11.08.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – বাপদাদাৰ স্নেহ ভৰা স্মৃতি ল'বলৈ হ’লে সেৱাধাৰী হোৱা, বুদ্ধিত যদি জ্ঞান ভৰপূৰ হৈ আছে তেন্তে বৰ্ষা কৰা”

প্ৰশ্ন:
কোনটো নিচাই ভৰপূৰ ডাৱৰকো উৰুৱাই লৈ যায়, বৰষিবলৈ নিদিয়ে?

উত্তৰ:
যদি অদৰকাৰী দেহ-অভিমানৰ নিচা জাগে তেন্তে ভৰপূৰ ডাৱৰো উৰি যাব। বৰষিলেও সেৱাৰ সলনি অহিত কৰিব। যদি বাবাৰ প্ৰতি মৰম নাই, তেওঁৰ সৈতে যোগ নাই তেন্তে জ্ঞান থকা সত্ত্বেও যেন খালী। এনেকুৱা খালী ডাৱৰে অনেকৰ কল্যাণ কেনেকৈ কৰিব।

ওঁম্শান্তি।
বাকী অলপ ডাৱৰ আছে। যেনেকৈ বৰষুণ যেতিয়া কম হৈ যায় তেতিয়া সাগৰৰ ওপৰত ডাৱৰ নাথাকে, ঠাণ্ডা হৈ যায়। সেইদৰে ইয়াতো ঠাণ্ডা হৈ যায়। ডাৱৰ বুলি তেওঁলোকক কোৱা হ’ব যিসকলে সজীৱ হৈ গৈ বৰষে। যদি কোনোবাই বৰ্ষাৰ সৃষ্টি নকৰে তেন্তে তেওঁলোকক জানো ডাৱৰ বুলি ক'ব। এয়া হৈছে জ্ঞানৰ ডাৱৰ। সেয়া হৈছে পানীৰ ডাৱৰ। জ্ঞানৰ ডাৱৰ আহে, যেতিয়া ঋতু আহে। সজীৱ হৈ গৈ অন্যকো সজীৱ কৰে। ডাৱৰো ক্ৰমানুসৰি থাকে। কোনোবাইতো বহুত জোৰেৰে বৰষে। ডাৱৰৰ কামেই হৈছে বৰষা আৰু লেৰেলি যোৱা গছবোৰক সজীৱ কৰা। যাৰ পূৰা জ্ঞান আছে তেওঁলোক লুকাই বহি নাথাকে। তেওঁলোকক পিতাৰ নিৰ্দেশনাও নালাগে। হয়েই ডাৱৰ। আহেই ভৰপূৰ হৈ বৰষিবলৈ। য'ত অনুৰ্বৰ মাটি দেখে তেতিয়া গৈ সেউজ কৰি তুলিব লাগে। মহাৰথী সন্তানেতো সকলোবোৰ সেৱাকেন্দ্ৰৰ বিষয়ে ভালদৰে জানে। কোনটো সেৱাকেন্দ্ৰ ঠাণ্ডা? কোনটো সেৱাকেন্দ্ৰৰ সন্তানসকলৰ বেছিকৈ ধুমুহা আহে? মহাৰথী সেৱাধাৰীসকলে ভালদৰে জানে। বাবায়ো সদায় কয় - সেৱাধাৰীসকলক স্নেহ ভৰা স্মৃতি দিবা। ভাল ভাল ডাৱৰ সেৱাত যাব। প্ৰদৰ্শনীতো সকলোৱে একে ৰসত নুবুজায়। মুখ্য কথাই হৈছে এইটো। গীতাৰ ভগৱান নিৰাকাৰ পৰমপিতা পৰমাত্মা, সাকাৰী শ্ৰীকৃষ্ণ নহয়। বুজোৱাৰ বহুত ভাল পদ্ধতি লাগে। গোটেই দিন এইটোৱেই খেয়াল চলি থাকিব লাগে যে সকলোকে গৈ জগাওঁ। সকলো ঘোৰ অন্ধকাৰত পৰি আছে। সকলোকে প্ৰেমেৰে বুজাই থাকা যে দুজন পিতা আছে। এজন হৈছে হদৰ (লৌকিক) আৰু আনজন হৈছে বেহদৰ (পাৰলৌকিক)। বেহদৰ পিতাকহে পতিত-পাৱন বুলি কয়। এতিয়া তোমালোক সন্তানসকলে বুদ্ধি প্ৰাপ্ত কৰিছা। জগতৰ মনুষ্য দেখাত যদিওবা জাকজমকীয়া কিন্তু হয় পাথৰবুদ্ধিৰ। বাবাই নিজেই কয় - এই সাধু নামধাৰীসকলকো ময়েই উদ্ধাৰ কৰিব লাগে। তেওঁলোকেও ৰচনা আৰু ৰচয়িতাক নাজানে। সত্যযুগৰ পৰা আকৌ এই জ্ঞান প্ৰায় লোপ হৈ যায়। কিন্তু এইটো কোনেও গম নপায়। শাস্ত্ৰত এই জ্ঞান নাই। তাৰ দ্বাৰা কাৰোৰে সৎগতি হ’ব নোৱাৰে, গীতাৰ কিমান মান আছে, কিন্তু সেয়াতো হৈছে ভক্তিমাৰ্গ। পিতা পতিত-পাৱন হয়, তেওঁ বহি ৰাজযোগ শিকায়। তেন্তে নিশ্চয় বাদশ্বাহীৰ কাৰণে নতুন সৃষ্টি লাগে। পিতাহে আহি ৰাজযোগ শিকাব। এয়াও এতিয়া তোমালোকে গম পাইছা, যিসকলক কল্প পূৰ্বে বুজাইছিল তেওঁলোককহে এতিয়া বুজাব তেতিয়া বুজিব। এয়া সেই যুদ্ধ নহয় যিবোৰ সদায় চলি আহিছে। 8-10 বছৰ চলি পুনৰ বন্ধ হৈ যাব। ড্ৰামা অনুসৰি যিবোৰ বোমা তৈয়াৰ কৰা হৈছে সেয়া কোনো ৰাখি থ’বৰ কাৰণে নহয়। পতিত মনুষ্যৰ মৃত্যু নোহোৱাকৈ সত্যযুগ নাহিব। শান্তি কেনেকৈ স্থাপন হ’ব - সেয়াও বুজাবলগীয়া হয়। শান্তি স্থাপন কৰা বা শ্ৰেষ্ঠাচাৰী সৃষ্টি ৰচনা কৰা, এয়াতো এজন পিতাৰহে কাম। পিতাই কয় - অন্যৰ পৰা বুদ্ধিৰ যোগসূত্ৰ ছিঙি এজনৰ সৈতে গঢ়িব লাগে। দেহ সহিত যি কিছু দেখিবলৈ পোৱা যায়, সেই সকলোবোৰৰ পৰা সংযোগ ছিঙিব লাগে। এতিয়া আমি উভতি যাব লাগে, গতিকে ঘৰকহে স্মৰণ কৰিব লাগে। এতিয়া তোমালোকে বুজি পোৱা এয়া হৈছে মৃত্যুলোক। আমি অমৰলোকলৈ যাবৰ কাৰণে অমৰকথা শুনি আছোঁ। দেৱতাসকলক কোৱা হয় দৈৱী গুণধাৰী মনুষ্য। ইয়াততো এজনো থাকিব নোৱাৰে। শ্ৰীকৃষ্ণৰ কাৰণেও কিমান গ্লানি লিখি দিছে। একোৱেই বুদ্ধিত উদয় নহয়।

এতিয়া তোমালোক সন্তানসকলে ভালদৰে পুৰুষাৰ্থ কৰিব লাগে, দৈৱীগুণ ধাৰণ কৰিব লাগে। দৈৱীগুণ কাক কোৱা হয় - সেয়াও বুজোৱা হয়। সম্পূৰ্ণ নিৰ্বিকাৰী নিশ্চয় হ’ব লাগে। এয়া হৈছে মুখ্য প্ৰথম গুণ। য'তে-ত'তে তোমালোকে দেখিবা পৱিত্ৰৰ আগত অপৱিত্ৰই মূৰ দোৱায়। সত্যযুগত হয়েই পৱিত্ৰ তেন্তে তাত মন্দিৰ নাথাকে। আকৌ যেতিয়া পূজাৰী হৈ যায় তেতিয়া মন্দিৰ নিৰ্মাণ কৰে, যিসকল পাৱন আছিল তেওঁলোকেই পতিত হয়। এয়া হৈছে বহুত জন্মৰ অন্তিম জন্ম। পিতাই কয় - এই পুৰণি সৃষ্টিক, পুৰণি শৰীৰকো পাহৰিব লাগে। এই পুৰণি সৃষ্টি নাশ হ’ব লাগে। পুৰণি সৃষ্টি নাশ হ’বলৈ সময় নালাগিব। এই পুৰণি সৃষ্টি, ধন, দৌলত, সম্পত্তি সকলোবোৰ নাশ হোৱাৰ পথত। কেইটিমান দিন বাকী আছে। জগতত জানো কোনোবাই গম পায় যে এই পুৰণি সৃষ্টি নাশ হৈ যাব। তোমালোকে শুনোৱা কিন্তু যেতিয়া বিশ্বাসো জন্মিব তেতিয়াহে। ভগৱানুবাচ (ভগৱানৰ বাণী), যেতিয়া বুজিব তেতিয়াহে বুদ্ধিত ধাৰণ হ’ব।

পিতাই তোমালোক সন্তানসকলক কয় – নিজক আত্মা বুলি বুজি মোক স্মৰণ কৰা। সন্তানসকলে জানে যে বেহদৰ পিতাই আমাক ৰাজযোগ শিকায়। তেওঁ হৈছে সকলো আত্মাৰ পিতা। সকলো ভাই ভাই। স্বৰ্গত সকলো ভাতৃ সুখী আছিল, কলিযুগত সকলো ভাতৃ দুখী। সকলো আত্মা নৰকবাসী। কেৱল আত্মাইতো নাথাকিব। শৰীৰো লাগিব নহয়। এতিয়া তোমালোক সন্তানসকল আত্মা-অভিমানী হ’ব লাগে, ইয়াতেই পৰিশ্ৰম হয়। মাহীৰ ঘৰ (ইমান উজু) নহয়। এইটো অৱস্থা দৃঢ় তেতিয়াহে হ’ব যেতিয়া প্ৰথমতে এইটো নিশ্চয়তা জন্মিব যে পৰমপিতা পৰমাত্মাই আমাক পঢ়ায়। শিৱবাবা আহেই এই শৰীৰৰ দ্বাৰা পঢ়াবলৈ। আমিও শৰীৰৰ দ্বাৰা শুনোঁ, ধাৰণ কৰোঁ। সংস্কাৰ অনুসৰিয়েই এটা শৰীৰ এৰি আন এটা ধাৰণ কৰে। যেনেকৈ বাবাই সৈনিকসকলৰ উদাহৰণ দিয়ে। যুদ্ধ কৰাৰ সংস্কাৰ লৈ যায় তেতিয়া পুনৰ সেই সংস্কাৰতে আহি যায়। এতিয়া পিতাৰ সংস্কাৰকো তোমালোকে গম পোৱা যে নিৰাকাৰ বেহদৰ পিতাৰ কি সংস্কাৰ আছে! তেওঁ মনুষ্য সৃষ্টিৰ বীজৰূপ হয়। পতিত-পাৱন, জ্ঞানৰ সাগৰ হয়। তেৱেঁই আহি পাৱন কৰি তুলিব। পিতাই কয় – মামেকম্‌ (কেৱল মোক; পৰমপিতাক) স্মৰণ কৰা তেতিয়া তোমালোকৰ জন্ম-জন্মান্তৰৰ বিকৰ্ম বিনাশ হ’ব। নহ’লেতো বহুত শাস্তি খাবলগীয়া হ’ব। পদ একোৱেই নাপাবা।

এতিয়া সন্তানসকলে জানে যে বাবাই আমাক সহজ ৰাস্তা দেখুৱাই দিয়ে। কয় মনমনাভৱ (নিজক আত্মা বুলি বুজি পৰমাত্মাক স্মৰণ কৰা)। এই কথাষাৰো ‘গীতা’ত আছে, কিন্তু ইয়াৰ অৰ্থ বুজি নাপায়। পিতাই কয় – মামেকম্‌ স্মৰণ কৰা। দেহ সহিত দেহৰ সকলো ধৰ্ম এৰি নিজক আত্মা বুলি বুজি মোক পৰমপিতা পৰমাত্মাক স্মৰণ কৰা। স্মৃতিকেই যোগ অগ্নি বুলি কোৱা হয়। ‘যোগ’ শব্দটি গতানুগতিক। ‘গীতা’তো আছে কিন্তু কেৱল শ্ৰীকৃষ্ণৰ নাম দি দিয়াৰ বাবে ঘোৰ অন্ধকাৰ কৰি দিছে। এতিয়া তোমালোকে বুজোৱা তেতিয়া কৈ দিয়ে এয়া তোমালোকৰ কল্পনা। একোৱেই গম নাপায়। তেওঁলোকেতো উত্তৰাধিকাৰ নলয়েই। প্ৰথমেতো যেতিয়া এইটো বুজিব যে এওঁ বেহদৰ পিতা, পিতাও হয়, শিক্ষকো হয়, সৎগুৰুও হয়, তেওঁ আমাক পঢ়ায়। এইটো নিশ্চয়তা দৃঢ় হ’ব লাগে। নতুন ব্যক্তিৰ নিশ্চয় জন্মি যাব, সেইটো অসম্ভৱ। কোনো কোনো নতুনো বুদ্ধিমান হ’লে তেতিয়া বুজি পাই যায়। কোনোবাইতো ইয়ালৈ আহিবই নিবিচাৰে, একোৱেই বুজি নাপায়। অলপমানো বুদ্ধিত উদয় নহয়। ইমান অনেক বি.কে. আছে নিশ্চয় এওঁলোকে পিতাৰ পৰা উত্তৰাধিকাৰ পাইছে। সেয়া পৰিয়াল হৈ গ’ল। নামেই লিখা আছে ব্ৰহ্মাকুমাৰ-কুমাৰী, তেন্তে পৰিয়াল হ’ল নহয়। প্ৰজাপিতা ব্ৰহ্মাৰ পৰিয়াল কিমান ডাঙৰ কিন্তু এইটো কথা কাৰো বুদ্ধিত উদয় হ’ব নোৱাৰে। কোনোবাই যদি সোধে তোমালোকৰ লক্ষ্য-উদ্দেশ্য কি? তেতিয়া ক’বা, বাহিৰত ফলকত লিখা আছে – প্ৰজাপিতা ব্ৰহ্মাকুমাৰ কুমাৰী, তেন্তে পৰিয়াল হৈ গ’ল। ককাৰ পৰা উত্তৰাধিকাৰ পোৱা যায়। প্ৰজাপিতা ব্ৰহ্মাৰ মুখৰ দ্বাৰা শিৱবাবাই ৰচনা ৰচে। তেন্তে তেওঁ ৰচয়িতা হ’ল। স্বৰ্গ ৰচনা কৰে তেন্তে নিশ্চয় সন্তানসকলক স্বৰ্গৰ উত্তৰাধিকাৰ দিব। তেন্তে এয়া পৰিয়াল নহ’ল জানো। পিতা, পুত্ৰ, কন্যা আৰু ককা। ব্ৰহ্মাও আছে, শিৱও আছে। তেওঁ হৈছে ৰচয়িতা। নিৰাকাৰ তেন্তে সন্তানসকলক উত্তৰাধিকাৰ কেনেকৈ দিব। ব্ৰহ্মাৰ দ্বাৰা উত্তৰাধিকাৰ দিয়ে। এয়াতো ভালদৰে বুজাব লাগে। এনেকৈ কোৱা, এয়া তোমালোকৰ পিতাৰ ঘৰ। ইয়াক কোৱা হয় ৰূদ্ৰ জ্ঞান যজ্ঞ। আমি ব্ৰাহ্মণ, পিতাৰ বাহিৰে অন্য কোনেও ৰাজযোগ শিকাব নোৱাৰে। ‘গীতা’তো আছে নহয় – মনমনাভৱ অৰ্থাৎ মামেকম্‌ স্মৰণ কৰা। গতিকে আমি সেইজন পিতাকেই স্মৰণ কৰোঁ। ভক্তিমাৰ্গত গায়ন কৰে যে বাবা আপুনি আহিলে আমিতো উৎসৰ্গিত হৈ যাম, আমি আপোনাৰ হৈ যাম। আমি আত্মাই এই দেহ ত্যাগ কৰি আপোনাৰ লগত গুচি যাম। আপোনাৰ হৈ গ’লে তেতিয়াতো নিশ্চয় আপোনাৰ লগতো যাম। কন্যাৰ বিয়া হ’লে তেতিয়া প্ৰিয়তমে লগত লৈ যায় নহয়। এই শিৱ প্ৰিয়তমেও কয় – মই তোমালোকক এই দুখৰ পৰা মুক্ত কৰি সুখধামলৈ লৈ যাম। আকৌ নিজৰ নিজৰ পুৰুষাৰ্থ অনুসৰি গৈ ৰাজত্ব কৰিবা, যিয়ে যিমান জ্ঞান ধন ধাৰণ কৰিব সিমান উচ্চ পদ পাব। সৰু সৰু কন্যাসকলেও সেৱা কৰি আছে। তেওঁলোকেই ডাঙৰ ডাঙৰ বিদ্বান, পণ্ডিত আদিক বুজাব লাগে, ৰুচি থাকিব লাগে। মল্লযুদ্ধত ইজনে সিজনৰ লগত যুদ্ধ কৰিবলৈ প্ৰত্যাহ্বান জনায়। সেৱাধাৰী সন্তানসকল আৰামেৰে শুব নালাগে। আৰাম ‘হাৰাম’ হয়। যিসকলে নিজক মহাৰথী বুলি ভাবে, তেওঁলোকে আৰামত শুব নালাগে। সেৱাত পৰিক্ৰমা লগাব লাগে। আজিকালি বাবাই বহুত প্ৰদশনী অনুষ্ঠিত কৰাই থাকে। ডাঙৰ ডাঙৰ ব্যক্তিক নিমন্ত্ৰণ জনাব লাগে। এতিয়া নহ’লেও পাছত আহি যাব। সাধু-সন্ত মহাত্মা যিয়েই নহওঁক, জগাই থাকা, কিন্তু বাৰ্তালাপ কৰোঁতাজন মহাৰথী হোৱা উচিত। যাৰ পিতাৰ সৈতে যোগ নাই, মৰম নাই তেওঁলোকতো যেন খালী ডাৱৰ। তেওঁলোকে কি কৰিব! এয়াতো জানা যে অশিক্ষিতসকলে শিক্ষিতসকলৰ আগত মূৰ দোৱাব। প্ৰত্যেকে নিজক বুজিব পাৰে – মই কিমানলৈকে পঢ়িছোঁ। সেৱা কৰি দেখুৱাওঁ। যদি ডাৱৰ ভৰপূৰ হয় আৰু বৰ্ষাৰ সৃষ্টি নকৰে তেন্তে সেই ডাৱৰ কি কামৰ। প্ৰত্যেকৰ নিজৰ বোধশক্তি থাকিব লাগে। অযথা দেহ-অভিমানৰ নিচাত থাকিলে উচ্চ পদ চিৰদিনৰ কাৰণে হেৰুৱাই পেলাবা। বাবাৰ সেৱাৰ কিমান চখ আছে। চৰকাৰক বুজাব লাগে আৰু ক’ব লাগে আমাক সভাকক্ষ দিয়ক। য'ত আমি এই আত্মিক সেৱা কৰি মনুষ্যক দেৱতা কৰি গঢ়ি তুলিম। পিতা আহিছেই ৰাজযোগ শিকাবলৈ কিন্তু যুক্তিযুক্তভাৱে বুজাব লাগে। যিয়ে ভাষণ দিবলৈয়ে নাজানে তেওঁলোকে জানো বুজাব পাৰিব। উচ্চ পদ পাব নোৱাৰে। পদ তেওঁলোকে পাব পাৰিব যিসকলে সেৱা কৰিব। ডাঙৰ ডাঙৰ ব্যক্তিসকললৈ লিখা যে এই জ্ঞান অবিহনে ভাৰতৰ বা বিশ্বৰ কল্যাণ হ’ব নোৱাৰে। শিক্ষা হৈছে মুখ্য। এওঁলোক লক্ষ্মী-নাৰায়ণেও শিক্ষাৰ দ্বাৰাই পদ পালে নহয়। পূৰ্বৰ জন্মত ৰাজযোগ শিকিছে। আমিও এতিয়া ইয়াত পঢ়ি আছোঁ। স্কুলত বিদ্যাৰ্থীয়ে বুজি পায় মই এইটো পৰীক্ষা দি এয়া হ’মগৈ। ইয়াত তোমালোকে জ্ঞান পোৱা, সেয়া এইখন সৃষ্টিৰ কাৰণে নহয়। তোমালোকেও ভাৱিষ্যত 21 জন্মৰ কাৰণে পঢ়া, প্রালব্ধ গঢ়িবলৈ। তেওঁলোকে এই জন্মৰ সুখৰ কাৰণে পঢ়ে। গতিকে সেয়াও পঢ়িব লাগে আৰু লগতে এই শিক্ষাও শিকিব লাগে, এই ক্ষেত্ৰত ভয় কৰিবলগীয়া কথা নাই। আধ্যাত্মিক শিক্ষা কিয় ল’ব নালাগে। চিত্ৰ লৈ গৈ বুজাব লাগে। কোৱা - জ্ঞান সকলোৰে বাবে অত্যন্ত প্ৰয়োজন, কিন্তু সন্তানসকল এতিয়াও আগবাঢ়ি নাহে। চাকৰি-বাকৰিতে আবদ্ধ হৈ থাকে। যদি বন্ধনমুক্ত হয় তেন্তে সেৱাত লাগি যাব লাগে। সকলো শ্ৰীমতত চলোঁতাতো নহয়। মাজতে মায়াই বেমেজালিৰ সৃষ্টি কৰি দিয়ে। কোনো কোনো সন্তানৰ বহুত চখ আছে, কিন্তু নিচা নাথাকে যে মই বহুতৰ কল্যাণ কৰোঁ। সেয়েহে বাবায়ো ভাবে যিহেতু পৰিপক্ক হৈছা তেনেহ’লে শ্বাসৰুদ্ধ কিয় হ’ব লাগে! ক’ব পাৰে যে আমিতো ভাৰতৰ উদ্ধাৰ কৰিব লাগে। সঁচা সেৱা কৰি মনুষ্যক দেৱতা কৰি গঢ়ি তুলিব লাগে। বাবাতো আচম্বিত হয়, নিচা নাথাকে সেইবাবে বাবাই কয় - ৰজো বুদ্ধিৰ হয়। বহুত ভাল সুযোগ আছে। এনেকুৱাও বহুত আছে যাৰ জ্ঞানৰ অহংকাৰ বহুত কিন্তু অহিত বহুত কৰে। এয়াতো গুড় (শিৱবাবা) আৰু গুড়ৰ গোথৰীয়ে (গুড় ৰখা পাত্ৰ অৰ্থাৎ শিৱবাবাৰ ৰথ ব্ৰহ্মা বাবাই) জানে। ৰাহুৰ গ্ৰহণ লাগি যায়। বৃহস্পতিৰ দশা নোহোৱা হৈ ৰাহুৰ দশা বহি যায়। এতিয়াই দেখিবা ভালকৈ চলি আছে। আকৌ এতিয়াই দেখিবা গ্ৰহচাৰী বহি যায়, বাগৰি পৰে। সন্তানসকলতো বহুত বাহাদুৰ হোৱা উচিত। গুৰুদায়িত্ব ল’ব লাগে। আমি এই ভাৰতক স্বৰ্গবাসী কৰিহে এৰিম। তোমালোকৰ ধৰ্ম হ’ল নৰকবাসীক স্বৰ্গবাসী কৰি তোলা, ভ্ৰষ্টাচাৰীক শ্ৰেষ্ঠাচাৰী কৰি তোলা। বাবাই বহুত ভালকৈ নিচা বঢ়ায় কিন্তু সন্তানসকলৰ ক্ৰমানুসৰি বাঢ়ে। ভালবাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা, সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) বন্ধনমুক্ত হৈ ভাৰতৰ সঁচা সেৱা কৰিব লাগে। আত্মিক সেৱা কৰি মনুষ্যক দেৱতা কৰি গঢ়ি তুলিব লাগে। জ্ঞানৰ অহংকাৰত আহিব নালাগে। আত্মিক নিচাত থাকিব লাগে।

(2) নিশ্চয়বুদ্ধিৰ হৈ প্ৰথমে নিজৰ অৱস্থা দৃঢ় কৰিব লাগে। দেহ সহিত যি কিছু দেখিবলৈ পোৱা যায়, তাৰ পৰা বিচ্ছিন্ন হৈ এক পিতাৰ সৈতে সংযুক্ত হ’ব লাগে।

বৰদান:
কৰা আৰু কোৱা—এই দুয়োটাকে সমান কৰি গুণবিশিষ্ট সেৱা কৰোঁতা সঁচা সেৱাধাৰী হোৱা

সদায় যাতে মনোযোগ থাকে যে প্ৰথমে কৰিব লাগে, তাৰ পাছত ক'ব লাগে। কোৱাটো সহজ, কিন্তু কৰাত পৰিশ্ৰম আছে আৰু পৰিশ্ৰমৰ ফল সদায় ভাল হয়। কিন্তু যদি আনক কোৱা আৰু নিজে নকৰা, তেন্তে সেৱাৰ লগতে অহিতো প্ৰত্যক্ষ হয়। যেনেকৈ অমৃতত এটোপালো বিষ পৰিলে গোটেই অমৃত বিষত পৰিণত হয়, ঠিক তেনেকৈ যিমানেই সেৱা নকৰা কিয়, এটা সৰু ভুলে সেৱা সমাপ্ত কৰি দিয়ে, সেয়েহে প্ৰথমে নিজৰ ওপৰত মনোযোগ দিয়া, তেতিয়া সঁচা সেৱাধাৰী বুলি কোৱা হ’ব।

স্লোগান:
বৈচিত্ৰ্যৰ মাজত একতা স্থাপন কৰা আৰু নষ্ট বা বিকৃত হোৱাটোক গঢ়ি তোলা—এইটো সকলোতকৈ ডাঙৰ বিশেষত্ব।


অব্যক্ত ইংগিত: অপৱিত্ৰতাৰ বীজো সমাপ্ত কৰি সম্পূৰ্ণ স্বচ্ছ (পৱিত্ৰ) হোৱা

যেতিয়া অপৱিত্ৰতা অৰ্থাৎ কাম-মহাশত্ৰুৱে সপোনতো বা সংকল্পতো প্ৰহাৰ নকৰে, তেতিয়া 'ডবল অহিংসক' বুলি কোৱা হ'ব। সদায় যাতে ভাই-ভাইৰ স্মৃতি সহজ আৰু স্বতঃ স্মৃতি স্বৰূপত থাকে। কেতিয়াও নিজৰ সম্পূৰ্ণ সতোপ্ৰধান স্থিতিৰ পৰা তললৈ আহি নিজৰ ক্ষতি সাধন নকৰিবা। আত্মাৰ আচল গুণ-স্বৰূপ আৰু শক্তি-স্বৰূপ স্থিতিৰ পৰা তললৈ অহা অৰ্থাৎ বিস্মৃত হোৱা, এয়াও পাপৰ হিচাপত জমা হয়।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]