12.06.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোকে এতিয়া জ্ঞানৰ দৃষ্টি পাইছা, সেইকাৰণে তোমালোকৰ দিগভ্ৰান্ত হৈ ফুৰা বন্ধ হ’ল, তোমালোকে শান্তিধাম-সুখধামক স্মৰণ কৰা”

প্ৰশ্ন:
দেৱতাসকলৰ কোনটো শক্তি আছে আৰু সেইটো শক্তি কোনটো বিশেষত্বৰ কাৰণে আছে?

উত্তৰ:
দেৱতাসকলৰ গোটেই বিশ্বত ৰাজ্য কৰাৰ শক্তি আছে, সেইটো শক্তি বিশেষ ‘একমত’ৰ বিশেষত্বৰ কাৰণে আছে। তাত ‘একমত’ হোৱাৰ কাৰণে পৰামৰ্শদাতা আদি ৰখাৰ দৰকাৰ নাই। দেৱতাসকলে সংগমত পিতাৰ পৰা এনেকুৱা শ্ৰীমত লৈছে যাৰ বাবে 21 জন্ম ৰাজ্য কৰে। তাত এগৰাকী ৰজাৰ এটি দৈৱী পৰিয়াল থাকে, দ্বিতীয় মত নাথাকে।

গীত:
নয়ন হীন কো ৰাহ দিখাও প্ৰভু… (নয়নহীনক মাৰ্গ-দৰ্শন কৰা প্ৰভু….)

ওঁম্শান্তি।
সন্তানসকলে চক্ষু পাইছে, আগতে চক্ষু নাছিল, কি চক্ষু? জ্ঞানৰ চক্ষু নাছিল। অজ্ঞানৰ চক্ষুতো আছিল। সন্তানসকলে জানে জ্ঞান সাগৰ হৈছে এজনেই পিতা। আন কাৰো এই আত্মিক জ্ঞান নাই, যি জ্ঞানৰ দ্বাৰা সৎগতি হয় অৰ্থাৎ শান্তিধাম-সুখধামলৈ যাব পাৰে। এতিয়া তোমালোক সন্তানসকলে দৃষ্টি পাইছা - কেনেকৈ সুখধাম সলনি হৈ আকৌ মায়াৰ ৰাজ্য বা দুখধাম হয়। আহ্বান জনাবলৈ ধৰে যে নয়নহীনক মাৰ্গ-দৰ্শন কৰক। ভক্তিমাৰ্গৰ যজ্ঞ, দান-পুণ্য আদিৰ দ্বাৰা শান্তিধাম-সুখধামলৈ যোৱাৰ কোনো মাৰ্গ পোৱা নাযায়। প্ৰত্যেকে নিজৰ ভূমিকা পালন কৰিবই লাগে। পিতাই কয় - ময়ো ভূমিকা পাইছোঁ। ভক্তিমাৰ্গত আহ্বান জনায় - মুক্তি-জীৱনমুক্তিৰ মাৰ্গ-দৰ্শন কৰক। তাৰ কাৰণে কিমান যজ্ঞ-তপ, দান-পুণ্য আদি কৰে, কিমান হাবাথুৰি খাই ফুৰে। শান্তিধাম-সুখধামত হাবাথুৰি খাবলগীয়া নহয়েই। এইটোও তোমালোকে জানা, তেওঁলোকেতো কেৱল শাস্ত্ৰ আৰু পাৰ্থিৱ পঢ়াৰ বিষয়েহে জানে। এই আত্মিক পিতাকতো একেবাৰে নাজানেই। আত্মিক পিতাই তেতিয়া আহি জ্ঞান দিয়ে যেতিয়া তেওঁ সকলোৰে সৎগতি কৰিবলগীয়া হয়। পুৰণি সৃষ্টি পৰিৱৰ্তন কৰিবলগীয়া হয়। মনুষ্যৰ পৰা দেৱতা হয় পুনৰ গোটেই সৃষ্টিত দেৱী-দেৱতাসকলৰ এখনেই ৰাজ্য হয়, যাক স্বৰ্গ বুলি কোৱা হয়। এয়াও ভাৰতবাসীয়ে জানে যে আদি সনাতন দেৱী-দেৱতা ধৰ্ম ভাৰততেই আছিল। সেই সময়ত অন্য কোনো ধৰ্ম নাছিল। তোমালোক সন্তানসকলৰ কাৰণে এতিয়া সংগমযুগ। বাকী সকলো আছে কলিযুগত। তোমালোক পুৰুষোত্তম সংগমযুগত বহি আছা। যিসকলে পিতাক স্মৰণ কৰে, পিতাৰ শ্ৰীমতত চলে, সেইসকল সংগমযুগত আছে। বাকীসকল কলিযুগত আছে। এতিয়া কোনো স্বতন্ত্ৰ ৰাজ্যতো নাই। অনেক মতৰে ৰাজ্য চলে, সত্যযুগততো এজন মহাৰজাৰহে মত চলে, মন্ত্ৰী (পৰামৰ্শদাতা) নাথাকে। ইমান শক্তি থাকে। আকৌ যেতিয়া পতিত হৈ যায় তেতিয়া মন্ত্ৰী আদি ৰাখে কিয়নো সেই শক্তি নাথাকে। এতিয়াতো হয়েই প্ৰজাৰ ৰাজ্য, সত্যযুগত একমত হোৱাৰ কাৰণে শক্তি থাকে। এতিয়া তোমালোকে সেই শক্তি আহৰণ কৰি আছা, 21 জন্ম স্বাধীনভাৱে ৰাজত্ব কৰা। নিজৰেই দৈৱী পৰিয়াল থাকে। এতিয়া এয়া হৈছে তোমালোকৰ ঈশ্বৰীয় পৰিয়াল। পিতাই কয় - নিজক আত্মা বুলি বুজি পিতাৰ স্মৃতিত থাকা গতিকে তোমালোক ঈশ্বৰীয় পৰিয়ালৰ হোৱা। যদি দেহ-অভিমানত আহি পাহৰি যোৱা তেন্তে আসুৰি পৰিয়ালৰ। এক চেকেণ্ডত ঈশ্বৰীয় সম্প্ৰদায়ৰ আকৌ এক চেকেণ্ডত আসুৰি পৰিয়ালৰ হৈ যোৱা। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰাতো কিমান সহজ। কিন্তু সন্তানসকলে কঠিন অনুভৱ কৰে।

পিতাই কয় নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিলে বিকৰ্ম বিনাশ হ’ব। দেহৰ দ্বাৰাতো কৰ্ম কৰিবই লাগে। দেহ অবিহনে তোমালোকে কৰ্ম কৰিব নোৱাৰিবা। চেষ্টা কৰিব লাগে যাতে কাম-কাজ কৰিও আমি পিতাক স্মৰণ কৰোঁ। কিন্তু ইয়াততো কাম নাথাকিলেও স্মৰণ কৰিব নোৱাৰে। পাহৰি যায়। এয়াই পৰিশ্ৰম। ভক্তিত জানো এনেকৈ কোৱা হয় যে গোটেই দিন ভক্তি কৰা। ভক্তিৰ সময় হৈছে ৰাতিপুৱা, সন্ধিয়া বা ৰাতি। আকৌ মন্ত্ৰ আদি যি পোৱা যায়, সেয়া বুদ্ধিত থাকে। অনেক শাস্ত্ৰ আছে। সেইবোৰ ভক্তিমাৰ্গত পঢ়ে। তোমালোকেতো কোনো কিতাপ আদি পঢ়িব নালাগে, কিতাপ ছপাবও নালাগে। এই মুৰুলীবোৰ সজীৱ হ’বৰ কাৰণে ছপা কৰা হয়। বাকী কোনো কিতাপ আদি নাথাকিব। এই সকলোবোৰ নাশ হৈ যাব। জ্ঞানতো একমাত্ৰ পিতাৰহে আছে। এতিয়া চোৱা “জ্ঞান-বিজ্ঞান ভৱন” নাম ৰাখিছে, যেন তাত যোগ আৰু জ্ঞান শিকোৱা হয়। অৰ্থ নুবুজাকৈয়ে এনেকুৱা নাম ৰাখি দিয়ে। একোৱে গম নাপায় যে জ্ঞান কি। বিজ্ঞান কি। এতিয়া তোমালোকে জ্ঞান আৰু বিজ্ঞানক জানা। যোগৰ দ্বাৰা স্বাস্থ্য পোৱা যায়, যাক বিজ্ঞান বুলি কোৱা হয় আৰু এয়া হৈছে জ্ঞান, য’ত বিশ্বৰ ইতিহাস-ভূগোল বুজোৱা হয়। বিশ্বৰ ইতিহাস-ভূগোল কেনেকৈ পুনৰাবৃত্তি হয় সেয়া জানিব লাগে। কিন্তু সেই পঢ়া হৈছে হদৰ (সীমিত) ইয়াততো তোমালোকৰ বেহদৰ ইতিহাস-ভূগোল বুদ্ধিত আছে। আমি কেনেকৈ ৰাজ্য লওঁ, কিমান সময় আৰু কেতিয়া ৰাজত্ব কৰিছিলোঁ, কেনেকৈ ৰাজধানী পাইছিলোঁ - এই কথাবোৰ অন্য কাৰো বুদ্ধিত উদয় নহয়। পিতাহে জ্ঞানৱান। এই সৃষ্টিৰ চক্ৰ কেনেকৈ ঘূৰে সেয়া পিতাইহে বুজায়। পূৰ্ব নিৰ্ধাৰিত ড্ৰামাক নজনাৰ কাৰণে মনুষ্যই কৈ দিয়ে - অমুক নিৰ্বাণত গ’ল বা জ্যোতি জ্যোতিত সমাহিত হৈ গ’ল।

তোমালোকে জানা যে সকলো মনুষ্য মাত্ৰেই এই সৃষ্টি চক্ৰত আহে, ইয়াৰ পৰা কোনো এজনো বাদ পৰিব নোৱাৰে। পিতাই বুজায় - মনুষ্যৰ আত্মাই এটা শৰীৰ এৰি অন্য এটা লয়, কিমান বিশাল ড্ৰামা। সকলোৰে দেহত আত্মা আছে, সেই আত্মাত অবিনাশী ভূমিকা নিহিত হৈ আছে। ইয়াক কোৱা হয় পূৰ্ব নিৰ্ধাৰিত….. এতিয়া যিহেতু ড্ৰামা বুলি কয় তেন্তে তাৰ সময়ো থাকিব। পিতাই বুজায় - এই ড্ৰামা 5 হাজাৰ বছৰৰ। ভক্তিমাৰ্গৰ শাস্ত্ৰত লিখি দিছে যে ড্ৰামাখন লাখ লাখ বছৰৰ। এই সময়তে যেতিয়া পিতা আহি সহজ ৰাজযোগ শিকাইছিল, এইখিনি সময়ৰ কাৰণেই গায়ন আছে যে কৌৰৱ ঘোৰ অন্ধকাৰত আছিল আৰু পাণ্ডৱসকল আলোকত আছিল। তেওঁলোকে ভাবে কলিযুগৰতো এতিয়াও 40 হাজাৰ বছৰ আছে। তেওঁলোকে এইটো গম নাপায় যে ভগৱান আহিছে, এই পুৰণি সৃষ্টিৰ মৃত্যু সমাগত। সকলো অজ্ঞান নিদ্ৰাত শুই আছে। যেতিয়া যুদ্ধ লগা দেখে তেতিয়া কয় এয়াতো মহাভাৰতৰ যুদ্ধৰ লক্ষণ। এই আখৰা চলি থাকিব। আকৌ চলি চলি বন্ধ হৈ যাব। তোমালোকে জানা এতিয়া আমাৰ সম্পূৰ্ণ স্থাপনা হৈছে জানো। ‘গীতা’ত জানো এনেকৈ আছে যে পিতাই সহজ ৰাজযোগ শিকালে ইয়াতে ৰাজ্য স্থাপনা কৰিলে। ‘গীতা’ততো প্ৰলয় দেখুৱাই দিছে। এনেকৈ দেখুৱায় যে অন্য সকলো মৰি গ’ল বাকী 5 পাণ্ডৱ ৰক্ষা পৰিল। তেওঁলোকো পাহাৰত গৈ গলি মৰি গ’ল। ৰাজযোগৰ পৰা কি হ’ল, একোৱে গম নাপায়। পিতাই প্ৰতিটো কথা বুজাই থাকে। সেইবোৰ হৈছে হদৰ কথা, হদৰ ৰচনা হদৰ ব্ৰহ্মাই ৰচে, প্ৰতিপালনো কৰে, বাকী প্ৰলয় নকৰায়। স্ত্ৰীক তুলি লয়। পিতাও আহি তুলি লয়। তেওঁ কয় - মই এওঁৰ শৰীৰত প্ৰৱেশ কৰি সন্তানসকলক জ্ঞান শুনাওঁ, এওঁৰ দ্বাৰা সন্তানসকলক ৰচনা কৰোঁ। পিতাও আছে, পৰিয়ালো আছে, এই কথাবোৰ অতি গূঢ়। বহুত গভীৰ কথা। কাচিৎহে কাৰোবাৰ বুদ্ধিত ধাৰণ হয়। এতিয়া পিতাই কয় - প্ৰথমেতো নিজক আত্মা বুলি বুজা, আত্মাইহে এটা শৰীৰ এৰি অন্য এটা লয়। শৰীৰৰে ভিন্ন ভিন্ন নাম ৰখা হয়। নাম, ৰূপ, চেহেৰা সকলো ভিন্ন ভিন্ন। এজনৰ চেহেৰা আনজনৰ লগত নিমিলে। প্ৰত্যেক আত্মাৰে জন্ম-জন্মান্তৰৰ নিজৰ চেহেৰা আছে। নিজৰ কৰ্মকাণ্ড ড্ৰামাত নিৰ্ধাৰিত হৈ আছে সেইবাবে ইয়াক পূৰ্ব নিৰ্ধাৰিত ড্ৰামা বুলি কোৱা হয়, এতিয়া বেহদৰ পিতাই কয় - মোক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ’ব। তেন্তে আমি কিয়নো পিতাক স্মৰণ নকৰোঁ। এইটোৱে পৰিশ্ৰমৰ কথা।

তোমালোক সন্তানসকল যেতিয়া স্মৃতিৰ যাত্ৰাত বহা তেতিয়া মায়াৰ ধুমুহা আহে, যুদ্ধ চলে, তাৰ কাৰণে ভয় খাব নালাগে। মায়াই বাৰে বাৰে স্মৃতিত ব্যাঘাত জন্মাব। এনেকুৱা সংকল্প, নেতিবাচক বিচাৰ উদয় হ’ব যে একেবাৰে মগজ নষ্ট কৰি দিব। তোমালোকে যত্ন কৰা। পিতাই বুজাইছে - এই লক্ষ্মী-নাৰায়ণৰ কৰ্মেন্দ্ৰিয় কেনেকৈ বশ হ’ল। এওঁলোক সম্পূৰ্ণ নিৰ্বিকাৰী আছিল। এই শিক্ষা এওঁলোকে ক’ৰ পৰা পালে? এতিয়া তোমালোক সন্তানসকলে এনেকুৱা হ’বলৈ শিক্ষা পাই আছা। এওঁলোকৰ কোনো বিকাৰ নাথাকে। তাত ৰাৱণৰ ৰাজ্যই নাই। পাছলৈ ৰাৱণৰাজ্য হয়। ৰাৱণ কি বস্তু, এয়া কোনেও নাজানে। ড্ৰামা অনুসৰি এয়াও নিৰ্ধাৰিত হৈ আছে। ড্ৰামাৰ আদি-মধ্য-অন্তক নাজানে, সেইকাৰণেই ‘নেতী নেতী’ (নাজানো নাজানো) বুলি কৈ আহিছে। এতিয়া তোমালোক স্বৰ্গবাসী হ’বৰ কাৰণে পুৰুষাৰ্থ কৰি আছা। এই লক্ষ্মী-নাৰায়ণ স্বৰ্গৰ মালিক নহয় জানো। এওঁলোকৰ আগত নতশিৰ হওঁতাসকল তমোপ্ৰধান কনিষ্ঠ পুৰুষ। পিতাই কয় - প্ৰথমতে এটা কথা দৃঢ় কৰি লোৱা – নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। ইয়াতেই পৰিশ্ৰম হয়। যেনেকৈ চৰকাৰী চাকৰি 8 (আঠ) ঘণ্টা হয় নহয়। এতিয়া তোমালোক বেহদ চৰকাৰৰ সহায়কাৰী হোৱা। তোমালোকেও অতিকমেও 8 (আঠ) ঘণ্টা পুৰুষাৰ্থ কৰি স্মৃতিত থাকিব লাগে। তোমালোকৰ এইটো অৱস্থা এনেকুৱা দৃঢ় হৈ যাব যে কাৰো স্মৃতি নাহিব। পিতাৰ স্মৃতিতেই শৰীৰ এৰিবা। তেতিয়া সেইসকলেই বিজয় মালাৰ মণি হ’বগৈ। এজন ৰজাৰ কিমান অনেক প্ৰজা থাকে। ইয়াতো প্ৰজা তৈয়াৰ হয়। তোমালোক বিজয় মালাৰ মণি পূজন কৰাৰ যোগ্য হ’বাগৈ। 16108ৰ মালাও থাকে। এটা ডাঙৰ বাকচত সোমাই থাকে। 8ৰ (আঠৰ) মালা, 108 ৰো আছে। অন্তিমত আকৌ 16108ৰো হয়গৈ। তোমালোক সন্তানসকলেই পিতাৰ পৰা ৰাজযোগ শিকি গোটেই বিশ্বক স্বৰ্গ কৰি তোলা সেইকাৰণে তোমালোকক পূজা কৰা হয়। তোমালোকেই পূজ্য আছিলা, আকৌ পূজাৰী হৈছা। এই দাদাই কয় - মই নিজেই মালা ঘূৰাইছিলোঁ, লক্ষ্মী-নাৰায়ণৰ মন্দিৰত এনেয়েতো ৰুদ্ৰমালা থকা উচিত। তোমালোক প্ৰথমে ‘ৰুদ্ৰ’ (শিৱ) মালাৰ পাছত ‘ৰুণ্ড’ (বিষ্ণু) মালাৰ হোৱা। প্ৰথম নম্বৰত হৈছে ৰুদ্ৰ মালা য’ত শিৱও আছে, ৰুণ্ড মালাত শিৱ ক’ৰ পৰা আহিব। সেয়া হৈছে বিষ্ণুৰ মালা। এই কথাবোৰো জানো কোনোবাই বুজি পায়। এতিয়া তোমালোকে কোৱা - আমি গৈ শিৱবাবাৰ ডিঙিৰ মালা হওঁগৈ। ব্ৰাহ্মণসকলৰ মালা হ’ব নোৱাৰে। ব্ৰাহ্মণৰ মালা গঁথা নহয়। তোমালোক যিমানে স্মৃতিত থাকা সিমানে আকৌ তাতো সমীপতে আহি ৰাজত্ব কৰিবা। এই পঢ়া আন কোনো ঠাইত পাব নোৱাৰে। তোমালোকে জানা যে এতিয়া আমি এই পুৰণা শৰীৰ এৰি স্বৰ্গবাসী হ’মগৈ। গোটেই ভাৰত স্বৰ্গবাসী হ’ব। বিশেষকৈ ভাৰতেই স্বৰ্গ আছিল। 5 হাজাৰ বছৰৰ কথা, লাখ লাখ বছৰৰ কথা হ’ব নোৱাৰে। দেৱতাসকলৰেই 5 হাজাৰ বছৰ হ’ল, স্বৰ্গক মনুষ্যই পাহৰি গ’ল। গতিকে এনেয়ে কৈ দিয়ে। বাকী একো নাই। ইমান পুৰণা চন আদি আছে জানো। সূৰ্যবংশী-চন্দ্ৰবংশী তাৰ পাছত অন্য ধৰ্মাৱলম্বীসকল আহে। পুৰণি বস্তু কি কামত আহিব। কিমান ক্ৰয় কৰে, পুৰণি বস্তুৰ মূল্য বহুত কৰি দিয়ে। সকলোতকৈ মূল্যৱান হৈছে শিৱবাবা, কিমান শিৱলিঙ্গ সাজে। আত্মা ইমান সূক্ষ্ম বিন্দু, এইটো কোনেও বুজিব নোৱাৰে। অতি সূক্ষ্ম ৰূপ। পিতাইহে বুজায় - ইমান সূক্ষ্ম বিন্দুত ইমান ভূমিকা নিহিত হৈ আছে, এই ড্ৰামা পুনৰাবৃত্তি হৈ থাকে, এই জ্ঞান তোমালোকৰ তাত নাথাকিব। এয়া প্ৰায় লুপ্ত হৈ যাব। তেন্তে আকৌ কোনোবাই সহজ ৰাজযোগ কেনেকৈ শিকাব পাৰে। এয়া সকলো ভক্তিমাৰ্গৰ কাৰণে বহি ৰচনা কৰিছে। এতিয়া সন্তানসকলে জানে পিতাৰ দ্বাৰা ব্ৰাহ্মণ, দেৱতা আৰু ক্ষত্ৰিয় - এই তিনিটা ধৰ্ম ভৱিষ্যত নতুন সৃষ্টিৰ কাৰণে প্ৰতিষ্ঠা হৈ আছে। তোমালোকে সেয়া যি পঢ়া সেইবোৰ এটা জন্মৰ বাবে। এই পঢ়াৰ প্ৰালব্ধ তোমালোকে নতুন সৃষ্টিত পাবা। এই পঢ়া হয় সংগমযুগত। এয়া হৈছে পুৰুষোত্তম সংগমযুগ। মনুষ্যৰ পৰা দেৱতা নিশ্চয় সংগমতেই হৈছিল। পিতাই সন্তানসকলক সকলো ৰহস্য বুজায়। পিতাই এইটোও জানে যে তোমালোকে গোটেই দিন এইটো স্মৃতিত থাকিব নোৱাৰা, অসম্ভৱ সেইবাবে খতিয়ান ৰাখিবা, চোৱা মই কিমানলৈকে স্মৃতিত থাকিব পাৰোঁ। দেহৰ অভিমান থাকিলে স্মৃতিত কেনেকৈ থাকিব পাৰিবা। শিৰত পাপৰ বোজা বহুত আছে। সেইকাৰণে পিতাই কয় – স্মৃতিত থাকিবা। ত্ৰিমূৰ্তিৰ চিত্ৰ জেপত ৰাখি থোৱা, কিন্তু তোমালোকে বাৰে বাৰে পাহৰি যোৱা। ‘অল্ফ’ (শিৱবাবাক) স্মৰণ কৰিলে ‘বে’ (বাদশ্বাহী) আদি সকলো স্মৃতিলৈ আহি যায়। বেজ সদায় লগাই ৰাখিব লাগে। সাহিত্যও ৰাখিব লাগে, কোনোবা ভাল ব্যক্তি পালে তেওঁক দি দিব লাগে। ভাল ব্যক্তিয়ে কেতিয়াও মূল্য নিদিয়াকৈ নল’ব। ক’ব ইয়াৰ দাম কিমান? ক’বা - এয়া গৰিবসকলক বিনামূলীয়াকৈ দিয়া হয়, বাকী যিয়ে যিমান দিয়ে। সৌজন্যবোধ থাকিব লাগে। তোমালোকৰ নীতি-প্ৰথা জগতৰ পৰা একেবাৰে অনন্য হোৱা উচিত। অভিজাত ব্যক্তিয়ে নিজেই কিবা দি দিব। এয়াতো আমি কল্যাণৰ কাৰণে সকলোকে দিওঁ। কোনোবাই পঢ়ি উঠিও তোমালোকলৈ পইচা পঠিয়াই দিব। খৰচতো আপোনালোকে কৰে নহয়। ক’বা, আমি নিজৰ তন–মন-ধনেৰে ভাৰতৰ সেৱাত খৰচ কৰোঁ। ভালবাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই বেহদৰ চৰকাৰক সহায় কৰিবৰ কাৰণে অতিকমেও 8 (আঠ) ঘণ্টা স্মৃতিত থকাৰ পুৰুষাৰ্থ কৰিব লাগে। স্মৃতিত থকাৰ ক্ষেত্ৰত মায়াই যি বিঘিনি আনে তালৈ ভয় কৰিব নালাগে।

(2) এই পুৰুষোত্তম সংগমযুগত ঈশ্বৰীয় সম্প্ৰদায়ৰ হৈ ঈশ্বৰৰ মতত চলিব লাগে। কৰ্ম কৰিও এজন পিতাৰ স্মৃতিত থকাৰ অভ্যাস কৰিব লাগে।

বৰদান:
অন্তৰ্মুখিতাৰ গুহাত থাকোঁতা দেহৰ পৰা উৰ্দ্ধত দেহী হোৱা

পাণ্ডৱসকলৰ যি গুহা দেখুৱায় - সেয়া এই অন্তৰ্মুখিতাৰেই গুহা, যিমানে দেহৰ পৰা উৰ্দ্ধত, দেহী ৰূপত স্থিত হোৱাৰ গুহাত থাকা সিমানে জগতৰ বাতাৱৰণৰ পৰা উৰ্দ্ধত গুচি যোৱা, বাতাৱৰণৰ প্ৰভাৱত নাহা। যেনেকৈ গুহাৰ ভিতৰত থাকিলে বাহিৰৰ বাতাৱৰণৰ পৰা নিলগত গুচি যায় তেনেকৈ এই অন্তৰ্মুখিতাৰ গুহায়ো সকলোৰে পৰা উৰ্দ্ধত আৰু পিতাৰ স্নেহী কৰি দিয়ে। আৰু যি পিতাৰ স্নেহী তেওঁ স্বতঃ অনন্য হৈ যায়।

স্লোগান:
সাধনা হৈছে বীজ আৰু সাধন তাৰ বিস্তাৰ। বিস্তাৰত সাধনাক লুকুৱাই নিদিবা।


অব্যক্ত সংকেত: আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা, অন্তৰ্মুখী হোৱা

অন্তৰ্মুখিতাৰ চিন হৈছে সদায় সাগৰৰ তলিত বিলীন গম্ভীৰমূৰ্ত। চেহেৰাৰ দ্বাৰা আত্মিক স্থিতিৰ চিহ্ন দেখা দিব। এফালে মনন-চিন্তন কৰোঁতা চেহেৰা আৰু আনফালে ৰমণীয় অৰ্থাৎ মিচিকিয়াই থকা চেহেৰা, দুয়োটা লক্ষণ চেহেৰাৰে প্ৰত্যক্ষ হ’ব। অন্তৰ্মুখীজন সদায় হাঁহিমুখীয়া দেখা যাব কিয়নো মায়াৰ সন্মুখীন হোৱা সমাপ্ত হৈ যাব।