13.04.25 Avyakt Bapdada
Assame
Murli
31.12.2004 Om Shanti Madhuban
“*“এই বছৰৰ আৰম্ভণিৰ
পৰাই বেহদৰ বৈৰাগ্য বৃত্তি জাগ্ৰত কৰা, এয়াই মুক্তিধামৰ দুৱাৰৰ চাবি”*”
আজি নৱযুগ ৰচয়িতা
বাপদাদাই নিজৰ সন্তানসকলৰ সৈতে নৱবৰ্ষ উদ্যাপন কৰিবলৈ, পৰমাত্ম মিলন উদ্যাপন
কৰিবলৈ সন্তানসকলৰ স্নেহত নিজৰ দূৰণিৰ দেশৰ পৰা সাকাৰ লোকত মিলন উদ্যাপন কৰিবলৈ
আহিছেহঁক। জগতততো নৱবৰ্ষৰ অভিনন্দন ইজনে সিজনক জনায়। কিন্তু বাপদাদাই তোমালোক
সন্তানসকলক নৱযুগ আৰু নৱবৰ্ষ, দুয়োটাৰে অভিনন্দন জনাই আছে। নৱবৰ্ষতো এদিন উদ্যাপন
কৰিবৰ বাবে। নৱযুগতো তোমালোকে সঙ্গমত সদায় উদ্যাপন কৰি থাকা। তোমালোকো পৰমাত্ম
স্নেহৰ আকৰ্ষণত আকৰ্ষিত হৈ ইয়াত উপস্থিত হৈছাহি। কিন্তু সকলোতকৈ দূৰণিৰ দেশৰ পৰা
আহোঁতাজন কোন? ডবল বিদেশী? সেয়াতো তথাপিও এই সাকাৰ দেশতে আছে কিন্তু বাপদাদা দূৰণিৰ
দেশৰ কিমান দূৰৈৰ পৰা আহিছে? হিচাপ উলিয়াব পাৰিবানে কিমান মাইলৰ পৰা আহিছে? গতিকে
দূৰণি দেশৰ বাপদাদাই চাৰিওফালৰ সন্তানসকলক লাগিলে সন্মুখত ‘ডায়মণ্ড’ প্ৰেক্ষাগৃহতে
বহি আছে বা মধুবনতে বহি আছে বা জ্ঞান সৰোবৰতে বহি আছে নতুবা গেলেৰীতে বহি আছে,
তোমালোক সকলোৰে লগতে দূৰৈত দেশ আৰু বিদেশত বহি যিসকলে বাপদাদাৰ সৈতে মিলন উদ্যাপন
কৰি আছে, বাপদাদাই দেখি আছে সকলোৱে কিমান স্নেহেৰে, দূৰৈৰ পৰা চায়ো আছে, শুনিও আছে।
সেয়েহে চাৰিওফালৰ সন্তানসকলক নৱযুগ আৰু নতুন বছৰৰ পদমগুণ অভিনন্দন, অভিনন্দন,
অভিনন্দন। সন্তানসকলৰতো নৱযুগ চকুৰ সন্মুখত আছে নহয়! বচ্ আজি সঙ্গমত আছোঁ, কাইলৈ
নিজৰ নৱযুগত ৰাজ্য অধিকাৰী হৈ ৰাজ্য কৰিম। ইমান সমীপত অনুভৱ হৈ আছেনে? আজি আৰু
কালিৰেইতো কথা। কালি আছিল, কাইলৈ আকৌ হ’ব। নিজৰ নৱযুগৰ, সোণালী যুগৰ সোণালী পোচাক
সন্মুখত দেখিবলৈ পাইছানে? কিমান সুন্দৰ! স্পষ্টকৈ দেখি আছা নহয়! আজি সাধাৰণ পোচাকত
আছোঁ আৰু কাইলৈ নৱযুগৰ সুন্দৰ পোচাকত চিকমিকাই থকা দেখিবলৈ পোৱা যাব। নৱবৰ্ষততো
এদিনৰ বাবে ইজনে সিজনক উপহাৰ দিয়ে। কিন্তু নৱযুগ ৰচয়িতা বাপদাদাই তোমালোক সকলোকে
সোণালী জগতৰ উপহাৰ দিছে, যি অনেক জন্ম চলিব। বিনাশী উপহাৰ নহয়। অবিনাশী উপহাৰ পিতাই
তোমালোক সন্তানসকলক দি দিছে। স্মৃতিত আছে নহয়! পাহৰিতো যোৱা নাই নহয়! চেকেণ্ডত অহা
যোৱা কৰিব পাৰা। এতিয়াই সঙ্গমত, এতিয়াই নিজৰ সোণালী জগতত উপস্থিত হৈ যোৱা নে সময়
লাগে? নিজৰ ৰাজ্য স্মৃতিত আহি যায় নহয়!
আজিৰ দিনটোক বিদায়ৰ
দিন বুলি কোৱা হয় আৰু 12 বজাৰ পাছত শুভেচ্ছাৰ দিন বুলি কোৱা হ’ব। তেন্তে বিদায়ৰ দিনা,
বৰ্ষক বিদায় দিয়াৰ লগে লগে তোমালোক সকলোৱে বৰ্ষৰ লগতে আৰু কাক বিদায় দিলা? পৰীক্ষা
কৰিলানে সদাকালৰ বাবে বিদায় দিলা নে অলপ সময়ৰ বাবে বিদায় দিলা? বাপদাদাই আগতেও কৈছে
যে সময়ৰ গতি তীব্ৰতাৰে গৈ আছে, গতিকে গোটেই বছৰৰ ফলাফলত পৰীক্ষা কৰিলানে যে মোৰ
পুৰুষাৰ্থৰ গতি তীব্ৰ আছিলনে? নে কেতিয়াবা কিবা কেতিয়াবা আন কিবা ধৰণৰ আছিল? জগতৰ
অৱস্থা দেখি এতিয়া নিজৰ দুটা বিশেষ স্বৰূপ জাগ্ৰত কৰা, সেই দুটা স্বৰূপ হৈছে – এটা
সকলোৰে প্ৰতি দয়াশীল আৰু কল্যাণকাৰী আৰু আনটো প্ৰত্যেক আত্মাৰ প্ৰতি সদায় দাতাৰ
সন্তান মাষ্টৰ দাতা। বিশ্বৰ আত্মাসকল একেবাৰে শক্তিহীন, দুখী, অশান্ত কাতৰোক্তি কৰি
আছে। পিতাৰ আগত, তোমালোক পূজনীয় আত্মাসকলৰ আগত মিনতি কৰি আছে – অলপ সময়ৰ বাবে হ’লেও
সুখ দি দিয়ক, শান্তি দি দিয়ক। আনন্দ দি দিয়ক, সাহস দি দিয়ক। পিতাইতো সন্তানসকলৰ দুখ
অশান্তি চাই থাকিব নোৱাৰে, শুনি থাকিব নোৱাৰে। তোমালোক সকলো পূজনীয় আত্মাসকলৰ দয়া
নাজাগেনে! বিচাৰি আছে – দিয়ক, দিয়ক, দিয়ক…। তেন্তে দাতাৰ সন্তান কিবা অঞ্জলিতো দি
দিয়া। পিতায়ো তোমালোক সন্তানসকলক সঙ্গী কৰি, মাষ্টৰ দাতা কৰি, নিজৰ সোঁহাত কৰি এইটো
ইঙ্গিত দিয়ে – ইমান বিলাক বিশ্বৰ আত্মা সকলোকে মুক্তি প্ৰাপ্ত কৰাব লাগে।
মুক্তিধামলৈ যাব লাগে। গতিকে হে দাতাৰ সন্তান নিজৰ শ্ৰেষ্ঠ সংকল্পৰ দ্বাৰা, মনৰ
শক্তিৰ দ্বাৰা, বাণীৰেই হওঁক, সম্বন্ধ-সম্পৰ্কৰ দ্বাৰাই হওঁক, শুভ ভাৱনা শুভ কামনাৰ
দ্বাৰাই হওঁক, বায়ুমণ্ডলৰ প্ৰকম্পনৰ দ্বাৰাই হওঁক যিকোনো যুক্তিৰে মুক্তি প্ৰাপ্ত
কৰোৱা। কাতৰোক্তি কৰি আছে মুক্তি দিয়ক, বাপদাদাই নিজৰ সোঁহাত স্বৰূপ সন্তানসকলক কয়
দয়া কৰা।
এতিয়ালৈকে হিচাপ
উলিওৱা। লাগিলে বিশাল কাৰ্যক্ৰম কৰিছা বা সন্মিলন পাতিছা নতুবা ভাৰতত বা বিদেশত
সেৱাকেন্দ্ৰও খুলিছা কিন্তু সমুদায় বিশ্বৰ আত্মাসকলৰ সংখ্যাৰ হিচাপত কিমান শতাংশ
আত্মাক মুক্তিৰ মাৰ্গ-দৰ্শন কৰিছা? কেৱল ভাৰতৰ কল্যাণকাৰী হোৱা নে বিদেশত যি 5টা
খণ্ড আছে, য’তে য’তে যি সেৱাকেন্দ্ৰ খুলিছে তাৰ কল্যাণকাৰী হোৱা নে বিশ্বৰ
কল্যাণকাৰী হোৱা? বিশ্বৰ কল্যাণ কৰিবৰ কাৰণে প্ৰতিগৰাকী সন্তান পিতাৰ হাত, সোঁহাত
হ’ব লাগে। কাৰোবাক কিবা দিলে তেতিয়া কিহেৰে দিয়া হয়? হাতেৰে দিয়া হয় নহয়। গতিকে
বাপদাদাৰ তোমালোক হাত হোৱা নহয়। গতিকে বাপদাদাই সোঁহাতক সুধিছে, কিমান শতাংশৰ
কল্যাণ কৰিছা? কিমান শতাংশৰ কৰিছা? শুনোৱা, হিচাপ উলিওৱা। পাণ্ডৱ হিচাপ কৰাত পাকৈত
হোৱা নহয়? সেইবাবে বাপদাদাই কয় - এতিয়া স্ব-পুৰুষাৰ্থ আৰু সেৱাৰ ভিন্ন ভিন্ন বিধিৰ
দ্বাৰা পুৰুষাৰ্থ তীব্ৰ কৰা। নিজৰ স্থিতিৰ ক্ষেত্ৰতো বিশেষকৈ চাৰিটা কথা পৰীক্ষা কৰা
– ইয়াক কোৱা হ’ব তীব্ৰ পুৰুষাৰ্থ।
প্ৰথম কথা – প্ৰথমে
পৰীক্ষা কৰা যে নিমিত্ত ভাৱ আছেনে? কোনোধৰণৰ মাৰ্জিত ৰূপৰ ‘মই’ বোধতো নাই? ‘মোৰ’
বোধতো নাই? সাধাৰণ লোকৰ ‘মই’ আৰু ‘মোৰ’ও সাধাৰণ, স্থূল কিন্তু ব্ৰাহ্মণ জীৱনৰ ‘মোৰ’
আৰু ‘মই’ বোধ সূক্ষ্ম আৰু মাৰ্জিত। তাৰ ভাষা কি গম পোৱানে? এয়াতো হয়েই, এয়াতো চলেই।
এয়াতো হ’বই। চলি আছোঁ, চাই আছোঁ…। গতিকে এটা হৈছে নিমিত্ত ভাৱ, প্ৰতিটো কথাত
নিমিত্ত। সেৱাতে হওঁক, স্থিতিৰ ক্ষেত্ৰতে হওঁক বা সম্বন্ধ-সম্পৰ্কতে হওঁক চেহেৰা আৰু
চলন নিমিত্ত ভাৱৰ হওঁক। আৰু তাৰ দ্বিতীয় বিশেষত্ব হ’ব – নম্ৰ ভাৱনা। নিমিত্ত আৰু
নম্ৰ ভাৱেৰে নিৰ্মাণ কৰা। তেন্তে তিনিটা কথা শুনিলা – নিমিত্ত, নম্ৰ আৰু নিৰ্মাণ আৰু
চতুৰ্থ কথাটি – নিৰ্বাণ। যেতিয়াই বিচৰা নিৰ্বাণধামত গুচি যোৱা। নিৰ্বাণ স্থিতিত
স্থিৰ হৈ যোৱা কিয়নো নিজে নিৰ্বাণ স্থিতিত থাকিলে তেতিয়া আনক নিৰ্বাণধামলৈ লৈ যাব
পাৰিবা। এতিয়া সকলোৱে মুক্তি বিচাৰে, মুক্তি দিয়ক, মুক্তি দিয়ক কাতৰোক্তি কৰি আছে।
গতিকে এই চাৰিটা কথা ভাল শতাংশত বাস্তৱিক জীৱনত থকা অৰ্থাৎ তীব্ৰ পুৰুষাৰ্থী। তেতিয়া
বাপদাদাই ক’ব – বাঃ! বাঃ! সন্তানসকল বাঃ! তোমালোকেও ক’বা বাবা বাঃ! ড্ৰামা বাঃ!
পুৰুষাৰ্থ বাঃ! কিন্তু গম পোৱানে এতিয়া কি কৰা? গম পোৱানে? কেতিয়াবা বাঃ! বুলি কোৱা
কেতিয়াবা ‘কিয়’ (ৱাই) বুলি কোৱা। ‘বাঃ!’ৰ পৰিৱৰ্তে ‘কিয়’, আৰু ‘কিয়’ হৈ যায় হায়!
সেয়েহে ‘কিয়’ নহয়, বাঃ! তোমালোকৰো কি ভাল লাগে, বাঃ! ভাল লাগে নে ‘কিয়’? কি ভাল লাগে?
বাঃ! কেতিয়াবা ‘কিয়’ বুলি নোকোৱানে? ভুলতে আহি যায়। ডবল বিদেশীসকলে ‘কিয়’ ‘কিয়’ বুলি
কোৱানে? কেতিয়াবা কেতিয়াবা কৈ দিয়া? যিসকল ডবল বিদেশীয়ে কেতিয়াও ‘কিয়’ বুলি নকয়
সেইসকলে হাত দাঙা। বহুত কম। বাৰু – ভাৰতবাসী যিসকলে ‘বাঃ!’ ‘বাঃ!’ ৰ পৰিৱৰ্তে
‘কিয়-কি’ বুলি কয় সেইসকলে হাত দাঙা। ‘কিয়-কি’ বুলি কোৱা নেকি? কোনে অনুমতি দিলে
তোমালোকক? সংস্কাৰসমূহে? পুৰণা সংস্কাৰসমূহে তোমালোকক ‘কিয়’ বুলি ক’বলৈ অনুমতি দি
দিছে আৰু পিতাই কয় ‘বাঃ!’ ‘বাঃ!’ বুলি কোৱা। ‘কিয়’ ‘কিয়’ নহয়। তেন্তে এতিয়া নতুন
বছৰত কি কৰিবা? ‘বাঃ!’ ‘বাঃ!’ কৰিবানে? নে কেতিয়াবা কেতিয়াবা ‘কিয়’ বুলি ক’বলৈ
অনুমতি দি দিওঁ? ‘কিয়’ (ৱাই) ভাল নহয়। যেনেকৈ পেটত গেছ (ৱাই – হিন্দি ভাষাত পেটফুলা
ৰোগ) হৈ গ’লে তেতিয়া পেট বেয়া হৈ যায় নহয়। গতিকে ‘কিয়’ হৈছে পেটফুলা ৰোগৰ দৰে, এইটো
নকৰিবা। ‘বাঃ!’ ‘বাঃ!’ কিমান ভাল লাগে। হয় কোৱা, ‘বাঃ! বাঃ বাঃ!’
বাৰু – তেনেহ’লে
দূৰণিৰ দেশত শুনি আছে, চাই আছে – ভাৰততো বিদেশতো, সেইসকল সন্তানকো সুধিছোঁ ‘বাঃ!
বাঃ!’ বুলি কোৱা নে ‘কিয়’ ‘কিয়’ বুলি কোৱা? এতিয়া বিদায়ৰ দিন হয় নহয়! আজি বছৰ
বিদায়ৰ অন্তিম দিন। সেয়েহে সকলোৱে সংকল্প কৰা – ‘কিয়’ বুলি নকওঁ। নাভাবো।
প্ৰশ্নবোধক চিন নহয়, আশ্চৰ্যৰ মাত্ৰাও নহয়, বিন্দু (যতি)। প্ৰশ্নবোধক চিন লিখা,
কিমান বেঁকা আৰু বিন্দু কিমান সহজ। বচ্ নয়নত পিতা বিন্দু সমাহিত কৰি লোৱা। যেনেকৈ
নয়নত দেখাৰ বিন্দু সমাহিত হৈ আছে নহয়! এনেকৈয়ে সদায় নয়নত বিন্দু পিতাক সমাহিত কৰি
লোৱা। সমাহিত কৰিব জানানে? জানানে নে খাপ নাখায়? তল-ওপৰ হৈ যায়? তেন্তে কি কৰিবা?
বিদায় কাক দিবা? ‘কিয়’ক? কেতিয়াও যাতে আশ্চৰ্যৰ চিহ্নও নাহে, এইটো কেনেকৈ! এনেকুৱাও
হয় জানো! হ’বতো নালাগে, কিয় হয়! প্ৰশ্নবোধক চিহ্ন নহয়, আশ্চৰ্য মাত্ৰাও নহয়। বচ্
পিতা আৰু মই। বহুত সন্তানে কয় এয়াতো চলেই নহয়! আন্তৰিক বাৰ্তালাপত বাপদাদাক বহুত
ৰমণীয় কথা কয়, সন্মুখততো ক’ব নোৱাৰে নহয়। সেয়েহে আন্তৰিক বাৰ্তালাপত সকলো কৈ দিয়ে।
বাৰু যিয়েই নচলক (নহওঁক) কিন্তু তোমালোক চলিব (পদচালন কৰিব) নালাগে, তোমালোক উৰিব
লাগে তেন্তে চলাৰ কথা কিয় চোৱা, উৰা আৰু উৰুৱা। শুভ ভাৱনা, শুভ কামনা ইমানেই
শক্তিশালী, কেৱল মাজত যাতে ‘কিয়’ নাহে, মাথোন শুভ ভাৱনা আৰু শুভ কামনা, গতিকে ইমান
শক্তিশালী যে যিকোনো অশুভ ভাৱনাৰ সকলকো শুভ ভাৱনালৈ পৰিৱৰ্তন কৰিব পাৰা। দ্বিতীয়তে
– যদি পৰিৱৰ্তন কৰিব নোৱাৰা তেতিয়াও তোমালোকৰ শুভ ভাৱনা, শুভ কামনা অবিনাশী হয়,
কেতিয়াবা কেতিয়াবাৰ নহয়, অবিনাশী সেয়েহে তোমালোকৰ ওপৰত অশুভ ভাৱনাৰ প্ৰভাৱ পৰিব
নোৱাৰে। প্ৰশ্নত গুচি যোৱা, এয়া কিয় হৈ আছে? কেতিয়ালৈকে চলিব? কেনেকৈ চলিব? ইয়াৰ
দ্বাৰা শুভ ভাৱনাৰ শক্তি কম হৈ যায়। নহ’লেতো শুভ ভাৱনা, শুভকামনা এই সংকল্প শক্তিত
বহুত শক্তি আছে। চোৱা, তোমালোক সকলো বাপদাদাৰ ওচৰলৈ আহিছা। প্ৰথম দিনটি স্মৃতিলৈ আনা,
বাপদাদাই কি কৰিলে? পতিতই আহিল বা পাপীয়েই আহিল, সাধাৰণেই আহিল বা ভিন্ন ভিন্ন
বৃত্তিৰেই আহিল নতুবা ভিন্ন ভিন্ন ভাৱনা ৰাখোঁতাই আহিল, বাপদাদাই কি কৰিলে? শুভ
ভাৱনা ৰাখিলে নহয়! মোৰ হোৱা, মাষ্টৰ সৰ্বশক্তিমান হোৱা, অন্তৰ আসনকাৰী হোৱা, এইটো
শুভ ভাৱনা ৰাখিলে নহয়, শুভ কামনা ৰাখিলে নহয়, তাৰ দ্বাৰাইতো পিতাৰ হৈ গ’লা নহয়।
পিতাই জানো ক’লে যে হে পাপী কিয় আহিছা? শুভ ভাৱনা ৰাখিলে, মোৰ সন্তান, মাষ্টৰ
সৰ্বশক্তিমান সন্তান, যেতিয়া পিতাই তোমালোক সকলোৰে ওপৰত শুভ ভাৱনা ৰাখিলে, শুভ কামনা
ৰাখিলে তেন্তে তোমালোকৰ অন্তৰে কি ক’লে? মোৰ বাবা। পিতাই কি ক’লে? মোৰ সন্তান।
এনেকৈয়ে যদি শুভ ভাৱনা, শুভ কামনা ৰাখা তেতিয়া কি দেখিবলৈ পোৱা যাব? মোৰ কল্প
পূৰ্বৰ মৰমৰ ভাই, মোৰ কল্পৰ পাছত লগ পোৱা ভনী। পৰিৱৰ্তন হৈ যাব।
গতিকে এইটো বছৰত কিবা
কৰি দেখুৱাবা। কেৱল হাত নাদাঙিবা। হাত দঙা বহুত সহজ। মনৰ হাত দাঙিবা কিয়নো বহুত কাম
বাকী আছে। বাপদাদাইতো লক্ষ্য কৰে, বিশ্বৰ আত্মাসকলৰ ওপৰততো বহুত দয়া ওপজে। এতিয়া
প্ৰকৃতিও ৰুষ্ট হৈ গৈছে। প্ৰকৃতি স্বয়ং ৰুষ্ট হৈ গৈছে, তেন্তে কি কৰিবা? আত্মাসকলক
অশান্ত কৰি আছে। আৰু পিতাই সন্তানসকলক দেখি দয়াৰ ভাৱনাত আহি যায়। তোমালোক সকলোৰে দয়া
নাজাগেনে? কেৱল খবৰ শুনি চুপ হৈ যোৱা, বচ্, ইমান আত্মা গুচি গ’ল। সেই আত্মাসকলতো
বাৰ্তা পোৱাৰ পৰা বঞ্চিত হৈ থাকি গ’ল। এতিয়াতো দাতা হোৱা, দয়াশীল হোৱা। এয়া তেতিয়া
হ’ব, দয়া তেতিয়া ওপজিব যেতিয়া এইটো বছৰৰ আৰম্ভণিৰ পৰাই নিজৰ মাজত বেহদৰ বৈৰাগ্য
বৃত্তি জাগ্ৰত কৰিবা। বেহদৰ বৈৰাগ্য বৃত্তি। এই দেহৰ, দেহবোধৰ স্মৃতি, এয়াও বেহদৰ
বৈৰাগ্যৰ অভাৱ। সৰু সৰু হদৰ কথাই স্থিতি অস্থিৰ কৰে, কাৰণ? বেহদৰ বৈৰাগ্য বৃত্তিৰ
অভাৱ, আকৰ্ষণ আছে। বৈৰাগ্য নাই আকৰ্ষণ আছে। যেতিয়া একেবাৰে বেহদৰ বৈৰাগী হৈ যাবা,
বৃত্তিতো বৈৰাগী, দৃষ্টিতো বেহদৰ বৈৰাগী, সম্বন্ধ-সম্পৰ্কত, সেৱাত সকলোতে বেহদৰ
বৈৰাগী… তেতিয়া মুক্তিধামৰ দুৱাৰ মুকলি হ’ব। এতিয়াতো যিসকল আত্মাই শৰীৰ ত্যাগ কৰি
গৈ আছে আকৌ জন্ম ল’ব, আকৌ দুখী হ’ব। এতিয়া মুক্তিধামৰ দুৱাৰ মুকলি কৰাৰ নিমিত্ততো
তোমালোক হোৱা নহয়? পিতা ব্ৰহ্মাৰ সঙ্গী হোৱা নহয়! গতিকে বেহদৰ বৈৰাগ্য বৃত্তি হৈছে
দুৱাৰ মুকলি কৰাৰ চাবি। এতিয়া চাবি লগোৱা নাই, চাবি তৈয়াৰেই কৰা নাই। পিতা ব্ৰহ্মায়ো
অপেক্ষা কৰি আছে, আগতীয়া দলেও অপেক্ষা কৰি আছে, প্ৰকৃতিয়েও অপেক্ষা কৰি আছে, বহুত
অশান্ত হৈ গৈছে। মায়ায়ো নিজৰ দিন গণনা কৰি আছে। এতিয়া কোৱা, হে মাষ্টৰ সৰ্বশক্তিমান,
কোৱা কি কৰিব লাগে?
এইটো বছৰত কিবা
নবীনতাতো কৰিবা নহয়! নতুন বছৰ বুলি কোৱা যেতিয়া নবীনতাতো কৰিবা নহয়! এতিয়া বেহদৰ
বৈৰাগ্যৰ, মুক্তিধামলৈ যোৱাৰ চাবি তৈয়াৰ কৰা। তোমালোক সকলোৱেতো মুক্তিধামলৈ যাব লাগে
নহয়। পিতা ব্ৰহ্মাৰ সৈতে প্ৰতিজ্ঞা কৰিছা – লগত যাম, লগত আহিম, লগত ৰাজ্য কৰিম, লগত
ভক্তি কৰিম…। সেয়েহে এতিয়া তৈয়াৰী কৰা, এইটো বছৰত কৰিবা নে আৰু বছৰ লাগিব? যিসকলে
ভাবা এইটো বছৰত বাৰে বাৰে মনোযোগ দিম সেইসকলে হাত দাঙা। কৰিবানে? তেতিয়াতো আগতীয়া
দলে তোমালোকক বহুত অভিনন্দন জনাব। তেওঁলোকো ভাগৰি পৰিছে। বাৰু – শিক্ষকসকলে কি কোৱা?
প্ৰথম শাৰীয়ে কি কোৱা? প্ৰথমেতো প্ৰথম শাৰীৰ পাণ্ডৱ আৰু প্ৰথম শাৰীৰ শক্তি যিসকলে
কৰিবা সেইসকলে হাত দাঙা। আধা হাত নহয়, আধা দাঙিলে আধা কৰিবা বুলি কোৱা হ’ব। দীঘলকৈ
হাত দাঙা। বাৰু। অভিনন্দন, অভিনন্দন। বাৰু – ডবল বিদেশীসকলে হাত দাঙা। ইজনে সিজনক
চোৱা কোনে দঙা নাই। বাৰু, এই সিন্ধী দলেও হাত দাঙি আছে, চমৎকাৰ। তোমালোকেও কৰিবা?
সিন্ধী দলে কৰিব? তেনেহ’লেতো ডবল অভিনন্দন। বৰ ভাল। ইজনে সিজনক সঙ্গ দি, শুভ ভাৱনাৰ
ইঙ্গিত দি, হাতত হাত মিলাই কৰিবই লাগে। বাৰু। (সভাত কোনোবাই আৱাজ কৰিলে) সকলো বহি
যোৱা, একো নতুন নহয়।
এতিয়াই এক চেকেণ্ডত
বিন্দু হৈ বিন্দু পিতাক স্মৰণ কৰা আৰু অন্য যি কথা তাত বিন্দু লগোৱা। লগাব পাৰানে?
বচ্ এক চেকেণ্ডত “মই বাবাৰ, বাবা মোৰ”। বাৰু।
এতিয়া চাৰিওফালৰ সকলো
নৱযুগৰ মালিক সন্তানসকলক, চাৰিওফালৰ নৱবৰ্ষ উদ্যাপন কৰিবলৈ উৎসাহ-উদ্দীপনা থকা
সন্তানসকলক, সদায় উৰি থকা আৰু উৰুৱাই থকা, এনেকুৱা উৰন্ত কলাধাৰী সন্তানসকলক, সদায়
তীব্ৰ পুৰুষাৰ্থৰ দ্বাৰা বিজয় মালাৰ মণি হওঁতা বিজয়ী ৰত্নসকলক বাপদাদাৰ নৱবৰ্ষ আৰু
নৱযুগৰ আশীৰ্বাদৰ লগতে পদমগুণ থালি ভৰপূৰ কৰি অভিনন্দন অভিনন্দন। এখন হাতেৰে চাপৰি
বজোৱা। ভাল বাৰু।
বৰদান:
একাগ্ৰতাৰ
অভ্যাসৰ দ্বাৰা একৰস স্থিতি গঢ়ি তোলোঁতা সৰ্ব সিদ্ধি স্বৰূপ হোৱা
য’ত একাগ্ৰতা আছে ত’ত
স্বতঃ স্থিতি একৰস হয়। একাগ্ৰতাৰে সংকল্প, বাণী আৰু কৰ্মৰ ব্যৰ্থবোধ সমাপ্ত হৈ যায়
আৰু সমৰ্থবোধ আহি যায়। একাগ্ৰতা অৰ্থাৎ এটাই শ্ৰেষ্ঠ সংকল্পত স্থিৰ হৈ থকা। যি এক
বীজ ৰূপী সংকল্পত গোটেই বৃক্ষ ৰূপী বিস্তাৰ সমাহিত হৈ আছে। একাগ্ৰতা বঢ়োৱা তেতিয়া
সকলো প্ৰকাৰৰ অস্থিৰতা সমাপ্ত হৈ যাব। সকলো সংকল্প, বাণী আৰু কৰ্ম সহজে সিদ্ধ হৈ
যাব ইয়াৰ কাৰণে একান্তবাসী হোৱা।
স্লোগান:
এবাৰ কৰা ভুলৰ
বিষয়ে বাৰে বাৰে ভবা অৰ্থাৎ দাগৰ ওপৰত দাগ লগোৱা সেইবাবে হৈ যোৱা কথাত যতি লগোৱা।
সংযুক্ত ৰূপৰ স্মৃতিৰে
সদায় বিজয়ী হ’বলৈ আজিৰ অব্যক্ত সংকেত:
যেনেকৈ এই সময়ত আত্মা
আৰু শৰীৰ সংযুক্ত, তেনেকৈ পিতা আৰু তোমালোক সংযুক্ত হৈ থাকা। কেৱল এইটো স্মৃতিত ৰাখা
যে “মোৰ বাবা”। নিজৰ মস্তকত সদায় সান্নিধ্যৰ তিলক লগোৱা। সধবা স্ত্ৰীয়ে স্বামীক যি
লগত থাকে তেওঁক কেতিয়াও নাপাহৰে। গতিকে সঙ্গীক সদায় লগত ৰাখা। যদি লগত ৰাখা তেতিয়া
লগত যাবা। লগত থাকিব লাগে, লগত যাব লাগে, প্ৰতিটো চেকেণ্ড, প্ৰতিটো সংকল্পত লগত
আছেই।