। কোনোবা দেৰিকৈও আহিব। যদি বুদ্ধিত ভালদৰে ধাৰণ হৈ যায় তেতিয়া ক’ব বচ্ মই এই
আত্মিক যাত্ৰাত লাগি যাওঁ। এনেকৈ তীব্ৰ বেগেৰে লাগি গ’লে তেতিয়া ভালকৈ উন্নতি কৰিব
পাৰে। ঘৰত থাকিও বুদ্ধিত উদয় হ’ব যে এয়াতো বহুত ভাল সঠিক কথা। মই নিজক আত্মা বুলি
বুজি পতিত-পাৱন পিতাক স্মৰণ কৰোঁ। পিতাৰ আদেশ অনুসৰি চলিলে পাৱন হ’ব পাৰে। হ’বও
নিশ্চয়। পুৰুষাৰ্থৰ কথা। হওতে বহুত সহজ। ভক্তিমাৰ্গততো বহুত কষ্ট হয়। ইয়াত তোমালোকৰ
বুদ্ধিত আছে যে এতিয়া আমি বাবাৰ ওচৰলৈ উভতি যাব লাগে। পুনৰ ইয়ালৈ আহি বিষ্ণুৰ মালাত
আহিব লাগে। মালাৰ হিচাপ কৰা হয়। মালাতো ব্ৰহ্মাৰো আছে, বিষ্ণুৰো আছে, ৰুদ্ৰৰো আছে।
পোন প্ৰথমে নতুন সৃষ্টিৰ এওঁ হয় নহয়। বাকী সকলো পাছত আহে। অৰ্থাৎ শেষৰ ফালে গঁথা
যায়। ক’ব তোমালোকৰ উচ্চ কুল কি? তোমালোকে ক’বা বিষ্ণু কুল। আমি প্ৰকৃততে বিষ্ণু
কুলৰ আছিলোঁ, আকৌ ক্ষত্ৰিয় কুলৰ হ’লোঁ। আকৌ তাৰ পৰা বংশাৱলী ওলায়। এই জ্ঞানেৰে
তোমালোকে বুজি পোৱা যে বংশাৱলী কেনেকৈ হয়। পোন-প্ৰথমে ৰুদ্ৰৰ মালা তৈয়াৰ হয়।
উচ্চতকৈও উচ্চ বংশ। বাবাই বুজাইছে – এয়া তোমালোকৰ বহুত উচ্চ কুল। এইটোও বুজি পোৱা
যে গোটেই জগতে বাৰ্তা নিশ্চয় পাব। যেনেকৈ কোনোৱে কয় ভগৱান নিশ্চয় ক’ৰবাত আহিছে
কিন্তু গম নাপায়। অৱশেষত গমতো সকলোৱে পাই যাব। বাতৰিকাকতত প্ৰকাশিত হ’ব। এতিয়া অলপহে
প্ৰকাশ পায়। এনেকুৱা নহয় যে এখন বাতৰিকাকত সকলোৱে পঢ়ে। পুথিভঁৰালত পঢ়িব পাৰে। কোনো
কোনোৱে 2–4খন বাতৰিকাকতো পঢ়ে। কোনোৱে এখনো নপঢ়ে। এইটো সকলোৱে গম পাবই যে বাবাৰ আগমন
হৈছে, বিনাশৰ সময় সমীপত আহিলে সকলোৱে গম পাব। নতুন সৃষ্টি স্থাপনা, পুৰণিৰ বিনাশ হয়।
হ’ব পাৰে বহুতৰে সাক্ষাৎকাৰো হ’ব। তোমালোকে সন্ন্যাসী, ৰজা আদিকো জ্ঞান দিব লাগে।
বহুতে বাৰ্তা পাব। যেতিয়া শুনিব বেহদৰ পিতাৰ আগমন হৈছে, তেৱেঁই সৎগতি দিওঁতা হয়
তেতিয়া অনেক আহিব। এতিয়া বাতৰিকাকতত ইমান মন পচন্দৰ নিয়ম অনুসৰি প্ৰকাশ হোৱা নাই।
কোনোবা ওলাব, সোধা-পোছা কৰিব। সন্তানসকলে বুজি পায় আমি শ্ৰীমত অনুসৰি সত্যযুগৰ
স্থাপনা কৰি আছোঁ। তোমালোকৰ এয়া নতুন অভিযান। তোমালোক হৈছা ঈশ্বৰীয় অভিযানৰ ঈশ্বৰীয়
সদস্য। যেনেকৈ খ্ৰীষ্টিয়ান অভিযানৰ খ্ৰীষ্টিয়ান সদস্য হৈ যায়। তোমালোক হৈছা ঈশ্বৰীয়
সদস্য সেইকাৰণে গায়ন আছে অতীন্দ্ৰিয় সুখৰ বিষয়ে গোপ-গোপীসকলক সোধা, যিসকল
আত্ম-অভিমানী হৈছে। এজন পিতাক স্মৰণ কৰিব লাগে, দ্বিতীয় কোনো নাই। এই ৰাজযোগ
একমাত্ৰ পিতাইহে শিকায়, তেৱেঁই ‘গীতা’ৰ ভগৱান। সকলোকে এইটোৱে পিতাৰ নিমন্ত্ৰণ বা
বাৰ্তা দিব লাগে, বাকী সকলো কথা হৈছে জ্ঞান অলংকাৰ। এই সকলোবোৰ চিত্ৰ হৈছে জ্ঞানৰ
অলংকাৰ, ভক্তিৰ নহয়। এই পিতাই বহি তৈয়াৰ কৰাইছে – মনুষ্যক বুজাবৰ কাৰণে। এই চিত্ৰ
আদিতো প্ৰায় লোপ হৈ যাব। বাকী এই জ্ঞান আত্মাত থাকি যায়। পিতাৰো এই জ্ঞান আছে,
ড্ৰামাত নিৰ্ধাৰিত হৈ আছে।
তোমালোকে এতিয়া ভক্তি
অতিক্ৰম কৰি জ্ঞানমাৰ্গত আহিছা। তোমালোকে জানা যে আমাৰ অৰ্থাৎ আত্মাত এই ভূমিকা আছে
যি চলি আছে। এইটো নিৰ্ধাৰিত হৈ আছিল যে পুনৰাই আমি পিতাৰ পৰা ৰাজযোগ শিকি আছোঁ।
পিতায়েই আহি এই জ্ঞান দিবলগীয়া আছিল। আত্মাত নিহিত হৈ আছে। তাত গৈ উপস্থিত হ’লে
তেতিয়া পুনৰ নতুন সৃষ্টিৰ ভূমিকা পুনৰাবৃত্তি হ’ব। আৰম্ভণিৰ পৰা ধৰি আত্মাত নিহিত
হৈ থকা গোটেই ভূমিকাক এই সময়ত তোমালোকে বুজি গৈছা। পুনৰ এই সকলোবোৰ বন্ধ হৈ যাব।
ভক্তিমাৰ্গৰ ভূমিকাও বন্ধ হৈ যাব। আকৌ তোমালোকৰ যি কৰ্মকাণ্ড সত্যযুগত চলিছিল,
সেয়াই চলিব। কি হ’ব, এইটো পিতাই নকয়। যি হৈছিল সেয়াই হ’ব। বুজা যায় সত্যযুগ হৈছে
নতুন। নিশ্চয় তাত সকলোবোৰ নতুন সতোপ্ৰধান আৰু সস্তা হ’ব, যি কল্প পূৰ্বে হৈছিল
সেয়াই হ’ব। বুজা যায় - এই লক্ষ্মী-নাৰায়ণৰ কিমান সুখ হয়। হীৰা-মুকুতা ধন বহুত থাকে।
ধন থাকিলে সুখো হয়। ইয়াত তোমালোকে তুলনা কৰিব পাৰা। তাত কৰিব নোৱাৰিবা। ইয়াৰ সকলো
কথা তাত পাহৰি যাবা। এয়া হৈছে নতুন কথা, যি পিতাইহে সন্তানসকলক বুজায়। আত্মাসকল তালৈ
যাব লাগে, য’ত সকলো কাৰ্য বন্ধ হৈ যায়। হিচাপ-নিকাচ নিষ্পত্তি হয়। ৰেকৰ্ড পূৰা হৈ
যায়। এখনেই ৰেকৰ্ড বহুত ডাঙৰ। কয় তেন্তে আত্মাও ইমান ডাঙৰ হ’ব লাগে। কিন্তু নহয়।
ইমান সূক্ষ্ম আত্মাত 84 জন্মৰ ভূমিকা আছে। আত্মাও অবিনাশী। ইয়াক কেৱল বিস্ময় বুলিয়ে
কোৱা হ’ব। এনেকুৱা বিস্ময়কৰ বস্তু অন্য একোৱেই হ’ব নোৱাৰে। বাবাৰ কাৰণেতো কয়
সত্যযুগ-ত্ৰেতাৰ সময় বিশ্ৰামত থাকে। আমিতো আদিৰ পৰা অন্তলৈকে ভূমিকা পালন কৰোঁ।
সকলোতকৈ বেছি ভূমিকা আমাৰ। সেয়েহে পিতাই উত্তৰাধিকাৰো উচ্চ দিয়ে। কয় 84 জন্মও
তোমালোকেই লোৱা। মোৰতো ভূমিকা এনেকুৱা যাক অন্য কোনেও পালন কৰিব নোৱাৰে। বিস্ময়কৰ
কথা নহয় জানো। এইটোও বিস্ময়কৰ যে আত্মাসকলক পিতাই বহি বুজায়। আত্মা পুৰুষ-মহিলা নহয়।
যেতিয়া শৰীৰ ধাৰণ কৰে তেতিয়া পুৰুষ-মহিলা বুলি কোৱা হয়। আত্মাসকল পৰস্পৰ ভাই ভাই হৈ
যায়। ভাই ভাই হয় নিশ্চয় উত্তৰাধিকাৰ পাবৰ কাৰণে। আত্মা পিতাৰ সন্তান হয় নহয়। পিতাৰ
পৰা উত্তৰাধিকাৰ লয় সেইকাৰণে পুৰুষ বুলিহে কোৱা হ’ব। সকলো আত্মাৰে পিতাৰ পৰা
উত্তৰাধিকাৰ লোৱাৰ অধিকাৰ আছে। তাৰ বাবে পিতাক স্মৰণ কৰিব লাগে। নিজক আত্মা বুলি
বুজিব লাগে। আমি সকলো ভাই ভাই। আত্মা, আত্মাই হয়। আত্মা কেতিয়াও সলনি নহয়। বাকী
শৰীৰ কেতিয়াবা পুৰুষৰ, কেতিয়াবা নাৰীৰ লয়। এইবোৰ বুজিবলগীয়া বৰ বিচিত্ৰ কথা, অন্য
কোনেও বুজাব নোৱাৰে। পিতাৰ পৰা বা তোমালোক সন্তানসকলৰ পৰাহে শুনিব পাৰে। পিতাইতো
তোমালোক সন্তানসকলৰ সৈতেহে কথা পাতে। আগতেতো সকলোকে সাক্ষাৎ কৰিছিল, সকলোৰে সৈতে
বাৰ্তালাপ কৰিছিল। এতিয়া কৰি কৰি অৱশেষততো কাৰো সৈতে কথাই নাপাতিব। সন্তানে পিতাকক
প্ৰত্যক্ষ কৰে নহয়। সন্তানসকলেই পঢ়াব লাগে। তোমালোক সন্তানসকলেই অনেকৰ সেৱা কৰি লৈ
আহা। বাবাই বুজি পায় এওঁ বহুতকে নিজৰ সমান কৰি লৈ আহে। এওঁ বহুত ডাঙৰ ৰজা হ’ব, এওঁ
সৰু ৰজা হ’ব। তোমালোক আত্মিক সেনাও হোৱা, যিয়ে সকলোকে ৰাৱণৰ শিকলিৰ পৰা মুক্ত কৰি
নিজৰ মিছনত লৈ আহে। যিমান যিয়ে সেৱা কৰে সিমান ফল পায়। যিয়ে বেছিকৈ ভক্তি কৰিছে
তেৱেঁই বেছি বিচাৰ বুদ্ধি সম্পন্ন হৈ যায় আৰু উত্তৰাধিকাৰ লয়। এয়া হৈছে পঢ়া, ভালদৰে
নপঢ়িলে তেতিয়া অনুত্তীৰ্ণ হৈ যাবা। পঢ়া বহুত সহজ। বুজিবলৈ আৰু বুজাবলৈও সহজ।
কঠিনতাৰ কথা নাই, কিন্তু ৰাজধানী স্থাপনা হ’ব, তাততো সকলো লাগে নহয়। পুৰুষাৰ্থ কৰিব
লাগে। তাত যাতে আমি উচ্চ পদ পাওঁ। মৃত্যুলোকৰ পৰা স্থানান্তৰ হৈ অমৰলোকলৈ যাব লাগে।
যিমানে পঢ়িবা সিমানে অমৰপুৰীত উচ্চ পদ পাবা।
পিতাক মৰমো কৰিব লাগে
কিয়নো পিতা হৈছে অতিকৈ মৰমৰ বস্তু। মৰমৰ সাগৰো হয়, একৰস মৰম থাকিব নোৱাৰে। কোনোৱে
স্মৰণ কৰে, কোনোৱে নকৰে। কাৰোবাৰ বুজোৱাৰো নিচা থাকে নহয়। এইটো ডাঙৰ প্ৰলোভন। যিকোনো
লোককে ক’ব লাগে - এইখন বিশ্ব বিদ্যালয়। এয়া হৈছে আধ্যাত্মিক শিক্ষা। এনেকুৱা চিত্ৰ
অন্য কোনো স্কুলত দেখুওৱা নহয়। দিনে-প্ৰতিদিনে আৰুহে চিত্ৰ ওলাই থাকিব। যিবোৰ
মনুষ্যই দেখিলেই বুজি পাব। ছিৰিৰ চিত্ৰ বহুত ভাল। কিন্তু দেৱতা ধৰ্মৰ নহ’লেতো
তেওঁলোকে বুজি নাপাব। যি এই কুলৰ হ'ব তেওঁলোককহে তীৰে আঘাত কৰিব। যি আমাৰ দেৱতা
ধৰ্মৰ পাত হ'ব তেওঁলোকেই আহিব। তোমালোকৰ অনুভৱ হ’ব এওঁতো বহুত ৰুচিৰে শুনি আছে।
কোনোবাতো এনেয়ে গুচি যাব। দিনে-প্ৰতিদিনে নতুন নতুন কথাবোৰো সন্তানসকলক বুজাই থাকে।
সেৱাৰ বহুত ৰুচি থাকিব লাগে। যিসকল সেৱাত তৎপৰ হৈ থাকে তেওঁলোকেই অন্তৰত অধিষ্ঠিত
হ’ব আৰু সিংহাসনতো অধিষ্ঠিত হ’ব। আগলৈ গৈ তোমালোকৰ সকলোবোৰ সাক্ষাৎকাৰ হৈ থাকিব।
সেইটো আনন্দত তোমালোক থাকিবা। জগতততো হাহাকাৰ বহুত হ’বলগীয়া আছে। ৰক্তৰ নদীও বৈ যাব।
সাহসী সেৱাধাৰীসকল কেতিয়াও ভোকত নমৰে। কিন্তু ইয়াততো তোমালোক বনবাসত থাকিব লাগে।
সুখো তাত পাবা। কন্যাসকলকতো বনবাসত বহুৱায় নহয়। শহুৰৰ ঘৰলৈ গৈ খুব পিন্ধিবা।
তোমালোকো শহুৰৰ ঘৰলৈ যোৱা সেয়েহে সেইটো নিচা থাকে। সেয়া হয়েই সুখধাম। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) মালাত গঁথা
যাবলৈ দেহী-অভিমানী হৈ তীব্ৰ গতিৰে স্মৃতিৰ যাত্ৰা কৰিব লাগে। পিতাৰ আদেশ অনুসৰি চলি
পাৱন হ’ব লাগে।
(2) পিতাৰ পৰিচয় দি
বহুতকে নিজৰ সমান কৰি তোলাৰ সেৱা কৰিব লাগে। ইয়াত বনবাসত থাকিব লাগে। অন্তিমৰ
হাহাকাৰৰ দৃশ্যাৱলী চাবলৈ মহাবীৰ হ’ব লাগে।
বৰদান:
বান্ধোনৰ
পিঞ্জৰা ভাঙি জীৱনমুক্ত স্থিতিৰ অনুভৱ কৰোঁতা প্ৰকৃতাৰ্থত নিমিত্ত হোৱা
শৰীৰৰ বা সম্বন্ধৰ
বান্ধোনেই পিঞ্জৰা। কৰ্তব্য পালনো নিমিত্ত মাত্ৰ কৰিব লাগে, আসক্তিৰে নহয় তেতিয়াহে
বন্ধনমুক্ত বুলি কোৱা হ’ব। যি নিমিত্ত হৈ চলে তেৱেঁই বন্ধনমুক্ত যদি কোনো ‘মোৰ’ বোধ
আছে তেন্তে পিঞ্জৰাত আৱদ্ধ হৈ আছা। এতিয়া পিঞ্জৰাৰ মইনা চৰাইৰ পৰা ফৰিস্তা হৈ গ’লা
সেই কাৰণে ক’তোৱে যাতে অলপো বন্ধন নাথাকে। মনৰো বন্ধন যাতে নাথাকে। কি কৰোঁ, কেনেকৈ
কৰোঁ, কৰিব বিচাৰো কিন্তু নহয় – এয়াও মনৰ বন্ধন। যিহেতু জীৱন্তে মৰি গ’লা গতিকে সকলো
প্ৰকাৰৰ বন্ধন সমাপ্ত, সদায় যাতে জীৱনমুক্ত স্থিতিৰ অনুভৱ হৈ থাকে।
স্লোগান:
সংকল্প ৰাহি কৰা তেতিয়া সময়, বাণী সকলো স্বতঃ ৰাহি হৈ যাব।
অব্যক্ত সংকেত: এতিয়া
সম্পন্ন তথা কৰ্মাতীত হোৱাত মনোনিবেশ কৰা
কৰ্মাতীত অৰ্থাৎ
কৰ্মৰ যিকোনো বন্ধনৰ স্পৰ্শৰ পৰাও উৰ্দ্ধত। এনেকুৱা অনুভৱ যাতে বাঢ়ি থাকে। যিকোনো
কাৰ্যই যাতে স্পৰ্শ নকৰে আৰু কৰাৰ পাছত যি ফলাফল ওলায় সেই ফলাফলেও যাতে স্পৰ্শ নকৰে,
একেবাৰে অনাসক্তবোধৰ অনুভৱ হৈ থাকক। যেনেকৈ আন কোনোবাই কৰালে আৰু মই কৰিলোঁ।
নিমিত্ত হোৱাৰ ক্ষেত্ৰতো অনাসক্তবোধৰ অনুভৱ হওক। যি অতিবাহিত হৈ গ’ল, পূৰ্ণ বিৰাম
লগাই উৰ্দ্ধত গুচি যোৱা।