11.04.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
এতিয়া এই নাটক পূৰা হয়, তোমালোক ঘৰলৈ উভতি যাব লাগে, সেইকাৰণে এইখন জগতৰ প্ৰতি থকা
মমত্ব আঁতৰাই দিয়া, ঘৰক আৰু নতুন ৰাজ্যক স্মৰণ কৰা”
প্ৰশ্ন:
দানৰ মহত্ব
কেতিয়া হয়, তাৰ প্ৰতিদান কোনসকল সন্তানৰ প্ৰাপ্ত হয়?
উত্তৰ:
দানৰ মহত্ব তেতিয়া হয় যেতিয়া দান দিয়া বস্তুৰ প্ৰতি মমত্ব নাথাকে। যদি দান কৰাৰ
পাছত স্মৃতিলৈ আহে তেন্তে প্ৰতিদানত তাৰ ফল প্ৰাপ্ত নহয়। দান হয়েই পৰৱৰ্তী জন্মৰ
কাৰণে সেইকাৰণে এইটো জন্মত তোমালোকৰ ওচৰত যি কিছু আছে তাৰ প্ৰতি থকা মমত্ব আঁতৰাই
দিয়া। নিমিত্ত হৈ তত্বাৱধান লোৱা। ইয়াত তোমালোকে ঈশ্বৰীয় সেৱাত যি দিয়া, চিকিৎসালয়
বা মহাবিদ্যালয় স্থাপনা কৰি দিয়া তাৰ দ্বাৰা অনেকৰ কল্যাণ হয়, তাৰ প্ৰতিদানত 21
জন্মৰ কাৰণে প্ৰাপ্তি হৈ যায়।
ওঁম্শান্তি।
সন্তানসকলৰ
নিজৰ ঘৰ আৰু ৰাজধানী স্মৃতিত আছেনে? ইয়াত যেতিয়া বহা তেতিয়া বাহিৰৰ সাংসাৰিক জগত,
পেছাগত কাম-কাজ আদিৰ খেয়াল অহা উচিত নহয়। বচ্, নিজৰ ঘৰহে (পৰমধাম) স্মৃতিলৈ আহিব
লাগে। এতিয়া এই পুৰণি সৃষ্টিৰ পৰা নতুন সৃষ্টিলৈ উভতি যাব লাগে, এই পুৰণি সৃষ্টিতো
নাশ হৈ যাব। অগ্নিত সকলো স্বাহা হৈ যাব। এই দুচকুৰে যি দেখিবলৈ পোৱা,
মিত্ৰ-সম্বন্ধীয় আদি এই সকলো নাশ হৈ যাব। এই জ্ঞান পিতাইহে আত্মাসকলক বুজায়।
সন্তানসকল, এতিয়া নিজৰ ঘৰলৈ উভতি যাব লাগে। নাটক পূৰা হয়। এয়া হয়েই 5 হাজাৰ বছৰৰ
চক্ৰ। সৃষ্টিখনতো আছেই, কিন্তু সৃষ্টি পৰিক্ৰমা লগাবলৈ 5 হাজাৰ বছৰ লাগে। যিসকল
আত্মা আছে সকলো উভতি গুচি যাব। এই পুৰণি সৃষ্টিখনেই নাশ হৈ যাব। বাবাই বহুত ভালকৈ
প্ৰতিটো কথা বুজায়। কোনোবা কৃপণ হ’লে অবাবতে নিজৰ সম্পত্তি হেৰুৱাই পেলায়।
ভক্তিমাৰ্গত দান-পুণ্যতো কৰে নহয়। কোনোবাই ধৰ্মশালা স্থাপনা কৰিলে, কোনোবাই
চিকিৎসালয় স্থাপনা কৰিলে, বুদ্ধিৰে বুজি পায় যে ইয়াৰ ফল পৰৱৰ্তী জন্মত পাম। কোনো আশা
নৰখাকৈ, অনাসক্ত হৈ কোনোবাই কৰিব - এনেকুৱা নহয়। বহুতে কয় - ফলৰ আশা আমি নাৰাখোঁ।
কিন্তু নহয়, ফল অৱশ্যেই প্ৰাপ্ত হয়। ধৰি লোৱা কাৰোবাৰ পইচা আছে, তাৰ পৰা দান দিলে
তেতিয়া বুদ্ধিত এইটো থাকিব যে মই পৰৱৰ্তী জন্মত পাম। যদি মমত্ব জাগি উঠে, এইটো মোৰ
বস্তু - এনেকৈ ভাবিলে তেন্তে তাত প্ৰাপ্তি নহ’ব। দান হয়েই পৰৱৰ্তী জন্মৰ কাৰণে।
যিহেতু পৰৱৰ্তী জন্মত পোৱা যায় তেন্তে আকৌ এইটো জন্মত মমত্ব কিয় ৰাখা, সেইকাৰণে
তোমালোকক নিমিত্ত কৰোৱা হয় তেতিয়া নিজৰ মমত্ব আঁতৰি যায়। কোনোবাই ভাল চহকীৰ ঘৰত
জন্ম ল’লে তেতিয়া ক’ব - এওঁ ভাল কৰ্ম কৰিছে। কোনোবাই ৰজা-ৰাণীৰ সন্তান হৈ জন্ম লয়,
কিয়নো দান-পুণ্য কৰিছে কিন্তু সেয়া হৈছে অল্পকালৰ এটা জন্মৰ কথা। এতিয়াতো তোমালোকে
এই শিক্ষা গ্ৰহণ কৰা। জানা যে এই পঢ়াৰ দ্বাৰা আমি এয়া (দেৱী-দেৱতা) হ’ব লাগে, তেন্তে
দৈৱীগুণো ধাৰণ কৰিব লাগে। ইয়াত যি দান কৰা তাৰ দ্বাৰা এই আত্মিক বিশ্ব বিদ্যালয়,
চিকিৎসালয় স্থাপনা কৰা হয়। দান কৰাৰ পাছত তাৰ প্ৰতি থকা মমত্ব আঁতৰাই দিব লাগে কিয়নো
তোমালোকে জানা যে আমি ভৱিষ্যত 21 জন্মৰ বাবে পিতাৰ পৰা লওঁ। এই পিতাই ঘৰ আদি
নিৰ্মাণ কৰে। এয়াতো অস্থায়ী। নহ’লে ইমানবিলাক সন্তান ক’ত থাকিব। সকলোবোৰ শিৱবাবাকে
দিয়ে। গৰাকী তেওঁ হয়। তেওঁ এওঁৰ (ব্ৰহ্মাৰ) দ্বাৰা এয়া কৰায়। শিৱবাবাইতো ৰাজত্ব নকৰে।
নিজে হয়েই দাতা। তেওঁৰ কিহৰ প্ৰতি মমত্ব থাকিব! এতিয়া পিতাই শ্ৰীমত দিয়ে যে মৃত্যু
সমাগত। আগতে তোমালোকে যেতিয়া কাৰোবাক কিবা দিছিলা তেতিয়া মৃত্যুৰ কথা নাছিল। এতিয়া
বাবা আহিছে গতিকে পুৰণি সৃষ্টিখনেই নাশ হৈ যাব। পিতাই কয় - মই আহিছোঁৱেই এই পতিত
সৃষ্টিক নাশ কৰিবলৈ। এই ৰুদ্ৰ যজ্ঞত গোটেই পুৰণি সৃষ্টি স্বাহা হৈ যাব। যি কিছু
নিজৰ ভৱিষ্যত গঢ়িবা সেয়া নতুন সৃষ্টিত পাবা। নহ'লেতো ইয়াতেই সকলো নাশ হৈ যাব। কোনোবা
নহয় কোনোবাই ভোগ কৰিব। আজিকালি মনুষ্যই ধাৰলৈও দিয়ে। বিনাশ হ’লে তেতিয়া সকলো নাশ হৈ
যাব। কোনেও কাকো একো দিবলৈ সমৰ্থ নহ’ব। সকলো থাকি যাব। আজি ভাল, কাইলৈ দেউলীয়া হৈ
যায়। কোনেও একো পইচা আদি ওভতাই নাপাব। কাৰোবাক দিলে, তেওঁ মৰি গ’ল তেতিয়া কোনে
ওভতাই দিব। তেন্তে কি কৰা উচিত? ভাৰতৰ 21 জন্মৰ কল্যাণৰ কাৰণে আৰু নিজৰ 21 জন্মৰ
কল্যাণৰ কাৰণে তাত (ঈশ্বৰীয় সেৱাত) খটুৱাই দিব লাগে। তোমালোকে নিজৰ বাবেই কৰা। এইটো
জানা যে শ্ৰীমতত চলি আমি উচ্চ পদ পাম, যাৰ দ্বাৰা 21 জন্ম সুখ-শান্তি পাম। ইয়াক কোৱা
হয় অবিনাশী বাবাৰ আত্মিক চিকিৎসালয় তথা বিশ্ব বিদ্যালয় যাৰ দ্বাৰা স্বাস্থ্য,
সম্পত্তি আৰু সুখ পোৱা যায়। কাৰোবাৰ স্বাস্থ্য আছে, সম্পত্তি নাই তেন্তে সুখ থাকিব
নোৱাৰে। দুয়োটা থাকিলেহে সুখো থাকিব। পিতাই তোমালোকক 21 জন্মৰ কাৰণে দুয়োটা দিয়ে।
সেয়া 21 জন্মৰ কাৰণে জমা কৰিব লাগে। সন্তানসকলৰ কাম হৈছে যুক্তি ৰচনা কৰা। পিতা অহা
বাবে গৰিব সন্তানসকলৰ ভাগ্য উদয় হৈ যায়। পিতা হয়েই গৰিবৰ ত্ৰাণকৰ্তা। এই কথাবোৰ
চহকীসকলৰ ভাগ্যতেই নাই। এই সময়ত ভাৰত হৈছে সকলোতকৈ গৰিব। যি চহকী আছিল সেই ভাৰতেই
গৰিব হৈ গৈছে। এই সময়ত সকলো পাপ আত্মা। য’ত পুণ্য আত্মা থাকে ত’ত এটিও পাপ আত্মা
নাথাকে। সেয়া হ’ল সত্যযুগ সতোপ্ৰধান, এয়া হ’ল কলিযুগ তমোপ্ৰধান। তোমালোকে এতিয়া
সতোপ্ৰধান হ’বৰ বাবে পুৰুষাৰ্থ কৰি আছা। পিতাই তোমালোক সন্তানসকলক সোঁৱৰাই দিয়ে
সেয়েহে তোমালোকে বুজি পোৱা যথাযথ আমিয়েই স্বৰ্গবাসী আছিলোঁ। আকৌ আমিয়ে 84 জন্ম লৈছোঁ।
বাকী যি 84 লাখ যোনিত অহা বুলি কয় সেইটো মিছা কথা। ইমান জন্ম জন্তুৰ যোনিত থাকিলোঁ
জানো! এয়া অন্তিমৰ মনুষ্য পদ নেকি? এতিয়া আকৌ (জন্তুৰ যোনিত) উভতি যাব লাগে নেকি?
এতিয়া পিতাই বুজায় -
মৃত্যু সমাগত। 40-50 হাজাৰ বছৰ নাই। মনুষ্যতো একেবাৰে ঘোৰ অন্ধকাৰত আছে সেইবাবে
পাথৰ (অপৱিত্ৰ) বুদ্ধিৰ বুলি কোৱা হয়। এতিয়া তোমালোক পাথৰ বুদ্ধিৰ পৰা পাৰস (পৱিত্ৰ)
বুদ্ধিৰ হোৱা। এই কথাবোৰ কোনো সন্ন্যাসী আদিয়ে ক’ব পাৰে জানো। এতিয়া তোমালোকক পিতাই
সোঁৱৰাই দিয়ে যে উভতি যাব লাগে। যিমান সম্ভৱ নিজৰ টালি-টোপোলা স্থানান্তৰ কৰি দিয়া।
বাবা, এই সকলো বিলাক লৈ লওঁক, আমি সত্যযুগত 21 জন্মৰ কাৰণে পাই যাম। এই বাবায়ো (ব্ৰহ্মা
বাবায়ো) দান-পুণ্য কৰিছিল। বহুত চখ আছিল। বেপাৰীসকলে দুই পইচা দানৰ কাৰণে ৰাখে।
বাবাই এক অনা (চাৰি পইছাই এক অনা) উলিয়াইছিল। যিয়েই নাহক দুৱাৰমুখৰ পৰা যাতে খালী
হাতে নাযায়। এতিয়া ভগৱান সন্মুখত আহিছে, এয়া কোনেও গম নাপায়। মনুষ্যই দান-পুণ্য কৰি
কৰি মৰি যাব আকৌ তাৰ প্ৰতিদান ক’ত পাব? পৱিত্ৰতো নহয়, পিতাৰ প্ৰতি মৰম নাই। পিতাই
বুজাইছে - যাদৱ আৰু কৌৰৱসকল বিনাশৰ সময়ত পিতাৰ প্ৰতি অপ্ৰীতিকৰ বুদ্ধিৰ হয়।
পাণ্ডৱসকল বিনাশৰ সময়ত পিতাৰ প্ৰতি প্ৰীতি বুদ্ধিৰ হয়। ইউৰোপবাসী সকলো হৈছে যাদৱ
যিয়ে ক্ষেপণাস্ত্ৰ আদি উদ্ভাৱন কৰি থাকে। শাস্ত্ৰবিলাকততো কি কি কথা লিখি দিছে।
ড্ৰামাৰ পৰিকল্পনা অনুসৰি অনেক শাস্ত্ৰ ৰচা হৈছে। ইয়াত প্ৰেৰণা আদিৰ কথা নাই।
প্ৰেৰণা মানে হ’ল বিচাৰ। বাকী এনেকৈ জানো পিতাই প্ৰেৰণাৰে পঢ়ায়। পিতাই বুজায় - এৱোঁ
(ব্ৰহ্মাও) এগৰাকী বেপাৰী আছিল। ভাল নাম কৰিছিল। সকলোৱে সন্মান কৰিছিল। পিতাই
প্ৰৱেশ কৰিলে আৰু এওঁ গালি শুনিবলৈ আৰম্ভ কৰিলে। শিৱবাবাকতো নাজানে, তেওঁক গালিও
দিব নোৱাৰে। গালি এওঁ শুনিবলগীয়া হয়। শ্ৰীকৃষ্ণই কৈছিল নহয় - মই মাখন খোৱা নাই। এৱোঁ
কয় – কামতো সকলো বাবাৰ, মই একো নকৰোঁ। যাদুকৰ তেওঁহে, মইতো নহয়। অনাহকতে তেওঁক গালি
দিয়ে। মই কাৰোবাক পলুৱাই আনিলোঁ জানো? কাকোৱে কোৱা নাই যে তুমি পলাই আহা। মইতো তাত
আছিলোঁ, এওঁলোক নিজেই পলাই আহিল। অনাহকতে দোষাৰোপ কৰিলে। কিমান গালি শুনিলোঁ। কি কি
যে কথা শাস্ত্ৰবোৰত লিখি দিছে। পিতাই বুজায় - এইবিলাক আকৌ হ’ব। এয়া হৈছে সকলো
জ্ঞানৰ কথা। কোনোবা মনুষ্যই জানো এয়া কৰিব পাৰে। সেয়াও ব্ৰিটিছ চৰকাৰৰ ৰাজ্যত
কাৰোবাৰ ওচৰত ইমান কন্যা-মাতা গৈ বহি যাব। কোনেও একো কৰিব নোৱাৰে। কাৰোবাৰ সমন্ধীয়
আহিলে তেওঁলোকে উভতাই পঠিয়াই দিছিল। বাবাইতো কৈছিল – লাগিলে এওঁলোকক বুজাই লৈ
যাওঁক। মই জানো মানা কৰোঁ কিন্তু কাৰো সাহস নহৈছিল। পিতাৰ শক্তি আছিল নহয়। একো নতুন
নহয়। এই সকলোবোৰ আকৌ হ’ব। গালিও শুনিবলগীয়া হয়। দ্ৰৌপদীৰ কথাও আছে। এই সকলোবিলাক
দ্ৰৌপদী আৰু দুশাসন, এজনৰ কথা নহয়। শাস্ত্ৰত এই সাধু কথাবোৰ কোনে লিখিলে? পিতাই কয়
- ড্ৰামাত এয়াও ভূমিকা আছে। আত্মাৰ জ্ঞানেই কাৰো নাই, একেবাৰে দেহ-অভিমানী হৈ গৈছে।
দেহী-অভিমানী হ’বলৈ পৰিশ্ৰম কৰিবলগীয়া হয়। ৰাৱণে একেবাৰে ওলোটা কৰি পেলালে। এতিয়া
পিতাই চিধা কৰে।
দেহী-অভিমানী হৈ গ’লে
স্বতঃ স্মৃতিত থাকে যে মই আত্মা। এই দেহ বাদ্য, বজাবৰ বাবে। এইটো স্মৃতিও যদি থাকে
তেন্তে দৈৱীগুণ আহি থাকিব। তোমালোকে কাকো দুখো দিব নোৱাৰা। ভাৰততে এই লক্ষ্মী
নাৰায়ণৰ ৰাজ্য আছিল। 5 হাজাৰ বছৰৰ কথা। যদি কোনোবাই লাখ বছৰ বুলি কয় তেন্তে ঘোৰ
অন্ধকাৰত আছে। ড্ৰামা অনুসৰি যেতিয়া সময় পূৰা হৈছে তেতিয়া পিতা পুনৰ আহিছে। এতিয়া
পিতাই কয় - মোৰ শ্ৰীমতত চলা। মৃত্যু সমাগত। অন্তৰত যি কিছু আশা আছে, সেয়া পূৰ্ণ
নোহোৱাকৈয়ে থাকি যাব। মৰিবতো নিশ্চয় লাগিব। এয়া সেয়াই মহাভাৰতৰ যুদ্ধ। যিমানে নিজৰ
কল্যাণ কৰিব পাৰা সিমানে ভাল। নহ’লে তোমালোক খালী হাতে যাবাগৈ। গোটেই জগতখনেই খালী
হাতে যাব। কেৱল তোমালোক সন্তানসকল ভৰপূৰ হাতেৰে অৰ্থাৎ ধনৱান হৈ যোৱা। এই ক্ষেত্ৰত
বুজিবলৈ অতি বিশাল বুদ্ধি লাগে। কিমান ধৰ্মৰ মনুষ্য আছে। প্ৰত্যেকৰে নিজৰ কৰ্মকাণ্ড
চলিব লাগে। এজনৰ কৰ্মকাণ্ড আনজনৰ লগত নিমিলে। সকলোৰে চেহেৰা নিজা নিজা, কিমান অনেক
চেহেৰা আছে, এয়া সকলো ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। বিস্ময়কৰ কথা নহয়নে। এতিয়া পিতাই
কয় - নিজক আত্মা বুলি বুজা। মই আত্মাই 84 ৰ চক্ৰ পৰিক্ৰমা লগাওঁ, মই আত্মা এই
ড্ৰামাত ভাৱৰীয়া হওঁ, ইয়াৰ পৰা মই ওলাই যাব নোৱাৰো, মোক্ষ পাব নোৱাৰো। তেন্তে চেষ্টা
কৰাটোও অৰ্থহীন। পিতাই কয় - এই ড্ৰামাৰ পৰা কোনোবা ওলাই যাব, আন কোনোবা যোগ হৈ যাব
- এয়া হ’ব নোৱাৰে। ইমানখিনি জ্ঞান সকলোৰে বুদ্ধিত থাকিব নোৱাৰে। গোটেই দিনটো এনেকৈ
জ্ঞানৰ মন্থন কৰিব লাগে। এক চেকেণ্ড, দুই চেকেণ্ড… এয়া স্মৰণ কৰা আকৌ সময় বঢ়াই গৈ
থাকা। 8 (আঠ) ঘণ্টা লাগিলে স্থূল সেৱা কৰা, আৰামো কৰা, এই আত্মিক চৰকাৰৰ সেৱাত সময়
দিবা। তোমালোকে নিজৰেই সেৱা কৰা, এয়া হৈছে মুখ্য কথা। স্মৃতিৰ যাত্ৰাত থাকিবা, বাকী
জ্ঞানেৰে উচ্চ পদ পাব লাগে। স্মৃতিত থকাৰ নিজৰ সম্পূৰ্ণ খতিয়ানৰ তালিকা ৰাখিবা।
জ্ঞানতো সহজ। যেনেকৈ পিতাৰ বুদ্ধিত আছে যে মই মনুষ্য সৃষ্টিৰ বীজৰূপ হওঁ, সৃষ্টিৰ
আদি-মধ্য-অন্তক জানোঁ। আমিও বাবাৰেই সন্তান। বাবাই এয়া বুজাইছে, কেনেকৈ এই চক্ৰ ঘূৰে।
সেই উপাৰ্জনৰ বাবেও তোমালোকে 8-10 ঘণ্টা সময় দিয়া নহয়। বেপাৰৰ সময়ত ভাল গ্ৰাহক পালে
তেতিয়া ৰাতি কেতিয়াও হামি নাহে। হামি আহিলে বুজি পোৱা যায় যে এওঁ ভাগৰি পৰিছে।
বুদ্ধি ক’ৰবাত বাহিৰলৈ গৈ থাকিব। সেৱাকেন্দ্ৰতো অতি সাৱধানে থাকিব লাগে। যিসকল
সন্তানে আনৰ চিন্তন নকৰে, নিজৰ পঢ়াতে মগ্ন হৈ থাকে তেওঁলোকৰ উন্নতি সদায় হৈ গৈ থাকে।
তোমালোকে আনৰ চিন্তন কৰি নিজৰ পদ ভ্রষ্ট কৰিব নালাগে। বেয়া নুশুনিবা, বেয়া নাচাবা……
কোনোবাই যদি ভাল কথা নকয় তেন্তে এখন কাণেৰে শুনি আনখনেৰে উলিয়াই দিবা। সদায় নিজক
চাব লাগে, আনক চাব নালাগে। নিজৰ পঢ়া এৰিব নালাগে। বহুতেই এনেদৰে বিতুষ্ট হৈ যায়।
আহিবলৈকে বন্ধ কৰি দিয়ে, আকৌ আহি যায়। নাহিনো যাব ক’লৈ? স্কুলতো এখনেই। নিজৰ ভৰিত
কুঠাৰ মাৰিব নালাগে। তোমালোক নিজৰ পঢ়াত মগ্ন হৈ থাকিবা। বহুত আনন্দিত হৈ থাকিবা।
ভগৱানে পঢ়ায় বাকী কি লাগে। ভগৱান আমাৰ পিতা, শিক্ষক, সৎগুৰু তেওঁৰ সৈতেই বুদ্ধিৰ
যোগসূত্ৰ স্থাপন কৰা হয়। তেওঁ হৈছে গোটেই সৃষ্টিৰ এক নম্বৰ প্ৰেমিক যিয়ে তোমালোকক
এক নম্বৰ বিশ্বৰ মালিক কৰি তোলে।
পিতাই কয় - তোমালোক
আত্মাসকল বহুত পতিত, উৰিব নোৱাৰা। ডেউকা কটা আছে। ৰাৱণে সকলো আত্মাৰ ডেউকা কাটি দিছে।
শিৱবাবাই কয় - মোৰ বাহিৰে অন্য কোনেও পাৱন কৰি তুলিব নোৱাৰে। সকলো ভাৱৰীয়া ইয়াত আছে,
বৃদ্ধি হৈ গৈ থাকে, উভতি কোনেও নাযায়। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1)
স্ব-চিন্তন আৰু পঢ়াত মগ্ন হৈ থাকিব লাগে। আনক চাব নালাগে। যদি কোনোবাই ভাল কথা নকয়
তেন্তে এখন কাণেৰে শুনি আনখনেৰে উলিয়াই দিব লাগে। বিতুষ্ট হৈ পঢ়িবলৈ এৰি দিব নালাগে।
(2) জীৱন্তে সকলো দান
কৰি নিজৰ মমত্ব আঁতৰাই দিব লাগে। ইচ্ছাপত্ৰ কৰি সকলো দি নিমিত্ত হৈ বোজামুক্ত হৈ
থাকিব লাগে। দেহী-অভিমানী হৈ সকলো দৈৱীগুণ ধাৰণ কৰিব লাগে।
বৰদান:
ভিন্নতা
সমাপ্ত কৰি একতা আনোঁতা সঁচা সেৱাধাৰী হোৱা
ব্ৰাহ্মণ পৰিয়ালৰ
বিশেষত্ব হৈছে অনেক হোৱা সত্ত্বেও এক। তোমালোকৰ একতাৰ দ্বাৰাহে গোটেই বিশ্বত এক
ধৰ্ম, এক ৰাজ্য স্থাপনা হয় সেই কাৰণে বিশেষ মনোযোগ দি ভিন্নতা সমাপ্ত কৰা আৰু একতা
আনা তেতিয়া সঁচা সেৱাধাৰী বুলি কোৱা হ’ব। সেৱাধাৰী নিজৰ প্ৰতি নহয় কিন্তু সেৱাৰ
প্ৰতি। নিজৰ সকলো সেৱাৰ প্ৰতি স্বাহা কৰে, যেনেকৈ সাকাৰ পিতাই সেৱাত হাড়ো (সৰ্বস্ব)
স্বাহা কৰিলে তেনেকৈ তোমালোকৰ প্ৰতিটো কৰ্মন্দ্ৰিয়ৰ দ্বাৰা যাতে সেৱা হৈ থাকে।
স্লোগান:
পৰমাত্ম স্নেহত মগন হৈ যোৱা তেতিয়া দুখৰ জগত পাহৰি যাবা।
সংযুক্ত ৰূপৰ স্মৃতিৰে
সদায় বিজয়ী হ’বলৈ আজিৰ অব্যক্ত সংকেত:
সদায় স্মৃতিত ৰাখিবা
যে সংযুক্ত আছিলোঁ, সংযুক্ত হওঁ আৰু সংযুক্ত হৈ থাকিম। কাৰো শক্তি নাই যে অনেক বাৰৰ
সংযুক্ত স্বৰূপক পৃথক কৰিব পাৰিব। স্নেহৰ চিন হৈছে সংযুক্ত হৈ থকা। এয়া আত্মা আৰু
পৰমাত্মাৰ সংগ। পৰমাত্মাইতো সৰ্বত্ৰ সংগ দিয়াৰ দায়িত্ব পালন কৰে আৰু প্ৰত্যেকৰ সৈতে
সংযুক্ত ৰূপেৰে প্ৰীতিৰ ৰীতিও পূৰা কৰে।