12.06.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – সদায় স্মৃতিত ৰাখিবা যে আমি অবিনাশী আত্মা, আমি এতিয়া পিতাৰ সৈতে প্ৰথম মহলালৈ যাব লাগে”

প্ৰশ্ন:
কোনটো পৰিশ্ৰম তোমালোক প্ৰতিগৰাকী সন্তানে অৱশ্যে কৰিব লাগে?

উত্তৰ:
বাবাই তোমালোকক যি ইমান জ্ঞান দিয়ে সেয়া নিজৰ অন্তৰত ধাৰণ কৰা। ভিতৰি ভিতৰি সেয়া মনন কৰি হজম কৰা, যাৰ দ্বাৰা শক্তি পাবা। এইটো পৰিশ্ৰম অৱশ্যে প্ৰত্যেকেই কৰিব লাগে। যিয়ে এনেকৈ গুপ্ত পৰিশ্ৰম কৰে তেওঁ সদায় হৰ্ষিত হৈ থাকে, তেওঁৰ নিচা থাকে যে আমাক পঢ়াওঁতাজন কোন! আমি কাৰ সন্মুখত বহি আছোঁ!

ওঁম্শান্তি।
এয়া কোনে ক’লে। দুবাৰ কয় “ওঁম্‌ শান্তি”, “ওঁম্‌ শান্তি”। এবাৰ শিৱবাবাই ক’লে, এবাৰ ব্ৰহ্মা বাবাই। বাপদাদা দুয়ো একেলগে আছে। গতিকে দুয়োজনে ক’বলগীয়া হয় “ওঁম্‌ শান্তি”, “ওঁম্‌ শান্তি”। এতিয়া প্ৰথমে কোনে ক’লে? পাছত কোনে ক’লে? প্ৰথমে শিৱবাবাই ক’লে “ওঁম্‌ শান্তি”। মই শান্তিৰ সাগৰ হওঁ, পাছত কোনে ক’লে? দাদাৰ আত্মাই ক’লে। সন্তানসকলক স্মৃতি সোঁৱৰাই দিয়ে ওঁম্‌ শান্তি, মইতো সদায় দেহী-অভিমানী হওঁ, কেতিয়াও দেহ-অভিমানত নাহোঁ। এজনেই পিতা যি সদায় দেহী-অভিমানী হৈ থাকে। ব্ৰহ্মা-বিষ্ণু-শঙ্কৰে এনেকৈ নকয়। তোমালোকে জানা ব্ৰহ্মা, বিষ্ণু, শঙ্কৰৰো সূক্ষ্ম ৰূপ আছে। গতিকে “ওঁম্‌ শান্তি” বুলি কওঁতা এজন শিৱবাবা, যাৰ কোনো শৰীৰ নাই। পিতাই তোমালোকক ভালদৰে বুজায় আৰু কয় - মই এবাৰেই আহোঁ, মই সদায় দেহী-অভিমানী হওঁ। মই পুনৰ্জন্মত নাহোঁ সেইকাৰণে মোৰ মহিমাই অনন্য। মোক কয় - নিৰাকাৰ পৰমপিতা পৰমাত্মা। ভক্তিমাৰ্গতো শিৱৰ কাৰণে ক’ব - নিৰাকাৰ পৰমপিতা পৰমাত্মা। নিৰাকাৰৰ পূজা হয়। তেওঁ কেতিয়াও দেহত নাহে অৰ্থাৎ দেহ-অভিমানী নহয়। বাৰু, আকৌ তাৰ তললৈ আহা সূক্ষ্মলোকত, য’ত ব্ৰহ্মা-বিষ্ণু-শঙ্কৰ থাকে। শিৱৰ নাম ৰূপতো দেখিবলৈ পোৱা নাযায়। চিত্ৰ তৈয়াৰ হয় কিন্তু তেওঁ হ’ল নিৰাকাৰ, তেওঁ কেতিয়াও সাকাৰ নহয়েই। পূজাও নিৰাকাৰৰেই হয়। সন্তানসকলৰ বুদ্ধিত গোটেই জ্ঞান আছে। ভক্তিতো কৰিছে। চিত্ৰ সন্তানসকলে দেখিছে, তোমালোকে জানা সত্যযুগ-ত্ৰেতাত চিত্ৰৰো ভক্তি কৰা নহয়, বিচিত্ৰৰো কৰা নহয়। বুদ্ধিত উদয় হয় পৰমপিতা পৰমাত্মা বিচিত্ৰ। তেওঁৰ সূক্ষ্ম চিত্ৰও নাই, স্থূল চিত্ৰও নাই। তেওঁৰ মহিমা গোৱা হয়, দুখ হৰ্তা, সুখ কৰ্তা, পতিত-পাৱন। তোমালোকে অন্য কাৰো চিত্ৰক পতিত-পাৱন বুলি নোকোৱা। কোনো মনুষ্য নাই যাৰ বুদ্ধিত এই কথাষাৰ থাকে। ব্ৰহ্মা-বিষ্ণু-শঙ্কৰ হ’ল সূক্ষ্মলোকবাসী। প্ৰথম মহলা, পাছত দ্বিতীয় মহলা। উচ্চতকৈও উচ্চ মূললোক, সেই মহলাত থাকোঁতাজন হ’ল পৰমপিতা পৰমাত্মা। দ্বিতীয় নম্বৰ মহলাত সূক্ষ্ম শৰীৰধাৰী আছে। তৃতীয় মহলাত স্থূল শৰীৰধাৰী আছে, এই ক্ষেত্ৰত বিবুদ্ধিত পৰিব নালাগে। এই কথাবোৰ পৰমপিতা পৰমাত্মাৰ বাহিৰে কোনেও বুজাব নোৱাৰে। ওপৰত আত্মাসকলৰ সৃষ্টি আছে। সেইখনক কোৱা হয় নিৰাকাৰী সৃষ্টি, আমাৰ অৰ্থাৎ সকলো আত্মাৰ সৃষ্টি, নিৰাকাৰী জগত। আকৌ আমি আত্মাসকল সাকাৰ জগতলৈ আহোঁ। তাত থাকে আত্মাসকল, ইয়াত থাকে জীৱ আত্মাসকল। এইটো বুদ্ধিত থাকিব লাগে। যথাযথ আমি নিৰাকাৰী বাবাৰ সন্তান। আমিও প্ৰথমে নিৰাকাৰ পিতাৰ লগত আছিলোঁ। নিৰাকাৰী জগততহে আত্মাসকল থাকে। যিসকল এতিয়ালৈকে ভূমিকা পালন কৰিবলৈ সাকাৰত আহি থাকে। সেয়া হৈ গ’ল নিৰাকাৰ পিতাৰ লোক। আমি আত্মা, এইটো নিচা থাকিব লাগে। অবিনাশী বস্তুৰ নিচা থাকিব লাগে। বিনাশী বস্তুৰ নিচা থাকিব লাগে জানো। দেহৰ নিচাত থকাসকলক দেহ-অভিমানী বুলি কোৱা হয়। দেহ-অভিমানী ভাল নে আত্মা-অভিমানী ভাল? বুদ্ধিমান কোন? আত্মা-অভিমানী। আত্মাহে অবিনাশী, দেহতো বিনাশী। আত্মাই কয় - মই 84 দেহ ধাৰণ কৰোঁ। মই আত্মা পৰমধামত পিতাৰ সৈতে থাকোঁ। তাৰ পৰা ইয়াত ভূমিকা পালন কৰিবলৈ আহোঁ। আত্মাই কয় - অ’ বাবা। সাকাৰী সৃষ্টিত আছে সাকাৰী বাবা। নিৰাকাৰী সৃষ্টিত নিৰাকাৰী বাবা। এয়াতো একেবাৰে সহজ কথা। এতিয়া ব্ৰহ্মাক কয় প্ৰজাপিতা ব্ৰহ্মা। সেয়াতো ইয়াতেই হ’ল নহয়। তাত আমি আত্মাসকল সকলো এজন পিতাৰ সন্তান ভাই ভাই। পিতা শিৱৰ সৈতে থাকোঁতা। পৰমাত্মাৰ নাম হ’ল শিৱ। আত্মাৰ নাম হ’ল শালগ্ৰাম। আত্মাৰো ৰচয়িতা লাগে নহয়। অন্তৰত সদায় কথা পাতি থাকা। যি জ্ঞান পাইছা সেয়া নিজৰ অন্তৰত ধাৰণ কৰিবলৈ যত্ন কৰিব লাগে। আত্মাইহে বিচাৰ কৰে। পোন-প্ৰথমে এইটো নিশ্চয় কৰা যে মই আত্মা পিতাৰ সৈতে থাকোঁতা। মই তেওঁৰ সন্তান তেন্তে নিশ্চয় উত্তৰাধিকাৰ পাব লাগে। এইটোও তোমালোকে জানা যে এয়া যি আত্মাসকলৰ বৃক্ষ আছে তাৰ আগত নিশ্চয় বীজ থাকিব। যেনেকৈ বংশবৃক্ষ হয়। জ্যেষ্ঠ পিতা তেওঁৰ 2-4 টা সন্তান হ’ল, আকৌ তেওঁলোকৰ পৰা আৰু হ’ল। এজন দুজনকৈ বৃদ্ধি হৈ হৈ বৃক্ষ ডাঙৰ হৈ যায়। বংশাৱলীৰ নক্সা থাকে। অমুকৰ পৰা অমুক হ’ল… ।

তোমালোক সন্তানসকলে জানা মূললোকত সকলো আত্মা থাকে। তাৰো চিত্ৰ আছে। উচ্চতকৈয়ো উচ্চ হৈছে পিতা। তোমালোক সন্তানসকলৰ বুদ্ধিত আছে – বাবা এই শৰীৰত আহিছে। আত্মিক পিতা এওঁৰ শৰীৰত আহি আত্মাসকলক পঢ়ায়। সূক্ষ্মলোকততো নপঢ়াব। সত্যযুগততো এই জ্ঞান কাৰো নাথাকে। পিতাহে এই সংগমযুগত আহি এই জ্ঞান দিয়ে। এই মনুষ্য সৃষ্টিৰূপী বৃক্ষৰ জ্ঞান কাৰো নাই। কল্পৰ আয়ুসেই বহুত দীঘলীয়া কৰি লিখি দিছে। এতিয়া পিতাই তোমালোকক বুজায় - সন্তানসকল এতিয়া তোমালোক পুনৰ ঘৰলৈ যাব লাগে। সেইখন হৈছে আত্মাসকলৰ ঘৰ। পিতা আৰু সন্তানসকল থাকে, সকলো ভাই ভাই। ভাই আৰু ভনী বুলি তেতিয়া কোৱা হয় যেতিয়া ইয়াত শৰীৰ ধাৰণ কৰে। আমি আত্মা সকলো ভাই ভাই। ভাইৰ নিশ্চয় পিতাও থাকিব নহয়। তেওঁ হ’ল পৰমপিতা পৰমাত্মা। সকলো আত্মাই শৰীৰত থাকিও তেওঁক স্মৰণ কৰে। সত্যযুগ-ত্ৰেতাত কোনেও স্মৰণ নকৰে। পতিত জগতত সকলোৱে তেওঁক স্মৰণ কৰে কিয়নো সকলো ৰাৱণৰ কাৰাগাৰত আছে। সীতাই আহ্বান জনাইছিল - হে ৰাম। পিতাই বুজায় - ৰাম কোনো ত্ৰেতাৰজন স্মৃতিলৈ নাহে। পৰমপিতা পৰমাত্মাক ৰাম বুলি বুজি স্মৰণ কৰি থাকে। আত্মাই আহ্বান জনায়। এতিয়া তোমালোকে জানা আধাকল্প আকৌ আমি কাকো আহ্বান নজনাওঁ কাৰণ সুখধামত থাকিম। এই সময়ত পিতাইহে বুজায়, অন্য কোনেও নাজানেই। তেওঁলোকেতো কৈ দিয়ে আত্মাই পৰমাত্মা, আত্মা পৰমাত্মাত লীন হৈ যায়। পিতাই বুজায়, আত্মাতো অবিনাশী। এটাও আত্মাৰ বিনাশ হ’ব নোৱাৰে। যেনেকৈ পিতা অবিনাশী, তেনেকৈ আত্মাও অবিনাশী। ইয়াত আত্মা পতিত তমোপ্ৰধান হয়, আকৌ পিতাই সতোপ্ৰধান পৱিত্ৰ কৰি তোলে। গোটেই জগত তমোপ্ৰধান হ’বই লাগে। আকৌ সতোপ্ৰধান হ’ব লাগে। পতিত জগতক পাৱন কৰি তুলিবলৈ পিতা আহিবলগীয়া হয়। তেওঁক কোৱাই হয় ঈশ্বৰ পিতা। পিতাও অবিনাশী, আমি আত্মাসকলো অবিনাশী, এই ড্ৰামাখনো অবিনাশী। তোমালোক সন্তানসকলে জানা যে এই বিশ্বৰ ইতিহাস-ভূগোল কেনেকৈ পুনৰাবৃত্তি হয়। এই চাৰিওটা যুগত আমাৰ ভূমিকা চলে। আমি সূৰ্যবংশী আকৌ চন্দ্ৰবংশী হওঁ। চন্দ্ৰবংশী যেন দ্বিতীয় স্থানত আহি যায়। 14 কলাধাৰীসকলক সূৰ্যবংশী বুলি ক’ব নোৱাৰি। বাস্তৱত দেৱী-দেৱতা বুলিও তেওঁলোকক ক’ব নোৱাৰি। দেৱী-দেৱতা বুলি সম্পূৰ্ণ নিৰ্বিকাৰী, 16 কলা সম্পূৰ্ণসকলকহে কোৱা হয়। ৰামক 14 কলা সম্পন্ন বুলি কোৱা হ’ব। তোমালোকৰেই 84 জন্মৰ হিচাপ বুজোৱা হয়। নতুন বস্তু আকৌ পুৰণা হ’লে তেতিয়া সেই মজা নাথাকে। প্ৰথমে সম্পূৰ্ণ পৱিত্ৰ হৈ থাকে আকৌ কিছু বছৰ অতিক্ৰম কৰিলে তেতিয়া কিছু পুৰণা বুলি ক’ব। ঘৰৰো উদাহৰণ দিয়া হয়। প্ৰতিটো বস্তু এনেকুৱা। এই সৃষ্টিখনো এখন ডাঙৰ মঞ্চ। এই আকাশ তত্ত্ব বৰ বিশাল, ইয়াৰ কোনো অন্ত নাই। ইয়াৰ অন্ত ক’ত, সেয়া উলিয়াব নোৱাৰে। গৈ থাকা অন্ত পাব নোৱাৰা। ব্ৰহ্ম মহাতত্ত্বৰো কোনো অন্ত থাকিব নোৱাৰে। এই বিজ্ঞানীসকলে কিমান চেষ্টা কৰে অন্ত চাবলৈ কিন্তু যাব নোৱাৰে, অন্ত পাব নোৱাৰে। ব্ৰহ্মতত্ত্ব বৰ বিশাল, অনন্ত। আমি আত্মাসকল বহুত কম ঠাইত থাকোঁ। ইয়াত অট্টালিকা আদি কিমান ডাঙৰ ডাঙৰকৈ তৈয়াৰ কৰে। পৃথিৱীত ঠাই বহুত আছে। খেতি আদিও লাগে নহয়। তাততো (পৰমধামত) কেৱল আত্মাসকল থাকে। আত্মাই শৰীৰ অবিহনে কেনেকৈ খাব? তাততো অভোক্তা হয়। খোৱা বা ভোগ কৰা কোনো বস্তু নাথাকে। পিতাই বুজায় এই জ্ঞান তোমালোক সন্তানসকলে এবাৰেই পোৱা। আকৌ কল্পৰ পাছত তোমালোক সন্তানসকলক দিয়া হয়। গতিকে এইটো নিচা থাকিব লাগে। আমি দেৱতা ধৰ্মাৱলম্বী আছিলোঁ। তোমালোকে কোৱা বাবা আজিৰ পৰা 5 হাজাৰ বছৰ পূৰ্বে আমি আপোনাৰ ওচৰলৈ আহিছিলোঁ – শূদ্ৰৰ পৰা ব্ৰাহ্মণ হ’বলৈ। এতিয়া আকৌ আমি আপোনাৰ ওচৰলৈ আহিছোঁ। তেওঁ নিৰাকাৰ হোৱাৰ কাৰণে তোমালোকে ক’বা দাদাৰ ওচৰলৈ আহিছোঁ। বাবাই এওঁৰ শৰীৰত প্ৰৱেশ কৰিছে। পিতাই কয় – যেনেকৈ তোমালোকে কৰ্মেন্দ্ৰিয় লৈ ভূমিকা পালন কৰা তেনেকৈয়ে ময়ো কৰ্মেন্দ্ৰিয়ৰ আধাৰ লওঁ। নহ’লে মই ভূমিকা কেনেকৈ পালন কৰিম? শিৱ জয়ন্তীও পালন কৰে। শিৱতো নিৰাকাৰ। তেওঁৰ জয়ন্তী কেনেকৈ হ’ল? মনুষ্যইতো এটা শৰীৰ এৰি আন এটা লয়। পিতাই কয় – মই কেনেকৈ আহি তোমালোক সন্তানসকলক ৰাজযোগ শিকাওঁ। মনুষ্যৰ পৰা দেৱতা কৰি তুলিবলৈ ৰাজযোগ পিতাহে আহি শিকায়। মোকহে পতিত-পাৱন, জ্ঞানৰ সাগৰ বুলি কয়। মই বৃক্ষৰ আদি-মধ্য-অন্তৰ বিষয়ে গম পাওঁ।

তোমালোক সন্তানসকলে বুজি পোৱা যে বাবাই এওঁৰ শৰীৰত প্ৰৱেশ কৰি আমাক সকলো জ্ঞান বুজায়। ব্ৰহ্মা-বিষ্ণু-শঙ্কৰৰ ভূমিকাও বুজিব লাগে। পিতাকতো বুজিছা যে তেওঁ পতিত-পাৱন হয়। প্ৰত্যেকৰে মহিমা বেলেগ বেলেগ, কৰ্তব্য বেলেগ বেলেগ। ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আদি হয়। আত্মাই কয় - এইটো মোৰ শৰীৰ। মই প্ৰধানমন্ত্ৰী হওঁ। আত্মা শৰীৰৰ সৈতে নাথাকিলে তেতিয়া ক’ব নোৱাৰে। শিৱবাবাও হ’ল নিৰাকাৰ। তেৱোঁ ক’বলৈ কৰ্মেন্দ্ৰিয়ৰ আধাৰ ল’বলগীয়া হয়, সেইকাৰণে দেখুৱায় – মুখেৰে গঙ্গা ওলাল। এতিয়া শিৱতো হ’ল বিন্দু। তেওঁৰ মুখ ক’ৰ পৰা আহিল? গতিকে এওঁৰ শৰীৰত আহি বহে, তেওঁৰ দ্বাৰা জ্ঞান গঙ্গা বোৱায়। পিতাকহে সকলোৱে স্মৰণ কৰে – হে পতিত-পাৱন আহক। আমাক এই দুখৰ পৰা উদ্ধাৰ কৰক। তেৱেঁই সকলোতকৈ শ্ৰেষ্ঠ ছাৰ্জন। তেওঁৰহে পতিতক পাৱন কৰাৰ জ্ঞান আছে। সকলো পতিতক পাৱন কৰোঁতা একমাত্ৰ ছাৰ্জন। সত্যযুগত সকলো নিৰোগী হয়। এই লক্ষ্মী-নাৰায়ণ সত্যযুগৰ মালিক। এওঁলোকক এনেকুৱা কৰ্ম কোনে শিকালে যে এনেকুৱা নিৰোগী হ’ল। পিতাহে আহি শ্ৰেষ্ঠ কৰ্ম শিকায়। ইয়াততো কৰ্মৰ বাবে অনুশোচনা কৰি থাকে। সত্যযুগততো এনেকৈ কোৱা নহ’ব যে কৰ্ম এনেকুৱা। তাত কোনো দুখ, ৰোগ নাথাকে। ইয়াততো এজনে আনজনক দুখেই দি থাকে। সত্যযুগ-ত্ৰেতাত দুখৰ কথা নাথাকে যাৰবাবে ক’বলগীয়া হ’ব যে এয়া কৰ্মৰ ভোগ। কৰ্ম-অকৰ্ম-বিকৰ্মৰ অৰ্থ কোনেও বুজিবই নোৱাৰে। তোমালোকে জানা প্ৰতিটো বস্তু প্ৰথমে সতোপ্ৰধান, তাৰপাছত সতো, ৰজো, তমো হয়। সত্যযুগত 5 তত্ত্বও সতোপ্ৰধান হৈ থাকে। আমাৰ শৰীৰো সতোপ্ৰধান প্ৰকৃতিৰে গঠিত হয় আকৌ আত্মাৰ দুটা কলা কম হোৱাৰ কাৰণে শৰীৰো এনেকুৱা হয়। সৃষ্টিৰো দুটা কলা কম হৈ যায়। এই সকলোবোৰ পিতাইহে বহি বুজায়, অন্য কোনেও বুজাব নোৱাৰে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এতিয়াৰ পৰাই পিতাৰ শ্ৰীমত অনুসৰি এনেকুৱা শ্ৰেষ্ঠ কৰ্ম কৰিব লাগে যাতে আকৌ কেতিয়াও কৰ্মৰ বাবে অনুশোচনা কৰিবলগীয়া নহয় অৰ্থাৎ কৰ্মৰ বাবে শাস্তি খাবলগীয়া নহয়।

(2) কোনো বিনাশী বস্তুৰ প্ৰতি নিচা ৰাখিব নালাগে। এই দেহো বিনাশী ইয়াৰ প্ৰতিও নিচা ৰাখিব নালাগে, বিচাৰ বুদ্ধি সম্পন্ন হ’ব লাগে।

বৰদান:
এই পুৰণি সৃষ্টিক বিদেশ বুলি বুজি ইয়াৰ পৰা উৰ্দ্ধত থাকোঁতা স্বদেশী হোৱা

যেনেকৈ বহুলোকে বিদেশৰ বস্তুক স্পৰ্শও নকৰে, ভাবে যে নিজৰ দেশৰ বস্তু ব্যৱহাৰ কৰোঁ। তেনেকৈ তোমালোকৰ বাবে এই পুৰণি সৃষ্টিখনেই বিদেশ, ইয়াৰ পৰা উৰ্দ্ধত থাকা অৰ্থাৎ পুৰণি সৃষ্টিৰ যি বস্তু আছে, স্বভাৱ-সংস্কাৰ আছে সেইবোৰৰ প্ৰতি যাতে অলপো আকৰ্ষিত নোহোৱা। স্বদেশী হোৱা অৰ্থাৎ আত্মিক ৰূপত নিজৰ উচ্চ দেশ পৰমধাম আৰু এই ঈশ্বৰীয় পৰিয়ালৰ হিচাপত মধুবন দেশৰ নিবাসী বুলি বুজি তাৰ নিচাত থাকা।

স্লোগান:
জঞ্জালত আৱদ্ধ হোৱাৰ পৰিৱৰ্তে সদায় মিলন মেলাত থাকা।


অব্যক্ত ইংগিত: সদায় হৰ্ষিত হৈ থাকিবলৈ নিজৰ স্বভাৱ সৰল কৰি তোলা, সহনশীল হোৱা

পবিত্ৰ হংসৰ বিশেষত্ব - সৰল-চিত্ত, সৰল বাণী, সৰল বৃত্তি, সৰল দৃষ্টি। বাপদাদাৰ নিকা অন্তৰৰসকল আটাইতকৈ প্ৰিয় আৰু আটাইতকৈ সমীপৰ। নিকা অন্তৰৰ লোকসকল সদায় বাপদাদাৰ অন্তৰ আসনত অধিষ্ঠিত, সৰ্বশ্ৰেষ্ঠ সংকল্প পূৰ্ণ হোৱাৰ কাৰণে বৃত্তিত, দৃষ্টিত, বাণীত আৰু সম্বন্ধ-সম্পৰ্কত সৰল আৰু স্পষ্ট ৰূপ একেসমানে দেখা যায়।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]