11.02.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
সকলোকে এইটোৱেই বাৰ্তা দিয়া যে পিতাৰ আদেশ হৈছে - এই পুৰুষোত্তম সংগমযুগত পৱিত্ৰ
হোৱা তেতিয়া সত্যযুগৰ উত্তৰাধিকাৰ প্ৰাপ্ত হৈ যাব”
প্ৰশ্ন:
কোনটো সুলভ
চুক্তিৰ বিষয়ে সকলোকে ক'ব লাগে?
উত্তৰ:
এই অন্তিম জন্মত পিতাৰ নিৰ্দেশনা অনুসৰি চলি পৱিত্ৰ হওক তেতিয়া 21 জন্মৰ কাৰণে
বিশ্বৰ বাদশ্বাহী প্ৰাপ্ত হৈ যাব, এইটো বহুত সুলভ চুক্তি। এইটোৱে চুক্তি কৰিবলৈ
তোমালোকে সকলোকে শিকোৱা। কোৱা, এতিয়া শিৱবাবাক স্মৰণ কৰি পৱিত্ৰ হওক তেতিয়া পৱিত্ৰ
সৃষ্টিৰ মালিক হৈ যাব।
ওঁম্শান্তি।
আত্মিক
সন্তানসকলে জানা, আত্মিক পিতাই বুজায় যে প্ৰদৰ্শনী বা মেলাত প্ৰদৰ্শন কৰা বা চিত্ৰৰ
ওপৰত মনুষ্যক বুজোৱা যে পিতাৰ পৰা এতিয়া বেহদৰ উত্তৰাধিকাৰ ল'ব লাগে। কি
উত্তৰাধিকাৰ? মনুষ্যৰ পৰা দেৱতা হোৱাৰ অথবা বেহদৰ পিতাৰ পৰা আধাকল্পৰ কাৰণে স্বৰ্গৰ
ৰাজ্য কেনেকৈ ল'ব লাগে, এইটো বুজাব লাগে। পিতা সদাগৰতো হয়েই, তেওঁৰ লগত এইটো চুক্তি
কৰিব লাগে। এইটোতো মনুষ্যই জানে যে দেৱী-দেৱতাসকল পৱিত্ৰ হৈ থাকে। ভাৰতত যেতিয়া
সত্যযুগ আছিল তেতিয়া দেৱী-দেৱতাসকল পৱিত্ৰ আছিল। নিশ্চয় তেওঁলোকে স্বৰ্গৰ কাৰণে কিবা
প্ৰাপ্তি কৰিছিল। স্বৰ্গৰ স্থাপনা কৰোঁতা পিতাৰ বাহিৰে আন কোনেও প্ৰাপ্তি কৰাব
নোৱাৰে। পতিত-পাৱন পিতাহে পতিতসকলক পাৱন কৰি পাৱন সৃষ্টিৰ ৰাজ্য-ভাগ্য দিওঁতা হয়।
কিমান সুলভ চুক্তি কৰিবলৈ শিকায়। কেৱল কয় এয়া তোমালোকৰ অন্তিম জন্ম। যেতিয়ালৈকে মই
ইয়াত আছোঁ, পৱিত্ৰ হোৱা। মই আহিছোঁ পৱিত্ৰ কৰি তুলিবলৈ। তোমালোকে এই অন্তিম জন্মত
পাৱন হোৱাৰ পুৰুষাৰ্থ কৰা তেতিয়া পাৱন সৃষ্টিৰ উত্তৰাধিকাৰ ল’বা। চুক্তিতো বহুত
সুলভ। গতিকে বাবাৰ চিন্তান চলিল যে সন্তানসকলে এনেকৈ বুজাব লাগে যে পিতাৰ আদেশ হৈছে
- পৱিত্ৰ হোৱা। এয়া হৈছে পুৰুষোত্তম সংগমযুগ, যিটো পৱিত্ৰ হোৱাৰ বাবে। উত্তমতকৈও
উত্তম পুৰুষ হয়েই দেৱতাসকল। লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব চলিছিল নহয়। দৈৱী বিশ্বৰ
সাৰ্বভৌমত্ব তোমালোকে পিতাৰ পৰা উত্তৰাধিকাৰত প্ৰাপ্ত কৰিব পাৰা যদিহে পিতাৰ মতত এই
অন্তিম জন্ম পৱিত্ৰ হোৱা তেতিয়াহে, এইটোও যুক্তি শুনায় যে যোগবলেৰে নিজক তমোপ্ৰধানৰ
পৰা সতোপ্ৰধান কেনেকৈ কৰিবা। সন্তানসকলে কল্যাণৰ কাৰণে খৰচতো কৰিবই লাগে। খৰচ অবিহনে
ৰাজধানী স্থাপন হ'ব নোৱাৰে। এতিয়া লক্ষ্মী-নাৰায়ণৰ ৰাজধানী স্থাপন হৈ আছে।
সন্তানসকল পৱিত্ৰ নিশ্চয় হ'ব লাগে। মন-বাণী-কৰ্মৰে কোনোধৰণৰ ওলোটা কাম কৰিব নালাগে।
দেৱতাসকলৰ কেতিয়াও কোনো বেয়া খেয়ালো নাহে। মুখেৰে এনেকুৱা কোনো বচন উচ্চাৰিত নহয়।
তেওঁলোক হয়েই সৰ্বগুণ সম্পন্ন, সম্পূৰ্ণ নিৰ্বিকাৰী, মৰ্যাদা পুৰুষোত্তম....। যিসকল
হৈ যায় তেওঁলোকৰ মহিমা গায়ন কৰা হয়। এতিয়া তোমালোক সন্তানসকলকো তেনেকুৱাই দেৱী-দেৱতা
কৰি তুলিবলৈ আহিছোঁ। তেন্তে মন-বাণী-কৰ্মৰে এনেকুৱা কোনোধৰণৰ বেয়া কাম কৰিব নালাগে।
দেৱতাসকল সম্পূৰ্ণ নিৰ্বিকাৰী আছিল, এই গুণো তোমালোকে এতিয়া ধাৰণ কৰিব পাৰা কিয়নো
এই মৃত্যুলোকত তোমালোকৰ এইটো অন্তিম জন্ম। পতিত সৃষ্টিক মৃত্যুলোক, পাৱন সৃষ্টিক
অমৰলোক বুলি কোৱা হয়। এতিয়া মৃত্যুলোকৰ বিনাশ সন্মুখত ঠিয় হৈ আছে। নিশ্চয় অমৰপুৰীৰ
স্থাপনা হ'ব। এয়া সেয়াই ভয়ানক মহাভাৰতৰ যুদ্ধ, যি শাস্ত্ৰত দেখুওৱা হৈছে, যাৰ দ্বাৰা
পুৰণি বিকাৰী বিশ্ব নাশ হয়। কিন্তু এই জ্ঞান কাৰো নাই। পিতাই কয় - সকলো অজ্ঞান
নিদ্ৰাত শুই আছে। 5 বিকাৰৰ নিচা থাকে। এতিয়া পিতাই কয় - পৱিত্ৰ হোৱা। মাষ্টৰ ভগৱানতো
হ'বা নহয়। লক্ষ্মী-নাৰায়ণক ভগৱান-ভগৱতী বুলি কয় অৰ্থাৎ ভগৱানৰ দ্বাৰা এই
উত্তৰাধিকাৰ পাইছে। এতিয়াতো ভাৰত পতিত। মন-বাণী-কৰ্মৰে কৰ্তব্যই এনেকুৱা কৰে। যিকোনো
কথা প্ৰথমে বুদ্ধিত আহে পাছত মুখেৰে ওলায়। কৰ্মত আহিলে বিকৰ্ম হৈ যায়। পিতাই কয় -
তাত কোনো বিকৰ্ম নহয়। ইয়াত বিকৰ্ম হয় কিয়নো ৰাৱণৰাজ্য। এতিয়া পিতাই কয় - বাকী যি
আয়ুস আছে পৱিত্ৰ হোৱা। প্ৰতিজ্ঞা কৰিব লাগে, পৱিত্ৰ হৈ আকৌ মোৰ সৈতে বুদ্ধিৰ
যোগসূত্ৰ গঢ়িব লাগে, যাৰ দ্বাৰা তোমালোকৰ জন্ম-জন্মান্তৰৰ পাপো খণ্ডন হৈ যাব,
তেতিয়াহে তোমালোক 21 জন্মৰ কাৰণে স্বৰ্গৰ মালিক হ'বা। পিতাই প্ৰস্তাৱ আগবঢ়ায়, এইটোতো
বুজাই থাকে যে এওঁৰ দ্বাৰা পিতাই এই উত্তৰাধিকাৰ দিয়ে। তেওঁ হৈছে শিৱবাবা, এওঁ হৈছে
দাদা সেয়েহে সদায় কয়েই ‘বাপদাদা’। শিৱবাবা ব্ৰহ্মা দাদা। পিতাই কিমান চুক্তি কৰে।
মৃত্যুলোকৰ বিনাশ সন্মুখত ঠিয় হৈ আছে। অমৰলোকৰ স্থাপনা হৈ আছে। প্ৰদৰ্শনী মেলা
এইবাবেই অনুস্থিত কৰে যাতে ভাৰতবাসীৰ কল্যাণ হয়। পিতাহে আহি ভাৰতত ৰামৰাজ্য ৰচে।
ৰামৰাজ্যত নিশ্চয় পৱিত্ৰহে থাকিব। পিতাই কয় সন্তানসকল কাম মহাশত্ৰু। এই 5 বিকাৰকহে
মায়া বুলি কোৱা হয়। ইয়াৰ ওপৰত বিজয়ী হ’লে তোমালোক জগতজিৎ হ'বা। জগতজিৎ হৈছেই
দেৱী-দেৱতাসকল আৰু কোনো জগতজিৎ হ'ব নোৱাৰে। বাবাই বুজাইছিল - খ্ৰীষ্টানলোকসকল যদি
পৰস্পৰ মিলি যায় তেন্তে গোটেই সৃষ্টিত ৰাজত্ব কৰিব পাৰে। কিন্তু বিধান নাই। এই বোমা
হৈছেই পুৰণি সৃষ্টিক নাশ কৰিবৰ কাৰণে। কল্পই কল্পই এনেকৈয়ে নতুন সৃষ্টিৰ পৰা পুৰণি,
পুৰণিৰ পৰা নতুন হয়। নতুন সৃষ্টিত হৈছে ঈশ্বৰীয় ৰাজ্য, যাক ৰামৰাজ্য বুলি কোৱা হয়।
ঈশ্বৰক নজনাৰ কাৰণে এনেয়ে ‘ৰাম ৰাম’ জপ কৰি থাকে। গতিকে তোমালোক সন্তানসকলৰ ভিতৰত
এই কথাবোৰ ধাৰণ হ'ব লাগে। যথাযথ আমি 84 জন্মত সতোপ্ৰধানৰ পৰা তমোপ্ৰধান হৈ গৈছোঁ।
এতিয়া পুনৰ সতোপ্ৰধান নিশ্চয় হ'ব লাগে। শিৱবাবাৰ নিৰ্দেশনা, এতিয়া সেই অনুসৰি চলিলে
21 জন্মৰ কাৰণে পৱিত্ৰ সৃষ্টিত উচ্চ পদ পাবা। এতিয়া লাগিলে পুৰুষাৰ্থ কৰা বা নকৰা,
স্মৃতিত থাকি আনক ৰাস্তা দেখুওৱা বা নেদেখুওৱা। প্ৰদৰ্শনীৰ দ্বাৰা সন্তানসকলে বহুতকে
ৰাস্তা দেখুৱাই আছে। নিজৰো কল্যাণ কৰিব লাগে। চুক্তি বহুত সুলভ। কেৱল এই অন্তিম
জন্ম পৱিত্ৰ হৈ থাকিলে, শিৱবাবাৰ স্মৃতিত থাকিলে তোমালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান
হৈ যাবা। কিমান সুলভ চুক্তি। জীৱনেই সলনি হৈ যায়। এনেকৈ চিন্তন কৰিব লাগে। বাবাৰ
ওচৰলৈ বাৰ্তা আহে। ৰাখী বান্ধিবলৈ যাওঁতে কোনো-কোনোৱে ক’লে এই সময়ত যেতিয়া সৃষ্টি
তমোপ্ৰধান হয়, ইয়াত পৱিত্ৰ হৈ থকা - এইটোতো অসম্ভৱ। সেই বেচেৰাসকলে গম নাপায় যে
এতিয়া সংগমযুগ। পিতাইহে পৱিত্ৰ কৰি তোলে। এওঁলোকৰ সহায়ক হৈছে পৰমপিতা পৰমাত্মা।
তেওঁলোকে এইটো গমেই নাপায় যে ইয়াত বহুত প্ৰলোভন আছে। পৱিত্ৰ হ'লে পৱিত্ৰ সৃষ্টিৰ
মালিক হ'ব লাগে। পিতাই কয় - এই মায়া ৰূপী 5 বিকাৰৰ ওপৰত বিজয়ী হ'লে তোমালোক জগতজিৎ
হ'বা। তেন্তে আমি কিয়নো বাৰু পৱিত্ৰ নহ'ম। সৰ্বোত্তম চুক্তি। পিতাই কয় - কাম
মহাশত্ৰু। ইয়াৰ ওপৰত বিজয়ী হ'লে তোমালোক পৱিত্ৰ হ'বা। মায়াজিৎ জগতজিৎ। এয়া হৈছে
যোগবলেৰে মায়াৰ ওপৰত বিজয়ী হোৱাৰ কথা। পৰমপিতা পৰমাত্মাহে আহি আত্মাসকলক বুজায় যে
মোক স্মৰণ কৰিলে মামৰ আঁতৰি যাব। তোমালোক সতোপ্ৰধান সৃষ্টিৰ মালিক হৈ যাবা। পিতাই
সংগমত উত্তৰাধিকাৰ দিয়ে। সকলোতকৈ উত্তম পুৰুষ এই লক্ষ্মী-নাৰায়ণ আছিল, তেওঁলোককহে
মৰ্যাদা পুৰুষোত্তম দেৱী-দেৱতা ধৰ্মৰ বুলি কোৱা হয়। বুজোৱাতো বহুত ভালদৰে হয় কিন্তু
কেতিয়াবা কেতিয়াবা এই কথাটি পাহৰি যায়। আকৌ পাছত বিচাৰ চলে, ভাষণত এইটো এইটো কথা
বুজোৱা নহ'ল। বুজাবৰ কাৰণে কথাতো বহুত আছে। এনেকুৱা হয়। উকীল লোকসকলেও কোনো কোনো কথা
পাহৰি যায়। আকৌ পাছত যেতিয়া সেই কথাটি স্মৃতিলৈ আহে তেতিয়া পুনৰ ওকালতি কৰে। ডাক্তৰ
লোকসকলৰো এনেকুৱা হয়। চিন্তন চলে - এইটো বেমাৰৰ কাৰণে এইটো ঔষধ সঠিক। ইয়াতো কথাতো
বহুত আছে। বাবাই কয় - আজি তোমালোকক গূঢ় কথা বুজাম। কিন্তু বুজোঁতাসকল হৈছে সকলো
পতিত। এনেকৈ কয়ো - হে পতিত-পাৱন...... কিন্তু কাৰোবাক তেনেকৈ ক’লে বিতুষ্ট হৈ যাব।
ঈশ্বৰৰ সন্মুখত সঁচা কথা কয় - হে পতিত-পাৱন আহক আহি আমাক পাৱন কৰি তোলক। ঈশ্বৰক
পাহৰি গ’লে তেতিয়া আকৌ মিছা কথা কৈ দিয়ে, সেয়েহে বহুত যুক্তিৰে বুজাব লাগে যাতে সাপো
মৰে লাঠীও নাভাঙে। পিতাই কয় - নিগনিৰ পৰা জ্ঞান আহৰণ কৰা। নিগনিয়ে ইমান কৌশলেৰে
কামোৰে যে তেজো ওলায় কিন্তু একেবাৰে গম নাপায়। গতিকে সন্তানসকলৰ বুদ্ধিত সকলোবোৰ
সাৰকথা থাকিব লাগে। যোগযুক্ত হৈ থকাসকলে সময়ত সহায় পায়। হ'ব পাৰে শুনোঁতাজন
শুনাওঁতাজনতকৈও বেছি পিতাৰ মৰমৰ হয়। তেতিয়া পিতাই নিজেও বহি বুজাই দিব। গতিকে এনেকৈ
বুজাব লাগে যাতে তেওঁলোকে বুজি পায় যে পৱিত্ৰ হোৱাটোতো বহুত ভাল। এই এটা জন্ম
পৱিত্ৰ হৈ থাকিলে আমি 21 জন্ম পৱিত্ৰ সৃষ্টিৰ মালিক হ'মগৈ। ভগৱানুবাচ (ভগৱানে কয়) -
এই অন্তিম জন্ম পৱিত্ৰ হোৱা তেন্তে মই প্ৰতিশ্ৰুতি দিছোঁ, ড্ৰামাৰ পৰিকল্পনা অনুসৰি
তোমালোকে 21 জন্মৰ কাৰণে উত্তৰাধিকাৰ পাব পাৰা। এয়াতো আমি কল্পই কল্পই উত্তৰাধিকাৰ
পাই থাকোঁ। যিসকলৰ সেৱা কৰাৰ চখ থাকিব তেওঁলোকেতো বুজিব যে আমি গৈ বুজাওঁ। দৌৰিব
লাগে। পিতাতো হৈছে জ্ঞানৰ সাগৰ, তেওঁ কিমান জ্ঞান বৰষি থাকে। আত্মা পৱিত্ৰ হ’লে
তেন্তে ধাৰণাও হয়। নিজৰ নাম উজ্জ্বল কৰি দেখুৱায়। প্ৰদৰ্শনী মেলাৰ পৰা গম পাব পাৰি,
কোনে কেনেকুৱা সেৱা কৰে। শিক্ষকসকলে নিৰীক্ষণ কৰিব লাগে - কোনে কেনেকৈ বুজায়।
সাধাৰণতে লক্ষ্মী-নাৰায়ণ বা ছিৰিৰ চিত্রৰ ওপৰত বুজোৱাতো ভাল। যোগবলেৰে পুনৰ এনেকুৱা
লক্ষ্মী-নাৰায়ণ হয়। লক্ষ্মী-নাৰায়ণেই আদি দেৱ, আদি দেৱী। চতুৰ্ভুজত লক্ষ্মী-নাৰায়ণ
দুয়ো আহি যায়। দুখন হাত লক্ষ্মীৰ, দুখন নাৰায়ণৰ। এইটোও ভাৰতবাসীয়ে নাজানে।
মহালক্ষ্মীৰ 4 খন হাত, ইয়াৰ অৰ্থ হৈছেই তেওঁলোক যুগল। বিষ্ণু হয়েই চতুৰ্ভুজ।
প্ৰদৰ্শনীততো নিতৌ
বুজোৱা হয়। ৰথো দেখুওৱা হৈছে। কয় অৰ্জুন বহি আছিল। কৃষ্ণ ৰথ চলাওঁতা আছিল। এই
সকলোবোৰ হৈছে কাহিনী। এতিয়া এয়া হৈছে জ্ঞানৰ কথা। দেখুৱায় যে জ্ঞান অমৃতৰ কলহ
লক্ষ্মীৰ শিৰত ৰাখিছে। বাস্তৱত কলহ ৰাখিছে জগত অম্বাৰ ওপৰত, যি আকৌ লক্ষ্মী হয়।
এইটোও বুজাব লাগে। সত্যযুগত এক ধৰ্ম, এক মতৰ মনুষ্য থাকে। দেৱতাসকলৰ হৈছেই এটা মত।
দেৱতাসকলকহে ‘শ্ৰী’ বুলি কোৱা হয় আন কাকো নকয়। তেন্তে বাবাৰ চিন্তন চলি আছিল যে কম
শব্দৰ ভিতৰত বুজাব লাগে। এই অন্তিম জন্মত 5 বিকাৰৰ ওপৰত বিজয়ী হ’লে তোমালোক
ৰামৰাজ্যৰ মালিক হ'বাগৈ। এয়াতো সুলভ চুক্তি। পিতা আহি অবিনাশী জ্ঞান ৰত্ন দান দিয়ে।
পিতা হৈছে জ্ঞানৰ সাগৰ। তেৱেঁই জ্ঞান ৰত্ন দিয়ে। ইন্দ্ৰসভাত কোনোবা ‘সব্জপৰী’,
‘পুখৰাজ’ পৰীও আছে। হওতে সকলো সহায় কৰোঁতা। অলংকাৰ ভিন্ন ভিন্ন প্ৰকাৰৰ থাকে নহয়
সেয়েহে 9 ৰত্ন দেখুওৱা হৈছে। এইটোতো সঁচা যে যিয়ে ভালদৰে পঢ়িব তেন্তে পদো পাব।
ক্ৰমানুসৰিতো হয় নহয়। পুৰুষাৰ্থ কৰাৰ সময়েই হৈছে এয়া। এইটোতো সন্তানসকলে বুজি পায়
যে আমি পিতাৰ মালাৰ দানা হওঁ। যিমান শিৱবাবাক স্মৰণ কৰিম সিমানে যেন আমি স্মৃতিৰ
যাত্ৰাত দৌৰ লগাওঁ। পাপো সোনকালে বিনাশ হ'ব।
এই পঢ়া কোনো দীঘলীয়া
নহয় কেৱল পৱিত্ৰ হ'ব লাগে। দৈৱীগুণো ধাৰণ কৰিব লাগে। মুখেৰে কেতিয়াও পাথৰ (কটু বচন)
উলিয়াব নালাগে। পাথৰ দলিয়াওঁতাজন পাথৰবুদ্ধিৰেই হ'ব। ৰত্ন উলিয়াওঁতাজনেহে উচ্চ পদ
পাব। এইটোতো বহুত সহজ। জিজ্ঞাসুসকলক বুজোৱা - পতিত-পাৱন সকলোৰে মুক্তি-জীৱনমুক্তি
দাতা পৰমপিতা পৰমাত্মা শিৱই কৈছে - হে ভাৰতবাসী আত্মিক সন্তানসকল, ৰাৱণৰাজ্য
মৃত্যুলোকৰ এই কলিযুগী অন্তিম জন্মত পৱিত্ৰ হৈ থাকিলে আৰু পৰমপিতা পৰমাত্মা শিৱৰ
লগত বুদ্ধি যোগবলৰ যাত্ৰাৰে তমোপ্ৰধান আত্মাসকল সতোপ্ৰধান আত্মা হৈ সতোপ্ৰধান
সত্যযুগী বিশ্বত পৱিত্ৰতা, সুখ, শান্তি, সম্পত্তি সম্পন্ন মৰ্যাদা পুৰুষোত্তম দৈৱী
স্বৰাজ্য পদ পুনৰ পাব পাৰে, 5 হাজাৰ বছৰ পূৰ্বৰ দৰে। কিন্তু আগন্তুক ভয়ানক বিনাশৰ
আগতেই পিতাই আমাক উত্তৰাধিকাৰ দিয়ে, পাঠ পঢ়ায়। যিমান পঢ়িব সিমান উচ্চ পদ পাব। লগততো
লৈয়েই যাব তেন্তে আমাৰ এই পুৰণি শৰীৰৰ বা এই সৃষ্টিৰ খেয়াল কিয় থাকিব লাগে।
তোমালোকৰ সময় হৈছে পুৰণি সৃষ্টি ত্যাগ কৰাৰ। এনেকুৱা কথাবোৰ বুদ্ধিত মন্থন হৈ থাকিলে
সেয়াও বহুত ভাল। আগলৈ গৈ পুৰুষাৰ্থ কৰোঁতে কৰোঁতে সময় আহি যাব তেতিয়া শ্বাসৰুদ্ধ
হ'বলগীয়া নহ’ব। দেখিবা সৃষ্টিও বিনাশৰ দুৱাৰদলিত আছে গতিকে বুদ্ধিৰ যোগসূত্ৰ গঢ়িব
লাগে। সেৱা কৰিলে সহায়ো পাবা। যিমানে কাৰোবাক সুখৰ ৰাস্তা দেখুৱাবা সিমান আনন্দিত
হৈ থাকিবা। পুৰুষাৰ্থও চলি থাকিব। ভাগ্য দেখিবলৈ পোৱা যায়। পিতাইতো পুৰুষাৰ্থ কৰিবলৈ
শিকায়। কোনোৱে পুৰুষাৰ্থ কৰিবলৈ লাগি যায়, কোনোৱে নকৰে। তোমালোকে জানা কোটিপতি,
পদমপতি সকলো এনেকৈয়ে শেষ হৈ যাব। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) উচ্চ পদ
পাবৰ কাৰণে মুখেৰে সদায় ৰত্ন উচ্চাৰণ কৰিব লাগে, পাথৰ নহয়। মন-বাণী-কৰ্মৰে এনেকুৱা
কাৰ্য কৰিব লাগে যি মৰ্যাদা পুৰুষোত্তম কৰি তোলোঁতা হয়।
(2) এই অন্তিম জন্মত
পৱিত্ৰ হোৱাৰ প্ৰতিজ্ঞা কৰিব লাগে। পৱিত্ৰ হোৱাৰে যুক্তি সকলোকে শুনাব লাগে।
বৰদান:
সদাপ্ৰস্তুত
হৈ সকলো পৰিস্থিতিৰূপী কাকতত সম্পূৰ্ণ নম্বৰ লৈ উত্তীৰ্ণ হওঁতা সদাসুখী হোৱা
যিসকল সদাপ্ৰস্তুত হৈ
থাকে তেওঁলোকৰ বাস্তৱিক স্বৰূপ সদাসুখী হ’ব। যিকোনো পৰিস্থিতি ৰূপী কাকত বা
প্ৰাকৃতিক আপদৰ দ্বাৰা অহা কাকত বা কোনো শাৰীৰিক কৰ্মভোগ ৰূপী কাকত আহিলে - এই
সকলোপ্ৰকাৰৰ কাকতত সম্পূৰ্ণ উত্তীৰ্ণ হওঁতাসকলকেই সদাপ্ৰস্তুত বুলি কোৱা হ’ব। যেনেকৈ
সময় কাৰো বাবে ৰৈ নাথাকে, তেনেকৈ যাতে কোনো বাধা-বিঘিনিয়ে ৰখাব নোৱাৰে, মায়াৰ
সূক্ষ্ম বা স্থূল বিঘিনিবোৰ এক চেকেণ্ডত সমাপ্ত হৈ যাওক তেতিয়াহে সদাসুখী হৈ থাকিব
পাৰিবা।
স্লোগান:
সময়ত সকলো শক্তি কাৰ্যত ব্যৱহাৰ কৰা অৰ্থাৎ মাষ্টৰ সৰ্বশক্তিমান হোৱা।
অব্যক্ত ইংগিত: একতা
আৰু বিশ্বাসৰ বিশেষত্বৰে সফলতা সম্পন্ন হোৱা
একতাৰ আধাৰ দুটা - এটা
হ’ল বিশ্বাস আৰু আনটো হ’ল প্ৰেম। কেতিয়াও যাতে পৰস্পৰৰ মাজত বিশ্বাস কম নহয়, এজনে
ক’লে আনজনে মানি ল’লে… একতাৰ দোলেৰে বান্ধ খাই থকাৰ এইটোৱে বিধি। পাৰস্পৰিক আন্তৰিক
স্নেহে সমীপত লৈ আনে। যেনেকৈ পিতাৰ প্ৰতি সকলোৰে স্নেহ আছে, তেনেকৈ পৰিয়ালৰ প্ৰতিও
যাতে আন্তৰিক স্নেহ থাকে, ইয়াৰ বাবে স্বমানত থাকি সকলোকে সন্মান দিয়া।