10.10.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোকে এক পিতাৰ পৰা এক মত পোৱা, যাক অদ্বৈত মত বুলি কয়, এই অদ্বৈত মতেৰে তোমালোক
দেৱতা হ’ব লাগে”
প্ৰশ্ন:
মনুষ্যই এই
বিভ্ৰান্তিৰ খেলত সকলোতকৈ মুখ্য কোনটো কথা পাহৰি গৈছে?
উত্তৰ:
আমাৰ ঘৰ ক’ত, তাৰ ৰাস্তাই এই খেলত আহি পাহৰি গৈছে। গমেই নাপায় যে ঘৰলৈ কেতিয়া যাব
লাগে আৰু কেনেকৈ যাব লাগে। এতিয়া পিতা আহিছে তোমালোক সকলোকে লগত লৈ যাবলৈ। তোমালোকৰ
এতিয়া পুৰুষাৰ্থ হৈছে বাণীৰ সিপাৰৰ মিঠা ঘৰলৈ যোৱাৰ।
গীত:
ৰাত কে ৰাহী
থক মত জানা……… (নিশাৰ পথিক ভাগৰি নপৰিবা…….)
ওঁম্শান্তি।
গীতৰ অৰ্থ আৰু
কোনেও বুজিব নোৱাৰে, নাটকৰ পৰিকল্পনা অনুসৰি। মনুষ্যৰ কোনো কোনো গীত এনেকৈ প্ৰস্তুত
কৰা যিবোৰে তোমালোকক সহায় কৰে। সন্তানসকলে বুজি পায় এতিয়া আমিয়ে দেৱী-দেৱতা হৈ আছোঁ।
যেনেকৈ সেই পাঠ পঢ়োঁতাসকলে ক’ব আমিয়ে ডাক্তৰ, বেৰিষ্টাৰ হৈ আছোঁ। তোমালোকৰ বুদ্ধিত
আছে আমিয়ে দেৱতা হৈ আছোঁ - নতুন সৃষ্টিৰ বাবে। এয়া কেৱল তোমালোকৰেই খেয়ালত আহে।
অমৰলোক, নতুন সৃষ্টি সত্যযুগকহে কোৱা হয়। এতিয়াতো সত্যযুগো নাই আৰু দেৱতাসকলৰ
ৰাজ্যও নাই। ইয়াততো হ’ব নোৱাৰে। তোমালোকে জানা এই চক্ৰ ঘূৰি এতিয়া আমি কলিযুগৰো
অন্তত আহি উপস্থিত হৈছোঁহি। আন কাৰো বুদ্ধিত চক্ৰৰ খেয়াল নাহিব। তেওঁলোকেতো
সত্যযুগক লাখ লাখ বছৰ বুলি কৈ দিয়ে। তোমালোক সন্তানসকলৰ এইটো নিশ্চয়তা আছে যে যথাযথ
5 হাজাৰ বছৰ পাছত এই চক্ৰ পৰিক্ৰমা লগাই থাকে। মনুষ্যই 84 জন্মহে লয়, হিচাপ আছে নহয়।
এই দেৱী-দেৱতা ধৰ্মক অদ্বৈত ধৰ্ম বুলিও কোৱা হয়। অদ্বৈত শাস্ত্ৰ বুলিও মান্যতা দিয়া
হয়। সেয়াও এখনেই, বাকীতো অনেক ধৰ্ম আছে, শাস্ত্ৰও অনেক আছে। তোমালোক হৈছা এক। এজনৰ
পৰা এক মত পোৱা যায়। তাক কোৱা হয় অদ্বৈত মত। এই অদ্বৈত মত তোমালোকে পোৱা। দেৱী-দেৱতা
হ’বলৈ এই পাঠ পঢ়া নহয় সেইবাবে পিতাক জ্ঞান সাগৰ, জ্ঞানৱান বুলি কোৱা হয়। সন্তানসকলে
বুজি পায় আমাক ভগৱানে পঢ়ায়, নতুন সৃষ্টিৰ কাৰণে। এইটো পাহৰিব নালাগে। স্কুলত
বিদ্যাৰ্থীয়ে কেতিয়াবা শিক্ষকক পাহৰে জানো? নাপাহৰে। গৃহস্থালিত থকাসকলেও অধিক
পদমৰ্যাদা পাবলৈ পঢ়ে। তোমালোকেও গৃহস্থালিত থাকি পঢ়া, নিজৰ উন্নতি কৰিবৰ কাৰণে।
অন্তৰত এইটো উদয় হ’ব লাগে যে আমি বেহদৰ পিতাৰ দ্বাৰা পঢ়ি আছোঁ। শিৱবাবাও বাবা হয় আৰু
প্ৰজাপিতা ব্ৰহ্মাও বাবা হয়। প্ৰজাপিতা ব্ৰহ্মা আদি দেৱ প্ৰসিদ্ধ। কেৱল অতীত হৈ গ’ল।
যেনেকৈ গান্ধীও অতীত হৈ গ’ল। তেওঁক বাপুজী বুলি কয় কিন্তু বুজি নাপায়, এনেয়ে কৈ দিয়ে।
এই শিৱবাবা হৈছে আচল, ব্ৰহ্মাবাবাও আচল, লৌকিক পিতাও আচল। বাকী মেয়ৰ আদিকতো এনেয়ে
বাপু বুলি কৈ দিয়ে। সেই সকলোবোৰ হৈছে নকল। এয়া হৈছে আচল। পৰমাত্মা পিতা আহি
আত্মাসকলক প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা নিজৰ কৰি লয়। তেওঁৰতো নিশ্চয় বহুত সন্তান
থাকিব। শিৱবাৰতো সকলোৱে সন্তান হয়, তেওঁক সকলোৱে স্মৰণ কৰে। তথাপিও কোনো কোনোৱে
তেওঁকো নামানে, দৃঢ় নাস্তিক - যিসকলে কয় এইখন সংকল্পৰে ৰচি থোৱা সৃষ্টি। এতিয়া
তোমালোকক পিতাই বুজায়, বুদ্ধিত এইটো স্মৃতি ৰাখা - আমি পঢ়ি আছোঁ। পঢ়াওঁতাজন হৈছে
শিৱবাবা। এইটো ৰাতিয়ে-দিনে স্মৃতিত থাকিব লাগে। এইটোৱে মায়াই বাৰে বাৰে পাহৰাই দিয়ে,
সেইবাবে স্মৰণ কৰিবলগীয়া হয়। পিতা, শিক্ষক, গুৰু তিনিওকে পাহৰি যায়। হয়ো এজনেই
তথাপিও পাহৰি যায়। ৰাৱণৰ লগত যুদ্ধ এই ক্ষেত্ৰতে হয়। পিতাই কয় - হে আত্মাসকল,
তোমালোক সতোপ্ৰধান আছিলা, এতিয়া তমোপ্ৰধান হৈছা। যেতিয়া শান্তিধামত আছিলা তেতিয়া
পৱিত্ৰ আছিলা। পৱিত্ৰতা অবিহনে কোনো আত্মা ওপৰত থাকিব নোৱাৰে সেইবাবে সকলো আত্মাই
পতিত-পাৱন পিতাক আহ্বান জনাই থাকে। যেতিয়া সকলো পতিত তমোপ্ৰধান হৈ যায় তেতিয়া পিতা
আহি কয় - মই তোমালোকক সতোপ্ৰধান কৰি তোলোঁ। তোমালোক যেতিয়া শান্তিধামত আছিলা তেতিয়া
তাত সকলো পৱিত্ৰ আছিলা। তাত কোনো অপৱিত্ৰ আত্মা থাকিব নোৱাৰে। সকলোৱে শাস্তি ভোগ কৰি
পৱিত্ৰ নিশ্চয় হ’ব লাগে। পৱিত্ৰ নোহোৱাকৈ কোনেও উভতি যাব নোৱাৰে। যদিও কোনোৱে কৈ
দিয়ে যে ব্ৰহ্মত লীন হৈ গ’ল, অমুক জ্যোতিত সমাহিত হৈ গ’ল। এই সকলোবোৰ হৈছে
ভক্তিমাৰ্গৰ অনেক মত। তোমালোকৰ এয়া হৈছে অদ্বৈত মত। মনুষ্যৰ পৰা দেৱতাতো এজন পিতাইহে
কৰি তুলিব পাৰে। কল্পই কল্পই পিতা পঢ়াবলৈ আহে। তেওঁৰ কৰ্ম কাণ্ড হুবহু কল্প পূৰ্বৰ
দৰে চলে। এইখন অনাদি ৰচি থোৱা ড্ৰামা নহয় জানো। সৃষ্টি চক্ৰ ঘূৰি থাকে। সত্যযুগ,
ত্ৰেতা, দ্বাপৰ, কলিযুগ তাৰ পাছত হৈছে এই সংগমযুগ। মুখ্য ধৰ্মও এইকেইটাই – দৈৱী
ধৰ্ম, ইছলাম ধৰ্ম, বৌদ্ধ ধৰ্ম, খ্ৰীষ্টিয়ান ধৰ্ম অৰ্থাৎ য’ত ৰাজত্ব চলে। ব্ৰাহ্মণৰ
ৰাজত্ব নাই আৰু কৌৰৱৰো ৰাজত্ব নাই। এতিয়া তোমালোক সন্তানসকলে বাৰে বাৰে বেহদৰ পিতাক
স্মৰণ কৰিব লাগে। তোমালোকে ব্ৰাহ্মণসকলকো বুজাব পাৰা। বাবাই বহুত বাৰ বুজাইছে -
প্ৰথমতে আটাইতকৈ উচ্চ ব্ৰাহ্মণ, ব্ৰহ্মাৰ বংশাৱলী প্ৰথমতে তোমালোক হোৱা। এয়া
তোমালোকে জানা আকৌ ভক্তিমাৰ্গত আমিয়ে পূজ্যৰ পৰা পূজাৰী হৈ যাওঁ। পুনৰ এতিয়া আমি
পূজ্য হৈ আছোঁ। সেই ব্ৰাহ্মণ গৃহস্থী হয়, সন্ন্যাসী নহয়। সন্ন্যাসী হৈছে হঠযোগী (শৰীৰক
কষ্ট দি যোগ কৰোঁতা), ঘৰ-সংসাৰ ত্যাগ কৰাতো কষ্টদায়ক নহয় জানো। হঠযোগীয়েও অনেক
প্ৰকাৰৰ যোগ শিকায়। জয়পুৰত হঠযোগীসকলৰো সংগ্ৰাহালয় আছে। ৰাজযোগৰ চিত্ৰ নাই। ৰাজযোগৰ
চিত্ৰ আছে ইয়াত দেলৱাড়া মন্দিৰত। তেওঁলোকৰ সংগ্ৰাহালয়তো নাই। হঠযোগৰ কিমান
সংগ্ৰাহালয় আছে। ৰাজযোগৰ মন্দিৰ ইয়াত ভাৰততে আছে। এয়া হৈছে চৈতন্য। তোমালোক ইয়াত
চৈতন্য ৰূপত বহি আছা। মনুষ্যই একোৱে গম নাপায় যে স্বৰ্গ ক’ত আছে। দেলৱাড়া মন্দিৰৰ
তলত তপস্যাত বহি আছে, পূৰা স্মাৰক আছে। নিশ্চয় স্বৰ্গ ওপৰতেই দেখুৱাব লাগিব।
মনুষ্যই আকৌ বুজি লয় স্বৰ্গ ওপৰত আছে। এয়াতো চক্ৰ পৰিক্ৰমা লগাই থাকে। আধাকল্পৰ
পাছত স্বৰ্গতো পুনৰ তললৈ গুচি যাব আকৌ আধাকল্পৰ পাছত পুনৰ ওপৰলৈ আহিব। ইয়াৰ আয়ুস
কিমান, কোনেও নাজানে। তোমালোকক পিতাই গোটেই চক্ৰৰ বিষয়ে বুজাইছে। তোমালোকে জ্ঞান লৈ
ওপৰলৈ যোৱা, চক্ৰ পূৰা হয় আকৌ নতুনকৈ চক্ৰ আৰম্ভ হ’ব। এয়া বুদ্ধিত চলিব লাগে। যেনেকৈ
তেওঁলোকে অধ্যয়ন কৰে তেতিয়া বুদ্ধিত কিতাপ আদি সকলোৰে স্মৃতি থাকে নহয়। এয়াও হৈছে
অধ্যয়ন। এয়া ভৰপূৰ হৈ থাকিব লাগে, পাহৰিব নালাগে। এই পঢ়া বৃদ্ধ, ডেকা, শিশু আদি
সকলোৰে পঢ়াৰ অধিকাৰ আছে। কেৱল ‘অল্ফ’ক অৰ্থাৎ পিতাক জানিব লাগে। ‘অল্ফ’ক জানি ল’লে
পিতাৰ সম্পত্তিও বুদ্ধিত আহি যাব। জন্তুৰো সন্তান আদি সকলো স্মৃতিত থাকে। জংঘললৈ
গ’লে তেতিয়াও ঘৰ আৰু পোৱালী স্মৃতিলৈ আহি থাকিব। নিজেই বিচাৰি আহি যায়। এতিয়া পিতাই
কয় - সন্তানসকল মামেকম্ (কেৱল মোক) স্মৰণ কৰা আৰু নিজৰ ঘৰক স্মৰণ কৰা। য’ৰ পৰা
তোমালোক ভূমিকা পালন কৰিবলৈ আহিছা। আত্মাৰ ঘৰ বহুত প্ৰিয়। কিমান স্মৰণ কৰে কিন্তু
ৰাস্তা পাহৰি গৈছে। তোমালোকৰ বুদ্ধিত আছে, আমি বহুত দূৰৈত থাকোঁ। কিন্তু তালৈ কেনেকৈ
যাব লাগে, কিয় আমি যাব নোৱাৰোঁ, এইবোৰ একোৱে গম নাপায়, সেইবাবে বাবাই কৈছিল
বিভ্ৰান্তিৰ খেলো ৰচে, যিফালেই যায় দুৱাৰ বন্ধ। এতিয়া তোমালোকে জানা এই যুদ্ধৰ পাছত
স্বৰ্গৰ দুৱাৰ মুকলি হয়। এই মৃত্যুলোকৰ পৰা সকলো যাব, ইমানবিলাক মনুষ্য ক্ৰমানুসৰি,
ধৰ্ম অনুসৰি আৰু ভূমিকা অনুসৰি গৈ থাকিবগৈ। তোমালোকৰ বুদ্ধিত এই সকলোবোৰ কথা আছে।
মনুষ্যই ব্ৰহ্ম তত্ত্বত যাবলৈ কিমান মগজ খটুৱায়। বাণীৰ সিপাৰে যাব লাগে। আত্মা
শৰীৰৰ পৰা ওলাই গ’লে তেতিয়া আৱাজ নাথাকে। সন্তানসকলে জানে আমাৰতো সেইখন মিঠা ঘৰ হয়।
আকৌ দেৱতাসকলৰ হৈছে মিঠা ৰাজধানী, অদ্বৈত ৰাজধানী।
পিতা আহি ৰাজযোগ
শিকায়। গোটেই জ্ঞান বুজায়, যাৰ আকৌ ভক্তিত শাস্ত্ৰ আদি ৰচনা কৰিলে, এতিয়া তোমালোকে
সেই শাস্ত্ৰ আদি পঢ়িব নালাগে। সেই স্কুলত বুঢ়ী আদিয়ে নপঢ়ে। ইয়াততো সকলোৱে পঢ়ে।
তোমালোক সন্তানসকল অমৰলোকত দেৱতা হৈ যোৱা, তাত এনেকুৱা কোনো শব্দ কোৱা নহয়, যাৰ বাবে
কাৰোবাৰ গ্লানি হ’ব। এতিয়া তোমালোকে জানা স্বৰ্গ অতীত হৈ গ’ল, তাৰ মহিমা আছে। কিমান
মন্দিৰ নিৰ্মাণ কৰে। তেওঁলোকক সোধা - এই লক্ষ্মী-নাৰায়ণে কেতিয়া ভূমিকা পলন কৰি গ’ল?
একোৱেই গম নাপায়। এতিয়া তোমালোকে জানা আমি নিজৰ ঘৰলৈ যাব লাগে। সন্তানসকলক বুজাইছে
– ‘ওঁম্’ৰ অৰ্থ বেলেগ আৰু “আমিয়েই সেয়া”ৰ অৰ্থ বেলেগ। তেওঁলোকে আকৌ ‘ওঁম্’ৰ অৰ্থ
আৰু “আমিয়েই সেয়া”ৰ অৰ্থ একাকাৰ কৰি দিছে। তোমালোক আত্মাসকল শান্তিধামৰ নিবাসী হোৱা
আকৌ ভূমিকা পালন কৰিবলৈ আহা। দেৱতা ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ হোৱা। ‘ওঁম্’ অৰ্থাৎ মই
আত্মা। কিমান পাৰ্থক্য আছে। তেওঁলোকে আকৌ দুয়োটাকে একে কৰি দিয়ে। এয়া বুদ্ধিৰে
বুজিবলগীয়া কথা। কোনোবাই সম্পূৰ্ণৰূপে বুজি নাপালে তেতিয়া কলমটিয়াই থাকে। উপাৰ্জনত
কেতিয়াও কলমটিয়াই নাথাকে। সেই উপাৰ্জনতো হৈছে অল্পকালৰ বাবে। এয়াতো আধাকল্পৰ বাবে।
কিন্তু বুদ্ধি অন্যফালে গ’লে তেতিয়া ভাগৰি পৰে। হামিয়াই থাকে। তোমালোক চকু মুদি
বহিব নালাগে। তোমালোকেতো জানা যে আত্মা অবিনাশী, শৰীৰ বিনাশী। কলিযুগী নৰকবাসী
মনুষ্যই চোৱা আৰু তোমালোকে চোৱাৰ মাজত দিন-ৰাতিৰ পাৰ্থক্য আহি যায়। আমি আত্মাই
পিতাৰ দ্বাৰা পঢ়োঁ। এইটো কোনেও নাজানে। জ্ঞানৰ সাগৰ পৰমপিতা পৰমাত্মা আহি পঢ়ায়। আমি
আত্মাই শুনি আছোঁ। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিলে বিকৰ্ম বিনাশ হ’ব।
তোমালোকৰ বুদ্ধি ওপৰলৈ গুচি যাব। শিৱবাবাই আমাক জ্ঞান শুনাই আছে, এই ক্ষেত্ৰত বহুত
পৰিশোধিত বুদ্ধিৰ প্ৰয়োজন। বুদ্ধি পৰিশোধিত কৰিবৰ বাবে পিতাই যুক্তি শুনায় - নিজক
আত্মা বুলি বুজিলে পিতা নিশ্চয় স্মৃতিলৈ আহিব। নিজক আত্মা বুলি এইবাবেই বুজিব লাগে
যাতে পিতা স্মৃতিলৈ আহে, সম্বন্ধ থাকে যিটো গোটেই কল্পত ছিঙি আছিল। তাততো হৈছে
প্ৰালব্ধ সুখেই সুখ, দুখৰ কথা নাই। তাক স্বৰ্গ বুলি কোৱা হয়। স্বৰ্গ স্থাপনা কৰা
ঈশ্বৰ পিতায়ে স্বৰ্গৰ মালিক কৰি তোলে। এনেহেন পিতাকো কিমান পাহৰি যায়। পিতা আহি
সন্তানসকলক তুলি লয়। মাৰোৱাৰীসকলে বহুত তুলি লয় গতিকে তেওঁলোক আনন্দিত হ’ব নহয় - মই
চহকীৰ কোলাত আহিছোঁ। চহকীৰ সন্তান গৰিবৰ ওচৰলৈ কেতিয়াও নাযাব। এয়া প্ৰজাপিতা
ব্ৰহ্মাৰ সন্তান গতিকে নিশ্চয় মুখ বংশাৱলী হ’ব নহয়। তোমালোক ব্ৰাহ্মণ হৈছা মুখ
বংশাৱলী। তেওঁলোক হৈছে কোষ বংশাৱলী। এই পাৰ্থক্যটো তোমালোকে জানা। তোমালোকে যেতিয়া
বুজাবা তেতিয়া মুখ বংশাৱলী হ’ব। এয়া হৈছে তুলি লোৱা। স্ত্ৰীক এনেকৈ ভাবে যে এয়া মোৰ
স্ত্ৰী। এতিয়া স্ত্ৰী কোষ বংশাৱলী নে মুখ বংশাৱলী? স্ত্ৰী হয়েই মুখ বংশাৱলী। আকৌ
যেতিয়া সন্তান হয়, সেয়া হৈছে কোষ বংশাৱলী। পিতাই কয় - এই সকলোবোৰ হৈছে মুখ বংশাৱলী,
মোৰ বুলি কোৱাৰ বাবে মোৰ হ’ল নহয় জানো। “মোৰ সন্তান”, এনেকৈ ক’লে নিচা বাঢ়ি যায়।
গতিকে এয়া সকলো হৈছে মুখ বংশাৱলী, আত্মাসকল জানো মুখ বংশাৱলী হয়। আত্মাতো
অনাদি-অবিনাশী। তোমালোকে জানা এই মনুষ্য সৃষ্টি কেনেকৈ স্থানান্তৰ হয়। সাৰ কথাতো
সন্তানসকলে বহুত পায়। তথাপিও বাবাই কয় – যদি অন্য একো ধাৰণা নহয়, মুখ নচলে বাৰু
তেন্তে তোমালোকে পিতাক স্মৰণ কৰি থাকা তেতিয়া তোমালোক ভাষণ আদি দিওঁতাসকলতকৈ উচ্চ
পদ পাব পাৰা। ভাষণ দিওঁতাসকল কোনো সময়ত ধুমুহাত বাগৰি পৰে। তেওঁলোক যদি বাগৰি নপৰে,
পিতাক স্মৰণ কৰি থাকে তেন্তে বেছি উচ্চ পদ পাব পাৰে। সকলোতকৈ বেছি যি বিকাৰত অৱনমিত
হয় তেন্তে 5 মহলাৰ পৰা সৰি পৰাৰ বাবে হাড়-মূৰ ভাঙি যায়। পঞ্চম মহলা হৈছে –
দেহ-অভিমান। চতুৰ্থ মহলা হৈছে কাম তাৰপাছত তললৈ আহি থাকা। পিতাই কয় - কাম মহাশত্ৰু
হয়। লিখেও বাবা মই অৱনমিত হৈ গ’লোঁ। ক্ৰোধৰ বাবে এনেকৈ নকয় যে মই অৱনমিত হৈ গ’লোঁ।
ক’লা মুখ কৰিলে বহুত বেছি আঘাত পায় তেতিয়া আনক ক’ব নোৱাৰে যে কাম মহাশত্ৰু। বাবাই
বাৰে বাৰে বুজায় – আসুৰিক দৃষ্টিৰ পৰা বহুত সাৱধান হ’ব লাগে। সত্যযুগত নাঙঠ হোৱাৰ
কথাই নাই। আসুৰিক দৃষ্টি নাথাকে। দৃষ্টি সভ্য হৈ যায়। সেয়া হৈছে সভ্য ৰাজ্য। এই
সময়ত হৈছে আসুৰিক সৃষ্টি। এতিয়া তোমালোক আত্মাই সভ্য দৃষ্টি পোৱা, যিয়ে 21 জন্ম কাম
দিয়ে। তাত কোনোৱেই আসুৰিক নহয়। এতিয়া মুখ্য কথা পিতাই বুজাইছে - পিতাক স্মৰণ কৰা আৰু
84ৰ চক্ৰক স্মৰণ কৰা। এইটোও আচৰিত, যিজন শ্ৰী নাৰায়ণ হয় তেৱেঁই অন্তত আহি ভাগ্যশালী
ৰথ হয়। তেওঁৰ শৰীৰত পিতাৰ প্ৰৱেশ হয় তেতিয়া ভাগ্যশালী হয়। ব্ৰহ্মাৰ পৰা বিষ্ণু,
বিষ্ণুৰ পৰা ব্ৰহ্মা, এই 84 জন্মৰ বুৰঞ্জী বুদ্ধিত থাকিব লাগে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ
স্মৃতিৰে বুদ্ধি পৰিশোধিত কৰিব লাগে। বুদ্ধি যাতে পঢ়া পাঠেৰে ভৰপূৰ হৈ থাকে। পিতা
আৰু ঘৰক সদায় স্মৃতিত ৰাখিব লাগে আৰু আনকো সোঁৱৰাই দিব লাগে।
(2) এই অন্তিম জন্মত
আসুৰিক দৃষ্টি সমাপ্ত কৰি দৃষ্টি সভ্য কৰি তুলিব লাগে। আসুৰিক দৃষ্টিৰ পৰা বহুত
সাৱধান হ’ব লাগে।
বৰদান:
দাতাবোধৰ
স্থিতি আৰু সমাহিত কৰি লোৱা শক্তিৰ দ্বাৰা বিঘ্ন বিনাশক, সমাধান স্বৰূপ হোৱা
বিঘ্ন বিনাশক সমাধান
স্বৰূপ হোৱাৰ বৰদান বিশেষ দুটা কথাৰ আধাৰত প্ৰাপ্ত হয়:-
1) সদায় যাতে স্মৃতি থাকে যে মই দাতাৰ সন্তান সেই কাৰণে মই সকলোকে দিব লাগে। সন্মান
পালে, স্নেহ পালে তেতিয়াহে স্নেহী হ’ম, এনেকুৱা নহয়। মই দিব লাগে।
2) নিজৰ প্ৰতি তথা সম্বন্ধ-সম্পৰ্কত সকলোৰে প্ৰতি সমাহিত কৰি লোৱাৰ শক্তি স্বৰূপ
সাগৰ হ’ব লাগে। এই দুটি বিশেষত্বৰে শুভ-ভাৱনা, শুভ-কামনাৰে সম্পন্ন সমাধান স্বৰূপ
হৈ যাবা।
স্লোগান:
সত্যক নিজৰ সংগী কৰি লোৱা তেতিয়া তোমালোকৰ নাও কেতিয়াও ডুবিব নোৱাৰে।
অব্যক্ত সংকেত: নিজৰ
আৰু সকলোৰে প্ৰতি মনেৰে যোগৰ শক্তি প্ৰয়োগ কৰা
যেতিয়া মনেৰে সদায়
শুভ-ভাৱনা বা শুভ-আশীৰ্বাদ দিয়াৰ অভ্যাস স্বভাৱসিদ্ধ হৈ যাব তেতিয়া তোমালোকৰ মন
ব্যস্ত হৈ যাব। মনত যি অস্থিৰতা আহে, তাৰ পৰা স্বতঃ কাষৰীয়া হৈ যাবা। নিজৰ
পুৰুষাৰ্থত কেতিয়াবা যি নিৰাশ হোৱা সেয়া নহ’ব। যাদু মন্ত্ৰ হৈ যাব।