12.07.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোক সঁচা বৈষ্ণৱ হ'ব লাগে, সঁচা বৈষ্ণৱ ভোজনৰ ক্ষেত্ৰত সংযমী হোৱাৰ লগতে পৱিত্ৰ হৈও থাকে”

প্ৰশ্ন:
কোনটো অৱগুণ গুণলৈ পৰিৱৰ্তন হৈ গ’লে নাও পাৰ হ'ব পাৰে?

উত্তৰ:
সকলোতকৈ বেয়া অৱগুণ হৈছে মোহ। মোহৰ কাৰণে সম্বন্ধীয়সকলৰ স্মৃতিয়ে হায়ৰাণ কৰি থাকে। কাৰোবাৰ কোনোবা সম্বন্ধীয়ৰ মৃত্যু হ’লে তেতিয়া 12 মাহলৈকে তেওঁক স্মৰণ কৰি থাকে। মুখ ঢাকি কান্দি থাকিব, স্মৃতি আহি থাকিব। এনেকৈয়ে যদি পিতাৰ স্মৃতিয়ে হায়ৰাণ কৰে, দিন-ৰাতিয়ে তোমালোকে পিতাক স্মৰণ কৰা তেতিয়া তোমালোকৰ নাও পাৰ হৈ যাব। যেনেকৈ লৌকিক সম্বন্ধীয়ক স্মৰণ কৰা তেনেকৈ পিতাক স্মৰণ কৰিলেতো অতি সৌভাগ্যৰ কথা।

ওঁম্শান্তি।
পিতাই নিতৌ সন্তানসকলক বুজায় যে নিজক আত্মা বুলি বুজি পিতাৰ স্মৃতিত বহা। আজি তাত সংযোজন কৰিছোঁ - কেৱল পিতা নহয় অন্য বুলিও বুজিব লাগে। মুখ্য কথাই হৈছে এইটো - পৰমপিতা পৰমাত্মা শিৱ, তেওঁক ঈশ্বৰ পিতা বুলিও কয়, জ্ঞান সাগৰো হয়। জ্ঞান সাগৰ হোৱাৰ কাৰণে শিক্ষকো হয়, ৰাজযোগ শিকায়। এইটো বুজালে বুজিব যে সত্য পিতাই এওঁলোকক পঢ়াই আছে। ব্যৱহাৰিক কথা এইটো শুনায়। তেওঁ সকলোৰে পিতাও হয়, শিক্ষকো হয়, সৎগতি দাতাও হয় আকৌ তেওঁক জ্ঞানৱান বুলি কোৱা হয়। পিতা, শিক্ষক, পতিত-পাৱন, জ্ঞান সাগৰ হয়। পোন-প্ৰথমেতো পিতাৰ মহিমা শুনাব লাগে। তেওঁ আমাক পঢ়াই আছে। আমি হৈছোঁ ব্ৰহ্মাকুমাৰ-কুমাৰী। ব্ৰহ্মাও হৈছে শিৱবাবাৰ ৰচনা আৰু এতিয়া হয়ো সংগমযুগ। লক্ষ্য-উদ্দেশ্যও হৈছে ৰাজযোগৰ, আমাক ৰাজযোগ শিকায়। গতিকে শিক্ষক হিচাপেও সিদ্ধ হ’ল। আৰু এই পঢ়া হৈছেই নতুন সৃষ্টিৰ কাৰণে। ইয়াত বহি এইটো দৃঢ় কৰা - আমি কি কি বুজাব লাগে। এয়া ভিতৰত ধাৰণ হ'ব লাগে। এইটোতো জানে যে কাৰোবাৰ বেছিকৈ ধাৰণা হয়, কাৰোবাৰ কম। ইয়াতো যিসকল জ্ঞানত বেছি তীব্ৰতাৰে আগবাঢ়ে তেওঁলোকৰ নাম হয়। পদো উচ্চ হয়। সংযমৰ বিষয়েও বাবাই শুনাই থাকে। তোমালোক সম্পূৰ্ণ বৈষ্ণৱ হোৱা। বৈষ্ণৱ অৰ্থাৎ যি নিৰামিষাহাৰী। মাংস মদ আদি গ্ৰহণ নকৰে। কিন্তু বিকাৰগ্ৰস্ততো হয়, বাকী বৈষ্ণৱ হ'লে তাতে কি হ'ল। বৈষ্ণৱ কুলৰ বুলি কয় অৰ্থাৎ পিয়াঁজ আদি তমোগুণী বস্তু গ্ৰহণ নকৰে। তোমালোক সন্তানসকলে জানা - কি কি বস্তু তমোগুণী হয়। কোনো কোনো ভাল মনুষ্যও আছে, যাক ধাৰ্মিক মনৰ বা ভক্ত বুলি কোৱা হয়। সন্ন্যাসীসকলক পৱিত্ৰ আত্মা বুলি কোৱা হ’ব আৰু যিসকলে দান আদি কৰে তেওঁলোকক পুণ্য আত্মা বুলি কোৱা হ’ব। ইয়াৰ দ্বাৰাও সিদ্ধ হয় - আত্মাইহে দান-পুণ্য কৰে সেইবাবে পুণ্য আত্মা, পৱিত্ৰ আত্মা বুলি কোৱা হয়। আত্মা কোনো নিৰ্লেপ নহয়। এনেকুৱা ভাল ভাল কথাবোৰ স্মৃতিলৈ আনিব লাগে। সাধুসকলকো মহান আত্মা বুলি কয়। মহান পৰমাত্মা বুলি কোৱা নহয়। গতিকে সৰ্বব্যাপী বুলি কোৱাতো ভুল। সকলো আত্মা, যিসকল আছে সকলোতে আত্মা আছে। যিসকল পঢ়া-লিখা কৰা লোক আছে তেওঁলোকে সিদ্ধ কৰি কয় যে বৃক্ষতো আত্মা আছে। কয় যে 84 লাখ যোনি যি আছে তাতো আত্মা আছে। আত্মা যদি নাই তেন্তে বৃদ্ধি কেনেকৈ হ'ব পাৰে! মনুষ্যৰ যি আত্মা আছে সেয়াতো জড়ত যাব নোৱাৰে। শাস্ত্ৰত এনেকুৱা এনেকুৱা কথাবোৰ লিখি দিছে। ইন্দ্ৰপ্ৰস্থৰ পৰা গঁতিয়াই দিলে তেতিয়া পাথৰ হৈ গ’ল। এতিয়া পিতাই বহি বুজায়, পিতাই সন্তানসকলক কয় - দেহৰ সম্বন্ধ ছিঙি নিজক আত্মা বুলি বুজা। মামেকম্ (কেৱল মোক) স্মৰণ কৰা। বচ্ তোমালোকৰ 84 জন্ম এতিয়া পূৰ্ণ হ’ল। এতিয়া তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ'ব লাগে। দুখধাম হৈছে অপৱিত্ৰ ধাম। শান্তিধাম আৰু সুখধাম হৈছে পৱিত্ৰ ধাম। এইটোতো বুজি পোৱা নহয়। সুখধামত থকা দেৱতাসকলৰ আগত মূৰ দোঁৱায়। সিদ্ধ হয় যে ভাৰতত নতুন সৃষ্টিত পৱিত্ৰ আত্মাসকল আছিল, উচ্চ পদবীধাৰী আছিল। এতিয়াতো গায় – মোৰ নিৰ্গুণীৰ কোনো গুণ নাই। হয়ো এনেকুৱাই। কোনো গুণ নাই। মনুষ্যৰ মোহো বহুত থাকে, মৰি যোৱাজনৰো স্মৃতি থাকে। বুদ্ধিত উদয় হয় যে এয়া মোৰ সন্তান। স্বামী অথবা সন্তান মৰিলে তেওঁক স্মৰণ কৰি থাকে। স্ত্ৰীয়ে 12 মাহলৈকেতো ভালদৰে স্মৰণ কৰে, মুখ ঢাকি কান্দি থাকে। এনেকৈ মুখ ঢাকি যদি তোমালোকে দিনে-ৰাতিয়ে পিতাক স্মৰণ কৰা তেতিয়া নাৱেই পাৰ হৈ যাব। পিতাই কয় - যেনেকৈ স্বামীক তোমালোকে স্মৰণ কৰি থাকা তেনেকৈ মোক স্মৰণ কৰা তেতিয়া তোমালোকৰ বিকৰ্ম বিনাশ হৈ যাব। পিতাই যুক্তি শুনায় এনেকৈ এনেকৈ কৰা।

খতিয়ান উলিয়ায় আজি ইমান খৰচ হ'ল, ইমান লাভ হ'ল, হাতত বাকী থকা ধনৰ হিচাপ সদায় উলিয়ায়। কোনোৱে এমাহৰ মূৰে মূৰে উলিয়ায়। ইয়াততো এইটো বহুত জৰুৰী, পিতাই বাৰে বাৰে বুজাইছে। পিতাই কয় - তোমালোক সন্তানসকল সৌভাগ্যশালী, হাজাৰ ভাগ্যশালী, কোটি ভাগ্যশালী, পদম, আৰব, খৰব ভাগ্যশালী হোৱা। যিসকল সন্তানে নিজকে সৌভাগ্যশালী বুলি ভাবে, তেওঁলোকে নিশ্চয় ভালদৰে পিতাক স্মৰণ কৰি থাকিব। তেওঁলোকেই গোলাপ ফুল হ'ব। এয়াতো চমুকৈ বুজাবলগীয়া হয়। হোঁতেতো সুবাসিত ফুল হ’ব লাগে। মুখ্য হ'ল স্মৃতিত থকাৰ কথা। সন্ন্যাসীসকলে ‘যোগ’ বুলি কৈ দিছে। লৌকিক পিতাই এনেকৈ নকয় যে মোক স্মৰণ কৰা বা সুধিব জানো যে মোক স্মৰণ কৰানে? পিতা সন্তানসকলৰ, সন্তানসকল পিতাৰ স্মৃতিত থাকেই। এয়াইতো বিধি। ইয়াত সুধিবলগীয়া হয় কিয়নো মায়াই পাহৰাই দিয়ে। ইয়ালৈ আহে, বুজি পায় যে আমি পিতাৰ ওচৰলৈ যাওঁ গতিকে পিতাৰ স্মৃতি থকা উচিত সেইবাবে বাবাই চিত্ৰও তৈয়াৰ কৰায় গতিকে সেয়াও লগত থাকক। প্ৰথমতে সদায় পিতাৰ মহিমাৰে আৰম্ভ কৰিবা। এওঁ আমাৰ বাবা, এনেয়েতো সকলোৰে পিতা হয়। সকলোৰে সৎগতি দাতা, জ্ঞানৰ সাগৰ জ্ঞানৱান হয়। বাবাই আমাক সৃষ্টি চক্ৰৰ আদি-মধ্য-অন্তৰ জ্ঞান দিয়ে, যাৰ দ্বাৰা আমি ত্ৰিকালদর্শী হৈ যাওঁ। এই সৃষ্টিত কোনো মনুষ্য ত্ৰিকালদর্শী হ'ব নোৱাৰে। পিতাই কয় - এই লক্ষ্মী-নাৰায়ণো ত্ৰিকালদর্শী নহয়। এওঁলোক ত্ৰিকালদর্শী হৈ কি কৰিব! তোমালোক হোৱা আৰু আনকো কৰি তোলা। এই লক্ষ্মী-নাৰায়ণৰ জ্ঞান থাকিলেতো পৰম্পৰাগতভাৱে চলি আহিলহেঁতেন। মাজতেতো বিনাশ হৈ যায় সেয়েহে পৰম্পৰাগতভাৱেতো চলিব নোৱাৰে। গতিকে সন্তানসকলে এই পঢ়া ভালদৰে স্মৃতিত ৰাখিব লাগে। তোমালোকৰো উচ্চতকৈও উচ্চ পঢ়া এই সংগমযুগতহে হয়। তোমালোকে স্মৰণ নকৰা, দেহ-অভিমানত আহি যোৱা সেয়েহে মায়াই থাপৰ মাৰি দিয়ে। 16 কলা সম্পূৰ্ণ হ'লে তেতিয়া বিনাশৰো প্ৰস্তুতি চলিব। তেওঁলোকে বিনাশৰ কাৰণে আৰু তোমালোকে অবিনাশী পদৰ কাৰণে প্ৰস্তুতি চলাই আছা। কৌৰৱ আৰু পাণ্ডৱৰ যুদ্ধ হোৱা নাই, কৌৰৱ আৰু যাদৱৰ যুদ্ধ হয়। ড্ৰামা অনুসৰি পাকিস্তানো হৈ গ'ল। সেয়াও তেতিয়াহে আৰম্ভ হ’ল যেতিয়া তোমালোকৰ জন্ম হ’ল। এতিয়া যিহেতু পিতা আহিছে গতিকে সকলো বাস্তৱত হ'ব লাগে নহয় জানো। ইয়াৰ কাৰণেই কোৱা হয় ৰক্তৰ নদী বৈ যায় তেতিয়া আকৌ ঘিউৰ নদী ব'ব। এতিয়াও চোৱা যুদ্ধ কৰি থাকে। অমুক চহৰখন দিয়া নহ'লে যুদ্ধ কৰিম। এইফালেৰে নাযাবা, এইটো আমাৰ ৰাস্তা। এতিয়া তেওঁলোকে কি কৰিব। পানীজাহাজ কেনেকৈ যাব! আকৌ মতামত দিয়ে। নিশ্চয় মতামত বিচাৰিব। সহায়ৰ যি আশা থাকে সেয়া পৰস্পৰেই শেষ কৰি দিব। ড্ৰামাত ইয়াত (দেশৰ ভিতৰত) আকৌ গৃহযুদ্ধ নিৰ্ধাৰিত হৈ আছে।

এতিয়া পিতাই কয় - মৰমৰ সন্তানসকল, বহুত বিচাৰ বুদ্ধি সম্পন্ন হোৱা। ইয়াৰ পৰা বাহিৰত ঘৰলৈ গ’লে আকৌ পাহৰি নাযাবা। ইয়ালৈ তোমালোক উপাৰ্জন জমা কৰিবলৈ আহা। সৰু সৰু ল'ৰা-ছোৱালীক লৈ আহিলে তেতিয়া সিহঁতৰ বন্ধনত থাকিবলগীয়া হয়। ইয়াততো জ্ঞান সাগৰৰ পাৰলৈ আহা, যিমান উপাৰ্জন কৰিবা সিমান ভাল। উপাৰ্জন কৰাতে লাগি যাব লাগে। তোমালোক আহাই অবিনাশী জ্ঞান ৰত্নেৰে জোলোঙা ভৰপূৰ কৰিবলৈ। গায়নো কৰে নহয় – ভোলানাথ জোলোঙা ভৰপূৰ কৰি দিয়ক। ভক্তসকলেতো শংকৰৰ আগত গৈ কয় - জোলোঙা ভৰপূৰ কৰি দিয়ক। তেওঁলোকে আকৌ শিৱ-শংকৰক একেই বুলি বুজি লয়। শিৱ-শংকৰ মহাদেৱ বুলি কয়। গতিকে মহাদেৱ ডাঙৰ হৈ গ'ল। এনেকুৱা সৰু সৰু কথাবোৰ অতিকৈ বুজিবলগীয়া হয়।

তোমালোক সন্তানসকলক বুজোৱা হয় - এতিয়া তোমালোক ব্ৰাহ্মণ, জ্ঞান পাই আছা। পঢ়াৰ দ্বাৰা মনুষ্যৰ শুধৰণি হয়। চাল-চলনো ভাল হয়। তোমালোকে এতিয়া পঢ়া। যিয়ে সকলোতকৈ বেছিকৈ পঢ়ে আৰু পঢ়ায়, তেওঁলোকৰ আচৰণো ভাল হয়। তোমালোকে ক’বা সকলোতকৈ ভাল আচৰণ হৈছে মম্মা-বাবাৰ। এওঁ (ব্ৰহ্মা বাবা) আকৌ হৈ গ'ল ডাঙৰ মম্মা, যাৰ শৰীৰত প্ৰৱেশ কৰি সন্তানসকলক ৰচনা কৰে। মাতা-পিতা সংযুক্ত। কিমান গুপ্ত কথা। যেনেকৈ তোমালোকে পঢ়া তেনেকৈ মম্মায়ো পঢ়িছিল। তেওঁক তুলি ল’লে। বুদ্ধিমান আছিল গতিকে ড্ৰামা অনুসৰি সৰস্বতী নাম পালে। ব্ৰহ্মপুত্ৰ ডাঙৰ নদী। সাগৰ আৰু ব্ৰহ্মপুত্ৰৰ মেলাও হয়। এওঁ ডাঙৰ নদী হ’ল গতিকে ‘মা’ও হ'ল নহয়। তোমালোক মৰমৰ সন্তানসকলক কিমান উচ্চলৈ লৈ যায়। পিতাই তোমালোক সন্তানকলকহে চায়। তেওঁতো কাকো স্মৰণ কৰিব নালাগে। এওঁৰ (ব্ৰহ্মাৰ) আত্মাইতো পিতাক স্মৰণ কৰিব লাগে। পিতাই কয় - আমি দুয়ো, সন্তানসকলক চাওঁ। মই অৰ্থাৎ আত্মাইতো সাক্ষী হৈ চাব নালাগে, কিন্তু পিতাৰ সংগত ময়ো এনেকৈ চাওঁ। পিতাৰতো লগত থাকো নহয়। তেওঁৰ সন্তান হওঁ গতিকে একেলগে চাওঁ। মই বিশ্বৰ মালিক হৈ ঘূৰোঁ, যেন মইহে এয়া কৰোঁ। মই দৃষ্টি দিওঁ। দেহ সহিত সকলোবোৰ পাহৰিবলগীয়া হয়। বাকী সন্তান আৰু পিতা যেন এক হৈ যায়। গতিকে পিতাই বুজায় - খুব পুৰুষাৰ্থ কৰা। যথাযথ মম্মা-বাবাই সকলোতকৈ বেছি সেৱা কৰে। ঘৰতো মাতা-পিতাই বহুত সেৱা কৰে নহয়। সেৱা কৰাসকলে নিশ্চয় পদো উচ্চ পাব গতিকে অনুসৰণ কৰিব লাগে নহয়। যেনেকৈ পিতাই অপকাৰীৰো উপকাৰ কৰে, তেনেকৈ তোমালোকেও পিতাক অনুসৰণ কৰা। ইয়াৰো অৰ্থ বুজিব লাগে। পিতাই কয় - মোক স্মৰণ কৰা অন্য কাৰো কথা নুশুনিবা। কোনোবাই কিবা ক'লে, আওকাণ কৰি দিবা। তোমালোকে মিচিকিয়াই থাকিলে তেতিয়া তেওঁলোক আপোনাআপুনি ঠাণ্ডা হৈ যাব। বাবাই কৈছিল কোনোবাই ক্ৰোধ কৰিলে তোমালোকে তেওঁক ফুল আগবঢ়াবা, ক’বা আপোনালোকে অপকাৰ কৰে, আমি উপকাৰ কৰোঁ। পিতাই নিজেই কয় - গোটেই সৃষ্টিৰ মনুষ্য মোৰ অপকাৰী, মোক সৰ্বব্যাপী বুলি কৈ কিমান গালি দিয়ে মইতো সকলোৰে উপকাৰী। তোমালোক সন্তানসকলো সকলোৰে উপকাৰ কৰোঁতা হোৱা। তোমালোকে খেয়াল কৰা - আমি কি আছিলোঁ, এতিয়া কি হৈ যাওঁ! বিশ্বৰ মালিক হৈ যাওঁ। খেয়াল বা সপোনতো নাছিল। বহুতৰে ঘৰত বহি সাক্ষাৎকাৰ হৈছে। কিন্তু সাক্ষাৎকাৰৰ পৰা কিবা হয় জানো। লাহে লাহে বৃক্ষৰ বৃদ্ধি হৈ গৈ থাকিব। এয়া নতুন দৈৱী বৃক্ষ স্থাপনা হৈ আছে নহয়। সন্তানসকলে জানে, আমাৰ দৈৱী ফুলৰ বাগিচা তৈয়াৰ হৈ আছে। সত্যযুগত দেৱতাসকলহে থাকে, আকৌ আহিব, চক্র ঘূৰি থাকে। 84 জন্মও তেওঁলোকেই ল’ব। অন্য আত্মাসকল আকৌ ক'ৰপৰা আহিব। ড্ৰামাত যিসকল আত্মা আছে, কোনেও ভূমিকাৰ পৰা ৰেহাই পাব নোৱাৰে। এই চক্র ঘূৰিয়েই থাকে। আত্মা কেতিয়াও কমি নাযায়। সৰু-ডাঙৰ নহয়।

পিতাই বহি মৰমৰ সন্তানসকলক বুজায়, কয় - সন্তানসকল সুখদায়ী হোৱা। মাকে কয় নহয় - নিজৰ মাজত হাই-কাজিয়া নকৰিবা। বেহদৰ পিতায়ো সন্তানসকলক কয় - স্মৃতিৰ যাত্রা বহুত সহজ। সেই যাত্রাতো জন্ম-জন্মান্তৰ কৰি আহিছা তথাপি ছিৰি নামি পাপ আত্মা হৈ যোৱা। পিতাই কয় - এয়া হৈছে আত্মিক যাত্রা। তোমালোক এই মৃত্যুলোকলৈ উভতি আহিব নালাগে। সেই যাত্রাৰ পৰাতো উভতি আহে আকৌ যেনেকুৱা আছিল তেনেকুৱাই হৈ যায়। তোমালোকেতো জানা যে আমি স্বৰ্গলৈ যাওঁ। স্বৰ্গ আছিল আকৌ হ'ব। এই চক্র ঘূৰিব। সৃষ্টি এখনেই বাকী তৰা আদিত কোনো সৃষ্টি নাই। ওপৰত গৈ চাবৰ কাৰণে কিমান মগজ খটুৱাই থাকে। মগজ খটুৱাওঁতে খটুৱাওঁতে মৃত্যু সন্মুখত আহি যাব। এয়া সকলো হ'ল বিজ্ঞান। ওপৰলৈ যাব তেতিয়া কি হ'ব? মৃত্যুতো সন্মুখত থিয় হৈ আছে। এফালে ওপৰত গৈ অনুসন্ধান কৰে, আনফালে মৃত্যুৰ বাবে বোমা সাজি আছে। মনুষ্যৰ বুদ্ধি চোৱা কেনেকুৱা। বুজিও পায় যে কোনোবা প্রেৰক আছে। নিজেই কয় যে বিশ্বযুদ্ধ নিশ্চয় হ'ব। এয়া সেয়াই মহাভাৰতৰ যুদ্ধ। এতিয়া তোমালোক সন্তানসকলেও যিমানে পুৰুষাৰ্থ কৰিবা সিমানে কল্যাণ কৰিবা। খোদাৰ সন্তানতো হোৱাই। ভগৱানে নিজৰ সন্তান কৰি লয়, গতিকে তোমালোক ভগৱান-ভগৱতী হৈ যোৱা। লক্ষ্মী-নাৰায়ণক ভগৱান-ভগৱতী বুলি কয় নহয়। শ্ৰীকৃষ্ণক ঈশ্বৰ বুলি মানে, ৰাধাক ইমান নামানে। সৰস্বতীৰ নাম আছে, ৰাধাৰ নাম নাই। কলহ আকৌ লক্ষ্মীৰ হাততে দেখুৱায়। এইটোও ভুল কৰি দিছে। সৰস্বতীৰো অনেক নাম ৰাখি দিছে। সেয়াতো তোমালোকেই হোৱা। দেৱীসকলৰো পূজা হৈ থাকে গতিকে আত্মাসকলৰ পূজা হয়। পিতাই সন্তানসকলক প্রতিটো কথা বুজাই থাকে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) যেনেকৈ পিতাই অপকাৰীৰো উপকাৰ কৰে, তেনেকৈ পিতাক অনুসৰণ কৰিব লাগে। কোনোবাই কিবা ক'লে আওকাণ কৰিব লাগে, মিচিকিয়াই থাকিব লাগে। এজন পিতাৰ পৰাহে শুনিব লাগে।

(2) সুখদায়ী হৈ সকলোকে সুখ দিব লাগে, পৰস্পৰ হাই-কাজিয়া কৰিব নালাগে। বিচাৰ বুদ্ধি সম্পন্ন হৈ নিজৰ জোলোঙা অবিনাশী জ্ঞান ৰত্নেৰে ভৰপূৰ কৰিব লাগে।

বৰদান:
সাগৰৰ গভীৰতাত গৈ অনুভৱ ৰূপী ৰত্ন প্ৰাপ্ত কৰোঁতা সদায় সমৰ্থ আত্মা হোৱা

সমৰ্থ আত্মা হ’বলৈ যোগৰ প্ৰতিটো বিশেষত্বৰ, প্ৰতিটো শক্তিৰ আৰু জ্ঞানৰ প্ৰতিষাৰ মুখ্য সাৰ কথাৰ অভ্যাস কৰা। অভ্যাস কৰোঁতা, নিচাত মগন হৈ থাকোঁতা আত্মাৰ সন্মুখত কোনো ধৰণৰ বিঘিনি তিষ্ঠি থাকিব নোৱাৰে সেই কাৰণে অভ্যাসৰ প্ৰয়োগশালাত বহি যোৱা। এতিয়ালৈকে জ্ঞানৰ সাগৰ, গুণৰ সাগৰ, শক্তিৰ সাগৰত ওপৰৰ ঢৌত খেলি আছা, কিন্তু এতিয়া সাগৰৰ গভীৰতালৈ যোৱা তেতিয়া অনেক প্ৰকাৰৰ বিচিত্ৰ অনুভৱৰ ৰত্ন প্ৰাপ্ত কৰি সমৰ্থ আত্মা হৈ যাবা।

স্লোগান:
অশুদ্ধিয়ে বিকাৰ ৰূপী ভূতক আহ্বান জনায় সেই কাৰণে সংকল্পৰেও শুদ্ধ হোৱা।


অব্যক্ত সংকেত: সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা

যেনেকৈ পিতা ব্ৰহ্মাই বিশেষ শ্ৰেষ্ঠ সংকল্পৰে সন্তানসকলক আহ্বান জনালে অৰ্থাৎ ৰচনা ৰছিলে। এই সংকল্পৰ ৰচনাও কম নহয়। শ্ৰেষ্ঠ শক্তিশালী সংকল্পই প্ৰেৰণা দি ভিন্ন ভিন্ন ধৰ্মৰ পৰ্দাৰ আঁৰৰ পৰা উলিয়াই সমীপত আনিলে। তেনেকৈ তোমালোক সন্তানসকলো শ্ৰেষ্ঠ সংকল্পধাৰী হোৱা। নিজৰ সংকল্প শক্তি অধিক খৰচ নকৰিবা, অপচয় নকৰিবা। তেতিয়া শ্ৰেষ্ঠ সংকল্পৰে প্ৰাপ্তিও শ্ৰেষ্ঠ হ’ব।