11.10.26 Avyakt Bapdada
Assame
Murli
18.01.2012 Om Shanti Madhuban
“*“সেৱাৰ লগতে ইজন
সিজনৰ সহযোগী হৈ বায়ুমণ্ডলত তীব্র পুৰুষাৰ্থৰ লহৰ বিয়পাই দিয়া, মনজিৎ হৈ
আত্মাসকলৰ মনেৰে সেৱা কৰা”*”
আজি বিশেষ স্নেহৰ দিন।
চাৰিওফালৰ সন্তানসকলে স্নেহ স্বৰূপেৰে মিলন উদ্যাপন কৰিছে। তোমালোক সকলোৱেও স্নেহ
স্বৰূপত মগন হৈ আছা। আজি অমৃতবেলাৰ পৰাই চাৰিওফালৰ সন্তানসকলে অমৃতবেলাৰো পূৰ্বেই
স্নেহ ৰূপেৰে অন্তৰৰ স্নেহৰ মুকুতাৰ মালা লৈ উপস্থিত হৈ গৈছিল। মনৰ অনেক প্ৰকাৰৰ
ভিন্ন ভিন্ন ভাৱ পিতাৰ আগত বৰ্ণনা কৰি আছিল। তোমালোকে জানা যে সন্তানসকলৰ স্নেহ
কিমান মধুৰ। ভিন্ন ভিন্ন ভাষা, ভিন্ন ভিন্ন ভাৱেৰে বাপদাদাৰ আগত নিজৰ অন্তৰৰ কথা
কৈও আছিল আৰু চকুৰে, মুখেৰে নিজৰ ভাৱো স্পষ্ট কৰি আছিল। বাপদাদাই চাৰিওফালৰ
সন্তানসকলৰ স্নেহৰ ভাৱ দেখি সকলোৰে স্নেহত সমাহিত হৈ গ’ল আৰু অন্তৰৰ পৰা এয়াই ওলাই
আহিল – “বাঃ! সন্তান বাঃ!” আৰু সন্তানসকলৰ মুখৰ পৰা “বাঃ! বাবা বাঃ!’ৰ গীত শুনিবলৈ
পোৱা গৈছিল। বাপদাদাই প্ৰত্যেক সন্তানকে দেখি সন্তানসকলৰ স্নেহত লীন হৈ আছিল আৰু
সন্তানসকল পিতাৰ স্নেহত লীন হৈ আছিল।
আজি পিতাই সন্তানসকলক
বালক তথা মালিক কৰি তোলাৰ দৃষ্টিৰে চাই আছিল। আজিৰ দিনটো সন্তানসকলৰ ৰাজ তিলকৰ দিন।
আজিৰ দিনটোত বাপদাদা স্বয়ং ফৰিস্তা ৰূপত থাকি সন্তানসকলক বিশ্ব সেৱাৰ অৰ্থে
নিমিত্ত কৰিলে। স্বয়ং বেকবোন হ’ল, সন্তানসকলক বিশ্বৰ মঞ্চত প্ৰত্যক্ষ কৰিলে আৰু
বাপদাদাই এতিয়া সন্তানসকলৰ সেৱা দেখি, যি দায়িত্ব দিলে তাৰ ফলাফল দেখি সন্তানসকলক
লৈ বহুত আনন্দিত হৈছে আৰু অন্তৰেৰে অভিনন্দন জনাই আছে। অভিনন্দন, অভিনন্দন।
বাদপাদাই দেখিলে যে
এতিয়াও পিতাৰ দ্বাৰা দিয়া বিশ্ব সেৱাধাৰীৰ বৰদান অনুসৰি প্ৰত্যেক সন্তানে অতি
স্নেহ আৰু অন্তৰেৰে সেৱা কৰিছে আৰু কৰিও আছে। ফলাফলো বাপদাদাই দেখিলে, প্ৰত্যেক
সন্তানৰ অন্তৰত স্নেহ আছে মোৰ বাবা আৰু পিতাৰ অন্তৰত স্নেহ আছে বাঃ! মোৰ সন্তান।
বৰ্তমান সময়ত গৰিষ্ঠসংখ্যক সৰু-বৰ সেৱাকেন্দ্ৰৰ নিবাসী সন্তানসকলৰ মনত উদ্দীপনা আছে
যে এতিয়া অতি সোনকালে চাৰিওফালে পিতাক প্ৰত্যক্ষ কৰিবই লাগে। এই উদ্দীপনা, এই
উৎসাহ বাপদাদাই পৰিক্ৰমা লগাই চালে, সৰু-বৰ সেৱাকেন্দ্ৰৰ সন্তানসকলৰ সেৱাৰ উদ্দীপনা
বহুত বহুত বহুত ভাল আৰু আগলৈকো ভাল হৈ থাকিব। গতিকে বাপদাদাই আজি স্নেহৰ দিনটোত
চাৰিওফালৰ, দেশৰেই হওক বা বিদেশৰেই হওক, সকলো সন্তানকে নিজৰ দৃষ্টিৰে, অন্তৰৰ পৰা
স্নেহ আৰু সেৱাৰ প্ৰতিদানত অন্তৰেৰে স্নেহ সহিত স্মৰণ পদমগুণৰ হিচাপত কৰি আছে।
এতিয়া সময় অনুসৰি
যি উদ্দীপনা আছে যে পিতাক প্ৰত্যক্ষ কৰিব লাগে, সেয়া লাহে লাহে আত্মাসকলৰ অন্তৰতো
উদয় হ’বলৈ ধৰিছে। বুজি পায় যে ব্ৰহ্মাকুমাৰীসকলে কিবা পাইছে, পৰিৱৰ্তন হৈ আছে। আগতে
যি ভাবিছিল যে গম নাপাওঁ কি কৰে, এতিয়া ইমালৈকে আহি পাইছে যে ভাল কাম কৰি আছে। যিটো
আমি কৰিব নোৱাৰো, সেয়া তেওঁলোকে নিজৰ সংগঠনত সফলতা লাভ কৰিছে, সেয়েহে আজি
বাপদাদাই সন্মুখত বহি থকা সন্তানসকলক আৰু চাৰিওফালে যিসকল সন্তানে শুনি আছে, চাই আছে
সকলো সন্তানক অন্তৰৰ স্নেহ, অন্তৰৰ মৰম বিশেষভাৱে দি আছে। এতিয়া আগলৈ কি কৰিব লাগে?
সেৱাৰ শুভেচ্ছাতো বাপদাদাই জনালে, এতিয়া বাপদাদাই এইটোৱে বিচাৰে যে এতিয়া
প্ৰতিগৰাকী সন্তানে এইটো উৎসাহ-উদ্দীপনাৰে, দৃঢ় নিশ্চয়তাৰে, তীব্র পুৰুষাৰ্থ কৰিব
লাগে যে
এতিয়া পিতাৰ সমান ফৰিস্তা হ’বই লাগে, কিয়নো এতিয়া সকলোৱে পিতাৰ সৈতে ওভতনি যাত্ৰা
কৰিব লাগে। সমান ফৰিস্তা হ’বই লাগে কিয়নো সকলোৰে প্ৰতিশ্ৰুতি আছে যে একেলগে যাম,
একেলগে ৰাজ্য কৰিম। গতিকে পিতা ব্ৰহ্মাও ফৰিস্তা হৈ গ’ল, তেন্তে একেলগে কেনেকৈ যাবা?
পিতা ব্ৰহ্মাই জীৱনতেই (সাকাৰতে) ফৰিস্তাবোধৰ স্বৰূপ দেখুৱালে। কিমান দায়িত্ব আছিল!
সকলোকে যোগী কৰি তুলিবই লাগে কিন্তু ইমান দায়িত্ব থকা সত্ত্বেও তোমালোক সকলোৱে
দেখিলা অনাসক্ত আৰু স্নেহী হৈ থাকিল। সদায় নিচিন্ত বাদশ্বাহ হৈ থাকিল, কোনো চিন্তা
নাই, নিচিন্ত বাদশ্বাহ। তেনেকৈয়ে তোমালোক সন্তানসকলেও এতিয়া পিতাৰ সমান নিচিন্ত
বাদশ্বাহ ফৰিস্তা হ’বই লাগে। এইটো দৃঢ় সংকল্প হওক, হ’বই লাগে! নে এনেকৈ ভাবা যে
হৈয়েই যাম!
এতিয়া বাপদাদাই দেখিলে যে এতিয়া সময় অনুসৰি যিমান সেৱাৰ উৎসাহ-উদ্দীপনা বাস্তৱত আছে,
সিমানেই এতিয়া তীব্র পুৰুষাৰ্থী হোৱা আৰু কৰি তোলা, সম্পন্ন হোৱা আৰু কৰি তোলা, এই
কথাটিৰ ওপৰতো এতিয়া নিজেও উৎসাহ-উদ্দীপনাত থাকা আৰু বায়ুমণ্ডলতো উৎসাহ-উদ্দীপনাৰ
সৃষ্টি কৰা। ইজন সিজনৰ সহযোগী হৈ এতিয়া বায়ুমণ্ডলত তীব্র পুৰুষাৰ্থৰ লহৰ বিয়পাই দিয়া।
যেনেকৈ ইজনে সিজনৰ মাজত সেৱাৰ উদ্দীপনা বায়ুমণ্ডলত বিয়পাই দিছা, তেনেকৈ এতিয়া
বাপদাদাই সন্তানসকলৰ প্ৰতি এইটোৱে শুভ আশা ৰাখে যে এই লহৰ বায়ুমণ্ডলত বিয়পি পৰক।
বাপদাদা আনন্দিত হৈছে কিন্তু এতিয়াও পুৰুষাৰ্থ কৰিবলৈ আছে, তীব্র পুৰুষাৰ্থ কৰিব
লাগে। এতিয়া প্ৰত্যেক সন্তানৰ প্রতি বাপদাদাৰ এটাই আশা যে প্ৰতিগৰাকী সন্তান বাবাৰ
আশাৰ তৰা হওক। এনেকুৱা তৰা হোৱানে? যিসকলে ভাবা যে আমি পিতাৰ আশাৰ তৰা হৈ এই
উৎসাহ-উদ্দীপনা বায়ুমণ্ডলত বিয়পাম, তেওঁলোকে হাত দাঙা। বাৰু। হাততো বহুত ভালকৈ
দাঙিছে। বাপদাদা হাত দেখি আনন্দিত হৈ যায়। গৰিষ্ঠসংখ্যকেই হাত দাঙিছে, পিছফালে
থকাসকলৰ দেখা পোৱা নাযায় কিন্তু আগফালে থকাসকলৰ দেখা পোৱা গৈছে। এতিয়া পিছফালৰ
সকলেও দাঙিছে, অভিনন্দন। অভিনন্দন। বাৰু।
বাপদাদাই দেখিলে যে
বিশেষভাৱে মনত কোনো কথাৰ উৎসাহ-উদ্দীপনা জাগিলে তেতিয়া সেই কাম সাকাৰ ৰূপত ভাল হৈ
যায়, সেয়েহে বাপদাদাই এইবাৰ স্নেহৰ দিনটোত এইটো হোমৱৰ্ক দি আছে যে প্ৰত্যেক সন্তানে
মনৰ কাৰণে যি সংকল্প আৰু সময় ব্যৰ্থত যায়, যদি কেতিয়াবা কোনো ব্যৰ্থ সংকল্প উদয় হৈ
যায়, তেন্তে সকলোৰে অনুভৱ হ’ব যে তাত কিমান সময় নষ্ট হৈ যায়। কিমান শক্তি নষ্ট হৈ
যায়। গতিকে বাপদাদাই এইটো হোমৱৰ্ক দিব বিচাৰে যে এই দুমাহ প্ৰত্যেক সন্তানে মনৰ
ব্যৰ্থ সংকল্প আৰু ব্যৰ্থ সময় ৰাহি কৰাৰ নিজৰ প্ৰতি বিধি প্ৰস্তুত কৰক। এই দুমাহত
প্ৰত্যেকেই নিজৰ খতিয়ান ৰাখক যে ব্যৰ্থ সময়, ব্যৰ্থ সংকল্পৰ ওপৰত কিমান নিয়ন্ত্ৰণ
আনিলে? কাৰণ এতিয়া সময় অনুসৰি তোমালোক সকলোৰে মনৰ শক্তিৰ দ্বাৰা আত্মাসকলৰ মনৰ সেৱা
কৰাৰ সময় হ’ব। ইয়াৰ বাবে সদায় মনৰ ওপৰত মনোযোগ দিয়া আৱশ্যক। কোৱাও হৈছে মনজিৎ জগতজিৎ।
গতিকে ‘মনমনাভৱ’ৰ বায়ুমণ্ডলত মনৰ ব্যৰ্থ সমাপ্ত কৰিব লাগে। কৰিব পাৰিবানে? কৰিবানে?
তেওঁলোকে হাত দাঙা। বাপদাদাই পুৰস্কাৰ দিব। নিজৰ ফলাফল নিজে চাবা। যদি মন আনন্দিত
তেন্তে মনৰ আনন্দ বিলাই দিবা। এইটো পুৰুষাৰ্থত সকলোৱে আগত নম্বৰ ল’বলৈ মনোযোগ দিয়া।
সংকল্প, সময় দুয়োটাৰ পৰা ব্যৰ্থ সমাপ্ত আৰু সমর্থ সংকল্প, সমর্থ সময় অনাগত সময়ত
বায়ুমণ্ডলত বিয়পি পৰিব।
বাপদাদাই এটা কথাত সন্তানসকলক দেখি আনন্দিত হৈছে। কোনটো কথাত? যে প্ৰত্যেক সন্তানে
সেৱাতো কৰিছে কিন্তু লগতে বাপদাদাই যি ইংগিত দিছে যে ডবল ৰজা হোৱা। জানা নহয়!
এটা স্বৰাজ্য অধিকাৰী আৰু দ্বিতীয়টো ভৱিষ্যত ৰাজ্য অধিকাৰী। স্বৰাজ্য অধিকাৰী আৰু
পিতাই গৌৰৱ কৰে যে এনেকুৱা অন্য কোনো পিতা নাই যাৰ প্ৰত্যেক সন্তান স্বৰাজ্য অধিকাৰী
হ’ব। তোমালোক সকলো স্বৰাজ্য অধিকাৰী হোৱা নহয়! নিজৰ ওপৰত আত্মা ৰাজ্য কৰোঁতা।
কৰ্মেন্দ্ৰিয়ৰ বশ নহয়, ৰাজ্য অধিকাৰী। গতিকে পিতাই এয়াই বিচাৰে যে প্ৰত্যেক
সন্তান সদায় স্বৰাজ্য অধিকাৰী হৈ থাকক, কেতিয়াবা কেতিয়াবা নহয়। হ’ব পাৰেনে? এই
দুমাহ যি দিয়া হৈছে, এই সময়চোৱাত টুকি ৰাখিবা যে স্বৰাজ্য অধিকাৰী হৈ থাকিলানে? নে
কৰ্মেন্দ্ৰিয়ৰ বশ হৈ গ’লা? এতিয়া কৰ্মাতীত হ’ব লাগে, সময় সমীপত আহি আছে। তেন্তে কি
কৰিব লাগে?
চলোঁতে-ফুৰোঁতে স্বৰাজ্য অধিকাৰী হ’বই লাগে। এইটো সংস্কাৰ তোমালোক ব্ৰাহ্মণ
সন্তানসকলৰেই। ডবল ৰাজ্য, স্বৰাজ্য আৰু ভৱিষ্যতে বিশ্ব ৰাজ্য। বাপদাদাই পৰিক্ৰমা
লগাই সন্তানসকলৰ ফলাফল টুকি ৰাখে গতিকে সদায় স্বৰাজ্য অধিকাৰী হৈ থকাৰ প্ৰতি
মনোযোগ দিব লাগে।
গতিকে দুটা কাম বাপদাদাই দিলে— এটা হৈছে এই দুমাহ স্বৰাজ্য অধিকাৰী কিমানলৈকে হৈ
থাকা? সেয়া নিজৰ ফলাফল চাব লাগে আৰু লগতে মনৰ নিয়ন্ত্ৰণ শক্তি, শাসন কৰাৰ শক্তিৰ
দ্বাৰা ব্যৰ্থ সমাপ্ত কৰিব লাগে। ইয়াত যিসকলে নম্বৰ ল’ব তেওঁলোকক বাপদাদাই
পুৰস্কাৰ দিব। পছন্দ হৈছেনে? কৰিব লাগে নহয়! কৰিবানে? কৰিবা নহয়! কান্ধ লৰোৱা। বাৰু।
বাপদাদাই আজি সকলোৰে
যি স্নেহ আছে সেয়া স্বীকাৰ কৰিলে। অমৃতবেলাতো সূক্ষ্মলোকতো বহু সন্তানৰ ঘন সমাগম
হৈছিল। আগতীয়া দলেও আজি সূক্ষ্মলোকত নিজৰ অন্তৰৰ স্নেহ দিবলৈ, ল’বলৈ আহিছিল। এতিয়া
তেওঁলোকে পিতাক সোধে যে আমাৰ এই ভূমিকা কেতিয়ালৈকে? কি উত্তৰ দিম? প্ৰথম শাৰীৰসকলে
কোৱাচোন কি উত্তৰ দিম? কি ক’লা? (দাদী জানকীয়ে ক’লে আমি সাজু আছোঁ) তুমি অকলে যাবা
নেকি? (সকলোৱে যাম) তোমাৰ স্নেহ আছে নহয়, এনেদৰে এৰি ৰাজ্য কেনেকৈ কৰিবা। (আগতীয়া
দলৰসকলে আমাক কিয় এৰি গুচি গ’ল) তেওঁলোকৰ ভূমিকা আছিল নহয়। তেওঁলোক যাবলগীয়াই আছিল।
এতিয়া তুমি এইটো চেষ্টা কৰা যে অতি সোনকালে সংগঠন তৈয়াৰ হওক। যি দুমাহৰ কাম দিয়া
হৈছে নহয়, যদি এইটো কাম তুমি সকলোকে কৰাই দিয়া, ফলাফল দেখুৱাব পাৰা তেন্তে সোনকালে
হৈ যাব। (বাবাৰ স্নেহত কৰি ল’ম) স্নেহতো আছেই, স্নেহত সকলো উত্তীৰ্ণ। বাপদাদায়ো
দেখিবলৈ পায় যে স্নেহ সকলোৰে আছে কিন্তু স্নেহৰ লগতে শক্তিও লাগে। ইয়াৰ বাবে
অমৃতবেলা শক্তিশালী কৰি তোলা, বহে, বাপদাদাই বহাৰ বাবে অভিনন্দন জনায় কিন্তু বহাৰ
বায়ুমণ্ডল যেনেকুৱা শক্তিশালী হ’ব লাগে, কোনোবা কেনেকৈ বহে, কোনোবা কেনেকৈ বহে। যদি
তোমালোকে ফটো তোলা, তেন্তে তোমালোকৰ নিজৰেই অনুভৱ হ’ব যে আৰু কিবা হ’ব লাগে।
বাপদাদাই যি জ্বালামুখী যোগৰ কথা ক’লে, তাৰ ওপৰত এতিয়া আৰু গভীৰ মনোযোগ দিয়া।
পুৰুষাৰ্থ সকলোৱে কৰে কিন্তু পুৰুষাৰ্থৰ আগত 'তীব্র' শব্দটি যোগ কৰা। এতিয়া
বাপদাদাই প্ৰত্যেক সন্তানকে এই দুমাহ দিছে, ইয়াত যিমানে মনোযোগ দিবা, মনোযোগৰ লগতে
বাপদাদায়ো তোমালোকক অতিৰিক্ত সহযোগ দিব। মনৰ মালিক, মনক এনেদৰে চলোৱা যেনেকৈ ভৰি আৰু
হাত চলোৱা। যি বিচাৰে সেয়া কৰে নহয়। এতিয়া তোমালোকে যদি বিচৰা যে ইয়াত নহয় ইয়াত
ৰাখোঁ তেন্তে ৰাখিব পাৰা নহয়! এনেকুৱা মনৰ নিয়ন্ত্ৰণ, যি বিচৰা মনে সেয়াই সংকল্পই
কৰক। নিতৌ ৰাতি ফলাফল চোৱা আজি মনৰ শাসন শক্তি, নিয়ন্ত্ৰণ শক্তি কিমানলৈকে থাকিল?
এতিয়া ব্যৰ্থ অতি সোনকালে সমাপ্ত কৰিব লাগে, এতিয়া সমৰ্থ হৈ বায়ুমণ্ডলত সমৰ্থবোধৰ
শক্তি বিয়পাই দিয়া। বাপদাদাইতো সন্তানসকলৰ দুখ-বেদনা, কাকূতি শুনি সন্তানসকলৰ
দ্বাৰা এতিয়া সোনকালে সমাপ্তি কৰাব বিচাৰে। শুনালোঁ নহয়, পুৰুষাৰ্থ সকলোৱে কৰি আছে
কিন্তু এতিয়া 'তীব্র' যোগ কৰা। কৰিবই লাগিব, কৰিম, চাম... এই ‘ম’ ‘ম’ নচলিব।
স্নেহৰ দৃশ্যও আজি
দেখিলোঁ, প্ৰত্যেকৰে অন্তৰত কিমান প্ৰেম আছে কিন্তু যিমান প্ৰেম আছে নহয়, লগতে
সিমান শক্তিও লাগে। এতিয়া শক্তি ভৰাই লোৱা। কেতিয়াও কোনো ভনীয়েই নিজক কেৱল শক্তি
নহয়, শিৱশক্তি বুলি বুজিবা। শিৱশক্তি, পিতা লগত আছে। পাণ্ডৱসকলৰ সৈতে পাণ্ডৱপতি লগত
আছে। তেন্তে এতিয়া কি কৰিবা? বাপদাদাই যি কৈছে যে পুৰুষাৰ্থৰ আগত 'তীব্র' শব্দটি
লগোৱা। বায়ুমণ্ডল গঢ়ি তোলা। ইজনে সিজনৰ সহযোগী হৈ প্ৰত্যেকেই নিজ নিজ যি স্থানত থাকা,
সেই স্থান শক্তিশালী কৰি তোলা, সংগীসকলক শক্তিশালী কৰি তোলা। তেন্তে এতিয়া কি কৰিবা?
নবীনতা আনিবা নহয়! যেতিয়া 'মোৰ বাবা' বুলি কোৱা, তেন্তে 'মোৰ' নিচিনা হ’বতো লাগিব
নহয়। প্ৰত্যেকেই নিজৰ অন্তৰত দৃঢ় সংকল্প কৰা, সংকল্প ভাল ভাল কৰা, অমৃতবেলা
বাপদাদাই দেখিবলৈ পায় যে সংকল্প ভাল কৰা যে এইটো কৰিম, এইটো কৰিম, এইটো কৰিম কিন্তু
যেতিয়া কৰ্মযোগী হোৱা, সম্বন্ধ-সম্পৰ্কত আহা তেতিয়া তাত পাৰ্থক্য আহি যায়।
কৰ্মযোগীৰ স্থিতি - এই ক্ষেত্ৰত অধিক মনোযোগ দিব লাগে। বাৰু।
সকলো আনন্দিত হৈ আছা
নহয়! আনন্দিত হৈ আছানে? চোৱা নতুন নতুনো কিমান আহিছে। যিসকল নতুন প্ৰথমবাৰ আহিছে
তেওঁলোকে হাত দাঙা। চোৱা কিমান আছে? আধা ক্লাছ নতুন আহিছে। বাপদাদাই নতুনকৈ অহা
সন্তানসকলক দেখি আনন্দিত হৈছে কাৰণ অন্তিম সমাপ্তিৰ সময়ৰ আগতেই আহি গৈছে। কিন্তু
যিমান পলমকৈ আহিছা সিমানেই তীব্র পুৰুষাৰ্থ কৰিব লাগিব কাৰণ এই কম সময়ত তোমালোকে
পূৰা 21 জন্মৰ ভৱিষ্যত গঢ়িব লাগিব। ইমান মনোযোগ দিব লাগিব। সময় ৰাহি কৰা, এটা
ছেকেণ্ডো ব্যৰ্থত নেহেৰুৱাবা। তীব্র পুৰুষাৰ্থী হৈ থাকিবা, সাধাৰণ পুৰুষাৰ্থৰে গৈ
পোৱাটো কঠিন। তথাপিও বাপদাদাই অহা সন্তানসকলক অন্তৰৰ পৰা অভিনন্দন জনাই আছে। বাৰু।
শিক্ষক ভগ্নীসকল বহুত
আহিছে:- শিক্ষকসকলক দেখিতো বাপদাদা বহুত আনন্দিত হয় কাৰণ যিসকল নিমিত্ত শিক্ষক হৈছে,
তেওঁলোক বাপদাদাক প্ৰত্যক্ষ কৰাৰ নিমিত্ত হৈছে। যিকোনো শিক্ষকক দেখিলেই আনন্দিত হয়
কাৰণ শিক্ষক মানেই যাৰ চেহেৰাত ভৱিষ্যত দেখা পোৱা যায়। তোমালোকৰ ভৱিষ্যত কি?
ভৱিষ্যত হৈছে সদায় অন্তৰৰ পৰা আনন্দিত, সদায় অধিকাৰী, অধীন হওঁতা নহয়। গতিকে
শিক্ষকসকলৰ চেহেৰাই এইটো সাক্ষাৎকাৰ কৰায়। প্ৰতিগৰাকী শিক্ষকে সদায় এইটোৱেই বুজিবা-
ক’ৰবাত কিবা কওক বা নকওক, কিন্তু বৰ্তমান সময়ৰ প্ৰাপ্তি আৰু ভৱিষ্যতৰ প্ৰাপ্তি
তোমালোকৰ চেহেৰা, তোমালোকৰ মুখমণ্ডলে দেখুৱাই দিয়ে। সদায় এইটো মনোযোগ দিবা যে আমাৰ
চেহেৰা এনেকুৱা সাক্ষাৎকাৰ কৰাওঁতা হওঁক। যিয়েই শিক্ষকৰ সন্মুখলৈ আহে, শিক্ষকক দেখি
এফালেতো আনন্দময় হৈ যাওক, আনন্দ তেওঁৰ জীৱনত দেখা দিয়ক। এনেকুৱা আনন্দময় আৰু
সৌভাগ্যশালী হওক। বাপদাদাই দেখিছে প্ৰতিগৰাকী শিক্ষকৰ লক্ষ্য ভাল। কৰিবই লাগিব।
হ’বই লাগিব। এনেকুৱা হয় নহয়? লক্ষ্য কি? এইটোৱেই লক্ষ্য হয় নহয়! গতিকে এই লক্ষ্য
লক্ষণত দেখা দিয়েও আৰু অধিক দেখা দিয়া উচিত। যিয়েই আহে আনন্দ নিশ্চয় লৈ যাওক কাৰণ
আনন্দ প্ৰত্যেক মনুষ্যৰ বাবে আৱশ্যক। বিচাৰে কিন্তু হ’ব নোৱাৰে, গতিকে শিক্ষক মানে
চেহেৰাৰ দ্বাৰাও সেৱা কৰক। অনুভৱ কৰক যে এওঁ কি হৈ গ’ল! এতিয়া আগলৈ গৈ তোমালোকৰ
চেহেৰা আৰু চাল-চলনে এইটো সেৱা বেছিকৈ কৰিব কাৰণ যেনেকৈ সময় স্পৰ্শকাতৰ হৈ আহিব
তেতিয়া সময় কম পাবা কিন্তু হেঁপাহ বাঢ়িব, কিবা পাওঁ, কিবা পাওঁ। ইয়াৰ বাবে
শিক্ষকসকলে সদায় এনেদৰে সদা-প্ৰস্তুত হৈ থাকিব লাগে, যাতে যিয়েই আহে তেওঁ অতিকমেও
কিবা নহয় কিবা লৈয়েই যায়। চেহেৰা আৰু চাল-চলনৰ দ্বাৰাও কিবা নহয় কিবা লৈ যাওক।
দাতাৰ সন্তান হোৱা নহয়! বাপদাদাইতো শিক্ষকসকলক দেখি বহুত আনন্দিত হয়। অন্তৰেৰে গুণ
গায় বাঃ! শিক্ষক বাঃ! কিয়নো প্ৰতিগৰাকী শিক্ষকে সেৱাতো কৰে আৰু ৰাতি নিজৰ ফলাফল চায়ো
যে আজি কি সেৱা হ’ল! নিজৰ খতিয়ানতো নিজেই চায়। সেৱাৰ যি লক্ষ্য ৰাখিলা, সেয়া হ’লনে?
যদি কোনো কাৰণত নহ’ল, তেন্তে পিছদিনা ডবল কৰা। খালী কৰি এৰি নিদিবা কাৰণ শিক্ষক মানে
নিমিত্ত দাতাৰ সন্তান দাতা। গতিকে বাপদাদাতো আনন্দিত হয় সৰু সেৱাকেন্দ্ৰৰেই হওক বা
ডাঙৰ সেৱাকেন্দ্ৰৰেই হওক কিন্তু ত্যাগ কৰি সেৱা স্থানলৈ অহা, এইটোও সাহস হয় নহয়।
গতিকে বাপদাদা তোমালোকৰ সাহস দেখি আনন্দিত হৈছে। এতিয়া আৰু সংগী তৈয়াৰ কৰা। আৰু
শিক্ষক তৈয়াৰ কৰা কিয়নো সেৱা বাঢ়িবই। এতিয়া অলপ হুলস্থূল হ’ব আৰু সকলোৱে উৎকণ্ঠাৰে
তোমালোকৰ ওচৰলৈ আহিব। সেৱা এতিয়া বাঢ়িব, কম নহয়। বাৰু।
বৰদান:
স্বমানৰ আসনত
স্থিৰ হৈ মায়াক সমৰ্পিত কৰাওঁতা শ্ৰেষ্ঠ স্বমানধাৰী হোৱা
সংগমযুগৰ আটাইতকৈ
শ্ৰেষ্ঠ স্বমান হৈছে মাষ্টৰ সৰ্বশক্তিমানৰ স্মৃতিত থকা। যেনেকৈ কোনো ডাঙৰ বিষয়া বা
ৰজা যেতিয়া স্বমানৰ আসনত স্থিৰ হয় তেতিয়া অন্যয়ো তেওঁক সন্মান দিয়ে, যদি নিজেই আসনত
নাথাকে তেন্তে তেওঁৰ আদেশ কোনেও নামানিব, তেনেদৰে তোমালোকো স্বমানধাৰী হৈ নিজৰ
শ্ৰেষ্ঠ স্বমানৰ আসনত স্থিৰ হৈ থাকা তেতিয়া মায়া তোমালোকৰ আগত সমৰ্পিত হৈ যাব।
স্লোগান:
সাক্ষীবোধৰ
স্থিতিত থাকি দিলাৰামৰ সান্নিধ্য অনুভৱ কৰোঁতাসকলহে স্নেহত লীন আত্মা।
অব্যক্ত সংকেত:
পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰা
অপকাৰীৰো উপকাৰ কৰা,
এয়াই জ্ঞান স্বৰূপ আত্মাৰ কৰ্তব্য। যেনেকৈ পিতাই গ্লানিকো কল্যাণকাৰী দৃষ্টিৰে চালে।
উপকাৰীৰ উপকাৰতো জগতৰ লোকেও কৰে, ভক্ত আত্মাসকলেও কৰে কিন্তু জ্ঞান স্বৰূপ আত্মাৰ
অৰ্থ হৈছে সকলোৰে প্ৰতি কল্যাণৰ ভাৱনা, অকল্যাণৰ ভাৱনা সংকল্প মাত্ৰও নাথাকক।
অপকাৰীৰো উপকাৰ কৰা তেতিয়াহে বিশ্ব কল্যাণকাৰী বুলি কোৱা হ’ব।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]