12.02.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
এতিয়া বিনাশৰ সময়, ৰাৱণে সকলোকে সমাধিস্থ কৰি দিছে, পিতা অমৃত বৰষি লগত লৈ যাবলৈ
আহিছে”
প্ৰশ্ন:
শিৱবাবাক ভোলা
ভাণ্ডাৰী বুলিও কোৱা হয় কিয়?
উত্তৰ:
কিয়নো শিৱ ভোলানাথ যেতিয়া আহে তেতিয়া গণিকা, অহল্যা, কুঁজাসকলৰো কল্যাণ কৰি
তেওঁলোকক বিশ্বৰ মালিক কৰি দিয়ে। আহেও চোৱা পতিত সৃষ্টি আৰু পতিত শৰীৰত গতিকে ভোলা
(হোজা) নহ'ল জানো। ভোলা পিতাৰ নিৰ্দেশনা হৈছে - মৰমৰ সন্তানসকল, এতিয়া অমৃত পান কৰা,
বিকাৰ ৰূপী বিষ ত্যাগ কৰা।
গীত:
দূৰদেশ কা ৰহনে
ৱালা…… (দূৰণিৰ দেশৰ নিৱাসী……)
ওঁম্শান্তি।
আত্মিক
সন্তানসকলে গীতটি শুনিলা অৰ্থাৎ আত্মাই এই শৰীৰৰ কৰ্মেন্দ্ৰিয় কাণৰ দ্বাৰা গীতটি
শুনিলে। দূৰণিৰ দেশৰ পথিক আহে, তোমালোকো পথিক হোৱা নহয়। যিসকল মনুষ্য আত্মা আছে সেই
সকলোবোৰ পথিক। আত্মাসকলৰ কোনো ঘৰ নাই। আত্মা হৈছে নিৰাকাৰী। নিৰাকাৰী সৃষ্টিত থকা
নিৰাকাৰী আত্মা। সেইখনক কোৱাই হয় নিৰাকাৰী আত্মাৰ ঘৰ, দেশ বা লোক, এইখনক জীৱ
আত্মাসকলৰ দেশ বুলি কোৱা হয়। সেইখন হ'ল আত্মাসকলৰ দেশ আকৌ আত্মাসকল ইয়ালৈ আহি যেতিয়া
শৰীৰত প্ৰৱেশ কৰে তেতিয়া নিৰাকাৰৰ পৰা সাকাৰ হৈ যায়। এনেকুৱা নহয় যে আত্মাৰ কোনো
ৰূপ নাই। ৰূপো নিশ্চয় আছে, নামো আছে। ইমান সৰু আত্মাই এই শৰীৰৰ দ্বাৰা কিমান ভূমিকা
পালন কৰে। প্ৰত্যেক আত্মাত ভূমিকা পালন কৰাৰ কিমান ৰেকৰ্ড ভৰপূৰ হৈ আছে। ৰেকৰ্ড
এবাৰেই ভৰোৱা হয় পাছত যিমানেই পুনৰাবৃত্তি কৰা, সেয়াই চলিব। সেইদৰে আত্মাও এই শৰীৰৰ
ভিতৰৰ ৰেকৰ্ড, য'ত 84 জন্মৰ ভূমিকা নিহিত হৈ আছে। যেনেকৈ পিতা নিৰাকাৰ, তেনেকৈ
আত্মাও নিৰাকাৰ, ক’ৰবাত ক’ৰবাত শাস্ত্ৰত লিখি দিছে তেওঁ নাম ৰূপৰ পৰা উৰ্দ্ধত,
কিন্তু নাম ৰূপৰ পৰা উৰ্দ্ধত কোনো বস্তু নাথাকে। আকাশো শূন্য। নামতো আছে নহয়
‘আকাশ’। নাম বিহীন কোনো বস্তু নাথাকে। মনুষ্যই কয় - পৰমপিতা পৰমাত্মা। এতিয়া দূৰণিৰ
দেশততো সকলো আত্মা থাকে। এয়া হ'ল সাকাৰ দেশ, ইয়াতো দুজনৰ ৰাজত্ব চলে - ৰামৰাজ্য আৰু
ৰাৱণৰাজ্য। আধাকল্প হ'ল ৰামৰাজ্য, আধাকল্প হ'ল ৰাৱণৰাজ্য। পিতাই জানো কেতিয়াবা
সন্তানসকলৰ কাৰণে দুখৰ ৰাজ্য স্থাপন কৰিব। এনেকৈ কয় যে ঈশ্বৰেই দুখ-সুখ দিয়ে। পিতাই
বুজায় - মই কেতিয়াও সন্তানসকলক দুখ নিদিওঁ। মোৰ নামেই হৈছে দুখ হৰ্তা, সুখ কৰ্তা।
এয়া মনুষ্যৰ ভুল। ঈশ্বৰে কেতিয়াও দুখ নিদিব। এই সময়ত হৈছেই দুখধাম। আধাকল্প
ৰাৱণৰাজ্যত দুখৰ উপৰি দুখ পোৱা যায়। সুখৰ ৰতিমাত্ৰও নাই। সুখধামত আকৌ দুখ নাথাকেই।
পিতাই স্বৰ্গ ৰচনা কৰে। এতিয়া তোমালোক সংগমত আছা। ইয়াক নতুন সৃষ্টি বুলিতো কোনেও
নক’ব। নতুন সৃষ্টিৰ নামেই সত্যযুগ। সেয়াই আকৌ পুৰণি হয়, তেতিয়া তাক কলিযুগ বুলি কোৱা
হয়। নতুন বস্তু ভাল আৰু পুৰণি বস্তু বেয়া দেখি সেয়েহে পুৰণি বস্তু নাশ কৰি দিয়া হয়।
মনুষ্যই বিষকে সুখ বুলি ভাবে। গোৱাও হয় - অমৃত এৰি বিষ কিয় পান কৰা। আকৌ কয়
তোমালোকৰ ভাল হ’লে সকলোৰে ভাল হয়। তোমালোকে আহি যি কৰিবা তাৰ দ্বাৰা সকলোৰে ভালেই
হ'ব। নহ’লে ৰাৱণৰাজ্যত মনুষ্যই বেয়া কামেই কৰিব। এয়াতো এতিয়া সন্তানসকলে গম পাইছে
যে গুৰুনানকৰ 500 বছৰ হ’ল আকৌ কেতিয়া আহিব? তেতিয়া ক’ব তেওঁৰ আত্মাতো জ্যোতিত
সমাহিত হৈ গ’ল। পুনৰ কেনেকৈ আহিব। তোমালোকে ক’বা আজিৰ পৰা 4500 বছৰ পাছত পুনৰ
গুৰুনানক আহিব। তোমালোকৰ বুদ্ধিত গোটেই সৃষ্টিৰ ভূগোল-ইতিহাসে পৰিক্ৰমা লগাই থাকে।
এই সময়ত সকলো তমোপ্ৰধান, ইয়াক বিনাশৰ সময় বুলি কোৱা হয়। সকলো মনুষ্য যেন মৃতকৰ দৰে
পৰি আছে। সকলোৰে জ্যোতি নুমাই আছে। পিতা আহে সকলোকে জগাবলৈ। সন্তানসকলে যি কাম
চিতাত বহি ভস্ম হৈ গৈছে, তেওঁলোকক অমৃত বৰষি জগাই লগত লৈ যাব। মায়া ৰাৱণে কাম চিতাত
তুলি সমাধিস্থ কৰি দিছে। সকলো শুই আছে। এতিয়া পিতাই জ্ঞান অমৃত পান কৰায়। এতিয়া ক’ত
জ্ঞান অমৃত আৰু ক’ত সেই পানী। শিখ লোকসকলৰ বিশেষ দিনত বৰ ধুমধামেৰে পুখুৰী পৰিস্কাৰ
কৰে, মাটি আঁতৰ কৰে সেইবাবে নাম ৰাখি দিছে অমৃতসৰ। অমৃতৰ পুখুৰী। গুৰুনানকেও পিতাৰ
মহিমা কৰিছে। নিজেই কয় একওঁমকাৰ, সৎ নাম……. তেওঁ সদায় সত্য কওঁতা। সত্য-নাৰায়ণৰ কথা
নহয় জানো। মনুষ্যই ভক্তিমাৰ্গত কিমান কাহিনী শুনি আহিছে। অমৰকথা, তৃতীয় নেত্ৰৰ কথা…..
এনেকৈ কয় যে শংকৰে পাৰ্ৱতীক কাহিনী শুনালে। তেওঁতো সূক্ষ্মলোকৰ নিবাসী ইয়াত আকৌ কি
কাহিনী শুনালে? এই সকলোবোৰ কথা পিতাই বহি বুজায় যে বাস্তৱত তোমালোকক অমৰকথা শুনাই
অমৰলোকলৈ লৈ যাবলৈ মই আহিছোঁ। মৃত্যুলোকৰ পৰা অমৰলোকলৈ লৈ যাওঁ। বাকী সূক্ষ্মলোকত
পাৰ্ৱতীয়ে কি দোষ কৰিলে যে তেওঁক অমৰকথা শুনাব। শাস্ত্ৰবোৰততো অনেক কাহিনী লিখি দিছে।
সত্য-নাৰায়ণৰ সঁচা কাহিনীতো নাই। তোমালোকে কিমান সত্য-নাৰায়ণৰ কাহিনী শুনিছা চাগৈ।
সত্য-নাৰায়ণ কোনোবা হয় জানো, আৰুহে অৱনমিত হৈ গৈ থাকে। এতিয়া তোমালোকে বুজি পোৱা আমি
নৰৰ পৰা নাৰায়ণ, নাৰীৰ পৰা লক্ষ্মী হওঁ। এয়া হৈছে অমৰলোকলৈ যোৱাৰ বাবে সঁচা
সত্য-নাৰায়ণৰ কথা, তৃতীয় নেত্ৰৰ কথা। তোমালোক আত্মাসকলে জ্ঞানৰ তৃতীয় নেত্ৰ পাইছা।
পিতাই বুজায় তোমালোকেই সুন্দৰ পূজ্য আছিলা আকৌ 84 জন্মৰ পাছত তোমালোকেই পূজাৰী হৈছা
সেইবাবে গায়ন কৰা হৈছে – নিজেই পূজ্য নিজেই পূজাৰী। পিতাই কয় – মইতো সদায় পূজ্য। আহি
তোমালোকক পূজাৰীৰ পৰা পূজ্য কৰি তোলোঁ। এইখন হৈছে পতিত সৃষ্টি। সত্যযুগত পূজ্য পাৱন
মনুষ্য, এই সময়ত হৈছে পূজাৰী পতিত মনুষ্য। সাধু-সন্তই গায়ন কৰি থাকে “পতিত-পাৱন
সীতাৰাম”। এই কথাষাৰ শুদ্ধ… সকলো সীতা কইনা। এনেকৈ কয় - হে ৰাম আহি আমাক পাৱন কৰি
তোলক। সকলো ভক্তই আহ্বান জনায়, আত্মাই আহ্বান জনায় – হে ৰাম। গান্ধীজীয়েও গীতা পঢ়ি
শেষ কৰিলে তেতিয়া কৈছিল – হে পতিত-পাৱন সীতাৰাম। তোমালোকে এতিয়া জানা যে গীতা কোনো
শ্ৰীকৃষ্ণই শুনোৱা নাছিল। বাবাই কয় - মতামত লৈ থাকা যে ঈশ্বৰ সৰ্বব্যাপি নহয়।
গীতাৰ ভগৱান হৈছে শিৱ, শ্ৰীকৃষ্ণ নহয়। প্ৰথমতেতো সোধা যে গীতাৰ ভগৱান কাক কোৱা হয়।
ভগৱান নিৰাকাৰক কোৱা হ'ব নে সাকাৰক? শ্ৰীকৃষ্ণতো হৈছে সাকাৰ। শিৱ হৈছে নিৰাকাৰ। তেওঁ
কেৱল এই শৰীৰ লোণত লয়। বাকী মাতৃ গৰ্ভৰ পৰা জন্ম নলয়। শিৱৰ শৰীৰ নাই। ইয়াত এই
মনুষ্যলোকত স্থূল শৰীৰ আছে। পিতা আহি সঁচা সত্য-নাৰায়ণৰ কাহিনী শুনায়। পিতাৰ মহিমা
হ'ল পতিত-পাৱন, সকলোৰে সৎগতি দাতা, সকলোৰে মুক্তিদাতা, দুখ হৰ্তা, সুখ কৰ্তা। বাৰু,
সুখ ক'ত থাকে? ইয়াত থাকিব নোৱাৰে। সুখ পাবা পৰৱৰ্তী জন্মত, যেতিয়া পুৰণি সৃষ্টি
নাশ হ’ব আৰু স্বৰ্গৰ স্থাপনা হৈ যাব। বাৰু, ক’ৰ পৰা মুক্ত কৰে? ৰাৱণৰ দুখৰ পৰা।
এয়াতো দুখধাম হয় নহয়। বাৰু আকৌ মাৰ্গ-দৰ্শকো হয়। এই শৰীৰতো ইয়াতেই শেষ হৈ যায়।
বাকী আত্মাসকলক লৈ যায়। প্ৰথমতে দৰা পাছত কইনা যায়। সেয়া হ'ল অবিনাশী অতি সুন্দৰ
দৰা। সকলোকে দুখৰ পৰা মুক্ত কৰি পৱিত্ৰ কৰি ঘৰলৈ লৈ যায়। বিয়া কৰাই যেতিয়া আহে
তেতিয়া প্ৰথমতে স্বামী। পিছত পত্নী থাকে তাৰপাছত বৰযাত্ৰী থাকে। এতিয়া তোমালোকৰ
মালাও এনেকুৱা। ওপৰত শিৱবাবা ফুল, তেওঁক নমস্কাৰ জনাব। তাৰপাছত যুগল দানা
ব্ৰহ্মা-সৰস্বতী। তাৰপাছত তোমালোক, যিসকল বাবাৰ সহায়কাৰী হোৱা। ফুল শিৱবাবাৰ
স্মৃতিৰেই সূৰ্যবংশী, বিষ্ণুৰ মালা হৈছে। ব্ৰহ্মা-সৰস্বতীয়ে লক্ষ্মী নাৰায়ণ হয়।
লক্ষ্মী-নাৰায়ণেই ব্ৰহ্মা-সৰস্বতী হয়। এওঁলোকে পৰিশ্ৰম কৰিছে সেইবাবেতো পুজা কৰা হয়।
কোনেও নাজানে যে মালা কি বস্তু। এনেয়ে মালা জপি থাকে। 16108ৰো মালা থাকে। ডাঙৰ
ডাঙৰ মন্দিৰত ৰাখি থোৱা হয় আকৌ কোনোৱে ক’ৰবাৰ পৰা কোনোৱে আন ক’ৰবাৰ পৰা মালা জপিব।
বাবাই মুম্বাইত লক্ষ্মী-নাৰায়ণৰ মন্দিৰলৈ গৈছিল, গৈ মালা জপিছিল, ৰাম ৰাম বুলি
জপিছিল কিয়নো ফুল একমাত্ৰ পিতাই হয় নহয়। ফুলকেই ৰাম ৰাম বুলি কয়। পাছত গোটেই
মালাডালকে মূৰ দোৱায়। জ্ঞান একোৱেই নাই। খ্ৰীষ্টিয়ান ধৰ্ম যাজকসকলেও হাতত মালা জপ
কৰি থাকে। সোধা যে কাৰ মালা জপ কৰে? তেওঁলোকেতো গম নাপায়। কৈ দিব যীশুখ্ৰীষ্টৰ
স্মৃতিত জপ কৰোঁ। তেওঁলোকে এইটো গম নাপায় যে স্বয়ং যীশুখ্ৰীষ্টৰ আত্মা ক'ত আছে।
তোমালোকে জানা যীশুখ্ৰীষ্টৰ আত্মা এতিয়া তমোপ্ৰধান। তোমালোকো তমোপ্ৰধান ভিকহু আছিলা।
এতিয়া ভিকহুৰ পৰা ৰাজকুমাৰ হোৱা। ভাৰত ৰাজকুমাৰ (চহকী) আছিল, এতিয়া ভিকহু আকৌ
ৰাজকুমাৰ হয়। গঢ়ি তোলোঁতা হৈছে পিতা। তোমালোক মনুষ্যৰ পৰা ৰাজকুমাৰ হোৱা। এখন
‘প্ৰিন্স’ কলেজো আছিল, য'ত ৰাজকুমাৰ-ৰাজকুমাৰীসকল গৈ পঢ়িছিল।
তোমালোকে ইয়াত পঢ়ি
21 জন্মৰ বাবে স্বৰ্গত ৰাজকুমাৰ-ৰাজকুমাৰী হোৱা। এওঁ শ্ৰীকৃষ্ণ ৰাজকুমাৰ হয় নহয়।
তেওঁৰ 84 জন্মৰ কাহিনী লিখা আছে। মনুষ্যই কি জানে। এই কথাবোৰ কেৱল তোমালোকে জানা।
‘ভগৱানুবাচ’ তেওঁ সকলোৰে পিতা। তোমালোকে ঈশ্বৰ পিতাৰ পৰা শুনা, যিজনে স্বৰ্গ স্থাপন
কৰে। তাক কোৱাই হয় সঁচা খণ্ড। এয়া হ'ল মিছা খণ্ড। সঁচা খণ্ডতো পিতাই স্থাপন কৰিব।
মিছা খণ্ড ৰাৱণে স্থাপন কৰে। ৰাৱণৰ ৰূপ তৈয়াৰ কৰে, অৰ্থ একোৱেই বুজি নাপায়, কোনেও
নাজানে যে আচলতে ৰাৱণ কোন হয়, যাক মাৰে আকৌ জী উঠে। বাস্তৱত 5 বিকাৰ স্ত্ৰীৰ, 5
বিকাৰ পুৰুষৰ…… ইয়াক ৰাৱণ বুলি কোৱা হয়। ৰাৱণক মাৰে। ৰাৱণক মাৰি আকৌ সোণ লুটি লয়।
তোমালোক সন্তানসকলে
জানা - এয়া হৈছে কাঁইটৰ জংঘল। মুম্বাইত বাবুলনাথৰ মন্দিৰো আছে। পিতা আহি কাঁইটক
ফুল কৰি তোলে। সকলোৱে ইজনে সিজনক কাঁইট হৈ বিন্ধে (দুখ দিয়ে) অৰ্থাৎ কাম কটাৰী চলাই
থাকে, সেয়েহে ইয়াক কাঁইটৰ জংঘল বুলি কোৱা হয়। সত্যযুগক আল্লাৰ বাগিছা বুলি কোৱা হয়,
সেই ফুলবিলাকেই কাঁইট হয় আকৌ কাঁইট পৰা ফুল হয়। তোমালোক এতিয়া 5 বিকাৰৰ ওপৰত বিজয়ী
হোৱা। এই ৰাৱণৰাজ্যৰ বিনাশতো হ'বই। অৱশেষত বহুত ডাঙৰ যুদ্ধও হ'ব। সঁচা সঁচা দশহৰাও
হ'ব। ৰাৱণৰাজ্যই নাশ হৈ যাব তেতিয়া তোমালোকে লংকা লুটিবা। তোমালোকে সোণৰ মহল পাই
যাবা। তোমালোকে এতিয়া ৰাৱণৰ ওপৰত বিজয়ী হৈ স্বর্গৰ মালিক হোৱা। বাবাই গোটেই বিশ্বৰ
ৰাজ্য-ভাগ্য দিয়ে সেয়েহে তেওঁক শিৱ ভোলা ভাণ্ডাৰী বুলি কয়। গণিকাসকল, অহল্যাসকল,
কুঁজাসকল… সকলোকে পিতাই বিশ্বৰ মালিক কৰি দিয়ে। কিমান ভোলা। আহেও পতিত সৃষ্টিলৈ,
পতিত শৰীৰত। বাকী যিসকল স্বৰ্গৰ যোগ্য নহয়, তেওঁলোকে বিষ পান কৰিবলৈ এৰিয়েই নিদিয়ে।
পিতাই কয় - সন্তানসকল, এতিয়া এই অন্তিম জন্ম পাৱন হোৱা। এই বিকাৰে তোমালোকক
আদি-মধ্য-অন্ত দুখী কৰে। তোমালোকে এই এটা জন্মৰ বাবে বিষপান ত্যাগ কৰিব নোৱাৰানে?
মই তোমালোকক অমৃত পান কৰাই অমৰ কৰি তোলোঁ তথাপি তোমালোক পৱিত্ৰ নোহোৱা। বিষ অবিহনে,
চিগাৰেট, মদ অবিহনে থাকিব নোৱাৰা। মই বেহদৰ পিতাই তোমালোকক কওঁ - সন্তানসকল, এই
অন্তিম এটা জন্মৰ বাবে পাৱন হোৱা তেতিয়া তোমালোকক স্বৰ্গৰ মালিক কৰি দিম। পুৰণি
সৃষ্টিৰ বিনাশ আৰু নতুন সৃষ্টিৰ স্থাপনা কৰা - এয়া পিতাৰহে কাম। পিতা আহিছে গোটেই
সৃষ্টিক দুখৰ পৰা উদ্ধাৰ কৰি সুখধাম-শান্তিধামলৈ লৈ যাবলৈ। এতিয়া সকলো ধৰ্মৰ বিনাশ
হৈ যাব। এক আদি সনাতন দেৱী-দেৱতা ধৰ্ম পুনৰাই প্ৰতিষ্ঠা হয়। ‘গ্রন্থ’তো পৰমপিতা
পৰমাত্মাক অকালমূৰ্ত বুলি কয়। পিতা হ'ল মহাকাল, কালৰো কাল। সেই কালেতো এজন-দুজনক লৈ
যাব। মইতো সকলো আত্মাক লৈ যাম সেইবাবে মহাকাল বুলি কয়। পিতা আহি তোমালোক সন্তানসকলক
কিমান বিচাৰ বুদ্ধি সম্পন্ন কৰি তোলে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই অন্তিম
জন্মত বিষ ত্যাগ কৰি অমৃত পান কৰিব আৰু কৰাব লাগে। পাৱন হ'ব লাগে। কাঁইটক ফুল কৰি
তোলাৰ সেৱা কৰিব লাগে।
(2) বিষ্ণুৰ ডিঙিৰ
মালা হ'বৰ বাবে পিতাৰ স্মৃতিত থাকিব লাগে, পূৰা সহায়কাৰী হৈ পিতাৰ সমান দুখ হৰ্তা
হ'ব লাগে।
বৰদান:
নিজৰ অলৌকিক
আত্মিক বৃত্তিৰ দ্বাৰা সকলো আত্মাৰ ওপৰত প্ৰভাৱ পেলাওঁতা 'মাষ্টৰ জ্ঞান সূৰ্য' হোৱা
যেনেকৈ কোনো আকৰ্ষণীয়
বস্তুৱে আশে-পাশে থকা সকলোকে নিজৰ ফালে আকৰ্ষিত কৰে, সকলোৰে মনোযোগ যায়। তেনেকৈ
যেতিয়া তোমালোকৰ বৃত্তি অলৌকিক, আত্মিকতাৰ হ’ব তেতিয়া তোমালোকৰ প্ৰভাৱ অনেক আত্মাৰ
ওপৰত স্বতঃ পৰিব। অলৌকিক বৃত্তি অৰ্থাৎ অনাসক্ত আৰু স্নেহী স্থিতিয়ে স্বতঃ অনেক
আত্মাক আকৰ্ষিত কৰে। এনেকুৱা অলৌকিক শক্তিশালী আত্মাসকলে মাষ্টৰ জ্ঞান সূৰ্য হৈ
নিজৰ কিৰণ চাৰিওফালে বিয়পায়।
স্লোগান:
সদায় স্বমানৰ আসনত স্থিৰ হৈ থাকিলে সকলো শক্তিয়ে তোমালোকৰ আদেশ মানি থাকিব।
অব্যক্ত ইংগিত: একতা
আৰু বিশ্বাসৰ বিশেষত্বৰে সফলতা সম্পন্ন হোৱা
জ্ঞানী হোৱাৰ লগতে
স্নেহীও হোৱা। স্ব সেৱাই হৈছে বিশ্ব সেৱাৰ আধাৰ। সেৱাৰ ক্ষেত্ৰত মাত্ৰ দুটা শব্দ
স্মৃতিত ৰাখিবা – এটা হৈছে নিমিত্ত হওঁ, দ্বিতীয়তে নম্ৰ হ’বই লাগে, ইয়াৰ দ্বাৰা
একতাৰ বাতাবৰণ গঢ়ি উঠিব। ইজন সিজনৰ সহযোগী হ’ব। ‘তোমাৰ’, ‘মোৰ’, মান-সম্ভ্ৰমৰ,
সংঘৰ্ষৰ ভাৱনা সমাপ্ত হৈ যাব।