10.06.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোকে শ্ৰীমত অনুসৰি সকলোকে সুখ দিব লাগে, তোমালোকে শ্ৰেষ্ঠ হৈ আনকো শ্ৰেষ্ঠ কৰি
তোলাৰ বাবে শ্ৰেষ্ঠ মত পোৱা”
প্ৰশ্ন:
দয়াশীল
সন্তানসকলৰ অন্তৰত কোনটো লহৰ উঠে? তেওঁলোকে কি কৰা উচিত?
উত্তৰ:
যিসকল দয়াশীল সন্তান তেওঁলোকৰ অন্তৰে বিচাৰে – আমি গাঁৱে গাঁৱে গৈ সেৱা কৰোঁ।
আজিকালি বেচেৰাহঁত বহুত দুখী, তেওঁলোকক গৈ শুভ বাৰ্তা দিওঁ যে বিশ্বত পৱিত্ৰতা, সুখ
আৰু শান্তিৰ দৈৱী স্বৰাজ্য স্থাপনা হৈ আছে, এয়া সেয়াই মহাভাৰতৰ যুদ্ধ, যথাযথ সেই
সময়ত পিতাও আছিল, এতিয়াও পিতাৰ আগমন হৈছে।
ওঁম্শান্তি।
মৰমৰ
সন্তানসকল ইয়াত বহি আছা গতিকে এইটো নিশ্চয় বুজি পোৱা যে আমি ঈশ্বৰীয় সন্তান। নিশ্চয়
নিজক আত্মা বুলিয়ে ভাবিবা। শৰীৰ আছে সেইবাবেতো শৰীৰৰ দ্বাৰা আত্মাই শুনে। পিতাই এই
শৰীৰ ঋণত লৈছে, সেইবাবে শুনায়। এতিয়া তোমালোকে বুজি পোৱা – আমি হৈছোঁ ঈশ্বৰীয়
সন্তান বা সম্প্ৰদায় পুনৰ আমি দৈৱী সম্প্ৰদায়ৰ হ’মগৈ। স্বৰ্গৰ মালিক হয়েই দেৱতাসকল।
আমি পুনৰ 5 হাজাৰ বছৰ পূৰ্বৰ দৰে দৈৱী স্বৰাজ্য স্থাপনা কৰি আছোঁ। পুনৰ আমি দেৱতা
হ’মগৈ। এই সময়ত গোটেই সৃষ্টি বিশেষকৈ ভাৰত আৰু সাধাৰণভাৱে জগতৰ বাকীবোৰ, সকলো
মনুষ্য মাত্ৰেই এজনে আনজনক দুখহে দিয়ে। তেওঁলোকে এইটোও নাজানে যে সুখধামো থাকে।
পৰমপিতা পৰমাত্মাহে আহি সকলোকে সুখী আৰু শান্ত কৰি তোলে। ইয়াততো ঘৰে ঘৰে এজনে আনজনক
দুখেই দিয়ে। গোটেই বিশ্বত দুখেই দুখ। এতিয়া তোমালোক সন্তানসকলে জানা – পিতাই আমাক
21 জন্মৰ বাবে সৰ্বদা সুখী কৰি তোলে। কেতিয়াৰ পৰা দুখ আৰম্ভ হ’ল আকৌ কেতিয়া পূৰ্ণ
হয়, এই বিষয়ে আন কাৰো বুদ্ধিত চিন্তন নচলিব। তোমালোকৰহে এইটো বুদ্ধিত আছে যে আমি
যথাযথ ঈশ্বৰীয় সম্প্ৰদায়ৰ আছিলোঁ, এনেয়েতো গোটেই সৃষ্টিৰ মনুষ্য মাত্ৰেই ঈশ্বৰীয়
সম্প্ৰদায়ৰ। প্ৰত্যেকে তেওঁক পিতা বুলি মাতে। এতিয়া সন্তানসকলে জানে – শিৱবাবাই
আমাক শ্ৰীমত দি আছে। শ্ৰীমত প্ৰসিদ্ধ। উচ্চতকৈও উচ্চ ভগৱানৰ উচ্চতকৈও উচ্চ মত। গায়নো
কৰা হয় – তেওঁৰ গতি-মত অনন্য। শিৱবাবাৰ শ্ৰীমতে আমাক কিহ’ৰপৰা কি কৰি তোলে! স্বৰ্গৰ
মালিক। বাকী যি মনুষ্য মাত্ৰ আছে তেওঁলোকেতো নৰকৰ মালিকহে কৰি তোলে। এতিয়া তোমালোক
সংগমত আছা। এইটোতো নিশ্চয়তা আছে নহয়। নিশ্চয়বুদ্ধিৰসকলহে ইয়ালৈ আহে আৰু বুজে যে
বাবাই আমাক পুনৰাই সুখধামৰ মালিক কৰি তোলে। আমিয়েই 100 শতাংশ পৱিত্ৰ গৃহস্থ মাৰ্গৰ
আছিলোঁ। এইটো স্মৃতি উদয় হৈছে। 84 জন্মৰো হিচাপ আছে নহয়। কোনে কোনে কিমান জন্ম লয়।
যিবোৰ ধৰ্ম পাছত আহে, তেওঁলোকৰ জন্মও কম হয়।
তোমালোক সন্তানসকলে
এতিয়া এইটো নিশ্চয়তা ৰাখিব লাগে যে আমি ঈশ্বৰীয় সন্তান। আমি সকলোকে শ্ৰেষ্ঠ কৰি
তুলিবলৈ শ্ৰেষ্ঠ মত পাওঁ। আমাৰ সেইজন বাবায়েই আমাক ৰাজযোগ শিকায়। মনুষ্যই ভাবে যে
বেদ-শাস্ত্ৰ আদি সকলো ভগৱানক পোৱাৰ ৰাস্তা আৰু ভগৱানে কয় – ইয়াৰ দ্বাৰা কোনেও মোক
লগ নাপায়। ময়েই আহোঁ, সেইবাবেতো মোৰ জয়ন্তীও উদ্যাপন কৰে, কিন্তু কেতিয়া আৰু কাৰ
শৰীৰত আহোঁ, এইটো তোমালোক ব্ৰাহ্মণসকলৰ বাহিৰে কোনেও নাজানে। এতিয়া তোমালোক
সন্তানসকলে সকলোকে সুখ দিব লাগে। জগতত সকলোৱে এজনে আনজনক দুখ দিয়ে। তেওঁলোকে এইটো
বুজি নাপায় যে বিকাৰগ্ৰস্ত হোৱাটো দুখ দিয়া হয়। এতিয়া তোমালোকে জানা – বিকাৰগ্ৰস্ত
হোৱাটো হৈছে মহান দুখ। কুমাৰী যি পৱিত্ৰ আছিল তেওঁলোকক অপৱিত্ৰ কৰি তোলে। নৰকবাসী
হ’বলৈ কিমান উৎসৱ পাতে। ইয়াততো এনেকুৱা কোনো হুলস্থূলৰ কথাই নাই। তোমালোক বৰ
শান্তিত বহি আছা। সকলো আনন্দিত হয়, গোটেই বিশ্বক সদায় আনন্দিত কৰি তোলে। তোমালোকৰ
মান ‘শিৱ শক্তি’ৰ ৰূপত আছে। তোমালোকৰ তুলনাত লক্ষ্মী-নাৰায়ণৰতো একোৱেই মান নাই।
‘শিৱ শক্তি’সকলৰে নাম প্ৰসিদ্ধ কিয়নো যেনেকৈ পিতাই সেৱা কৰিছে, সকলোকে পৱিত্ৰ কৰি
সদাকালৰ বাবে সুখী কৰিছে, তেনেকৈ তোমালোকো পিতাৰ সহায়কাৰী হৈছা, সেইবাবে তোমালোক
শক্তিসকলৰ; ভাৰত মাতাসকলৰ মহিমা আছে। এই লক্ষ্মী-নাৰায়ণতো ৰজা-ৰাণী আৰু প্ৰজা সকলো
স্বৰ্গবাসী হয়। সেইটো জানো ডাঙৰ কথা! যেনেকৈ তেওঁলোক স্বৰ্গবাসী তেনেকৈ ইয়াৰ
ৰজা-ৰাণী সকলো নৰকবাসী। এনেকুৱা নৰকবাসীসকলক তোমালোকে স্বৰ্গবাসী কৰি তোলা।
মনুষ্যইতো একোৱেই নাজানে। একেবাৰে তুচ্ছ বুদ্ধিৰ। কি কি কৰি থাকে। কিমান যুদ্ধ আদি
হয়। প্ৰতিটো কথাতে দুখীয়ে হয়। সত্যযুগত সকলো কথাতে সুখেই সুখ। এতিয়া সকলোকে সুখ
দিয়াৰ বাবেহে বাবাই শ্ৰেষ্ঠ মত দিয়ে। গায়নো কৰে – শ্ৰীমত ভগৱানুবাচ (ভগৱানে যি
শুনায় সেয়াই শ্ৰীমত)। শ্ৰীমত মনুষ্য বাচ নহয়। সত্যযুগত দেৱতাসকলক মত দিয়াৰ দৰকাৰেই
নাই। ইয়াত তোমালোকে শ্ৰীমত পোৱা। পিতাৰ লগতে তোমালোককো ‘শিৱশক্তি’ বুলি গায়ন কৰা হয়।
এতিয়া পুনৰ সেই ভূমিকা বাস্তৱত চলি আছে। এতিয়া পিতাই কয় – তোমালোক সন্তানসকলে মন,
বাণী, কৰ্মৰে সকলোকে সুখ দিব লাগে। সকলোকে সুখধামৰ ৰাস্তা দেখুৱাব লাগে। এয়াই হৈছে
তোমালোকৰ বেপাৰ। শৰীৰ নিৰ্বাহৰ অৰ্থে পুৰুষসকলে পেছাগত কাম-কাজো কৰিবলগীয়া হয়। এনেকৈ
কয় – সন্ধিয়া সময়ত দেৱতাসকল পৰিক্ৰমা লগাবলৈ ওলায়, এতিয়া দেৱতাসকল ইয়ালৈ ক’ৰপৰা
আহিল। কিন্তু এই সময়খিনিক শুদ্ধ বুলি কয়। এইখিনি সময়ত সকলোৱে আজৰিও পায়। তোমালোক
সন্তানসকলে চলোঁতে-ফুৰোঁতে, উঠোঁতে-বহোঁতে স্মৰণ কৰিব লাগে। বচ্, কোনো দেহধাৰীৰ
চাকৰি আদি কৰিব নালাগে। পিতাৰতো গায়ন আছে যে দ্ৰৌপদীৰ ভৰি পিটিকি দিলে। ইয়াৰো অৰ্থ
বুজি নাপায়। স্থূল ৰূপত ভৰি পিটিকি দিয়াৰ কথা নহয়। বাবাৰ ওচৰলৈ বৃদ্ধা আদি বহুত আহে,
এইটো জানে যে ভক্তি কৰি কৰি ভাগৰি পৰিছে। আধাকল্প বহুত হাবাথুৰি খাইছে নহয়। সেইকাৰণে
এই “ভৰি পিটিকি দিয়া” কথাষাৰ ব্যৱহাৰ কৰা হৈছে। এতিয়া শ্ৰীকৃষ্ণই কেনেকৈ ভৰি পিটিকি
দিব। শোভা পাবনে? তোমালোকে শ্ৰীকৃষ্ণক ভৰি পিটিকিবলৈ দিবানে? শ্ৰীকৃষ্ণক দেখাৰ লগে
লগে সকলোৱে আগুৰি ধৰিব। তেওঁৰতো বহুত চমৎকাৰ থাকে। শ্ৰীকৃষ্ণৰ বাহিৰে অন্য কোনো কথা
বুদ্ধিত নবহেই। তেৰ্ৱেঁই সকলোতকৈ তেজোময়। শিশু শ্ৰীকৃষ্ণই আকৌ মুৰুলী বজালে, একেবাৰে
সামঞ্জস্যহীন কথা। ইয়াত তোমালোক শিৱবাবাৰ লগত কেনেকৈ মিলিত হ’বা? তোমালোক
সন্তানসকলক ক’বলগীয়া হয়, শিৱবাবাক স্মৰণ কৰা তাৰ পাছত তেওঁৰ ওচৰলৈ আহিবা। তোমালোক
সন্তানসকলৰতো আন্তৰিক আনন্দ থকা উচিত - আমাক শিৱবাবাই 21 জন্মৰ কাৰণে সুখী কৰি তোলে।
এনেকুৱা পিতাৰ প্ৰতিতো একেবাৰে উৎসৰ্গিত হৈ যোৱা উচিত। কোনোবা সু-সন্তান হ’লে তেতিয়া
পিতা উৎসৰ্গিত হৈ যায়। পিতাৰ সকলো কামনা পূৰ্ণ কৰে। কোনোবাতো এনেকুৱা সন্তান থাকে
যিয়ে পিতাক হত্যাও কৰি দিয়ে। ইয়াততো তোমালোক অতি মৰমিয়াল হ’ব লাগে। কাকোৱে দুখ দিব
নালাগে। যিসকল দয়াশীল সন্তান আছে তেওঁলোকৰ অন্তৰে বিচাৰে - আমি গাঁৱে গাঁৱে গৈ সেৱা
কৰোঁ। আজিকালি বেচেৰাহঁত বহুত দুখী। তেওঁলোকক গৈ শুভ বাৰ্তা দিওঁ যে বিশ্বত
পৱিত্ৰতাৰ, সুখ, শান্তিৰ দৈৱী স্বৰাজ্য স্থাপনা হৈ আছে, এয়া সেয়াই মহাভাৰতৰ যুদ্ধ।
যথাযথ সেই সময়ত পিতাও আছিল। এতিয়াও পিতা আহিছে। তোমালোকে জানা - বাবাই আমাক
পুৰুষোত্তম কৰি আছে। এয়া হয়েই পুৰুষোত্তম সংগমযুগ। তোমালোক সন্তানসকলে জানা - আমি
পুৰুষোত্তম কেনেকৈ হওঁ। তোমালোকক সোধে - তোমালোকৰ উদ্দেশ কি? তেতিয়া ক’বা, মনুষ্যৰ
পৰা দেৱতা হোৱা। দেৱতাসকলতো প্ৰসিদ্ধ। পিতাই কয় - যিসকল দেৱতাৰ ভক্ত তেওঁলোকক বুজোৱা।
ভক্তিও পোন প্ৰথমে তোমালোকেই কৰিছিলা প্ৰথমতে শিৱৰ তাৰ পাছত দেৱতাসকলৰ। গতিকে পোন
প্ৰথমে শিৱবাবাৰ ভক্তসকলক বুজাব লাগে। তেওঁলোকক কোৱা - শিৱবাবাই কয় - মোক স্মৰণ কৰা।
শিৱৰ পূজা কৰে কিন্তু বুদ্ধিত জানো এইটো উদয় হয় যে তেওঁ পতিত-পাৱন পিতা হয়।
ভক্তিমাৰ্গত চোৱা কিমান হাবাথুৰি খায়। শিৱলিংগতো ঘৰতো ৰাখিব পাৰে। তেওঁৰ পূজা কৰিব
পাৰে তেন্তে আকৌ অমৰনাথ, বদ্ৰীনাথ আদিৰ ফালে যোৱাৰ কি দৰকাৰ। কিন্তু ভক্তিমাৰ্গত
মনুষ্যই হাবাথুৰি নিশ্চয় খাব লাগে। তোমালোকক তাৰপৰা মুক্ত কৰোঁ। তোমালোক হৈছা শিৱ
শক্তি, শিৱৰ সন্তান। তোমালোকে পিতাৰ পৰা শক্তি আহৰণ কৰা। সেয়াও স্মৃতিৰ দ্বাৰাহে
পাবা। বিকৰ্ম বিনাশ হ’ব। পতিত-পাৱনতো পিতা হয় নহয়। স্মৃতিৰ দ্বাৰাহে তোমালোক
বিকৰ্মাজিৎ পৱিত্ৰ হোৱা। সকলোকে এইটো ৰাস্তা দেখুৱাব লাগে। তোমালোক এতিয়া ৰামৰ হৈছা।
ৰামৰাজ্যত হৈছে সুখ, ৰাৱণৰাজ্যত দুখ। ভাৰততেই সকলোৰে চিত্ৰ আছে, যিসকলৰ ইমান পূজা
কৰা হয়। অনেক মন্দিৰ আছে। কোনোবা হনুমানৰ পূজাৰী, কোনোবা আন কাৰোবাৰ! ইয়াকে কোৱা হয়
অন্ধবিশ্বাস। এতিয়া তোমালোকে জানা যে আমিও অন্ধ আছিলোঁ। এৱোঁ (ব্ৰহ্মায়ো) নাজানিছিল
- ব্ৰহ্মা, বিষ্ণু, শংকৰ কোন, কি হয়? যিসকল পূজ্য আছিল তেওঁলোকেই আকৌ পূজাৰী হ’ল।
সত্যযুগত হৈছে পূজ্য, ইয়াত হৈছে পূজাৰী। পিতাই কিমান ভালকৈ বুজায়। তোমালোকে জানা যে
পূজ্য হয়েই সত্যযুগত। ইয়াত হৈছে পূজাৰী সেয়েহে পূজাই কৰি থাকে। তোমালোক হৈছা
শিৱশক্তি। এতিয়া তোমালোক পূজাৰীও নোহোৱা, পূজ্যও নোহোৱা। পিতাক পাহৰি নাযাবা। এয়া
সাধাৰণ শৰীৰ হয় নহয়। ইয়াত উচ্চতকৈ উচ্চ ভগৱান আহে। তোমালোকে পিতাক নিজৰ ওচৰলৈ
নিমন্ত্ৰণ জনোৱা নহয়। বাবা আহক, আমি বহুত পতিত হৈ গ’লোঁ। পুৰণি পতিত সৃষ্টিত, পতিত
শৰীৰত আহি আমাক পৱিত্ৰ কৰি তোলক। সন্তানে নিমন্ত্ৰণ জনায়। ইয়াততো কোনো পাৱন নায়েই।
নিশ্চয় সকলো পতিতক পাৱন কৰি লৈ যাব নহয়। তেন্তে সকলোৱে শৰীৰ ত্যাগ কৰিব নালাগিব জানো।
মনুষ্যই শৰীৰ ত্যাগ কৰিলে তেতিয়া কিমান হায়! হায়! কৰে। তোমালোক আনন্দেৰে যোৱা। এতিয়া
তোমালোক আত্মাই দৌৰ লগোৱা – দেখা যাওঁক কোনে শিৱবাবাক বেছিকৈ স্মৰণ কৰে। শিৱবাবাৰ
স্মৃতিত থাকোঁতে থাকোঁতেই শৰীৰ ত্যাগ কৰিব পাৰিলেতো সেয়া পৰম সৌভাগ্যৰ কথা। নাৱেই
পাৰ হ’ল। সকলোকে পিতাই কয় - এনেদৰে পুৰুষাৰ্থ কৰা। কোনো কোনো সন্ন্যাসীও এনেকুৱা
থাকে। ব্ৰহ্মত লীন হ’বলৈ অভ্যাস কৰে। অন্তিমত আকৌ এনেকৈ বহি বহি দেহ ত্যাগ কৰি দিয়ে।
নিস্তব্ধ হৈ যায়।
সুখৰ দিন পুনৰ আহিব।
তাৰ বাবেই তোমালোকে পুৰুষাৰ্থ কৰা যে বাবা আমি আপোনাৰ ওচৰলৈ যাওঁ। আপোনাক স্মৰণ
কৰোঁতে কৰোঁতে যেতিয়া আমি আত্মাসকল পৱিত্ৰ হৈ যাম তেতিয়া আপুনি আমাক লগত লৈ যাব।
আগতে যেতিয়া কাশীত গৈ আত্মঘাতী হৈছিল তেতিয়া সেয়া বহুত প্ৰেমেৰে কৰিছিল, বচ্ মই
মুক্ত হৈ যাওঁ - এনেকৈ ভাবিছিল। এতিয়া তোমালোকে পিতাক স্মৰণ কৰি শান্তিধামলৈ গুচি
যোৱা। তোমালোকে পিতাক স্মৰণ কৰা গতিকে সেই স্মৃতিৰ বলেৰে পাপ খণ্ডন হয়, তেওঁলোকে
ভাবে – আমাৰ আকৌ পানীৰে পাপ খণ্ডন হৈ যাব। মুক্তি পাই যাম। এতিয়া পিতাই বুজায় - সেয়া
কোনো যোগবল নহয়। পাপৰ শাস্তি ভোগ কৰি কৰি পুনৰ গৈ জন্ম লয়, নতুনকৈ পুনৰ পাপৰ হিচাপ
আৰম্ভ হয়। কৰ্ম, অকৰ্ম, বিকৰ্মৰ গতি পিতাই বহি বুজায়। ৰামৰাজ্যত কৰ্ম অকৰ্ম হয়,
ৰাৱণৰাজ্যত কৰ্ম বিকৰ্ম হৈ যায়। তাত কোনো বিকাৰ আদি নাথাকে।
মৰমৰ ফুল স্বৰূপ
সন্তানসকলে জানে পিতাই আমাক সকলো যুক্তি, সকলো ৰহস্য বুজায়। মুখ্য কথা এয়াই যে
পিতাক স্মৰণ কৰা। পতিত-পাৱন পিতা তোমালোকৰ সন্মুখত বহি আছে, কিমান নম্ৰ। কোনো
অহংকাৰ নাই, একেবাৰে সাধাৰণভাৱে চলি থাকে। বাপদাদা দুয়োজনেই সন্তানসকলৰ সেৱক।
তোমালোকৰ দুজন সেৱক আছে – উচ্চতকৈও উচ্চ ‘শিৱবাবা’ তাৰ পাছত ‘প্ৰজাপিতা ব্ৰহ্মা’।
তেওঁলোকে ‘ত্ৰিমূৰ্তি ব্ৰহ্মা’ বুলি কৈ দিয়ে। অৰ্থ জানে জানো। ত্ৰিমূৰ্তি ব্ৰহ্মাই
কি কৰে, একোৱেই গম নাপায়। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সদায় এইটো
নিশ্চয়তা থাকিব লাগে যে আমি ঈশ্বৰীয় সন্তান, আমি শ্ৰেষ্ঠ মতত চলিব লাগে। কাকো দুখ
দিব নালাগে। সকলোকে সুখৰ ৰাস্তা দেখুৱাব লাগে।
(2) সুসন্তান হৈ
পিতাৰ প্ৰতি উৎসৰ্গিত হৈ যাব লাগে, পিতাৰ সকলো কামনা পূৰ্ণ কৰিব লাগে। বাপদাদা
যেনেকুৱা নম্ৰ আৰু নিৰহংকাৰী তেনেকুৱা পিতাৰ সমান হ’ব লাগে।
বৰদান:
স্ব-উন্নতিৰ
দ্বাৰা সেৱাত উন্নতি কৰোঁতা সঁচা সেৱাধাৰী হোৱা
স্ব-উন্নতি হৈছে
সেৱাৰ উন্নতিৰ বিশেষ আধাৰ। যদি স্ব-উন্নতি কম তেন্তে সেৱাও কম হয়। কেৱল কাৰোবাক
মুখেৰে পৰিচয় দিয়াটোৱে সেৱা নহয় কিন্তু প্ৰতিটো কৰ্মৰ দ্বাৰা শ্ৰেষ্ঠ কৰ্মৰ প্ৰেৰণা
দিয়া - এয়াও সেৱা। যিসকল মন-বাণী-কৰ্মৰে সদায় সেৱাত তৎপৰ হৈ থাকে তেওঁলোকৰ সেৱাৰ
দ্বাৰা শ্ৰেষ্ঠ ভাগ্যৰ অনুভৱ হয়। যিমানে সেৱা কৰে সিমানে নিজেও আগবাঢ়ি যায়। নিজৰ
শ্ৰেষ্ঠ কৰ্মৰ দ্বাৰা সেৱা কৰোঁতাসকলে সদায় প্ৰত্যক্ষফল প্ৰাপ্ত কৰি থাকে।
স্লোগান:
সমীপত আহিবলৈ ভবা, কোৱা আৰু কৰা সমান কৰি তোলা।
অব্যক্ত সংকেত:
আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা, অন্তৰ্মুখী হোৱা
একাগ্ৰতাৰ আধাৰ হৈছে
অন্তৰ্মুখিতা। অন্তৰ্মুখী হৈ থাকিলে সূক্ষ্ম শক্তিৰ লীলা অনুভৱ কৰিবা। আত্মিক
স্থিতিত থাকি আত্মাসকলক আহ্বান জনাবা, আত্মাসকলৰ সৈতে বাৰ্তালাপ কৰিবা, আত্মাসকলৰ
সংস্কাৰ-স্বভাৱ পৰিৱৰ্তন কৰিবা, আত্মাসকলৰ পিতাৰ সৈতে সম্পৰ্ক গঢ়িবা, এনেকৈ আত্মিক
লীলাৰ অনুভৱ হ’ব।