11.10.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোকৰ দায়িত্ব হৈছে সকলোকে স্থায়ী সুখ আৰু শান্তিৰ ৰাস্তা দেখুওৱা, শান্তিত থাকা আৰু শান্তিৰ পুৰস্কাৰ দিয়া”

প্ৰশ্ন:
কোনটো গূঢ় ৰহস্য বুজিবলৈ বেহদৰ বুদ্ধি লাগে?

উত্তৰ:
ড্ৰামাৰ যিটো দৃশ্য যি সময়ত চলিব লাগে, সেই সময়তেই চলিব। ইয়াৰ সঠিক আয়ুস আছে, পিতাও নিজৰ সঠিক সময়ত আহে, ইয়াত এক চেকেণ্ডৰো পাৰ্থক্য হ’ব নোৱাৰে। সম্পূৰ্ণ 5 হাজাৰ বছৰ পাছত পিতা আহি প্ৰৱেশ কৰে, এইটো গূঢ় ৰহস্য বুজিবলৈ বেহদৰ বুদ্ধি লাগে।

গীত:
বদল জায়ে দুনিয়া নহি বদলেগে হ’ম….. (জগত সলনি হ’লেও আমি সলনি নহওঁ…..)

ওঁম্শান্তি।
আত্মিক সন্তানসকলৰ প্ৰতি আত্মিক পিতাই বহি বুজায়। সন্তানসকলক শান্তিধাম আৰু সুখধামৰ ৰাস্তা দেখুৱায়। বৰ্তমান সময়ত সকলো মনুষ্যই বিশ্বত শান্তি কামনা কৰে। প্ৰতিজন ব্যক্তিয়েও বিচাৰে আৰু বিশ্বতো শান্তি বিচাৰে। প্ৰত্যেকে কয় - মনৰ শান্তি লাগে। এতিয়া সেয়াও ক’ৰপৰা পাব পাৰে। শান্তিৰ সাগৰতো পিতাই হয় যাৰ পৰা উত্তৰাধিকাৰ পাব পাৰি। ব্যক্তিগতভাৱেও লাভ কৰে আৰু সমূহীয়াভাৱেও লাভ কৰে। অৰ্থাৎ সকলোৱে লাভ কৰে। যিসকল সন্তানে পঢ়ে, তেওঁলোকে বুজিব পাৰে যে আমি শান্তিৰ উত্তৰাধিকাৰ ল’বলৈ নিজেও পুৰুষাৰ্থ কৰোঁ আৰু আনকো ৰাস্তা দেখুৱাওঁ। বিশ্বত শান্তিতো হ’বই। লাগিলে কোনোবা উত্তৰাধিকাৰ ল’বলৈ আহকেই বা নাহক। সন্তানসকলৰ দায়িত্ব হৈছে, সকলো সন্তানকে শান্তি দিয়া। এইটো বুজিব নোৱাৰে যে 2-4 জনে উত্তৰাধিকাৰ পালে কি হ’ব। কাৰোবাক ৰাস্তা দেখুওৱা হয়, কিন্তু নিশ্চয়তা নথকাৰ বাবে আনক নিজৰ সমান কৰি গঢ়ি তুলিব নোৱাৰে। যিসকল নিশ্চয় বুদ্ধিৰ তেওঁলোকে বুজি পায় যে বাবাৰ পৰা আমি বৰদান লাভ কৰি আছোঁ। বৰদান দিয়ে নহয় - আয়ুস্মান ভৱ, ধনৱান ভৱ বুলিও কয়। কেৱল ক’লেইতো আশীৰ্বাদ লাভ কৰিব নোৱাৰে। আশীৰ্বাদ বিচাৰিলে তেওঁলোকক বুজোৱা হয় যে আপোনালোকক যদি শান্তি লাগে তেন্তে এনেদৰে পুৰুষাৰ্থ কৰক। পৰিশ্ৰমৰ দ্বাৰা সকলো লাভ কৰিব। ভক্তিমাৰ্গত কিমান আশীৰ্বাদ লয়। মা, পিতা, শিক্ষক, গুৰু আদি সকলোৰে পৰা বিচাৰে - আমি যেন সুখ আৰু শান্তিত থাকোঁ। কিন্তু থাকিব নোৱাৰে কিয়নো ইমান অনেক মনুষ্য আছে তেওঁলোকে সুখ শান্তি কেনেকৈ লাভ কৰিব পাৰে। গায়নো কৰে - শান্তি দাতা। বুদ্ধিত আহে – হে পৰমপিতা পৰমাত্মা, আমাক শান্তিৰ পুৰস্কাৰ দিয়ক। বাস্তৱত পুৰস্কাৰ তাক কোৱা হয় যিটো বস্তু উঠাই দিব পাৰি। ক’ব যে এইটো তোমাৰ পুৰস্কাৰ, বঁটা। পিতাই কয় – পুৰস্কাৰ কোনোবাই যিমানেই নিদিয়ক, ধন, ঘৰ, কাপোৰ আদি পুৰস্কাৰ দিয়ে, সেয়া হৈছে দান-পুণ্য অল্পকালৰ বাবে। মনুষ্যই মনুষ্যক দিয়ে। চহকীয়ে গৰিবক বা চহকীয়ে চহকীক দি আহিছে। কিন্তু এয়াতো স্থায়ী শান্তি আৰু সুখ। ইয়াততো কোনোবাই এটা জন্মৰ বাবেও সুখ-শান্তি দিব নোৱাৰে কিয়নো তেওঁলোকৰ লগত নায়েই। দিওঁতা এজনেই পিতা। তেওঁক সুখ-শান্তি-পৱিত্ৰতাৰ সাগৰ বুলি কোৱা হয়। উচ্চতকৈও উচ্চ ভগৱানৰে মহিমা গোৱা হয়। বুজি পায় যে তেওঁৰ পৰাই শান্তি পোৱা যাব। আকৌ তেওঁলোক সাধু-সন্ত আদিৰ ওচৰলৈ যায় কিয়নো ভক্তিমাৰ্গ গতিকে চক্ৰাকাৰে ঘূৰি থাকে। সেয়া সকলো হৈছে অল্পকালৰ বাবে পুৰুষাৰ্থ। তোমালোক সন্তানসকলৰ এতিয়া সেই সকলোবোৰ বন্ধ হৈ যায়। তোমালোকে লিখাও যে বেহদৰ পিতাৰ পৰা 100শতাংশ পৱিত্ৰতা, সুখ, শান্তিৰ উত্তৰাধিকাৰ লাভ কৰিব পাৰে। ইয়াত 100 শতাংশ অপৱিত্ৰতা, দুখ, অশান্তি আছে। কিন্তু মনুষ্যই বুজি নাপায়। কয় যে ঋষি-মুনি আদিতো পৱিত্ৰ। কিন্তু জন্মতো তথাপিও বিষৰ পৰাই হয় নহয়। মূল কথাই হৈছে এইটো। ৰাৱণৰাজ্যত পৱিত্ৰতা থাকিব নোৱাৰে। পৱিত্ৰতা-সুখ আদি সকলোৰে সাগৰ এজনেই পিতা।

তোমালোকে জানা যে আমি শিৱবাবাৰ পৰা 21 জন্ম অৰ্থাৎ আধাকল্প 2500 বছৰৰ বাবে উত্তৰাধিকাৰ লাভ কৰোঁ। এইটোতো নিশ্চয়তা আছে। আধাকল্প সুখধাম, আধাকল্প হৈছে দুখধাম। সৃষ্টিৰ দুটা ভাগ আছে - এটা নতুন এটা পুৰণা। কিন্তু নতুন কেতিয়া, পুৰণা কেতিয়া হয় এইটোও নাজানে। বৃক্ষৰ আয়ুস ইমান সঠিককৈ ক’ব নোৱাৰে। এতিয়া পিতাৰ দ্বাৰা তোমালোকে এই বৃক্ষজোপাক জানিছা। এইজোপা 5 হাজাৰ বছৰ পুৰণি বৃক্ষ, ইয়াৰ সঠিক আয়ুস তোমালোকে জানা, আৰু বাকী যি বৃক্ষ আছে তাৰ আয়ুস কোনেও গম নাপায়, অনুমান কৰি কৈ দিয়ে। ধুমুহা আহিল, বৃক্ষ বাগৰি পৰিল, আয়ুস পূৰা হৈ গ’ল। মনুষ্যৰো হঠাৎ মৃত্যু হৈ থাকে। এই বেহদৰ বৃক্ষজোপাৰ আয়ুস পূৰা 5000 বছৰ। ইয়াত এদিনো কম বা বেছি হ’ব নোৱাৰে। এইজোপা ৰচি থোৱা বৃক্ষ। ইয়াত পাৰ্থক্য আহিব নোৱাৰে। ড্ৰামাত যিটো দৃশ্য যেতিয়া চলিব লাগে, সেই সময়তহে চলিব। হুবহু পুনৰাবৃত্তি হ’ব। আয়ুসো সঠিক। পিতাও নতুন সৃষ্টি স্থাপনা কৰিবলৈ আহিবলগীয়া হয়। সঠিক সময়ত আহে। এক ছেকেণ্ডো তাত পাৰ্থক্য হ’ব নোৱাৰে। এয়াও এতিয়া তোমালোকৰ বেহদৰ বুদ্ধি হ’ল। তোমালোকেহে বুজিব পাৰা। পূৰা 5 হাজাৰ বছৰ পাছত পিতা আহি প্ৰৱেশ কৰে, সেয়েহে শিৱৰাত্ৰি বুলি কয়। শ্ৰীকৃষ্ণৰ বাবে জন্মাষ্টমী বুলি কয়। শিৱৰ জন্মাষ্টমী বুলি নকয়, শিৱৰ ৰাত্ৰি বুলি কয় কিয়নো যদি জন্ম হয় তেন্তে মৃত্যুও হ’ব। মনুষ্যৰ জন্মদিন বুলি ক’ব। শিৱৰ বাবে সদায় শিৱৰাত্ৰি বুলি কয়। জগতত এই কথাবোৰ একোৱে গম নাপায়। তোমালোকে বুজি পোৱা যে শিৱৰাত্ৰি বুলি কিয় কয়, জন্মাষ্টমী বুলি কিয় নকয়। তেওঁৰ জন্ম দিব্য অলৌকিক হয়, যিটো আন কাৰো হ’ব নোৱাৰে। এইটো কোনেও নাজানে যে শিৱবাবা কেতিয়া, কেনেকৈ আহে? শিৱৰাত্ৰিৰ অৰ্থ কি সেয়া তোমালোকেহে জানা। এয়া হৈছে বেহদৰ ৰাতি। ভক্তিৰ ৰাতি সম্পূৰ্ণ হৈ দিন হয়। ব্ৰহ্মাৰ ৰাতি আৰু দিন তেন্তে আকৌ ব্ৰাহ্মণসকলৰো হ’ল। এজন ব্ৰহ্মাৰ জানো খেল চলে। এতিয়া তোমালোকে জানা - এতিয়া দিন আৰম্ভ হ’ব। পঢ়ি পঢ়ি গৈ নিজৰ ঘৰ পাবাগৈ, আকৌ দিনত আহিবা। আধাকল্প দিন আৰু আধাকল্প ৰাতি বুলি গায়ন কৰা হয় কিন্তু কাৰো বুদ্ধিত উদয় নহয়। তেওঁলোকেতো ক’ব যে কলিযুগৰ আয়ুস 40 হাজাৰ বছৰ বাকী আছে, সত্যযুগৰ লাখ লাখ বছৰ আছে, তেতিয়া আধা আধাৰ হিচাপ নাথাকে। কল্পৰ আয়ুসৰ বিষয়ে কোনেও নাজানে। তোমালোকে গোটেই বিশ্বৰ আদি-মধ্য-অন্তক জানা। 5 হাজাৰ বছৰৰ পাছত সৃষ্টি চক্ৰ লগাই থাকে। বিশ্বতো আছেই, তাত ভূমিকা পালন কৰি কৰি মনুষ্য বিৰক্ত হৈ যায়। এয়ানো কি অহা আৰু যোৱা। যদি 84 লাখ জন্মৰ অহা-যোৱা হয় তেন্তে ক’ব নোৱাৰি কি হ’ব। নজনাৰ বাবে কল্পৰ আয়ুসো বৃদ্ধি কৰি দিছে। এতিয়া তোমালোক সন্তানসকলে পিতাৰ সন্মুখত পঢ়ি আছা। ভিতৰত ভাৱনা জাগে যে আমি বাস্তৱত বহি আছোঁ। পুৰুষোত্তম সংগমযুগো নিশ্চয় আহিব লাগিব। কেতিয়া আহে, কেনেকৈ আহে - সেয়া কোনেও নাজানে। তোমালোক সন্তানসকলে জানা গতিকে কিমান গদগদ হ’ব লাগে। তোমালোকেই কল্পই কল্পই পিতাৰ পৰা উত্তৰাধিকাৰ লোৱা অৰ্থাৎ মায়াৰ ওপৰত জয় লাভ কৰা আকৌ পৰাজিত হোৱা। এয়া হৈছে বেহদৰ জয় আৰু পৰাজয়। সেই ৰজাসকলৰতো বহুত জয়-পৰাজয় হৈ থাকে। অনেক যুদ্ধ লাগি থাকে। সৰু যুদ্ধ লাগিলে কৈ দিয়ে যে এতিয়া আমি জিকিলোঁ। কি জিকিলে? অকণমান টুকুৰা এটা জিকিলে। ডাঙৰ যুদ্ধত পৰাজিত হ’লে তেতিয়া পতাকা অৱনমিত কৰি দিয়ে। পোন-প্ৰথমেতো এজন ৰজা থাকে, তাৰপাছত লাহে লাহে আৰু বৃদ্ধি হৈ গৈ থাকে। প্ৰথমে এই লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব আছিল, পাছত আৰু ৰজা আহিবলৈ আৰম্ভ কৰিলে। যেনেকৈ পোপৰ দেখুৱায়। প্ৰথমে এজন আছিল, পাছত ক্ৰমানুসৰি অন্যও পোপ হ’বলৈ ধৰিলে। কাৰোবাৰ মৃত্যু কেতিয়া হয় তাৰ ঠিকনাই নাই।

তোমালোক সন্তানসকলে জানা যে বাবাই আমাক অমৰ কৰি আছে। অমৰপুৰীৰ মালিক কৰি আছে, কিমান আনন্দিত হ’ব লাগে। এয়া হৈছে মৃত্যুলোক। সেইখন হৈছে অমৰলোক। এই কথাবোৰ নতুন কোনেও বুজিব নোৱাৰে। তেওঁলোকে মজা নাপাব যিমান পুৰণাসকলে পাব। দিনে-প্ৰতিদিনে বৃদ্ধি হৈ গৈ থাকে। নিশ্চয় দৃঢ় হৈ যায়। ইয়াত সহনশীলতাও বহুত থাকিব লাগে। এইখনতো আসুৰিক সৃষ্টি, দুখ দিয়াত পলম নকৰে। তোমালোক আত্মাই কোৱা যে আমি এতিয়া বাবাৰ শ্ৰীমতত চলি আছোঁ। আমি সংগমযুগত আছোঁ। বাকী সকলো কলিযুগত আছে। আমি এতিয়া পুৰুষোত্তম হৈ আছোঁ। পুৰুষৰ ভিতৰত উত্তম পুৰুষ পঢ়াৰ দ্বাৰাই হয়। পঢ়াৰ দ্বাৰাই মুখ্য ন্যায়াধীশ আদি হয়। তোমালোকক পিতাই পঢ়ায়। এই পঢ়াৰ দ্বাৰাই নিজৰ পুৰুষাৰ্থ অনুসৰি পদ লাভ কৰা। যিয়ে যিমান পঢ়িব সিমান উচ্চ শ্ৰেণী পাব। ইয়াত ৰাজ্য-ভাগ্য পোৱাৰ শ্ৰেণী আছে। অৱশ্যে সেই পঢ়াত ৰাজ্য-ভাগ্য পোৱাৰ শ্ৰেণী নাথাকে। তোমালোকে জানা যে আমি ৰজাৰো ৰজা হৈ আছোঁ। গতিকে ভিতৰি কিমান আনন্দিত হৈ থাকিব লাগে। আমি দ্বৈত-মুকুটধাৰী বহুত উচ্চ হওঁ। ভগৱান পিতাই আমাক পঢ়ায়। কেতিয়াও কোনেও বুজিব নোৱাৰে যে নিৰাকাৰ পিতা কেনেকৈ আহি আমাক পঢ়ায়। মনুষ্যই আহ্বানো জনায় - হে পতিত-পাৱন, আহি আমাক পাৱন কৰি তোলক। তথাপিও পাৱন নহয়। পিতাই কয় - কাম মহাশত্ৰু। তোমালোকে এফালে আহ্বান জনোৱা যে পতিত-পাৱন আহক, এতিয়া মই আহিছোঁ কওঁ যে অপৱিত্ৰতা ত্যাগ কৰা, তেন্তে তোমালোকে ত্যাগ নকৰা কিয়। এনেকুৱাতো নহয় যে পিতাই তোমালোকক পৱিত্ৰ কৰিব আৰু তোমালোক অপৱিত্ৰ হৈ থাকিবা। অনেক এনেকৈ পতিত হয়। কোনোৱে সঁচা কথা কয় যে বাবা এইটো ভুল হৈ গ’ল। বাবাই কয় - যিকোনো পাপ কৰ্ম হৈ গ’লে লগে লগে মোক জনোৱা। কোনোবাই সঁচা, কোনোবাই মিছা কথা কয়। কোনে সোধে? মই জানো এজন এজনৰ অন্তৰৰ কথা জানি থাকিম, এইটোতো হ’ব নোৱাৰে। মই আহোৱে কেৱল ৰায় দিবলৈ। পাৱন নহ’লে তোমালোকৰেই লোকচান। পৰিশ্ৰম কৰি পাৱনৰ পৰা আকৌ পতিত হৈ যাবা তেতিয়া জমা কৰা উপাৰ্জন নাইকিয়া হৈ যাব। লাজ লাগিব যে মই নিজেই পতিত হৈ গ’লোঁ তেতিয়া আনক কেনেকৈ ক’বা যে পৱিত্ৰ হোৱা। অন্তৰ দহি থাকিব যে মই কিমান আদেশ উলংঘন কৰিলোঁ। ইয়াত তোমালোকে পিতাৰ ওচৰত পোনপটীয়াকৈ প্ৰতিজ্ঞা কৰা, জানা যে বাবাই আমাক সুখধাম-শান্তিধামৰ মালিক কৰি আছে। হাজিৰ হৈ আছে, আমি তেওঁৰ সন্মুখত বহি আছোঁ। এওঁৰ (ব্ৰহ্মাবাবাৰ) প্ৰথমতে এই জ্ঞান আছিল জানো। কোনো গুৰুও নাছিল যিয়ে এই জ্ঞান দিলে। যদি গুৰু থাকিলহেঁতেন তেন্তে কেৱল এজনক জ্ঞান দিব জানো। গুৰুসকলৰ অনুগামীতো বহুত থাকে। এজন জানো থাকিব। এইবোৰ বুজিবলগীয়া কথা নহয় জানো। সৎগুৰু এজনেই। তেওঁ আমাক ৰাস্তা দেখুৱায়। আমি আকৌ আনক দেখুৱাওঁ। তোমালোকে সকলোকে কোৱা - পিতাক স্মৰণ কৰক। বচ্‌। উচ্চতকৈও উচ্চ পিতাক স্মৰণ কৰিলেহে উচ্চ পদ পাব। তোমালোক ৰজাৰো ৰজা হোৱা। তোমালোকৰ গণনাতীত ধন থাকিব। তোমালোকে নিজৰ জোলোঙা ভৰপূৰ কৰা নহয়। তোমালোকে জানা যে বাবাই আমাৰ জোলোঙা ভৰপূৰ কৰি আছে। কোৱা হয় যে কুবেৰৰ বহুত ধন আছিল। বাস্তৱত তোমালোক প্ৰত্যেকে এজন এজন কুবেৰ। তোমালোকে বৈকুণ্ঠ ৰূপী সম্পদ পাই যোৱা। ঈশ্বৰ বন্ধুৰো কাহানী আছে। তেওঁ প্ৰথমে যাক লগ পাইছিল তেওঁক এদিনৰ বাবে বাদশ্বাহী দিছিল। এই সকলোবোৰ দৃষ্টান্তয়। আল্লাহ মানে হৈছে পিতা, সেই অৱলদীন ৰচয়িতা হয়। আকৌ সাক্ষাৎকাৰ হৈ যায়। তোমালোকে জানা যে আমি যথাযথ যোগবলৰ দ্বাৰা বিশ্বৰ বাদশ্বাহী লওঁ। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই আসুৰিক জগতত বহুত সহনশীল হৈ থাকিব লাগে। কোনোবাই গালি দিলে, দুখ দিলে তেতিয়াও সহ্য কৰিব লাগে। পিতাৰ শ্ৰীমত কেতিয়াও এৰিব নালাগে।

(2) পোনপটীয়াকৈ পিতাই পাৱন হোৱাৰ আদেশ দিছে সেয়েহে কেতিয়াও পতিত হ’ব নালাগে। কেতিয়াবা কিবা পাপ হ’লে লুকুৱাব নালাগে।

বৰদান:
একনাম আৰু মিতব্যয়ীতাৰ পাঠেৰে অস্থিৰতাতো অবিচলিত হোৱা

সময় অনুসৰি অশান্তি আৰু অস্থিৰতাৰ বায়ুমণ্ডল বৃদ্ধি হৈ গৈ আছে, এনেকুৱা সময়ত অবিচলিত হৈ থাকিবলৈ বুদ্ধিৰ যোগসূত্ৰ বহুত স্বচ্ছ হোৱা উচিত। ইয়াৰ বাবে সময় অনুসৰি ‘টাচিং’ আৰু ‘কেচিং’ শক্তিৰ আৱশ্যকতা আছে ইয়াক বঢ়াবলৈ একনামী আৰু মিতব্যয়ী হোৱা। একনামী আৰু মিতব্যয় কৰোঁতা সন্তানসকলৰ যোগসূত্ৰ স্বচ্ছ হোৱাৰ বাবে বাপদাদাৰ নিৰ্দেশনা সহজে ‘কেচ’ কৰি অস্থিৰতাতো অবিচলিত হৈ থাকে।

স্লোগান:
স্থূল সূক্ষ্ম কামনা ত্যাগ কৰা তেতিয়া যিকোনো পৰিস্থিতিৰ সন্মুখীন হ’ব পাৰিবা।


অব্যক্ত সংকেত: নিজৰ আৰু সকলোৰে প্ৰতি মনেৰে যোগৰ শক্তি প্ৰয়োগ কৰা

এতিয়া মনৰ গুণগত মানদণ্ড বঢ়োৱা তেতিয়া উচ্চ মানদণ্ডৰ আত্মা সমীপত আহিব, ইয়াত ডবল সেৱা আছে - নিজৰো আৰু আনৰো। নিজৰ বাবে বেলেগে পৰিশ্ৰম কৰিবলগীয়া নহয়। প্ৰালব্ধ প্ৰাপ্ত হয় - এনেকুৱা স্থিতিৰ অনুভৱ হ’ব। এই সময়ৰ শ্ৰেষ্ঠ প্ৰালব্ধ হৈছে - “সদায় নিজে সৰ্ব প্ৰাপ্তিৰে সম্পন্ন হৈ থকা আৰু আনকো সম্পন্ন কৰি তোলা”