12.10.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোক বহুত উচ্চ জাতিৰ, তোমালোক ব্ৰাহ্মণৰ পৰা দেৱতা হ'ব লাগে সেইবাবে লেতেৰা
বিকাৰী অভ্যাসবোৰ দূৰ কৰিব লাগে”
প্ৰশ্ন:
এই পঢ়াৰ লগত
কোনটো কথাৰ সম্বন্ধ নাই?
উত্তৰ:
সাজপাৰ আদিৰ সম্বন্ধ এই পঢ়াৰ লগত নাই, ইয়াত কোনো সাজপাৰ সলনি কৰাৰ কথা নাই। পিতাইতো
আত্মাসকলক পঢ়ায়। আত্মাই জানে এয়া পুৰণা পতিত শৰীৰ, ইয়াক যিকোনো সাধাৰণ কাপোৰ
পিন্ধোৱা, কোনো আপত্তি নাই। শৰীৰ আৰু আত্মা দুয়োটাই ক'লা (অপৱিত্ৰ)। পিতাই
ক'লাবৰণীয়াকে শুভ্ৰ কৰি তোলে।
ওঁম্শান্তি।
আত্মিক পিতাৰ
সন্মুখত আত্মিক সন্তানসকল আত্মিক পাঠশালাত বহি আছে। এয়া পাৰ্থিৱ (শাৰীৰিক) পাঠশালা
নহয়। আত্মিক পাঠশালাত আত্মিক পিতাই বহি আত্মিক সন্তানসকলক ৰাজযোগ শিকাই আছে।
তোমালোক সন্তানসকলে জানা যে আমি পুনৰাই নৰৰ পৰা নাৰায়ণ অথবা দেৱী-দেৱতা পদ প্ৰাপ্ত
কৰিবৰ কাৰণে আত্মিক পিতাৰ ওচৰত বহি আছোঁ। এয়া হৈছে নতুন কথা। এইটোও তোমালোকে জানা
যে লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল, তেওঁলোক দ্বৈত মুকুটধাৰী আছিল। প্ৰকাশৰ (পৱিত্ৰতাৰ)
মুকুট আৰু ৰত্ন খচিত মুকুট দুয়োটা আছিল। পোন-প্ৰথমে হৈছে প্ৰকাশৰ মুকুট, যিসকল হৈ
গ’ল তেওঁলোকক শুভ্ৰ প্ৰকাশৰ দেখুৱায়। এয়া হৈছে পৱিত্ৰতাৰ চিহ্ন। অপৱিত্ৰক কেতিয়াও
প্ৰকাশৰ মুকুট নেদেখুৱায়। তোমালোকৰ ফটো উলিয়ালে তেতিয়া প্ৰকাশ দিব নোৱাৰে। এয়া
পৱিত্ৰতাৰ চিহ্ন দিয়ে। প্ৰকাশ আৰু আন্ধাৰ। ব্ৰহ্মাৰ দিন প্ৰকাশ, ব্ৰহ্মাৰ ৰাতি
আন্ধাৰ। আন্ধাৰ অৰ্থাৎ তেওঁৰ প্ৰকাশ নাই। তোমালোক সন্তানসকলে জানা - পিতাহে আহি,
ইমানবিলাক যি পতিত অৰ্থাৎ আন্ধাৰেই আন্ধাৰ, তেওঁলোকক পাৱন কৰি তোলে। এতিয়াতো পৱিত্ৰ
ৰাজধানী নাই। সত্যযুগত আছিল যেনেকুৱা ৰজা-ৰাণী তেনেকুৱা প্ৰজা, সকলো পৱিত্ৰ আছিল।
এই লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল। এইখন চিত্ৰৰ ওপৰত তোমালোক সন্তানসকলে বহুত ভালদৰে
বুজাব লাগে। এয়া হৈছে তোমালোকৰ লক্ষ্য-উদ্দেশ্য। বুজাবৰ কাৰণে আৰু ভাল চিত্ৰ আছে
সেয়েহে ইমানবোৰ চিত্ৰ ৰখা হয়। মনুষ্যই ততালিকে বুজি নাপায় যে আমি এই স্মৃতিৰ
যাত্ৰাৰ দ্বাৰা তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ'ম, আকৌ মুক্তি বা জীৱনমুক্তিত গুচি যাম।
জগতত কোনেও গম নাপায় যে জীৱনমুক্তি বুলি কাক কোৱা হয়। লক্ষ্মী-নাৰায়ণৰ ৰাজ্য কেতিয়া
আছিল - এইটোও কোনেও গম নাপায়। এতিয়া তোমালোকে জানা আমি পিতাৰ পৰা পৱিত্ৰতাৰ দৈৱী
স্বৰাজ্য লৈ আছোঁ। চিত্ৰৰ ওপৰত তোমালোকে ভালদৰে বুজাব পাৰা। ভাৰততহে দ্বৈত
মুকুটধাৰীসকলৰ পূজা কৰে। এনেকুৱা চিত্ৰও ছিৰিত আছে। সেই মুকুট আছে কিন্তু প্ৰকাশৰ
মুকুট নাই। পৱিত্ৰৰহে পূজা হয়। প্ৰকাশ হৈছে পৱিত্ৰতাৰ চিহ্ন। বাকী এনেকুৱা নহয় যে
কোনোবা সিংহাসনত বহিলেহে প্ৰকাশ বিকিৰণ হয়। নহয়, এয়া হৈছে পৱিত্ৰতাৰ চিহ্ন। তোমালোক
এতিয়া পুৰুষাৰ্থী সেয়েহে তোমালোকৰ ক্ষেত্ৰত প্ৰকাশ দেখুৱাব নোৱাৰি। দেৱী-দেৱতাসকলৰ
আত্মা আৰু শৰীৰ দুয়োটা পৱিত্র হয়। ইয়াততো কাৰো পৱিত্ৰ শৰীৰ নাই সেয়েহে প্ৰকাশ দিব
নোৱাৰি। তোমালোকৰ ভিতৰতো কোনোবা পূৰা পৱিত্র হৈ থাকে। কোনোবা আকৌ আধা পৱিত্র হৈ থাকে।
মায়াৰ ধুমুহা বহুত আহে সেয়েহে তেওঁলোকক আধা পৱিত্ৰ বুলি কোৱা হ'ব। কোনোবাতো একদম
পতিত হৈ যায়। নিজেও বুজি পায় মই পতিত হৈ গ’লোঁ। আত্মাহে পতিত হয়, আত্মাক প্ৰকাশ দিব
নোৱাৰি।
তোমালোক সন্তানসকলে
এইটো পাহৰিব নালাগে যে আমি উচ্চতকৈ উচ্চ পিতাৰ সন্তান, তেন্তে কিমান মাৰ্জিত হ'ব
লাগে। ধৰি লোৱা কোনোবা মেতৰ হয়, তেওঁ এম.এল.এ. বা এম.পী. হৈ যায় অথবা পঢ়া পঢ়ি কিবা
পদবী প্ৰাপ্ত কৰি লয় তেতিয়া টিপটপ্ হৈ যায়। এনেকুৱা বহুত হৈ গৈছে। জাতি যদিওবা
সেইটোৱেই হয় - কিন্তু পদবী প্ৰাপ্ত হ’লে নিচা বাঢ়ি যায়। তেতিয়া সাজ-পোছাকো
তেনেকুৱাই পিন্ধিব। সেইদৰে এতিয়া তোমালোকেও পঢ়ি আছা, পতিতৰ পৰা পাৱন হ'বলৈ। তেওঁলোকো
পঢ়াৰ দ্বাৰা ডাক্তৰ, বেৰিষ্টাৰ আদি হয়। কিন্তু পতিততো হয় নহয় জানো কিয়নো তেওঁলোকৰ
পঢ়া পাৱন হ’বৰ কাৰণে নহয়। তোমালোকেতো জানা আমি ভৱিষ্যতে পৱিত্ৰ দেৱী-দেৱতা হওঁগৈ,
গতিকে শূদ্ৰবোধৰ অভ্যাসবোৰ আঁতৰি গৈ থাকিব। ভিতৰত এইটো নিচা থাকিব লাগে যে আমাক
পৰমপিতা পৰমাত্মাই দ্বৈত মুকুটধাৰী কৰি তোলে। আমি শূদ্ৰৰ পৰা ব্ৰাহ্মণ হওঁ আকৌ দেৱতা
হ'মগৈ তেতিয়া সেই লেতেৰা বিকাৰী অভ্যাসবোৰ আঁতৰি যায়। আসুৰি বস্তু সকলোবোৰ এৰিবলগীয়া
হয়। মেতৰৰ পৰা এম.পি. হৈ গ’লে তেতিয়া থকা-খোৱা ঘৰ আদি সকলোবোৰ উত্তম হৈ যায়।
তেওঁলোকৰতো হৈছে এই সময়ৰ কাৰণে। তোমালোকেতো জানা যে আমি ভৱিষ্যতে কি হ'মগৈ। নিজৰ
লগত এনেকুৱা কথা পাতিব লাগে। আমি কি আছিলোঁ, আমি এতিয়া কি হৈছোঁ। তোমালোকো শূদ্ৰ
জাতিৰ আছিলা, এতিয়া বিশ্বৰ মালিক হ’বাগৈ। যেতিয়া কোনোবাই উচ্চ পদ প্ৰাপ্ত কৰে তেতিয়া
সেইটো নিচা থাকে। তেন্তে তোমালোকো কোন আছিলা? (পতিত) ছিঃ ছিঃ আছিলা। এতিয়া তোমালোকক
ভগৱানে পঢ়াই বেহদৰ মালিক কৰি তোলে। এইটোও তোমালোকে বুজি পোৱা যে পৰমপিতা পৰমাত্মা
নিশ্চয় ইয়াতেই আহি ৰাজযোগ শিকাব। মূলধাম বা সূক্ষ্মধামততো নিশিকাব। তোমালোক সকলো
দূৰণিৰ দেশত থাকোঁতা আত্মা, ইয়াত আহি ভূমিকা পালন কৰা। 84 জন্মৰ ভূমিকা পালন কৰিবই
লাগে। তেওঁলোকেতো কৈ দিয়ে 84 লাখ যোনি। কিমান ঘোৰ অন্ধকাৰত আছে। এতিয়া তোমালোকে বুজি
পোৱা - 5 হাজাৰ বছৰ পূৰ্বে আমি দেৱী-দেৱতা আছিলোঁ। এতিয়াতো পতিত হৈ গ’লোঁ। গায়নো কৰে
হে পতিত-পাৱন আহক, আমাক পাৱন কৰি তোলক। কিন্তু বুজি নাপায়। এতিয়া পিতা স্বয়ং পাৱন
কৰি তুলিবলৈ আহিছে। ৰাজযোগ শিকাই আছে। নপঢ়াকৈ কোনেও উচ্চ পদ পাব নোৱাৰে। তোমালোকে
জানা বাবাই আমাক পঢ়াই নৰৰ পৰা নাৰায়ণ কৰি তোলে। লক্ষ্য-উদ্দেশ্যে সন্মুখত ঠিয় হৈ আছে।
প্ৰজা পদ কোনো লক্ষ্য-উদ্দেশ্যে নহয়। চিত্ৰও লক্ষ্মী-নাৰায়ণৰ আছে। এনেকুৱা চিত্ৰ
ৰাখি ক'ৰবাত পঢ়াব জানো? তোমালোকৰ বুদ্ধিত গোটেই জ্ঞান আছে। আমি 84 জন্ম লৈ পতিত হৈ
গ’লোঁ। ছিৰিৰ চিত্ৰখন বহুত ভাল। এইখন পতিত সৃষ্টি নহয় জানো, ইয়াত সাধু-সন্ত সকলো আহি
যায়। তেওঁলোকে নিজেও গায়ন কৰি থাকে পতিত-পাৱন আহক। পতিত সৃষ্টিক পাৱন সৃষ্টি বুলি
কোৱা নহয়। নতুন সৃষ্টি হৈছে পাৱন সৃষ্টি। পুৰণি পতিত সৃষ্টিত কোনো পাৱন থাকিব নোৱাৰে।
তেন্তে তোমালোক সন্তানসকলৰ কিমান নিচা থাকিব লাগে। আমি ঈশ্বৰ পিতাৰ সন্তান, ঈশ্বৰে
আমাক পঢ়ায়। গৰিবসকলকহে পিতাই আহি পঢ়ায়। গৰিবসকলৰ কাপোৰ আদি মলিয়ন হয় নহয় জানো।
তোমালোকৰ আত্মাইতো পঢ়ে নহয় জানো। আত্মাই জানে এইটো পুৰণা শৰীৰ। ইয়াকতো যিকোনো
সাধাৰণ কাপোৰ পিন্ধোৱা কোনো আপত্তি নাই। ইয়াত কোনো পোছাক আদি সলনি কৰাৰ বা জাকজমকতা
কৰাৰ কথা নাই। পোছাকৰ লগত কোনো সম্বন্ধই নাই। পিতাইতো আত্মাসকলক পঢ়ায়। শৰীৰতো পতিত
হয়, ইয়াৰ ওপৰত যিমানেই ভাল পোছাক পৰিধান নকৰা। কিন্তু আত্মা আৰু শৰীৰ পতিত হয় নহয়
জানো। কৃষ্ণক শ্যাম বৰণীয়া দেখুৱায় নহয় জানো। তেওঁৰ আত্মা আৰু শৰীৰ দুয়োটা ক'লা
আছিল। গাঁৱৰ ল'ৰা আছিল, তোমালোক সকলো গাঁৱৰ ল'ৰা-ছোৱালী আছিলা। জগতত মনুষ্য মাত্ৰেই
অনাথ (মাউৰা)। পিতাক নাজানেই। হদৰ (লৌকিকৰ) পিতাতো সকলোৰে আছে। বেহদৰ পিতাক তোমালোক
ব্ৰাহ্মণসকলেহে পাইছা। এতিয়া বেহদৰ পিতাই তোমালোকক ৰাজযোগ শিকাই আছে। ভক্তি আৰু
জ্ঞান। ভক্তিৰ যেতিয়া অন্ত হ’ব তেতিয়া পুনৰ পিতা আহি জ্ঞান দিব। এতিয়া হৈছে অন্ত।
সত্যযুগত এইবোৰ একোৱেই নাথাকে। এতিয়া পুৰণি সৃষ্টিৰ বিনাশৰ সময় আহি পাইছে। পাৱন
সৃষ্টিক স্বৰ্গ বুলি কোৱা হয়। চিত্ৰত কিমান স্পষ্টকৈ বুজোৱা হয়। ৰাধা-কৃষ্ণই পুনৰ
লক্ষ্মী-নাৰায়ণ হয়। এইটোও কোনেও গম নাপায়। তোমালোকে জানা যে দুয়ো বেলেগ বেলেগ
ৰাজধানীৰ আছিল। তোমালোকে স্বৰ্গৰ সয়ম্বৰো দেখিছা। পাকিস্তানত তোমালোক সন্তানসকলক
আমোদ দিবলৈ সংগীতৰ সকলো সাধন আছিল, সকলোবোৰ সাক্ষাৎকাৰ তোমালোকৰ হৈছিল।
এতিয়া তোমালোকে জানা
- আমি ৰাজযোগ শিকি আছোঁ, এইটো পাহৰিব নালাগে। যদিওবা ৰন্ধনশালাৰ কাম কৰে অথবা বাচন
ধোৱে কিন্তু সকলোৰে আত্মাই পঢ়ে নহয় জানো। ইয়াত সকলোৱে আহি বহে সেয়েহে বিশিষ্ট
ব্যক্তিসকল নাহে - ভাবে ইয়াততো সকলো গৰিবেই হয়, সেয়েহে লাজ কৰে। পিতাতো হয়েই গৰিবৰ
ত্ৰাণকৰ্তা। কোনো কোনো সেৱাকেন্দ্ৰত মেতৰো আহে। কোনোবা মুছলমানো আহে। পিতাই কয় -
দেহৰ সকলো ধৰ্ম ত্যাগ কৰা। মই গুজৰাটী, মই অমুক - এয়া সকলো হৈছে দেহ-অভিমান। ইয়াততো
আত্মাসকলক পৰমাত্মাই পঢ়ায়। পিতাই কয় - মই আহিছোঁও সাধাৰণ শৰীৰত। তেন্তে সাধাৰণৰ
ওচৰত সাধাৰণেই আহিব। এইটোতো বুজি পায় যে এওঁতো মণি-মুকুতাৰ বেপাৰী আছিল। পিতাই
নিজেই সোঁৱৰাই দিয়ে যে কল্প পূৰ্বেও মই কৈছিলোঁ যে মই সাধাৰণ বৃদ্ধ শৰীৰত আহোঁ।
বহুত জন্মৰ অন্তৰো অন্তিম জন্মত মই প্ৰৱেশ কৰোঁ। এওঁক কয় যে তুমি নিজৰ জন্মৰ বিষয়ে
নাজানা। কেৱল এজন অৰ্জুনকতো ঘোঁৰা গাড়ীৰ ৰথত বহি জ্ঞান দিয়া নাছিল নহয় জানো, তাক
পাঠশালা বুলি কোৱা নহ’ব। যুদ্ধক্ষেত্ৰও নহয়, এয়া হৈছে পঢ়া। সন্তানসকলে পঢ়াৰ প্ৰতি
পূৰা ধ্যান দিব লাগে। আমি পূৰা পঢ়ি দ্বৈত মুকুটধাৰী হ'ব লাগে। এতিয়াতো কোনো মুকুট
নাই। ভৱিষ্যতে দ্বৈত মুকুটধাৰী হ'ব লাগে। দ্বাপৰৰ পৰা প্ৰকাশ নাইকিয়া হৈ যায় তেতিয়া
আকৌ একক মুকুট থাকে। একক মুকুটধাৰীসকলে দ্বৈত মুকুটধাৰীসকলক পূজা কৰে। এইটো চিহ্নও
নিশ্চয় থাকিব লাগে। বাবাই চিত্ৰবোৰৰ কাৰণে নিৰ্দেশনা দি থাকে গতিকে চিত্ৰ তৈয়াৰ
কৰোঁতাসকলেতো মুৰুলীৰ প্ৰতি বহুত মনোযোগ দিবলগীয়া হয়। চিত্ৰৰ ওপৰত যিকোনো লোককে
বুজোৱা বহুত সহজ হয়। যেনেকৈ কলেজত নক্সাত দেখুৱালে তেতিয়া বুদ্ধিত আহি যায়। ইউৰোপ
সেইফালে, সেইফালে আইলেণ্ড আছে, লণ্ডন সেইফালে আছে। নক্সাই যদি দেখা নাই তেন্তে তেওঁ
কি গম পাব ইউৰোপ ক'ত আছে। নক্সা দেখিলে ততালিকে বুদ্ধিত আহি যাব। এতিয়া তোমালোকে
জানা ওপৰত আছে পূজ্য দ্বৈত মুকুটধাৰী দেৱী-দেৱতাসকল। আকৌ তললৈ আহিলে পূজাৰী হৈ যায়।
ছিৰি নামি আহে নহয় জানো। এই ছিৰিৰ চিত্ৰতো বহুত সহজ। যিকোনো লোকেই বুজিব পাৰে।
কিন্তু কিছুমানৰ বুদ্ধিত একো ধাৰণেই নহয়। ভাগ্যই এনেকুৱা। স্কুলত উত্তীৰ্ণ,
অনুত্তীৰ্ণতো হয় নহয় জানো। যদি ভাগ্যত নাই তেন্তে পুৰুষাৰ্থও নহয়, বেমাৰী হৈ পৰে।
পঢ়িব নোৱাৰে। কোনোবাইতো পূৰা পঢ়ে। কিন্তু তথাপিও সেয়া হৈছে পাৰ্থিৱ পঢ়া, এয়া হৈছে
আত্মিক পঢ়া। ইয়াৰ বাবে সোণৰ বুদ্ধি লাগে। পিতা সোণ যি সৰ্বদা পৱিত্ৰ হয়, তেওঁক
স্মৰণ কৰিলে তোমালোক আত্মা সোণ হৈ গৈ থাকিবা। এনেকৈ কোৱা হয় নহয় যে এওঁতো যেন একদম
পাথৰ বুদ্ধিৰ। তাত এনেকৈ নক'ব। সেয়াতো স্বৰ্গ আছিল নহয় জানো। এইটো পাহৰি গ'ল যে
ভাৰত স্বৰ্গ আছিল। এইটোও ক'ৰবাত প্ৰদৰ্শনীত বুজাব পাৰা, আকৌ পুনৰাবৃত্তিও কৰাব পাৰা।
প্ৰ'জেক্টৰত এইটো হ'ব নোৱাৰে। পোন-প্ৰথমেতো এই ত্ৰিমূৰ্তি, লক্ষ্মী-নাৰায়ণ আৰু
ছিৰিৰ চিত্ৰ বহুত জৰুৰী হয়। এইখন লক্ষ্মী-নাৰায়ণৰ চিত্ৰত গোটেই 84 জন্মৰ জ্ঞান আহি
যায়। সন্তানসকলৰ গোটেই দিন এইটোৱেই চিন্তন চলিব লাগে। প্ৰত্যেক সেৱাকেন্দ্ৰত মুখ্য
চিত্ৰসমূহতো নিশ্চয় ৰাখিব লাগে। চিত্ৰবোৰৰ দ্বাৰা ভালকৈ বুজিব পাৰিব। ব্ৰহ্মাৰ
দ্বাৰা এয়া ৰাজধানী স্থাপনা হৈ আছে। আমি হৈছোঁ প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান
ব্ৰহ্মাকুমাৰ-কুমাৰী। আগতে আমি শূদ্ৰ বৰ্ণৰ আছিলোঁ, এতিয়া আমি ব্ৰাহ্মণ বৰ্ণৰ হৈছোঁ
পুনৰ দেৱতা হ'ব লাগে। শিৱবাবাই আমাক শূদ্ৰৰ পৰা ব্ৰাহ্মণ কৰি তোলে। আমাৰ
লক্ষ্য-উদ্দেশ্য সন্মুখত ঠিয় হৈ আছে। এই লক্ষ্মী-নাৰায়ণ স্বৰ্গৰ মালিক আছিল পুনৰ
এওঁলোকে ছিৰি কেনেকৈ নামিলে। কিহৰ পৰা কি হৈ যায়। একদম যেন বুদ্ধিহীন হৈ যায়। এই
লক্ষ্মী-নাৰায়ণে ভাৰতত ৰাজত্ব কৰিছিল। ভাৰতবাসীয়ে গম পোৱা উচিত নহয় জানো। পুনৰ কি
হ'ল, ক'লৈ গুচি গ'ল। এওঁলোকক কোনোবাই জয় কৰিলে নেকি? তেওঁলোকে যুদ্ধত কাৰোবাক পৰাজয়
কৰিলে নেকি? কোনো জিকাও নাই আৰু হৰাও নাই। এয়াতো সকলো মায়াৰ কথা। ৰাৱণ ৰাজ্য আৰম্ভ
হ'ল আৰু 5 বিকাৰত অৱনমিত হৈ ৰাজ্য-ভাগ্য হেৰুৱালে, পুনৰ 5 বিকাৰৰ ওপৰত বিজয়ী হৈ সেয়া
হ’ল। এতিয়া হৈছে ৰাৱণ ৰাজ্যৰ জাকজমকতা। আমি গুপ্ত ৰীতিৰে নিজৰ ৰাজধানী স্থাপনা কৰি
আছোঁ। তোমালোক কিমান সাধাৰণ। পঢ়াওঁতাজন কিমান উচ্চতকৈ উচ্চ আৰু নিৰাকাৰ পিতা পতিত
শৰীৰত আহি সন্তানসকলক এনেকুৱা (লক্ষ্মী-নাৰায়ণ) কৰি গঢ়ি তোলে। দূৰণিৰ দেশৰ পৰা পতিত
সৃষ্টিত পতিত শৰীৰত আহে। সেয়াও নিজক লক্ষ্মী-নাৰায়ণ কৰি নগঢ়ে, তোমালোক সন্তানসকলক
গঢ়ি তোলে। কিন্তু তেনে হ'বৰ কাৰণে পূৰা পুৰুষাৰ্থ নকৰা। দিনে-ৰাতিয়ে পঢ়িব আৰু পঢ়াব
লাগে। বাবাই দিনে-প্ৰতিদিনে বহুত সহজ যুক্তি বুজাই থাকে। লক্ষ্মী-নাৰায়ণৰ পৰাই
আৰম্ভ কৰিব লাগে। তেওঁলোকে 84 জন্ম কেনেকৈ ল'লে। পুনৰ অন্তিম জন্মত পঢ়ি আছে আকৌ
তেওঁলোকৰ ৰাজবংশ হয়। কিমান বুজাবলগীয়া কথা আছে। চিত্ৰৰ কাৰণে বাবাই নিৰ্দেশনা দিয়ে।
কিবা চিত্ৰ তৈয়াৰ কৰিলা, ততালিকে বাবাৰ ওচৰলৈ দৌৰি আহিব লাগে। বাবাই শুধৰণি কৰি
সকলোবোৰ নিৰ্দেশনা দি দিব।
বাবাই কয় মই সম্ৰাটৰো
সম্ৰাট হওঁ, ভঁৰাল ভৰপূৰ হৈ যাব। কোনো কথাৰ চিন্তা নাই। ইমান অনেক সন্তান বহি আছে।
বাবাই জানে কাৰ দ্বাৰা ভঁৰাল ভৰপূৰ কৰিব পাৰি। বাবাৰ খেয়াল হৈছে জয়পুৰক জোৰ দি উঠাব
লাগে। তাতেই হঠযোগীসকলৰ সংগ্ৰহালয় আছে। তোমালোকৰ আকৌ এনেকুৱা ভাল ৰাজযোগৰ সংগ্ৰহালয়
নিৰ্মাণ কৰিব লাগে যাতে যিকোনো লোকে আহি চায়। ভালবাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
াৰণাৰবাবেমুখ্যসাৰ:-
(1) পৱিত্ৰ
জ্ঞান বুদ্ধিত ধাৰণ কৰিবৰ কাৰণে নিজৰ বুদ্ধি ৰূপী পাত্ৰ সোণৰ কৰি তুলিব লাগে।
স্মৃতিৰ দ্বাৰাহে পাত্ৰ সোণৰ হ'ব।
(2) এতিয়া ব্ৰাহ্মণ
হৈছা সেয়েহে শূদ্ৰবোধৰ সকলোবোৰ অভ্যাস দূৰ কৰিব লাগে। বহুত মাৰ্জিত হৈ থাকিব লাগে।
আমি বিশ্বৰ মালিক হ'বলৈ গৈ আছোঁ - এইটো নিচাত থাকিব লাগে।
বৰদান:
সঙ্গমযুগত একৰ
বিপৰীতে এশ গুণ প্ৰত্যক্ষফল প্ৰাপ্ত কৰোঁতা পদমাপদম ভাগ্যশালী হোৱা
সঙ্গমযুগেই একৰ
বিপৰীতে এশ গুণ প্ৰত্যক্ষফল দিওঁতা হয়, কেৱল এবাৰ সংকল্প কৰিলা যে মই পিতাৰ হওঁ, মই
মাষ্টৰ সৰ্বশক্তিমান হওঁ, তেতিয়া মায়াজিৎ হোৱাৰ, বিজয়ী হোৱাৰ নিচা অনুভৱ হয়।
শ্ৰেষ্ঠ সংকল্প কৰা— এয়াই হৈছে বীজ আৰু তাৰ আটাইতকৈ ডাঙৰ ফল হ’ল যি স্বয়ং পৰমাত্মা
পিতায়ো সাকাৰ মনুষ্য ৰূপত সাক্ষাৎ কৰিবলৈ আহে, এইটো ফলত সকলো ফল আহি যায়।
স্লোগান:
সঁচা ব্ৰাহ্মণ তেওঁ যাৰ চেহেৰা আৰু চৰিত্ৰৰ দ্বাৰা পৱিত্ৰতাৰ ব্যক্তিত্ব তথা
আভিজাত্যৰ অনুভৱ হয়।
অব্যক্ত ইংগিত:
পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰা
বৰ্তমান সময়ত অনেক
আত্মাৰ স্ব-উপকাৰ কৰাৰ ইচ্ছা আছে কিন্তু সাহস আৰু শক্তি নাই। এনেকুৱা দুৰ্বল
আত্মাসকলৰ উপকাৰ কৰোঁতা তোমালোক পৰ-উপকাৰী সন্তানসকল নিমিত্ত হোৱা। গতিকে উপকাৰ সঁচা
অন্তৰেৰে হয়। বিশ্ব ৰাজ্য অধিকাৰী হ’ব লাগে সেয়েহে স্ব-উপকাৰীৰ লগতে পৰ-উপকাৰী হোৱা।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]