12.03.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল – এই
পঢ়া হৈছে উপাৰ্জনৰ উৎস, ইয়াৰ দ্বাৰা তোমালোক মনুষ্যৰ পৰা দেৱতা হোৱা, 21 জন্মৰ কাৰণে
সঁচা উপাৰ্জন হৈ যায়”
প্ৰশ্ন:
পিতাই যি মিঠা
মিঠা কথা শুনায়, সেয়া ধাৰণ কেতিয়া হ’ব?
উত্তৰ:
যেতিয়া বুদ্ধিত পৰৰ মত বা নিজৰ মতৰ প্ৰভাৱ নপৰিব। যিসকল সন্তান আহুকাণে-পহুকাণে শুনা
কথামতে চলে, তেওঁলোকৰ বুদ্ধিত ধাৰণা হ’ব নোৱাৰে। যদি জ্ঞানৰ বাহিৰে কোনোবাই আন কথা
শুনায় তেন্তে তেওঁ যেন শত্ৰু। মিছা কথা শুনাওঁতা বহুত আছে সেইকাৰণে “বেয়া নুশুনিবা,
বেয়া নাচাবা…, মনুষ্যৰ পৰা দেৱতা হ’বৰ কাৰণে একমাত্ৰ পিতাৰ শ্ৰীমততহে চলিব লাগে।
গীত:
হমাৰে তীৰ্থ
ন্যাৰে হে….. (আমাৰ তীৰ্থ অনন্য…..)
ওঁম্শান্তি।
এই গীতটিত যেন
নিজৰ মহিমা কৰে। বাস্তৱত নিজৰ মহিমা কৰা নহয়। এয়াতো সকলো বুজিবলগীয়া কথা, যি
ভাৰতবাসী বহুত বুদ্ধিমান আছিল - এতিয়া বুদ্ধিহীন হৈ গ’ল। এতিয়া প্ৰশ্ন উঠে –
বুদ্ধিমান কোন আছিল? এইটো ক’তো লিখা হোৱা নাই। তোমালোক হৈছা গুপ্ত। কিমান আচৰিত কথা!
পিতাই কয় – মোৰ দ্বাৰাহে সন্তানসকলে মোক জানিব পাৰে। আকৌ মোৰ দ্বাৰা সকলো জানি যায়।
সৃষ্টিৰ আদি-মধ্য-অন্তৰ যি খেল, সেয়া বুজি যায়। অন্য কোনেও নাজানে, আৰু এটা মুখ্য
ভুল কৰিছে যে নিৰাকাৰ পৰমপিতা পৰমাত্মা শিৱৰ সলনি শ্ৰীকৃষ্ণৰ নাম দি দিছে। প্ৰথম
নম্বৰৰ শাস্ত্ৰ যিখনক শ্ৰীমদ্ভাগৱত গীতা বুলি কয়, সেইখনেই ভুল হৈ গ’ল, সেইবাবে
প্ৰথমতে সিদ্ধ কৰা যে ভগৱান এজন। তাৰপাছত সুধিব লাগে গীতাৰ ভগৱান কোন? ভাৰতৰ হৈছে
আদি সনাতন দেৱী দেৱতা ধৰ্ম। যদি নতুন ধৰ্ম বুলি কয়, তেন্তে ব্ৰাহ্মণ ধৰ্ম বুলিয়ে
কোৱা হ’ব। প্ৰথমে আটাইতকৈ উচ্চ হৈছে ব্ৰাহ্মণ, পাছত দেৱতাসকল। উচ্চতকৈও উচ্চ হৈছে
ব্ৰাহ্মণ ধৰ্ম। যি ব্ৰাহ্মণ ব্ৰহ্মাৰ দ্বাৰা পৰমপিতা পৰমাত্মাই ৰচনা কৰে, সেই
ব্ৰাহ্মণেই আকৌ দেৱতা হয়। মুখ্য কথা হ'ল - ভগৱান সকলোৰে পিতা, নতুন সৃষ্টিৰ ৰচয়িতা।
নিশ্চয় নতুন সৃষ্টিয়েই ৰচিব নহয়। নতুন সৃষ্টিত নতুন ভাৰত। জন্মও ভাৰততে লৈছে।
ব্ৰহ্মাৰ দ্বাৰা ভাৰতকে স্বৰ্গ কৰি গঢ়ি আছে। তোমালোকক নিজৰ কৰি লৈ আকৌ মনুষ্যৰ পৰা
দেৱতা কৰি তুলিবলৈ পঢ়ায়। প্ৰথমে তোমালোক শূদ্ৰ বৰ্ণ আছিলা আকৌ ব্ৰাহ্মণ বৰ্ণত আহিলা,
তাৰপাছত দৈৱী বৰ্ণত। পাছলৈ বৃদ্ধি হৈ গৈ থাকে। এটা ধৰ্মৰ পৰা অনেক ধৰ্ম হৈ যায়।
ঠাল-ঠেঙুলিও সকলো ধৰ্মৰে হৈ যায়, প্ৰতিটো ধৰ্মৰ পৰা ওলায়। তিনিটা শাখা থাকে নহয়।
এইটো হৈছে মুখ্য। প্ৰত্যেকৰে পৰা নিজৰ নিজৰ শাখা ওলায়। মুখ্য হৈছে আধাৰ, আকৌ তিনিটা
শাখা হৈছে মুখ্য। মূল কাণ্ড হৈছে আদি সনাতন দেৱী দেৱতা ধৰ্মৰ। যিটো ধৰ্মৰসকলে এতিয়া
ৰাজযোগ শিকি আছা। দেলৱাড়া মন্দিৰ বৰ ভালকৈ সাজি থোৱা আছে, তাত সকলো বুজনি আছে।
সন্তানসকলে ইয়াত বহি আছে, কল্প পূৰ্বেও তোমালোকে ৰাজযোগৰ তপস্যা কৰিছিলা। যেনেকৈ
যীশুখ্ৰীষ্টৰ স্মাৰক খ্ৰীষ্টিয়ান দেশসমূহত আছে। তেনেকৈ তোমালোক সন্তানসকলে ইয়াত
তপস্যা কৰিছিলা সেইবাবে তোমালোকৰো ইয়াত স্মাৰক আছে। হওতে বৰ সহজ। কিন্তু কোনেও
নাজানে। সন্ন্যাসীসকলেতো কৈ দিয়ে এয়া সকলো কল্পনা, যিয়ে যেনেকৈ কল্পনা কৰে।
তোমালোকৰ কাৰণেও কয় এই চিত্ৰ আদি সকলো কল্পনাৰে তৈয়াৰ কৰিছে। যেতিয়ালৈকে পিতাক
নাজানে, কল্পনা বুলিয়েই ভাবিব। জ্ঞানপূৰ্ণতো এজন পিতাহে হয় নহয়। গতিকে মুখ্য হৈছে
পিতাৰ পৰিচয় দিয়া। সেই পিতাই স্বৰ্গৰ উত্তৰাধিকাৰ দিয়ে, কল্প পূৰ্বেও দিছিল। আকৌ 84
জন্ম ল’বলগীয়া হয়। ভাৰতবাসীৰহে 84 জন্ম হয়। আকৌ সংগমযুগত পিতা আহি ৰাজধানী স্থাপন
কৰে। তোমালোক সন্তানসকলে পিতাৰ দ্বাৰা বুজিছা। যেতিয়া ভালদৰে বুজিবা, বুদ্ধিত ধাৰণ
হ’ব, তেতিয়া আনন্দিতও হৈ থাকিবা।
এই পঢ়া উপাৰ্জনৰ এটা
ডাঙৰ উৎস। পঢ়াৰ দ্বাৰাহে মনুষ্য বেৰিষ্টাৰ আদি হয়। কিন্তু এই পঢ়া হৈছে মনুষ্যৰ পৰা
দেৱতা হ’বৰ বাবে। প্ৰাপ্তি কিমান শ্ৰেষ্ঠ। এনেকুৱা প্ৰাপ্তি আন কোনেও কৰাব নোৱাৰে।
‘গ্ৰন্থ’ত (শিখসকলৰ ধৰ্ম শাস্ত্ৰ) গায়ন কৰা হৈছে - মনুষ্যৰ পৰা দেৱতা কৰি তুলিবলৈ
ঈশ্বৰৰ সময় নালাগে। কিন্তু মনুষ্যৰ বুদ্ধি নচলেই। নিশ্চয় সেই দেৱী-দেৱতা ধৰ্ম প্ৰায়
লোপ হৈ গৈছে, সেইবাবেতো লিখে - মনুষ্যৰ পৰা দেৱতা হওঁ। দেৱতাসকল সত্যযুগত আছিল।
তেওঁলোকক নিশ্চয় ভগৱানে সংগমযুগত ৰচনা কৰিছিল। কেনেকৈ ৰচিলে? এইটো নাজানে।
গুৰুনানকেও পৰমাত্মাৰ মহিমা গাইছে। তেওঁৰ দৰে মহিমা কোনেও গোৱা নাই, সেইকাৰণে
‘গ্ৰন্থ’ ভাৰতত পঢ়ে। গুৰুনানকৰ কলিযুগত অৱতাৰ হয়। তেওঁ হ’ল ধৰ্ম প্ৰৱৰ্ত্তক।
ৰাজত্বতো পাছলৈ কৰিছে। পিতাইতো এই দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰিছে। বাস্তৱত নতুন
সৃষ্টি বুলি ব্ৰাহ্মণসকলৰ ক্ষেত্ৰতহে কোৱা হ’ব। যদিও ব্ৰাহ্মণ আটাইতকৈ উচ্চ কিন্তু
ৰাজধানী দেৱী-দেৱতাসকলৰ পৰা আৰম্ভ হয়। তোমালোক ব্ৰাহ্মণক ৰচনা কৰা হৈছে। তোমালোকৰ
ৰাজধানী নাই। তোমালোকে নিজৰ কাৰণে ৰাজধানী স্থাপন কৰা। বৰ আচৰিত কথা। মনুষ্যইতো
একোৱেই নাজানে। প্ৰথমতে নিজে গ’ম পালা তাৰপাছত তোমালোকৰ দ্বাৰা আনে গ’ম পায়।
তোমালোক শূদ্ৰৰ পৰা ব্ৰাহ্মণ হৈছা। ব্ৰহ্মায়ো এতিয়া পিতাৰ দ্বাৰা গ’ম পায়। এজনক
শুনালে গতিকে সন্তানসকলকো শুনাবলগীয়া হয়। তেওঁৰ শৰীৰৰ দ্বাৰা তোমালোক সন্তানসকলক বহি
বুজায়। এয়া অনুভৱৰ কথা। শাস্ত্ৰৰ পৰাতো কোনেও একো বুজিব নোৱাৰে। পিতাই কয় - গোটেই
কল্পত মাত্ৰ এবাৰেই মই এনেকৈ আহি বুজাওঁ। আৰু অনেক ধৰ্মৰ বিনাশ, এক ধৰ্মৰ প্ৰতিষ্ঠা
কৰাওঁ। এয়া 5 হাজাৰ বছৰৰ খেল। তোমালোক সন্তানসকলে জানা - আমি 84 জন্ম লৈছোঁ।
বিষ্ণুৰ নাভীৰ পৰা ব্ৰহ্মা আবিৰ্ভাৱ হোৱা দেখুৱায়। ব্ৰহ্মা আৰু বিষ্ণু এয়া কাৰ
সন্তান? দুয়ো শিৱৰ সন্তান হ’ল। তেওঁ (শিৱ) হ'ল ৰচিয়তা, তেওঁলোক (ব্ৰহ্মা আৰু বিষ্ণু)
হ’ল ৰচনা। এই কথাবোৰ কোনেও বুজিব নোৱাৰে। একেবাৰে নতুন কথা। বাবায়ো কয় - এয়া নতুন
কথা। কোনো শাস্ত্ৰতে এই কথাবোৰ থাকিব নোৱাৰে। জ্ঞানৰ সাগৰ হৈছে পিতা, তেৱেঁই
‘গীতা’ৰ ভগৱান। ভক্তিমাৰ্গত শিৱ-জয়ন্তীও পালন কৰে। সত্যযুগ ত্ৰেতাত পালন নকৰে।
তেন্তে নিশ্চয় সংগমতে আহে। এই কথাবোৰ তোমালোকে বুজি গৈ থাকা আৰু বুজাই থাকা।
বুজাওঁতা পিতাৰ যি মহিমা আছে, সেয়া সন্তানসকলৰ থকা উচিত। তোমালোকো মাষ্টৰ জ্ঞান
সাগৰ হ’ব লাগে। প্ৰেমৰ সাগৰ, সুখৰ সাগৰ ইয়াত হ’ব লাগে। কাকো দুখ দিব নালাগে। বৰ
অমায়িক হ’ব লাগে। তোমালোক যিসকল বিহৰ নিচিনা তিতা আছিলা, সেইসকলেই এতিয়া নিৰ্বিকাৰী
ব্ৰাহ্মণ হৈ আছা। ঈশ্বৰৰ সন্তান হৈ আছা। বিকাৰীৰ পৰা নিৰ্বিকাৰী দেৱতা হৈ আছা।
আধাকল্প তোমালোক পতিত হৈ হৈ এতিয়া একেবাৰে জৰাজীৰ্ণ অৱস্থা পাইছা। ওৱলি যোৱা কাপোৰ
এছাৰি দিলে ফাটি ছিৰাছিৰ হৈ যায়। ইয়াতো জ্ঞানৰ এছাৰ খালে তেতিয়া টুকুৰা টুকুৰ হৈ
যায়। কিছুমান কাপোৰ ইমান মলিয়ন যে চাফা কৰিবলৈ বহুত সময় লাগে। তেতিয়া তাতো সাধাৰণ
পদবী পাই যায়। বাবা হৈছে ধোবা। তোমালোকো লগত সহায়কাৰী হোৱা। ধোবাও ক্ৰমানুসৰি হয়।
ইয়াতো ক্ৰমানুসৰি হয়। ধোবাই যদি কাপোৰ ভালকৈ পৰিস্কাৰ নকৰে তেতিয়া ক’ব নহয় যে এওঁতো
যেন নাপিত। এতিয়া কাপোৰ ধুবলৈ শিকিছে। আগতে গাঁৱত বহুত লেতেৰা কাপোৰ ধোৱা হৈছিল। এই
কৌশলো বহিৰাগতৰ পৰা আহিছে। বহিৰাগতসকলে কিছু সন্মান দিয়ে। পইচা আদিৰে সহায় কৰে। জানে
যে এওঁলোক বহুত ডাঙৰ বংশৰ। এতিয়া অৱনমিত হৈছে। অৱনমিত হোৱাসকলৰ ওপৰত দয়া ওপজে।
পিতাই কয় - তোমালোকক কিমান ধনৱান কৰি তুলিছিলোঁ। মায়াই কি অৱস্থা কৰি দিলে। তোমালোকে
এতিয়া বুজি পোৱা - আমি বিজয় মালাৰ আছিলোঁ, আকৌ 84 জন্ম লৈ কি হৈ গ’লোঁ। আচৰিত নহয়নে।
তোমালোকে বুজাব পাৰা - তোমালোক ভাৰতবাসীতো স্বৰ্গবাসী আছিলা। ভাৰতেই স্বৰ্গ আছিল আকৌ
অৱনমিত হৈ হৈ নৰকবাসীও হ’বলগীয়া হয়। এতিয়া পিতাই কয় -পৱিত্ৰ হৈ স্বৰ্গবাসী হোৱা।
মনমনাভৱ। শিৱ ভগৱানুবাচ – মামেকম্ (কেৱল মোক) স্মৰণ কৰা। স্মৃতিৰ যাত্ৰাৰে তোমালোকৰ
সকলো পাপ নষ্ট হৈ যাব। শাস্ত্ৰত লিখিছে - শ্ৰীকৃষ্ণই পাটৰাণী কৰিবলৈ পলুৱাই নিলে।
তোমালোক সকলোৱে পঢ়ি আছা, পাটৰাণী হৈ আছা। কিন্তু এই কথাবোৰ কোনেও বুজিব নোৱাৰে।
এতিয়া পিতা আহি সন্তানসকলক বুজাইছে। পিতাই কয় - মই কল্পই কল্পই তোমালোকক বুজাবলৈ আহোঁ
গতিকে প্ৰথমে - ভগৱান এজন, এইটো সিদ্ধ কৰি পাছত কোৱা - গীতাৰ ভগৱান কোন। ৰাজযোগ কোনে
শিকাইছে? ভগৱানেহে ব্ৰহ্মাৰ দ্বাৰা স্থাপনা কৰায় পাছত বিনাশ, আকৌ প্ৰতিপালন কৰায়।
এয়া যি ব্ৰাহ্মণ তেওঁলোকেই আকৌ দেৱতা হয়। এই কথাবোৰো তেওঁলোকে বুজি পাব যিসকলে কল্প
পূৰ্বে বুজিছিল। চেকেণ্ডৰ পাছত চেকেণ্ড যি হ’ল সেয়া এই সময়লৈকে বুলি বুজিব। ড্ৰামাত
তোমালোকে বহুত পুৰুষাৰ্থ কৰিব লাগে। এইটোতো সন্তানসকলে বুজি পায়, এতিয়া আমাৰ সেইটো
অৱস্থা হোৱা নাই। সময় লগিব। কৰ্মাতীত অৱস্থা হৈ গ’লেতো তেতিয়া সকলোৱে প্ৰথম নম্বৰত
উত্তীৰ্ণ হৈ যাব তেতিয়াতো যুদ্ধও লাগি যাব। নিজৰ মাজত হাই-কাজিয়া চলিয়ে থাকিব।
তোমালোকে জানা য’তে-ত’তে চোৱা যুদ্ধ কৰিবলৈ প্ৰস্তুতি চলাই আছে। সকলো ফালে প্ৰস্তুতি
চলাই আছে। তোমালোকে যি কিছু দিব্য দৃষ্টিৰে দেখিছা সেয়া আকৌ এই দুচকুৰেও দেখিবা।
বিনাশৰ সক্ষাৎকাৰ কৰিছা আকৌ সেয়া দুচকুৰে দেখিবা। স্থাপনাৰো সাক্ষাৎকাৰ কৰিছা আকৌ
বাস্তৱত বাদশ্বাহীও দেখিবা। তোমালোক সন্তানসকলতো বহুত আনন্দিত হোৱা উচিত। এইটোতো
পুৰণা শৰীৰ। যোগেৰে আত্মা পৱিত্ৰ হৈ যাব, তেতিয়া এই পুৰণা শৰীৰো এৰিব লাগিব। 84
জন্মৰ চক্ৰ পূৰা হয় তেতিয়া নিশ্চয় সকলোৱে নতুন শৰীৰ পাবা। এইটোও বুজিবলগীয়া অতি সহজ
কথা। বুজাবও পাৰে, কলিযুগৰ পাছত সত্যযুগ নিশ্চয় হ’ব। অনেক ধৰ্মৰ বিনাশ নিশ্চয় হ’ব।
আকৌ আদি সনাতন দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠাৰ অৰ্থে পিতা আহিবলগীয়া হয়। এতিয়া তোমালোক
ব্ৰাহ্মণ হৈছা দেৱতা হ’বৰ কাৰণে। আন কোনো হ’ব নোৱাৰে। তোমালোকে জানা আমি শিৱবাবাৰ
হৈছোঁ, শিৱবাবাই আমাক উত্তৰাধিকাৰ দি আছে।
শিৱজয়ন্তী মানেই ভাৰতে
উত্তৰাধিকাৰ পালে। শিৱবাবা আহিল, আহি কি কৰিলে। ইছলাম, বৌদ্ধি আদিতো আহি নিজৰ ধৰ্ম
প্ৰতিষ্ঠা কৰিলে। পিতা আহি কি কৰিলে? নিশ্চয় স্বৰ্গ স্থাপন কৰিলে। কেনেকৈ স্থাপন
কৰিলে, কেনেকৈ স্থাপনা হয় - সেয়া তোমালোকে এতিয়া জানা। আকৌ সত্যযুগত এই সকলো কথা
পাহৰি যাবা। এইটোও বুজি পোৱা - 21 জন্মৰ উত্তৰাধিকাৰ এতিয়া আমি লৈ লওঁ। এয়া ড্ৰামাত
নিৰ্ধাৰিত হৈ আছে। অৱশ্যে তাত বুজি পাবা এয়া পিতা, এয়া সন্তান। সন্তানে উত্তৰাধিকাৰ
পায়। কিন্তু এই প্ৰালব্ধ হৈছে এতিয়াৰ। সঁচা উপাৰ্জন কৰি 21 জন্মৰ কাৰণে তোমালোকে
উত্তৰাধিকাৰ এতিয়া পাই আছা। 84 জন্মতো ল’বই লাগে। সতোপ্ৰধানৰ পৰা আকৌ সতো, ৰজো,
তমোত আহিবা। এইটো ভালদৰে স্মৃতিলৈ আনিলে তেতিয়া আনন্দিতও হৈ থাকিবা। বুজাবলৈ বৰ
পৰিশ্ৰম হয়। যেতিয়া বুজি যায় তেতিয়া তেওঁলোক বৰ আনন্দিত হয়। যিসকল সন্তানে ভালদৰে
বুজি পায় তেওঁলোকে আকৌ বহুতক বুজাই থাকে। কাঁইটক ফুল কৰি গঢ়ি থাকে। এয়া হৈছে বেহদৰ
(অসীমৰ) পঢ়া। উত্তৰাধিকাৰো বেহদৰ পোৱা যায়। ইয়াত আকৌ ত্যাগো বেহদৰ। গৃহস্থালিত থাকি
গোটেই সংসাৰ ত্যাগ কৰিব লাগে, কিয়নো তোমালোকে জানা যে এই পুৰণি সৃষ্টি নাশ হৈ যাব।
এতিয়া নতুন সৃষ্টিলৈ যাব লাগে সেইকাৰণে বেহদৰ সন্ন্যাস কৰায়। সন্ন্যাসীসকলৰ হৈছে
হদৰ সন্ন্যাস আৰু তেওঁলোকৰ হৈছে হঠযোগ (শৰীৰক কষ্ট দি কৰা যোগ)। ইয়াত হঠৰ (শৰীৰক
কষ্ট দিয়াৰ) কথা নাথাকে। এয়াতো হ'ল পঢ়া। পাঠশালাত পঢ়িব লাগে, মনুষ্যৰ পৰা দেৱতা
হ'বৰ কাৰণে। শিৱ ভগৱানুবাচ - শ্ৰীকৃষ্ণ হ'ব নোৱাৰে। শ্ৰীকৃষ্ণই কেতিয়াও নতুন সৃষ্টি
ৰচিব নোৱাৰে। তেওঁক স্বৰ্গৰ ঈশ্বৰ পিতা বুলি নকয়। স্বৰ্গৰ ৰাজকুমাৰ বুলি ক'ব গতিকে
কিমান মিঠা মিঠা কথা বুজিব আৰু ধাৰণ কৰিবৰ কাৰণে আছে। দৈৱী লক্ষণো থাকিব লাগে।
কেতিয়াও আহুকাণে-পহুকাণে শুনা কথাত লাগি থাকিব নালাগে, ব্যাসে লিখা কথাবোৰত লাগি
লাগি অধোগতি হৈ গ’ল নহয়। জ্ঞানৰ বাহিৰে অন্য কথা শুনালে বুজিবা এওঁ আমাৰ শত্ৰু।
দুৰ্গতিলৈ লৈ যায়। কেতিয়াও পৰৰ মতত চলা অনুচিত। নিজৰ মতত, পৰৰ মতত চলিল মানে তেওঁ
মৰিল। পিতাই বুজাই থাকে - মিছা কওঁতাতো বহুত আছে। তোমালোকে পিতাৰ পৰাহে শুনিব লাগে।
বেয়া নুশুনিবা, বেয়া নাচাবা….। বাপদাদা আহিছেই মনুষ্যৰ পৰা দেৱতা কৰি তুলিবলৈ তেন্তে
তেওঁৰ শ্ৰীমতত চলা উচিত। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) ইয়াত
পিতাৰ সমান সুখৰ সাগৰ, প্ৰেমৰ সাগৰ হ’ব লাগে। সৰ্বগুণ ধাৰণ কৰিব লাগে। কাকো দুখ দিব
নালাগে।
(2) আহুকাণে-পহুকাণে
শুনা কথাত কেতিয়াও বিশ্বাস কৰিব নালাগে, পৰমতত চলিব নালাগে। বেয়া নুশুনিবা, বেয়া
নাচাবা……।
বৰদান:
‘ মই’ বোধৰ
বোজা সমাপ্ত কৰি প্ৰত্যক্ষফলৰ অনুভৱ কৰোঁতা বালক তথা মালিক হোৱা
যেতিয়াই কোনো
প্ৰকাৰৰ ‘মই’ বোধ আহে, তেতিয়া শিৰত বোজা আহি যায়। কিন্তু যেতিয়া পিতাই প্ৰস্তাৱ
দি আছে যে সকলো বোজা মোক দি দিয়া, তোমালোকে কেৱল নাচা আৰু উৰা... তেন্তে এইটো
প্ৰশ্ন কিয় - যে সেৱা কেনেকৈ হ’ব, ভাষণ কেনেকৈ দিম - তোমালোকে কেৱল নিমিত্ত বুলি
বুজি ‘পাৱাৰ হাউচ’ৰ সৈতে সংযোগ স্থাপন কৰি বহি যোৱা, নিৰাশ নহ’বা, তেতিয়া
বাপাদাদাই সকলো কাম স্বতঃ কৰাই দিব। 'বালক তথা মালিক' বুলি বুজি শ্ৰেষ্ঠ স্থিতিত
স্থিৰ হৈ থাকা তেতিয়া প্ৰত্যক্ষ ফলৰ অনুভূতি কৰি থাকিবা।
স্লোগান:
জ্ঞান দানৰ লগতে গুণ দান কৰা, তেতিয়া সফলতা লাভ কৰি থাকিবা।
অব্যক্ত ইংগিত:
নিশ্চয়তাৰ ভেটী মজবুত কৰি সদায় নিৰ্ভয় আৰু নিশ্চিন্ত হৈ থাকা
যেনেকুৱাই কঠিন
পৰিস্থিতি নাহক কিয়, খেল বুলি বুজিলে কঠিন সমস্যাও সহজ হৈ যায়। বহুত সন্তানৰ সাহস
আছে, সেয়েহে কিবা পৰিস্থিতি আহিলে তেতিয়া কয় — হয় কৰিম, ভাবিম। সাহসতো আছে, কিন্তু
বিশ্বাস নাই। বিশ্বাসীজনৰ কথা এনেকুৱা নহয়। বিশ্বাসী হোৱাৰ অৰ্থই হ’ল- মন, বচন আৰু
কৰ্ম, প্ৰতিটো কথাত নিশ্চয়বুদ্ধিৰ হোৱা, তেওঁলোকৰ মুখৰ পৰা কেতিয়াও সাহসহীন কৰা
শব্দ উচ্চাৰিত হ’ব নোৱাৰে।
[বি:দ্ৰ: -
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]