11.06.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল তোমালোক এতিয়া সম্পূৰ্ণ হব লাগে কিয়নো ঘৰলৈ উভতি যাব লাগে আকৌ পাৱন সৃষ্টিলৈ আহিব লাগে

প্ৰশ্ন:
সম্পূৰ্ণ পাৱন হোৱাৰ যুক্তি কোনটো?

উত্তৰ:
সম্পূৰ্ণ পাৱন হবলৈ হলে পূৰা ভিকহু হোৱা, দেহ সহিত সকলো সম্বন্ধ পাহৰি যোৱা আৰু মোক স্মৰণ কৰা তেতিয়াহে পাৱন হবা। তোমালোকে এই দুচকুৰে যি দেখিছা এয়া সকলো এতিয়া নাশ হব সেয়েহে ধন, সম্পত্তি, বৈভৱ আদি সকলো পাহৰি ভিকহু হোৱা। এনেকুৱা ভিকহুহে ৰাজকুমাৰ হয়।

ওঁম্শান্তি।
মৰমৰ আত্মিক সন্তানসকলৰ প্ৰতি আত্মিক পিতাই বুজাই আছে। সন্তানসকলে এইটোতো ভালদৰে বুজি পায় যে আৰম্ভণিত আত্মাসকল পৱিত্ৰ হৈ থাকে। আমিয়েই পাৱন আছিলোঁ, পতিত আৰু পাৱন এনেকৈ আত্মাৰ ক্ষেত্ৰতহে কোৱা হয়। আত্মা পাৱন হলে সুখ হয়। বুদ্ধিতো উদয় হয় যে আমি পাৱন হলে তেতিয়া পাৱন সৃষ্টিৰ মালিক হমগৈ। ইয়াৰ বাবেই পুৰুষাৰ্থ কৰোঁ। 5 হাজাৰ বছৰ পূৰ্বে পাৱন সৃষ্টি আছিল। তাত তোমালোক আধাকল্প পাৱন আছিলা, বাকী থাকিল আধাকল্প। এই কথাবোৰ আনে বুজিব নোৱাৰে। তোমালোকে জানা যে পতিত আৰু পাৱন, সুখ আৰু দুখ, দিন আৰু ৰাতি সকলো আধা আধা। যিসকল ভাল বুদ্ধিমান, যিসকলে বহুত ভক্তি কৰিছে, তেওঁলোকেহে ভালদৰে বুজিব। পিতাই কয় - মৰমৰ সন্তানসকল, তোমালোক পাৱন আছিলা। নতুন সৃষ্টিত কেৱল তোমালোকহে আছিলা। বাকী ইমানবিলাক যি আছে সকলো শান্তিধামত আছিল। প্ৰথমতে আমি পাৱন আছিলোঁ আৰু বহুত কম সংখ্যক আছিলোঁ আকৌ ক্ৰমানুসৰি মনুষ্য সৃষ্টিৰ বৃদ্ধি হব লাগে। তোমালোক মৰমৰ সন্তানসকলক এতিয়া কোনে বুজাই আছে? পিতাই। আত্মাসকলক পৰমাত্মা পিতাই বুজায়, ইয়াক সংগম বুলি কোৱা হয়। ইয়াকে কুম্ভ বুলিও কোৱা হয়। মনুষ্যই এই সংগমক পাহৰি গৈছে। পিতাই বুজাইছে 4 টা যুগ আছে, পঞ্চমটো হৈছে এই সৰু অধি সংগমযুগ। ইয়াৰ আয়ুস চুটি। পিতাই কয় - মই এওঁৰ বানপ্ৰস্থ অৱস্থাত প্ৰৱেশ কৰোঁ, বহুত জন্মৰ অন্তিমৰো অন্তিমত। সন্তানসকলৰ এইটো বিশ্বাস আছে নহয়। পিতা এওঁৰ শৰীৰত প্ৰৱেশ কৰিছে, এওঁৰো জীৱন বৃত্তান্ত শুনাইছে। পিতাই কয় - মই আত্মাসকলৰ সৈতেহে কথা পাতোঁ। আত্মা আৰু শৰীৰ দুয়োৰে একেলগে ভূমিকা থাকে। ইয়াকে (আত্মা আৰু শৰীৰক) জীৱ আত্মা বুলি কোৱা হয়। পৱিত্ৰ জীৱ আত্মা, অপৱিত্ৰ জীৱ আত্মা। তোমালোক সন্তানসকলৰ বুদ্ধিত আছে যে সত্যযুগত বহুত কম দেৱী-দেৱতা থাকে। আকৌ নিজৰ কাৰণেও কোৱা হব আমি জীৱাত্মা যিসকল সত্যযুগত পাৱন আছিলোঁ সেইসকলেই পুনৰ 84 জন্মৰ পাছত পতিত হৈছোঁ। পতিতৰ পৰা পাৱন, পাৱনৰ পৰা পতিত - এই চক্ৰ ঘূৰিয়েই থাকে। স্মৰণো সেই পতিত-পাৱন পিতাক কৰে। গতিকে প্ৰত্যেক 5 হাজাৰ বছৰৰ পাছত বাবা এবাৰহে আহে, আহি স্বৰ্গ স্থাপনা কৰে। ভগৱান এজনেই, নিশ্চয় তেৱেঁই পুৰণি সৃষ্টিক নতুন কৰি তুলিব। আকৌ নতুনক পুৰণি কোনে কৰি তোলে? ৰাৱণে, কিয়নো ৰাৱণেই দেহ-অভিমানী কৰি তোলে। শত্ৰুক জ্বলোৱা হয়, মিত্ৰক জ্বলোৱা নহয়। সকলোৰে মিত্ৰ এজনেই পিতা যিয়ে সকলোৰে সৎগতি কৰে। তেওঁক সকলোৱে স্মৰণ কৰে কিয়নো তেওঁ হয়েই সকলোকে সুখ দিওঁতা। নিশ্চয় দুখ দিওঁতাও কোনোবা থাকিব। সেয়া হল 5 বিকাৰ ৰূপী ৰাৱণ। আধাকল্প ৰামৰাজ্য, আধাকল্প ৰাৱণৰাজ্য। স্বস্তিকাও আঁকে নহয়। ইয়াৰ অৰ্থও পিতাই বুজায়। ইয়াত সম্পূৰ্ণ চাৰিভাগ থাকে। অলপো কম বেছি নহয়। এই ড্ৰামাখন একেবাৰে সঠিক। কোনোৱে ভাবে যে মই এই ড্ৰামাৰ পৰা ওলাই যাওঁ, বহুত দুখী ইয়াতকৈতো গৈ জ্যোতি জ্যোতিত সমাহিত বা ব্ৰহ্মত লীন হৈ যাওঁ। কিন্তু কোনেও যাব নোৱাৰে। কি কি খেয়াল কৰে। ভক্তিমাৰ্গত ভিন্ন ভিন্ন প্ৰকাৰে প্ৰচেষ্টাও চলায়। সন্ন্যাসীয়ে শৰীৰ এৰিলে এনেকৈ কেতিয়াও নকয় যে স্বর্গ বা বৈকুণ্ঠলৈ গল। প্ৰবৃত্তি মাৰ্গৰসকলে কব অমুক স্বৰ্গলৈ গল। আত্মাৰ স্বর্গ স্মৃতিত থাকে নহয়। তোমালোকৰতো সকলোতকৈ অধিক স্মৃতি আছে। তোমালোকে দুয়োটাৰে ইতিহাস-ভূগোল গম পোৱা, আন কোনেও গম নাপায়। তোমালোকেও গম পোৱা নাছিলা। পিতাই বহি সন্তানসকলক সকলো ৰহস্য বুজায়।

এয়া মনুষ্য সৃষ্টি ৰূপী বৃক্ষ। বৃক্ষৰ নিশ্চয় বীজো থকা উচিত। পিতাইহে বুজায়, পাৱন সৃষ্টি কেনেকৈ পতিত হয়, পুনৰ মই পাৱন কৰি তোলোঁ। পাৱন সৃষ্টিক স্বর্গ বুলি কোৱা হয়। স্বর্গ অতীত হৈ গল আকৌ নিশ্চয় পুনৰাবৃত্তি হব সেয়েহে কোৱা হয় বিশ্বৰ ইতিহাস পুনৰাবৃত্তি হয় অৰ্থাৎ বিশ্বখনেই পুৰণিৰ পৰা নতুন, নতুনৰ পৰা পুৰণি হয়। পুনৰাবৃত্তি মানেই ড্ৰামা। ড্ৰামা শব্দটি বহুত ভাল, শোভা পায়। চক্ৰ হুবহু ঘূৰিয়েই থাকে, নাটকক হুবহু বুলি কোৱা নহয়। কোনোবা বেমাৰত পৰিলে ছুটী লৈ লয়। গতিকে তোমালোক সন্তানসকলৰ বুদ্ধিত আছে - আমি পূজ্য দেৱতা আছিলোঁ আকৌ পূজাৰী হলোঁ। পিতা আহি পতিতৰ পৰা পাৱন হোৱাৰ যুক্তি শুনায় যিটো 5 হাজাৰ বছৰ পূৰ্বে শুনাইছিলোঁ। কেৱল কয় সন্তানসকল, মোক স্মৰণ কৰা। পিতাই প্ৰথমতে তোমালোকক আত্ম-অভিমানী কৰি তোলে। প্ৰথমতে এইটো পাঠ দিয়ে - সন্তানসকল, নিজক আত্মা বুলি বুজা, পিতাক স্মৰণ কৰা। ইমানে তোমালোকক স্মৰণ কৰিবলৈ কওঁ, তথাপি তোমালোকে মোক পাহৰি যোৱা! পাহৰিয়েই থাকিবা যেতিয়ালৈকে ড্ৰামাৰ অন্ত নহয়। অন্তিমত যেতিয়া বিনাশৰ সময় আহিব তেতিয়াই পঢ়া শেষ হব আৰু তোমালোকে শৰীৰ ত্যাগ কৰিবা। যিদৰে সাপেও এটা পুৰণি মোট (ছাল) সলনি কৰে নহয়। গতিকে পিতায়ো বুজায় তোমালোক যেতিয়া বহা বা চলা-ফুৰা কৰা, দেহী-অভিমানী হৈ থাকিবা। আগতে তোমালোকৰ দেহ-অভিমান আছিল। এতিয়া পিতাই কয় - আত্ম-অভিমানী হোৱা। দেহ-অভিমানত আহিলে তোমালোকক 5 বিকাৰে ধৰি লয়। আত্ম-অভিমানী হলে কোনো বিকাৰে ধৰিব নোৱাৰে। দেহী-অভিমানী হৈ পিতাক অতি মৰমেৰে স্মৰণ কৰিব লাগে। আত্মাসকলে এই সংগমযুগত পৰমাত্মা পিতাৰ মৰম পায়। ইয়াক কল্যাণকাৰী সংগম বুলি কোৱা হয়, যেতিয়া পিতা আৰু সন্তানসকল আহি মিলিত হয়। তোমালোক আত্মাসকলো শৰীৰত থাকা। পিতাও শৰীৰত আহি তোমালোকক আত্মা বুলি নিশ্চয় জন্মায়। পিতা এবাৰেই আহে, যেতিয়া সকলোকে উভতাই লৈ যাব লাগে। বুজায়ো - মই তোমালোকক কেনেকৈ উভতাই লৈ যাম। তোমালোকে কোৱাও যে আমি সকলো পতিত, আপুনি পাৱন। আপুনি আহি আমাক পাৱন কৰি তোলক। তোমালোক সন্তানসকলে গম নোপোৱা যে বাবাই কেনেকৈ পাৱন কৰি তুলিব। যেতিয়ালৈকে কৰি নোতোলে তেতিয়ালৈকে কেনেকৈ জানিব। এয়াও তোমালোকে বুজি পোৱা যে আত্মা সূক্ষ্ম তৰাৰ দৰে। পিতাও সূক্ষ্ম তৰা। কিন্তু তেওঁ জ্ঞানৰ সাগৰ, শক্তিৰ সাগৰ। তোমালোককো নিজৰ সমান কৰি তোলে। এই জ্ঞান তোমালোক সন্তানসকলৰ আছে যি আকৌ তোমালোকে সকলোকে শুনোৱা। আকৌ যেতিয়া সত্যযুগত তোমালোক থাকিবা এই জ্ঞান শুনাবা জানো? নুশুনোৱা। জ্ঞান সাগৰ পিতা এজনেই যিয়ে তোমালোকক এতিয়াহে পঢ়ায়। জীৱন কাহিনীতো সকলোৰে থকা উচিত। সেয়া পিতাই শুনায়েই থাকে। কিন্তু তোমালোকে বাৰে বাৰে পাহৰি যোৱা, তোমালোকৰ যুদ্ধ মায়াৰ সৈতে। তোমালোকে অনুভৱ কৰা যে আমি পিতাক স্মৰণ কৰোঁ, আকৌ পাহৰি যাওঁ। পিতাই কয় - মায়াই তোমালোকৰ শত্ৰু, যিয়ে পিতাক পাহৰাই দিয়ে অৰ্থাৎ পিতাৰ পৰা বিমুখ কৰি দিয়ে। তোমালোক সন্তানসকল এবাৰেই পিতাৰ সন্মুখত আহা। পিতাই এবাৰেই উত্তৰাধিকাৰ দিয়ে। তাৰপাছত আৰু পিতা সন্মুখত অহাৰ দৰকাৰেই নহয়। পাপ আত্মাৰ পৰা পুণ্য আত্মা, স্বৰ্গৰ মালিক কৰি তুলিলে। বচ্‌। আকৌ আহি কি কৰিব। তোমালোকে আহ্বান জনালা আৰু মই একেবাৰে সঠিক সময়ত আহিলোঁ। প্ৰত্যেক 5 হাজাৰ বছৰ পাছত মই নিজৰ সময়ত আহোঁ। এয়া কোনেও গম নাপায়। শিৱৰাত্ৰি কিয় পালন কৰে, তেওঁ কি কৰিলে? কোনেও গম নাপায় সেয়েহে শিৱৰাত্রিত বন্ধ দিন আদি একো পালন নকৰে। বাকী সকলোৰে বন্ধ দিন পালন কৰে কিন্তু শিৱবাবা আহে, ইমান ভূমিকা পালন কৰে, তেওঁৰ বিষয়ে কোনেও গম নাপায়। অৰ্থই নাজানে। ভাৰতত কিমান অজ্ঞানতা আছে।

তোমালোক সন্তানসকলে জানা যে শিৱবাবাই হৈছে উচ্চতকৈও উচ্চ তেন্তে নিশ্চয় মনুষ্যক উচ্চতকৈও উচ্চ কৰি তুলিব। পিতাই কয় - মই এওঁক জ্ঞান দিলোঁ, যোগ শিকালোঁ তাৰপাছত তেওঁ নৰৰ পৰা নাৰায়ণ হল। তেওঁ এই জ্ঞান শুনিছে। এই জ্ঞান তোমালোকৰ কাৰণেই, অন্যৰ ক্ষেত্ৰত শোভা নাপায়। তোমালোক পুনৰ হব লাগে, অন্য কোনো নহয়। এয়া হল নৰৰ পৰা নাৰায়ণ হোৱাৰ কথা। যিসকলে অন্য ধৰ্ম প্ৰতিষ্ঠা কৰিলে, তেওঁলোক সকলো পুনৰ্জন্ম লৈ লৈ তমোপ্ৰধান হৈ গৈছে পুনৰ তেওঁলোক সকলো সতোপ্ৰধান হব লাগে। সেয়া পদ অনুসৰি পুনৰ পুনৰাবৃত্তি কৰিব লাগে। উচ্চ ভাৱৰীয়া হবলৈ তোমালোকে কিমান পুৰুষাৰ্থ কৰি আছা। কোনে পুৰুষাৰ্থ কৰাই আছে? বাবাই। তোমালোক উচ্চ হৈ যোৱা তাৰপাছত কেতিয়াও স্মৰণো নকৰা। স্বৰ্গত জানো স্মৰণ কৰিবা। উচ্চতকৈও উচ্চ হৈছে পিতা, আকৌ উচ্চ কৰিও তোলে। নাৰায়ণৰ আগতেতো হৈছে শ্ৰীকৃষ্ণ। তেন্তে তোমালোকে কিয় এনেকৈ কোৱা যে নৰৰ পৰা নাৰায়ণ হওঁ? কিয় এনেকৈ নোকোৱা যে নৰৰ পৰা কৃষ্ণ হওঁ? প্ৰথমে নাৰায়ণ হব জানো? প্ৰথমেতো ৰাজকুমাৰ শ্ৰীকৃষ্ণ হব নহয়। শিশুতো ফুলৰ দৰে তেওঁতো আকৌ যুগল হৈ যায়। মহিমা ব্ৰহ্মচাৰীৰ কৰা হয়। শিশুক সতোপ্ৰধান বুলি কোৱা হয়, তোমালোক সন্তানসকলৰ খেয়াল অহা উচিত - আমি প্ৰথমে নিশ্চয় ৰাজকুমাৰ হমগৈ। গায়নো কৰা হয় - ভিকহুৰ পৰা ৰাজকুমাৰ। ভিকহু বুলি কাক কোৱা হয়? আত্মাকহে শৰীৰৰ সৈতে ভিকহু বা চহকী বুলি কয়। সেই সময়ত তোমালোকে জানা যে সকলো ভিকহু হৈ যায়। সকলো শেষ হৈ যায়। তোমালোক এই সময়তে শৰীৰ সহিত ভিকহু হব লাগে। পাই-পইচা যি আছে সকলো শেষ হৈ যাব। আত্মা ভিকহু হব লাগে, সকলো এৰিব লাগে। আকৌ ৰাজকুমাৰ হব লাগে। তোমালোকে জানা যে ধন-সম্পত্তি আদি সকলো এৰি ভিকহু হৈ আমি ঘৰলৈ যাম। আকৌ ৰাজকুমাৰ হৈ নতুন সৃষ্টিলৈ আহিম। যিয়েই আছে, সকলো এৰিব লাগে। এই পুৰণা বস্তু কোনো কামৰ নহয়। আত্মা পৱিত্ৰ হৈ যাব আকৌ ইয়ালৈ ভূমিকা পালন কৰিব আহিব। কল্প পূৰ্বৰ দৰে। যিমানে তোমালোকে ধাৰণা কৰিবা সিমানে উচ্চ পদ পাবা। এই সময়ত কাৰোবাৰ 5 কোটিয়েই নাথাকক কিয়, সকলো শেষ হৈ যাব। আমি পুনৰ নতুন সৃষ্টিলৈ যাওঁ। ইয়ালৈ তোমালোক নতুন সৃষ্টিলৈ যাবৰ কাৰণে আহিছা। এনেকুৱা আৰু কোনো সৎসংগ নাই যত কোনোবাই বুজিব যে আমি নতুন সৃষ্টিৰ কাৰণে পঢ়ি আছোঁ। তোমালোক সন্তানসকলৰ বুদ্ধিত আছে যে বাবাই আমাক প্ৰথমে ভিকহু কৰি আকৌ ৰাজকুমাৰ কৰি তোলে। দেহৰ সকলো সম্বন্ধ এৰিলা তেন্তে ভিকহু নহলা জানো। একোৱেই নাই। এতিয়া ভাৰতত একোৱেই নাই। ভাৰত এতিয়া ভিকহু, কঙাল। আকৌ চহকী হব। কোনে হয়? আত্মা শৰীৰৰ দ্বাৰা হয়। এতিয়া ৰজা-ৰাণীও নাই। তেওঁলোকো কঙাল, ৰজা-ৰাণীৰ মুকুটো নাই। সেই পৱিত্ৰতাৰ মুকুটো নাই আৰু ৰত্ন জড়িত মুকুটো নাই। অন্ধকাৰ নগৰ, সৰ্বব্যাপি বুলি কৈ দিয়ে। তাৰমানে সকলোৰে মাজত ভগৱান আছে। সকলো একে সমান, কুকুৰ-মেকুৰী সকলোৰে মাজত আছে, ইয়াকে কোৱা হয় অন্ধকাৰ নগৰ.. তোমালোক ব্ৰাহ্মণসকলৰ ৰাত্ৰি আছিল। এতিয়া বুজি পোৱা যে জ্ঞান অৰ্থাৎ দিন আহি আছে। সত্যযুগত সকলো জ্বলন্ত জ্যোতি। এতিয়া দীপক একেবাৰে নিষ্প্ৰভ হৈ গৈছে। ভাৰততেই দীপক জ্বলোৱাৰ নিয়ম আছে। অন্য কোনোবাই জানো দীপক জ্বলায়। তোমালোকৰ জ্যোতি নুমাই গৈছে। সতোপ্ৰধান বিশ্বৰ মালিক আছিলা, সেই শক্তি কম হৈ হৈ এতিয়া শক্তিয়েই নোহোৱা হৈ গল। তোমালোকক শক্তি দিবলৈ পুনৰ পিতা আহিছে। বেটাৰী ভৰপূৰ কৰে। আত্মাৰ পৰমাত্মা পিতাৰ স্মৃতি থাকিলে বেটাৰী ভৰপূৰ হয়। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এতিয়া নাটক পূৰা হৈ আছে, আমি উভতি যাব লাগে সেয়েহে আত্মাই পিতাৰ স্মৃতিৰে সতোপ্ৰধান, পৱিত্ৰ নিশ্চয় হব লাগে। পিতাৰ সমান জ্ঞানৰ সাগৰ, শান্তিৰ সাগৰ এতিয়াই হব লাগে।

(2) এই দেহৰ পৰাও পূৰা ভিকহু হোৱাৰ কাৰণে বুদ্ধিত থাকিব লাগে যে এই দুচকুৰে যি দেখিবলৈ পাওঁ এয়া সকলো নাশ হৈ যাব। মই ভিকহুৰ পৰা ৰাজকুমাৰ হব লাগে। আমাৰ পঢ়া হয়েই নতুন সৃষ্টিৰ বাবে।

বৰদান:
চমৎকাৰ দেখুওৱাৰ পৰিৱৰ্তে অবিনাশী ভাগ্যৰ চিকমিকাই থকা তৰা তৈয়াৰ কৰোঁতা সিদ্ধি স্বৰূপ হোৱা

আজিকালি যিসকল খন্তেকীয়া সিদ্ধি প্ৰাপ্ত কৰোঁতা আছে তেওঁলোক শেষৰ ফালে ওপৰৰ পৰা অহাৰ কাৰণে সতোপ্ৰধান অৱস্থা অনুসৰি পৱিত্ৰতাৰ ফলস্বৰূপে খন্তেকৰ চমৎকাৰ দেখুৱায় কিন্তু সেই সিদ্ধি সদাকাল নাথাকে, কিয়নো অলপ সময়ৰ ভিতৰতে সতো-ৰজো- তমো তিনিওটা অৱস্থা পাৰ কৰে। তোমালোক পৱিত্ৰ আত্মাসকল সৰ্বদা সিদ্ধি স্বৰূপ, চমৎকাৰ দেখুওৱাৰ পৰিৱৰ্তে চিকমিকাই থকা জ্যোতি স্বৰূপ গঢ়ি তোলোঁতা। অবিনাশী ভাগ্যৰ চিকমিকাই থকা তৰা তৈয়াৰ কৰোঁতা, সেয়েহে সকলো তোমালোকৰ ওচৰলৈকে অঞ্জলি লবলৈ আহিব।

স্লোগান:
বেহদৰ বৈৰাগ্য বৃত্তিৰ বায়ুমণ্ডল হলে তেতিয়া সহজ যোগী হৈ যাবা।


কৰ্মযোগী হবলৈ আজিৰ অব্যক্ত সংকেত:

কৰ্মযোগী বা সহজ ৰাজযোগীৰ প্ৰতিটো সংকল্প পিতাৰ স্নেহৰ প্ৰকম্পন বিয়পাই দিওঁতা হব, যেনেকৈ জড় চিত্ৰই শান্তিৰ অল্পকালৰ সুখৰ প্ৰকম্পন এতিয়াও অত্মাসকলক দিয়াৰ কাৰ্য কৰি আছে তেনেকৈ তোমালোকে চৈতন্য ৰূপত সংকল্পৰ দ্বাৰা, বাণীৰ দ্বাৰা, কৰ্মৰ দ্বাৰা বিশ্বত সদায় সুখ-শান্তি, পিতাৰ স্নেহৰ প্ৰকম্পন বিয়পাই দিয়াৰ কৰ্তব্য কৰা, এয়াই কৰ্মযোগী অৱস্থা।


 
`