10.10.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – মন, বচন আৰু কৰ্মেৰে কাকো দুখ নিদিবা, কেতিয়াও কাৰো ওপৰত খং নকৰিবা। প্ৰেম বৰ মধুৰ বস্তু, ইয়াৰ দ্বাৰা যিকোনো লোককে বশ কৰিব পাৰা”

প্ৰশ্ন:
পিতাই সন্তানসকলক দ্বিমুকুটধাৰী হৈ বিশ্বৰ মালিক আৰু শ্ৰেষ্ঠ হোৱাৰ কি যুক্তি শুনায়?

উত্তৰ:
দৈৱীগুণ ধাৰণ কৰি বৰ অমায়িক হোৱা। পৰস্পৰক ভাই-ভাই অথবা ভাই-ভনীৰ দৃষ্টিৰে চোৱা। নিজৰ পুৰুষাৰ্থৰ দ্বাৰা নিজকে ৰাজতিলক দিয়া। 2) স্বয়ং ঈশ্বৰ পিতাই তোমালোকক পঢ়াই আছে, সেয়েহে পঢ়া-শুনাত নিয়মীয়া হোৱা। যিমান বেছি পঢ়িবা, পঢ়াবা আৰু নিজৰ আচাৰ-ব্যৱহাৰ শুধৰাবা, সিমানেই শ্ৰেষ্ঠ হ'বা।

ওঁম্শান্তি।
অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলে জানা যে এতিয়া আমি নৰকৰ পৰা আঁতৰি আগবাঢ়ি গৈ আছোঁ। মাজৰ এই পুৰুষোত্তম সংগমযুগ একেবাৰে সুকীয়া। মাজ সাগৰত তোমালোকৰ নাও আছে। তোমালোক সত্যযুগীও নহয়, কলিযুগীও নহয়। তোমালোক হৈছা পুৰুষোত্তম সংগমযুগী সৰ্বোত্তম ব্ৰাহ্মণ। সংগমযুগ ব্ৰাহ্মণসকলৰ বাবেই। ব্ৰাহ্মণসকল হৈছে টিকনি (সৰ্বোচ্চ)। এয়া ব্ৰাহ্মণসকলৰ অতি চুটিযুগ। এই যুগ কেৱল এটা জন্মৰ বাবেহে। এয়া তোমালোকৰ আনন্দৰ যুগ। কিহৰ আনন্দ? ভগৱানে আমাক পঢ়ায়। এনে বিদ্যাৰ্থী কিমান আনন্দিত হ'ব! এতিয়া তোমালোকৰ বুদ্ধিত গোটেই চক্ৰৰ জ্ঞান আছে। এতিয়া আমি ব্ৰাহ্মণ, আকৌ আমিয়ে দেৱতা হ'মগৈ। প্ৰথমে নিজৰ ঘৰ শান্তিধামলৈ যাম, তাৰ পাছত নতুন সৃষ্টিলৈ আহিম। আমি ব্ৰাহ্মণেই স্বদৰ্শন চক্ৰধাৰী। আমিয়েই বাজোলী খেলো (84 জন্মৰ চক্ৰত অহা-যোৱা কৰোঁ)। এই বিৰাট ৰূপকো তোমালোক ব্ৰাহ্মণ সন্তানসকলেহে জানা - গোটেই দিন বুদ্ধিত এই কথাবোৰৰ মন্থন চলি থাকিব লাগে।

তোমালোকৰ এয়া অতি মৰমৰ পৰিয়াল। তোমালোকৰ প্ৰত্যেকেই অতি মৰমিয়াল হোৱা উচিত। পিতাও মধুৰ, সেয়েহে সন্তানসকলকো তেনেকুৱা মধুৰ কৰি তোলে। কেতিয়াও কাৰো ওপৰত খং কৰিব নালাগে। মন, বচন আৰু কৰ্মেৰে কাকো দুখ দিব নালাগে। পিতাই কেতিয়াও কাকো দুখ নিদিয়ে। যিমানেই পিতাক স্মৰণ কৰিবা, সিমানেই মধুৰ হৈ গৈ থাকিবা। কেৱল এই স্মৃতিৰ দ্বাৰাই বৈতৰণী পাৰ হ’ব - এয়া হৈছে স্মৃতিৰ যাত্ৰা। স্মৰণ কৰি কৰি শান্তিধাম হৈ সুখধামলৈ যাব লাগে। পিতা আহিছেই সন্তানসকলক সদাকালৰ বাবে সুখী কৰি তুলিবলৈ। ভূতবোৰক খেদি পঠিওৱাৰ যুক্তি পিতাই শুনায়- মোক স্মৰণ কৰা, তেতিয়া এই ভূতবোৰ আঁতৰি যাব। কাৰোবাৰ যদি ভূত আছে, তেন্তে ইয়াতে মোৰ ওচৰত এৰি থৈ যোৱা। তোমালোকেও কোৱাও - বাবা, আহি আমাৰ ভূতবোৰ দূৰ কৰি আমাক পতিতৰ পৰা পাৱন কৰি তোলক। গতিকে পিতাই তোমালোকক কিমান সুন্দৰ কৰি তোলে! পিতা আৰু দাদা দুয়ো মিলি তোমালোক সন্তানসকলক অলংকৃত কৰে। তেওঁ হৈছে হদ পিতা আৰু এয়া হৈছে বেহদৰ পিতা। সেয়েহে সন্তানসকল অতি মৰমেৰে চলিব লাগে আৰু আনকো তেনেদৰে চলিবলৈ শিকাব লাগে। সকলো বিকাৰ দান দিব লাগে। দান দিলে গ্ৰহণৰ পৰা মুক্ত হ'ব পাৰি। ইয়াত কোনো অজুহাতৰ কথা নচলে। প্ৰেমেৰে তোমালোকে যিকোনো লোককে বশ কৰিব পাৰা। প্ৰেমেৰে বুজাব লাগে। প্ৰেম বৰ মধুৰ বস্তু। সিংহ, হাতী আদি জীৱ-জন্তুকো মনুষ্যই প্ৰেমেৰে বশ কৰি লয়। তেওঁলোকতো তথাপিও আসুৰিক মনুষ্য, কিন্তু তোমালোক এতিয়া দেৱতা হৈ আছা। সেয়েহে দৈৱীগুণ ধাৰণ কৰি অতি মধুৰ হ'ব লাগে। পৰস্পৰক ভাই ভাই অথবা ভাই-ভনীৰ দৃষ্টিৰে চাব লাগে। আত্মাই আত্মাক কেতিয়াও দুখ দিব নোৱাৰে।

পিতাই কয়, মৰমৰ সন্তানসকল, মই তোমালোকক স্বৰ্গৰ ৰাজ্য-ভাগ্য দিবলৈ আহিছোঁ। এতিয়া তোমালোকক যি লাগে, মোৰ পৰা লোৱা। মই তোমালোকক দ্বিমুকুটধাৰী বিশ্বৰ মালিক কৰি তুলিবলৈ আহিছোঁ। কিন্তু পৰিশ্ৰম তোমালোকেই কৰিব লাগিব। মই কাৰো শিৰত মুকুট পিন্ধাই নিদিওঁ। তোমালোকে নিজৰ পুৰুষাৰ্থৰ দ্বাৰাহে নিজকে ৰাজতিলক দিব লাগে। পিতাই পুৰুষাৰ্থ কৰাৰ যুক্তি শুনায় যে কেনেকৈ নিজকে দ্বিমুকুটধাৰী বিশ্বৰ মালিক কৰি তুলিব পাৰা। পঢ়া-শুনাত সম্পূৰ্ণ মনোযোগ দিয়া। কেতিয়াও পঢ়া এৰি নিদিবা। কোনো কাৰণত অভিমান কৰি বা অসন্তুষ্ট হৈ পঢ়া এৰি দিলে বহুত লোকচান হ'ব। লোকচান আৰু লাভৰ হিচাপ ৰাখিবা। তোমালোক ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ বিদ্যাৰ্থী। ঈশ্বৰ পিতাৰ পৰা পঢ়ি আছা। পঢ়ি পূজ্য দেৱতা হৈ আছা। সেয়েহে বিদ্যাৰ্থীসকলো নিয়মীয়া হোৱা উচিত। বিদ্যাৰ্থী জীৱন সৰ্বোত্তম জীৱন। যিমানে বেছিকৈ পঢ়িবা আৰু পঢ়াবা আৰু নিজৰ আচাৰ-ব্যৱহাৰ শুধৰাবা সিমানেই শ্ৰেষ্ঠ হ'ব পাৰিবা।

মৰমৰ সন্তানসকল, এতিয়া তোমালোকৰ উভতি যাত্ৰাৰ সময়। যেনেকৈ সত্যযুগৰ পৰা ত্ৰেতা, দ্বাপৰ আৰু কলিযুগলৈ তললৈ নামি আহিলা, তেনেকৈ এতিয়া তোমালোকে লৌহযুগৰ পৰা ওপৰলৈ সোণালী যুগলৈ যাব লাগে। যেতিয়া ৰূপালী যুগত উপনীত হ'বা, তেতিয়া এই কৰ্মেন্দ্ৰিয়সমূহৰ চঞ্চলতা শেষ হৈ যাব। সেয়েহে যিমানেই পিতাক স্মৰণ কৰিবা, সিমানেই তোমালোক আত্মাৰ পৰা ৰজো-তমো গুণৰ মামৰ আঁতৰি যাব। যিমানেই মামৰ আঁতৰি যাব, সিমানেই পিতাৰ প্ৰতি চুম্বকৰ দৰে আকৰ্ষণ বাঢ়ি যাব। আকৰ্ষণ অনুভৱ নকৰিলে নিশ্চয় মামৰ লাগি আছে। এই মামৰ সম্পূৰ্ণৰূপে আঁতৰাই বিশুদ্ধ সোণৰ দৰে হৈ যোৱা, সেয়া হৈছে অন্তিম কৰ্মাতীত অৱস্থা।

পিতাই মৰমৰ সন্তানসকলক মূল কথাটি বুজায়—দেহী-অভিমানী হোৱা। দেহসহিত দেহৰ সকলো সম্বন্ধ পাহৰি মামেকম্‌ (কেৱল মোক) স্মৰণ কৰা। পাৱনো নিশ্চয় হ'ব লাগে। কুমাৰী যেতিয়ালৈকে পৱিত্ৰ হৈ থাকে, তেতিয়ালৈকে সকলোৱে তেওঁৰ আগত শ্ৰদ্ধাৰে মূৰ দোঁৱায়। বিবাহৰ পাছত তেওঁ পূজাৰী হৈ যায় আৰু সকলোৰে আগত মূৰ দোঁৱাবলগীয়া হয়। কন্যা প্ৰথমতে পিতৃগৃহত থাকোঁতে ইমানবোৰ সম্বন্ধৰ কথা স্মৃতিলৈ নাহে। কিন্তু বিবাহৰ পাছত দেহৰ সম্বন্ধও বাঢ়ি যায় আৰু স্বামী-সন্তানৰ প্ৰতি মোহ বাঢ়িবলৈ ধৰে। শাহু-শহুৰ আদি সকলোৰে কথা স্মৃতিলৈ আহি থাকে। আগতে কেৱল মা-দেউতাৰ প্ৰতিহে মোহ থাকে। কিন্তু ইয়াত সেই সকলো সম্পৰ্ক পাহৰিব লাগে, কাৰণ এওঁৱেই তোমালোকৰ একমাত্ৰ সঁচা সঁচা মাতা-পিতা। এয়া হৈছে ঈশ্বৰীয় সম্পৰ্ক। গায়ো—“তুমিয়েই মোৰ মাতা, তুমিয়েই মোৰ পিতা...” এই মাতা-পিতাইতো তোমালোকক বিশ্বৰ মালিক কৰি তোলে। সেয়েহে পিতাই কয়, মোক, বেহদৰ পিতাক, নিৰন্তৰ স্মৰণ কৰা আৰু কোনো দেহধাৰীৰ প্ৰতি মমত্ব নাৰাখিবা। এই বেহদৰ পিতা যিয়ে তোমালোকক স্বৰ্গলৈ লৈ যায়, সেই মৰমৰ পিতাক অতি প্ৰেমেৰে স্মৰণ কৰি থাকা আৰু স্বদৰ্শন চক্ৰ ঘূৰাই থাকা। এই স্মৃতিৰ শক্তিৰেই তোমালোক আত্মা সোণৰ দৰে বিশুদ্ধ হৈ স্বৰ্গৰ মালিক হৈ যাবা। স্বৰ্গৰ নাম শুনিলেই অন্তৰ আনন্দিত হৈ যায়। যিসকলে নিৰন্তৰ পিতাক স্মৰণ কৰে আৰু আনকো স্মৰণ কৰায়, তেওঁলোকেই উচ্চ পদ লাভ কৰিব। এই পুৰুষাৰ্থ কৰি কৰি অৱশেষত তোমালোকৰ সেইটো অৱস্থা স্থায়ী হৈ যাব। এই জগতখনো পুৰণা, দেহো পুৰণা আৰু দেহ সহিত দেহৰ সকলো সম্বন্ধও পুৰণা। সেই সকলোৰে পৰা বুদ্ধিৰ যোগ আঁতৰাই একমাত্ৰ পিতাৰ সৈতে সংযোগ স্থাপন কৰিব লাগে, যাতে অন্তিম সময়তো সেই এজন পিতাৰেই স্মৃতি থাকে। আন কাৰোবাৰ সম্পৰ্ক স্মৃতিত থাকিলে অন্তিম সময়তো তেওঁৰেই স্মৃতি আহিব আৰু পদ ভ্ৰষ্ট হৈ যাব। অন্তিম সময়ত যিসকল বেহদৰ পিতাৰ স্মৃতিত থাকিব, তেওঁলোকেই নৰৰ পৰা নাৰায়ণ হ'ব। পিতাৰ স্মৃতি থাকিলে তেন্তে শিৱালয় বেচি দূৰৈত নাই।

অতিকৈ মৰমৰ সন্তানসকল বেহদৰ পিতাৰ ওচৰলৈ আহেই সজীৱ হ'বলৈ, কাৰণ সন্তানসকলে জানে যে বেহদৰ পিতাৰ পৰা বেহদ বিশ্বৰ বাদশ্বাহী লাভ হয়, এইটো কেতিয়াও পাহৰিব নালাগে। সেইটো সদায় স্মৃতিত থাকিলে সন্তানসকলৰ অপাৰ আনন্দিত হৈ থাকিব। এই বেজটো চলা-ফুৰা কৰোঁতে বাৰে বাৰে চাই থাকিবা আৰু একেবাৰে অন্তৰত ধাৰণ কৰিবা। অহো! ভগৱানৰ শ্ৰীমতত আমি এয়া হৈ আছোঁ। বেজটো চাই পিতাৰ প্ৰেমত মগন হৈ থাকা। “বাবা, বাবা” বুলি স্মৰণ কৰি থাকিলে সদায় স্মৃতি থাকিব মই পিতাৰ দ্বাৰা এয়া হৈ আছোঁ।

মৰমৰ সন্তানসকলৰ বুদ্ধি অতি বিশাল হোৱা উচিত। গোটেই দিনটো সেৱাৰ চিন্তাই চলি থাকিব লাগে। বাবাক এনে সন্তান লাগে, যিসকলে সেৱা নকৰাকৈ থাকিব নোৱাৰে। তোমালোক সন্তানসকলে গোটেই বিশ্বক আৱৰি ধৰিব লাগে, অৰ্থাৎ পতিত সৃষ্টিক পাৱন কৰি তুলিব লাগে। গোটেই বিশ্বক দুখধামৰ পৰা সুখধাম কৰি তুলিব লাগে। শিক্ষকেও পঢ়াই আনন্দ পায়, নহয়। তোমালোক এতিয়া অতি উচ্চ শিক্ষক হৈছা। যিমানেই ভাল শিক্ষক, সিমানেই অনেকক নিজৰ সমান কৰি তুলিব। কেতিয়াও ভাগৰি নপৰিব। ঈশ্বৰীয় সেৱাত বহুত আনন্দ থাকে। পিতাৰ সহায় পোৱা যায়। এওঁ বহুত ডাঙৰ বেহদৰ বেপাৰীও হয়, বেপাৰীসকলেই ধনৱান হয়। এই জ্ঞান মাৰ্গতো বেপাৰীসকলে অধিক উৎসাহেৰে আগবাঢ়ে। পিতাও বেহদৰ বেপাৰী হয় নহয়। চুক্তি অতি উত্তম, কিন্তু ইয়াৰ বাবে যথেষ্ট সাহস কৰিবলগীয়া হয়। নতুনকৈ অহা সন্তানসকল পুৰণাসকলতকৈও পুৰুষাৰ্থত আগবাঢ়ি যাব পাৰে। প্ৰত্যেকৰে ভাগ্য সুকীয়া, সেয়েহে পুৰুষাৰ্থও প্ৰত্যেকেই নিজা নিজা কৰিব লাগে। নিজৰ সম্পূৰ্ণ পৰীক্ষা কৰিব লাগে। এনেদৰে পৰীক্ষা কৰাসকলে দিনে-ৰাতিয়ে পুৰুষাৰ্থত লাগি যাব আৰু ক'ব—“আমি নিজৰ সময় কিয় নষ্ট কৰিম” যিমান পাৰি সময় ৰাহি কৰিব লাগে। নিজৰ সৈতে দৃঢ় প্ৰতিজ্ঞা কৰিব লাগে—মই কেতিয়াও পিতাক পাহৰি নাযাওঁ, বৃত্তি লৈহে এৰিম। এনে সন্তানসকলে সহায়ো পায়। তোমালোকে এনেকুৱাও নতুন নতুন পুৰুষাৰ্থী সন্তান দেখিবা, যিসকলে সাক্ষাৎকাৰ কৰি থাকিব। আৰম্ভণিত যি হৈছিল, শেষৰ ফালেও পুনৰ সেয়াই দেখিবলৈ পাবা। যিমানেই সমীপত আহিবা, সিমানেই আনন্দত নাচি থাকিবা। সেইফালে অনাহকতে ৰক্তপাতৰ খেলো চলি থাকিব।

তোমালোক সন্তানসকলৰ ঈশ্বৰীয় দৌৰ চলি আছে। যিমানেই আগবাঢ়ি যাবা, সিমানেই নতুন সৃষ্টিৰ দৃশ্যৱলীও সমীপত আহি থাহিব। আনন্দ বাঢ়ি যাব। যিসকলে সেই দৃশ্যবোৰ সমীপত দেখা নাপায়, তেওঁলোকৰ আনন্দও নাথাকিব। এতিয়াতো কলিযুগী সৃষ্টিৰ প্ৰতি বৈৰাগ্য আৰু সত্যযুগৰ নতুন সৃষ্টিৰ প্ৰতি গভীৰ প্ৰেম থকা উচিত। শিৱবাবা স্মৃতিত থাকিলে স্বৰ্গৰ উত্তৰাধিকাৰৰ কথাও স্মৃতিত থাকিব। স্বৰ্গৰ উত্তৰাধিকাৰ স্মৃতিত থাকিলে শিৱবাবাও স্মৃতিত থাকিব। তোমালোক সন্তানসকলে জানা যে এতিয়া আমি স্বৰ্গৰ ফালে আগবাঢ়ি গৈ আছোঁ। ভৰি নৰকৰ ফালে আৰু মূৰ স্বৰ্গৰ ফালে। এতিয়া সৰু-বৰ সকলোৰে বাবে বানপ্ৰস্থ অৱস্থা। বাবাৰ সদায় এই আনন্দময় অনুভৱ থাকে—অহো! মই গৈ এই বালকৃষ্ণ হ'ম। তেওঁৰ বাবে আগতীয়াকৈ উপহাৰো পঠিয়াই থাকে। যিসকলৰ সম্পূৰ্ণ নিশ্চয়তা আছে, সেই গোপিকাসকলেহে উপহাৰ পঠিয়ায়। তেওঁলোকে অতীন্দ্ৰিয় সুখানুভূতি লাভ কৰে। আমিয়েই অমৰলোকত দেৱতা হ'ম। কল্প পূৰ্বেও আমিয়েই হৈছিলোঁ। তাৰ পাছত আমি 84 বাৰ পুনৰ্জন্ম লৈছোঁ। এই বাজোলী (84 জন্মৰ চক্ৰৰ কথা) স্মৃতিত থাকিলেও এয়া কিমান সৌভাগ্যৰ কথা! সদায় অপাৰ আনন্দত থাকা। তোমালোকে এক বৃহৎ লটাৰি লাভ কৰি আছা। 5000 বছৰ পূৰ্বেও আমি ৰাজ্য-ভাগ্য লাভ কৰিছিলোঁ, পুনৰ এতিয়া লাভ কৰিম। এয়া ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। যেনেকৈ কল্প পূৰ্বে জন্ম লৈছিলা, তেনেকৈ পুনৰ জন্ম ল'বা। সেই একেই মা-দেউতা পুনৰ পাবা। যিজন শ্ৰীকৃষ্ণৰ পিতা আছিল, তেৱেঁই পুনৰ পিতা হ'ব। যিসকলে গোটেই দিন এনেদৰে চিন্তন কৰি থাকিব, তেওঁলোক বৰ ৰমণীতাত থাকিব। যদি বিচাৰ সাগৰ মন্থন নকৰা, তাৰমানে স্বাস্থ্যৱান নহয়। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সদায় এইটো স্মৃতিত থাকিব লাগে যে আমি ব্ৰাহ্মণ। আমাক ব্ৰাহ্মণসকলকহে ভগৱানে পঢ়ায়। আমি এতিয়া ব্ৰাহ্মণৰ পৰা দেৱতা হৈ আছোঁ।

(2) জ্ঞান ৰত্নেৰে নিজৰ জোলোঙা ভৰপূৰ কৰি দান কৰিব লাগে। এই কলিযুগী পতিত সৃষ্টিৰ দাঁতি এৰি দিব লাগে। মায়াৰ ধুমুহালৈ ভয় কৰিব নালাগে।

বৰদান:
শান্তিৰ শক্তিৰে ছেকেণ্ডত সকলো সমস্যা সমাধান কৰোঁতা একান্তবাসী হোৱা

যেতিয়া কোনো নতুন বা শক্তিশালী উদ্ভাৱন কৰে তেতিয়া জনকোলাহলৰ পৰা দূৰৈত নিৰ্জনত কৰা হয়। ইয়াত একান্তবাসী হোৱাটোৱেই হ’ল নিৰ্জন অৱস্থা। যিখিনি সময় পোৱা যায়, কাম-কাজ কৰিও, শুনি-শুনাই, নিৰ্দেশনা দিও এই দেহৰ জগত আৰু দেহ-বোধৰ পৰা উৰ্দ্ধত শান্তিত গুচি যোৱা। এইটো অভ্যাস বা অনুভৱ কৰা আৰু কৰোৱাৰ অৱস্থাই প্ৰতিটো সমস্যাৰ সমাধান কৰি দিব। ইয়াৰ দ্বাৰা এক ছেকেণ্ডতে যিকোনো লোকক শান্তি বা শক্তিৰ অনুভূতি কৰাই দিবা। যিয়েই সন্মুখত আহিব, তেওঁ এইটো অৱস্থাতে সাক্ষাৎকাৰৰ অনুভৱ কৰিব।

স্লোগান:
ব্যৰ্থ সংকল্প বা বিকল্পৰ পৰা আঁতৰি থাকি আত্মিক স্থিতিত থকা মানেই যোগযুক্ত হোৱা।


অব্যক্ত ইংগিত: পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰা

পিতা ব্ৰহ্মাই সন্তানসকলক মালিক কৰি দিলে আৰু নিজক সেৱাধাৰী ৰূপত ৰাখিলে। মালিক বোধৰ মানো দিলে, সম্ভ্ৰমো দিলে, নামো দিলে। কেতিয়াও নিজৰ নাম প্ৰচাৰ নকৰিলে — 'মোৰ সন্তান'। গতিকে যিদৰে পিতাই নাম, মান, সম্ভ্ৰম সকলো ত্যাগ কৰিলে, পৰোপকাৰ কৰিলে, নিজৰ সুখ সন্তানসকলৰ সুখতেই অনুভৱ কৰিলে। সন্তানসকলৰ পাহৰি যোৱাৰ বাবে হোৱা দুখৰ অনুভৱক নিজৰ দুখ বুলি ভাবিলে। এনেদৰে পিতাক অনুসৰণ কৰি পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হোৱা, তেতিয়াহে বিশ্ব কল্যাণৰ কাৰ্য সম্পন্ন হ'ব।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]