10.04.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
নিজৰ উন্নতিৰ কাৰণে নিতৌ খতিয়ান ৰাখা, গোটেই দিনটোত চলন কেনেকুৱা হৈ থাকিল, পৰীক্ষা
কৰা - যজ্ঞৰ প্ৰতি সত্যনিষ্ঠ হৈ থাকিলোঁনে?”
প্ৰশ্ন:
কোনসকল
সন্তানৰ প্ৰতি পিতাৰ বহুত সন্মান আছে? সেই সন্মানৰ চিন কি?
উত্তৰ:
যিসকল সন্তান পিতাৰ সৈতে সততাৰে চলে, যজ্ঞৰ প্ৰতি সত্যনিষ্ঠ হয়, একোৱেই লুকুৱাই
নাৰাখে, সেইসকল সন্তানৰ প্ৰতি পিতাৰ বহুত সন্মান আছে। সন্মান থকাৰ কাৰণে মৰম-চেনেহ
দি উন্নতি কৰাই থাকে। সেৱালৈও পঠিয়াই দিয়ে। সন্তানসকলৰ সঁচা কথা কৈ শ্ৰীমত লোৱাৰ
জ্ঞান থাকিব লাগে।
গীত:
মেহফিল মে জল
উঠি শমা…….. (ৰংগমেলাত জ্বলি উঠিল অগ্নিশিখা…)
ওঁম্শান্তি।
এতিয়া এই
গীতটিতো ভুল কিয়নো পৰমাত্মাতো কোনো অগ্নি শিখা নহয়। পৰমাত্মাক বাস্তৱত অগ্নি শিখা
বুলি কোৱা নহয়। এয়াতো ভক্তসকলে অনেক নাম ৰাখি দিছে। নজনাৰ কাৰণে কয়ো যে “নেতি নেতি”,
আমি নাজানো, নাস্তিক। তথাপিও যি নাম মনলৈ আহে তাকেই কৈ দিয়ে। ব্ৰহ্ম, অগ্নি শিখা,
পাথৰ, শিলগুটিতো পৰমাত্মা আছে বুলি কৈ দিয়ে কিয়নো ভক্তিমাৰ্গত কোনেও পিতাক যথাৰ্থ
ৰীতিৰে চিনিব নোৱাৰে। পিতাহে আহি নিজৰ পৰিচয় দিব লাগে। শাস্ত্ৰ আদি ক’তো পিতাৰ
পৰিচয় নাই সেইবাবে তেওঁলোকক নাস্তিক বুলি কোৱা হয়। এতিয়া সন্তানসকলক পিতাই পৰিচয়
দিছে, কিন্তু নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা, এই ক্ষেত্ৰত বুদ্ধিৰেই
গুৰুত্বপূৰ্ণ ভূমিকা আছে। এই সময়ত হৈছে পাথৰ বুদ্ধিৰ। আত্মাত বুদ্ধি আছে।
কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা গম পোৱা যায় – আত্মাৰ বুদ্ধি পাৰস (পৱিত্ৰ) নে পাথৰ (অপৱিত্ৰ)?
সকলো আত্মাৰ ওপৰতে নিৰ্ভৰ কৰে। মনুষ্যইতো কৈ দিয়ে আত্মাই পৰমাত্মা। আত্মাতো নিৰ্লেপ
সেইবাবে যি বিচৰা সেয়াই কৰি থাকা। মনুষ্য হৈ পিতাকেই নাজানে। পিতাই কয় - মায়া ৰাৱণে
সকলোকে পাথৰ বুদ্ধিৰ কৰি দিলে। দিনে-প্ৰতিদিনে বেছিকৈহে তমোপ্ৰধান হৈ গৈ থাকে।
মায়াৰ বহুত জোৰ আছে, শুধৰণিয়ে নহয়। সন্তানসকলক বুজোৱা হয় - ৰাতি গোটেই দিনটোৰ
খতিয়ান উলিওৱা - কি কৰিলোঁ? মই দেৱতাসকলৰ দৰে ভোজন খালোঁনে? নিয়ম অনুসৰি আচৰণ
কৰিলোঁনে নে বুদ্ধিহীনৰ দৰে? নিতৌ নিজৰ খতিয়ান পৰীক্ষা নকৰিলে তোমালোকৰ উন্নতি
কেতিয়াও নহ’ব। বহুতক মায়াই চৰ মাৰি থাকে। লিখে যে আজি মোৰ বুদ্ধিযোগ অমুকৰ নাম-ৰূপত
গ’ল, আজি এইটো পাপ কৰ্ম হ’ল। এনেকুৱা সঁচা কথা লিখোঁতা কোটিৰ মাজত কোনোবাহে আছে।
পিতাই কয় - মই যি হওঁ, যেনেকুৱা হওঁ তেনেকৈ মোক একেবাৰেই নাজানে। নিজক আত্মা বুলি
বুজিলে আৰু মোক স্মৰণ কৰিলে তেতিয়া বুদ্ধিত কিছু ধাৰণ হ’ব। পিতাই কয় - যদিও ভাল ভাল
সন্তান আছে, বহুত ভালকৈ জ্ঞান শুনায়, যোগ মুঠেই নাই। সম্পূৰ্ণ পৰিচয় নাই, বুজিব
নোৱাৰে সেইবাবে কাকো বুজাব নোৱাৰে। গোটেই সৃষ্টিৰ মনুষ্য মাত্ৰেই ৰচয়িতা আৰু ৰচনাক
মুঠেই নাজানে তাৰ মানে একোৱেই নাজানে। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। তথাপিও হ’ব।
5 হাজাৰ বছৰ পাছত পুনৰ এই সময় আহিব আৰু মই আহি বুজাব লাগিব। বাদশ্বাহী লোৱাতো কম কথা
নহয়! বহুত পৰিশ্ৰম আছে। মায়াই ভালেই প্ৰহাৰ কৰে, ডাঙৰ যুদ্ধ চলে। মুষ্টি যুদ্ধ হয়
নহয়। যিসকল বহুত বুদ্ধিমান তেওঁলোকৰেই মুষ্টি যুদ্ধ হয়। তথাপিও দুই-এজনক বেহুঁচ কৰি
দিয়ে। কয় - বাবা মায়াৰ বহুত ধুমুহা আহে, এইটো হয়। তাকো বহুত কম সংখ্যকেহে সঁচা কথা
লিখে। বহুত আছে যিয়ে কথা লুকুৱায়। এইখিনি বোধ নাই যে মই পিতাক কেনেকৈ সঁচা কথা ক’ব
লাগে? কি শ্ৰীমত ল’ব লাগে? বৰ্ণনা কৰিব নোৱাৰে। পিতাই জানে মায়া অতি প্ৰবল। সঁচা কথা
ক’বলৈ বহুত লাজ লাগে, তেওঁলোকৰ কৰ্ম এনেকুৱা হৈ যায় যে শুনাবলৈ লাজ লাগে। পিতাইতো
বহুত সন্মান দি উন্নতি সাধে। এওঁ বহুত ভাল, এওঁক বহুমুখী সেৱাত পঠিয়াই দিম। বচ্
দেহ-অহংকাৰ আহিল, মায়াৰ চৰ খালে আৰু তেওঁ অধঃপতিত হ’ল। বাবাইতো উন্নতি সাধিবলৈ
মহিমাও কৰে। বহুত মৰম কৰি উন্নতি সাধিম। তোমালোকতো বহুত ভাল। স্থূল সেৱাতো বহুত ভাল।
কিন্তু যথাৰ্থ ৰীতিৰে বহি কয় যে লক্ষ্য অতি উচ্চ। দেহ আৰু দেহৰ সম্বন্ধ এৰি নিজক
অশৰীৰী আত্মা বুলি বুজা - এই পুৰুষাৰ্থ কৰাতো বুদ্ধিৰ কাম। সকলো পুৰুষাৰ্থী। কিমান
ডাঙৰ ৰাজ্য স্থাপনা হৈ আছে। পিতাৰ সকলো সন্তানো হয়, বিদ্যাৰ্থীও হয়, অনুগামীও হয়।
এওঁ (শিৱবাবা) গোটেই সৃষ্টিৰ পিতা। সকলোৱে সেই এজনকে আহ্বান জনায়। তেওঁ আহি
সন্তানসকলক বুজাই থাকে। তথাপিও ইমান সন্মান থাকে জানো। ডাঙৰ ডাঙৰ ব্যক্তিসকল আহে,
কিমান সন্মানেৰে তেওঁলোকৰ সোধ-পোছ কৰে। কিমান জাকজমকতা থাকে। এই সময়ততো সকলো পতিত।
কিন্তু নিজক পতিত বুলি ভাবে জানো। মায়াই একেবাৰে তুচ্ছ বুদ্ধিৰ কৰি দিছে। কৈ দিয়ে
সত্যযুগৰ আয়ুস ইমান দীঘল সেয়েহে পিতাই কয় 100 শতাংশ বুদ্ধিহীন হ’ল নহ’ল। মনুষ্য হৈ
কি কাম কৰি থাকে। 5 হাজাৰ বছৰৰ কথাক লাখ লাখ বছৰ বুলি কৈ দিয়ে! এয়াও পিতা আহি বুজায়।
5 হাজাৰ বছৰ পূৰ্বে এই লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল। এওঁলোক দৈৱীগুণ সম্পন্ন মনুষ্য
আছিল সেইবাবে তেওঁলোকক দেৱতা, আসুৰি গুণধাৰীসকলক অসুৰ বুলি কোৱা হয়। অসুৰ আৰু
দেৱতাৰ মাজত দিন-ৰাতিৰ পাৰ্থক্য আছে। কিমান মাৰপিট, হাই-কাজিয়া লাগি থাকে। খুব
প্ৰস্তুতি চলি থাকে। এই যজ্ঞত গোটেই সৃষ্টি আহুতি যাব লাগিব। তাৰ বাবে এই সকলো
প্ৰস্তুতি লাগে নহয়। বোমা যি তৈয়াৰ কৰিলে সেইবোৰৰ উৎপাদন বন্ধ হ’ব পাৰে জানো। অলপ
সময়ৰ ভিতৰতেই সকলোৰে ওচৰত এইবিলাক উভৈনদী হৈ পৰিব কিয়নো বিনাশতো দ্ৰুতগতিত হ’ব লাগে
নহয়। তেতিয়া চিকিৎসালয় আদি থাকিব জানো। কোনেও গমেই নাপাব। মাহীৰ ঘৰৰ নিচিনাতো নহয়।
বিনাশ-সাক্ষাৎকাৰ কোনো পাই-পইচাৰ কথা নহয়। গোটেই সৃষ্টি জ্বলি থকাতো প্ৰত্যক্ষ
কৰিব পাৰিবা জানো! সাক্ষাৎকাৰ হয় - কেৱল জুই আৰু জুইয়েই লাগি আছে। গোটেই সৃষ্টি নাশ
হৈ যাব। কিমান বিশাল সৃষ্টি। আকাশতো নজ্বলিব। ইয়াৰ তলত যি আছে সকলোবোৰ বিনাশ হৈ যাব।
সত্যযুগ আৰু কলিযুগৰ মাজত ৰাতি-দিনৰ পাৰ্থক্য আছে। কিমান অনেক মনুষ্য আছে, জীৱ-জন্তু
আছে, কিমান সামগ্ৰী আছে। এই কথাবোৰো সন্তানসকলৰ বুদ্ধিত কাচিৎহে ধাৰণ হয়। বিচাৰ কৰা
- 5000 বছৰৰ কথা। দেৱী-দেৱতাৰ ৰাজ্য আছিল নহয়! কিমান কম সংখ্যক মনুষ্য আছিল। এতিয়া
কিমান মনুষ্য আছে। এতিয়া হৈছে কলিযুগ, ইয়াৰ নিশ্চয় বিনাশ হ’ব।
এতিয়া পিতাই
আত্মাসকলক কয় – মামেকম্ (কেৱল মোক) স্মৰণ কৰা। এয়াও বুজিহে স্মৰণ কৰিব লাগে। এনেয়ে
“শিৱ শিৱ” বুলিতো বহুতে কৈ থাকে। সৰু ল’ৰা-ছোৱালীয়েও কৈ দিয়ে কিন্তু বুদ্ধিত জ্ঞান
একো নাই। অনুভৱেৰে নকয় যে তেওঁ বিন্দু স্বৰূপ। আমিও সিমানেই সূক্ষ্ম বিন্দু। এনেকৈ
বুজি লৈ স্মৰণ কৰিব লাগে। প্ৰথমেতো মই আত্মা – এইটো দৃঢ় কৰিবা তাৰ পাছত পিতাৰ পৰিচয়
বুদ্ধিত ভালদৰে ধাৰণ কৰিবা। অন্তৰ্মুখী সন্তানেহে ভালদৰে বুজিব পাৰে যে মই আত্মা
বিন্দু স্বৰূপ হওঁ। মই আত্মাই এতিয়া জ্ঞান পাই আছোঁ যে মোৰ মাজত 84 জন্মৰ ভূমিকা
কেনেকৈ নিহিত হৈ আছে, পুনৰ আত্মা কেনেকৈ সতোপ্ৰধান হয়। এই সকলোবোৰ বহুত অন্তৰ্মুখী
হৈ বুজিবলগীয়া কথা। ইয়াতেই সময়ৰ প্ৰয়োজন হয়। সন্তানসকলে জানে যে এয়া আমাৰ অন্তিম
জন্ম। আমি এতিয়া ঘৰলৈ যাওঁ। এইটো বুদ্ধিত দৃঢ় হ’ব লাগে যে আমি প্ৰত্যেকে আত্মা।
শৰীৰৰ বোধ যেতিয়া কম হ’ব তেতিয়াহে কথা-বাৰ্তাত শুধৰণি হ’ব। নহ’লে আচৰণ একেবাৰে
নিকৃষ্ট হৈ যায় কিয়নো শৰীৰৰ পৰা পৃথক নহয়। দেহ-অভিমানত আহি কিবা নহয় কিবা কৈ দিয়ে।
যজ্ঞততো বহুত সত্যনিষ্ঠ হোৱা উচিত। এতিয়া বহুত অমনোযোগী হৈ আছা। খোৱা-বোৱা,
বাতাৱৰণ আদিৰ একোৱে শুধৰণি হোৱা নাই। এতিয়াতো বহুত সময়ৰ প্ৰয়োজন। সেৱাধাৰী
সন্তানসকলকহে বাবাই স্মৰণ কৰে, পদো তেওঁলোকেই পাব পাৰিব। এনেয়ে আত্মসন্তুষ্টি লাভ
কৰা সেয়া চানা চোবাই থকাৰ নিচিনা। এই ক্ষেত্ৰত বহুত অন্তৰ্মুখী হোৱা উচিত। বুজাবলৈও
যুক্তি লাগে। প্ৰদৰ্শনীত জানো কোনোবাই বুজি পায়। কেৱল কৈ দিয়ে যে আপোনালোকৰ কথাবোৰ
ঠিকেই। ইয়াতো ক্ৰমানুসৰি আছে। এইটো নিশ্চয়তা আছে যে আমি সন্তান হৈছোঁ, পিতাৰ পৰা
স্বৰ্গৰ উত্তৰাধিকাৰ পোৱা যায়। যদি আমি পিতাৰ পূৰা সেৱা কৰি থাকোঁ, আমাৰতো এইটোৱে
কাম, তেতিয়া গোটেই দিন বিচাৰ সাগৰ মন্থন চলি থাকিব। এই বাবায়ো (ব্ৰহ্মা বাবায়ো)
বিচাৰ সাগৰ মন্থন কৰে নহয়। নহ’লে এই (নাৰায়ণৰ) পদ কেনেকৈ পাব! সন্তানসকলক দুয়োজনে
(শিৱবাবা আৰু ব্ৰহ্মা বাবা) একেলগে বুজাই থাকে। দুটা ইঞ্জিন পাইছা কিয়নো বহুত উচ্চলৈ
আৰোহণ কৰিব লাগে নহয়। পাহাৰৰ ওপৰলৈ যাবৰ কাৰণে ৰেলগাড়ীত দুটা ইঞ্জিন লগায়।
কেতিয়াবা গৈ থাকোতে গাড়ী ৰৈ যায় আৰু পিছলি তললৈ নামি আহে। মোৰ সন্তানসকলৰো
এনেকুৱাই হয়। আগবাঢ়ি গৈ গৈ, পৰিশ্ৰম কৰি কৰি ৰৈ যায় ওপৰলৈ উঠিব নোৱাৰে। মায়াৰ
গ্ৰহণ বা ধুমুহাৰ কবলত পৰিলে একেবাৰে তলত পৰেগৈ আৰু একেবাৰে চূৰ্ণ-বিচূৰ্ণ হৈ যায়।
অলপ সেৱা কৰিলেই অহংকাৰ আহি যায়, অৱনমিত হৈ যায়। এইটো বুজি নাপায় যে পিতা আছে, লগত
ধৰ্মৰজাও আছে। যদি কোনোবাই এনেকুৱা কিবা কৰে তেন্তে বহুত কাঢ়া শাস্তি ভুগিবলগীয়া হয়।
তাতকৈতো বাহিৰত থকাটোৱেই ভাল। পিতাৰ হৈ যোৱা আৰু উত্তৰাধিকাৰ লোৱা সেয়া কোনো মাহীৰ
ঘৰ (ইমান উজু) নহয়। পিতাৰ (সন্তান) হৈ যোৱাৰ পাছত এনেকুৱা কিবা কৰ্ম কৰিলে তেতিয়া
নাম বদনাম কৰি দিয়ে। বহুত আঘাত লাগি যায়। উত্তৰাধিকাৰী হোৱাতো কোনো মাহীৰ ঘৰৰ নিচিনা
(ইমান উজু) জানো। প্ৰজাৰ মাজতো কোনোবা ইমান চহকী হয়, কথাই নুসুধিবা। অজ্ঞানকালত
কোনোবা ভাল হয়, কোনোবা আকৌ কেনেকুৱা! নালায়ক সন্তানকতো কৈ দিব - মোৰ সন্মুখৰ পৰা
আঁতৰি যোৱা। ইয়াত এজন-দুজন সন্তানৰতো কথা নহয়। ইয়াত মায়া বৰ শক্তিশালী। এই
ক্ষেত্ৰত সন্তানসকল বহুত অন্তৰ্মুখী হোৱা উচিত, তেতিয়াহে তোমালোকে কাৰোবাক বুজাব
পাৰিবা। তোমালোকৰ প্ৰতি উৎসৰ্গিত হৈ যাব আৰু তাৰ পাছত অনুতাপ কৰিব – আমি পিতাক ইমান
গালি পাৰিলোঁ। পৰমপিতাক সৰ্বব্যাপী বা নিজকে ঈশ্বৰ বুলি কওঁতাসকলৰ কম শাস্তি হ’বনে।
এনেয়ে জানো গুচি যাব পাৰিব। তেওঁলোকৰ বাবেতো আৰু বেছি সমস্যাহে হ’ব। যেতিয়া সময়
আহিব তেতিয়া পিতাই এই সকলোৰে পৰা হিচাপ বিচাৰিব। বিনাশৰ সময়ত সকলোৰে হিচাপ-নিকাচ
নিষ্পত্তি হৈ যায় নহয়, এই ক্ষেত্ৰত অতি বিশাল বুদ্ধিৰ প্ৰয়োজন।
মনুষ্যইতো চোৱা কাক
কাক শান্তিৰ বঁটা প্ৰদান কৰি থাকে। এতিয়া বাস্তৱত শান্তি প্ৰতিষ্ঠা কৰোঁতাতো এজনেই।
সন্তানসকলে লিখিব লাগে - সৃষ্টিত পৱিত্ৰতা–শান্তি-সমৃদ্ধি ভগৱানৰ শ্ৰীমতত প্ৰতিষ্ঠা
হৈ আছে। শ্ৰীমততো প্ৰসিদ্ধ। শ্ৰীমদ্ভাগৱত গীতা শাস্ত্ৰক কিমান সন্মান জনায়। কোনোবাই
যদি কাৰোবাৰ শাস্ত্ৰ বা মন্দিৰক লৈ কিবা কয় বা কৰি দিয়ে তেতিয়া কিমান কাজিয়া কৰে।
এতিয়া তোমালোকে জানা যে এই গোটেই সৃষ্টিখনেই জ্বলি ভস্ম হৈ যাব। এই মন্দিৰ-মছজিদ আদি
জ্বলাই থাকিব। এই সকলোবোৰ হোৱাৰ আগতেই পৱিত্ৰ হ’ব লাগে। এইটো চিন্তনেই চলি থাকিব
লাগে। ঘৰ-সংসাৰো চোৱাচিতা কৰিব লাগে। ইয়ালৈতো অনেক আহে। ইয়াত ছাগলীৰ দৰেতো থাকিব
নালাগে কিয়নো এয়াতো অমূল্য জীৱন, ইয়াকতো বহুত তদাৰক কৰি ৰাখিব লাগে। সৰু ল’ৰা-ছোৱালী
আদিক লৈ অহা - এইটো বন্ধ কৰি দিব লাগে। ইমান সংখ্যক সন্তানক কোনে বহি তদাৰক কৰি
থাকিব। ল’ৰা-ছোৱালীৰ ছুটীৰ দিন হ’লে তেতিয়া কোনোৱে ভাবে আৰু ক’লৈ যাওঁ, ব’লা মধুবনত
বাবাৰ ওচৰলৈ যাওঁ। এয়াতো যেন ধৰ্মশালা হৈ যায়। তেন্তে বিশ্ব বিদ্যালয় কেনেকৈ হ’ল!
বাবাই বিচাৰ কৰি আছে কেতিয়াবা আদেশ দি দিব - কোনেও সৰু লৰা-ছোৱালীক লৈ নাহিবা। এই
বন্ধনো কম হৈ যাব। মাতাসকলৰ প্ৰতি পুতৌ জন্মে। এইটোও সন্তানসকলে জানে যে শিৱবাবা
হৈছে গুপ্ত। এওঁৰ (ব্ৰহ্মা বাবাৰ) প্ৰতিও জানো কাৰোবাৰ সন্মান আছে। এনেকৈ ভাবে যে
আমাৰতো শিৱবাৰাৰ লগত সম্পৰ্ক। ইমানখিনিও নুবুজে - শিৱবাবাইহেতো এওঁৰ দ্বাৰা বুজায়
নহয়। মায়াই নাকট ধৰি ওলোটা কৰ্ম কৰাই থাকে, এৰিয়েই নিদিয়ে। ৰাজধানীত সকলো প্ৰকাৰৰে
লাগে নহয়। এই সকলোবোৰৰ সাক্ষাৎকাৰ অন্তিম সময়ত হ’ব। শাস্তিৰো সাক্ষাৎকাৰ হ’ব।
সন্তানসকলৰ আগতেও এই সকলোবোৰৰ সাক্ষাৎকাৰ হৈছে। তথাপিও কোনো কোনোৱে পাপ কৰিবলৈ এৰিয়ে
নিদিয়ে। বহুত সন্তানে যেন দৃঢ়তাৰে মনত ঠিৰাং কৰি লৈছে যে মইতো তৃতীয় শ্ৰেণীৰেই হ’ব
লাগে, সেইকাৰণে পাপ কৰিবলৈ এৰি নিদিয়ে। আৰু বেছি ভালকৈহে নিজৰ শাস্তি সৃষ্টি কৰি আছে।
বুজাবলগীয়াতো হয় নহয়। এনেকৈ দৃঢ়মনা নহ’বা যে মইতো তৃতীয় শ্ৰেণীৰেই হ’ব লাগে। এতিয়া
দৃঢ়প্ৰতিজ্ঞ হোৱা যে মই এনেকুৱা লক্ষ্মী-নাৰায়ণ হ’ব লাগে। কোনোৱেতো ভালকৈ
দৃঢ়প্ৰতিজ্ঞ হয়, খতিয়নৰ তালিকা লিখে - আজি দিনটোত মই একো বিকৰ্ম কৰাতো নাই! এনেকৈ
খতিয়ানো বহুতে ৰাখিছিল, তেওঁলোক আজি নাই। মায়াই বহুত অৱনমিত কৰায়। আধাকল্প মই সুখ
দিওঁ, মায়াই আকৌ আধাকল্প দুখ দিয়ে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) অন্তৰ্মুখী
হৈ শৰীৰৰ বোধৰ পৰা উপৰাম হৈ থকাৰ অভ্যাস কৰিব লাগে, খোৱা-বোৱা, চাল-চলন শুধৰাব লাগে
কেৱল নিজক আনন্দিত কৰি অমনোযোগী হ’ব নালাগে।
(2) বহুত উচ্চলৈ
আৰোহণ কৰিব লাগে, সেই কাৰণে বহুত সাৱধান হৈ চলিব লাগে। যি কোনো কৰ্ম সাৱধানেৰে কৰিব
লাগে। অহংকাৰত আহিব নালাগে। ওলোটা কৰ্ম কৰি শাস্তিৰ সৃষ্টি কৰিব নালাগে। প্ৰতিজ্ঞা
কৰিব লাগে যে মই এই লক্ষ্মী-নাৰায়ণৰ দৰে হ’বই লাগিব।
বৰদান:
আত্মিকতাৰ
শ্ৰেষ্ঠ স্থিতিৰে বাতাৱৰণ আত্মিক কৰি তোলোঁতা সহজ পুৰুষাৰ্থী হোৱা
আত্মিকতাৰ স্থিতিৰে
নিজৰ সেৱাকেন্দ্ৰৰ এনেকুৱা আত্মিক বাতাৱৰণ গঢ়ি তোলা যাৰ দ্বাৰা নিজৰ আৰু ইয়ালৈ অহা
আত্মাসকলৰ সহজে উন্নতি হ’ব পাৰে কিয়নো যিসকল বাহিৰৰ বাতাৱৰণত ক্লান্ত হৈ আহে
তেওঁলোকক অতিৰিক্ত সহযোগৰ আৱশ্যক হয় সেই কাৰণে তেওঁলোকক আত্মিক বায়ুমণ্ডলৰ সহযোগ
দিয়া। সহজ পুৰুষাৰ্থী হোৱা আৰু কৰি তোলা। ইয়ালৈ অহা প্ৰত্যেক আত্মাই অনুভৱ কৰক যে
এয়া সহজেই উন্নতি প্ৰাপ্ত কৰা স্থান।
স্লোগান:
বৰদানী হৈ শুভ ভাৱনা আৰু শুভ কামনাৰ বৰদান দি থাকা।
সংযুক্ত ৰূপৰ স্মৃতিৰে
সদায় বিজয়ী হ’বলৈ আজিৰ অব্যক্ত সংকেত:
পিতা সংযুক্ত হৈ আছে
সেই কাৰণে উৎসাহ-উদ্দীপনাৰে আগবাঢ়ি গৈ থাকা। দুৰ্বলতা, হতাশা পিতাক অৰ্পণ কৰি দিয়া,
নিজৰ ওচৰত নাৰাখিবা। নিজৰ ওচৰত কেৱল উৎসাহ-উদ্দীপনা ৰাখা। সদায় উৎসাহ-উদ্দীপনাত নাচি
থাকা, গাই থাকা আৰু ব্ৰহ্মা ভোজন খাই থাকা।