10.08.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – যেনেকৈ পিতাই অপকাৰীৰো উপকাৰ কৰে তেনেকৈ তোমালোকেও পিতাক অনুসৰণ কৰা, সুখদায়ী হোৱা, এই শৰীৰক পাহৰি যোৱা”

প্ৰশ্ন:
দেহী-অভিমানী হৈ থকা সন্তানসকলৰ মুখ্য লক্ষণবোৰ কি হ’ব?

উত্তৰ:
1) তেওঁলোকৰ পৰস্পৰ বহুত আত্মিক প্ৰেম থাকিব। 2) তেওঁলোকে কেতিয়াও ইজনে সিজনৰ দুৰ্বলতাৰ বৰ্ণনা নকৰিব। 3) তেওঁলোক বহুত সুখদায়ী হ’ব। 4) তেওঁলোকৰ আনন্দ কেতিয়াও ম্লান পৰি নাযাব। সদায় অপাৰ আনন্দত থাকিব। 5) কেতিয়াও মতভেদত নাহিব। 6) আমি আত্মা ভাই ভাই, এইটো স্মৃতিৰে গুণগ্ৰাহী হ’ব, তেওঁলোকে সকলোৰে গুণহে দেখা পাব। তেওঁলোক নিজেও গুণৱান হ’ব আৰু আনকো গুণৱান কৰি তুলিব। 7) তেওঁলোকৰ এক পিতাৰ বাহিৰে আন কোনো স্মৃতিলৈ নাহিব।

ওঁম্শান্তি।
উচ্চতকৈও উচ্চ বেহদৰ পিতাৰ সন্মুখত তোমালোক সকলো সন্তান বহি আছা। তোমালোক কিমান ভাগ্যশালী হোৱা যে এনেকুৱা পিতাক পাইছা। তোমালোক জ্ঞানসাগৰ পিতাৰ ওচৰলৈ আহিছা জ্ঞান ৰত্নৰে জোলোঙা ভৰাবলৈ, উপাৰ্জন কৰিবলৈ। পিতাই তোমালোক মৰমৰ সন্তানসকলক কিমান উচ্চলৈ লৈ যায়। পিতাইতো কেৱল তোমালোক সন্তানসকলকহে চায়, তেওঁতো কাকো স্মৰণ কৰিব নালাগে। এওঁৰ (ব্ৰহ্মাৰ) আত্মাইতো পিতাক স্মৰণ কৰিব লাগে। পিতাই কয় - আমি দুয়ো তোমালোক সন্তানসকলকহে চাওঁ। মই আত্মাইতো সাক্ষী হৈ চাব নালাগে কিন্তু পিতাৰ লগত ময়ো এনেকৈ চাওঁ। পিতাৰ লগত থাকোঁতাতো হওঁ নহয়। তেওঁৰ সন্তান হওঁ সেয়েহে লগতে চাওঁ। মই বিশ্বৰ মালিক হৈ ঘূৰোঁ। যেন ময়েই এইবোৰ কৰোঁ। মই দৃষ্টি দিওঁ। দেহ সহিত সকলোবোৰ পাহৰিবলগীয়া হয়। বাকী পিতা আৰু সন্তান যেন এক হৈ যায়। গতিকে পিতাই বুজায় - মৰমৰ সন্তানসকল খুব পুৰুষাৰ্থ কৰা। যেনেকৈ পিতাই অপকাৰীৰো উপকাৰ কৰে তেনেকৈ তোমালোকেও পিতাক অনুসৰণ কৰা, সুখদায়ী হোৱা। পৰস্পৰ কেতিয়াও হাই-কাজিয়া নকৰিবা। নিজক আত্মা বুলি বুজি এই শৰীৰক পাহৰি যোৱা। এজন পিতাৰ বাহিৰে যাতে আন কোনো স্মৃতিলৈ নাহে। এয়াও যেন জীৱন্তে মৃত অৱস্থা। এই জগতৰ পৰা যেন মৰি গ’ল। এনেকৈ কয়ো যে তুমি মৰিলা মানে তোমাৰ কাৰণে জগতখন মৰি গ’ল। ইয়াত তোমালোক জীৱন্তে মৰিব লাগে, শৰীৰৰ বোধ আঁতৰাই যোৱা। একান্তত বহি অভ্যাস কৰি থাকা। ৰাতিপুৱা একান্তত বহি নিজৰ সৈতে বাৰ্তালাপ কৰা। বৰ উৎসাহেৰে পিতাক স্মৰণ কৰা। বাবা বচ্‌ এতিয়া মই আপোনাৰ কোলাত আহিলোঁ। বচ্‌ এজনৰ স্মৃতিতেই শৰীৰৰ অন্ত হওক… ইয়াকে একান্ত বুলি কোৱা হয়। পিতাক স্মৰণ কৰি কৰি এই শৰীৰ ৰূপী চামৰা আঁতৰি যাব।

তোমালোকে জানা এইখন পুৰণি সৃষ্টি, পুৰণি দেহ নাশ হৈ যাব। বাকী পুৰুষাৰ্থৰ কাৰণে অলপ সংগমৰ সময় আছে। সন্তানসকলে সোধে - বাবা এই পঢ়া কেতিয়ালৈকে চলিব? বাবাই কয় - যেতিয়ালৈকে দৈৱী ৰাজধানী স্থাপন নহয় তেতিয়ালৈকে শুনাই থাকিব, তাৰপাছত নতুন সৃষ্টিলৈ বদলি হৈ যাবা। এয়া পুৰণা শৰীৰ, কিবা নহয় কিবা কৰ্মভোগো চলি থাকে, এই ক্ষেত্ৰত বাবাই সহায় কৰিব - এইটো আশা ৰাখিব নালাগে। দেউলীয়া হ’ল, বেমাৰ হ’ল – পিতাই ক’ব এয়া তোমালোকৰ হিচাপ-নিকাচ। অৱশ্যে হয় তথাপিও যোগৰ দ্বাৰা আয়ুস বাঢ়িব। নিজে যত্ন কৰা, কৃপা নিবিচাৰিবা। পিতাক যিমান স্মৰণ কৰিবা ইয়াতেই কল্যাণ আছে, যিমান দূৰ সম্ভৱ যোগবলেৰে কাম চলোৱা। ভক্তি মাৰ্গত গায় - মোক পলকত লুকুৱাই লোৱা… প্ৰিয় বস্তুক চকুৰ মণি, প্ৰাণতকৈ মৰমৰ বুলি কয়। এই পিতাতো বহুত প্ৰিয়, কিন্তু গুপ্ত হয়। তেওঁৰ প্ৰতি প্ৰেম এনেকুৱা হ’ব যে কথাই নুসুধিবা। সন্তানসকলকতো পিতাই নিজৰ পলকত লুকুৱাই লয়। পলক কোনো এই দুচকু নহয়, এয়াতো বুদ্ধিৰ কথা। অতিকৈ মৰমৰ নিৰাকাৰ পিতাই আমাক পঢ়াই আছে। তেওঁ জ্ঞানৰ সাগৰ, সুখৰ সাগৰ, প্ৰেমৰ সাগৰ হয়। এনেকুৱা অতিকৈ মৰমৰ পিতাৰ প্ৰতি কিমান মৰম থকা উচিত। সন্তানসকলৰ কিমান নিষ্কাম সেৱা কৰে। তোমালোক সন্তানসকলক হীৰাতুল্য কৰি তোলে। কিমান মিঠা বাবা। কিমান নিৰহংকাৰী হৈ তোমালোক সন্তানসকলৰ সেৱা কৰে, গতিকে তোমালোক সন্তানসকলেও ইমান মৰমেৰে সেৱা কৰিব লাগে। শ্ৰীমতত চলিব লাগে। ক’ৰবাত নিজৰ মত খটুৱালে ভাগ্য ৰেখা খণ্ডিত হৈ যাব।

তোমালোক সন্তানসকলৰ পৰস্পৰ বহুত আত্মিক প্ৰেম থকা উচিত, কিন্তু দেহ-অভিমানত অহাৰ কাৰণে ইজনৰ সিজনৰ প্ৰতি সেই প্ৰেম নাথাকে। ইজনে সিজনৰ দুৰ্বলতাহে উলিয়াই থাকে, অমুক এনেকুৱা, তেওঁ এইটো কৰে… তোমালোক যেতিয়া দেহী-অভিমানী আছিলা তেতিয়া কাৰো দুৰ্বলতা উলিওৱা নাছিলা। পৰস্পৰৰ বহুত প্ৰেম আছিল, এতিয়া আকৌ সেইটোৱে অৱস্থা ধাৰণ কৰিব লাগে। প্ৰথমে তোমালোক কিমান মিঠা (মৰমৰ) আছিলা আকৌ এনেকুৱা মিঠা, সদায় সুখদায়ী হোৱা। দেহ-অভিমানত অহা বাবে দুখদায়ী হ’লা তেতিয়া তোমালোকৰ আত্মিক আনন্দ হেৰাই গ’ল। জীৱনো চুটি হৈ গ’ল। এতিয়া পুনৰ পিতা আহিছে তোমালোকক সতোপ্ৰধান কৰি সদায় সুখদায়ী কৰি তুলিবলৈ। তোমালোকে যিমান পিতাক স্মৰণ কৰি থাকিবা সিমানে দুৰ্বলতা আঁতৰি গৈ থাকিব। মতভেদ নোহোৱা হৈ গৈ থাকিব। এয়াটো দৃঢ়ভাৱে স্মৃতিত থাকিব লাগে যে আমি ভাই ভাই হওঁ। আত্মা ভাইক চালে সদায় গুণেই দেখা পোৱা যাব। সকলোকে গুণৱান কৰি তোলাৰ যত্ন কৰা। অৱগুণ এৰি গুণ ধাৰণ কৰা। কেতিয়াও কাৰো গ্লানি নকৰিবা। কিছুমানৰ এনেকুৱা দুৰ্বলতা আছে যে নিজেও বুজিব নোৱাৰে, তেওঁলোকেতো নিজক বহুত ভাল বুলি ভাবে কিন্তু দুৰ্বলতা থকাৰ কাৰণে ক’ৰবাত নহয় ক’ৰবাত ওলোটা বাণী উচ্চাৰিত হৈ যায়। সতোপ্ৰধান অৱস্থাত এই কথাবোৰ নহয়। নিজে নিজক চোৱা মই কিমান মিঠা হৈছোঁ? মোৰ পিতাৰ প্ৰতি কিমান মৰম আছে? পিতাৰ প্ৰতি এনেকুৱা মৰম থাকিব লাগে যাতে একেবাৰে লিপিত খাই থাকা। বাবা আপুনি আমাক কিমান উচ্চ বিচাৰ বুদ্ধি সম্পন্ন কৰি তোলে, স্বৰ্গৰ মালিক কৰি তোলে। এনেকৈ ভিতৰি পিতাৰ মহিমা কৰি গদগদ হ’ব লাগে। আত্মিক আনন্দত থাকিব লাগে। গায়নো আছে আনন্দৰ দৰে খোৰাক (পথ্য) নাই। পিতাক সাক্ষাৎ কৰাৰো কিমান আনন্দ থাকিব লাগে। সংগমতহে তোমালোক সন্তানসকলে 21 জন্মৰ বাবে সদায় আনন্দিত হৈ থকাৰ খোৰাক পাই যোৱা গতিকে কাৰো কোনো কথাৰ চিন্তা নাথাকে। এতিয়া কিমান চিন্তা আছে সেইবাবে তাৰ প্ৰভাৱ শৰীৰৰ ওপৰতো পৰে। তোমালোকৰতো কোনো কথাৰ চিন্তা নাই। এই আনন্দৰ খোৰাক তোমালোকে ইজনে সিজনক খুৱাই থাকা। ইজনে সিজনক এইটো সৎকাৰ কৰিব লাগে। এনেকুৱা সৎকাৰ মনুষ্যই মনুষ্যৰ কৰিব নোৱাৰে। তোমালোকে পিতাৰ শ্ৰীমতত এইটো সৎকাৰ কৰা। কাৰোবাক পিতাৰ পৰিচয় দিয়া এয়াই কুশল বাৰ্তা সোধা। এয়া জ্ঞান আৰু যোগৰ অতি উত্তম আচৰিত খোৰাক হয়। এই খোৰাক এজন আত্মিক চিকিৎসকৰ পৰাহে পোৱা যায়। মনমনাভৱ, মধ্যাজী ভৱ – বচ্‌ দুষাৰ কথাৰ এয়া খোৰাক। অতিকৈ মৰমৰ পিতাৰ পৰা বিশ্বৰ বাদশ্বাহী পোৱা যায়, এয়া জানো কোনো কম কথা। এই দুষাৰ কথাই প্ৰসিদ্ধ হয়। এই দুষাৰ কথাৰে তোমালোক সৰ্বদা স্বাস্থ্যৱান, সৰ্বদা সম্পত্তিমান হৈ যোৱা। গতিকে তোমালোক সন্তানসকলে এই কথাবোৰ সোঁৱৰি হৰ্ষিত হৈ থাকিব লাগে। ঈশ্বৰীয় বিদ্যাৰ্থী জীৱন সকলোতকৈ শ্ৰেষ্ঠ - এই গায়নো বৰ্তমান সময়ৰ হয়। যিমান দূৰ সম্ভৱ ইজনে সিজনক এই আত্মিক খোৰাক প্ৰাপ্ত কৰোৱা, ইজনে সিজনৰ উন্নতি কৰোৱা, সময় নষ্ট নকৰিবা। বহুত ধৈৰ্যৰে, গম্বীৰতাৰে, বোধশক্তিৰে পিতাক স্মৰণ কৰা, নিজৰ জীৱন হীৰা তুল্য কৰি তোলা।

মৰমৰ সন্তানসকল, পিতাৰ যি শ্ৰীমত পোৱা যায় তাত গাফিলতি কৰিব নালাগে। পিতাৰ বাৰ্তা সকলোকে দিব লাগে। পিতাৰ বাৰ্তা সকলোৱে পোৱা উচিত নহয় জানো। বাৰ্তা অতি সহজ - কেৱল কোৱা নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা আৰু কৰ্মেন্দ্ৰিয়ৰে মন-বাণী-কৰ্মৰে কোনো বেয়া কাম কৰিব নালাগে। এদিন তোমালোকৰ এই শান্তিৰ শক্তিৰ প্ৰভাৱ বিস্তাৰ হ’ব। দিনে-প্ৰতিদিনে তোমালোকৰ উন্নতি হৈ গৈ থাকিব। তোমালোকৰ নাম প্ৰসিদ্ধ হৈ গৈ থাকিব। সকলোৱে বুজিব যে এইটো ভাল সংস্থা হয়, ভাল কাম কৰি আছে, মাৰ্গো অতি সহজ দিয়ে। এই ব্ৰাহ্মণসকলৰ বৃক্ষ বহুত বাঢ়ি গৈ থাকিব, প্ৰজা তৈয়াৰ হৈ থাকিব। সেৱাকেন্দ্ৰ বহুত বৃদ্ধি হৈ যাব। তোমালোকৰ প্ৰদৰ্শনীও গাঁৱে গাঁৱে হ’ব। তোমালোক সন্তানসকলে বহুত বিশাল সেৱা কৰিব লাগে। তোমালোকৰ নতুন নতুন সেৱাকেন্দ্ৰ খুলি গৈ থাকিব, য’ত অনেক মনুষ্য আহি নিজৰ জীৱন হীৰা তুল্য কৰি থাকিব। তোমালোকে অতি মৰমেৰে প্ৰত্যেকৰে তত্ত্বাৱধান ল’ব লাগে। ক’ৰবাত কোনোবা বেচেৰাৰ ভৰি যাতে পিচলি নাযায়। যিমানে বেছিকৈ সেৱাকেন্দ্ৰ হ’ব সিমানে বেছিকৈ আহি জীৱদান পাব। যেতিয়া তোমালোক সন্তানসকলৰ প্ৰভাৱ বিস্তাৰ হ’ব তেতিয়া অনেকে আহ্বান কৰিব - যে ইয়ালৈ আহি আমাক মনুষ্যৰ পৰা দেৱতা হোৱাৰ ৰাজযোগ শিকাওক। আগলৈ গৈ বহুত ধুমধাম হ’ব যে সেইজন ভগৱানেই আহি আবুত উপস্থিত হৈছে।

তোমালোক সন্তানসকলে প্ৰত্যক্ষ কৰি আছা যে এই সময়ত পুৰণি সৃষ্টিত অনেক আন্তঃৰাষ্ট্ৰীয় সমস্যা আছে। এতিয়া এই সকলোবোৰ সমস্যা শেষ হৈ যাব, ইয়াৰ বাবে কোনো চিন্তা কৰিব নালাগে। তোমালোকে সকলোকে শুনোৱা যে ইয়াৰ চিন্তা নকৰিবা, এতিয়া এই পুৰণি সৃষ্টি নাশ হোৱাৰ পথত, ইয়াৰ প্ৰতি মোহ নাৰাখিবা, যদি মোহ থাকে তেন্তে হৃদয় শুদ্ধ নহ’লে তেতিয়া অপাৰ আনন্দও নাথাকিব। সন্তানসকলে সীমাহীন জ্ঞান ধনৰ সম্পদ পাই থাকে গতিকে অপাৰ আনন্দ থাকিব লাগে। যিমান হৃদয় শুদ্ধ হ’ব সিমানে আনকো শুদ্ধ কৰিব। যোগৰ স্থিতিৰেহে হৃদয় শুদ্ধ হয়। তোমালোক সন্তানসকলৰ যোগী হোৱাৰ, আনক গঢ়ি তোলাৰ ৰুচি থাকিব লাগে। যদি দেহৰ প্ৰতি মোহ আছে, দেহ-অভিমান থাকে তেন্তে বুজিবা যে মোৰ অৱস্থা বহুত অপৰিপক্ক। দেহী-অভিমানী সন্তানসকলহে সঁচা হীৰা (ডায়মণ্ড) হয় সেইকাৰণে যিমান সম্ভৱ দেহী-অভিমানী হোৱাৰ অভ্যাস কৰা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা, সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ সমান নিৰহংকাৰী হৈ বহুত স্নেহেৰে সকলোৰে সেৱা কৰিব লাগে। শ্ৰীমতত চলিব লাগে। নিজৰ মতত চলি ভাগ্য ৰেখা খণ্ডিত কৰিব নালাগে।

(2) সংগমত পিতাৰ দ্বাৰা যি আনন্দৰ খোৰাক (পথ্য) পাইছা সেই খোৰাকেই খাব লাগে আৰু আনকো খুৱাই থাকিব লাগে। নিজৰ সময় নষ্ট কৰিব নালাগে। বহুত ধৈৰ্যৰে, গম্ভীৰতাৰে আৰু বোধশক্তিৰে পিতাক স্মৰণ কৰি নিজৰ জীৱন হীৰাতুল্য কৰি তুলিব লাগে।

বৰদান:
আসক্তিক অনাসক্তিলৈ পৰিৱৰ্তন কৰোঁতা 'শক্তি স্বৰূপ' হোৱা

শক্তি স্বৰূপ হ’বলৈ আসক্তিক অনাসক্তিলৈ সলনি কৰা। নিজৰ দেহত, সম্বন্ধত বা কোনো পদাৰ্থত যদি ক’ৰবাত আসক্তি আছে, তেন্তে মায়াও আহিব পাৰে আৰু শক্তি ৰূপ হ’ব নোৱাৰা, সেয়েহে প্ৰথমে অনাসক্ত হোৱা, তেতিয়াহে মায়াৰ বিঘিনিসমূহৰ সন্মুখীন হ’ব পাৰিবা। বিঘিনি আহিলে চিঞৰ-বাখৰ কৰাৰ বা ভয় খোৱাৰ পৰিৱৰ্তে শক্তি ৰূপ ধাৰণ কৰি লোৱা, তেতিয়া বিঘ্ন-বিনাশক হৈ যাবা।

স্লোগান:
দয়া, নিঃস্বাৰ্থ আৰু আসক্তি-মুক্ত হোৱা —স্বাৰ্থজড়িত নহয়।


মাতেশ্বৰী জীৰ অমূল্য মহাবাক্য - “জীৱনৰ আশা পূৰ্ণ হোৱাৰ সুন্দৰ সময়”

আমাৰ অৰ্থাৎ সকলো আত্মাৰ বহুত সময়ৰ পৰা এইটো আশা আছিল যে জীৱনত যাতে সদায় সুখ-শান্তি লাভ কৰোঁ, এতিয়া বহুত জন্মৰ আশা কেতিয়াবাতো পূৰ্ণ হ’ব। এতিয়া এইটো হৈছে আমাৰ অন্তিম জন্ম, সেই অন্তিম জন্মৰো অন্তৰ সময়। এনেকৈ কোনেও ভাবিব নালাগে যে মইতো এতিয়া সৰু, সৰু-ডাঙৰ সকলোকে সুখতো লাগে নহয় জানো, কিন্তু দুখ কি বস্তুৰ পৰা হয়, তাৰো প্ৰথমতে জ্ঞান লাগে। এতিয়া তোমালোকে জ্ঞান পাইছা যে এই পাঁচ বিকাৰত আৱদ্ধ হোৱা বাবে কৰ্মবন্ধনৰ সৃষ্টি হৈছে, তাক পৰমাত্মাৰ স্মৃতিৰ অগ্নিৰে ভস্ম কৰিব লাগে, এয়া হৈছে কৰ্মবন্ধনৰ পৰা মুক্ত হোৱাৰ সহজ উপায়। এই সৰ্বশক্তিমান বাবাক চলোঁতে-ফুৰোঁতে প্ৰতিটো শ্বাসত স্মৰণ কৰা। এতিয়া পৰমাত্মা স্বয়ং আহি এইটো উপায় শুনোৱাৰ উপকাৰ কৰে, কিন্তু এই ক্ষেত্ৰত পুৰুষাৰ্থতো প্ৰত্যেক আত্মাই কৰিব লাগে। পৰমাত্মাতো পিতা, শিক্ষক আৰু সৎগুৰুৰ ৰূপত আহি আমাক উত্তৰাধিকাৰ প্ৰদান কৰে। গতিকে প্ৰথমে সেইজন পিতাৰ হৈ যাব লাগে, তাৰপাছত শিক্ষকৰ পৰা পঢ়িব লাগে যি পঢ়াৰ দ্বাৰা ভৱিষ্যতে জন্ম-জন্মান্তৰ সুখ প্ৰালব্ধ হ’ব অৰ্থাৎ জীৱনমুক্তি পদত পুৰুষাৰ্থ অনুসৰি পদমৰ্যাদা লাভ কৰে। আৰু গুৰু ৰূপেৰে পৱিত্ৰ কৰি মুক্তি প্ৰদান কৰে। গতিকে এইটো ৰহস্য বুজি এনেকুৱা পুৰুষাৰ্থ কৰিব লাগে। এই সময় হৈছে পুৰণি হিচাপ শেষ কৰি নতুন জীৱন গঢ়াৰ, এই সময়ত যিমানে পুৰুষাৰ্থ কৰি নিজ আত্মাক পৱিত্ৰ কৰিবা সিমানেই শুদ্ধ খতিয়ান জমা হ’ব আৰু গোটেই কল্প চলিব। গতিকে গোটেই কল্পৰ আধাৰ হৈছে এই সময়ৰ উপাৰ্জন। চোৱা, এই সময়তেই তোমালোকে আদি-মধ্য-অন্তৰ জ্ঞান লাভ কৰা, আমিয়ে দেৱতা হ’ব লাগে, আৰু নিজৰ আৰোহণ কলা আছে আকৌ তালৈ গৈ প্ৰালব্ধ ভোগ কৰিবা। তাত দেৱতাসকলে ভৱিষ্যতৰ কথা গম নাপায় যে আমি অৱনমিত হ’ম, যদি এইটো গম পায় যে সুখ ভোগ কৰি আকৌ অৱনমিত হ’ব লাগিব তেন্তে এই অৱনমিত হোৱাৰ চিন্তাত সুখো ভোগ কৰিব নোৱাৰিব। গতিকে এইটো ঈশ্বৰীয় নিয়ম ৰচি থোৱা আছে যে মনুষ্যই সদায় আৰোহণ কৰাৰ বাবে পুৰুষাৰ্থ কৰে অৰ্থাৎ সুখৰ বাবে পুৰুষাৰ্থ কৰে। কিন্তু ড্ৰামত আধা আধা ভূমিকা স্থিৰ কৰি থোৱা আছে, যিটো ৰহস্য আমি জানোঁ, কিন্তু যি সময়ত সুখৰ পাল পৰে, তেন্তে পুৰুষাৰ্থ কৰি সুখ ল’ব লাগে, এয়া হৈছে পুৰুষাৰ্থৰ বিশেষত্ব। ভাৱৰীয়াৰ কাম হৈছে ভূমিকা পালন কৰাৰ সময়ত সম্পূৰ্ণ পাৰদৰ্শিতাৰে ভূমিকা পালন কৰা যাতে দৰ্শকে বাঃ! বাঃ! কৰে, সেইবাবে নায়ক-নায়িকাৰ ভূমিকা দেৱতাসকলে লাভ কৰিছে, যাৰ স্মাৰক চিত্ৰৰ গায়ন আৰু পূজন কৰা হয়। নিৰ্বিকাৰী প্ৰবৃত্তিত থাকি পদুম ফুলৰ দৰে অৱস্থা গঢ়ি তোলা, এইটোৱেই দেৱতাসকলৰ বিশেষত্ব। এইটো বিশেষত্বক পাহৰি যোৱাৰ বাবেই ভাৰতৰ এনেকুৱা দুৰ্দশা হৈছে, এতিয়া পুনৰাই এনেকুৱা জীৱন গঢ়োঁতা পৰমাত্মা নিজেই আহিছে, এতিয়া তেওঁৰ হাতত ধৰিলে জীৱনৰ নদী পাৰ হ’বা। ওঁম্‌ শান্তি।

অব্যক্ত ইংগিত: অপৱিত্ৰতাৰ বীজো সমাপ্ত কৰি সম্পূৰ্ণ স্বচ্ছ (পৱিত্ৰ) হোৱা

"মই সঙ্গমযুগী ব্ৰাহ্মণ", এই ব্যৰ্থ সংকল্প বা অপৱিত্ৰতাৰ সংস্কাৰসমূহ শূদ্ৰৰ সংস্কাৰ তথা স্বৰূপ। এনেকুৱা অনুভৱ হওক যে এই অপৱিত্ৰতা আৰু বিস্মৃতিৰ সংস্কাৰ যোবোৰ মোৰ অৰ্থাৎ ব্ৰাহ্মণ অৱস্থাৰ নহয়, শূদ্ৰ অৱস্থাৰহে। যদি সেইবোৰক নিজৰ বুলি বুজিলে মায়াৰ বশীভূত হৈ অশান্ত হোৱা।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]