13.03.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোকে শ্ৰীমতত তত্ত্বসহিত গোটেই সৃষ্টি পৱিত্ৰ কৰি তোলাৰ সেৱা কৰিব লাগে, সকলোকে
সুখ আৰু শান্তিৰ ৰাস্তা দেখুৱাব লাগে”
প্ৰশ্ন:
তোমালোক
সন্তানসকলে নিজৰ দেহকো পাহৰিবলৈ পুৰুষাৰ্থ কৰা সেইবাবে তোমালোকৰ কোনটো বস্তুৰ
প্ৰয়োজন নাই?
উত্তৰ:
চিত্ৰৰ। যিহেতু এই চিত্ৰকেই (দেহকেই) পাহৰিব লাগে তেন্তে সেই চিত্ৰৰ কি প্ৰয়োজন।
নিজক আত্মা বুলি বুজি বিদেহী পিতা আৰু মৰমৰ ঘৰক স্মৰণ কৰা। এই চিত্ৰতো হৈছে সৰু
ল’ৰা-ছোৱালীৰ বাবে অৰ্থাৎ নতুনসকলৰ বাবে। তোমালোকতো স্মৃতিত থাকিব লাগে আৰু সকলোকে
সোঁৱৰাই দিব লাগে। পেছাগত কাম-কাজ আদি কৰি সতোপ্ৰধান হ’বৰ বাবে স্মৃতিত থকাৰে
অভ্যাস কৰা।
গীত:
ভাগ্য উদয় কৰি
আহিছোঁ... (তগদীৰ জগাকৰ আয়ি হু…)
ওঁম্শান্তি।
মৰমৰ
সন্তানসকলে এই কথাষাৰ শুনিলে আৰু লগে লগে আনন্দত নিশ্চয় পুলকিত হৈ গ’ল। সন্তানসকলে
জানে ইয়ালৈ নিজৰ সৌভাগ্য, স্বৰ্গৰ ভাগ্য আৰ্জিবলৈ আহিছে। এনেকৈ আৰু ক’তো নকয়।
তোমালোকে জানা যে আমি পিতাৰ পৰা স্বৰ্গৰ উত্তৰাধিকাৰ লৈ আছোঁ অৰ্থাৎ স্বৰ্গ গঢ়াৰ
পুৰুষাৰ্থ কৰি আছোঁ। কেৱল স্বৰ্গবাসী হ’বৰ বাবে নহয় কিন্তু স্বৰ্গত উচ্চ পদ পাবৰ
বাবে পুৰুষাৰ্থ কৰি আছোঁ। স্বৰ্গৰ সাক্ষাৎকাৰ কৰাওঁতা পিতাই আমাক পঢ়াই আছে। এইটোও
সন্তানসকলৰ নিচা বাঢ়িব লাগে। ভক্তিৰ এতিয়া অন্ত পৰিব। কোৱা হয় যে ভগৱান ভক্তসকলক
উদ্ধাৰ কৰিবলৈ আহে কিয়নো ৰাৱণৰ শিকলিত বান্ধ খাই আছে। অনেক মনুষ্যৰ অনেক মত।
তোমালোকেতো গম পাইছা। সৃষ্টিৰ চক্ৰ এই অনাদি খেল ৰচি থোৱা আছে। এইটোও ভাৰতবাসীয়ে
বুজি পায়, যথাযথ আমি প্ৰাচীন নতুন সৃষ্টিৰ নিবাসী আছিলোঁ, এতিয়া পুৰণি সৃষ্টিৰ
নিবাসী হৈছোঁ। পিতাই স্বৰ্গ নতুন সৃষ্টি ৰচিলে, ৰাৱণে আকৌ নৰক ৰচিলে। বাপদাদাৰ মতত
তোমালোকে এতিয়া নিজৰ কাৰণে নতুন সৃষ্টি স্থাপন কৰি আছা। নতুন সৃষ্টিৰ বাবে পঢ়ি আছা।
কোনে পঢ়ায়? জ্ঞানৰ সাগৰ, পতিত-পাৱন যাৰ মহিমা। এজনৰ বাহিৰে আৰু কাৰো মহিমা গোৱা নহয়।
তেৱেঁই পতিত-পাৱন। আমি সকলো পতিত। পৱিত্ৰ সৃষ্টিৰ স্মৃতি কাৰো নাই। এতিয়া তোমালোকে
জানা যে যথাযথ 5 হাজাৰ বছৰ পূৰ্বে পৱিত্ৰ সৃষ্টি আছিল। এইখন ভাৰতেই আছিল। বাকী সকলো
ধৰ্ম শান্তিত আছিল। আমি ভাৰতবাসী সুখধামত আছিলোঁ। মনুষ্যই শান্তি বিচাৰে কিন্তু
ইয়াততো কোনো শান্ত হৈ থাকিব নোৱাৰে। এইখন কোনো শান্তিধাম নহয়। শান্তিধাম হৈছে
নিৰাকাৰী সৃষ্টি য’ৰপৰা আমি আহোঁ। বাকী সত্যযুগ হৈছে সুখধাম, তাক শান্তিধাম বুলি
কোৱা নহয়। তাত তোমালোক পৱিত্ৰতা-সুখ-শান্তিত থাকা। কোনো হুলস্থুল নাথাকে। ঘৰত
সন্তানে কাজিয়া আদি কৰিলে তেতিয়া সিহঁতক কোৱা হয় যে শান্ত হৈ থাকা। গতিকে পিতাই কয়
- তোমালোক আত্মাসকল সেই শান্তিৰ দেশৰ আছিলা। এতিয়া কন্দলৰ দেশত আহি বহি আছা। এই
কথাবোৰ তোমালোকৰ বুদ্ধিত আছে। তোমালোকে পিতাৰ দ্বাৰা পুনৰ উচ্চতকৈও উচ্চ পদ লাভ
কৰিবলৈ পুৰুষাৰ্থ কৰি আছা। এইখন বিদ্যালয় জানো কম। ঈশ্বৰ পিতাৰ বিশ্ব বিদ্যালয় হয়।
গোটেই জগতত এইখন অতিকৈ শ্ৰেষ্ঠ বিশ্ব বিদ্যালয়। ইয়াত সকলোৱে পিতাৰপৰা শান্তি আৰু
সুখৰ উত্তৰাধিকাৰ লাভ কৰে। এজন পিতাৰ বাহিৰে আন কাৰো মহিমা নাই। ব্ৰহ্মাৰ জানো মহিমা
আছে। পিতাহে এই সময়ত আহি উত্তৰাধিকাৰ দিয়ে। তাৰপাছততো সুখেই সুখ। সুখ-শান্তি দিওঁতা
হৈছে এজন পিতা। তেওঁৰহে মহিমা আছে। সত্যযুগ-ত্ৰেতাত কাৰো মহিমা নহয়। তাততো ৰাজধানী
চলি থাকে। তোমালোকে উত্তৰাধিকাৰ পাই যোৱা, বাকী সকলো শান্তিধামত থাকে। মহিমা কাৰো
নাই। যদিও যীশুখ্ৰীষ্টই ধৰ্ম প্ৰতিষ্ঠা কৰে, সেয়াতো কৰিবই লাগে। ধৰ্ম প্ৰতিষ্ঠা কৰে
তথাপিও অৱনমিত হৈ গৈ থাকে। মহিমা কি হ’ল? মহিমা কেৱল এজনৰেই, যাক পতিত-পাৱন,
মুক্তিদাতা বুলি কোৱা হয়। এনেকুৱাতো নহয় যে যীশুখ্ৰীষ্ট, বুদ্ধ আদি স্মৃতিলৈ আহে।
স্মৰণ তথাপিও এজনকেই কৰে - হে ঈশ্বৰ পিতা। সত্যযুগততো কাৰো মহিমা নাথাকে। পাছলৈ এই
ধৰ্মবোৰ আহিলে পিতাৰ মহিমা গায় আৰু ভক্তি আৰম্ভ হয়। ড্ৰামাখন কেনেকৈ ৰচি থোৱা আছে।
কেনেকৈ চক্ৰ ঘূৰে গতিকে যিসকল পিতাৰ সন্তান হয় তেওঁলোকেহে জানে। পিতা হৈছে ৰচয়িতা।
নতুন সৃষ্টি স্বৰ্গ ৰচনা কৰে। কিন্তু সকলোৱেতো স্বৰ্গলৈ আহিব নোৱাৰে। ড্ৰামাৰ
ৰহস্যকো বুজিব লাগে। পিতাৰ পৰা সুখৰ উত্তৰাধিকাৰ পোৱা যায়। এই সময়ত সকলো দুখী। সকলো
উভতি যাব লাগে, আকৌ সুখত আহিব। তোমালোক সন্তানসকলে বহুত ভাল ভূমিকা পাইছা। যিজন
পিতাৰ ইমান মহিমা তেওঁ এতিয়া আহি সন্মুখত বহি আছে আৰু সন্তানসকলক বুজায়। সকলো
সন্তান হয় নহয়। পিতাতো সৰ্বদা সুখী। বাস্তৱত পিতাৰ কাৰণে এনেকৈ ক’ব নোৱাৰে। যদি তেওঁ
সুখী হয় তেন্তে দুখীও হ’ব লাগিব। পিতাতো এই সকলোবোৰৰ পৰা উৰ্দ্ধত। যি পিতাৰ মহিমা
সেয়াই এতিয়া তোমালোকৰ মহিমা আৰু ভৱিষ্যতলৈ তোমালোকৰ মহিমা বেলেগ হ’ব। যেনেকৈ পিতা
জ্ঞানৰ সাগৰ তোমালোকো হোৱা। তোমালোকৰ বুদ্ধিত সৃষ্টি চক্ৰৰ জ্ঞান আছে। জানা যে পিতা
সুখৰ সাগৰ, তেওঁৰ পৰা সীমাহীন সুখ পোৱা যায়। এই সময়ত তোমালোকে পিতাৰ পৰা
উত্তৰাধিকাৰ লৈ আছা। পিতাই সন্তানসকলক এতিয়া শ্ৰেষ্ঠ কৰ্ম শিকাই আছে। যেনেকৈ এই
লক্ষ্মী-নাৰায়ণ, এওঁলোকে নিশ্চয় পূৰ্বৰ জন্মত ভাল কৰ্ম কৰিছে যাৰ বাবে এই পদ লাভ
কৰিছে। জগতত এইটো কোনেও বুজি নাপায় যে এওঁলোকে কেনেকৈ ৰাজ্য পালে?
পিতাই কয় - তোমালোক
সন্তানসকল এতিয়া এয়া (লক্ষ্মী-নাৰায়ণৰ দৰে) হৈ আছা। তোমালোকৰ বুদ্ধিত এইটো উদয় হয়
যে আমি এয়া আছিলোঁ পুনৰ এয়া হ’ম। পিতাই বহি কৰ্ম-অকৰ্ম-বিকৰ্মৰ গতি বুজায় যাৰ দ্বাৰা
আমি এয়া হওঁ। শ্ৰীমত দিয়ে গতিকে শ্ৰীমত জানিব লাগে। শ্ৰীমতেৰে গোটেই সৃষ্টি, তত্ত্ব
আদিক শ্ৰেষ্ঠ কৰি তোলে। সত্যযুগত সকলো শ্ৰেষ্ঠ আছিল। তাত কোনো উপদ্ৰৱ বা ধুমুহা আদি
নাথাকে। বেছি শীতো নহয়, বেছি গৰমো নহয়। সদায় বসন্ত ঋতু হ’ব। তাত তোমালোক কিমান সুখী
হৈ থাকা। তেওঁলোকে গায়নো কৰে - খোদাই স্বৰ্গ অথবা হেভেন স্থাপন কৰে। গতিকে তাত উচ্চ
পদ লাভ কৰিবৰ বাবে পুৰুষাৰ্থ কৰিব লাগে। সদায় গায়ন কৰা হয় - পিতা-মাতাক অনুসৰণ কৰা।
পিতাক স্মৰণ কৰিলে বিকৰ্ম বিনাশ হ’ব। আকৌ পিতাৰ লগত আমি আত্মাসকল একেলগে যাম।
শ্ৰীমতত চলি প্ৰত্যেককে ৰাস্তা দেখুৱাব লাগে।
বেহদৰ পিতা হৈছে
স্বৰ্গৰ ৰচয়িতা। এতিয়াতো এইখন নৰক। নিশ্চয় নৰকত স্বৰ্গৰ উত্তৰাধিকাৰ দিছিল। এতিয়া
84 জন্ম পূৰা হয়, আকৌ আমি প্ৰথম জন্ম স্বৰ্গত ল’ব লাগে। তোমালোকৰ লক্ষ্য-উদ্দেশ্য
সন্মুখত আছে। এয়া হ’ব লাগে। আমিয়েই লক্ষ্মী-নাৰায়ণ হওঁগৈ, বাস্তৱত এই চিত্ৰবোৰৰ
প্ৰয়োজন নাই। যিসকল অপৈণত, বাৰে বাৰে পাহৰি যায়, তেওঁলোকৰ বাবে চিত্ৰ ৰখা হয়।
কোনোবাই কৃষ্ণৰ চিত্ৰ ৰাখে। কৃষ্ণক নেদেখিলে স্মৰণ কৰিব নোৱাৰে। সকলোৰে বুদ্ধিত
চিত্ৰতো থাকে। তোমালোকে কোনো চিত্ৰ লগোৱাৰ প্ৰয়োজন নাই। তোমালোকে নিজক আত্মা বুলি
বুজা, তোমালোকে নিজৰ চিত্ৰও পাহৰিব লাগে। দেহসহিত সকলো সম্বন্ধ পাহৰি যাব লাগে।
পিতাই কয় - তোমালোক হৈছা এজন প্ৰেমিকৰ প্ৰেমিকা। প্ৰেমিক পিতাই কয় - মোক স্মৰণ কৰি
থাকা তেতিয়া বিকৰ্ম বিনাশ হৈ যাব। এনেকুৱা অৱস্থা হ’ব লাগে যাতে যি সময়ত শৰীৰ ত্যাগ
কৰা তেতিয়া বুজা যে মই এতিয়া এই পুৰণি সৃষ্টি এৰি পিতাৰ ওচৰলৈ যাওঁ। 84 জন্ম পূৰা
হ’ল এতিয়া যাব লাগে। বাবাই আদেশ দিছে যে মোক স্মৰণ কৰা। বচ্ পিতা আৰু মৰমৰ ঘৰক
স্মৃতিলৈ আনা। বুদ্ধিত আছে যে মই আত্মা শৰীৰ অবিহনে আছিলোঁ আকৌ ইয়াত ভূমিকা পালন
কৰিবলৈ শৰীৰ ধাৰণ কৰিছোঁ। ভূমিকা পালন কৰি কৰি পতিত হৈ গৈছোঁ। এই শৰীৰতো হৈছে পুৰণা
জোটা। আত্মা পৱিত্ৰ হৈ আছে। পৱিত্ৰ শৰীৰতো ইয়াত পাব নোৱাৰে। এতিয়া মই আত্মা ঘৰলৈ
উভতি যাম। প্ৰথমে ৰাজকুমাৰ-ৰাজকুমাৰী হ’ম আকৌ সয়ম্বৰৰ পাছত লক্ষ্মী-নাৰায়ণ হ’মগৈ।
মনুষ্যই এইটো গম নাপায় যে ৰাধা-কৃষ্ণ কোন? দুয়ো বেলেগ বেলেগ ৰাজধানীৰ আছিল আকৌ
তেওঁলোকৰ সয়ম্বৰ হয়। তোমালোক সন্তানসকলে ধ্যানত সয়ম্বৰ দেখিছা। আৰম্ভণিত বহুত
সাক্ষাৎকাৰ হৈছিল কিয়নো পাকিস্তানত তোমালোকক আনন্দিত কৰি ৰাখিবৰ বাবে এই সকলো ভূমিকা
চলিছিল। অন্তিমততো আছেই মহামাৰী। ভূমিকম্প আদি বহুত হ’ব। তোমালোকৰ সাক্ষাৎকাৰ হৈ
থাকিব। প্ৰত্যেকেই গম পাই যাবা যে মই কি পদ পাম। তেতিয়া যিসকলে কমকৈ পঢ়িব তেওঁলোকে
বহুত অনুতাপ কৰিব। পিতাই ক’ব - তুমি নপঢ়িলা, আনকো নপঢ়ালা, স্মৃতিতো নাথাকিলা।
স্মৃতিৰ দ্বাৰাহে সতোপ্ৰধান হ’ব পাৰা। পতিত-পাৱনতো পিতাই হয়। তেওঁ কয় – মামেকম্ (কেৱল
মোক) স্মৰণ কৰা তেতিয়া তোমালোকৰ খাদ আঁতৰি যাব। স্মৃতিৰ যাত্ৰাত থকাৰ পুৰুষাৰ্থ
কৰিব লাগে। পেছাগত কাম-কাজ আদি লাগিলে কৰা। কৰ্মতো কৰিবই লাগিব। কিন্তু বুদ্ধিৰ
যোগসূত্ৰ যাতে তাত লাগি থাকে। তমোপ্ৰধানৰপৰা সতোপ্ৰধান ইয়াত হ’ব লাগে। গৃহস্থালিত
থাকি তোমালোকে মোক স্মৰণ কৰা তেতিয়াহে তোমালোক নতুন সৃষ্টিৰ মালিক হ’বাগৈ। পিতাই আৰু
কোনো কষ্ট নিদিয়ে। তোমালোকক বহুত সহজ উপায় দিয়ে। সুখধামৰ মালিক হ’বলৈ মামেকম্ স্মৰণ
কৰা। এতিয়া তোমালোকে স্মৰণ কৰা - বাবাও বিন্দু। মনুষ্যইতো ভাবে তেওঁ (পৰমাত্মা)
সৰ্বশক্তিমান, বহুত তেজোময়। পিতাই কয় - মনুষ্য সৃষ্টিৰ চৈতন্য বীজৰূপ হওঁ। বীজ
হোৱাৰ বাবে সৃষ্টিৰ আদি-মধ্য-অন্তৰ বিষয়ে জানো। তোমালোকতো বীজ নহয়, মই বীজ হওঁ
সেইবাবে মোক জ্ঞানৰ সাগৰ বুলি কয়। মনুষ্য সৃষ্টিৰ চৈতন্য বীজ গতিকে তেওঁ নিশ্চয়
জানিব যে এই সৃষ্টি চক্ৰ কেনেকৈ ঘূৰে। ঋষি, মুনি কোনেও ৰচয়িতা আৰু ৰচনাৰ
আদি-মধ্য-অন্তৰ বিষয়ে নাজানে। সন্তানসকলে যদি জানিলেহেতেঁন তেন্তে তেওঁৰ ওচৰলৈ
যোৱাত পলম নকৰিলেহেতেঁন। কিন্তু পিতাৰ ওচৰলৈ যোৱাৰ ৰাস্তা কোনেও নাজানে। পৱিত্ৰ
সৃষ্টিলৈ পতিত কেনেকৈনো যাব পাৰে সেইবাবে পিতাই কয় - কাম মহাশত্ৰুৰ ওপৰত বিজয়
প্ৰাপ্ত কৰা। এই কাম বিকাৰেই তোমালোকক আদি-মধ্য-অন্ত দুখ দিয়ে। তোমালোক সন্তানসকলক
কিমান ভাল ৰীতিৰে বুজায়। কোনো কষ্ট নাই। কেৱল পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰিব লাগে।
পিতাৰ স্মৃতি অৰ্থাৎ যোগেৰে পাপ ভস্ম হ’ব। চেকেণ্ডত পিতাৰ পৰাহে বাদশ্বাহী পোৱা যায়।
সন্তানসকল যদিও স্বৰ্গত আহিব কিন্তু স্বৰ্গতো উচ্চ পদ পাবলৈ পুৰুষাৰ্থ কৰিব লাগে।
স্বৰ্গলৈতো যাবাই। অলপ শুনিলেই বুজি পাব যে পিতা আহিছে। এতিয়াও কয় - এয়া সেয়াই
মহাভাৰতৰ যুদ্ধ। নিশ্চয় পিতাও থাকিব যিয়ে সন্তানসকলক ৰাজযোগ শিকায়। তোমালোকে সকলোকে
জাগ্ৰত কৰি থাকা। যিয়ে বহুতক জাগ্ৰত কৰিব তেওঁ উচ্চ পদ পাব। পুৰুষাৰ্থ কৰিব লাগে।
সকলো একে নিচিনা পুৰুষাৰ্থী হ’ব নোৱাৰে। স্কুল বহুত মহত্ত্বপূৰ্ণ। এয়া হৈছে বিশ্বৰ
বিশ্ব বিদ্যালয়। গোটেই বিশ্বক সুখধাম আৰু শান্তিধাম কৰি তুলিব লাগে। এনেকুৱা শিক্ষক
কেতিয়াবা থাকে জানো? বিশ্বব্ৰহ্মাণ্ড বুলি গোটেই জগতক কোৱা হয়। পিতাইহে গোটেই
বিশ্বব্ৰহ্মাণ্ডৰ মনুষ্য মাত্ৰক সতোপ্ৰধান কৰি তোলে অৰ্থাৎ স্বৰ্গ ৰচনা কৰে।
ভক্তিমাৰ্গত যি উৎসৱ
পালন কৰে সেয়া সকলো এতিয়াৰ সংগমযুগৰ। সত্যযুগ-ত্ৰেতাত কোনো উৎসৱ নাথাকে। তাততো
প্ৰালব্ধ ভোগ কৰে। উৎসৱ সকলো ইয়াত পালন কৰে। ‘হোলী’ আৰু ‘ধুৰীয়া’ এয়া জ্ঞানৰ কথা।
যি অতীত হৈ গ’ল সকলোৱে তাৰ উৎসৱ পালন কৰি আহিছে। হওতে সকলো এই সময়ৰ। ‘হোলী’ও এই
সময়ৰ। এই 100 বছৰৰ ভিতৰত সকলো কাম হৈ যায়। সৃষ্টিও নতুন হৈ যায়। তোমালোকে জানা আমি
অনেকবাৰ সুখৰ উত্তৰাধিকাৰ লৈছোঁ আৰু হেৰুৱাইছোঁ। আনন্দিত হওঁ যে আমি পুনৰ পিতাৰ পৰা
উত্তৰাধিকাৰ লৈ আছোঁ। আনকো ৰাস্তা দেখুৱাব লাগে। ড্ৰামা অনুসৰি স্বৰ্গৰ স্থাপনা
নিশ্চয় হ’ব। যেনেকৈ দিনৰ পাছত ৰাতি, ৰাতিৰ পাছত দিন হয় তেনেকৈ কলিযুগৰ পাছত সত্যযুগ
নিশ্চয় হ’ব। মৰমৰ সন্তানসকলৰ বুদ্ধিত আনন্দৰ নাগাৰা বাজিব লাগে। এতিয়া সময় পূৰা হয়,
আমি শান্তিধামলৈ যাওঁ। এয়া অন্তিম জন্ম। কৰ্মভোগ হিচাপে যি ভূগীবলগীয়া হয় সেয়াও
আনন্দত পাতল হৈ যায়। কিছু ভূগীবলগীয়া হ’ব, কিছু যোগবলৰ দ্বাৰা হিচাপ-নিকাচ নিষ্পত্তি
হ’ব। পিতাই সন্তানসকলক ধৈৰ্য ধৰিবলৈ কয়, তোমালোকৰ সৰ্বদা সুখৰ দিন আহি আছে। পেছাগত
কাম-কাজ আদিও কৰিব লাগে। শৰীৰ নিৰ্বাহৰ কাৰণে ধনতো লাগে নহয়। বাবাই বুজাইছে –
বেপাৰীসকলে দান কৰিবলৈ কিছু ধন আছুতীয়াকৈ ৰাখে। এনেকৈ ভাবে যে বহুত ধন একত্ৰিত হ’লে
বহুত দান কৰিম। ইয়াতো পিতাই বুজায় কোনোবাই দুপইচাও যদি দিয়ে তাৰ প্ৰতিদানত 21 জন্মৰ
কাৰণে বহুত পাই যায়। আগতে তোমালোকে যি দান পুণ্য কৰিছিলা তাৰ প্ৰতিদান পৰৱৰ্তী
জন্মত পাইছিলা। এতিয়াতো 21 জন্মৰ কাৰণে প্ৰতিদান পোৱা যায়। আগতে সাধু সন্ত আদিক
দিছিলা। এতিয়াতো তোমালোকে জানা এই সকলোবোৰ নাশ হৈ যাব। এতিয়া মই সন্মুখত আহিছোঁ
গতিকে এই কাৰ্যত লগোৱা। তেতিয়া তোমালোকে 21 জন্মৰ কাৰণে উত্তৰাধিকাৰ পাই যাবা। আগতে
তোমালোকে আওপকীয়াকৈ দিছিলা, এয়া হৈছে পোনপটীয়া। বাকীতো তোমালোকৰ সকলো শেষ হৈ যাব।
বাবাই কৈ থাকে – যদি ধন আছে তেন্তে সেৱাকেন্দ্ৰ খুলি যোৱা। লিখি দিয়া – “সঁচা গীতা
পাঠশালা”। ভগৱানুবাচ মামেকম্ স্মৰণ কৰা আৰু উত্তৰাধিকাৰক স্মৰণ কৰা। ভালবাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ
সমান মহিমা যোগ্য হ’বৰ কাৰণে পিতাক অনুসৰণ কৰিব লাগে।
(2) এইটো অন্তিম জন্ম,
এতিয়া ঘৰলৈ যাব লাগে গতিকে আনন্দত ভিতৰি নাগাৰা বাজি থাকিব লাগে। কৰ্মভোগক
কৰ্মযোগেৰে অৰ্থাৎ পিতাৰ স্মৃতিৰে আনন্দেৰে নিষ্পত্তি কৰিব লাগে।
বৰদান:
বালক তথা
মালিকবোধৰ স্মৃতিৰে সৰ্ব সম্পদৰ অধিকাৰী, প্ৰাপ্তি সম্পন্ন হোৱা
আমি পিতাৰ সৰ্ব
সম্পদৰ বালক তথা মালিক, স্বভাৱসিদ্ধ যোগী আৰু স্বভাৱসিদ্ধ স্বৰাজ্য অধিকাৰী। এইটো
স্মৃতিৰে সৰ্ব প্ৰাপ্তি সম্পন্ন হোৱা। সদায় এইটোৱে গীত গাই থাকা যে "যি পাবলগীয়া
আছিল, সেয়া পাই গ’লোঁ।" হেৰুৱালোঁ-পালোঁ, হেৰুৱালোঁ-পালোঁ- এই খেল নেখেলিবা। পাই
আছোঁ, পাই আছোঁ-এয়া অধিকাৰীৰ কথা নহয়। যি সম্পন্ন পিতাৰ সন্তান, সাগৰৰ সন্তান,
তেওঁ চাকৰৰ দৰে পৰিশ্ৰম কৰিব নোৱাৰে।
স্লোগান:
যোগবলৰ দ্বাৰা কৰ্মভোগৰ ওপৰত বিজয় প্ৰাপ্ত কৰা - এয়াই শ্ৰেষ্ঠ পুৰুষাৰ্থ।
অব্যক্ত ইংগিত:
নিশ্চয়তাৰ ভেটী মজবুত কৰি সদায় নিৰ্ভয় আৰু নিশ্চিন্ত হৈ থাকা
সৰ্বপ্ৰথমে নিজৰ ওপৰত
সম্পূৰ্ণ বিশ্বাস থাকিব লাগে, তাৰপাছত বাপ-দাদা আৰু পৰিয়ালৰ সকলো আত্মাৰ প্ৰতি
বিশ্বাসী হ’ব লাগে। যিমানে বিশ্বাসী হৈ, নিশ্চয়বুদ্ধিৰ হৈ কোনো কৰ্তব্য কৰিবা,
তেতিয়া বিশ্বাসী হোৱাৰ বাবে সফল হৈ যাবা। বিশ্বাসী হ’লে প্ৰতিটো কৰ্তব্য, প্ৰতিটো
সংকল্প আৰু প্ৰতিষাৰ বাণী শক্তিশালী হ’ব।
[বি:দ্ৰ: -
প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]