12.04.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোকৰ এই ব্ৰাহ্মণ কুল একেবাৰে অনন্য, তোমালোক ব্ৰাহ্মণহে জ্ঞানৱান হোৱা,
তোমালোকে জ্ঞান, বিজ্ঞান আৰু অজ্ঞানতাক জানা”
প্ৰশ্ন:
কোনটো সহজ
পুৰুষাৰ্থৰ দ্বাৰা তোমালোক সন্তানসকলৰ অন্তৰ সকলো কথাৰ পৰা আঁতৰি গৈ থাকিব?
উত্তৰ:
কেৱল আত্মিক বেপাৰত লাগি যোৱা, যিমানে আত্মিক সেৱা কৰি থাকিবা সিমানে অন্য সকলো
কথাৰ পৰা অন্তৰ স্বতঃ আঁতৰি গৈ থাকিব। বাদশ্বাহী লোৱাৰ পুৰুষাৰ্থত লাগি যাবা। কিন্তু
আত্মিক সেৱাৰ লগতে যি ৰচনা ৰচিছা, তাৰো তত্বাৱধান ল’ব লাগে।
গীত:
জো পিয়া কে
সাথ হে... (যি প্ৰিয়তমৰ লগত আছে...)
ওঁম্শান্তি।
প্ৰিয়তম বুলি
পিতাক কোৱা হয়। এতিয়া পিতাৰ সন্মুখততো সন্তানসকল বহি আছে। সন্তানসকলে জানে – আমি
কোনো সাধু, সন্ন্যাসী আদিৰ সন্মুখত বহি থকা নাই। সেইজন পিতা জ্ঞানৰ সাগৰ হয়, জ্ঞানৰ
দ্বাৰাই সৎগতি হয়। কোৱা হয় – জ্ঞান, বিজ্ঞান আৰু অজ্ঞান। বিজ্ঞান অৰ্থাৎ
দেহী-অভিমানী হোৱা, স্মৃতিৰ যাত্ৰাত থকা আৰু জ্ঞান অৰ্থাৎ সৃষ্টি চক্ৰক জনা। জ্ঞান,
বিজ্ঞান আৰু অজ্ঞান – ইয়াৰ অৰ্থ মনুষ্যই একেবাৰে নাজানে। এতিয়া তোমালোক হৈছা
সংগমযুগী ব্ৰাহ্মণ। তোমালোকৰ এই ব্ৰাহ্মণ কুল অনন্য, ইয়াক কোনেও নাজানে। শাস্ত্ৰত
এই কথাবোৰ নাই যে ব্ৰাহ্মণ সংগমত থাকে। এইটোও জানে যে প্ৰজাপিতা ব্ৰহ্মা হৈ গৈছে,
তেওঁক আদি দেৱ বুলি কয়। আদি দেৱী জগত অম্বা, তেওঁ কোন! এয়াও জগতে নাজানে। নিশ্চয়
ব্ৰহ্মাৰ মুখ বংশাৱলী হ’ব। তেওঁ কোনো ব্ৰহ্মাৰ স্ত্ৰী নহয়। তুলি লয় নহয়। তোমালোক
সন্তানসকলকো তুলি লয়। ব্ৰাহ্মণক দেৱতা বুলি কোৱা নহ’ব। ইয়াত ব্ৰহ্মাৰ মন্দিৰ আছে,
তেৱোঁ মনুষ্য। ব্ৰহ্মাৰ লগত সৰস্বতীও আছে। আকৌ দেৱীসকলৰো মন্দিৰ আছে। সকলো ইয়াৰেই
মনুষ্য হয় নহয়। মন্দিৰ এজনৰ সজাই দিলে, প্ৰজাপিতাৰতো অনেক প্ৰজা থাকিব। এতিয়া হৈ আছে।
প্ৰজাপিতা ব্ৰহ্মাৰ কুল বৃদ্ধি হৈ আছে। হওঁতে তোলনীয়া ধৰ্ম সন্তান। এতিয়া তোমালোকক
বেহদৰ পিতাই ধৰ্ম সন্তান কৰি লৈছে। ব্ৰহ্মাও বেহদৰ পিতাৰ সন্তান হ’ল, এৱোঁ
উত্তৰাধিকাৰ তেওঁৰ (শিৱবাবাৰ) পৰা লাভ কৰে। তোমালোক নাতি-নাতিনীসকলেও উত্তৰাধিকাৰ
তেওঁৰ পৰা লাভ কৰা। জ্ঞানতো কাৰো নাই কিয়নো জ্ঞানৰ সাগৰ এজন, সেইজন পিতা যেতিয়ালৈকে
নাহে তেতিয়ালৈ কাৰো সৎগতি নহয়। এতিয়া তোমালোক সৎগতিৰ বাবে ভক্তিৰ পৰা জ্ঞানত আহিছা।
সত্যযুগক সৎগতি বুলি কোৱা হয়। কলিযুগক দুৰ্গতি বুলি কোৱা হয় কিয়নো ৰাৱণৰ ৰাজ্য।
সৎগতিক ৰামৰাজ্য বুলিও কয়। সূৰ্যবংশী বুলিও কয়। যথাৰ্থ নাম হৈছে সূৰ্যবংশী,
চন্দ্ৰবংশী। সন্তানসকলে জানে আমিয়ে সূৰ্যবংশী কুলৰ আছিলোঁ, আকৌ 84 জন্ম ললোঁ, এই
জ্ঞান কোনো শাস্ত্ৰত থাকিব নোৱাৰে কিয়নো শাস্ত্ৰ হয়েই ভক্তিমাৰ্গৰ বাবে। সেয়াতো সকলো
বিনাশ হৈ যাব। ইয়াৰ পৰা যি সংস্কাৰ লৈ যাব তাত সেই সকলো প্ৰস্তুত কৰাত লাগি যাব।
তোমালোকৰো ৰাজত্ব কৰাৰ সংস্কাৰ ভৰি গৈ থাকে। তোমালোকে ৰাজত্ব কৰিবা তেওঁলোকে (বৈজ্ঞানিকসকলে)
আকৌ সেই ৰাজ্যত আহি, যি কৌশল শিকে সেয়াই কৰিব। সূৰ্যবংশী, চন্দ্ৰবংশী ৰাজ্যত নিশ্চয়
যাব। তেওঁলোকৰ কেৱল বিজ্ঞানৰ জ্ঞান আছে। তেওঁলোকে তাৰ সংস্কাৰ লৈ যাব। সেয়াও
সংস্কাৰ। তেওঁলোকেও পুৰুষাৰ্থ কৰে, তেওঁলোকৰ ওচৰত সেই বিদ্যা আছে। তোমালোকৰ ওচৰত আন
কোনো বিদ্যা নাই। তোমালোকে পিতাৰ পৰা ৰাজ্য ল’বা। বেপাৰ আদিততো সেই সংস্কাৰ থাকে
নহয়। কিমান সংঘাত হৈ থাকে। কিন্তু যেতিয়ালৈ বানপ্ৰস্থ অৱস্থা নহয় তেতিয়ালৈ
ঘৰ-সংসাৰৰো তত্বাৱধান ল’ব লাগে। নহ’লে সন্তানসকলৰ কোনে তত্বাৱধান ল’ব। ইয়াততো আহি
বহি নাযাব। এনেকৈ কয় – যেতিয়া এইটো বেপাৰত পূৰা লাগি যাবা তেতিয়া সেয়া (ঘৰ-সংসাৰৰ
চিন্তা) আঁতৰিব পাৰে। লগতে ৰচনাৰো নিশ্চয় তত্বাৱধান ল’ব লাগে। অৱশ্যে হয়, যেতিয়া
কোনোবা ভালদৰে আত্মিক সেৱাত লাগি যায় তেতিয়া তাৰ পৰা (সাংসাৰিক বন্ধনৰ পৰা) যেন
অন্তৰ আঁতৰি যায়। এনেকৈ ভাবিব যে যিমান সময় এই আত্মিক সেৱাত দিম, সিমান ভাল। পিতা
আহিছে পতিতৰ পৰা পাৱন হোৱাৰ ৰাস্তা দেখুৱাবলৈ, গতিকে সন্তানসকলেও এয়াই সেৱা কৰিব
লাগে। প্ৰত্যেকৰে হিচাপ লক্ষ্য কৰা হয়। বেহদৰ পিতাইতো কেৱল পতিতৰ পৰা পাৱন হোৱাৰ মত
দিয়ে, তেওঁ পাৱন হোৱাৰহে ৰাস্তা দেখুৱায়। বাকী এয়া চোৱা-চিতা কৰা, ৰায় দিয়া সেইবোৰ
এওঁৰ (ব্ৰহ্মাৰ) কাম হৈ যায়। শিৱবাবাই কয় - মোক বেপাৰ আদিৰ একো কথা সুধিব নালাগে।
মোক তোমালোকে মাতিছা যে আহি পতিতৰ পৰা পাৱন কৰি তোলক, সেয়েহে মই এওঁৰ দ্বাৰা
তোমালোকক পাৱন কৰি আছোঁ। এৱোঁ (ব্ৰহ্মাও) পিতা হয়, এওঁৰ মতত চলিব লাগে। তেওঁৰ
আত্মিক মত, এওঁৰ পাৰ্থিৱ। এওঁৰ ওপৰতো কিমান দায়িত্ব থাকে। এৱোঁ কৈ থাকে যে পিতাৰ
আজ্ঞা হৈছে – মামেকম্ (কেৱল মোক) স্মৰণ কৰা। পিতাৰ মতত চলা। বাকী সন্তানসকলে কিবা
সুধিবলগীয়া হ’লে, কৰ্মক্ষেত্ৰত কেনেকৈ চলিম, এই কথাবোৰ এই সাকাৰ বাবাই ভালদৰে বুজাব
পাৰে, অনুভৱী হয়, এওঁ শুনাই থাকিব। মই এনেকুৱা এনেকুৱা কৰোঁ, এওঁক চাই শিকিব লাগে,
এওঁ শিকাই থাকিব কিয়নো এওঁ হৈছে সকলোতকৈ আগত। সকলো ধুমুহা (পৰিস্থিতি) প্ৰথমে এওঁৰ
ওচৰত আহে সেয়েহে এওঁ সকলোতকৈ শক্তিশালী, সেইবাবেতো উচ্চ পদো পায়। মায়াই শক্তিশালী
হৈ যুঁজে। এওঁ তৎক্ষণাৎ সকলো এৰি দিলে, এওঁৰ ভূমিকা আছিল। বাবাই এওঁৰ দ্বাৰা এয়া
কৰাই দিলে। কৰণকৰাৱণহাৰতো তেৱেঁই হয় নহয়। আনন্দেৰে এৰি দিলে, সাক্ষাৎকাৰ হৈ গ’ল।
এতিয়া মই বিশ্বৰ মালিক হ’ম। এই পাই-পইচাৰ বস্তু মই কি কৰিম। বিনাশৰ সাক্ষাৎকাৰো
কৰাই দিলে। বুজি পালে, এই পুৰণি সৃষ্টিৰ বিনাশ হ’ব। মই পুনৰ ৰাজ্য পাম সেয়েহে
তৎক্ষণাৎ সেয়া (বিনাশী সা-সম্পত্তিবোৰ) এৰি দিলে। এতিয়াতো পিতাৰ মতত চলিব লাগে।
পিতাই কয় – মোক স্মৰণ কৰা। ড্ৰামা অনুসৰি ভাতী তৈয়াৰ কৰিবলগীয়া আছিল। মনুষ্যই জানো
বুজিছিল যে ইমানবিলাক কিয় দৌৰি গ’ল। এয়া কোনো সাধু-সন্ততো নহয়। এওঁতো সাধাৰণ, এওঁ
কাকো পলুৱাই অনা নাই। ইয়াত কোনো শ্ৰীকৃষ্ণৰ চৰিত্ৰ নাই। মনুষ্য মাত্ৰৰ কোনো মহিমা
নাই। মহিমা আছে একমাত্ৰ পিতাৰ। বচ্। পিতাহে আহি সকলোকে সুখ দিয়ে। তোমালোকৰ সৈতে
বাৰ্তালাপ কৰে। তোমালোক ইয়ালৈ কাৰ ওচৰত আহিছা? তোমালোকৰ বুদ্ধি তালৈও যাব, ইয়ালৈও
আহিব কিয়নো তোমালোকে জানা যে শিৱবাবা তাৰে (পৰমধামৰ) নিবাসী। এতিয়া এওঁৰ (ব্ৰহ্মাৰ)
শৰীৰত আহিছে। পিতাৰ পৰা আমি স্বৰ্গৰ উত্তৰাধিকাৰ ল’ব লাগে। কলিযুগৰ পাছত নিশ্চয়
স্বৰ্গ আহিব। শ্ৰীকৃষ্ণয়ো পিতাৰ পৰা উত্তৰাধিকাৰ লৈ গৈ ৰাজত্ব কৰে, এই ক্ষেত্ৰত
চৰিত্ৰৰ কথাই নাই। যেনেকৈ ৰজাৰ ঘৰত ৰাজকুমাৰৰ জন্ম হয়, স্কুলত পঢ়ি আকৌ ডাঙৰ হৈ
সিংহাসন ল’ব। এই ক্ষেত্ৰত মহিমা বা চৰিত্ৰৰ কথা নাই। উচ্চতকৈও উচ্চ এজন পিতাই হয়।
মহিমাও তেওঁৰে হয়। এৱোঁ (ব্ৰহ্মায়ো) তেওঁৰ পৰিচয় দিয়ে। যদি তেওঁ কয় মই কৈছোঁ তেতিয়া
মনুষ্যই বুজিব এওঁ নিজৰ বাবে কয়। এই কথাবোৰ তোমালোক সন্তানসকলে বুজি পোৱা, ভগৱানক
কেতিয়াও মনুষ্য বুলি ক’ব নোৱাৰে। তেওঁতো এজনেই নিৰাকাৰ। পৰমধামত থাকে। তোমালোকৰ
বুদ্ধি ওপৰলৈও যায় আকৌ তললৈও আহে।
বাবা দূৰৈৰ দেশৰ পৰা
পৰৰ দেশলৈ আহি আমাক পঢ়াই পুনৰ গুচি যায়। নিজে কয় – মই ছেকেণ্ডত আহোঁ। দেৰী নালাগে।
আত্মায়ো ছেকেণ্ডত এটা শৰীৰ এৰি আন এটাত যায়। কোনেও দেখা নাপায়। আত্মা অতি বেগী।
গায়নো কৰা হৈছে - ছেকেণ্ডত জীৱনমুক্তি। ৰাৱণৰাজ্যক জীৱনবন্ধনৰ ৰাজ্য বুলি কোৱা হ’ব।
সন্তান জন্ম হ’ল আৰু পিতাকৰ উত্তৰাধিকাৰ পালে। তোমালোকেও পিতাক চিনি পালা আৰু
স্বৰ্গৰ মালিক হ’লা আকৌ তাত পুৰুষাৰ্থ অনুযায়ী ক্ৰমানুসৰি পদমৰ্যাদা আছে। পিতাই
বহুত ভালকৈ বুজাই থাকে, দুজন পিতা আছে - এজন লৌকিক আৰু এজন পাৰলৌকিক। এনেকৈ গায়নো
কৰে – দুখত সকলোৱে স্মৰণ কৰে, সুখত কোনেও নকৰে। তোমালোকে জানা যে আমাৰ অৰ্থাৎ
ভাৰতবাসীৰ যেতিয়া সুখ আছিল তেতিয়া স্মৰণ কৰা নাছিলোঁ। আকৌ আমি 84 জন্ম ললোঁ। আত্মাত
খাদ (বিকাৰৰ লেপ) পৰে তেতিয়া ডিগ্ৰী কম হৈ যায়। 16 কলা সম্পূৰ্ণ, তাৰ পাছত 2 কলা কম
হৈ যায়। ভালকৈ উত্তীৰ্ণ নোহোৱা বাবে ৰামৰ হাতত বাণ দেখুৱাইছে। বাকী কোনো ধনু ভঙা
নাই। এয়া এক প্ৰতীক দি দিছে। এয়া হৈছে সকলো ভক্তিমাৰ্গৰ কথা। ভক্তিত মনুষ্যই কিমান
হাবাথুৰি খায়। এতিয়া তোমালোকে জ্ঞান পাইছা, সেয়েহে হাবাথুৰি খোৱাতো বন্ধ হৈ যায়।
“হে শিৱবাবা” বুলি
কোৱা এয়া হৈছে কাতৰোক্তি। তোমালোকে ‘হে’ শব্দ উচ্চাৰিত কৰিব নালাগে। পিতাক স্মৰণ
কৰিব লাগে। চিঞৰিলা মানে ভক্তিৰ অংশ আহি গ’ল। “হে ভগৱান” বুলি কোৱা সেইটোও ভক্তিৰ
অভ্যাস। বাবাই জানো কৈছে যে “হে ভগৱান” বুলি কৈ স্মৰণ কৰা। অন্তৰ্মুখী হৈ মোক স্মৰণ
কৰা। সংকীৰ্তনো কৰিব নালাগে। ‘সংকীৰ্তনো’ ভক্তিমাৰ্গৰ শব্দ। তোমালোকে পিতাৰ পৰিচয়
পালা, এতিয়া পিতাৰ শ্ৰীমতত চলা। এনেকৈ পিতাক স্মৰণ কৰা যেনেকৈ লৌকিক দেহধাৰী পিতাক
স্মৰণ কৰে। নিজেই দেহ-অভিমানত থাকিলে স্মৰণো দেহধাৰী পিতাক কৰে। পাৰলৌকিক পিতাতো
হয়েই দেহী-অভিমানী। এওঁৰ শৰীৰত আহে তথাপিও দেহ-অভিমানী নহয়। তেওঁ কয় – মই এয়া ঋণত
লৈছোঁ, তোমালোকক জ্ঞান দিবলৈ এয়া (ব্ৰহ্মাৰ শৰীৰ) ঋণত লওঁ। জ্ঞানৰ সাগৰ হওঁ কিন্তু
জ্ঞান কেনেকৈ দিম। গৰ্ভলৈতো তোমালোক যোৱা, মই জানো গৰ্ভত যাওঁ। মোৰ মত-গতিয়ে উপৰাম।
পিতা এওঁৰ শৰীৰত আহে। এয়াও কোনেও নাজানে। এনেকৈ কয়ো যে ব্ৰহ্মাৰ দ্বাৰা স্থাপনা।
কিন্তু কেনেকৈ ব্ৰহ্মাৰ দ্বাৰা স্থাপনা কৰে? কি প্ৰেৰণা দিব? পিতাই কয় – মই সাধাৰণ
শৰীৰত আহোঁ। তেওঁৰ নাম ব্ৰহ্মা ৰাখোঁ কিয়নো সন্ন্যাস কৰে নহয়।
তোমালোক সন্তানসকলে
জানা – এতিয়া ব্ৰাহ্মণৰ মালা গাঁথিব নোৱাৰি কিয়নো সৰি গৈ থাকে। যেতিয়া ব্ৰাহ্মণ
চূড়ান্ত হৈ যায় তেতিয়া ৰুদ্ৰ মালা তৈয়াৰ হয়, তাৰ পাছত বিষ্ণুৰ মালাত যায়। মালাত গঁথা
যাবলৈ স্মৃতিৰ যাত্ৰাৰ প্ৰয়োজন। এতিয়া তোমালোকৰ বুদ্ধিত আছে যে আমিয়েই প্ৰথমে
সতোপ্ৰধান আছিলোঁ আকৌ সতো, ৰজো, তমোত আহোঁ। ‘আমিয়েই আছিলোঁ’ - ইয়াৰো অৰ্থ আছে নহয়।
‘ওঁম্’ৰ অৰ্থ বেলেগ, ‘ওঁম্’ মানে আত্মা। আকৌ সেই আত্মায়ে কয় – আমিয়েই দেৱতা,
ক্ষত্ৰিয়... সেই লোকসকলে আকৌ কৈ দিয়ে - আমি আত্মাই পৰমাত্মা। তোমালোকৰ ‘ওঁম্’ আৰু
‘আমিয়েই আছিলোঁ’ৰ অৰ্থ একেবাৰে বেলেগ। আমি আত্মা, আকৌ আত্মা বৰ্ণত আহে, আমি আত্মাই
প্ৰথমতে দেৱতা, ক্ষত্ৰিয় হওঁ। এনেকুৱা নহয় যে আত্মাই পৰমাত্মা, সম্পূৰ্ণ জ্ঞান নথকা
বাবে অৰ্থই বিভ্ৰান্ত কৰি দিছে। ‘অহম্ ব্ৰহ্মস্মি’ (আমিয়েই ব্ৰহ্ম) বুলি কয়, এয়াও
ভুল। পিতাই কয় – মই ৰচনাৰ মলিকতো নহওঁ। এই ৰচনাৰ মালিক তোমালোক হোৱা। বিশ্বৰো মালিক
তোমালোক হোৱা। ব্ৰহ্মতো হৈছে তত্ত্ব। তোমালোক আত্মাই এই ৰচনাৰ মালিক হোৱাগৈ। এতিয়া
পিতাই বহি সকলো বেদ-শাস্ত্ৰৰ যথাৰ্থ অৰ্থ শুনায়। এতিয়াতো পঢ়ি থাকিব লাগে। পিতাই
তোমালোকক নতুন নতুন কথা বুজাই থাকে। ভক্তিয়ে কি কয়, জ্ঞানে কি কয়। ভক্তিমাৰ্গত
মন্দিৰ নিৰ্মাণ কৰি, জপ-তপ কৰি, পইচা নষ্ট কৰিলা। তোমালোকৰ মন্দিৰবোৰ বহুতে লুটিছে।
এয়াও ড্ৰামাত ভূমিকা আছে আকৌ নিশ্চয় তেওঁলোকৰ পৰাই ওভতাই পাব লাগিব। এতিয়া চোৱা
কিমান দি আছে। দিনে-প্ৰতিদিনে বৃদ্ধি কৰি গৈ থাকে। ভাৰতেও লৈ থাকে। যিসকলে যিমান
লৈছে সিমানে পূৰা হিচাপ দিব। তোমালোকৰ পইচা যিসকলে খাইছে, তেওঁলোকে সেয়া হজম কৰিব
নোৱাৰে। ভাৰততো অবিনাশী খণ্ড। পিতাৰ জন্মস্থান। ইয়ালৈকে পিতা আহে। পিতাৰ খণ্ডৰ পৰাই
লৈ যায় সেয়েহে ওভতাই দিব লাগিব। সময়ত চাবা কেনেকৈ পোৱা যায়। এই কথাবোৰ তোমালোকে জানা।
তেওঁলোকে জানো গম পায় – বিনাশ কোন সময়ত হ’ব। চৰকাৰেও এই কথাবোৰ নামানিব। ড্ৰামাত
নিৰ্ধাৰিত হৈ আছে, ধাৰ লৈয়ে থাকে। ওভতাই দি আছে। তোমালোকে জানা যে আমাৰ ৰাজধানীৰ পৰা
বহুত পইচা লৈ গৈছে, সেয়া পুনৰ দি আছে। তোমালোকৰ কোনো কথাৰ চিন্তা নাই। চিন্তা কেৱল
পিতাক স্মৰণ কৰাৰে। স্মৃতিৰ দ্বাৰাই পাপ ভস্ম হ’ব। জ্ঞানতো বহুত সহজ। এতিয়া যিয়ে
যিমান পুৰুষাৰ্থ কৰিব। শ্ৰীমততো পাই থাকা। অবিনাশী ছাৰ্জনৰ পৰা সকলো কথাতে মত
ল’বলগীয়া হয়। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) যিমান সময়
পোৱা সিমান সময় এই আত্মিক বেপাৰ কৰিব লাগে। আত্মিক বেপাৰৰ সংস্কাৰ গঢ়ি তুলিব লাগে।
পতিতসকলক পাৱন কৰি তোলাৰ সেৱা কৰিব লাগে।
(2) অন্তৰ্মুখী হৈ
পিতাক স্মৰণ কৰিব লাগে। মুখেৰে ‘হে’ শব্দ উচ্চাৰণ কৰিব নালাগে। যেনেকৈ পিতাৰ অহংকাৰ
নাই, তেনেকুৱা নিৰহংকাৰী হ’ব লাগে।
বৰদান:
মনৰ সংকল্প আৰু
বৃত্তিৰে শ্ৰেষ্ঠ প্ৰকম্পনৰ সুবাস বিয়পাই দিওঁতা শিৱ শক্তি সংযুক্ত হোৱা
আজিকালি যেনেকৈ স্থূল
সুবাসৰ সাধনসমূহেৰে গোলাপ, চন্দন আদি ভিন্ন ভিন্ন প্ৰকাৰৰ সুবাস বিয়পাই দিয়ে,
তেনেকৈ তোমালোক শিৱ শক্তি সংযুক্ত হৈ নিজৰ মনৰ সংকল্প আৰু বৃত্তিৰে সুখ-শান্তি,
প্ৰেম, আনন্দৰ সুবাস বিয়পাই দিয়া। নিতৌ অমৃতবেলা ভিন্ন ভিন্ন শ্ৰেষ্ঠ প্ৰকম্পনৰ
ফোৱাৰাৰ দৰে আত্মাসকলৰ ওপৰত গোলাপৰ পানী চটিয়াই দিয়া। মাত্ৰ সংকল্পৰ স্বয়ংক্ৰিয়
বুটাম সক্ৰিয় কৰা তেতিয়া বিশ্বত অশুদ্ধ বৃত্তিৰ যি দুৰ্গন্ধ আছে সেয়া সমাপ্ত হৈ যাব।
স্লোগান:
সুখদাতাৰ দ্বাৰা সুখৰ ভঁৰাল প্ৰাপ্ত হয় - এয়াই তেওঁৰ প্ৰেমৰ চিন।
সংযুক্ত ৰূপৰ স্মৃতিৰে
সদায় বিজয়ী হ’বলৈ আজিৰ অব্যক্ত সংকেত:
শক্তিসকলৰ যিমান শক্তি
আছে সিমানেই পাণ্ডৱসকলৰো অপৰিসীম শক্তি আছে, সেয়েহে চতুৰ্ভুজ ৰূপ দেখুৱাইছে। শক্তি
আৰু পাণ্ডৱৰ সংযুক্ত ৰূপেৰেহে বিশ্বসেৱাৰ কাৰ্যত সফলতা প্ৰাপ্ত হয়। সেয়েহে সদায়
ইজন সিজনৰ সহযোগী হৈ থাকা। দায়িত্বৰ মুকুট যাতে সদায় পৰিধান কৰি থাকা।