11.07.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – পোন-প্ৰথমে সকলোকে পিতাৰ প্ৰকৃত পৰিচয় দি গীতাৰ ভগৱানক সিদ্ধ কৰা তেতিয়া তোমালোকৰ নাম প্ৰসিদ্ধ হ'ব”

প্ৰশ্ন:
তোমালোক সন্তানসকলে চাৰিওটা যুগত চক্ৰ পৰিক্ৰমা লগালা, তাৰ লোকাচাৰ ভক্তিমাৰ্গত প্ৰচলিত হৈ আছে, সেয়া কোনটো?

উত্তৰ:
তোমালোকে চাৰিওটা যুগত চক্ৰ পৰিক্ৰমা লগালা তেওঁলোকে আকৌ সকলো শাস্ত্ৰ, চিত্ৰ আদি গাড়ীত ৰাখি চাৰিওফালে পৰিক্ৰমা লগায়। আকৌ ঘৰলৈ আহি শুৱাই দিয়ে। তোমালোক ব্ৰাহ্মণ, দেৱতা ক্ষত্ৰিয়........ হোৱা। এই চক্ৰৰ সলনি তেওঁলোকে পৰিক্ৰমা লগোৱা আৰম্ভ কৰিলে। এয়াও লোকাচাৰ।

ওঁম্শান্তি।
আত্মিক পিতাই বহি আত্মিক সন্তানসকলক বুজায়, যেতিয়া কাৰোবাক বুজোৱা তেতিয়া প্ৰথমে এইটো স্পষ্ট কৰি দিয়া যে পিতা এজন, সুধিব নালাগে যে পিতা এজন নে অনেক। এনেয়েতো আকৌ অনেক বুলি কৈ দিব। ক'বই লাগে যে পিতা ৰচয়িতা ঈশ্বৰ পিতা এজন। তেওঁ সকলো আত্মাৰ পিতা। পোন-প্ৰথমে এনেকৈও ক'ব নালাগে যে তেওঁ বিন্দু স্বৰূপ, এনেকৈ ক’লে আকৌ বিভ্ৰান্ত হৈ যাব। পোন-প্ৰথমেতো এইটো ভালদৰে বুজোৱা যে দুজন পিতা আছে - লৌকিক আৰু পাৰলৌকিক। লৌকিকতো প্ৰত্যেকৰে থাকেই কিন্তু তেওঁক কোনোবাই খোদা, কোনোৱে ঈশ্বৰ বুলি কয়। হওঁতে এজনেই। সকলোৱে এজনকেই স্মৰণ কৰে। পোন-প্ৰথমে এইটো দৃঢ় নিশ্চয় কৰোৱা যে পিতা হৈছে স্বৰ্গ ৰচনা কৰোঁতা। তেওঁ ইয়ালৈ স্বৰ্গৰ মালিক কৰি তুলিবলৈ আহিব, যাক শিৱজয়ন্তী বুলিও কোৱা হয়। এইটোও তোমালোক সন্তানসকলে জানা যে স্বৰ্গৰ ৰচয়িতাই ভাৰততেই স্বৰ্গ ৰচনা কৰে য'ত দেৱী-দেৱতাসকলৰহে ৰাজত্ব হয়। গতিকে পোন-প্ৰথমে পিতাৰহে পৰিচয় দিব লাগে। তেওঁৰ নাম হৈছে ‘শিৱ’। গীতাত ভগৱানুবাচ (ভগৱানৰ বাণী) আছে নহয়। পোন-প্ৰথমেতো এইটো নিশ্চয় কৰোৱাই লিখাই ল'ব লাগে। গীতাত আছে ভগৱানুবাচ - মই তোমালোকক ৰাজযোগ শিকাওঁ অৰ্থাৎ নৰৰ পৰা নাৰায়ণ কৰি গঢ়ি তোলোঁ। এনেকৈ কোনে গঢ়ি তুলিব পাৰে? নিশ্চয় বুজাবলগীয়া হয়। ভগৱান কোন আকৌ এইটোও বুজাবলগীয়া হয়। সত্যযুগত প্ৰথম নম্বৰত যি লক্ষ্মী-নাৰায়ণ আছে, নিশ্চয় তেওঁলোকেই 84 জন্ম লয়। পাছলৈ আকৌ অন্য ধৰ্মাৱলম্বীসকল আহে। তেওঁলোকৰ ইমান জন্ম হ'ব নোৱাৰে। প্ৰথমে অহাসকলৰহে 84 জন্ম হয়। সত্যযুগততো একো নিশিকে। নিশ্চয় সংগমতেই শিকে। গতিকে পোন-প্ৰথমে পিতাৰ পৰিচয় দিব লাগে। যেনেকৈ আত্মাক দেখা পোৱা নাযায়, বুজিব পাৰি, তেনেকৈ পৰমাত্মাকো দেখা পোৱা নাযায়। বুদ্ধিৰে বুজি পোৱা যায় তেওঁ আমাৰ অৰ্থাৎ আত্মাসকলৰ পিতা। তেওঁক কোৱা হয় পৰম আত্মা। তেওঁ সদায় পাৱন। তেওঁ আহি পতিত সৃষ্টিক পাৱন কৰি তুলিবলগীয়া হয়। গতিকে প্ৰথমতে পিতা এজন - এইটো সিদ্ধ কৰি ক'লে গীতাৰ ভগৱান শ্ৰীকৃষ্ণ নহয়, সেইটোও সিদ্ধ হৈ যাব। তোমালোক সন্তানসকলে সিদ্ধ কৰি ক'ব লাগে, এজন পিতাকেই সত্য বুলি কোৱা হয়। বাকী কৰ্মকাণ্ড বা তীৰ্থ আদিৰ কথাবোৰ সকলো ভক্তিৰ শাস্ত্ৰবোৰত আছে। জ্ঞানততো ইয়াৰ কোনো বৰ্ণনাই নাই। ইয়াত কোনো শাস্ত্ৰ নাই। পিতা আহি সকলো ৰহস্য বুজায়। পোন-প্ৰথমে তোমালোক সন্তানসকলে এইটো কথাৰ ওপৰত বিজয় প্ৰাপ্ত কৰিবা যে ভগৱান এজন নিৰাকাৰ, সাকাৰ নহয়। পৰমপিতা পৰমাত্মা শিৱ ভগৱানুবাচ, জ্ঞানৰ সাগৰ তেওঁ সকলোৰে পিতা। শ্ৰীকৃষ্ণতো সকলোৰে পিতা হ'ব নোৱাৰে তেওঁ কাকো ক'ব নোৱাৰে যে দেহৰ সকলো ধৰ্ম এৰি মামেকম্ স্মৰণ কৰা। হওঁতে বহুত সহজ কথা। কিন্তু মনুষ্যই শাস্ত্ৰ আদি পঢ়ি, ভক্তিত পৰিপক্ক হৈ গৈছে। আজিকালি শাস্ত্ৰ আদি গাড়ীত ৰাখি পৰিক্ৰমা লগায়। চিত্ৰ, গ্ৰন্থৰো পৰিক্ৰমা লগায় আকৌ ঘৰলৈ আনি শুৱাই দিয়ে। এতিয়া তোমালোক সন্তানসকলে জানা আমি দেৱতাৰ পৰা ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ হওঁ, এইটো চক্ৰ পৰিক্ৰমা লগাওঁ। চক্ৰৰ সলনি তেওঁলোকে আকৌ পৰিক্ৰমা লগাই ঘৰত গৈ ৰাখি থয়‌। তেওঁলোকৰ এটা নিদিষ্ট দিন থাকে, যেতিয়া পৰিক্ৰমা লগায়। গতিকে পোন-প্ৰথমে এইটো সিদ্ধ কৰি ক'ব লাগে যে শ্ৰীকৃষ্ণ ভগৱানুবাচ নহয় শিৱ ভগৱানুৱাচ। শিৱহে পুনৰ্জন্ম ৰহিত। তেওঁ নিশ্চয় আহে, কিন্তু তেওঁৰ জন্ম দিব্য। ভাগীৰথত আহি আৰোহী হয়। পতিতসকলক আহি পাৱন কৰি তোলে। ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তৰ ৰহস্য বুজায়, যি জ্ঞান আৰু কোনেও নাজানে। পিতাই নিজে আহি নিজৰ পৰিচয় দিব লাগে। মুখ্য কথা হৈছেই পিতাৰ পৰিচয়। তেওঁ গীতাৰ ভগৱান, এইটো তোমালোকে সিদ্ধ কৰি ক’লে তেতিয়া তোমালোকৰ নাম বহুত প্ৰসিদ্ধ হৈ যাব। গতিকে এনেকুৱা পত্ৰিকা ছপাই তাত চিত্ৰ আদিও দি আকৌ এৰোপ্লেনৰ পৰা পেলাই দিব লাগে। পিতাই মুখ্য মুখ্য কথাবোৰ বুজাই থাকে। তোমালোকৰ মুখ্য এটা কথাত বিজয় হ’লে তেতিয়া বচ্‌ তোমালোকে বিজয় প্ৰাপ্ত কৰিলা। এই ক্ষেত্ৰত তোমালোকৰ নাম বহুত প্ৰসিদ্ধ হ’ব, ইয়াক লৈ কোনেও বাদানুবাদ নকৰিব। এয়া অতি স্পষ্ট কথা। পিতাই কয় - মই সৰ্বব্যাপী কেনেকৈ হ'ব পাৰোঁ। মইতো আহি সন্তানসকলক জ্ঞান শুনাওঁ। আহ্বানো জনায় - আহি পাৱন কৰি তোলক। ৰচয়িতা আৰু ৰচনাৰ জ্ঞান শুনাওঁক। মহিমাও পিতাৰ বেলেগ, শ্ৰীকৃষ্ণৰ বেলেগ। এনেকুৱা নহয় যে শিৱবাবা আহি আকৌ শ্ৰীকৃষ্ণ বা নাৰায়ণ হয়, 84 জন্মত আহে! নহয় তোমালোকৰ বুদ্ধি এই গোটেই কথাবোৰ বুজোৱাত লাগি থাকিব লাগে। মুখ্য হৈছেই গীতা। ভগৱানুবাচ, তেন্তে নিশ্চয় ভগৱানক মুখৰ আৱশ্যক হয় নহয়। ভগৱান হৈছে নিৰাকাৰ। আত্মাই মুখ অবিহনে কেনেকৈ ক’ব। সেইবাবে কয় - মই সাধাৰণ শৰীৰৰ আধাৰ লওঁ। যি প্ৰথমে লক্ষ্মী-নাৰায়ণ হয়, তেওঁলোকেই 84 জন্ম লৈ লৈ অন্তিমত আহে তেতিয়া পুনৰ তেওঁৰেই শৰীৰত আহোঁ। শ্ৰীকৃষ্ণৰ বহুত জন্মৰ অন্তত আহোঁ। এনেকৈ বিচাৰ সাগৰ মন্থন কৰা যে কেনেকৈ কাৰোবাক বুজাওঁ। এটা কথাৰেই তোমালোকৰ নাম প্ৰসিদ্ধ হৈ যাব। ৰচিয়তা পিতাক সকলোৱে জানি যাব। তেতিয়া তোমালোকৰ ওচৰলৈ বহুত আহিব। তোমালোকক নিমন্ত্ৰণ দিব যে ইয়ালৈ আহি ভাষণ দিয়ক সেইকাৰণে প্ৰথমতে ‘অল্ফ’ৰ (পিতাৰ) বিষয়ে সিদ্ধ কৰি বুজোৱা। তোমালোক সন্তানসকলে জানা যে বাবাৰ পৰা আমি স্বৰ্গৰ উত্তৰাধিকাৰ লৈ আছোঁ। বাবাই প্ৰতি 5 হাজাৰ বছৰৰ পাছত ভাৰততে ভাগ্যশালী ৰথত আহে। এওঁ (ব্ৰহ্মা) হৈছে সৌভাগ্যশালী, যিখন ৰথত ভগৱান আহি বহে। এয়া জানো সাধাৰণ কথা। ভগৱানে এওঁৰ শৰীৰত বহি সন্তানসকলক বুজায় যে মই বহুত জন্মৰ অন্তত এওঁৰ শৰীৰত প্ৰৱেশ কৰোঁ। শ্ৰীকৃষ্ণৰ আত্মাৰ ৰথ হয় নহয়। তেওঁ নিজে শ্ৰীকৃষ্ণতো নহয়। বহুত জন্মৰ অন্তৰ ৰূপ। প্ৰতিটো জন্মত চেহেৰা, বৃত্তি আদি সলনি হৈ থাকে। বহুত জন্মৰ অন্তত যাৰ শৰীৰত প্ৰৱেশ কৰোঁ তেওঁ আকৌ শ্ৰীকৃষ্ণ হয়। সংগমযুগত আহে। আমিও পিতাৰ হৈ পিতাৰ পৰা উত্তৰাধিকাৰ লওঁ। পিতাই পঢ়াই লগত লৈ যায় অন্য কোনো কষ্টৰ কথা নাই। পিতাই কেৱল কয় – মামেকম্‌ স্মৰণ কৰা, সেয়েহে এইটো ভালদৰে বিচাৰ কৰিব লাগে যে কেনেকৈ লিখোঁ। এইটোৱে মুখ্য ভুল যাৰ কাৰণেই ভাৰত ভ্ৰষ্টাচাৰী, অধৰ্মী, কঙাল হৈ গৈছে। পিতা পুনৰ আহি ৰাজযোগ শিকায়। ভাৰতক শ্ৰেষ্ঠাচাৰী, চহকী কৰি তোলে। গোটেই সৃষ্টিক শ্ৰেষ্ঠাচাৰী কৰি তোলে। সেই সময়ত গোটেই বিশ্বৰ মালিক তোমালোকেই হোৱা। এনেকৈ কয় নহয় যে “দীৰ্ঘ জীৱন আৰু সমৃদ্ধিৰ কামনা কৰিলোঁ”। বাবাই আৰ্শীবাদ নিদিয়ে যে সদায় জীয়াই থাকা। এনেকৈ সাধুসকলে কয় যে অমৰ হোৱা। তোমালোক সন্তানসকলে বুজি পোৱা যে অমৰতো নিশ্চয় অমৰপুৰীত হ’ব। মৃত্যুলোকত আকৌ অমৰ বুলি কেনেকৈ ক’ব। গতিকে সন্তানসকলে যেতিয়া সভা আদিৰ আয়োজন কৰে তেতিয়া পিতাৰ পৰা মতামত বিচাৰে। বাবাই আগতীয়াকৈ ৰায় দিয়ে যে সকলোৱে নিজৰ নিজৰ মতামত লিখি পঠিয়াই দিয়া লাগিলে একত্ৰিত ৰূপতে হওঁক। মতামততো মুৰুলীত লিখিলে সকলোৱে পাব পাৰে। 2-3 হাজাৰ খৰচ ৰাহি হৈ যাব। এই 2–3 হাজাৰেৰেতো 2-3টা সেৱাকেন্দ্ৰ খুলিব পাৰিবা। চিত্ৰ আদি লৈ গাঁৱে গাঁৱে যাব লাগে।

তোমালোক সন্তানসকলৰ সূক্ষ্মলোকৰ কথাবোৰৰ প্ৰতি বেছি আগ্ৰহ থাকিব নালাগে। ব্ৰহ্মা, বিষ্ণু, শংকৰ আদিৰ চিত্ৰ আছে গতিকে ইয়াৰ ওপৰত অলপ বুজোৱা হয়। মাজত এওঁলোকৰ কিছু ভূমিকা আছে। তোমালোকে জানা, মিলিত হোৱা বাকী অন্য একো নাই সেইকাৰণে সূক্ষ্মলোকৰ কথাবোৰৰ প্ৰতি বেছি আগ্ৰহ দেখুওৱা নহয়। ইয়াত আত্মাক আহ্বান জনোৱা হয়, তেওঁক দেখুওৱা হয়। কোনো কোনোৱে আহি কন্দা-কটাও কৰে। কোনোবাই প্ৰেমেৰে মিলিত হয়। কোনোবাই দুখৰ চকুলো টোকে। এই সকলোবোৰ ড্ৰামাত ভূমিকা আছে, ইয়াক কথোপকথন বুলি কোৱা হয়। তেওঁলোকেতো ব্ৰাহ্মণৰ শৰীৰত কাৰোবাৰ আত্মাক মাতে আকৌ তেওঁক কাপোৰ আদি পিন্ধাব। এতিয়া সেই শৰীৰতো শেষ হৈ গ’ল, বাকী পিন্ধিব কোনে? তোমালোকৰ ওচৰত সেই লোকাচাৰ নাই। কন্দা-কটা কৰাৰতো কথাই নাই। সেয়েহে উচ্চতকৈও উচ্চ হ’ব লাগে, সেয়া কেনেকৈ হ’ম। নিশ্চয় মাজত সংগমযুগ আছে যেতিয়া পৱিত্ৰ হয়। তোমালোকে এটা কথা সিদ্ধ কৰিলে তেতিয়া ক’ব এওঁলোকেতো একেবাৰে ঠিক কথা কয়। ভগৱানে জানো কেতিয়াবা মিছা কথা ক’ব পাৰে। তেতিয়া বহুতৰে স্নেহো জাগিব, বহুত আহিব। সময়ত সন্তানসকলে সকলো সাৰ কথা পাই থাকে। অন্তিমত কি কি হ’ব, সেয়াও দেখিবা, যুদ্ধ হ’ব, বোমা বৰ্ষণ কৰিব। প্ৰথমে মৃত্যু সেইফালে হ’ব। ইয়াততো ৰক্তৰ নদী বৈ যাব পুনৰ ঘিউ-গাখীৰৰ নদী ব’ব। প্ৰথমে ধোৱা বিদেশৰ পৰা ওলাব। ভয়ো তাতেই। কিমান বৃহৎ বৃহৎ বোমা তৈয়াৰ কৰে। কি কি তাত মিহলি কৰে যে একেবাৰে চহৰকে শেষ কৰি দিয়ে। এইটোও ক’ব লাগে, কোনে স্বৰ্গৰ ৰাজ্য-ভাগ্য স্থাপনা কৰিলে। স্বৰ্গ স্থাপনা কৰোঁতা ঈশ্বৰ পিতা নিশ্চয় সংগমতে আহে। তোমালোকে জানা যে এতিয়া হৈছে সংগম। তোমালোকক মুখ্য কথা বুজোৱা হয় পিতাক স্মৰণ কৰা, যাৰ দ্বাৰা পাপ খণ্ডন হ’ব। ভগৱান যেতিয়া আহিছিল তেতিয়া কৈছিল যে মামেকম্‌ স্মৰণ কৰা তেতিয়া তোমালোক সতোপ্ৰধান হৈ যাবা। মুক্তিধামলৈ যাবা। পুনৰ আৰম্ভণিৰ পৰা চক্ৰ পুনৰাবৃত্তি হ’ব। দৈৱী ধৰ্ম, ইছলাম ধৰ্ম, বৌদ্ধ ধৰ্ম….. তোমালোক বিৰ্দ্যাথীসকলৰ বুদ্ধিত এই গোটেই জ্ঞান থাকিব লাগে নহয়। আনন্দিত হৈ থাকে, আমি কিমান উপাৰ্জন কৰোঁ, এই অমৰকথা অমৰ বাবাই তোমালোকক শুনায়। তোমালোকৰ অনেক নাম ৰাখি দিছে। মুখ্য প্ৰথমে দৈৱী ধৰ্ম পাছত সকলোৰে বৃদ্ধি হৈ হৈ বৃক্ষ বাঢ়ি যায়। অনেক ধৰ্ম, অনেক মত হৈ যায়। এই এটা ধৰ্ম এক শ্ৰীমতেৰে প্ৰতিষ্ঠা হয়। দ্বৈতৰ (এটাতকৈ অধিক) কথা নাই। এই আত্মিক জ্ঞান আত্মিক পিতাই বহি বুজায়। তোমালোক সন্তানসকল আনন্দিত হৈও থাকিব লাগে।

তোমালোকে জানা যে পিতাই আমাক পঢ়ায়, তোমালোকে অনুভৱেৰে কোৱা গতিকে এইটো শুদ্ধ অহংকাৰ থকা উচিত যে ভগৱানে আমাক পঢ়াই আছে আৰু কি লাগে। যিহেতু তোমালোক বিশ্বৰ মালিক হোৱা তেন্তে আনন্দিত হৈ কিয় নাথাকা নে নিশ্চয়তাত কিবা সংশয় আছে। পিতাৰ প্ৰতি সংশয় আনিব নালাগে। মায়াই সংশয়ত আনি পাহৰাই দিয়ে। বাবাই বুজাইছে মায়াই দুচকুৰ দ্বাৰা বহুত প্ৰতাৰিত কৰে। ভাল বস্তু দেখিলে অন্তৰ প্ৰলোভিত হৈ যাব যে খাওঁ, চকুৰে চালে তেতিয়া মাৰিবৰ কাৰণে ক্ৰোধ উৎপন্ন হয়। নাচালে তেন্তে মাৰিব কেনেকৈ। চকুৰে দেখে তেতিয়া লোভ, মোহো জাগি উঠে। মুখ্য প্ৰতাৰণা কৰোঁতা হৈছে চকু। ইয়াৰ ওপৰত পূৰা দৃষ্টি ৰাখিব লাগে। আত্মাই জ্ঞান পায়, তেতিয়া আসুৰিক ভাৱ আঁতৰি যায়। এনেকুৱাও নহয় যে চকুৱে উলিয়াই দিব লাগে। তোমালোকেতো আসুৰিক দৃষ্টিক সভ্য দৃষ্টিক কৰি তুলিব লাগে। বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সদায় এইটো নিচা বা আনন্দত থাকিব লাগে যে আমাক ভগৱানে পঢ়ায়। কোনো কথাত সংশয়বুদ্ধিৰ হ’ব নালাগে। শুদ্ধ অহংকাৰ কৰিব লাগে।

(2) সূক্ষ্মলোকৰ কথাবোৰত বেছি আগ্ৰহ ৰাখিব নালাগে। আত্মাক সতোপ্ৰধান কৰি তোলাৰ পূৰা পুৰুষাৰ্থ কৰিব লাগে। পৰস্পৰ মতামত লৈ সকলোকে পিতাৰ সঁচা পৰিচয় দিব লাগে।

বৰদান:
সন্মান সহকাৰে উত্তীৰ্ণ হ’বলৈ পুৰুষাৰ্থৰ গতি তীব্ৰ আৰু ব্ৰেক শক্তিশালী কৰি ৰাখোঁতা যথাৰ্থ যোগী হোৱা

বৰ্তমান সময় অনুসৰি পুৰুষাৰ্থৰ গতি তীব্ৰ আৰু ব্ৰেক শক্তিশালী হোৱা উচিত তেতিয়াহে অন্তিম সময়ত সন্মান সহকাৰে উত্তীৰ্ণ হ’ব পাৰিবা কিয়নো সেই সময়ৰ পৰিস্থিতিসমূহে বুদ্ধিত অনেক সংকল্প উদয় কৰিব, সেই সময়ত সকলো সংকল্পৰ পৰা উৰ্দ্ধত এটাই সংকল্পত স্থিৰ হোৱাৰ অভ্যাস লাগে। বুদ্ধি যেতিয়া বিস্তাৰত সিঁচৰতি হৈ যায় সেই সময়ত বুদ্ধি স্থিৰ কৰাৰ অভ্যাস লাগে। স্থিৰ কৰিলা আৰু স্থিৰ গ’ল। যিমান সময় বিচৰা সিমান সময় বুদ্ধি এটাই সংকল্পত স্থিৰ কৰি লোৱা - এয়াই হৈছে যথাৰ্থ যোগ।

স্লোগান:
তোমালোক একান্ত বাধ্য সেৱক সেই কাৰণে অলস হ’ব নোৱাৰা। সেৱক মানে সদায় সেৱাত উপস্থিত।


অব্যক্ত সংকেত: সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা

যেনেকৈ বেজীৰ দ্বাৰা তেজত শক্তি ভৰাই দিয়ে তেনেকৈ তোমালোকৰ শ্ৰেষ্ঠ সংকল্পই বেজীৰ কাম কৰিব। সংকল্পৰ দ্বাৰা সংকল্পত যাতে শক্তি আহি যায় - এতিয়া এইটো সেৱাৰ বহুত আৱশ্যকতা আছে। নিজৰ সুৰক্ষাৰ বাবেও শুভ আৰু শ্ৰেষ্ঠ সংকল্প শক্তি আৰু নিৰ্ভয়তাৰ শক্তি জমা কৰা তেতিয়াহে সমাপ্তি সুন্দৰ আৰু বেহদৰ কাৰ্যত সহযোগী হৈ বেহদৰ ৰাজ্য অধিকাৰী হ’ব পাৰিবা।