11.06.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – এতিয়া তোমালোকে বেহদৰ পৱিত্ৰতা ধাৰণ কৰিব লাগে, বেহদৰ পৱিত্ৰতা অৰ্থাৎ একমাত্ৰ পিতাৰ বাহিৰে আন কোনো যাতে স্মৃতিলৈ নাহে”

প্ৰশ্ন:
পিতাৰ পৰা উত্তৰাধিকাৰ লোৱাৰ পূৰ্বৰ পুৰুষাৰ্থ আৰু পৰৱৰ্তী স্থিতিৰ মাজত কি পাৰ্থক্য হয়?

উত্তৰ:
যেতিয়া তোমালোকে পিতাৰ পৰা উত্তৰাধিকাৰ লোৱা তেতিয়া দেহৰ সকলো সম্বন্ধ এৰি এজন পিতাক স্মৰণ কৰাৰ পুৰুষাৰ্থ কৰা আৰু যেতিয়া উত্তৰাধিকাৰ প্ৰাপ্ত হৈ যায় তেতিয়া পিতাকেই পাহৰি যোৱা। এতিয়া উত্তৰাধিকাৰ ল’ব লাগে সেইকাৰণে কাৰো সৈতে নতুন সম্বন্ধ গঢ়িব নালাগে। নহ’লে পাহৰা কঠিন হ’ব। সকলো পাহৰি এজনক স্মৰণ কৰা তেতিয়া উত্তৰাধিকাৰ পাই যাবা।

গীত:
য়হ ৱক্ত যা ৰহা হে ….. (এই সময় অতিবাহিত হৈ গৈ আছে …..)

ওঁম্শান্তি।
অতি মৰমৰ আত্মিক সন্তানসকলক পিতাই বুজায় - জ্ঞানী আৰু অজ্ঞানী কাক কোৱা হয়, এইটো কেৱল তোমালোক ব্ৰাহ্মণসকলেহে জানা। জ্ঞান হ’ল পঢ়া যাৰ দ্বাৰা তোমালোকে জানি গ’লা যে আমি আত্মা, তেওঁ পৰমপিতা পৰমাত্মা। তোমালোক যেতিয়া তাৰ পৰা মধুবনলৈ আহা তেতিয়া প্ৰথমে নিশ্চয় নিজক আত্মা বুলি বুজা। আমি নিজৰ পিতাৰ ওচৰলৈ যাওঁ। বাবা বুলি শিৱবাবাক কয়, শিৱবাবা প্ৰজাপিতা ব্ৰহ্মাৰ শৰীৰত আছে। তেৱোঁ বাবা হৈ গ’ল। তোমালোক যেতিয়া ঘৰৰ পৰা ওলোৱা তেতিয়া বুজি পোৱা যে আমি বাপদাদাৰ ওচৰলৈ যাওঁ। তোমালোকে চিঠিতো লিখা “বাপদাদা” শিৱবাবা, ব্ৰহ্মা দাদা। আমি বাবাৰ ওচৰলৈ যাওঁ। বাবাই কল্পই কল্পই আমাৰ সৈতে মিলিত হয়। বাবাই আমাক বেহদৰ পৱিত্ৰ কৰি তুলি বেহদৰ উত্তৰাধিকাৰ দিয়ে। পৱিত্ৰতাৰ ক্ষেত্ৰত হদ আৰু বেহদ থাকে। তোমালোকে বেহদৰ পৱিত্ৰ সতোপ্ৰধান হ’বলৈ পুৰুষাৰ্থ কৰা। ক্ৰমানুসৰিতো হয়েই। বেহদৰ পৱিত্ৰ অৰ্থাৎ এজন বেহদৰ পিতাৰ বাহিৰে যাতে আন কোনো স্মৃতিলৈ নাহে। সেই বাবা অতি মৰমিয়াল। উচ্চতকৈয়ো উচ্চ ভগৱান আৰু বেহদৰ পিতা। সকলোৰে পিতা হয়। তোমালোক সন্তানসকলেহে চিনি পাইছা। বেহদৰ পিতা সদায় ভাৰতলৈকে আহে। আহি বেহদৰ সন্ন্যাস কৰায়। সন্ন্যাসেই মুখ্য নহয় জানো, যাক বৈৰাগ্য বুলি কোৱা হয়। পিতাই গোটেই পুৰণি ছিঃ ছিঃ সৃষ্টিৰ প্ৰতি বৈৰাগ্য জন্মায়। সন্তানসকল, ইয়াৰ পৰা বুদ্ধিৰ যোগসূত্ৰ ছিঙি দিয়া। ইয়াৰ নামেই হ’ল নৰক, দুখধাম। নিজেও কৈ থাকে, কোনোবা মৰিলে তেতিয়া কয় স্বৰ্গবাসী হ’ল, তেন্তে নৰকত আছিল নহয় জানো। এতিয়া তোমালোকে বুজি পোৱা এনেকৈ যি কয় সেইটোও ভুল। পিতাই স্বৰ্গবাসী হ’বৰ কাৰণে সত্য কথা শুনায়। এতিয়াহে পুৰুষাৰ্থ কৰিবলগীয়া হয়। স্বৰ্গবাসী হ’বলৈও পিতাৰ বাহিৰে আন কোনেও পুৰুষাৰ্থ কৰাব নোৱাৰে। তোমালোকে এতিয়া 21 জন্মৰ কাৰণে স্বৰ্গবাসী হ’বলৈ পুৰুষাৰ্থ কৰি আছা। গঢ়ি তোলোতাজন হ’ল পিতা। তেওঁক কোৱাই হয় স্বৰ্গ স্থাপনা কৰোঁতা ঈশ্বৰ পিতা। নিজেই আহি কয় - হে সন্তানসকল, মই প্ৰথমে তোমালোকক শান্তিধামলৈ লৈ যাম। মালিক নহয় জানো। শান্তিধামলৈ গৈ আকৌ সুখধামত ভূমিকা পালন কৰিবলৈ আহিবা। আমি যেতিয়া শান্তিধামলৈ যাম তেতিয়া সকলো ধৰ্মাৱলম্বী শান্তিধামলৈ যাব। এই গোটেই ড্ৰামাৰ চক্ৰ বুদ্ধিত ৰাখিব লাগে। আমি সকলো শান্তিধামলৈ যাম আকৌ আমিয়েই প্ৰথমে আহি পিতাৰ পৰা উত্তৰাধিকাৰ লওঁ। যাৰ পৰা উত্তৰাধিকাৰ ল’ব লাগে তেওঁক নিশ্চয় স্মৰণ কৰিব লাগে। সন্তানসকলে জানে উত্তৰাধিকাৰ পাই গ’লে তেতিয়া আৰু পিতাৰ স্মৃতি পাহৰি যাম। উত্তৰাধিকাৰ বহুত সহজ ৰীতিৰে পোৱা যায়। পিতাই সন্মুখত কয় - মৰমৰ সন্তানসকল, তোমালোকৰ যি দেহৰ সম্বন্ধ আছে, সকলো পাহৰি যোৱা। এতিয়া কোনো নতুন সম্বন্ধ গঢ়িব নালাগে। যদি কোনো সম্বন্ধ গঢ়ি তোলা তেতিয়া আকৌ সেয়া পাহৰিব লাগিব। ধৰি লোৱা কোনো পুত্ৰ বা কন্যা জন্ম হ’ল তেন্তে সেয়াও হাৰাশাস্তি হ’ব। উপৰুৱা স্মৃতি বাঢ়িল নহয়। পিতাই কয় - সকলোকে পাহৰি এজনকে স্মৰণ কৰিব লাগে। তেৱেঁই আমাৰ মাতা, পিতা, শিক্ষক, গুৰু আদি সকলো হয়, এজন পিতাৰ সন্তান আমি ভাই-ভনী। খুড়া-মামা আদিৰ কোনো সম্বন্ধ নাই। এয়া এটাই সময় যেতিয়া ভাই-ভনীৰ সম্বন্ধহে থাকে। ব্ৰহ্মাৰ সন্তান শিৱবাবাৰো সন্তান হয় গতিকে নাতি-নাতিনীও হয়। এইটো স্মৃতিতো দৃঢ়ভাৱে বুদ্ধিত থাকে নহয়। পুৰুষাৰ্থৰ ক্ৰম অনুসৰি। তোমালোক সন্তানসকল চলা-ফুৰা কৰি স্বদৰ্শন চক্ৰধাৰী হোৱা।

তোমালোক সন্তানসকল এই সময়ত চৈতন্য ‘লাইট হাউচ’ হোৱা, তোমালোকৰ এটা চকুত মুক্তিধাম, আনটো চকুত জীৱনমুক্তিধাম আছে। সেই ‘লাইট হাউচ’ জড়, তোমালোক হ’লা চৈতন্য। তোমালোকে জ্ঞানৰ নেত্ৰ পাইছা। তোমালোক জ্ঞানৱান হৈ সকলোকে মাৰ্গ-দৰ্শন কৰা। পিতায়ো তোমালোকক পঢ়াই আছে। তোমালোকে জানা যে এইখন হৈছে দুখধাম। আমি এতিয়া সংগমত আছোঁ। বাকী গোটেই জগত কলিযুগত আছে। সংগমত পিতাই সন্তানসকলৰ সৈতে বহি বাৰ্তালাপ কৰে আৰু সন্তানসকলহে ইয়ালৈ আহে। কোনো কোনোৱে লিখে বাবা অমুকক লৈ যাওঁনে? ভাল কথা, গুণ গ্ৰহণ কৰিব, কিজানি তীৰ লাগি যায়। তেতিয়া বাবাৰো দয়া ওপজে, কিজানি কল্যাণ হৈ যায়। তোমালোক সন্তানসকলে জানা এয়া হ’ল পুৰুষোত্তম সংগমযুগ। এই সময়তে তোমালোক পুৰুষোত্তম হোৱা। কলিযুগত সকলো হৈছে কনিষ্ঠ পুৰুষ, যিসকলে উত্তম পুৰুষ লক্ষ্মী-নাৰায়ণৰ আগত মূৰ দোঁৱায়। সত্যযুগত কোনেও কাৰো আগত মূৰ নোদোঁৱায়। ইয়াৰ এইবিলাক কথা তাত নাথাকে। পিতাই এইটোও বুজায় যে ভালকৈ পিতাৰ স্মৃতিত থাকি সেৱা কৰিলে তেতিয়া আগলৈ গৈ তোমালোকৰ সাক্ষাৎকাৰো হৈ থাকিব। তোমালোকে কাৰো ভক্তি আদি নকৰা। তোমালোকক পিতাই কেৱল পঢ়ায়। ঘৰত বহি থাকিয়েই আপোনাআপুনি সাক্ষাৎকাৰ আদি হৈ থাকে। বহুতৰে ব্ৰহ্মাৰ সাক্ষাৎকাৰ হয়, তেওঁৰ সাক্ষাৎকাৰৰ কাৰণে কোনো পুৰুষাৰ্থ নকৰে। বেহদৰ পিতাই এওঁৰ দ্বাৰা সাক্ষাৎকাৰ কৰায়। ভক্তিমাৰ্গত যিয়ে যাৰ প্ৰতি যেনেকুৱা ভাৱনা ৰাখে, তেওঁৰেই সাক্ষাৎকাৰ হয়। এতিয়া তোমালোকৰ ভাৱনা সকলোতকৈ উচ্চ পিতাৰ প্ৰতি আছে। সেয়েহে পৰিশ্ৰম নকৰাকৈয়ে পিতাই সাক্ষাৎকাৰ কৰাই থাকে। আৰম্ভণিত কিমান ধ্যানত গৈছিল, একেলগে বহি আপোনাআপুনি ধ্যানত গুচি গৈছিল। কিবা ভক্তি জানো কৰিলে। সন্তানে কেতিয়াবা ভক্তি কৰে জানো? যেন এক প্ৰকাৰৰ খেল হৈ গৈছিল, ব’লা বৈকুণ্ঠলৈ যাওঁ। এজনে আনজনক দেখি গুচি গৈছিল, যিবিলাক অতীত হৈ গ’ল সেয়া আকৌ পুনৰাবৃত্তি কৰাব। তোমালোকে জানা আমিয়েই এই ধৰ্মৰ আছিলোঁ। সত্যযুগত পোন প্ৰথমে এইটো ধৰ্ম আছিল, ইয়াত বহুত সুখ আছে। আকৌ লাহে লাহে কলা কম হৈ যায়। যি সুখ নতুন ঘৰত থাকে সেয়া পুৰণা ঘৰত নাথাকে। অলপ দিনৰ পাছত সেই জাকজমকতা কম হৈ যায়। স্বৰ্গ আৰু নৰকৰ মাজততো বহুত অন্তৰ আছে নহয়। ক’ত স্বৰ্গ ক’ত এই নৰক! তোমালোক আনন্দত থাকা, এইটোও জানা যে পিতাৰ স্মৃতিও দৃঢ় হৈ থাকিব। মই আত্মা - এইটোও পাহৰি যায় তেতিয়া আকৌ দেহ-অভিমানত আহি যায়। ইয়াত বহি থাকিলেও তথাপিও চেষ্টা কৰি নিজক আত্মা বুলি নিশ্চয় কৰা। তেতিয়া পিতাৰ স্মৃতিও থাকিব। দেহত আহিলে আকৌ দেহৰ সকলো সম্বন্ধ স্মৃতিলৈ আহিব। এইটো এটা বিধি। তোমালোকে গোৱাও যে মোৰতো এজনেই দ্বিতীয় কোনো নাই। বাবা আমি উৎসৰ্গিত হৈ যাম। এয়াই হৈছে সেই সময়, এজনকেই স্মৰণ কৰিব লাগে। চকুৰে লাগিলে যাকেই নোচোৱা, ফুৰা-চকাও কৰা কেৱল আত্মাই পিতাক স্মৰণ কৰিব লাগে। শৰীৰ নিৰ্বাহৰ কাৰণে কৰ্মও কৰিব লাগে। কিন্তু হাতেৰে কাম কৰিও, অন্তৰত যাতে পিতাৰ স্মৃতি থাকে, আত্মাই নিজৰ প্ৰেমিককহে স্মৰণ কৰিব লাগে। কাৰোবাৰ কোনো সখীৰ সৈতে প্ৰীতি গঢ়ি উঠে তেতিয়া তেওঁৰ স্মৃতি স্থায়ী হৈ যায়। পাছত সেই ৰাগি আঁতৰাবলৈ বৰ কঠিন হয়। সোধে, বাবা এয়া কি! হেৰ’, তোমালোক নাম-ৰূপত কিয় আবদ্ধ হোৱা। এটাতো তোমালোক দেহ-অভিমানী হৈছা আৰু দ্বিতীয়তে আকৌ তোমালোকৰ অতীতৰ কোনো হিচাপ-নিকাচ আছে, সেইবোৰে প্ৰতাৰণা কৰে। পিতাই কয় - এই দুচকুৰে যি কিছু দেখিবলৈ পোৱা সেইবোৰৰ ফালে যাতে বুদ্ধি নাযায়। তোমালোকৰ বুদ্ধিত এইটো থাকিব লাগে যে আমাক শিৱবাবাই পঢ়ায়। এনেকুৱা বহুত সন্তান আছে যিসকল ইয়াত বহিও পিতাক কেতিয়াও স্মৰণ নকৰে। কোনোৱেতো ইয়াত বহিও স্মৃতিত থাকিব নোৱাৰে। গতিকে নিজক চাব লাগে - মই কিমান শিৱবাবাক স্মৰণ কৰিলোঁ? নহ’লে খতিয়ান নষ্ট হৈ যাব।

ভগৱানে কয় - মৰমৰ সন্তানসকল, মোক স্মৰণ কৰা। নিজৰ ওচৰত টুকি ৰাখা, যেতিয়াই বিচৰা স্মৃতিত বহি যোৱা। ভোজন কৰি 10-15 মিনিট ফুৰি আহি স্মৃতিত বহি যোৱা কিয়নো ইয়াত কোনো সাংসাৰিক কাম-কাজতো নাই। তথাপিও যি কাম-কাজ এৰি আহিছা সেয়া কোনো কোনোৰ বুদ্ধিত আহি থাকে। অতি উচ্চ লক্ষ্য, সেইবাবে বাবাই কয় - নিজক পৰীক্ষা কৰা। এয়া তোমালোকৰ অতিকৈ মূল্যৱান সময়। ভক্তিমাৰ্গত তোমালোকে কিমান সময় নষ্ট কৰিলা। দিনে-প্ৰতিদিনে অৱনমিতহে হৈ থাকা। শ্ৰীকৃষ্ণৰ সাক্ষাৎকাৰ হ’ল, বহুত আনন্দিত হৈ যায়। প্ৰাপ্তিতো একোৱেই নহয়। পিতাৰ উত্তৰাধিকাৰতো এবাৰেই পোৱা যায়, এতিয়া পিতাই কয় - মোৰ স্মৃতিত থাকা তেতিয়া তোমালোকৰ জন্ম-জন্মান্তৰৰ পাপ খণ্ডন হৈ যাব। স্বৰ্গৰ ‘পাচপোৰ্ট’ সেইসকল সন্তানেই পায় যিসকলে স্মৃতিত থাকি নিজৰ বিকৰ্ম বিনাশ কৰি কৰ্মাতীত অৱস্থা প্ৰাপ্ত কৰে। নহ’লেতো বহুত শাস্তি খাবলগীয়া হয়। বাবাই আৰু মত দিয়ে নিজৰ মুকুট আৰু সিংহাসনৰ ফটো নিজৰ পকেটত ৰাখি থোৱা তেতিয়া স্মৃতি থাকিব। ইয়াৰ পৰা আমি এয়া হ’মগৈ। যিমান চাবা সিমান স্মৃতিলৈ আহিব। তেতিয়া তাৰ প্ৰতিয়ে মোহ জাগি উঠিব। মই এয়া হৈ আছোঁ - নৰৰ পৰা নাৰায়ণ, চিত্ৰ দেখি আনন্দিত হ’বা। শিৱবাবা স্মৃতিলৈ আহিব। এই সকলোবোৰ হৈছে পুৰুষাৰ্থৰ যুক্তি (উপায়)। যিকোনো লোককে তোমালোকে সোধা – সত্য-নাৰায়ণৰ কথা শুনিলে কি হয়? আমাৰ বাবাই আমাক সত্য-নাৰায়ণৰ কথা শুনাই আছে। কেনেকৈ 84 জন্ম লৈছোঁ, তাৰো হিচাপতো লাগে নহয়। সকলোৱেতো 84 জন্ম নল’ব। জগতৰ লোকসকলেতো একোৱে গম নাপায়। এনেয়ে মুখেৰে মাথো কৈ দিয়ে - ইয়াক কোৱা হয় তাত্ত্বিক। এয়া হ’ল তোমালোকৰ ব্যৱহাৰিক। এতিয়া যি হৈ আছে তাৰ আকৌ ভক্তিমাৰ্গত কিতাপ আদি ৰচনা হ’ব। তোমালোক স্বদৰ্শন চক্ৰধাৰী হৈ বিষ্ণুপুৰীলৈ আহা। এয়া হ’ল নতুন কথা। ৰাৱণৰাজ্য মিছাখণ্ড, আকৌ সত্যখণ্ড ৰামৰাজ্য হ’ব। চিত্ৰবোৰত বহুত স্পষ্টকৈ আছে। এতিয়া এই পুৰণি সৃষ্টিৰ অন্তৰ সময়, 5 হাজাৰ বছৰ পূৰ্বেও বিনাশ হৈছিল। যিসকল বিজ্ঞানী আছে তেওঁলোকৰ খেয়ালত আহে যে আমাক কোনোবাই প্ৰেৰিত কৰি আছে, যাৰ বাবে আমি এই সকলোবিলাক কৰি থাকোঁ। বুজিও পায় যে যদি আমি এইটো কৰোঁ তেন্তে ইয়াৰ দ্বাৰা সকলো নাশ হৈ যাব। কিন্তু পৰৰ বশীভূত, ভয়-ভীত হৈ থাকে। বুজি পায় যে ঘৰত বহি এটা বোমা বৰ্ষণ কৰিলে তেতিয়া নাশ হৈ যাব। উৰাজাহাজ, পেট্ৰ’ল আদিৰো দৰকাৰ নাথাকিব। বিনাশতো নিশ্চয় হ’বই। নতুন সৃষ্টি সত্যযুগ আছিল, যীশুখ্ৰীষ্টৰ পৰা 3 হাজাৰ বছৰ পূৰ্বে স্বৰ্গ আছিল পুনৰ এতিয়া স্বৰ্গ স্থাপনা হৈ আছে। আগলৈ গৈ বুজিবা - তোমালোকে জানা স্থাপনা নিশ্চয় হ’ব। এই ক্ষেত্ৰততো লেখমাত্ৰও সংশয় নাই।

এই ড্ৰামা কল্প পূৰ্বেৰ দৰে চলিয়েই থাকে। ড্ৰামাই নিশ্চয় পুৰুষাৰ্থ কৰাব। এনেকুৱাও নহয়, ড্ৰামাত যি আছে হ’ব…..। সোধে যে পুৰুষাৰ্থ ডাঙৰ নে প্ৰালব্ধ ডাঙৰ? পুৰুষাৰ্থ ডাঙৰ কাৰণ পুৰুষাৰ্থ অনুসৰিহে প্ৰালব্ধ হ’ব। পুৰুষাৰ্থ অবিহনে কেতিয়াও কোনো থাকিব নোৱাৰে। তোমালোকে পুৰুষাৰ্থ কৰি আছা নহয়। ক’ৰ ক’ৰ পৰা সন্তানসকল আহে, পুৰুষাৰ্থ কৰে। এনেকৈ কয় যে বাবা আমি পাহৰি যাওঁ। হেৰ’, শিৱবাবাই তোমালোকক কয় - মোক স্মৰণ কৰা, কাক ক’লে? মোক আত্মাক ক’লে। পিতাই আত্মাসকলৰ সৈতেহে বাৰ্তালাপ কৰে। শিৱবাবাহে পতিত-পাৱন, এই আত্মাটিয়েও (ব্ৰহ্মা বাবাৰ আত্মাই) তেওঁৰ পৰা শুনে। তোমালোক সন্তানসকলৰ এইটো দৃঢ় নিশ্চয়তা থাকিব লাগে যে বেহদৰ পিতাই আমাক বিশ্বৰ মালিক কৰি তোলে। তেওঁ হ’ল উচ্চতকৈও উচ্চ, অতিকৈ মৰমৰ পিতা। ভক্তিমাৰ্গত তেওঁকেই স্মৰণ কৰিছিল, গায়নো কৰে - তোমাৰ গতি-মত অনন্য। তেন্তে নিশ্চয় মত দিছিল। এতিয়া তোমালোকৰ বুদ্ধিত আছে - ইমান বিলাক মনুষ্য ঘৰলৈ উভতি যাব। বিচাৰ কৰা কিমান আত্মা আছে, সকলোৰে বংশবৃক্ষ আছে। আকৌ সকলো আত্মা গৈ ক্ৰমানুসৰি বহিব। এটা শ্ৰেণীৰ পৰা আন এটালৈ উত্তীৰ্ণ হ’লে তেতিয়া ক্ৰমানুসৰি বহে নহয়। তোমালোকো ক্ৰমানুসৰি যোৱা। সূক্ষ্ম বিন্দু (আত্মা) ক্ৰমানুসৰি গৈ বহিব আকৌ ক্ৰমানুসৰি ভূমিকাত আহিব। এয়া হ’ল ৰুদ্ৰ মালা। পিতাই কয় - ইমান কোটি আত্মাৰে গঁথা মোৰ মালা আছে। ওপৰত মই ফুল আকৌ ভূমিকা পালন কৰিবলৈ সকলো ইয়ালৈকে আহিছে। এই ড্ৰামা পূৰ্ব নিৰ্ধাৰিত। কোৱাও হয় যে ৰচি থোৱা ড্ৰামা। কেনেকৈ এই ড্ৰামা চলে সেয়া তোমালোকে জানা। সকলোকে এইটোৱে শুনোৱা যে নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰক তেতিয়া আপোনালোকৰ বিকৰ্ম বিনাশ হ’ব তাৰ পাছত তোমালোক গুচি যাবাগৈ। এই ক্ষেত্ৰত পৰিশ্ৰম আছে। সকলোকে ৰাস্তা দেখুৱাব লাগে, তোমালোকৰ দায়িত্ব। তোমালোকে কোনো দেহধাৰীৰ ফান্দত আবদ্ধ নকৰোৱা। পিতাইতো কয় - মোক স্মৰণ কৰা তেতিয়া পাপ ভস্ম হৈ যাব। পিতাই নিৰ্দেশনা দিয়ে সেয়াতো কৰিব লাগে। সুধিবলগীয়া কি কথা আছে। যেনেকৈ হ’লেও স্মৰণ নিশ্চয় কৰিবা, এই ক্ষেত্ৰত বাবাই কি কৃপা কৰিব। স্মৰণ তোমালোকে কৰিব লাগে, উত্তৰাধিকাৰ তোমালোকে ল’ব লাগে। পিতা স্বৰ্গৰ ৰচয়িতা তেন্তে নিশ্চয় স্বৰ্গৰ উত্তৰাধিকাৰ পোৱা যাব। এতিয়া তোমালোকে জানা যে এই বৃক্ষ পুৰণা হৈ গ’ল সেইকাৰণে এই পুৰণি সৃষ্টিৰ প্ৰতি বৈৰাগ্য জন্মে। ইয়াক কোৱা হয় বেহদৰ বৈৰাগ্য। সেই হঠযোগীসকলৰ হৈছে হদৰ বৈৰাগ্য। তেওঁলোকে বেহদৰ বৈৰাগ্য শিকাব নোৱাৰে। বেহদৰ বৈৰাগীসকলে আকৌ হদৰ বৈৰাগ্য কেনেকৈ শিকাব। এতিয়া পিতাই কয় - কল্পৰ পাছত পুনৰাই লগ পোৱা অতিকৈ মৰমৰ সন্তানসকল, তোমালোকেও কোৱা কল্পৰ পাছত লগ পোৱা অতিকৈ মৰমৰ পিতা। 63 জন্ম পিতাক স্মৰণ কৰিছা, বচ্‌ আমাৰতো একমাত্ৰ পিতা দ্বিতীয় কোনো নাই। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) স্বৰ্গলৈ যোৱাৰ ‘পাচপোৰ্ট’ ল’বৰ কাৰণে পিতাৰ স্মৃতিৰে নিজৰ বিকৰ্ম বিনাশ কৰি কৰ্মাতীত অৱস্থা গঢ়ি তুলিব লাগে। শাস্তিৰ পৰা ৰক্ষা পাবলৈ পুৰুষাৰ্থ কৰিব লাগে।

(2) জ্ঞানৱান হৈ সকলোকে ৰাস্তা দেখুৱাব লাগে, চৈতন্য ‘লাইট হাউচ’ হ’ব লাগে। এটা চকুত শান্তিধাম, আনটো চকুত সুখধাম থাকিব লাগে। এই দুখধামক পাহৰি যাব লাগে।

বৰদান:
প্ৰত্যেক আত্মাৰ উৎকৰ্ষ সাধন কৰাৰ ভাৱনাৰে সন্মান দিওঁতা শুভ-চিন্তক হোৱা

প্ৰত্যেক আত্মাৰ প্ৰতি শ্ৰেষ্ঠ ভাৱনা অৰ্থাৎ উৎকৰ্ষ সাধন কৰাৰ বা আগবঢ়াই নিয়াৰ ভাৱনা ৰখা অৰ্থাৎ শুভ-চিন্তক হোৱা। নিজৰ শুভ বৃত্তিৰে, শুভ-চিন্তক স্থিতিৰে অন্যৰ অৱগুণকো পৰিৱৰ্তন কৰা, কাৰোবাৰ দুৰ্বলতা বা অৱগুণক নিজৰ দুৰ্বলতা বুলি বুজি বৰ্ণনা কৰাৰ সলনি বা সেয়া বিয়পাই দিয়াৰ সলনি সামৰি লোৱা আৰু পৰিৱৰ্তন কৰা - এয়া হৈছে সন্মান। ডাঙৰ কথাক সৰু কৰি দিয়া, নিৰাশ হোৱাজনক শক্তিশালী কৰি তোলা, তেওঁৰ সংগৰ ৰঙত নহা, সদায় তেওঁকো উৎসাহ-উদ্দীপনা যুগুৱা - এয়া হৈছে সন্মান। এনেকৈ সন্মান দিওঁতাসকলেই শুভ-চিন্তক।

স্লোগান:
পুৰণি স্বভাৱ-সংস্কাৰ হৈছে ত্যাগৰ ভাগ্য সমাপ্ত কৰোঁতা, সেই কাৰণে ইয়াকো ত্যাগ কৰা।


অব্যক্ত সংকেত: আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা, অন্তৰ্মুখী হোৱা

যেনেকৈ পিতা ব্ৰহ্মা একান্তপ্ৰিয় হোৱাৰ কাৰণে সদায় অন্তৰ্মুখী হৈ আছিল, মই আত্মা, মই আত্মা... এই পাঠটি দৃঢ় কৰিলে, যাৰ কাৰণে তেওঁ নিজেও সদায় শান্তি আৰু সুখৰ সাগৰত সমাহিত হৈ থাকিল আৰু অন্য আত্মাসকলকো নিজৰ শুদ্ধ সংকল্প আৰু প্ৰকম্পনৰ দ্বাৰা, বৃত্তি আৰু বাণীৰ দ্বাৰা, সম্পৰ্কৰ দ্বাৰা শান্তি আৰু সুখৰ অনুভূতি কৰাই থাকিল, এনেকৈ পিতাক অনুসৰণ কৰা।